Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া জাতি কি সবিশেষ জানাক এই প্রবন্ধত

By Nzmina Begum

Published On:

অসমীয়া জাতি কি সবিশেষ জানাক এই প্রবন্ধত
অসমীয়া জাতি কি সবিশেষ জানাক এই প্রবন্ধত

অতি প্ৰাচীন কালৰে পৰা অসমত নানা জাতিৰ লোকে বসতি কৰি আছে। সেয়েহে অসমৰ আদিম বাসিন্দা কোন তাৰ কোনো প্ৰামাণিক আৰু¸ বৈজ্ঞানিক তথ্য-সমল নাই।

কোনো নিৰ্দিষ্ট জনগোষ্ঠীক মূল অসমীয়া বা অসমৰ আদিম বাসিন্দা বুলি চিহ্নিত কৰিব নোৱাৰি। অসমত প্ৰত্ন প্ৰস্তৰ যুগত এই ভূখণ্ডত মানুহ বসবাস কৰাৰ কিছু প্ৰমাণ পোৱা গ’লেও তাৰ পৰা সেই সময়ত ইয়াত বাস কৰা মানুহৰ আৱয়বিক গঠন স্পষ্টকৈ নিৰ্ণয় কৰি পৰা হোৱা নাই।

অসমৰ সমূহ বাসিন্দা ঘাইকৈ প্ৰব্ৰজনকাৰী। বিভিন্ন সময়ত, বিভিন্ন কৰণত বিভিন্ন প্ৰজাতিৰ লোক অসমলৈ আহিছে আৰু তেওঁলোকৰ সংমিশ্ৰণতেই বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে।

বিভিন্ন সময়ত বিভিন্ন ভাষা-ভাষী মানুহ আহি যি এই অসমৰ বৈশিষ্ট্যৰ লগত নিজকে মিলাই দিছে তেৱেঁই অসমীয়া। ডঃ লীলা গগৈৰ মতে, ‘অসমত যাৰ জন্ম, যি অসমত স্থায়ীভাৱে বসবাস কৰিছে, যি অসমীয়া ভাষা কয়, যি অসমৰ জতীয় জীৱনৰ সৈতে নিৰৱচ্ছিন্ন সম্পৰ্ক গঢ় দি তুলিছে, আৰু অসমৰ স্বাৰ্থ-স্বত্ব সংৰক্ষণৰ অৰ্থে আন্তৰিকতাৰে সৈতে বৰঙণি যোগাইছে, তেৱেঁই অসমীয়া।’

সত্যেন বৰকটকীৰ মতে, ‘খ্ৰীষ্টপূৰ্ব দুহেজাৰ চনৰ পৰা চীন দেশৰ হোৱাংহো আৰু  ইয়াং চিকিয়াং নদীৰ পাৰৰ পৰা অসমৰ মাজেদি ভাৰতলৈ এক জনপ্ৰবাহ চলি আছিল।

এই মংগোল লোকসকল আৰু ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলৰ পৰা দেশান্তৰী হৈ অহা লোকসকলে অসমৰ মুঠ অধিবাসীসকলৰ এটা প্ৰধান অংশ অধিকাৰ কৰি আছে।’ সাধাৰণভাৱে ক’বলৈ গ’লে অসমলৈ প্ৰথমে আহে অষ্টি˜ক প্ৰজাতিৰ লোক, তাৰ পাছত আহে মংগোলীয়সকল আৰু তাৰ পাছত আৰ্যসকল।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment