Join WhatsApp

Join Now

Join Telegram

Join Now

Class 11 Education Chapter 4 B Solutions ২০২৫

By Rabbi Masrur

Updated On:

Class 11 Education Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব Class 11 Education Chapter 4 B Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 11 Education Chapter 4 B Solutions

মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব Class 11 Education Chapter 4 B Solutions

👉 Read Also:

মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

(খ) চতুর্থ অধ্যায়

অতি চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক -১)

১। খালী ঠাই পূৰণ কৰাঃ

(ক) শিক্ষা মনোবিজ্ঞানে শিক্ষাৰ নির্ণয় কৰিব নোৱাৰে।

উত্তৰঃ লক্ষ্য।

(খ) শিক্ষকে শিক্ষাৰ বিষয়-বস্তু জনাৰ বাহিৰেও -জনা উচিত।

উত্তৰঃ ছাত্ৰক।

(গ) শিক্ষকক শিশুৰ প্ৰকৃতি বুজাত সহায় কৰে।

উত্তৰঃ মনোবিজ্ঞানে।

(ঘ) মনোবিজ্ঞানে -অধ্যয়ন কবে।

উত্তৰঃ আচৰণ।

(ঙ) ইংৰাজী Psychology শব্দটো গ্রীক ভাষাৰ -এই দুটা শব্দৰ পৰা আহিছে।

উত্তৰঃ logos।

(চ) শিক্ষাত মনোবিজ্ঞানৰ নীতি প্রয়োগ কৰা প্ৰথম ব্যক্তিজন হ’ল

উত্তৰঃ পেস্টালজী।

(চ) আধুনিক শিক্ষা-

উত্তৰঃ শিশুকেন্দ্রিক।

২। তলৰ বাক্যবোৰৰ শুদ্ধ অংশটো বিচাৰি উলিওৱাঃ

(ক) মনোবিজ্ঞানক মনৰ বিজ্ঞান। সচেতনতাৰ বিজ্ঞান / আচৰণৰ বিজ্ঞান বোলা হয়।

উত্তৰঃ আচৰণৰ বিজ্ঞান।

(খ) মনোবিজ্ঞান প্রত্যক্ষ বিজ্ঞান। মান নির্ণায়ক বিজ্ঞান। চিন্তাধর্মী বিজ্ঞান।

উত্তৰঃ প্রত্যক্ষ বিজ্ঞান।

(গ) শিক্ষাৰ লক্ষ্য স্থিৰ কৰে দৰ্শনে। মনোবিজ্ঞানে । বুৰঞ্জীয়ে।

উত্তৰঃ দর্শনে।

(ঘ) শিক্ষা মনোবিজ্ঞানৰ অধ্যয়ন ছাত্ৰৰ বাবে । শিক্ষকৰ বাবে। অভিভাৱকৰ বাবে অধিক প্রয়োজন।

উত্তৰঃ শিক্ষকৰ বাবে।

(ঙ) শিক্ষা মনোবিজ্ঞানৰ পিতৃস্বৰূপ ৰুছো। মন্টেছৰী। পেষ্টালজী।

উত্তৰ: পেষ্টালজী।

চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-২।৩)

১। শিক্ষা মনোবিজ্ঞান বিষয়ত অধ্যয়নৰ তিনিটা সম্ভাৱনীয়তাপূর্ণ দিশ উল্লেখ কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ তিনিটা সম্ভাৱনীয়তাপূর্ণ দিশ হ’ল:

(ক) ব্যক্তিত্ব বিকাশৰ বিভিন্ন গতি।

(খ) ব্যক্তিগত বৈষম্য।

(গ) গণ-মনোবিজ্ঞান।

২। শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি তিনিটাৰ নাম লিখা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ বহুতো পদ্ধতিৰ ভিতৰত তিনিটা পদ্ধতি হ’লঃ

(ক) পর্যবেক্ষণ পদ্ধতি।

(খ) অন্তদর্শন পদ্ধতি।

(গ) নৈদানিক পদ্ধতি।

মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্ৰত্যেকটোৰ মূল্যাংক-৪)

১। শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে এজন শিক্ষকক কেনেদৰে সহায় কৰে তাৰ তিনিটা দিশ উল্লেখ কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে এজন শিক্ষকক সহায় কৰা তিনিটা দিশ হ’ল:

(ক) শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নে শিক্ষকক বিজ্ঞানসন্মত দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰে।

(খ) শিক্ষা মনোবিজ্ঞানে শ্রেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ আচৰণ অধ্যয়ন কৰাত সহায় কৰে।

(গ) শিক্ষা মনোবিজ্ঞানে নিদানমূলক শিক্ষা দিয়াৰ প্ৰয়োজন হোৱা ছাত্র-ছাত্রীক বাচি উলিওৱাত সহায় কৰে।

২। পর্যবেক্ষণ পদ্ধতিৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ শিশু শিক্ষাৰ ক্ষেত্ৰত পর্যবেক্ষণ পদ্ধতি অতি ফলপ্ৰসু। এই পদ্ধতিৰ জৰিয়তে শিশু বা ব্যক্তিৰ ভাৱধাৰা, আচৰণ, কথা-বতৰা আদি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হয়। আন পদ্ধতি যেনে অন্তদর্শন পদ্ধতিত মনৰ কথা সঠিকভাবে জানিব নোৱাৰি। সেয়ে পর্যবেক্ষণ পদ্ধতিক মনোবিজ্ঞানৰ প্রকৃত পদ্ধতি বুলি কোৱা হয়।

৩। শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এটি শাখা যিটো বিদ্যালয়ৰ শিক্ষণ পদ্ধতি, অৱস্থা, ফল, মূল্যায়ন আদিৰ লগত জড়িত।
শিক্ষা মনোবিজ্ঞানৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল:

(ক) শিক্ষা মনোবিজ্ঞানে সংজ্ঞা নিৰূপণ আৰু শিক্ষাৰ উদ্দেশ্যৰ মাজত সংযোগ স্থাপন কৰি প্ৰয়োজনীয় আচৰণৰ মানদণ্ড নিৰূপণ কৰাত সহায় কৰে।

(খ) শিক্ষা মনোবিজ্ঞানে ছাত্ৰ-ছাত্ৰীসকলৰ আচৰণ, ধ্যান-ধাৰণা, প্রকৃতি আদিৰ অধ্যয়নত উদ্‌গনি দিয়ে।

(গ) শিক্ষা মনোবিজ্ঞানৰ আন এক উদ্দেশ্য হ’ল ই সামাজিক সম্বন্ধৰ প্ৰকৃতি আৰু গুৰুত্বৰ বিষয়ে জ্ঞান দিয়ে।

(ঘ) শিক্ষা মনোবিজ্ঞানে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ শিক্ষাদানৰ ফলশ্রুতিৰ জোখ লোৱাত সহায় কৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৫। ৬)

১। শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতিসমূহ উল্লেখ কৰা আৰু তাৰ তিনিটামান ব্যাখ্যা কৰা।

উত্তৰঃ শিক্ষা মনোবিজ্ঞান ব্যৱহাৰিক মনোবিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ শাখা। ইয়াক অধ্যয়ন কৰাৰ কেইটাও পদ্ধতি আছে। যেনেঃ (ক) অন্তদর্শন পদ্ধতি, (খ) নিৰীক্ষণ পদ্ধতি, (গ) নৈদানিক পদ্ধতি, (ঘ) ঘটনাৰ বিৱৰণী পদ্ধতি, (ঙ) সমাজ মিতিক পদ্ধতি, (চ) প্রশিক্ষণ পদ্ধতি, (ছ) পৰিসংখ্যা ভিত্তিক পদ্ধতি।

তলত ইয়াৰ তিনিটা পদ্ধতি চমুকৈ ব্যাখ্যা কৰা হ’ল:

(ক) অন্তদর্শন পদ্ধতি: মনোবিজ্ঞান অধ্যয়নৰ পদ্ধতিসমূহৰ ভিতৰত অন্তদৰ্শন পদ্ধতি সবাতোকৈ পুৰণি আৰু অতীতত ই যথেষ্ট জনপ্রিয় পদ্ধতি আছিল। ব্যক্তিয়ে নিজৰ মনৰ ভাৱ, চিন্তা, কল্পনা আদিক নিজে নিজে পৰীক্ষা কৰি চোৱাটোৱেই হৈছে অন্তদর্শন পদ্ধতি। এই পদ্ধতি অনুসৰি ব্যক্তিয়ে নিজৰ বিষয়ে যি অভিজ্ঞতা লাভ কৰে, সি সকলো মানুহৰ ক্ষেত্ৰতে একে ধৰণৰ বুলি ধৰা হয়। অর্থাৎ সুখ, দুখ, আনন্দ আদিৰ ধাৰণা বা অনুভূতি সকলো ক্ষেত্ৰতে একে ধৰণৰ। গতিকে অন্য ব্যক্তিৰ মানসিক প্রক্রিয়া বা অৱস্থাৰ বিষয়ে জানিবলৈ নিজৰ মন আৰু মানসিক অৱস্থাসমূহ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়োজন।

অন্তদর্শন পদ্ধতিৰ কেইবাটাও সুবিধা আছে। যেনে-

(ক) অন্তদর্শন পদ্ধতিৰ দ্বাৰা ব্যক্তিয়ে নিজৰ ভাৱ, চিন্তা, সুখ, দুখৰ অনুভৱ আদি সুশৃঙ্খলভাবে নিজে নিজে পৰীক্ষা কৰি চাব পাৰে।

(খ) মানুহৰ সুখ, দুখ আদি চিৰন্তন অনুভূতিসমূহ প্রায় একে বাবেই এই পদ্ধতিৰ জৰিয়তে ভৱিষ্যতৰ অনুভূতি সম্পর্কে বুজ লব পাৰি।

(গ) অন্তদর্শন পদ্ধতিৰ জৰিয়তে নিজৰ অভিজ্ঞতাৰ বিষয়ে সচেতন হ’ব পাৰি।

(খ) নৈদানিক পদ্ধতি: নৈদানিক পদ্ধতিৰ মূল উদ্দেশ্য হৈছে এজন ব্যক্তিৰ কোনো এটা সমস্যাক বিষয়-বস্তু হিচাপে লৈ তাক অধ্যয়ন কৰি সমস্যাটো সঠিকভাবে চিনাক্ত কৰি তাক সমাধানৰ বা নিৰাময়ৰ বাবে পৰামৰ্শ আগবঢ়োৱা। সমাজত কৃতকাৰ্যতাৰে সমাযোজন কৰিব নোৱাৰা ব্যক্তি বা বিদ্যালয়ত যথাযথভাৱে শিক্ষা লাভ কৰিব নোৱাৰা ছাত্ৰসকলৰ কাৰণে নৈদানিক পদ্ধতি প্রয়োগ কৰা হয়।

(গ) নিৰীক্ষণ পদ্ধতি: শিশু শিক্ষাৰ ক্ষেত্ৰত পৰ্যবেক্ষণ পদ্ধতি অতি ফলপ্রসু। এই পদ্ধতিৰ জৰিয়তে শিশু বা ব্যক্তিৰ ভাৱধাৰা, আচৰণ, কথা-বতৰা আদি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰা হয়। আন পদ্ধতি যেনে- অন্তদৰ্শন পদ্ধতিত মনৰ কথা সঠিকভাবে জানিব নোৱাৰি। সেয়ে পর্যবেক্ষণ পদ্ধতি মনোবিজ্ঞানৰ প্ৰকৃত পদ্ধতি বুলি কোৱা হয়।

২। সমাজমিতি পদ্ধতি বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।

উত্তৰঃ ব্যক্তিৰ সামাজিক আচৰণসমূহ অধ্যয়ন কৰাই সমাজমিতি পদ্ধতিৰ প্ৰধান উদ্দেশ্য। এই পদ্ধতিৰ দ্বাৰা দুজন ব্যক্তিৰ মাজত সামাজিক সম্বন্ধ কেনেধৰণৰ তাক নিৰ্ণয় কৰা হয়। এই পদ্ধতিটো কোনো দল বা গোটৰ মাজতো প্রয়োগ কৰিব পাৰি। শিক্ষকসকলে এই পদ্ধতি প্রয়োগ কৰি ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ মাজত মনো-সামাজিক সম্বন্ধ কেনেধৰণৰ সেয়া জানিব পাৰে। এই পদ্ধতি প্রয়োগ কৰোতে শিক্ষকে এখন প্রশ্নাৱলী প্রস্তুত কৰা প্রয়োজন। প্রশ্নাৱলী প্রস্তুত কৰোতে এনে ধৰণৰ প্ৰশ্ন উপস্থাপন কৰা উচিত যিবিলাকে এজন ছাত্র বা তেওঁৰ সহপাঠী সকলৰ মাজত থকা মনো-সামাজিক সম্বন্ধৰ স্বৰূপ জানিব পৰা যায়।

সমাজমিতি পদ্ধতিৰ সুবিধাসমূহ হ’ল:

(ক) এই পদ্ধতিৰ দ্বাৰা প্ৰাপ্ত তথ্যসমূহ ৰেখাচিত্ৰৰ সহায়ত উপস্থাপন কৰিব পাৰি। ফলত সহজে বোধগম্য হয়।

(খ) এই পদ্ধতিৰ দ্বাৰা সামাজিক সম্বন্ধৰ বিষয়ে সৰলভাৱে অধ্যয়ন কৰিব পাৰি।

(গ) এই পদ্ধতিৰ জৰিয়তে কোনো এজন ব্যক্তিৰ প্ৰতি সমাজৰ আন আন ব্যক্তিৰ মনোভাব কেনে সেয়া জানিব পাৰি।
সমাজমিতি পদ্ধতিৰ কিছু অসুবিধাও আছে।

যেনেঃ

(ক) এই পদ্ধতি প্রয়োগৰ দ্বাৰা এজন ব্যক্তিৰ বা গোটৰ মাত্র এটি লক্ষণহে অধ্যয়ন কৰিব পাৰি।

(খ) এই পদ্ধতিত আহৰণ কৰা তথ্য বিজ্ঞানসন্মত নহয়।

(গ) প্রশ্নাৱলীত থকা প্ৰশ্নৰ উত্তৰ সকলোৱে সঠিকভাবে নিদিবও পাৰে।

২। পৰিসংখ্যাভিত্তিক পদ্ধতি বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।

উত্তৰঃ ব্যক্তিৰ ব্যক্তিগত পাৰ্থক্য, বুদ্ধিৰ পৰিমাণ, ব্যক্তিত্বৰ প্রকৃত যোগ্যতা আদি বিভিন্ন বিষয়ৰ অধ্যয়ন কৰিবলৈ যি পৰিসংখ্যাভিত্তিক অধ্যয়ন কৰা হয় তাকে পৰিসংখ্যাভিত্তিক পদ্ধতি বোলে। বৰ্তমান পৰিসংখ্যা পদ্ধতিটো শিক্ষা মনোবিজ্ঞানত ব্যাপকভারে প্রয়োগ কৰা হয়। শিক্ষা ক্ষেত্ৰৰ বিভিন্ন বিচাৰ-বিবেচনা আৰু মূল্যায়নৰ বাবে এই পদ্ধতি উপযুক্ত বুলি বিবেচিত হৈছে।

পৰিসংখ্যাভিত্তিক পদ্ধতিৰ সুবিধাসমূহ হ’লঃ

(ক) এই পদ্ধতি সম্পূর্ণ বিজ্ঞানসম্মত।

(খ) এই পদ্ধতিৰ দ্বাৰা প্ৰাপ্ত তথ্যসমূহ সংখ্যাৰ সহায়ত প্ৰকাশ কৰিব পাৰি।

পৰিসংখ্যাভিত্তিক পদ্ধতিৰ অসুবিধাসমূহ হ’লঃ

(ক) পৰিসংখ্যাভিত্তিক পদ্ধতি সহজ নহয়। এই পদ্ধতি ব্যৱহাৰৰ বাবে পৰিসংখ্যা বিষয়ত প্রশিক্ষণপ্রাপ্ত লোকৰ প্রয়োজন।

(খ) যদি পৰিসংখ্যাত কিবা ভুল হয়, তেন্তে পৰীক্ষাৰ ফলাফল অশুদ্ধ হয় আৰু অশুদ্ধ ফলাফলে ছাত্ৰ-ছাত্ৰীৰ বিস্তৰ ক্ষতি কৰিব।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×