উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ৰাজনৈতিক তত্বঃ এক পৰিচয়‘ পাঠটিৰ Class 11 Political Science Chapter 11 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
ৰাজনৈতিক তত্বঃ এক পৰিচয় Class 11 Political Science Chapter 11 Solutions
👉 Read Also:
- সংবিধানঃ কিয় আৰু কেনেকৈ প্রশ্ন উত্তৰ
- ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ প্রশ্ন উত্তৰ
- নির্বাচন আৰু প্রতিনিধিত্ব প্রশ্ন উত্তৰ
- কার্যপালিকা প্রশ্ন উত্তৰ
- বিধানমণ্ডল প্রশ্ন উত্তৰ
ৰাজনৈতিক তত্বঃ এক পৰিচয়
শাখা-খ অধ্যায়- ১
অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)
১। ‘ৰাজনীতি’ (Politics) শব্দটো ক’ৰ পৰা উদ্ভৱ হৈছে?
উত্তৰঃ গ্ৰীক শব্দ ‘পলিচ’ৰ পৰা
২। ‘পলিচ (Polis) শব্দৰ অৰ্থ কি?
উত্তৰঃ নগৰ ৰাষ্ট্ৰ (City-state)।
৩। ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰঃ এৰিষ্ট ‘টলক।
৪। প্রাচীন গ্রীচত ‘ৰাজনীতি’ শব্দটো কি বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল?
উত্তৰঃ প্ৰীচীন গ্ৰীচত নগৰ ৰাষ্ট্ৰ সম্পর্কীয় অধ্যয়ন বা আলোচনাক বুজাবলৈ ‘ৰাজনীতি’ শব্দটো ব্যৱহাৰ কৰা হৈছিল।
৫। ৰাজনীতি সম্পর্কে এৰিষ্ট’টলে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ পলিটিক্স।
৬। কোনে ৰাজনীতি বিজ্ঞানক শ্রেষ্ঠ বিজ্ঞান বুলি কৈছিল?
উত্তৰঃ এৰিষ্ট’টলে।
৭। কোনে ৰাজনীতি বিজ্ঞানক ‘প্রগতিশীল বিজ্ঞান’ বুলি আখ্যা দিছিল?
উত্তৰঃ লর্ড ব্রাইচে।
৮। ৰাজনীতি বিজ্ঞানৰ ব্যৱহাৰিক দিশটো কি?
উত্তৰঃ ৰাজনীতি।
৯। ৰাজনীতিৰ আধ্যাত্মিকীকৰণৰ বিষয়ে কোনে উল্লেখ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে।
১০। মহাত্মা গান্ধীয়ে স্বৰাজ সম্পৰ্কে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ হিন্দ স্বৰাজ।
১১। ‘ৰাজনীতি হ’ল চৰকাৰী নীতি প্রস্তুত কৰা এটা প্রক্রিয়া’ – উক্তিটো কোনে কৰিছিল?
উত্তৰঃ ডাস্টিন বেন্নীয়ে।
১২। ‘ৰিপাব্লিক’ গ্রন্থখনৰ ৰচক কোন?
উত্তৰঃ গ্রীক দার্শনিক প্লেটো।
১৩। ‘লিবাৰ’ (Liber) শব্দটো কোন ভাষাৰ পৰা আহিছে?
উত্তৰঃ লেটিন ভষাৰ পৰা।
১৪। ‘ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন ৰাষ্ট্ৰতেই আৰম্ভ হয় আৰু ৰাষ্ট্ৰতেই অন্ত হয়’: উক্তিটো কাৰ?
উত্তৰঃ গাণাৰৰ।
১৫। ‘সকাৰাত্মক স্বাধীনতা’ মানে কি?
উত্তৰঃ বাধা-নিষেধ থকা স্বাধীনতা।
১৬। ‘লিবাৰ’ (Liber) শব্দৰ অৰ্থ কি?
উত্তৰঃ মুক্ত।
১৭। ‘স্বাধীনতা অতি শাসন বিৰোধী’ কৈছিল? – কথাষাৰ কোনে
উত্তৰঃ চিলিয়ে।
১৮। ‘সাধাৰণ ইচ্ছাৰ ধাৰণা’টো কোন চিন্তাবিদৰ?
উত্তৰঃ কছোৰ।
১৯। গণতন্ত্ৰৰ উৎকৃষ্ট সংজ্ঞা দিয়া ব্যক্তিজন কোন?
উত্তৰঃ আব্রাহাম লিংকন।
২০। বৈজ্ঞানিক সমাজবাদৰ পিতৃ কোন?
উত্তৰঃ কার্ল মাক্স।
২১। প্লেটোৰ মতে ৰাষ্ট্ৰ এখনৰ জনসংখ্যা কিমান হোৱা উচিত?
উত্তৰঃ ৫০৪০ জন।
২২। ‘ৰাষ্ট্ৰৰ ভিত্তি শক্তি নহয়, সামূহিক ইচ্ছাহে’: কথাষাৰ কোনে কৈছিল?
উত্তৰঃ গ্রীণে।
২৩। ‘মানুহ স্বাভাবিকভাবেই সমাজপ্রিয় জীব’- কথাষাৰ কোনে কৈছিল?
উত্তৰঃ এবিষ্ট ‘টলে।
২৪। ভাৰতীয় জনসাধাৰণৰ তথ্য জনাৰ অধিাকৰ আছেনে?
উত্তৰঃ আছে।
👉 Read Also:
- ন্যায়পালিকা প্রশ্ন উত্তৰ
- যুক্তৰাষ্ট্ৰবাদ প্রশ্ন উত্তৰ
- স্থানীয় চৰকাৰ প্রশ্ন উত্তৰ
- জীৱন্ত দলিলৰ ৰূপত সংবিধান প্রশ্ন উত্তৰ
- সাংবিধানিক দর্শন প্রশ্ন উত্তৰ
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)
১। ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ ৰাজনীতি আৰু ৰাজনীতি বিজ্ঞানৰ মাজত কিছু পার্থক্য আছে। যেনে- (ক) ৰাজনীতি বিজ্ঞানৰ পৰিসৰ বিশাল। ই ৰাজীনীতিৰ তাত্ত্বিক দিশ আৰু ব্যৱহাৰিক দিশ দুয়োটাই সামৰি লয়। আনহাতে ৰাজনীতিয়ে ৰাজনীতি বিজ্ঞানৰ ব্যৱহাৰিক দিশটোকহে সূচায়। দ্বিতীয়তে, ৰাজনীতি বিজ্ঞান হৈছে এক শাস্ত্র। ই প্রণালীবদ্ধ অধ্যয়নৰ লগত জড়িত এক বিজ্ঞান। আনহাতে ৰাজনীতি হৈছে দেশৰ শাসন কাৰ্যৰ লগত জড়িত বাস্তৱ বিষয়। ই সংঘাত, সহযোগিতা, প্রতিযোগিতা আদিৰ বাস্তৱ অৰিয়া-অৰিৰ ক্ষেত্র।
২। ৰাজনৈতিক তত্ত্বৰ ভাৰতীয় দৃষ্টিভংগী আৰু গ্ৰীক দৃষ্টিভংগীৰ মাজত দুটা পার্থক্য লিখা।
উত্তৰঃ ৰাজনৈতিক তত্ত্বৰ ভাৰতীয় দৃষ্টিভংগী আৰু গ্রীক দৃষ্টিভংগীৰ মাজত দুটা পার্থক্য হ’ল-
(ক) ভাৰতীয় দৃষ্টিভংগী মতে ৰাষ্ট্ৰ এক মানবীয় অনুষ্ঠান। ই নিৰাপত্তা জনিত চুক্তিৰ ফলত সৃষ্টি হৈছে।
আনহাতে গ্রীক দৃষ্টিভংগী মতে ৰাষ্ট্ৰ হৈছে এক প্রাকৃতিক অনুষ্ঠান।
(খ) ভাৰতীয় দৃষ্টিভংগীত ৰাষ্ট্ৰ আৰু চৰকাৰ দুটা পৃথক অনুষ্ঠান। কিন্তু গ্রীক দৃষ্টিভংগীমতে ৰাষ্ট্ৰ আৰু চৰকাৰ একে। দুয়োটাৰ মাজত একো পার্থক্য নাই। কম।
৩। আধুনিক ৰাজনৈতিক তত্ত্বৰ দুটা সমস্যা উল্লেখ কৰা।
উত্তৰঃ আধুনিক ৰাজনৈতিক তত্ত্বৰ দুটা সমস্যা হ’ল:
(ক) আধুনিক ৰাজনৈতিক তত্ত্বত সর্বজন গৃহীত তত্ত্বৰ অভাৱ।
(খ) আধুনিক ৰাজনৈতিক তত্ত্বত সামাজিক প্ৰমূল্যৰ স্থান অতি
৪। পৰম্পৰাগত দৃষ্টিভংগীৰ মতে ৰাজনীতি বিজ্ঞানৰ দুটা মূল বিষয়-বস্তু উল্লেখ কৰা।
উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ পৰম্পৰাগত দৃষ্টিভংগী মতে ৰাজনীতি বিজ্ঞানৰ দুটা মূল বিষয়-বস্তু হ’ল ৰাষ্ট্ৰ আৰু চৰকাৰ।
চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৪)
১। ‘গণতন্ত্ৰৰ সাফল্যৰ বাবে সতর্ক নাগৰিকৰ প্ৰয়োজন।’ – উক্তিটো ব্যাখ্যা কৰা।
উত্তৰঃ গণতন্ত্ৰৰ সাফল্যৰ বাবে সতৰ্ক নাগৰিকৰ প্ৰয়োজন’ – কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ। কাৰণ গণতন্ত্র হৈছে এনে এক শাসন ব্যৱস্থা য’ত জনসাধাৰণেই হৈছে দেশ এখনৰ প্রশাসক। জনসাধাৰণে সিহঁতৰ মাজৰ পৰা গণতান্ত্রিক পদ্ধতিত প্রতিনিধি নিৰ্বাচন কৰি দিয়ে আৰু সেই নির্বাচিত প্রতিনিধিয়ে ৰাইজৰ হৈ ৰাইজক শাসন কৰে। বহুসময়ত নির্বাচিত প্রতিনিধিসকল ক্ষমতাৰ লোভত স্বেচ্ছাচাৰী হৈ উঠে। প্রতিনিধিসকলৰ স্বেচ্ছাচাৰীতাক বাধা দিবলৈ দেশৰ প্ৰতিজন নাগৰিক সচেতন হোৱা উচিত।
দ্বিতীয়তে, নাগৰিকসকলে গণতান্ত্রিক আদর্শ বজাই ৰাখিব লাগিব। গণতান্ত্রিক ধ্যান-ধাৰণা, আদর্শ আদিৰ বিষয়ে সম্যক জ্ঞান থাকিলেহে নাগৰিকসকলে এইবোৰৰ মূল্য অনুধাৱন কৰিব পাৰে আৰু নিজকে ৰাজনৈতিক প্রাণী হিচাপে উপলব্ধি কৰিব পাৰে।
তৃতীয়তে, গণতন্ত্রত প্রতিজন নাগৰিকেই দায়িত্বশীল। নাগৰিকৰ সুশিক্ষা, সচেতনতা, সক্রিয়তা, দায়িত্ববোধ থাকিলেহে গণতান্ত্রিক প্রমূল্যবোধ বর্তি থাকিব পাৰে।
সেয়ে গণতন্ত্ৰৰ সাফল্যৰ বাবে সতৰ্ক নাগৰিকৰ প্ৰয়োজন।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)
১। ৰাজনীতি বিজ্ঞানৰ পৰিসৰ (বিষয়-বস্তু) আলোচনা কৰা।
উত্তৰঃ ৰাজনীতি বিজ্ঞান হ’ল চৰকাৰ আৰু ইয়াৰ কাৰ্যকলাপৰ লগত সম্পর্ক থকা বিষয়ৰ বিজ্ঞান। ৰাজনীতি বিজ্ঞানে তলত উল্লেখ কৰা বিষয়বোৰ সামৰি লয়।
(ক) ৰাজনীতি বিজ্ঞানে ৰাজনৈতিক তত্ত্বৰ মূল বিষয়-বস্তু যেনে – ৰাষ্ট্ৰৰ উৎপত্তি, প্রকৃতি, উপাদান, আদি তত্ত্ব ব্যাখ্যা কৰাৰ উপৰিও চৰকাৰ, চৰকাৰৰ নীতি, কাৰ্যাৱলী, ক্ষমতাৰ বিভাজন, ক্ষমতাৰ প্রয়োগ, চৰকাৰৰ কল্যাণমুখী আঁচনিৰ তত্ত্ব আদি বিষয় আলোচনা কৰে।
(খ) ৰাজনীতি বিজ্ঞানে ক্ষমতা আহৰণৰ উপায়, ক্ষমতাৰ প্ৰকাৰ আদি বিষয় আলোচনা কৰে।
(গ) ৰাজনৈতিক তত্ত্বই বিভিন্ন ৰাজনৈতিক আদর্শ যেনে-সমাজবাদ, ব্যক্তিবাদ, উদাৰতাবাদ আদি বিষয়ৰ আলোচনা সামৰি লয়।
(ঘ) ৰাজনৈতিক তত্ত্বই বাস্তৱ ৰাজনৈতিক ঘটনা প্রবাহৰ এক পদ্ধতিগত আলোচনা আগবঢ়ায়।
(ঙ) ৰাষ্ট্ৰৰ বিভিন্ন তাত্বিক দিশ আলোচনা কৰাৰ উপৰিও জনসাধাৰণৰ বাবে সৃষ্টি কৰা বিভিন্ন কল্যাণকামী সংস্থা, অনুষ্ঠান, প্রতিষ্ঠান আদিৰ বিষয়েও ৰাজনীতি বিজ্ঞানে অধ্যয়ন কৰে।
২। ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজনীয়তা আলোচনা কৰা।
উত্তৰঃ মানুহ ৰাজনৈতিক প্রাণী হিচাপে ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজন আছে।
কাৰণ –
(ক) ৰাজনৈতিক পণ্ডিতসকলে নতুন নতুন তত্ত্ব, ধাৰণা, সূত্র, নীতি আদিৰ সৃষ্টি কৰে। ৰাজনৈতিক তত্ত্ব অধ্যয়নে আমাক এই নতুন নতুন তত্ত্ব আৰু ধ্যান ধাৰণাৰ সৈতে পৰিচয় কৰাই দিয়ে।
(খ) ৰাজনৈতিক তত্ত্বই আমাক ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদি বিভিন্ন সমস্যা সমাধান কৰাৰ উপায় বিচাৰি উলিওৱাত সহায় কৰে।
(গ) আমি গণতান্ত্রিক ৰাষ্ট্ৰৰ নাগৰিক হিচাপে ৰাষ্ট্ৰৰ বিভিন্ন নীতি, আদর্শ, ৰাষ্ট্ৰ পৰিচালনাৰ পদ্ধতি, ৰাজনৈতিক দল আদি সম্পৰ্কে ৰাজনৈতিক তত্ত্ব অধ্যয়ন কৰি এইবোৰ সম্পর্কে জ্ঞান আহৰণ কৰিব পাৰো।
(ঘ) ৰাজনৈতিক তত্ত্বই নতুন নতুন ধ্যান-ধাৰণা সৃষ্টিত সহায় কৰে।
(ঙ) ৰাজনৈতিক তত্ত্বই আমাক সমতা বা ন্যায় সম্পর্কে প্রণালীবদ্ধ জ্ঞান লাভ কৰাত সহায় কৰে।
👉 Read Also:
- স্বাধীনতা প্রশ্ন উত্তৰ
- সমতা প্রশ্ন উত্তৰ
- সামাজিক ন্যায় প্রশ্ন উত্তৰ
- অধিকাৰ প্রশ্ন উত্তৰ
- নাগৰিকত্ব প্রশ্ন উত্তৰ