Join WhatsApp

Join Now

Join Telegram

Join Now

[AHSEC] Class 11 Education Chapter 6 Solutions ২০২৫

By Rabbi Masrur

Updated On:

Class 11 Education Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক মানৰ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন Class 11 Education Chapter 6 Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Education Chapter 6 Solutions

মানৰ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন Class 11 Education Chapter 6 Solutions

👉 Read Also:

মানৰ আচৰণৰ ভিত্তিসমূহ আৰু দিকদর্শন

ষষ্ঠ অধ্যায়

অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ১)

১। শুদ্ধ নে অশুদ্ধ লিখাঃ

(ক) প্রবৃত্তি আৰু আবেগৰ মাজত সম্বন্ধ আছে।

উত্তৰঃ শুদ্ধ।

(খ) ক্রোধ এবিধ আবেগ।

উত্তৰঃ অশুদ্ধ।

(গ) ভয় হ’ল প্ৰতি বৰ্ত ক্রিয়া।

উত্তৰঃ অশুদ্ধ।

(ঘ) প্রবৃত্তি হ’ল এক শিক্ষাহীন আচৰণ।

উত্তৰঃ শুদ্ধ।

(ঙ) আবেগত বিচাৰ-বুদ্ধিয়ে থিতাপি লব নোৱাৰে।

উত্তৰঃ শুদ্ধ।

(চ) অভিপ্ৰেৰণে শিক্ষণ ক্রিয়া জাগ্রত কৰে।

উত্তৰঃ শুদ্ধ।

(ছ) দৈহিক নিৰাপত্তাৰ চাহিদাটো শিশুৰ মানসিক প্রয়োজনসমূহৰ ভিতৰত এটা।

উত্তৰঃ শুদ্ধ।

(জ) খাদ্য অন্বেষণ প্রবৃত্তিৰ লগত ‘ভয়’ আবেগটো জড়িত থাকে।

উত্তৰঃ অশুদ্ধ।

(ঝ) ইতৰ প্ৰাণীৰ কোনো ভাববৃত্তি নাথাকে।

উত্তৰঃ শুদ্ধ।

(ঞ) আবেগ হ’ল এটা প্রসংগ য’ত ব্যক্তি সঞ্চালিত নাইবা উত্তেজিত হয়।

উত্তৰঃ শুদ্ধ।

২। খালী ঠাই পূৰণ কৰাঃ

(ক) —– হ’ল অভ্যাস গঠনৰ প্ৰকৃত সময়।

উত্তৰঃ শৈশৱ কাল।

(খ) মনোবিজ্ঞানী —– ৰ মতে, ‘প্রবৃত্তি হ’ল এক জৈৱিক উদ্দেশ্য পূৰণৰ বাবে কৰা ক্ৰিয়া-আচৰণ।’

উত্তৰঃ ভেলেনটাইন।

(গ) ফ্ৰয়ডৰ চিন্তাধাৰাত —— -নামৰ শব্দটোৰ মাধ্যমত প্ৰেৰণাৰ কথা কোৱা হৈছিল।

উত্তৰঃ ইদ (Id)

(ঘ) শৰীৰৰ ভিতৰৰ যিবিলাক অবস্থাই প্রাণীক একোটা বিশেষ কাম কৰিবলৈ প্রস্তুত কৰায়, তেনে অবস্থাটোৱেই হ’ল —– ।

উত্তৰঃ প্ৰেৰণা।

(ঙ) এটা বিশেষ চিন্তাৰ আচৰণবাদ মনোবিজ্ঞানী —– য়ে প্রতিষ্ঠা কৰিছিল।

উত্তৰঃ বাটছন।

(চ) —– য়ে শিশুক দৈহিক আৰু মানসিকভাবে প্রতিষ্ঠা কৰি তোলে।

উত্তৰঃ খেল-ধেমালি।

(ছ) শৈশবকালত নিজৰ কৰ্মৰাজিৰ মাধ্যমেৰে যৌন প্ৰৱণতাবোৰৰ শাম কটাব বিচৰা অৱস্থাটোৱেই হ’ল —– ।

উত্তৰঃ আত্মকাম।

(জ) প্রয়োজনসমূহৰ শ্ৰেণী বিভাজন ঘটাই পাঁচ প্ৰকাৰৰ বিশেষ প্রয়োজনৰ কথা আমেৰিকান মনোবিজ্ঞানী —— য়ে উল্লেখ কৰিছিল।

উত্তৰঃ আব্রাহাম মাচলো।

(ঝ) ইংৰাজী Emotion শব্দটো —— শব্দব পৰা আহিছে।

উত্তৰঃ emovere.

(ঞ) Instinct শব্দটো লেটিন ভাষাৰ —— শব্দৰ পৰা আহিছে।

উত্তৰঃ Instinctus.

৩। শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ

(ক) মানুহে আনৰ লগত থাকিবলৈ ভাল পোৱাৰ কাৰণ: আবেদন প্রবৃত্তি/ সংগ প্রবৃত্তি/ যুথ প্রবৃত্তি।

উত্তৰঃ যুথ প্রবৃত্তি।

(খ) বিৰোচন হৈছে প্রবৃত্তি/ আবেগ/ অভ্যাস পৰিশোধনৰ উপায়।

উত্তৰঃ প্রবৃত্তি।

(গ) পলায়ন প্রবৃত্তিৰ লগত জড়িত আবেগ হ’ল ভয়/ খং/ বেদনা/ হতাশা।

উত্তৰঃ ভয়।

(ঘ) প্রবৃত্তিক প্রতি বর্তী ক্ৰিয়াৰ পৰা পৃথক কৰে জন্মগত আচৰণ / প্রজাতি বৈশিষ্ট্যই/ মগজুৰ নিয়ন্ত্রণে/ নিশিকা আচৰণে।

উত্তৰঃ মগজুৰ নিয়ন্ত্রণে।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২।৩)

১। মানুহৰ দুটা প্রয়োজনৰ নাম লিখা।

উত্তৰঃ মানুহৰ দুটা প্রয়োজন হ’ল ক্ষুধা আৰু তৃষ্ণা।

২। আবেগৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ আবেগৰ তিনিটা বৈশিষ্ট্য হ’ল-

(ক) আবেগ হঠাৎ জাগি উঠে।

(খ) আবেগৰ লগে লগে শাৰীৰিক পৰিৱৰ্তন হয়।

(গ) আবেগ সম্পূর্ণরূপে ব্যক্তিগত।

৩। অভিপ্রায়ৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অভিপ্ৰায়ৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) ইস্বতঃস্ফূর্ত আৰু মুক্ত।

(খ) অভিপ্রেত আচৰণ পুনৰাবৃত্তি কৰি থাকিলে সময়ত ই অভ্যাসত পৰিণত হয়।

৪। প্রবৃত্তি পৰিশোধনৰ তিনিটা উপায় উল্লেখ কৰা।

উত্তৰঃ প্রবৃত্তি পৰিশোধনৰ তিনিটা উপায় হ’লঃ

(ক) অবদমন

(খ) উন্নীতকৰণ

(গ) অব্যৱহাৰ।

৫। যুযুৎসা প্রবৃত্তি মানে কি?

উত্তৰঃ যুযুৎসা হ’ল এক জন্মগত প্রবৃত্তি। যুযুৎসা প্রবৃত্তিৰ বাবে মানুহে জন্মগতভাবে আন মানুহৰ লগত কাজিয়াত লিপ্ত হোৱাৰ স্বাভাবিক প্রবণতা লাভ কৰে।

৬। বাৎসল্য প্রবৃত্তি কি?

উত্তৰঃ যুৱক-যুৱতীয়ে ল’ৰা-ছোৱালীৰ মাক-দেউতাক হ’বলৈ ইচ্ছা কৰাকেই ‘বাৎসল্য প্রবৃত্তি’ বুলি কোৱা হয়।

মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। প্রয়োজনৰ শৈক্ষিক মূল্য বা তাৎপর্য বর্ণনা কৰা।

উত্তৰঃ প্রাণীয়ে জীয়াই থকাৰ বাবে অনুভৱ কৰা সকলো বস্তু-সামগ্রী, চিন্তা-চেতনা, ভাব-অনুভূতি এই সকলোবোৰকে ‘প্রয়োজন’ বুলি কোৱা হয়।
প্রয়োজনৰ শৈক্ষিক মূল্য যথেষ্ট আছে। মানুহৰ মানসিক প্রয়োজনসমূহ শিক্ষাৰ দ্বাৰা উৎকৰ্ষ সাধন কৰিব পাৰি। ইয়াক উন্নত আৰু সুৰুচিপূর্ণ কৰিবলৈ বিদ্যা শিক্ষাৰ প্ৰয়োজন হয়। সামাজিক জীবনত মানুহৰ দৈহিক প্রয়োজনৰ লগতে মানসিক প্রয়োজনসমূহও গুৰুত্বপূৰ্ণ। মানসিক প্রয়োজন পূৰণ কৰাৰ সফলতাৰ ফলস্বৰূপে মানুহৰ ব্যক্তিত্ব গঢ় লৈ উঠে।

মানুহৰ প্রয়োজনসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্রহণ কৰে পৰিয়াল আৰু বিদ্যালয়ে। সেয়ে পিতৃ-মাতৃয়ে সন্তানৰ প্রয়োজসমূহ উপলব্ধি কৰিবলৈ যত্নপৰ হোৱা উচিত। ইয়াৰ বাবে সুস্থ ঘৰুৱা পৰিবেশ সৃষ্টি কৰিব লাগে, যাতে ল’ৰা-ছোৱালীয়ে শাৰীৰিক আৰু মানসিক প্রয়োজনসমূহ সহজে পূৰণ কৰিব পাৰে আৰু বিকাশ লাভ কৰিব পাৰে। সেইদৰে বিদ্যালয়ৰ পৰিবেশো শিশুৰ মানসিক প্রয়োজন পূৰণ হ’ব পৰাকৈ অনুকূল হ’ব লাগে।

২। অভিপ্রায়ৰ শৈক্ষিক তাৎপর্য আলোচনা কৰা।

উত্তৰঃ যি আভ্যন্তৰীণ অবস্থাই কোনো নির্দিষ্ট লক্ষ্যৰ প্ৰতি কাম কৰোৱায়, সেই অৱস্থাকে ‘অভিপ্রায়’ বা ‘প্রণোদন’ বুলি কোৱা হয়। অভিপ্ৰায়ৰ শৈক্ষিক তাৎপর্য তলত উল্লেখ কৰা হ’ল:

(ক) অভিপ্রায়ে শিক্ষণৰ ক্ষেত্ৰত আগ্ৰহৰ সৃষ্টি কৰে।

(খ) অভিপ্রায়ে ব্যক্তিৰ আচৰণৰ গতিপথ নির্ণয় কৰে।

(গ) অভিপ্রায়ে ব্যক্তিৰ আচৰণ প্ৰৱণতা নিৰ্ধাৰণ কৰে।

(ঘ) অভিপ্ৰেৰণৰ দ্বাৰা শিক্ষাৰ্থীৰ মনোযোগ বৃদ্ধি পায়।

(ঙ) অভিপ্রায়ে শিক্ষাৰ ক্ষেত্ৰত মানসিক উদ্যমৰ সৃষ্টি কৰে।

৩। প্রবৃত্তিআৰু অভিপ্ৰায়ৰ মাজত থকা পার্থক্য লিখা।

উত্তৰঃ প্রবৃত্তি আৰু অভিপ্ৰায়ৰ মাজত থকা পার্থক্য হ’ল:

(ক) প্রবৃত্তি এক জৈবিক তাড়না। কিন্তু অভিপ্রায়ৰ বাবে জৈৱিক তাড়না অপৰিহাৰ্য নহয়।

(খ) প্রবৃত্তি পৰিচালিত হয় প্রায় স্বয়ংক্রিয় যন্ত্ৰৰ দৰে। কিন্তু অভিপ্রায় হ’ল প্রবৃত্তি পৰিচালনাৰ সিদ্ধান্ত।

(গ) প্রবৃত্তি সহজাত আৰু শিক্ষাবিহীন। কিন্তু অভিপ্রায় সহজাত আৰু শিক্ষালব্ধ দুয়োবিধেই হ’ব পাৰে।

(ঘ) প্রবৃত্তিৰ সামাজিক লক্ষ্য থকাতকৈ ই ব্যক্তিগত স্বভাবজাত উদ্দেশ্যহে পূৰণ কৰে।

আনহাতে অভিপ্রায় সামাজিক পৰিবেশ আৰু পৰিস্থিতিয়ে নিয়ন্ত্রণ কৰে।

৫। প্রবৃত্তিআৰু প্রত্যাবর্তী ক্ৰিয়াৰ মাজত থকা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ প্রবৃত্তি আৰু প্ৰত্যাৱৰ্তী ক্ৰিয়াৰ মাজত থকা পার্থক্য হ’ল:

(ক) প্রবৃত্তিৰ প্ৰভাৱ স্থায়ী আৰু সুদূৰপ্ৰসাৰী। কিন্তু প্রত্যাবর্তী ক্রিয়া সৰল, সামান্য আৰু ক্ষণস্থায়ী।

(খ) সচেতন ক্ৰিয়াৰ দ্বাৰা প্ৰবৃত্তিৰ উন্নীতকৰণ সম্ভৱ হয়। কিন্তু প্রত্যাৱৰ্তীৰ ক্ৰিয়াৰ পৰিৱৰ্তন আৰু উন্নীতকৰণ অসম্ভব।

(গ) প্রবৃত্তিয়ে গোটেই দেহ আৰু মনত প্রভাব পেলায়।

কিন্তু প্রত্যাবর্তী ক্রিয়া-শৰীৰৰ অংগ-প্রত্যঙ্গসমূহৰ মাজতেই সীমাবদ্ধ থাকে।

(ঘ) প্রবৃত্তিগত ক্রিয়া বা আচৰণত বুদ্ধিৰ প্ৰভাৱ পৰিলক্ষিত হয়।

কিন্তু প্রত্যাবর্ত ক্রিয়াত বুদ্ধিৰ কোনো চাপ নাথাকে।

৬। প্রবৃত্তিআৰু আবেগৰ মাজত থকা পার্থক্য লিখা।

উত্তৰঃ প্রবৃত্তি আৰু আবেগৰ মাজত থকা পার্থক্য হ’ল:

(ক) প্রবৃত্তিয়ে দেহৰ কোনো নির্দিষ্ট অংশক উত্তেজিত কৰে।

কিন্তু আবেগত সমগ্র দেহ উত্তেজিত হয়।

(খ) প্রবৃত্তিয়ে কৰ্মপ্রেৰণা দিয়ে। কিন্তু আবেগে অনুভূতিৰ প্ৰেৰণা যোগায়।

(গ) প্রবৃত্তিয়ে আকস্মিকভাবে গঢ় নলয়। কিন্তু আবেগ আকস্মিকভাবে জাগ্রত হয়।

(ঘ) প্রবৃত্তি জন্মগত স্বভাৱ। কিন্তু আবেগ বহু পৰিমাণে সামাজিক পৰিবেশৰ ওপৰত ভিত্তি কৰি উদয় হয়।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৫। ৬)

১। প্রয়োজন বুলিলে কি বুজা? মানুহৰ প্ৰয়োজনক কেই ভাগত ভাগ কৰিব পাৰি? আলোচনা কৰা।

উত্তৰঃ প্রাণীয়ে জীয়াই থকাৰ বাবে অনুভৱ কৰা সকলো বস্তু-সামগ্রী, চিন্তা-চেতনা, ভাব-অনুভূতি এই সকলোবোৰকে ‘প্রয়োজন’ বুলি কোৱা হয়।
মনোবিজ্ঞানী ক্লউজমেইয়াৰৰ মতে, ‘প্রয়োজন জীৱৰ এনে এক শাৰীৰিক, মানসিক অবস্থা যাৰ উপস্থিতিত জীবই বিশেষ ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে।’ মানুহৰ দৈহিক আৰু মানসিক প্রয়োজনসমূহক মনোবিজ্ঞানীসকলে কেইবাটাও ভাগত ভাগ কৰিছে। যেনেঃ

(ক) দৈহিক প্রয়োজন: দৈহিক প্রয়োজনসমূহ হ’ল ক্ষুধা,
তৃষ্ণা, কামনা আদি। দৈহিক প্রয়োজনসমূহক জৈৱিক প্রয়োজন বুলিও কোৱা হয়।

(খ) মানসিক প্রয়োজন: যশস্যা লাভ, বিদ্যা লাভ, কোনো বিষয়ত কৃতিত্ব লাভৰ হাবিয়াস আদি মানসিক প্রয়োজনৰ উদাহৰণ।

(গ) শিক্ষা নিৰপেক্ষ প্রয়োজন: নতুন ঘটনা বা বিষয়ৰ
অধ্যয়ন, দেশ ভ্রমণ আদি শিক্ষা নিৰপেক্ষ প্রয়োজন।

(গ) সামাজিক আৰু ব্যক্তিগত প্রয়োজন: সমাজৰ মানুহৰ লগত মিলিজুলি থাকি যৌথ বা সামূহিক জীবন-যাপনৰ প্ৰতি থকা প্রবৃত্তিয়েই হ’ল সামাজিক প্রয়োজন।

২। মানুহৰ কেইবিধমান প্রয়োজনৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ প্রাণীয়ে জীয়াই থকাৰ বাবে অনুভৱ কৰা সকলো বস্তু-সামগ্রী, চিন্তা-চেতনা, ভাব-অনুভূতি এই সকলোবোৰকে ‘প্রয়োজন’ বুলি কোৱা হয়।
মানুহৰ জৈৱিক আৰু মানসিক প্রয়োজনসমূহক তলত দিয়া ধৰণে কেইবাটাও ভাগত ভাগ কৰিব পাৰি। যেনে-

(ক) ক্ষুধাঃ মানুহৰ প্ৰধান দৈহিক বা জৈৱিক প্রয়োজন হ’ল ক্ষুধা। উদৰ যন্ত্ৰৰ সংকোচনৰ ফলত সৃষ্টি হোৱা দৈহিক সংবেদনকে ক্ষুধা বুলি কোৱা হয়। দৈহিক ক্ষুধা নিবাৰণৰ কাৰণে আমি খাদ্য গ্রহণ কৰিব লাগে।

(খ) তৃষ্ণাঃ দৈহিক ক্ষুধাৰ আন এটি প্রধান ভাগ হ’ল তৃষ্ণা। প্রধানকৈ পানী পান কৰি আমি তৃষ্ণা নিবাৰণ কৰো।

(গ) নিদ্রাঃ মানুহৰ আন এক প্রধান দৈহিক প্রয়োজন হ’ল নিদ্রা। নিদ্রাৰ দ্বাৰা বিভিন্ন কাম-কাজত খৰচ হোৱা শাৰীৰিক আৰু মানসকি শক্তি পূৰণ হয়, ক্লান্তি দূৰ হয়। (ঘ) যৌন কামনা: মানুহৰ দৈহিক প্রয়োজনৰ আন এক ভাগ হ’ল যৌন ক্ষুধা। ক্ষুধা, তৃষ্ণা, নিদ্রা আদি দৈহিক প্রায়জনসমূহ জন্মৰ মূহুৰ্তৰ পৰাই দেখা যায় যদিও যৌন ক্ষুধা শৈশৱ কালত দেখা নাযায়। ইবয়ঃসন্ধিৰ কালছোৱাতহে জাগি উঠে।

(গ) কৌতুহল: নতুন কথা জানিবলৈ, কোনো ৰহস্য উদ্‌ঘাটন কৰিবলৈ প্ৰতিজন মানুহৰ অন্তৰত হাবিয়াস থাকে। এই হাবিয়াস শৈশব কালৰপৰাই দেখা দিয়ে। শিশুৰ বয়স বাঢ়ি যোৱাৰ লগে লগে এই কৌতুহল প্রবৃত্তি বৃদ্ধি পায় আৰু ইয়াক নিবৃত্তি কৰিবলৈ চেষ্টা কৰে।

(ঙ) পিতৃত্ব বা মাতৃত্বৰ কামনা: পুৰুষে পিতৃত্ব আৰুনাৰীয়ে মাতৃত্ব লাভ কৰিবলৈ কৰা কামনাও এক প্ৰকাৰৰ প্ৰয়োজন। এই প্রয়োজনৰ বাবে প্রাপ্তঃবয়স্ক পুৰুষ আৰু নাৰীৰ দৈহিক পৰিবৰ্তন ঘটে। বিয়া-বাৰু কৰাব লগা হয়।

৩। প্ৰেৰণা কাক বোলে? ইয়াৰ বৈশিষ্টসমূহ উল্লেখ কৰি ইয়াৰ শৈক্ষিক তাৎপর্য আলোচনা কৰা।

উত্তৰঃ মানুহৰ দৈহিক আৰু মানসিক প্রয়োজন পূৰাবৰ বাবে মনত যি অদম্য গতিশীল আৰু কৰ্মমুখৰ অৱস্থাৰ সৃষ্টি হয়, তাকেই প্ৰেৰণা বুলি কোৱা হয়। প্ৰেৰণা হৈছে প্ৰাণীৰ মনৰ ভিতৰত থকা এক আভ্যন্তৰীণ প্রচেষ্টা। প্ৰেৰণাৰ কিছুমান বৈশিষ্ট্য আছে।

যেনেঃ

(ক) প্ৰেৰণাই জীৱক দৈহিক আৰু মানসিক প্রয়োজন পূৰণৰ কাৰণে এক অন্তর্নিহিত শক্তিৰ যোগান ধৰি কৰ্মমুখৰ অৱস্থাৰ সৃষ্টি কৰে।

(খ) ই জীৱৰ প্ৰয়োজন, অভিপ্রায়, উদ্দেশ্য আদিৰ দ্বাৰা পৰিচালিত হয়।

(গ) প্ৰেৰণা দৈহিক আৰু মানসিক দুয়োবিধ কাৰণতে উদ্ভৱ হ’ব পাৰে।

(ঘ) বহু সময়ত সামাজিক পৰিবেশ, আনৰ আদৰ্শ, দেশৰ ৰাজনৈতিক, অর্থনৈতিক অৱস্থা আদিৰ ওপৰত প্ৰেৰণাৰ গতি শক্তি হ্রাস-বৃদ্ধি হয়।

(ঙ) প্ৰেৰণাসমূহৰ স্বাভাবিক প্রকাশত বাধাপ্রাপ্ত হ’লে কেতিয়াবা মানসকি দ্বন্দ্বৰ সৃষ্টি হয়।

শিক্ষাৰ ক্ষেত্ৰত প্ৰেৰণাৰ বিশেষ তাৎপর্য আছে। শিক্ষা লাভ কৰিবলৈ যিখিনি উদ্যম পোৱা যায় সেয়াই প্ৰেৰণা। প্ৰেৰণাই কোনো কাম-কাজ নিয়াৰিকৈ সম্পাদন কৰিবলৈ উৎসাহী কৰি তোলে। প্ৰেৰণাই শিক্ষা লাভ কৰা শিক্ষার্থীৰ প্রকাশভংগী সংযত আৰু সুৰুচিপূর্ণ হোৱাত সহায়ক হয়। এজন শিক্ষিত ব্যক্তি আৰু এজন অশিক্ষিত ব্যক্তিৰ মাজত থকা নিহিত ক্ষুধা, তৃষ্ণা, যৌন প্রবণতা আদি একে ধৰণৰ হয় যদিও ইয়াৰ প্ৰকাশৰ ক্ষেত্ৰত ভিন্নতা পৰিলক্ষিত হয়।

৩। অভিপ্রায় কাক বোলে? ইয়াৰ বৈশিষ্টসমূহ উল্লেখ কৰা।

উত্তৰঃ যি আভ্যন্তৰীণ অবস্থাই কোনো নির্দিষ্ট লক্ষ্যৰ প্ৰতি কাম কৰোৱায়, সেই অবস্থাকে অভিপ্রায় বা প্রণোদন বুলি কোৱা হয়। মানুহৰ প্ৰতিটো আচৰণৰ অন্তৰালত একোটা কাৰণ থাকে আৰু এই কাৰণৰ বাবেই আচৰণ আৰম্ভ কৰে। অর্থাৎ প্রতিটো আচৰণেই উদ্দেশ্য প্রণোদিত। অভিপ্রায়ে প্রয়োজন আৰু লক্ষ্য দুয়োটাকে সাঙুৰি লয়।

অভিপ্ৰায়ৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল:

(ক) অভিপ্রেত আচৰণ স্বতঃস্ফূর্ত আৰু মুক্ত।

(খ) অভিপ্রেত আচৰণ ব্যক্তিৰ সম্পৰ্ণ আয়ত্বৰ ভিতৰত থকা বাবে ইচ্ছামতে ইয়াক সংশোধন কৰিব পাৰি।

(গ) অভিপ্রেত আচৰণৰ পুনৰাবৃত্তি কৰি থাকিলে সি পিছলৈ অভ্যাসত পৰিণত হয়।

(ঘ) অভিপ্রেত কার্য আৰম্ভ কৰাৰ আগতে মানসকি প্রস্তুতিৰ প্রয়োজন হয়।

(চ) অভিপ্রেত কাৰ্যৰ আৰম্ভণিতে উদ্দীপকৰ প্ৰভাৱ অনুভূত হয়।

(ঙ) অভিপ্রায় পূৰণ হ’লেই অভিপ্রেত কার্য সমাপ্ত হয়।

৪। অভিপ্রায়ৰ ভাগবোৰ আলোচনা কৰা।

উত্তৰঃ যি আভ্যন্তৰীণ অবস্থাই কোনো নির্দিষ্ট লক্ষ্যৰ প্ৰতি কাম কৰোৱায়, সেই অবস্থাকে অভিপ্রায় বা প্রণোদন বুলি কোৱা হয়।

মনোবিজ্ঞানীসকলে অভিপ্রায়ক কেইবাটাও ভাগত ভাগ কৰিছে। যেনেঃ

(ক) দৈহিক অভিপ্রায়: কোনো দৈহিক প্রয়োজন পূৰণৰ উদ্দেশ্যে যি অভিপ্রায় মনত জাগ্রত হয়, তাকে দৈহিক অভিপ্রায় বোলে। যেনেঃ ক্ষুধা, তৃষ্ণা আদি।

(খ) আপাৎকালীন অভিপ্রায়: কোনো বাধা-বিঘিনি আওকাণ কৰি উদ্দেশ্য পূৰণৰ বাবে যি অভিপ্রায় জাগ্রত হয়, তাকেই আপদকালীন অভিপ্রায় বোলে। যেনেঃ যৌন ক্ষুধা নিবাৰণ কৰিবলৈ অবৈধ শাৰীৰিক মিলনত লিপ্ত হোৱা।

(গ) কৃতিত্ব লাভৰ অভিপ্রায়ঃ কোনো বিষয়ত পৰিবেশিক শক্তিৰ সৈতে যুঁজ কৰি নিজৰ শক্তি আৰু দক্ষতা প্ৰদৰ্শন কৰাই হৈছে কৃতিত্ব লাভৰ অভিপ্রায়।

(ঘ) সামাজিক অভিপ্রায়: সামাজিক জীৱনত বিভিন্ন ব্যক্তিআৰু সমাজৰ সংস্পৰ্শলৈ আহি প্রশংসা আৰু সামাজিক স্বীকৃতি লাভৰ বাবে যি অভিপ্রায়

মানুহৰ অন্তৰত জাগি উঠে তাকে সামাজিক অভিপ্রায় বোলে।

(ঙ) ব্যক্তিগত অভিপ্রায়: ব্যক্তিগত ৰুচি, অভিৰুচি পূৰণৰ যি অভিপ্রায় তাকেই ব্যক্তিগত অভিপ্রায় বোলে।

৫। সহজাত প্রবৃত্তি কাক বোলে? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ সহজাত প্রবৃত্তি হ’ল মানুহৰ কিছুমান জন্মগত প্রবণতা। মনোবিজ্ঞানিক মেক ডুগলে সহজাত প্রবৃত্তিৰ সংজ্ঞা দিছে এইদৰে, ‘সহজাত প্রবৃত্তি হ’ল উত্তৰাধিকাৰী সূত্রে লাভকৰা জৈৱ মানসিক প্রক্রিয়া, যাৰ অধিকাৰীক ই কোনো বিশেষ শ্রেণীভুক্ত বস্তু প্রত্যক্ষ কৰিবলৈ বা তাত মনোযোগ দিবলৈ সেই বস্তুটো প্রত্যক্ষ কৰাৰ পিছত কোনো বিশেষ প্রকৃতিৰ আৱেগ অনুভৱ কৰিবলৈ আৰু সেই বস্তু সম্পর্কে বিশেষ পদ্ধতিৰে কাম কৰিবলৈ এটা প্ৰেৰণা অনুভৱ কৰিবলৈ বাধ্য কৰে।’

মুঠতে সহজাত প্রবৃত্তি হ’ল জীৱৰ স্বাভাবিক অন্তর্নিহিত মৌলিক কর্মপ্রবণতা। উদাহৰণ স্বৰূপে সহজাত প্রবৃত্তিৰ বাবেই মাকে সন্তানক স্নেহ কৰে, চৰায়ে বাহ সাজে, সিংহই চিকাৰ কৰে।

সহজাত প্রবৃত্তিৰ প্রধান বৈশিষ্ট্য হ’ল:

(ক) সহজাত প্রবৃত্তি প্রকৃতি প্রদত্ত। জীৱই উত্তৰাধিকাৰী সূত্রে ইয়াক লাভ কৰে।

(খ) সহজাত প্রবৃত্তি আৰু আবেগৰ মাজত এক এৰাব নোৱাৰা সম্বন্ধ আছে।

(গ) প্রবৃত্তিমূলক আচৰণ বিশেষ বিশেষ জাতিৰ ক্ষেত্ৰত বিশেষ বিশেষ হ’ব পাৰে।

(ঘ) সহজাত প্রবৃত্তি পৰিৱৰ্তিত বা পৰিশোধিত কৰিব পাৰি; ইয়াক নির্মূল কৰিব নোৱাৰি।

(ঙ) কোনো প্রাণীগোষ্ঠীৰ মাজত সহজাত প্রবৃত্তিসমূহ সার্বজনীনভাবে থাকে। যেনেঃ সকলো সিংহই চিকাৰ কৰে।

(চ) সজাহত প্রবৃত্তি উদ্দেশ্যধর্মী। প্রতিটো প্রবৃত্তিৰ আঁৰত একোটা উদ্দেশ্য নিহিত থাকে।

(ছ) সহজাত প্রবৃত্তি জীৱই কম-বেছি পৰিমাণে গোটেই জীবন অনুভৱ কৰে।

৬। সহজাত প্রবৃত্তি সমূহ পৰিশোধনৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা।

উত্তৰঃ সহজাত প্রবৃত্তি হ’ল মানুহৰ কিছুমান জন্মগত প্রবণতা। সহজাত প্রবৃত্তিসমূহক ধ্বংস কৰিব নোৱাৰি; ইয়াক পৰিশোধিত বা পৰিৱৰ্তিত কৰিব পাৰি। তলত সহজাত প্রবৃত্তিসমূহ পৰিশোধন কৰিব পৰা পদ্ধতিসমূহ আলোচনা কৰা হ’লঃ

(ক) অব্যৱহাৰঃ সহজাত প্রবৃত্তি জন্মগতভাবে লাভ কৰিলেও ইয়াৰ ব্যৱহাৰ বহু পৰিমাণে আমাৰ ওপৰত নিৰ্ভৰ কৰে। অব্যৱহাৰ পদ্ধতিৰ দ্বাৰা আমাৰ সুস্থ বিকাশৰ পৰিপন্থী বহুতো প্রবৃত্তিৰ ৰূপান্তৰ কৰাটো সম্ভৱ।

(খ) পূর্ণ স্বাধীনতা: সহজাত প্রবৃত্তিসমূহ পৰিশোধনৰ কাৰণে এক বাধাহীন মুক্ত পৰিবেশৰ প্ৰয়োজন। কাৰণ জন্মগত প্রবৃত্তিবোৰ শক্তি প্রয়োগ কৰি বাধা দি ৰাখিব নোৱাৰি। তেনে কৰিলে আচৰণত বিরূপ প্রভাব পৰে।

(গ) অৱদমনঃ কোনো প্রবৃত্তি অবাঞ্চিত বুলি ভাবি তাক প্রকাশ নোপোৱাকৈ ৰুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰাকে অবদমন বুলি কোৱা হয়। অবদমনৰ দ্বাৰা সহজাত প্রবৃত্তিৰ বাহ্য প্রকাশ দমন কৰি ৰাখিব পাৰি যদিও বহু সময়ত ই মনত নানান জটিলতাৰ সৃষ্টি কৰে।

(ঘ) উন্নীতকৰণঃ প্রবৃত্তিক অবাঞ্চিত পথৰ পৰা আঁতৰাই আনি বাঞ্চিত পথেদি পৰিচালনা কৰা কাৰ্যক প্ৰকৃতিৰ উন্নীতকৰণ বোলে। প্রবৃত্তিৰ বিশুদ্ধকৰণৰ দ্বাৰা ব্যক্তিৰ বাহ্যিক অনিষ্টকাৰক প্রবৃত্তিৰ প্ৰকাশক ৰোধ কৰিব পাৰি।

(ঙ) আনন্দ আৰু বেদনাৰ প্ৰয়োগঃ যিবোৰ প্ৰবৃত্তিৰ ফল সুখময় আৰু আনন্দময় তেনেবোৰ প্রবৃত্তি জীবই পুনৰাবৃত্তি কৰিবলৈ বিচাৰে আৰু যিবোৰ প্ৰবৃত্তি দুখময় বা হতাশজনক সেইবোৰ প্ৰবৃত্তি পুনৰাবৃত্তি কৰিবলৈ অনুৎসাহিত হয়।

(চ) বিৰেচন: বিৰোচন পদ্ধতিৰ দ্বাৰা সহজাত প্রবৃত্তিসমূহক কাম্য পথেদি প্রকাশ হ’বলৈ দি শান্ত কৰা হয়।

৭। অভ্যাস বুলিলে কি বুজা? অভ্যাসৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ কোনো বিষয় শিক্ষণৰ পুনৰাবৃত্তিৰ ফলত দেহ-মনত ৰৈ যোৱা স্থায়ী চাপেই হ’ল অভ্যাস। ইয়াক এজন ব্যক্তিৰ শিক্ষা আৰু অভিজ্ঞতাৰ স্থায়ী অৱস্থা বুলি ক’ব পাৰি।

অভ্যাসৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ

(ক) অভ্যাসে কামৰ নিপুণতা বৃদ্ধি কৰে। একোটা কামকে বাৰে বাৰে কৰি থাকিলে তাৰ ভুল-ত্রুটিবোৰ কমি আহে। ফলত কর্মদক্ষতা আৰু নিপুণতা বৃদ্ধি পায়।

(খ) অভ্যাসত পৰিণত হোৱা কোনো কাম মানসিক শক্তি প্রয়োগ নকৰাকৈ বা কম মানসিক হেঁচা প্রয়োগ কৰি যন্ত্ৰৰ দৰে কৰি যাব পাৰি।

(গ) অভ্যাসৰ দ্বাৰা কঠিন কামো সহজে কৰাটো সম্ভৱ হয়।

(ঘ) অভ্যাস যিমানে পুৰণি হয় সিমানে শক্তিশালী হয়।

(ঙ) অভ্যাসৰ গতানুগতিক ক্রিয়াই ব্যক্তিৰ অন্তৰৰ আৱেগ অনুভূতিশীল কৰি তোলে।

(চ) অভ্যাসৰ জৰিয়তে ব্যক্তি এজনৰ ব্যক্তিত্ব প্রতিফলিত হৈ উঠে।

(ছ) অভ্যাস লাহে লাহে স্বভাৱত পৰিণত হয়।

৫। অভ্যাস কিদৰে গঠিত হয়? অভ্যাস গঠনত পিতৃ-মাতৃ আৰু শিক্ষকৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ অভ্যাস তলত উল্লেখ কৰা ধৰণে গঠিত হয়।

যেনেঃ

(ক) অনুশীলন বা পুনৰাবৃত্তিৰ দ্বাৰা অভ্যাস গঠিত হয়।

(খ) মানসিক সংকল্প আৰু প্ৰস্তুতিৰ দ্বাৰা অভ্যাস সহজে গঠন হয়।

(গ) পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰিও কোনো অভ্যাস গঢ় লৈ উঠে।

(ঘ) কোনো কাম কৰি সুখ বা আনন্দ অনুভৱ হ’লে সেই কাম কৰিবলৈ ইচ্ছা হয় আৰু অৱশেষত ই অভ্যাসত পৰিণত হয়।

(ঙ) কোনো কাম কৰাৰ প্ৰেৰণাৰ দ্বাৰীও অভ্যাস গঠন হয়।

(চ) কেতিয়াবা বাধ্য বাধকতাৰ প্ৰভাৱ বা হেঁচাৰ ফলতো কোনো অভ্যাস গঠন হয়।

অভ্যাস গঠনত পিতৃ-মাতৃ আৰু শিক্ষকৰ বিশেষ ভূমিকা আছে। শিশুৰ বিকাশত নিজৰ ঘৰখনৰ প্ৰভাৱ অপৰিসীম। বিশেষকৈ পিতৃ-মাতৃৰ প্ৰভাৱ অবশ্যম্ভাবী। সেয়ে পিতৃ-মাতৃয়ে শিশুক অতি সৰুকালৰ পৰাই সু-অভ্যাস গঠন কৰিবলৈ যত্নপৰ হ’ব লাগে। সাধাৰণতে সহযোগিতা, সৰুক মৰম, ডাঙৰক শ্ৰদ্ধা, পৰোপকাৰীতা, দয়া আদি গুণৰ বিকাশ ঘৰতে হয়। পিতৃ-মাতৃৰ স্বভাৱ বা অভ্যাস ভাল হ’লে শিশুৰ অভ্যাসো ভাল হয়।
কাৰণ শিশুয়ে স্বতঃস্ফূর্তভাৱেই পিতৃ-মাতৃৰ কাৰ্যক অনুকৰণ কৰে।

বিদ্যালয়ত শিশুয়ে শিক্ষকৰ দ্বাৰা অতিকৈ প্রভাবিত হয়। শিক্ষকৰ বাণী আৰু আচাৰ-আচৰণ শিশুয়ে স্বর্গীয় আৰু অবশ্য পালনীয় বুলি গণ্য কৰে। সেয়ে শিক্ষকসকলে ছাত্র-ছাত্রীক সকলো মানবীয় আচৰণ, সততা, সাধুতা, কর্মপৰায়ণতা, নিয়মানুবর্তিতা আদি শিকোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত। এই ক্ষেত্রত শিক্ষকসকলে উপদেশ দিয়াতকৈ আর্হি দেখুৱালে বেছি ফলদায়ক হয়।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×