Join WhatsApp

Join Now

Join Telegram

Join Now

সমতা Class 11 Political Science Chapter 13 Solutions ২০২৫

By Rabbi Masrur

Updated On:

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘সমতা‘ পাঠটিৰ Class 11 Political Science Chapter 13 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

সমতা Class 11 Political Science Chapter 13 Solutions

সমতা Class 11 Political Science Chapter 13 Solutions Notes

👉 Read Also:

সমতা

শাখা-খ অধ্যায়-৩

অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)

১। মার্ক্সবাদীসকলৰ মতে মৌলিক বা প্রাথমিক সমতাটো কি?

উত্তৰঃ অর্থনৈতিক সমতা।

২। ‘মানুহ প্রকৃতিগত ভাবে সমান’: উক্তিটো কাৰ?

উত্তৰঃ জন ল’কৰ।

৩। কেতিয়া আইনগত সমতাৰ দাবী উত্থাপিত হৈছিল?

উত্তৰঃ ১৮ শ শতিকাত।

৪। ‘গণতন্ত্ৰত ৰাজনৈতিক সমতা অপৰিহাৰ্য’: কথাষাৰ সঁচানে?

৮। কার্ল মার্ক্সৰ মতে সমাজত অন্তর্নিহিত বৈষম্যৰ মূল কাৰণ কি?

উত্তৰঃ সঁচা।

৫। ফৰাচী বিপ্লৱৰ প্ৰধান মূলমন্ত্র কি আছিল?

উত্তৰঃ স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ।

৬। ফৰাচী বিপ্লৰ কাৰ বিৰুদ্ধে সংঘটিত হৈছিল?

উত্তৰঃ স্বেচ্ছাচাৰী ৰাজতন্ত্ৰ আৰু জমিদাৰ শ্ৰেণীৰ বিৰুদ্ধে।

৭। ৰামমনোহৰ লোহিয়া কোন মতবাদৰ সমৰ্থক আছিল?

উত্তৰঃ সমাজবাদৰ।

উত্তৰঃ অর্থনৈতিক অসমতা।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)

১। সমতাৰ দুটা আৱশ্যকতা উল্লেখ কৰা।

উত্তৰঃ সমতাৰ দুটা আৱশ্যকতা হ’ল:

(ক) সমতাই সমাজত ধনী-দুখীয়া, উচ্চ-নীচ, অস্পৃশ্যতা আদি নাশ কৰিব পাৰে।

(খ) সমতাই সমান সুযোগ-সুবিধা প্রদান কৰিব পাৰে। ফলত ব্যক্তিৰ শাৰীৰিক আৰু মানসিক বিকাশ সম্ভৱ হয়।

২। নাৰীত্ববাদ বুলিলে কি বুজা?

উত্তৰঃ নাৰীত্ববাদ হৈছে মহিলাসকলে পুৰুষৰ সৈতে সমান অধিকাৰ প্ৰতিষ্ঠাৰ ববে কৰা এক সংগ্রাম। এই ‘বাদ’ অনুসৰি নাৰীসকল পুৰুষৰ তুলনাত কোনো গুণে হীন নহয়। সেয়ে সিহঁতেও পুৰুষৰ সমান সুযোগ আৰু সুবিধা পোৱাৰ পোষকতা কৰে।

👉 Read Also:

৩। অসমতাৰ দুটা ধৰণ উল্লেখ কৰা।

উত্তৰঃ অসমতাৰ দুটা ধৰণ হ’ল:

(ক) প্রাকৃতিক অসমতা আৰু

(খ) সামাজিক অসমতা।

চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৪)

১। স্বাধীনতা আৰু সমতাৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ স্বাধীনতা আৰু সমতা হৈছে গণতন্ত্ৰৰ ভেটি স্বরূপ। বাৰ্কাৰ, মিল, হবহাউচ আদি বহুতো পণ্ডিতে স্বাধীনতা আৰু সমতাৰ মাজত সম্পর্ক আছে বুলি মত পোষণ কৰিছে। স্বাধীনতা আৰু সমতাৰ মাজত থকা সম্পর্ক তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি।

(ক) স্বাধীনতা সমতাৰ পূৰ্ব চৰ্ত স্বৰূপ। স্বাধীনতা থাকিলেহে সমতা থাকিব। সম অধিকাৰৰ ভিত্তিতহে নাগৰিকে স্বাধীনতা ভোগ কৰিব পাৰে। কাৰণ য’ত সমতা নাই তাত স্বাধীনতা বিঘ্নিত হয়।

(খ) স্বাধীনতা হৈছে ব্যক্তিৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশৰ বাবে এক জৰুৰী অৱস্থা। সমতাই সকলোকে ব্যক্তিত্ব আৰু প্রতিভা বিকাশৰ বাবে ৰাজনৈতিক, সামাজিক আৰু অর্থনৈতিক স্বাধীনতা উপভোগ কৰাকে সূচায়।

(গ) সাম্যবাদী চিন্তাবিদসকলৰ মতে সমতা অবিহনে স্বাধীনতা মূল্যহীন আৰু উদাৰতাবাদী চিন্তাবিদসকলৰ মতে সমতা অবিহনে স্বাধীনতা মূল্যহীন। গতিকে দেখা যায় সাম্যবাদী আৰু উদাৰতাবাদী দৃষ্টিভংগীৰ পিনৰ পৰাও স্বাধীনতা আৰু সমতাৰ মাজত ওতঃপ্রোত সম্পর্ক আছে।

২। সমতাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ সমতাৰ চাৰিটা বৈশিষ্ট্য হ’ল-

(ক) সমতা হৈছে এক ৰাজনৈতিক আৰু নৈতিক আদর্শ।

(খ) সমতা চৰম নহয়। ই সকলোকে সমান সুযোগ-সুবিধা প্রদান কৰাকে বুজায় যদিও সুযোগ সুবিধা ভোগ কৰাটো ব্যক্তিৰ ওপৰত নিৰ্ভৰ কৰে।

(গ) সমতাই কোনো বিশেষ শ্ৰেণীৰ প্ৰতি পক্ষপাতিত্বহীন অৱস্থাক বুজায়।

(ঘ) সমতাই সমান কামৰ বাবে সমান মজুৰি আৰু সমান যোগ্যতাৰ বাবে সমধর্মী কাম পোৱাৰ পোষকতা কৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)

১। সমতাৰ সংজ্ঞা দিয়া। সমতাৰ বিভিন্ন শ্ৰেণীৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সমতাই সাধাৰণতে প্রত্যেক ব্যক্তিকে সমান সা-সুবিধা আৰু সুযোগ প্রদান কৰা আৰু সকলোৰে প্রতি সম ব্যৱহাৰ প্রদর্শন কৰাটোক বুজায়। সমতাৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে দিছে যদিও লাস্কিয়ে এক সন্তোষজনক সংজ্ঞা আগবঢ়াইছে এইদবে: ‘বিশেষ সুযোগ-সুবিধাৰ অনুপস্থিতি আৰু সকলোৰে উপযুক্ত সুযোগ সুবিধাৰ ব্যৱস্থা কৰাই সমতা।’ সমতাক বিভিন্ন ভাগত ভাগ কৰা হৈছে। যেনে: প্রাকৃতিক সমতা, সামাজিক সমতা, ৰাজনৈতিক সমতা, অর্থনৈতিক সমতা, আইনগত সমতা আদি। তলত এইবোৰ সমতাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

(ক) প্রাকৃতিক সমতা: প্রাকৃতিক সমতা বুলিলে সাধাৰণতে প্রাকৃতিকভাবে মানুহে লাভ কৰা সমতাকে সূচায়। এই সমতাৰ পৃষ্ঠপোষকসকলে মত পোষণ কৰে যে প্ৰকৃতিয়ে সকলোকে সমভাবে সৃষ্টি কৰিছে। গতিকে সকলোৱে সমান অধিকাৰ, মৰ্যদা আৰু অধিকাৰ পোৱা উচিত। জন ল’ক, ৰুছো আদি চিন্তাবিদসকলে প্রাকৃতিক সমতাৰ সমর্থক। প্রাকৃতিক সমতা এনে এক আদর্শ যিয়ে সকলো মানুহৰ সমান অধিকাৰ আৰু স্বাধীনতা পোৱাৰ দাবী কৰে।

(খ) সামাজিক সমতা: সামাজিক সমতাই জাতি, ধর্ম, লিংগ, বর্ণ নির্বিশেষে সকলোৱে সমান অধিকাৰ লাভ কৰাটোকে বুজায়। এই ধাৰণাই জাতিগত বৈষম্য, অস্পৃশ্যতা আদিৰ অসৱান হোৱাটো বিচাৰে। এই সমতাই সমাজৰ সকলোৱে নিজৰ নিজৰ ব্যক্তিত্ব আৰু প্ৰতিভা বিকাশৰ বাবে সমান সুযোগ-সুবিধা পাব বিচাৰে।

(গ) ৰাজনৈতিক সমতা: ৰাজনৈতিক সমতাই ৰাষ্ট্ৰ পৰিচালনাত সকলোৰে সমান অধিকাৰ সাব্যস্ত কৰাক বুজায়। এই সমতাই নাগৰিকসকলৰ ভোটদানৰ অধিকাৰ, শাসন কার্যত অংশ গ্রহণ কৰাৰ বাবে নিজা প্রতিনিধি নিৰ্বাচন কৰাৰ অধিকাৰ, নিজৰ নিজৰ যোগ্যতা অনুসৰি চাকৰি বা চৰকাৰী পদ পোৱাৰ পোষকতা কৰে।

(ঘ) অর্থনৈতিক সমতা: অর্থনৈতিক সমতাই সম্পদ আহৰণ আৰু ভোগ কৰাত সমান অধিকাৰৰ দাবী কৰে। কার্ল মার্ক্স অর্থনৈতিক সমতাৰ প্ৰৱক্তা আছিল। এই সমতা মতে ৰাষ্ট্ৰ এখনৰ সকলো নাগৰিকে ৰাষ্ট্ৰৰ পৰা সমান অর্থনৈতিক সুযোগ সুবিধা পোৱা উচিত। এই ধাৰণা অনুসৰি সমান কামৰ বাবে সমান মজুৰি, সকলোবে কাম পোৱাৰ অধিকাৰ ইত্যাদিক বুজায়।

(ঙ) আইনগত সমতা: আইনগত সমতা ‘আইনৰ চকুত সকলোৱে সমান’- এই ধাৰণাৰ ওপৰত প্রতিষ্ঠিত। সমাজত বসবাস কৰা সৰু-বৰ, ধনী-দুখীয়া আদি সকলো শ্ৰেণীৰ লোক আইনৰ দৃষ্টিত সমান সুযোগ-সুবিধা আৰু সমান ন্যায় পোৱাৰ অধিকাৰ আছে। দেশৰ সংবিধানে আইগত সমতা প্রদান কৰে। ন্যায়ালয় হৈছে আইনগত সমতা ৰক্ষা কৰাৰ অভিভাৱক।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×