Class 11 Education Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক বিদ্যালয় আৰু ইয়াৰ সংগঠন Class 11 Education Chapter 3 Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
বিদ্যালয় আৰু ইয়াৰ সংগঠন Class 11 Education Chapter 3 Solutions
👉 Read Also:
- শিক্ষাৰ ধাৰণা আৰু লক্ষ্য প্রশ্ন উত্তৰ
- মানৱৰ বিকাশৰ স্তৰ প্রশ্ন উত্তৰ
- মনোবিজ্ঞান আৰু শিক্ষা প্রশ্ন উত্তৰ
- মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব প্রশ্ন উত্তৰ
বিদ্যালয় আৰু ইয়াৰ সংগঠন
তৃতীয় অধ্যায়
অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-১)
১। অতি প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক কিমান?
উত্তৰঃ ১২০-১৪০।
২। ‘শ্রেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তোলা হয়’- কথাষাৰ কোনে কৈছিল?
উত্তৰঃ টি ৰেমন্টে কৈছিল।
৩। প্রতিভাশালী ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?
উত্তৰঃ ১৪০ উর্ধ্বত।
৪। উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বুদ্ধাংক কিমান?
উত্তৰঃ ১১০-১২০।
৫। শ্ৰেণী কক্ষৰ আকাৰ কেনে হোৱা উচিত?
উত্তৰঃ বর্গাকাৰ হোৱা উচিত।
৬। বিদ্যালয় প্রতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম লিখা।
উত্তৰঃ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰী।
৭। বিদ্যালয় প্রতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা।
উত্তৰঃ ভূমি, বিদ্যালয় গৃহ আৰু শ্রেণীকক্ষ।
৮। পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয়?
উত্তৰঃ গ্ৰন্থাগাৰিক বা পুথিভঁৰালী।
৯। বিজ্ঞান পৰীক্ষাগাৰত প্ৰয়োজন হোৱা যিকোনো দুবিধ সঁজুলিৰ নাম লিখা।
উত্তৰঃ টেষ্ট টিউব আৰু বাৰ্ণাৰ।
১০। UGC ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ University Grant Commission.
১১। Website ৰ প্ৰথম পেজটোক কি বুলি জনা যায়?
উত্তৰঃ Home Page
১২। UGC কিমান চনত স্থাপিত হয়?
উত্তৰঃ ১৯৫৩ চনত।
১৩। NCERT ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ National Council of Educational Research and Training.
১৪। SCERT ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ State Council of Educational Research and Training.
১৫। DIET ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ District Institute of Educational Training.
১৬। CD ROM ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ Compact Disk Read Only Memory.
১৭। School শব্দটো কোন ভাষাৰ পৰা আহিছে?
উত্তৰঃ গ্ৰীক ভাষাৰ Skhole শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে অৱসৰ বা জিৰণি।
১৮। Curriculum শব্দটো কোন ভাষাৰ পৰা আহিছে?
উত্তৰঃ লেটিন ভাষাৰ Currere শব্দৰ পৰা।
১৯। শুদ্ধ-অশুদ্ধ বিচাৰ কৰাঃ
(ক) NCTE ৰ কাৰ্যালয় নতুন দিল্লীত।
উত্তৰঃ শুদ্ধ।
(খ) UGC মাধ্যমিক শিক্ষাৰ লগত জড়িত।
উত্তৰঃ অশুদ্ধ।
(গ) ই-মেইলতকৈ ডাক ব্যৱস্থা বেছিসুবিধাজনক।
উত্তৰঃ অশুদ্ধ।
(ঘ) দূৰত্ব শিক্ষা বহু খৰচী আৰু অনমনীয়।
উত্তৰঃ অশুদ্ধ।
(ঙ) ‘কিণ্ডাৰ গার্টেন’ শব্দৰ অৰ্থ শিশুৰ বাগিছা।
উত্তৰঃ শুদ্ধ।
(চ) দূৰৰ পৰা প্ৰদান কৰা শিক্ষাক ‘দূৰৱৰ্তী শিক্ষা’ বোলে।
উত্তৰঃ শুদ্ধ।
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২।৩)
১। শ্রেণী কোঠা নির্মাণ কৰোতে মনত ৰাখিবলগীয়া যিকোনো দুটা দিশ উল্লেখ কৰা।
উত্তৰঃ (ক) শ্ৰেণীকোঠা আহল-বহল আৰু বিজ্ঞানসম্মত হ’ব লাগে।
(খ) এটা শ্রেণী কোঠাৰ শব্দই যেন আনটো কোঠাৰ ছাত্ৰ-ছাত্ৰীসকলক অসুবিধাৰ সৃষ্টি নকৰে তাৰ ৰোধ কৰিব পৰাকৈ শ্রেণী কোঠা নির্মাণ কৰিব লাগে।
২। আদর্শ পুথিভঁৰালৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ আদর্শ পুথিভঁৰালৰ তিনিটা বৈশিষ্ট্য হ’ল:
(ক) পুথিভঁৰালত থকা গ্ৰন্থবোৰৰ এক প্রণালীবদ্ধ সূচী থাকিব লাগে।
(খ) এজন গ্রন্থাগাৰিক থাকিব লাগে।
(গ) পুথিভঁৰাল বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব লাগে।
৩। নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দেখা দিয়া চাৰিটা প্রত্যাহ্বান উল্লেখ কৰা।
উত্তৰঃ নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দেখা দিয়া চাৰিটা প্রত্যাহ্বান হ’ল:
(ক) ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্রতিভাসমূহৰ চিনাক্তকৰণ আৰু বিকাশৰ ব্যৱস্থা কৰা।
(খ) প্রমূল্যবোধ জগাই তোলা।
(গ) দেশপ্রেম আৰু জাতীয়তাবোধৰ উন্মেষ ঘটোৱা।
(ঘ) জাতীয় ঐক্য আৰু সংহতি ৰক্ষা।
৪। যিকোনো চাৰিটা শাৰীৰিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা।
উত্তৰঃ (ক) ব্যয়াম, (খ) ধ্যান, (গ) খেলা-ধূলা আৰু (ঘ) যোগাসন। ক্রচ।
৫। তিনিটা সহ-পাঠ্যসূচীৰ নাম লিখা।
উত্তৰঃ (ক) এন চি চি, (খ) স্কুলৰ চাফাই কাম (গ) ৰেড
৬। পাঁচটা আৱেগিক সহ-পাঠ্যসূচীৰ নাম লিখা।
উত্তৰঃ পাঁচটা আৱেগিক সহ-পাঠ্যসূচী হ’লঃ (ক) ছবি আঁকা, (খ) নাটক কৰা, (গ) গান গোৱা, (ঘ) নৃত্য কৰা (ঙ) বাদ্য যন্ত্র বজোৱা।
মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্ৰত্যেকটোৰ মূল্যাংক-৪)
১। কম্পিউটাৰৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ কম্পিউটাৰৰ পাঁচটা বৈশিষ্ট্য হ’ল:
(ক) কম্পিউটাৰে অতি দ্রুত গতিত কাম সম্পাদন কৰিব পাবে।
(খ) কম্পিউটাৰে একেটা গতিত অনবৰতে কাম কৰি থাকে।
(গ) কম্পিউটাৰে স্মৃতিৰ ভঁৰালত অসংখ্য তথ্য সংৰক্ষণ কৰি থব পাৰে।
(ঘ) আভ্যন্তৰীণ আহিলাৰ দ্বাৰা গ্ৰহণ কৰা তথ্য যদি শুদ্ধ থাকে, তেন্তেই কেতিয়াও ভুল নকৰে।
(ঙ) এটা কাম বাৰে বাৰে কৰিবলগা হ’লেও কম্পিউটাৰক এবাৰ মাত্ৰ নিৰ্দেশ দিলেই হয়।
২। কম্পিউটাৰৰ পাঁচটা শৈক্ষিক সুবিধা বা মূল্য উল্লেখ কৰা।
উত্তৰঃ কম্পিউটাৰ হৈছে আধুনিক বিজ্ঞানৰ এক বিষ্ময়কৰ আবিষ্কাৰ। ইআমাৰ দৈনন্দিন জীৱনৰ বহুত কাম সামৰি লৈছে।
ইয়াৰ বিশেষ শৈক্ষিক মূল্যও আছে। যেনেঃ
(ক) বৃত্তিমুখী শিক্ষা ব্যৱস্থাত এই যন্ত্রই অধিক স্বকীয়তা, নমনীয়তা আৰু কৰ্মদক্ষতা বৃদ্ধি কৰিব পাৰে।
(খ) পূৰ্বৰ সংৰক্ষিত তথ্যৰ ভিত্তিত শিক্ষাৰ নতুন পৰিকল্পনা আৰু কাৰ্য ব্যৱস্থা গ্রহণ কৰাত ইসহায় কৰে।
(গ) চিত্র, নক্সা, ৰেখা চিত্র, ব্যঙ্গ চিত্ৰ আদিৰ যোগে কোনো ঘটনাৰ প্ৰয়োজনীয় জ্ঞান লাভ কৰাত এই যন্ত্র সহায়কাৰী।
(ঘ) পাঠ্যপুথি, পুস্তিকা, বিজ্ঞাপন, জাননী, যিকোনো গ্রন্থ অতি কম সময়তে কম্পিউটাৰৰ দ্বাৰা প্ৰস্তুত কৰিব পাৰি।
(ঙ) ইয়াৰ দ্বাৰা অধিক দ্রুত আৰু সঠিকভাৱে গণিত বিষয়ৰ অধ্যয়ন কৰিব পাৰি।
৩। শিক্ষাত কম্পিউটাৰৰ পাঁচটা সীমাবদ্ধতা উল্লেখ কৰা।
উত্তৰঃ কম্পিউটাৰ অতি দ্রুত গতিৰ যন্ত্ৰ আৰু ই আমাৰ দৈনন্দিন জীৱনৰ প্ৰায় সকলোবোৰ কাৰ্য সামৰি লৈছে যদিও ইয়াৰ কিছু সীমাবদ্ধতাও আছে। যেনেঃ
(ক) কম্পিউটাৰ অতি ব্যয়বহুল।
(খ) বিদ্যালয় সমূহত পর্যাপ্ত পৰিমাণে কম্পিউটাৰৰ আৰু ইয়াৰ আনুসঙ্গিক বস্তুৰ সা-সুবিধা নাই।
(গ) কম্পিউটাৰৰ পৰ্দা সৰু হোৱাৰ বাবে শ্রেণী কোঠাৰ সকলো ছাত্র-ছাত্রীয়ে ইয়াত প্রদর্শিত তথ্য দেখা আৰু বুজি পোৱাত অসুবিধা পায়।
(ঘ) কম্পিউটাৰ পৰিচালনাৰ বাবে সুদক্ষ শিক্ষকৰ অভাৱ।
(ঙ) বহু সময়ত কম্পিউটাৰ ভাইৰাছে কম্পিউটাৰ বিকল কৰা দেখা যায়।
৪। কম্পিউটাৰ কোনে আৱিস্কাৰ কৰিছিল? ইয়াৰ প্ৰধান অংগসমূহ কি কি?
উত্তৰঃ চাৰ্লচ বেবেজ নামৰ এজন ইংৰাজ বৈজ্ঞানিকে কম্পিউটাৰ আৱিস্কাৰ কৰে যদিও আন বহুতো বৈজ্ঞানিকে ইয়াৰ বিকাশত অৱদান আগবঢ়াইছে।
কম্পিউটাৰৰ প্ৰধান অংগবোৰ হ’ল:
(ক) ইনপুট আহিলা।
(খ) আউটপুট আহিলা।
(গ) প্ৰণালীৰ গোট।
(ঘ) স্মৃতি গোট।
(ঙ) নিয়ন্ত্রণ গোট।
(চ) মনিটৰ।
(ছ) মাউচ।
(জ) প্রিন্টাৰ।
৫। ইন্টাৰনেট কি? ইন্টাৰনেটৰ ওপৰত এটি টোকা যুগুত কৰা।
উত্তৰঃ ইন্টাৰনেট হ’ল আধুনিক প্রযুক্তি বিদ্যাই সৃষ্টি কৰাএক অভিনৱ যোগাযোগৰ মাধ্যম। ই হ’ল বহুতো নেটৱৰ্কৰ মাজৰ এটা নেটৱৰ্ক। পৃথিৱীৰ অসংখ্য কম্পিউটাৰৰ যোগসূত্ৰকে নেটৱৰ্ক বোলা হয়। এনে নেটৱৰ্ক পৰস্পৰৰ সৈতে সংযুক্ত কৰাৰ ফলত ইন্টাৰনেট ব্যৱস্থাৰ উদ্ভৱ হয়। পোনপ্রথমতে ১৯৬৯ চনত মার্কিন প্রতিৰক্ষা দপ্তৰে ইন্টাৰনেট ক বহুতো নেটৱৰ্ক সংঘবদ্ধ হৈ ইন্টাৰনেট সৃষ্টি হয়। ইন্টাৰনেট সংযোগ কৰিবলৈ প্রয়োজনীয় সামগ্রীসমূহ হ’ল:
এটি কম্পিউটাৰ, যোগাযোগ স্থাপন কৰিবলৈ ছফ্টৱেৰ, টেলিফোন লাইন আৰু এটা ম’ডেম।
ARPANET হিচাপে প্রয়োগ আৰম্ভ কৰে। ইয়াৰ পিছত ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্য আদান-প্রদান কৰিব পাৰি যেনেঃ
(ক) বিশ্বৰ বাতৰি কাকত পঢ়িব পাৰি।
(খ) গবেষণামূলক তথ্য সংগ্ৰহ কৰিব পাৰি।
(গ) ইলেক্ট্রনিক মেইল পঠাব পাৰি।
(ঘ) ব্যৱসায়িক তথ্য পাব পাৰি।
(ঙ) বিনোদন আৰু খেল-ধেমালি।
৬। ইন্টাৰনেটৰ পাঁচটা সুবিধা উল্লেখ কৰা।
উত্তৰঃ ইন্টাৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধা হ’ল:
(ক) ইয়াৰ সহায়ত বিশ্বৰ বাতৰি পঢ়িব পাৰি।
(খ) গান শুনিব পাৰি।
(গ) খেল খেলিব পাৰি।
(ঘ) বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰি।
(ঙ) বিশ্বৰ যিকোনো স্থানলৈ তথ্য সৰবৰাহ কৰিব পাৰি।
৭। ‘ৱেবছাইট’ বুলিলে কি বুজায়? ইয়াৰ ওপৰত এক টোকা লিখা।
উত্তৰঃ World Wide Web ক সংক্ষেপে ‘ওৱেবছাইট’ বুলি কোৱা হয়। ইহ’ল ইন্টাৰনেটত বহুলভাৱে ব্যৱহাৰ হোৱা এক আচৰণ বিধি। ৱেবছাইটত বহু বিষয় ইটোৰ লগত সিটো সংলগ্ন হৈ থাকে। ৱেবৰ জৰিয়তে ইয়াৰ লগত জড়িত থকা বিভিন্ন তথ্যৰ অনুসন্ধান কৰিব পাৰি। ৱেবত Hyper Text ব্যৱহাৰ কৰাৰ লগতে এবিধ বিশেষ প্ৰট ‘কল ব্যৱহাৰ কৰা হয়। ইহ’ল Hyper Text Transfer Protocol বা HTTP। ইয়াৰ দ্বাৰা তথ্য পঠালে তাক HTTP বুলি কোৱা হয়। ইয়াৰ প্রতিটো Webside www.ৰে আৰম্ভ কৰা হয়। ৱেবপেজসমূহ এটা ব্ৰাউচাৰৰ জৰিয়তে ৱেব ছাৰভাৰৰ পৰা মূল্যায়ন কৰা হয় আৰু তথ্যপাতি ডাউনলোড কৰাত সহায়ক হয়। প্রতিটো বেবছাইটতে একোটা হোমপেজ থাকে যিটো ব্যৱহাৰকাৰীয়ে প্রথমে প্রত্যক্ষ কৰে। প্রত্যেক ৱেবপেজৰ নিজস্ব বেব পৰিচয় থাকে যাক Uniform Resource Locator (URL) বুলি কোৱা হয়।
৮। চিডি ৰম কি। ইয়াৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ চিডি ৰম’ৰ সম্পূৰ্ণ ৰূপটো হ’ল ‘কমপেক্ট ডিক্স ৰিড অনলি মেম’ৰী’। ই হ’ল বৃহৎ সংখ্যক সূচক বা তথ্য সংৰক্ষণ কৰি ৰাখিব পৰা এক ব্যবস্থা। এখন চি ডিত বিভিন্ন ধৰণৰ তথ্য অতি কম খৰচতে সংৰক্ষণ কৰিব পাৰি। ইয়াত পাঠ, ছবি, ভিডিঅ’ খবৰ আৰু অন্যান্য বহু তথ্য সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। চিডি ৰমৰ প্ৰধান বৈশিষ্ট্য হ’ল:
(ক) ইয়াৰ জৰিয়তে তথ্য সংৰক্ষণ কৰিব পাৰি।
(খ) ইয়াত সংৰক্ষিত তথ্যসমূহ বহু দিনলৈ অটুট থাকে।
(গ) ই কম খৰচী আৰু সহজলভ্য।
(ঘ) ইয়াত সংৰক্ষিত তথ্যসমূহ মচি পেলাব নোৱাৰি বাবে তথ্যসমূহ পৰিৱৰ্তন কৰিব নোৱাৰি।
৯। দূৰালাপ সম্মিলন মানে কি?
উত্তৰঃ ‘দূৰালাপ সম্মিলন’ হৈছে আধুনিক ইন্টাৰনেটৰ জৰিয়তে পৃথিৱীৰ ভিন ভিন স্থানত থকা ব্যক্তিৰ লগত নিজ ঘৰতে বহি সন্মিলন হোৱাৰ এক ব্যৱস্থাক বুজায়। এই ব্যৱস্থাটো আজি গোটেই বিশ্ব জুৰি জনপ্রিয়। এই ব্যৱস্থাৰ সুবিধা গ্রহণ কৰি বহু দূৰৰ দুই বা তাতোধিক ব্যক্তিৰ লগত আলোচনা সম্ভব হৈছে। দূৰালাপ সন্মিলন সাধাৰণতে তিনি প্ৰকাৰৰ। যেনেঃ (ক) শ্রাব্য দূৰালাপ সন্মিলন, (খ) দৃশ্য দূৰালাপ সন্মিলন আৰু (ঘ) কম্পিউটাৰ দূৰালাপ সম্মিলন। বর্তমান শিক্ষাৰ ক্ষেত্ৰত কিছু পৰিমাণে এনে দূৰালাপ সম্মিলন ব্যৱস্থা প্রয়োগ হৈ আছে।
১০। ই-মেইল কি? ইয়াৰ সুবিধা উল্লেখ কৰা।
উত্তৰঃ ই-মেইলৰ সম্পূৰ্ণ ৰূপটো হৈছে ‘ইলেক্ট্রনিক মেইল’। ই-মেইলৰ বাবে প্রয়োজনীয় সঁজুলিবোৰ হ’ল: কম্পিউটাৰ, টেলিফোন লাইন, ইন্টাৰনেট ছাৰ্ভিচ প্রভাইডাৰ, ইন্টাৰনেট ছফ্টৱেৰ, বাৰ্তা প্ৰেৰক আৰু বাৰ্তা গ্ৰহণকাৰী। বাৰ্তা প্ৰেৰক আৰু বাৰ্তা গ্ৰহণকাৰী উভয়ৰে ইন্টাৰনেটৰ জৰিয়তে লাভ কৰা ঠিকনা থাকিব লাগে। এনে ঠিকনাক ই-মেইল আই ডি বুলি কোৱা হয়। প্ৰেৰণ কৰিব খোজা বার্তাটো প্রথমে কম্পিউটাৰৰ কি ব’ৰ্ডত টাইপ কৰি বাৰ্তাবাহকৰ ঠিকনালৈ প্ৰেৰণ কৰিব লাগে।
ই-মেইলৰ সুবিধা হ’লঃ
(ক) ইয়াৰ জৰিয়তে অতি দ্রুত আৰু মাত্ৰ কেই চেকেণ্ডৰ ভিতৰতে পৃথিৱীৰ যিকোনো স্থানলৈ বার্তা বা তথ্য প্ৰেৰণ কৰিব পাৰি।
(খ) ই অতি কম খৰচী।
(গ) এই ব্যৱস্থাই বাৰ্তা প্ৰেৰক আৰু গ্ৰহণকৰ্তাৰ মাজত গোপনীয়তা ৰক্ষা কৰে।
১১। হার্ডৱেৰ আৰু ছফ্টৱেৰ বুলিলে কি বুজা? চমুকৈ লিখা।
উত্তৰঃ কম্পিউটাৰৰ যিবোৰ অংশ চকুৰে দেখিব পাৰি আৰু হাতেৰে স্পৰ্শ কৰিব পাৰি সেইবোৰ অংশক হার্ডবেৰ বোলা হয়। উদাহৰণস্বৰূপে: চি পি ইউ, প্রিন্টাৰ, ডিক্স ছাইড, মাউচ, মনিটৰ আদি।
আনহাতে কম্পিউটাৰৰ দ্বাৰা সমস্যা এটাৰ সমাধান বা কোনো কাৰ্য কৰিবলৈ দিয়া নির্দেশক ‘প্র’গ্রেম’ বুলি কোৱা হয়। ছফ্টৱেৰ বুলিলে কম্পিউটাৰৰ লগত সকলো ধৰণৰ প্ৰ’গ্ৰেমক বুজোৱা হয়। ছফ্টৱেৰবোৰ ফ্লপি, ডিক্স, টেপ, কেছেট, ৰম আদিত সাঁচি ৰখা হয়। ছফ্টৱেৰ বোৰৰ জৰিয়তে আমি বিভন্ন ধৰণৰ কাম কৰিবলৈ সক্ষম হওঁ। ছফ্টৱেৰৰ প্ৰধান ভাগবোৰ হ’ল: অপাৰেটিং ছিষ্টেম, ইউটিলিটি প্র’গ্রেম, এপ্লিকেছন ছফ্টৱেৰ পেকেজ, ভাষা প্ৰ’চেছৰ আদি।
১২। শিক্ষাৰ পৰামৰ্শকাৰী অনুষ্ঠানসমূহৰ নাম লিখা।
উত্তৰঃ শিক্ষাৰ পৰামৰ্শকাৰী অনুষ্ঠানসমূহ হ’ল:
(ক) ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা পৰিষদ।
(খ) ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা প্রতিষ্ঠান।
(গ) ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদ।
(ঘ) বিশ্ববিদ্যালয় অনুদান আয়োগ।
(ঙ) ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন।
১৩। সহ-পাঠ্যক্ৰমৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ শৈক্ষিক তাৎপর্য থকা কার্যাবলী যেনেঃ খেলা-ধূলা, গীত-মাত, নাট্যাভিনয়, তর্ক, বক্তৃতা, সাহিত্য চর্চা, কলা, সমাজসেৱা আদি কার্য আঁচনিকে সহ-পাঠ্যক্রমিক কার্যাবলী বুলি কোৱা হয়।
শিক্ষা ব্যৱস্থাত সহ-পাঠ্যক্রমিক কার্যাবলী অন্তৰ্ভূক্ত কৰাৰ উদ্দেশ্যসমূহ হ’ল:
(ক) ছাত্ৰ-ছাত্ৰীৰ অন্তৰত সুপ্ত হৈ থকা গুণসমূহৰ উপযুক্ত বিকাশ সাধন কৰা।
(খ) শিক্ষাৰ্থীসকলৰ আত্মবিশ্বাসী, সহনশীল, দায়িত্ববোধ আদি গুণৰ বিকাশ সাধন কৰা।
(গ) ছাত্র-ছাত্রীসকলৰ আজৰি সময়ৰ সৎ ব্যৱহাৰ কৰা।
(ঘ) সমভাৱে শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰা।
(ঙ) গণতান্ত্রিক মূল্যবোধৰ বীজ ৰোপন কৰা।
১৪। বিশ্ববিদ্যালয় অনুদান আয়োগৰ যিকোনো পাঁচটা কাৰ্য উল্লেখ কৰা।
উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পাঁচটা কাৰ্যাৱলী
তলত উল্লেখ কৰা হ’ল:
(ক) বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশটো অধ্যয়ন কৰি প্ৰয়োজন
অনুসৰি অনুদান আগবঢ়োৱা।
(খ) গোটেই বছৰটোৰ বাবে বাজেট তৈয়াৰ কৰা।
(গ) শৈক্ষিক মান উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা।
(ঘ) বিজ্ঞানসম্মত শিক্ষা, গৱেষণা আৰু প্ৰযুক্তিৰ যথাযথ বিকাশ সাধন কৰা।
(ঙ) বিশ্ববিদ্যালয়ৰ পৰিবেশ উন্নত কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা।
১৫। অভিৰোচক হিচাপে শিক্ষকে কেনেধৰণৰ ভূমিকা পালন কৰিব পাৰে?
উত্তৰঃ শিক্ষকে শ্রেণীকক্ষত শিক্ষাদান ফলপ্রসূ হ’বৰ বাবে তলত দিয়া ধৰণে অভিৰোচকৰ ভূমিকা পালন কৰিব পাৰে। যেনে-
(ক) শ্রেণীত শিক্ষকে বিদ্যার্থীক অভিৰোচিত কৰিবলৈ পাঠৰ লগত সংগতি ৰাখি দৃশ্য-শ্রাব্য সঁজুলিৰ ব্যৱহাৰ কৰিব লাগে।
(খ) সহজৰ পৰা জটিল বিষয়লৈ আগবাঢ়িব লাগে।
(গ) যিকোনো বিষয় উদাহৰণৰ সৈতে বুজালে ছাত্র-ছাত্রীয়ে অতি সোনকালে বুজি পায় আৰু মনোযোগ বৃদ্ধি পায়।
(ঘ) ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুস্থ প্রতিযোগিতা মনোভাৱৰ সৃষ্টি কৰিও সিহঁতক অভিৰোচিত কৰিব পাৰি।
(ঙ) মাজে মাজে হাস্য ৰসিক কথা বা কাহিনীৰ অৱতাৰণা কৰিব লাগে।
১৬। DIET ৰ কার্যাবলী উল্লেখ কৰা।
উত্তৰঃ DIET ৰ কাৰ্যাৱলী তলত দিয়া ধৰণৰঃ
(ক) DIET য়ে চাকৰিকালীন আৰু প্ৰাক-চাকৰিকালীন প্রাথমিক শিক্ষকসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে।
(খ) অগতানুগতিক শিক্ষা আৰু বয়স্ক শিক্ষণৰ নিৰ্দেশকসকল আৰু পর্যবেক্ষকসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে।
(গ) প্রাথমিক শিক্ষা, প্রাপ্তবয়স্ক শিক্ষা আৰু গতানুগতিক শিক্ষাৰ বাবে কাম কৰা কেন্দ্ৰসমূহক ই সহায় আগবঢ়ায়।
(ঘ) জিলাসমূহে প্রাথমিক শিক্ষা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত সম্মুখীন হোৱা সমস্যা সমাধান কৰিবলৈ ক্ষেত্রভিত্তিক গবেষণাৰ বাবে আঁচনি প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰে।
ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৫। ৬)
১। শিক্ষা ব্যৱস্থাত পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ আধুনিক দৃষ্টিভংগীত পাঠ্যক্রম বুলিলে শিক্ষানুষ্ঠানত পঠিতব্য বিষয়সমূহৰ লগতে শ্রেণীকোঠা, খেল পথাৰ, গ্ৰন্থাগাৰ, মঞ্চ, প্রয়োগশালা আদি সকলোকে সামৰি লয়। বিদ্যালয়ত পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তাৰ বিষয়ে তলত আলোচনা কৰা হ’ল:
(ক) ছাত্র-ছাত্রীক ভাষাৰ দক্ষতা আৰু যোগাযোগ ৰক্ষা কৰাৰ বাবে পাঠ্যক্রম অতি প্রয়োজনীয়।
(খ) পাঠ্যক্রমে শিক্ষার্থীক স্বকীয় ধ্যান-ধাৰণাৰ বিকাশ সাধন কৰি নতুন নতুন তাত্ত্বিক দিশৰ সন্ধান দিব পাৰে।
(গ) গণতান্ত্রিক দৃষ্টিভংগী, সামাজিকতা, নৈতিক ৰীতি-নীতি আদিৰ জাতীয় জীৱনত প্রভাব থকা সম্পর্কে পাঠ্যপুথিয়ে সজাগতাৰ সৃষ্টি কৰে।
(ঘ) পাঠ্য ক্ৰমৰ জৰিয়তে শিক্ষাৰ লক্ষ্য আৰু আঁচনিৰ সফল ৰূপায়ন কৰিব পাৰি।
(ঙ) ছাত্র-ছাত্রী আৰু শিক্ষকৰ মাজত প্রধান যোগসূত্ৰকাৰী উপাদান হ’ল পাঠ্যক্রম।
(চ) পাঠ্যপুথিৰ জৰিয়তে অতীত, বর্তমান আৰু ভৱিষ্যতৰ বিষয়ে জ্ঞান অর্জন কৰিব পাৰি।
(চ) পাঠ্যক্ৰমৰ জৰিয়তে শৈক্ষিক সফলতা আৰু বিফলতাৰ সঠিক মূল্যায়ন কৰিব পাৰি।
(ছ) পাঠ্যপুথিয়ে প্রণালীবদ্ধ আৰু বিজ্ঞানসম্মত শিক্ষা প্রদানত সফল ভূমিকা গ্ৰহণ কৰে।
২। প্রচলিত পাঠ্যক্ৰমৰ আঁসোৱাহ বা দোষসমূহ উল্লেখ কৰা।
উত্তৰঃ আধুনিক দৃষ্টিভংগীত পাঠ্যক্রম বুলিলে শিক্ষানুষ্ঠানত পঠিতব্য বিষয়সমূহৰ লগতে শ্রেণীকোঠা, খেল পথাৰ, গ্ৰন্থাগাৰ, মঞ্চ, প্রয়োগশালা আদি সকলোকে সামৰি লয়।
বর্তমান প্রচলিত পাঠ্যক্ৰমৰ কিছুমান দোষা বা আঁসোবাহ আছে। যেনেঃ
(ক) পুথিগত আৰু তাত্ত্বিক: বর্তমান প্রচলিত পাঠ্যপুথিত
পুথিগত আৰু তাত্ত্বিক জ্ঞান প্ৰদানৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ফলত ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ দিশবোৰৰ সামূহিক বিকাশ নহয়।
(খ) সংকীর্ণ মনোভাৱাপন্ন: প্রচলিত পাঠ্যক্রমে ছাত্র-
ছাত্রীসকলক প্রয়োজন অনুপাতে জ্ঞান প্রদান কৰিব পৰা নাই। পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লক্ষ্যৰে পাঠ্যপুথি প্রণয়ন কৰা হেতুকে বাস্তৱ জ্ঞানৰ বিষয়সমূহ পাঠ্যপুথিত সন্নিবিষ্ট হোৱা দেখা নাযায়।
সহজ কথাত প্রচলিত পাঠ্যক্রম সংকীর্ণ মনোভাৱাপন্ন।
(গ) পাঠ্যবিষয়ৰ মাত্রাধিক্যঃ প্রচলিত পাঠ্যক্ৰমৰ এক প্রধান
ত্রুটি হৈছে পাঠ্যবিষয়ৰ মাত্ৰাধিক্যতা। ছাত্র-ছাত্রীসকলে নির্দিষ্ট শিক্ষা বর্ষত আয়ত্ব কৰিব পৰাতকৈ অধিক বিষয় বা সমল পাঠয়ক্রমত অন্তর্ভূক্ত কৰাত বহুতো ছাত্র-ছাত্রীয়ে টান অনুভব কৰি শিক্ষা গ্রহণত অবহেলা দেখুৱায়। ফলত উত্তীৰ্ণৰ হাৰ কম হয়।
(ঘ) কাৰিকৰী আৰু বৃত্তিগত বিষয়ৰ অনুপস্থিতি: প্রচলিত
পাঠ্যক্ৰমৰ আন এক আঁসোবাহ হৈছে এনে পাঠ্যক্রমত বিভিন্ন বিষয়ৰ তাত্ত্বিক দিশহে অন্তৰ্ভূক্ত কৰা হৈছে। কাৰিকৰী বিষয়ৰ শিক্ষা প্ৰদান কৰাৰ কোনো দিশ প্ৰচলিত পাঠ্যক্রমত নাই। ফলত বৰ্তমানৰ পাঠ্যক্রমে কার্যক্ষম নাগৰিকৰ সৃষ্টি কৰাত বিফল হৈছে। প্রচলিত পাঠ্যক্ৰমত বৃত্তিমূখী শিক্ষা ব্যৱস্থা নথকা বাবে এনে শিক্ষাই শিক্ষিত নিবনুৱাৰহে সৃষ্টি কৰিছে।
(ঙ) ব্যক্তি স্বাৰ্থৰ প্ৰতি উদাসীনতা: প্রচলিত পাঠ্যক্রমত
ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত ৰুচি, অভিৰুচি, ইচ্ছা, প্রয়োজন আদিৰ প্রতি উদাসীনতা দেখুৱা হৈছে। বহু সময়ত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অভিৰুচি-বিৰুদ্ধ বিষয় অধ্যয়ন কৰিব লগা হয়। ফলত কাঙ্খিত সফলতা লাভ কৰিব নোৱাৰে।
(চ) স্মৰণ শক্তিৰ ওপৰত গুৰুত্বঃ প্রচলিত পাঠ্যক্রমে
শিক্ষাৰ্থীৰ জ্ঞান আহৰণ, মনোভাৱ গঠন আদিৰ ওপৰত গুৰুত্ব দিয়াতকৈ শিক্ষণীয় বিষয়সমূহ মুখস্থ কৰাৰ ওপৰত গুৰুত্ব দিয়া দেখা যায়। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক শক্তিৰ বিকাশ নহয়।
৩। পাঠ্যক্রম প্রস্তুতকৰণৰ পাঁচটা নীতি উল্লেখ কৰা।
উত্তৰঃ পাঠ্যক্ৰম প্ৰস্তুতকৰণ এক জটিল কাম। ছাত্র-ছাত্ৰীসকলৰ বয়স অনুযায়ী মনস্তাত্ত্বিক দিশ, দেশৰ সমাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশৰ সমন্বয় সাধন কৰি পাঠ্যপুথি প্ৰস্তুত কৰিব লগা হয়।
পাঠ্যপুথি প্ৰস্তুতকৰণৰ কেইবাটাও নীতি আছে। তলত ইয়াৰ পাঁচটা নীতি উল্লেখ কৰা হ’ল:
(ক) শিশুকেন্দ্রিক নীতি: পাঠ্যক্ৰম প্ৰণয়নৰ শিশুকেন্দ্ৰিক নীতিয়ে শিশুৰ মানসিক ক্ষমতা, আগ্রহ, ৰুচি আৰু প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পাঠ্যপুথি প্ৰস্তুত কৰাকে বুজায়। পাঠ্যপুথিত এনে কোনো বিষয় অন্তৰ্ভূক্ত কৰা উচিত নহয় যি বিদ্যার্থীৰ মানসিক ক্ষমতা আৰু আগ্ৰহৰ বহির্ভূত হয়।
(খ) সমাজকেন্দ্রিক নীতি: পাঠ্যপুথিৰ বিষয়-বস্তুসমূহ সদায়
সমাজৰ লগত সম্বন্ধ হ’ব লাগে। কাৰণ মানুহ সামাজিক জীব। সামাজিক জীব হিচাপে সমাজত বসবাস কৰিবলৈ যি জ্ঞান আৰু অভিজ্ঞতাৰ প্ৰয়োজন সেয়া পাঠ্যপুথিয়ে পূৰণ কৰিব পৰা হ’ব লাগে।
(গ) সংহতিৰ নীতি: পাঠ্যপুথিত এনেকুৱা বিষয় অন্তর্ভুক্ত
কৰা উচিত যাতে বিভিন্ন জাতি, গোষ্ঠী, ভাষা-ভাষী, ধর্মালম্বী লোকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ মনত এক সংহতিৰ মনোভাৱ গঢ়ি উঠে।
(ঘ) সংৰক্ষণৰ নীতি: প্রতিটো জাতি বা দেশৰ কিছুমান
স্বকীয় পৰম্পৰাগত সংস্কৃতি আৰু ঐতিহ্য আছে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সেইবোৰ ঐতিহ্য জীয়াই ৰাখিবলৈ ছাত্র-ছাত্রীসকলক সেইবোৰৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে সেইবোৰ সংৰক্ষণৰ বাবে সাংস্কৃতিক ঐতিহ্যগত বিষয়বোৰ পাঠ্যপুথিত অনুৰ্ভূক্ত কৰা উচিত।
(ঙ) উপযোগিতাৰ নীতিঃ পাঠ্যপুথিৰ উপযোগিতাৰ নীতিয়ে
পাঠ্যপুথিত কাৰিকৰী বিষয় অন্তৰ্ভূক্ত কৰাৰ পোষকতা কৰে। কাৰিকৰীৰ বিষয় অন্তর্ভূক্তই পাঠ্যপুথি বাস্তৱসন্মত কৰি তোলে। ফলত শিক্ষা ফলপ্রসু হয়।
৪। পাঠ্যক্রম কাক বোলে? ইয়াৰ বিভিন্ন প্রকাৰসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ আধুনিক দৃষ্টিভংগীত পাঠ্যক্রম বুলিলে শিক্ষানুষ্ঠানত পঠিতব্য বিষয়সমূহৰ লগতে শ্ৰেণীকোঠা, খেল পথাৰ, গ্ৰন্থাগাৰ,
মঞ্চ, প্রয়োগশালা আদি সকলোকে সামৰি লয়।
পাঠ্যক্ৰমৰ বিভিন্ন প্রকাৰসমূহ তলত আলোচনা কৰা হ’ল:
(ক) বিষয়কেন্দ্রিক পাঠ্যক্রমঃ যি পাঠ্যক্রম বিষয় ভিত্তিত
যুগুত কৰা হয় তাকে ‘বিষয়কেন্দ্রিক পাঠ্যক্রম’ বোলে। যেনে – সাহিত্য, বুৰঞ্জী, গণিত, বিজ্ঞান ইত্যাদি। বিষয়কেন্দ্রিক পাঠ্যক্রমত বিষয়-বস্তুৰ শিক্ষাদানৰ ওপৰত গুৰুত্ব দিয়া হয়।
(খ) কর্মকেন্দ্রিক পাঠ্যক্রমঃ কৰ্ম শিক্ষাৰ ওপৰত জোৰ দি যি পাঠ্যক্রম প্রস্তুত কৰা হয় তাকে ‘কর্মকেন্দ্রিক পাঠ্যক্রম’ বোলে। এনে পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীক কাৰিকৰী শিক্ষা প্রদান কৰা হয়। এনে শিক্ষাই বিদ্যার্থীক উপার্জনক্ষম কৰি তোলে।
(গ) সংহতিমূলক পাঠ্যক্রম: এনে পাঠ্যক্রমত বিভিন্ন বিষয়ক এটা বিষয়লৈ ৰূপান্তৰিত কৰি শিক্ষাদানৰ বাবে ব্যৱস্থা গ্রহণ কৰে। এনে পাঠ্যক্রমে বাস্তৱ জীৱনৰ কাৰ্যাৱলী আৰু বৌদ্ধিক কাৰ্যাৱলীৰ মাজত সমন্বয় সাধন কৰে।
(ঘ) ক্রিয়াকেন্দ্রিক পাঠ্যক্রমঃ যি পাঠ্যক্রমত শিক্ষণীয় বিষয় ক্রিয়া বা কাম-কাজৰ মাজেৰে সম্ভৱ কৰি তোলা হয় তেনে পাঠ্যক্রমক ‘ক্রিয়াভিত্তিক পাঠ্যক্রম’ বুলি কোৱা হয়। ৰুছো, ফ্রবেল, মন্টেছৰী, জন ডুউই আদি শিক্ষাবিদসকলে প্রাথমিক স্তৰত শিশুক ক্রিয়াভিত্তিক শিক্ষা প্ৰদানৰ পোষকতা কৰিছিল।
(ঙ) অভিজ্ঞতাভিত্তিক পাঠ্যক্রম: যি পাঠ্যক্রমত বিভিন্ন ধৰণৰ অভিজ্ঞতাক শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে লৈ শিক্ষার্থীক শিক্ষা প্রদান কৰা হয, তেনে পাঠ্যক্ৰমক ‘অভিজ্ঞতাভিত্তিক পাঠ্যক্রম’ বুলি কোৱা হয়। এনে পাঠ্যক্ৰমৰ জৰিয়তে বিদ্যার্থীয়ে জ্ঞান আৰু বাস্তৱ জীৱনৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয়।
৫। সহ-পাঠ্যক্রিক কার্যাবলী কাক বোলে? ইয়াৰ উপকাৰীতাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ জীৱনৰ বাবে গুৰত্বপূৰ্ণ শৈক্ষিক তাৎপর্য থকা কার্যাবলী যেনেঃ খেলা-ধূলা, গীত-মাত, নাট্যাভিনয়, তর্ক, বক্তৃতা, সাহিত্য চর্চা, কলা, সমাজসেৱা আদি কার্য আঁচনিকে সহ-পাঠ্যক্রমিক কার্যাবলী বুলি কোৱা হয়।
সহ-পাঠ্যক্রমিক কার্যাৱলী বিভিন্ন ধৰণৰ হ’ব পাৰে।
যেনেঃ
(ক) খেল-ধেমালি, ব্যায়াম, শ্রমদান আদি।
(খ) বৌদ্ধিক কার্যাবলী (সাহিত্য চর্চা, বক্তৃতা, তর্ক আদি)।
(গ) সাংস্কৃতিক কার্যাবলী (গীত-মাত, অভিনয়, নৃত্য আদি)।
সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ বহুতো উপকাৰিতা আছে।
যেনে-
(ক) শাৰীৰিক বিকাশ: সহপাঠ্যক্ৰমৰ অন্তৰ্গত বিভিন্ন খেল-ধেমালী, ব্যায়াম আদিৰ দ্বাৰা শৰীৰ চৰ্চা হোৱাৰ উপৰিও মানসিক অৱসাদ দূৰ হয়।
(খ) সামাজিক বিকাশঃ সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ দ্বাৰা সু-অভ্যাস গঠনৰ লগতে সামাজিক চেতনা, বন্ধুত্ব, ভাতৃত্ববোধ, সহযোগিতা আদি গুণৰ বিকাশ হয়।
(ঘ) শৃঙ্খলাবোধ: সহ-পাঠ্যক্ৰমৰ জৰিয়তে ছাত্র- ছাত্রীসকলে, নিয়মানুবর্তিতা, শৃঙ্খলাবোধ, ৰীতি-নীতিৰ প্ৰতি শ্রদ্ধাবোধ আদিৰ শিক্ষা লাভ কৰে।
(ঙ) ব্যক্তিত্বৰ পূৰ্ণতা লাভ: সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ জৰিয়তে দেহ আৰু মনৰ মাজত সমতা স্থাপন হৈ ব্যক্তিত্ব বিকাশ সম্ভৱ হৈ উঠে।
(চ) আবেগিক বিকাশ: সহ-পাঠ্যক্রমিক কার্যাবলীয়ে আবেগিক সমতা ৰক্ষা কৰি বিভিন্ন বিষয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ আগ্রহ বঢ়াই তোলে।
(ছ) বাস্তৱ জ্ঞান লাভ: সহ-পাঠ্যক্রমিক কার্যাৱলীয়ে শিক্ষার্থীক বাস্তৱ জীৱনৰ জটিলতা, আনন্দ, দুখবোধ, সুখবোধ আদি অনুভূতিৰ বিকাশত সহায় কৰে।
৬। আদর্শ শিক্ষকৰ পাঁচটা গুণ উল্লেখ কৰা।
উত্তৰঃ এজন শিক্ষকৰ ব্যক্তিত্বই ছাত্র-ছাত্রীসকলক বাৰুকৈয়ে প্রভাৱিত কৰে। সেয়ে এজন শিক্ষক আদর্শবান শিক্ষক হিচাপে নিজকে গঢ়ি তুলিবলৈ কেইবাটাও গুণ থকাটো অতিকৈ জৰুৰী। যেনে –
(ক) শিক্ষাগত যোগ্যতা: শিক্ষার্থীক জ্ঞান দান কৰিবলৈ হ’লে শিক্ষক এজনৰ পাঠ্যপুথিৰ বিভিন্ন বিষয়ৰ ওপৰত গভীৰ জ্ঞান থাকিব লাগিব। পাঠ্যপুথিৰ জ্ঞান থকাৰ উপৰিও শিক্ষকজনৰ বাস্তৱ সামাজিক জ্ঞান থকাৰ প্ৰয়োজন।
(খ) ধৈর্য আৰু সহনশীলতাঃ শিক্ষকে শিক্ষাদান কৰোতে আৰু ছাত্ৰ-ছাত্ৰীসকলক পৰিচালিত কৰোতেও ভিন ভিন সময়ত ভিন ভিন সমস্যাৰ সন্মুখীন হ’বলগাত পৰে। সেয়ে শিক্ষকজনৰ ধৈর্য থকাৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি সহানুভূতিশীল হ’ব লাগিব।
(গ) সুস্বাস্থ্যঃ সুস্থ শৰীৰতহে সুস্থ মন বাস কৰে। গতিকে শিক্ষক এজনে সুস্থভাৱে ছাত্র-ছাত্রীসকলক শিক্ষাদান কৰোতে নিজৰ মন আৰু শৰীৰ সুস্থ ৰাখিব লাগিব। অসুস্থ শৰীৰ আৰু মনৰ অধিকাৰী শিক্ষক এজনে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিব নোৱাৰে।
(ঘ) চৰিত্ৰ আৰু ব্যক্তিত্ব: আদর্শ শিক্ষক এজন সুচৰিত্ৰবান আৰু অনুকৰণ কৰিব পৰা ব্যক্তিত্বৰ গৰাকী হোৱা উচিত। তেওঁৰ আচৰণ, চিন্তা, কাম-কাজ সৎ হোৱাৰ উপৰিও প্ৰভাৱশালী হোৱা অতি প্রয়োজন।
(ঙ) বাগ্মিতা: এজন আদর্শ শিক্ষকৰ আন এক গুণ হ’ল বাগ্মিতা। তেওঁৰ কণ্ঠস্বৰ মধুৰ, সুস্পষ্ট আৰু পোনপটীয়া হ’ব লাগে যাতে তেওঁৰ কথা আৰু বক্তব্যই ছাত্র-ছাত্রীসকলৰ মনোযোগ সহজে আকৃষ্ট কৰিব পাৰে।
৭। প্রমূল্য শিক্ষা বুলিলে কি বুজা?
উত্তৰঃ শৈক্ষিক দৃষ্টিকোণৰ পৰা যিবোৰ কৰ্ম আৰু আচৰণ শিক্ষাৰ বাবে প্রয়োজনীয়, মংগলদায়ক আৰু উপকাৰী সেইবোৰ বিষয়কে ‘প্রমূল্য শিক্ষা’ বুলি কোৱা হয়। প্রমূল্য শিক্ষাৰ প্ৰধান উৎসসমূহ হ’ল: ধর্ম, দর্শন, সামাজিক ৰীতি-নীতি, সাহিত্য, খেলা-ধূলা আদি। প্রমূল্যবোধ শিক্ষা প্রদানত তিনিটা কৌশল প্রয়োগ কৰিব পাৰি। যেনে- আনুষ্ঠানিক কৌশল, অনানুষ্ঠানিক কৌশল আৰু অগতানুগতিক কৌশল।
বিদ্যালয়ত বিভিন্ন ধৰণে প্ৰমূল্যবোধৰ শিক্ষাদানৰ ব্যৱস্থা কৰা হয়। যেনে-
(ক) প্রার্থনা সভাৰ জয়িতে: শিক্ষাৰ্থীৰ মনত প্ৰমূল্যবোধৰ ধাৰণা দৃঢ়ভাৱে গঢ়ি তুলিবলৈ শৈক্ষিক কাম-কাজ আৰম্ভ কৰাৰ আগতে পুৱাত সমবেত প্রার্থনাৰ আয়োজন কৰিব লাগে।
(খ) ধৰ্মনিৰপেক্ষ শিক্ষা: প্রমূল্যবোধৰ বীজ অংকুৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ শিকাব লাগে। তাৰ বাবে কোনো বিশেষ ধৰ্মৰ পৰিৱৰ্তে সকলো ধৰ্মৰ সাৰ কথা বা বাণীবোৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰিব লাগে।
(গ) মানবীয় গুণৰ শিক্ষা: ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰমূল্যবোধৰ শিক্ষাদান ফলপ্রসূ হ’বলৈ বিভিন্ন মানবীয় গুণ যেনে- দয়া, মৰম, শ্রদ্ধা, সহনশীলতা আদিৰ পাঠ শিকাব লাগে। তাৰ বাবে মহৎ লোকৰ জীৱনী পাঠ্যপুথিত অন্তর্ভূক্ত কৰা উচিত।
(ঘ) সহপাঠ্যক্রম: সহপাঠ্যক্ৰমৰ যোগেদিও প্রমূল্যবোধৰ শিক্ষা প্রদান কৰিব পাৰি। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেলা-ধূলা, সাংস্কৃতিক প্রতিযোগিতা আদিৰ যোগেদি সহযোগিতা, দলীয় স্পৃহা আদি গুণৰ বিকাশ কৰিব পাৰি।
(ঙ) সমাজসেৱাৰ অনুষ্ঠানঃ বিদ্যালয়ৰ চৌহদ, নলা-নৰ্দমা পৰিষ্কাৰ কৰা, গছ-গছনি ৰোৱা, উৎসৱ অনুষ্ঠান পৰিচালনা কৰা, নিৰক্ষৰ লোকক স্বাক্ষৰ কৰা আদি কামৰ প্ৰতি উৎসাহিত কৰিও ছাত্ৰ-ছাত্ৰীসকলক প্ৰমূল্যবোধৰ শিক্ষা দান কৰিব পাৰি।
👉 Read Also:
- মানসিক জীৱনৰ শাৰীৰিক ভিত্তি প্রশ্ন উত্তৰ
- মানৱ আচৰণৰ ভিত্তিসমূহ আৰু ইয়াৰ দিকদর্শন প্রশ্ন উত্তৰ
- ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা প্রশ্ন উত্তৰ