Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12 Assamese Chapter 7 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12 Assamese Chapter 7 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12 Assamese Chapter 7 Solutions

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা Class 12 Assamese Chapter 7 Solutions

অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা – উৎপল দত্ত

লেখক পৰিচয়ঃ উৎপল দত্ত (১৯৬০) এজন অসমীয়া লেখক, অনুবাদক, তথ্যচিত্ৰ পৰিচালক আৰু চলচিত্র সমালোচক। ‘চলচ্চিত্র’ আৰু ‘টুরেন্টি ফ’ৰ ফ্রেমছ’ তেওঁৰ দুখন উল্লেখযোগ্য গ্রন্থ। ইয়াৰ উপৰিও চলচিত্র বিষয়ক কেবাখনো গ্রন্থ তেওঁ সম্পদনা কৰিছে আৰু তেনে দুখন গ্রন্থ তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতক মহলাৰ প্রসংগ পুথি হিচাপে বিবেচিত হৈছে। উৎপল দত্তই তথ্যচিত্ৰ পৰিচালক হিচাপেও সুনাম অর্জন কৰিছে। তেওঁ পৰিচালনা কৰা তথ্য চিত্র দেশ-বিদেশৰ কেইবাটাও চলচ্চিত্র মহোৎসবত প্রদর্শিত হৈছে। তেওঁ শ্রেষ্ঠ তথ্যচিত্ৰৰ পৰিচালক হিচাপে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰেও সন্মানিত হৈছে। তেওঁ পৰিচালনা কৰা তিনিখন তথ্যচিত্র হ’ল: ‘By Lane -2’, ‘Through Trust and Fear’ আৰু ‘বৰগীত-এটি ধ্রুপদী ৰত্ন’।

কঠিন শব্দৰ অৰ্থঃ

পৰিকাঠামো: সা-সুবিধা। থ্রিলাৰ: উত্তেজনা সৃষ্টিকাৰী বা দুঃসাহসিক কাহিনীযুক্ত কথাছবি। হাই ডেফিনেচন ডিজিটেল পদ্ধতি: উচ্চ বর্ণনাক্ষম বৈদ্যুতিন পদ্ধতি। ৰাষ্ট্ৰপতিৰ চার্টিফিকেট অৱ মেৰিট : ৰাষ্ট্ৰপতিয়ে প্রদান কৰা মেধাৰ প্ৰমাণ পত্র। কমপ্লেক্স: চৌহদ। আর্কাইভ: সংগ্রহ, ভঁৰাল।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংকঃ ১)

১। জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি?

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস হ’ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘জয়মতী কুঁৱৰী’ নামৰ নাটকখন।

২। জ্যোতিপ্রসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?

উত্তৰ: জ্যোতিপ্রসাদ আগৰৱালাই জার্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল।

৩। ‘চিত্রবন ষ্টুডিঅ’ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই ‘চিত্রবন ষ্টুডিঅ’ নিৰ্মাণ কৰিছিল।

৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।

উত্তৰ: লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ’ল: ‘নিমিলা অংক’।

৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।

উত্তৰ: লতা মংগেছকাৰে কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম হ’ল ‘এৰা বাটৰ সুৰ’।

(খ) চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংক: ২। ৩)

১। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম লিখা।

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দুখন কথাছবিৰ নাম হ’ল: ‘জয়মতী’ আৰু ‘ইন্দ্রমালতী’।

২। এই কথাছবিকেইখনৰ পৰিচালকৰ নাম লিখা- এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি। H.S. ’18

উত্তৰ:

কথাছবিৰ নাম পৰিচালকৰ নাম

এৰা বাটৰ সুৰ ভূপেন হাজৰিকা

ডাঃ বেজবৰুৱা ব্রজেন বৰুৱা

গঙা চিলনীৰ পাখি পদুম বৰুৱা।

৩। ভবেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।

উত্তৰ: ভবেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবি হ’ল: ‘সন্ধ্যাৰাগ’, ‘অনির্বাণ’ আৰু ‘অগ্নিস্নান’।

৪। জয়মতী, চিৰাজ, সতী বেউলা -এই কথাছবিকেইখনৰ সংগীত পৰিচালককেইজনৰ নাম লিখা।

উত্তৰ :

কথাছবি সংগীত পৰিচালক

জয়মতী  জ্যোতিপ্ৰসাদ আগৰৱালা

চিৰাজ বিষ্ণুপ্ৰসাদ ৰাভা

সতী বেউলা ভূপেন হাজৰিকা।

৫। অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে?

উত্তৰ: অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণি আৰু বিকাশ হৈছিল ব্যক্তিগত প্রচেষ্টাত। পৰৱৰ্তী কালত চৰকাৰে অসমীয়া চলচ্চিত্র শিল্পক সহায় কৰিবলৈ প্রযোজকক আর্থিক অনুদান আগবঢ়োৱাৰ ব্যৱস্থা কৰে। জ্যোতি প্রসাদ আগৰৱালাৰ স্মৃতিত চৰকাৰে ‘জ্যোতি চিত্রবন ছোছাইটি’ নামেৰে ষ্টুডিঅ’ কমপ্লেক্স নিৰ্মাণ কৰি চিত্র নির্মাতাসকলক ছবি নির্মাণৰ প্রযোজনাত বাহিৰলৈ যোৱা কামটোৰ পৰা সকাহ দিয়ে। এই চৌহদতে স্থাপন কৰা হৈছে ‘ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টিভি ইন্সটিটিউট’ নামৰ চলচ্চিত্র নির্মাণ প্রশিক্ষণ বিদ্যালয় এখন। ছবি প্রযোজনাত সহায় কৰিবলৈ গঠন কৰা হৈছে ‘অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগম’। চৰকাৰে চলচ্চিত্র সংগ্রহালয় আৰু আর্কাইভও স্থাপন কৰিছে।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪/৫)

১। অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্রসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা। H.S. ’19, ’20

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমীয়া কথাছবিৰ জনক। ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিছাত ‘চিত্রবন’ স্টুডিঅ’ স্থাপন কৰি ১৯৩৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকখনক কথাছবিৰ ৰূপ দিয়া কাম আৰম্ভ কৰে। তেওঁ সাহিত্যৰথীৰ মূল নাটত নথকা লালুকসোলা, গাঁঠি হাজৰিকা আদিৰ চৰিত্ৰ, ভাওনা, জাপি, নৃত্য আৰু অসমৰ ঘৰুৱা জীৱনৰ পৰিবেশ সৃষ্টিৰ মাজেৰে বেজবৰুৱাৰ ‘জয়মতী’ নাটকক এক সার্থক বোলছবিৰ ৰূপ দিয়ে। ভাৰতত সবাক চিত্র নির্মাণ আৰম্ভ হোৱাৰ মাত্র পাঁচ বছৰৰ ভিতৰতে তেতিয়াৰ অসমৰ দৰে পিছপৰা অঞ্চলৰ ডেকা এজনে স্টুডিঅ’ৰ সহায় নোলোৱাকৈ বর্হিদৃশ্যৰ ভেটিত আৰু দৃশ্যসজ্জা নিৰ্মাণ কৰি এখন বুৰঞ্জীমূলক নাটকৰ কথাছবি নির্মাণ কৰি উলিয়াব পৰাটো এক গৌৰৱৰ কথা। ‘জয়মতী’ কথাছবিয়ে ১৯৩৫ চনৰ ১০ মাৰ্চৰ দিনা কলিকতাত প্রথমে মুক্তি পায় আৰু ইয়াৰ ১০ দিন পিছত ২০ মার্চ তাৰিখে গুৱাহাটীৰ ৰাইজে সেই ছবি উপভোগ কৰে। ‘জয়মতী’ কথাছবি নির্মাণৰ সময়ত জ্যোতিপ্রসাদে বহু অসুবিধাৰ সন্মুখীন হৈছিল। শব্দযন্ত্ৰৰ বিফলতাই তেওঁক বিব্রত কৰিছিল।

জয়মতীৰ পিছত ১৯৩৯ চনত মাত্র দুদিন কলিকতাৰ ষ্টুডিঅ’ত দৃশ্য গ্রহণ কৰি অতি কম খৰচত জ্যোতিপ্রসাদে অসমীয়া ভাষাৰ দ্বিতীয়খন কথাছবি ‘ইন্দ্রমালতী’ নির্মাণ কৰে। ১৯৪৮ চনত ফণী শৰ্মাৰ লগত যুটীয়াভাবে লক্ষ্মীধৰ শৰ্মাৰ ‘চিৰাজ’ গল্পৰ আধাৰত একে নামেৰে কথাছবি নির্মাণ কৰে। এনেদৰে জ্যোতিপ্রসাদ আগৰৱালাই অসমীয়া কথাছবি নির্মাণ কৰি অসমীয়া চলচ্চিত্র জগতৰ আৰম্ভণি কৰে। অতি কষ্টৰ মাজেৰে বিভিন্ন অভাব অভিযোগ থকা সত্বেও ধৈর্য আৰু সাহসিকতাৰে অসমীয়া কথাছবিৰ জগতলৈ যি অৱদান দি থৈ গ’ল তাৰ বাবে তেওঁৰ নাম অসমীয়া বোল ছবিৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।

২। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অবদান সম্পর্কে আলোচনা কৰা। H.S. ’18

উত্তৰ: অসমৰ সাংস্কৃতিক জগতত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিছতেই যাৰ নাম লোৱা হয় সেইজন ব্যক্তিয়েই হৈছে ভূপেন হাজৰিকা। তেওঁ আছিল একেধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, লিখক আৰু বোলছবি নির্মাতা। জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ যোগেদি ভূপেন হাজৰিকাই কথাছবি জগতত প্রবেশ করে। ১৯৫৫ চনত তেজপুৰৰ ৰূপজ্যোতি প্রতিষ্ঠানে নিৰ্মাণ কৰা ‘পিয়লি ফুকন’ কথাছবিৰ যোগেদি ভূপেন হাজৰিকাই সংগীত পৰিচালক হিচাপে নিজকে প্রতিষ্ঠিত কৰে। ১৯৬৫ চনত সংগীত পৰিচালক হাজৰিকাই প্ৰথমখন কথাছবি ‘এবা বাটৰ সুৰ’ নিৰ্মাণ কৰে। এইখন কথাছবিত লতা মংগেশকাৰে প্ৰথম অসমীয়া গীত গায়। ১৯৭৬ চনত ভূপেন হাজৰিকাই ভাৰত চৰকাৰৰ পৰা শ্রেষ্ঠ সংগীত পৰিচালকৰ স্বীকৃতি লাভ কৰে। অসমীয়া কথাছবিৰ উপৰিও ভূপেন হাজৰিকাই কেইবাখনো বঙালী আৰু হিন্দী ছবিতো সংগীত পৰিচালনা কৰিছিল।

৩। ভবেন্দ্রনাথ শইকীয়া আৰু জাহ্ন বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অবদান সম্পর্কে লিখা। H.S. ’17

উত্তৰ: অসমীয়া চলচ্চিত্র শিল্পলৈ ভবেন্দ্রনাথ শইকীয়াৰ অৱদান লেখত ল’বলগীয়া। তেওঁ অসমীয়া কথাছবিলৈ বাস্তৱবাদী ঢৌ সঞ্চালন কৰে। ১৯৭৭ চনত নিৰ্মাণ কৰা তেওঁৰ ‘সন্ধ্যাৰাগ’ ছবিখনে ব্যৱসায়িক আৰু কলাগতভাবে সফলতা লাভ কৰে। তেওঁ একাদিক্রমে অনির্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আবর্তন, ইতিহাস আদি অসমীয়া ছবি নির্মাণ কৰে। হিন্দী ভাষাত তেওঁ ‘কালসন্ধ্যা’ পৰিচালনা কৰে। দেশ-বিদেশত বহু চলচ্চিত্র মহোৎসৱত ভবেন্দ্ৰনাথ শইকীয়াৰ কথাছবি প্রদর্শিত হৈছে।
জাহ্ন বৰুৱায়ো অসমীয়া চলচ্চিত্র শিল্পৰ উত্তৰণত আগভাগ লৈছে। তেওঁ পৰিচালনা কৰা প্রথম অসমীয়া কথাছবিখন হ’ল ‘অপৰূপা’। ইয়াৰ পিছতো তেওঁ কেবাখনো ছবি পৰিচালনা কৰে। তেওঁৰ ছবিয়েও দেশ-বিদেশত সম্মান লাভ কৰিছে। জাহ্নু বৰুৱাই তেওঁৰ ‘সাগৰলৈ বহু দূৰ’ ছবিখনৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে।

৪। অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।

উত্তৰ: ব্ৰজেন বৰুৱা পৰিচালিত ‘ডাঃ বেজবৰুৱা’ চিনেমাখনৰ দ্বাৰা অসমীয়া চলচ্চিত্র শিল্পলৈ বিনোদনমূলক ছবিৰ আগমন ঘটে। এইখন আছিল আবেগ মিশ্রিত থ্রিলাৰ। এই ছবিখনে ব্যৱসায়িক দিশত সফলতা লাভ কৰে। ইয়াৰ পিছত কেইবাজনো পৰিচালকে বিনোদনমূলক ছবি অসমবাসীক উপহাৰ দিয়ে। বিনোদনমূলক ছবিবোৰৰ ভিতৰত ‘মুকুতা’, ‘যোগ বিয়োগ’, ‘উপগ্রহ’, ‘ভাইটি’, ‘চামেলি মেম চাহাব’, ‘আজলি নবৌ’ আদি উল্লেখযোগ্য।

৫। অসমীয়া চলচ্চিত্রই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মাণ কৰা ‘জয়মতী’ কথাছবিৰ দ্বাৰা শুভাৰম্ভহোৱা অসমীয়া চলচ্চিত্র শিল্পই আজি প্রায় আঠোটা দহকত ভৰি দিছে। এই সময়খিনিত অসমীয়া চলচ্চিত্র শিল্পই যথেষ্ট বিকাশ লাভ কৰিছে আৰু বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও লাভ কৰিছে।

১৯৫৫ চনত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’ ছবিয়ে ‘ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অব মেৰিট’ লাভ কৰিছিল। সেয়াই আছিল অসমীয়া ছবিয়ে লাভ কৰা প্রথম স্বীকৃতি। ইয়াৰ পিছত ড’ ভবেন্দ্রনাথ শইকীয়াই ‘অগ্নিস্নান’ ছবিৰ বাবে শ্রেষ্ঠ চিত্র নাট্যৰ বঁটা লাভ কৰে। জাহ্নু বৰুৱাই ‘সাগৰলৈ বহু দূৰ’ ছবিৰ বাবে লাভ কৰিছিল শ্রেষ্ঠ পৰিচালকৰ বঁটা। এতিয়ালৈ ৰাষ্ট্ৰীয় বঁটাৰে সম্মানিত হোৱা অসমীয়া ছবিকেইখনৰ অন্যতম কেইখন হ’ল: বিদ্যুৎ চক্ৰৱৰ্তীৰ ‘ৰাগ-বিৰাগ’, সঞ্জীৱ হাজৰিকাৰ ‘হলধৰ’, গৌতম বৰাৰ ‘বশ্ববিপু’, জাহ্নু বৰুৱাৰ ‘হালধীয়া চৰায়ে বাও ধান খায়’, সঞ্জীৱ সভাপণ্ডিতৰ ‘জুয়ে পোৰা সোণ’, মঞ্জু বৰাৰ ‘আই ক’ত নাই’ আদি। তদুপৰি অভিনয়ৰ বাবে ‘জুৰিৰ বিশেষ উল্লেখ বঁটা’ লাভ কৰিছিল ৰুদ্ৰ বৰাই, ভাগীৰথী আৰু বিষ্ণু খাৰগৰীয়াই। তথ্যচিত্ৰৰ বিভিন্ন শিতানত আৰু চিত্র সমালোচনা আৰু চলচ্চিত্র বিষয়ক গ্রন্থৰ বাবেও কেইবাগৰাকী অসমীয়াই বঁটা লাভ কৰিছে। ইয়াৰ ওপৰিও বহুতো কথাছবি বিদেশতো প্রদর্শিত হৈছে আৰু সমাদৰ লাভ কৰিছে। ই অসমীয়া কথাছবি শিল্পৰ বাবে সফলতাৰ পৰিচায়ক।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া: (মূল্যাংক: ১)

(ক) ফণী তালুকদাৰ কোন চনত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: ফণী তালুকদাৰ ১৯২১ চনত জন্ম গ্রহণ কৰিছিল।

(খ) জ্যোতিপ্রসাদ আগৰৱালাই তেওঁৰ ‘জয়মতী’ বোলছবিখন কিমান চনত নিৰ্মাণ কৰি উলিয়াইছিল?

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁৰ ‘জয়মতী’ বোলছবিখন ১৯৩৫ চনত নির্মাণ কৰি উলিয়াইছিল।

(গ) ফণী তালুকদাৰে ক’ত কৰ্ম জীৱনৰ পাতনি মেলিছিল?

উত্তৰ: ফণী তালুকদাৰে শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত অনুষ্ঠান কার্যবাহী হিচাপে কর্ম জীৱনৰ পাতনি মেলিছিল।

(ঘ) ফণী তালুকদাৰে কোনখন কাকতৰ মুখ্য সম্পাদক ৰূপে কার্যনির্বাহ কৰিছিল?

উত্তৰ: ফণী তালুকদাৰে ‘সাপ্তাহিক সময়’ কাকতৰ মুখ্য সম্পাদকৰূপে কার্য নির্বাহ কৰিছিল।

(ঙ) প্রমথেশ বৰুৱা ক’ত আৰু কিমান চনত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: প্রমথেশ বৰুৱাই গৌৰীপুৰৰ এক জমিদাৰ পৰিয়ালত ১৯০৩ চনত জন্ম গ্রহণ কৰিছিল।

(চ) প্রমথেশ বৰুৱাৰ প্রথম ছবি কোনখন আছিল?

উত্তৰ: প্রমথেশ বৰুৱাৰ প্ৰথম ছবিখন আছিল ‘দেবদাস’।

(ছ) ‘দেবদাস’ কথাছবিখন কিমান চনত নির্মাণ কৰা হৈছিল?

উত্তৰ: ‘দেবদাস’ কথাছবিখন ১৯৩৪ চনত নির্মাণ কৰা হৈছিল।

(জ) ‘ৰূপজ্যোতি’ প্রতিষ্ঠানে নিৰ্মাণ কৰা অসমীয়া কথাছবিখনৰ নাম কি? H.S. ’18

উত্তৰ: ৰূপজ্যোতি প্রতিষ্ঠানে নিৰ্মাণ কৰা অসমীয়া কথাছবিখনৰ নাম ‘পিয়লি ফুকন’।

(ঝ) ফণী শৰ্মাই ‘জয়মতী’ কথাছবিত কোন চৰিত্ৰত অভিনয় কৰিছিল?

উত্তৰ গাঁঠি হাজৰিকা।

(ঞ) আইদেউ সন্দিকৈয়ে ‘জয়মতী’ কথাছবিত ভাও লোৱা চৰিত্ৰটো কি?

উত্তৰ: জয়মতী।

(ট) ‘ইন্দ্রমালতী’ কথাছবিখন কোন চনত নির্মাণ কৰা হৈছিল?

উত্তৰ: ১৯৩৯ চনত।

(ঠ) প্রথম অসমীয়া সামাজিক ছবিখনৰ নাম কি?

উত্তৰ: ইন্দ্ৰমালতী।

(ড) জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয় কথাছবি কোনখন?

উত্তৰ: ইন্দ্ৰমালতী।

(ঢ) লতা মংগেশকাৰে গোৱা প্রথম অসমীয়া গীতটি কোনখন কথাছবিৰ?

উত্তৰ: এৰা বাটৰ সুৰ।

(ণ) অসিত সেনে নিৰ্মাণ কৰা অসমীয়া ছবিখনৰ নাম কি?

উত্তৰ: বিপ্লৱী।

(ত) পদুম বৰুৱাই পৰিচালনা কৰা অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰ: গঙা চিলনীৰ পাখি।

(থ) ১৯৭০ চনত ব্রজেন বৰুৱাই নিৰ্মাণ কৰা অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰ: মুকুতা।

(দ) ব্রজেন বৰুৱাই নির্মাণ কৰা হাস্য-ব্যঙ্গ ৰসাত্মক কথাছবিখনৰ নাম কি? H. S. ’24

উত্তৰ: ইটো সিটো বহুতো।

(ধ) সর্বেশ্বৰ চক্ৰৱৰ্তীয়ে পৰিচালনা কৰা কথা ছবিখনৰ নাম কি?

উত্তৰ: মণিৰাম দেৱান।

(ন) আর্ন্তজাতিক বোলছবি মহোৎসৱত যোগদান কৰিবলৈ পঠিওৱা প্রথম অসমীয়া কথাছবি কোনখন?

উত্তৰ: পুবেৰুণ।

(প) কোনখন অসমীয়া ছবিয়ে ভাৰতক প্রতিনিধিত্ব কৰি বার্লিন চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছিল?

উত্তৰ: পুবেৰুণ।

(ফ) ‘পূবেৰুণ’ কথাছবিখন কোনে পৰিচালিত কৰিছিল?

উত্তৰ: প্রভাত মুখার্জীয়ে।

(ব) ‘অসম এছ’চিয়েছন’ৰ পৃষ্ঠাপোষক কোন আছিল?

উত্তৰ: প্রভাত চন্দ্র বৰুৱা।

(ভ) অসমৰ লোকগীতক কোনে মার্জিত ৰূপ দিছিল?

উত্তৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই।

(ম) ‘চিত্রবন’ কোন চনত স্থাপন কৰা হৈছিল?

উত্তৰ: ১৯৩৩ চনত।

(য) প্রমথেশ বৰুৱাই বঙালী কথাছবিত কি সংগীত ব্যৱহাৰ কৰিছিল?

উত্তৰ: ৰবীন্দ্ৰ সংগীত।

(ব) ‘জয়মতী’ কথাছবিত কোনে নায়কৰ ভূমিকা গ্রহণ কৰিছিল?

উত্তৰ: পৰশুৰাম বৰুৱা (মুনু বৰুৱা)।

(ল) ‘চিৰাজ’ কথাছবিখন কিমান চনত নির্মাণ কৰা হৈছিল?

উত্তৰ: ১৯৪৮ চনত।

(ব) ‘জয়মতী’ কথাছবিখন কেতিয়া ক’ত মুক্তি লাভ কৰে? H.S. ’18

উত্তৰ: ১৯৩৫ চনৰ ১০ মাৰ্চত কলিকতাৰ ‘ৰওনাক’ হলত।

(শ) ১৯৩৫ চনৰ পৰা বৰ্তমানলৈ কিমানখন অসমীয়া ছবিয়ে মুক্তি লাভ লবে?

উত্তৰ: ৩২৮ খন।

(য) অসমীয়া ভাষাৰ প্ৰথম পূর্ণাঙ্গ ৰঙীন ছবি কোনখন?

উত্তৰ: কমল নাৰায়ণ চৌধুৰী পৰিচালিত ‘ভাইটি’ অসমীয়া ভাষাৰ প্রথম পূর্ণাঙ্গ ৰঙীন ছবি।

(স) প্রথমখন অসমীয়া ধর্মমূলক ছবি কোনখন?

উত্তৰ: সুনীল গঙ্গোপাধ্যায় পৰিচালিত ‘সতী বেউলা’ (১৯৫৪ চন)।

(হ) ভাৰতৰ কোনগৰাকী বিখ্যাত গায়িকাই কোনখন অসমীয়া কথাছবিত প্রথম গীত গাইছিল?

উত্তৰ: ভাৰতৰ বিখ্যাত গায়িকা লতা মংগেশকাৰে ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত আৰু নির্মিত ছবি ‘এৰা বাটৰ সুৰ’ত প্রথম গীত গাইছিল।

(ঘ) জ্যোতিপ্রসাদ আগৰৱালাই নিৰ্মাণ কৰা কথা ছবি দুখনৰ নাম লিখা। H.S. ’19

উত্তৰঃ জয়মতী আৰু ইন্দ্ৰমালতী।

(ব) অসমীয়া চিনেমাৰ জনক কোন? H.S. ’18

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা।

(ল) ‘জয়মতী’ কথাছবিখন গুৱাহাটীত কোন চনৰ কোন তাৰিখে মুক্তি লাভ কৰিছিল? H.S. ’19

উত্তৰঃ ‘জয়মতী’ কথাছবিয়ে ১৯৩৫ চনৰ ২০ মার্চ তাৰিখে গুৱাহাটীত মুক্তি লাভ কৰিছিল।

(র) ভূপেন হাজৰিকাই ‘প্রতিধ্বনি ছবিখন কোন জনগোষ্ঠীৰ লোককথাৰ ভেটিত নিৰ্মাণ কৰিছিল। H.S. ’20

উত্তৰঃ খাচি লোকথা (১৯৬৫)

(শ) ‘চলচ্চিত্র’ আৰু ‘টুরেন্টি ফ’ৰ ফ্রেমছ’ গ্রন্থ দুখনৰ লিখক কোন?

উত্তৰঃ উৎপল দত্ত।

(স) কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? পৰিচালকগৰাকীৰ নাম লিখা। H.S. ’20

উত্তৰঃ কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম ‘বশ্ববিপু’। ইয়াৰ পৰিচালকগৰাকীৰ নাম গৌতম বৰা।

(হ) ‘মুকুতা’ আৰু ‘জাংফাই জোনাক’ ছবি দুখনৰ পৰিচালক দুগৰাকীৰ নাম লিখা।

উত্তৰঃ ‘মুকুতা’ ছবিৰ পৰিচালক আৰু ‘জাংফাই’ ছবিৰ পৰিচালক সভাপণ্ডিত। ব্ৰজেন বৰুৱা হ’ল সঞ্জীব সঞ্জীব সভাপণ্ডিত।

২। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া: (মূল্যাংক: 8) H.S. ’20

(ক) অসমীয়া কথাছবি জগতত কমল নাৰায়ণ চৌধুৰীৰ অৱদান আলোচনা কৰা।

উত্তৰ: কমল নাৰায়ণ চৌধুৰী কলিকতা অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া অনুষ্ঠানৰ পৰিচালক আছিল। পৰিচালক হিচাপে কামত যোগদান কৰি তেওঁ গীত, নাট আৰু কথাছবি জগতত নিজকে প্রতিষ্ঠা কৰে। তেওঁ তৃতীয়খন অসমীয়া কথাছবি ‘মনোমতী’ৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ কেইবাখনো কথাছবিত নিজে কেমেৰামেনৰ দায়িত্ব লৈছিল। অসম সাহিত্য সভাৰ প্রথম তথ্যচিত্র ‘অমৰ লক্ষ্মীনাথ’ তেওঁ পৰিচালনা কৰিছিল। তেওঁ ইংৰাজী কথাছবি ‘দ্য বিভাৰ’ নিৰ্মাণৰ ইউনিটতো কাম কৰিছিল।

মুঠতে তেওঁ অসমীয়া আৰু বঙালী কথাছবিৰ উত্তোৰণত এক বলিষ্ঠ ভূমিকা গ্রহণ কৰিছিল।

(খ) অসমীয়া কথাছবি জগতত নিপ বৰুৱাৰ অবদান আলোচনা কৰা।

উত্তৰ: অসমীয়া কথাছবি জগতলৈ নিপ বৰুৱাৰ অৱদান মনকৰিবলগীয়া। তেওঁ ১৯৫৫ চনত ‘বৰুৱা আর্ট প্রডাকচন’ৰ পৰা ‘স্মৃতি পৰশ’ নামৰ কথাছবিখন নির্মাণ কৰি উলিয়ায়। এই কথাছবিখনৰ মাজেদি তেওঁ বংগীয় চলচ্চিত্ৰৰ সামাজিক, ৰোমান্টিকধর্মী বিষয়-বস্তু আৰু সহধর্মী নিবেদন শৈলীৰ বাট দেখুৱায়। নিপ বৰুৱাই আঠখন অসমীয়া কথাছবি নির্মাণ কৰি অধিক কথাছবি নির্মাতা হিচাপে পৰিগণিত হয়। তেওঁ অসম চৰকাৰৰ বিষয়া হিচাপে কেইবাখনো হ্রস্ব চলচ্চিত্ৰ আৰু তথ্যচিত্রও নির্মাণ কৰিছে। ‘বঙা পুলিচ’ আৰু সোণতৰা’ কথাছবি দুখন তেওঁৰ জনপ্রিয় কথাছবি।

(গ) অসমীয়া কথাছবি জগতলৈ নটসূর্য ফণী শৰ্মাৰ অৱদান আলোচনা কৰা।

উত্তৰ: ফণী শৰ্মা অসমৰ সাংস্কৃতিক জগতত এক অতি পৰিচিত নাম। তেওঁ ‘নটসূর্য’ উপাধিৰে বিভূষিত। অসমীয়া কথাছবি জগতলৈ তেওঁৰ অবদান লেখতলবগীয়া। তেওঁ ১৯৪৮ চনত বিষ্ণু ৰাভাৰ সৈতে যুটীয়াভাৱে লক্ষীধৰ শৰ্মাৰ গল্প ‘চিৰাজ’ৰ কথাছবি রূপ দিয়ে। এই কথাছবিখনে জাতীয় সংহতিৰ এক উজ্জ্বল নিদর্শন দাঙি ধৰিছে। ফণী শৰ্মাই চিৰাজ’ কথাছবিত নিজে চিৰাজৰ ভূমিকাত অভিনয় কৰিছিল। ১৯৫৫ চনত তেজপুৰৰ ৰূপজ্যোতি প্রতিষ্ঠানে নিৰ্মাণ কৰা অবিস্মৰণীয় কথাছবি ‘পিয়লি ফুকন’ৰ পৰিচালনা আৰু গোমধৰ কোঁৱৰৰ চৰিত্ৰটোত অভিনয় কৰি ফণী শৰ্মাই কথা ছবি জগতত নিজকে অমৰ কৰি ৰাখে।

(ঘ) প্রমথেশ বৰুৱা কোন? কথাছবি জগতলৈ আগবঢ়োৱা তেওঁৰ অবদান সম্পর্কে লিখা।

উত্তৰ: প্রমথেশ বৰুৱা আছিল বঙালী ভাষাত কথাছবি নির্মাণ কৰা প্ৰথমজন অসমীয়া। তেওঁ ১৯০৩ চনত অসমৰ গৌৰীপুৰত জমিদাৰ পৰিয়ালত জন্ম গ্রহণ কৰিছিল। ভাৰতৰ কথাছবিৰ জগতলৈ বিশেষকৈ বঙালী কথাছবিৰ জগতলৈ তেওঁ এক বিশেষ অৱদান দি থৈ গৈছে। তেওঁ বংগদেশৰ গ্ৰাম্য জীৱনৰ পটভূমিত, ৰবীন্দ্র সংগীতক কথাছবিত আকর্ষণীয় ৰূপত সংযোজনা কৰি প্রতীকধর্মী দৃষ্টিৰে কথাছবি পৰিচালনাৰ শুভআৰম্ভ কৰে। প্রমথেশ বৰুৱাই নির্বাক ফিল্মৰ দিনৰ পৰাই চলচ্চিত্র শিল্পক জীৱিকা হিচাপে গ্রহণ কৰে। ১৯৩৪ চনত ‘দেবদাস’ কথা ছবি নির্মাণ কৰি তেওঁ সমগ্ৰ ভাৰততে উচ্চমানৰ অভিনেতা আৰু পৰিচালক হিচাপে নিজকে প্রতিষ্ঠা কৰে।

(ঙ) অসমীয়া পৰীক্ষামূলক কথাছবিৰ পৰিচয় দিয়া। 

উত্তৰ: অসমীয়া কথাছবিৰ জগতলৈ পৰীক্ষামূলক ধাৰাৰ শুভাৰম্ভ হয় ১৯৭০ চনত। ফণী তালুকদাৰৰ ‘মোৰে মলুৱা’ নামৰ মূল অনাতাঁৰ নাটকৰ ‘অপৰাজেয়’ নামৰ মূল অভিযোজনাৰ ভেটিত এই কথাছবি নির্মাণ কৰে যুটিয়াভাবে। ইয়াৰ কাহিনীকাৰ আছিল ফণী তালুকদাৰ, চিত্র নাট্যকাৰ অতুল বৰদলৈ, গৌৰীবৰ্মন আৰু মুনীন বায়ন। এই ছবিখনত বৰপেটা সত্ৰীয়া সংস্কৃতি আৰু নাওখেলৰ ভেটিত নির্মিত কাহিনীটোৰ সম্পূৰ্ণ চিত্র গ্রহণ কৰা হয় বৰপেটাত আৰু আংশিকভাবে গুৱাহাটীত। দ্বিতীয়খন পৰীক্ষামূলক ছবি ‘গঙ্গা চিলনীৰ পাখি’ পদুম বৰুৱাৰ পৰিচালনাত চৰকাৰী সাহাৰ্য্যত নির্মাণ কৰা হয় ১৯৭৫ চনত। মনোৰঞ্জনৰ লগতে শিক্ষা আদর্শ আদি প্ৰচাৰ কৰাই আছিল এনে ছবিৰ প্রধান উদ্দেশ্য।

(চ) অসমীয়া কথাছবিলৈ অসম চৰকাৰে কেনেদৰে সহায় আগবঢ়াইছে লিখা।

উত্তৰ: অসমীয়া কথাছবি উদ্দ্যোগলৈ অসম চৰকাৰে বিভিন্ন ধৰণে সহায় আগবঢ়াই আছে। অসম চৰকাৰে অসমীয়া কথাছবিৰ বিকাশৰ বাবে ‘কথাছবি বিত্ত নিগম’ গঠন কৰিছে। এই নিগমে নির্মিয়মান কেইবাখনো ছবিলৈ আংশিকভাবে অর্থ সাহার্য্য প্রদান কৰিছে। ইয়াৰ পিছত অসম চৰকাৰে ‘অসম ৰাজ্যিক কথাছবি উন্নয়ন পৰিষদ’ গঠন কৰি পৰিবেশনৰ বাবে ‘অসম কথাছবি সমবায়’ নামৰ এটি প্রতিষ্ঠানলৈ পৃষ্ঠপোষকতা আগবঢ়াইছে। ইয়াৰ উপৰিও অসম চৰকাৰে কথাছবিৰ প্ৰথম বছৰৰ প্ৰমোদ কৰখিনি প্রযোজকক ওভতাই দি অসমত কথাছবি উদ্দ্যোগক উৎসাহিত কৰিছে। অসমীয়া কথাছবিৰ অভিনেতা, নির্মাতা আদিক উৎসাহিত কৰিবলৈ ১৯৭৩ চনত প্রতি ১৭ জানুৱাৰী তাৰিখে ‘অসম শিল্পী দিবস সমিতি’য়ে শিল্পীসকলক সম্বর্ধনা জনাই আহিছে। এই সমিতিৰ পৃষ্ঠপোষক আছিল সেই সময়ৰ মুখ্যমন্ত্রী শৰৎ চন্দ্ৰ সিংহ।
এনেদৰে অসম চৰকাৰে অসমৰ কথাছবি উদ্দ্যোগৰ বিকাশ আৰু উন্নয়নৰ বাবে নানা ধৰণে সহায় কৰি আহিছে।

(ছ) অসমীয়া কথাছবিৰ পৰিচালক কেইগৰাকীৰ নাম লিখা।

উত্তৰ: অসমীয়া কথাছবিৰ কেইজনমান পৰিচালকৰ নাম হ’ল জ্যোতিপ্রসাদ আগৰৱালা, ফণী শৰ্মা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, কমল নাৰায়ণ চৌধুৰী, নিপ বৰুৱা, প্রভাত মুেখার্জী, সর্বেশ্বৰ চক্রবর্তী, ব্ৰজেন বৰুৱা, পদুম বৰুৱা আদি।

(জ) অসমীয়া কথাছবিৰ কেইগৰাকীমান প্রসিদ্ধ অভিনেতা-অভিনেত্ৰীৰ নাম লিখা।

উত্তৰ: অসমীয়া কথাছবিৰ কেইগৰাকীমান পৰশুৰাম অভিনেতা আৰু অভিনেত্রীৰ নাম হ’ল বৰুৱা, আইদেউ সন্দিকৈ, ফণী শৰ্মা, চন্দ্ৰধৰ গোস্বামী, ৰেবেকা আচাও, ইভা আচাও, বিজয় শংকৰ দাস, জ্ঞানদা কাকতি, প্রশান্ত হাজৰিকা আদি।

(ঝ) অসমীয়া চিনেমাই এতিয়াও আন্তর্জাতিক প্রেক্ষাপটত সবল খোজ দিব পৰা নাই।” ব্যাখ্যা কৰা। H.S. ’20

উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত উৎপল দত্তই ৰচনা কৰা ‘অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা’ শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত কথাফাকিৰ দ্বাৰা লিখকে অসমীয়া চলচ্চিত্রই যে মানদণ্ডৰ পিনৰ পৰা আন্তর্জাতিক চলচ্চিত্ৰৰ সমান হ’ব পৰা নাই সেয়া ক’ব বিচাৰিছে।
১৯৩৪ চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ‘জয়মতী’ চলচ্চিত্ৰৰ জৰিয়তে শুভাৰম্ভ কৰা অসমীয় কথাছবি শিল্পই আজি প্রায় আঠোটা দহক অতিক্রম কেিল যদিও অসমীয়া চিনেমাই গুণগতভাবে বিশ্ব চিনেমাৰ সমানে আগুৱাই যাব পৰা নাই লিখকে খেদ কৰিছে। ইয়াৰ দ্বাৰা লিখকে অসমীয়া চিনেমাত থকা অসোঁৱাহৰ বিষযে উনুকিয়াব বিচাৰিছে। অসমীয়া চিনেমাৰ বিষয়বস্তু বাস্তৱসন্মত আৰু সামাজাকি তাত কোনো সন্দেহ নাই। কিন্তু কাৰিকৰী দিশত ই উচ্চ মানৰ নহয়। ইয়াৰ কাৰণ হয়তো অসমত চিনেমা শিল্পৰ বাবে যথাযথ প্রযুক্তিৰ অভাৱ। অনাগত দিনত উন্নত প্রযুক্তিৰ ব্যৱহাৰ হ’লে অসমীয়া চিনেমা শিল্পই বিশ্বৰ মানদণ্ড লাভ কৰিব বুলি আশা কৰিব পাৰি।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×