Join WhatsApp

Join Now

Join Telegram

Join Now

যুক্ত ৰাষ্ট্ৰবাদ Class 11 Political Science Chapter 7 Solutions ২০২৫

By Rabbi Masrur

Updated On:

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘যুক্ত ৰাষ্ট্ৰবাদ‘ পাঠটিৰ Class 11 Political Science Chapter 7 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

যুক্ত ৰাষ্ট্ৰবাদ Class 11 Political Science Chapter 7 Solutions

যুক্তৰাষ্ট্ৰবাদ Class 11 Political Science Chapter 7 Solutions Notes

👉 Read Also:

যুক্ত ৰাষ্ট্ৰবাদ

শাখা-ক অধ্যায়- ৭

অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-১)

১। ভাৰত যুক্তৰাষ্ট্ৰত মুঠ ৰাজ্যৰ সংখ্যা কেইখন?

উত্তৰঃ ২৮ খন।

২। ভাৰতৰ সংবিধানত ‘যুক্তৰাষ্ট্ৰ’ শব্দটো উল্লেখ আছেনে?

উত্তৰঃ নাই। সংবিধানত ভাৰতক ‘ৰাজ্যসমূহৰ সংঘ’ বুলি কোৱা হৈছে।

৩। ৰাজ্যিক আইন আৰু কেন্দ্ৰীয় আইনৰ মাজৰ মতবিৰোধ হ’লে কোনখন আইন বাহাল থাকে?

উত্তৰঃ কেন্দ্রীয় আইন।

৪। সমবর্তীসূচীত কিমানটা বিষয় সন্নিবিষ্ট আছে?

উত্তৰঃ ৫২ টা।

৫। ৰাজ্যিক সূচীত কিমানটা বিষয় সন্নিবিষ্ট আছে?

উত্তৰঃ ৬৬ টা।

৬। কোনখন সূচীৰ অন্তৰ্ভূক্ত বিষয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ উভয়ে আইন প্রণয়ন কৰিব পাৰে?

উত্তৰঃ সমৱৰ্তী সূচী।

৭। ভাৰত যুক্তৰাষ্ট্ৰৰ অৱশিষ্ট ক্ষমতা কাৰ হাতত আছে?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ হাতত।

৮। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ‘ৰাজ্যসমূহৰ সংঘ’ বুলি ঘোষণা কৰা হৈছে?

উত্তৰঃ অনুচ্ছেদ ১।

৯। ‘ভাৰতৰ সংবিধানখন যুক্তৰাষ্ট্ৰ আৰু একাত্মক চৰকাৰৰ সংমিশ্রণ।’ কথাষাৰ কোনে কৈছিল?

উত্তৰঃ ডি ডি বাচুয়ে।

১০। কেন্দ্রীয় সূচীত নথকা এটা বিষয় উল্লেখ কৰা।

উত্তৰঃ বন।

১১। ভাৰত যুক্তৰাষ্ট্ৰৰ অভিভাৱক কোন?

উত্তৰঃ উচ্চতম ন্যায়ালয়।

১২। ভাৰতীয় সংবিধানত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ বাবে কেইখন তালিকা আছে?

উত্তৰঃ ৩ খন।

১৩। শিক্ষা ভাৰতীয় সংবিধানৰ কোনটো সূচীৰ অন্তৰ্ভূক্ত?

উত্তৰঃ সমৱৰ্তী সূচীৰ।

১৪। পৃথক সংবিধানৰ ব্যৱস্থ থকা ভাৰতৰ একমাত্র ৰাজ্যখনৰ নাম কি?

উত্তৰঃ জন্ম-কাশ্মীৰ।

১৫। ‘যুক্তৰাষ্ট্ৰ হ’ল এনে এখন ৰাজনৈতিক ব্যবস্থা য’ত ৰাজ্যিক অধিকাৰ ৰক্ষা কৰিও জাতীয় ঐক্য আৰু ক্ষমতা অটুট ৰখা হয়।’ কথাষাৰ কোনে কৈছিল?

উত্তৰঃ এ ভি ডাইচি।

১৬। ‘শক্তিশালী কেন্দ্ৰীয় প্ৰৱণতাৰ সৈতে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ।’ কথাষাৰ কোনে কৈছিল?

উত্তৰঃ আইভৰ জেনিংচে।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)

১। ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ’ল- (১) ভাৰতত দুই ধৰণৰ চৰকাৰ আছে। যেনে- কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ।

(২) ভাৰতবৰ্ষ শাসনৰ বাবে এখন লিখিত সংবিধান আছে।

২। সমৱৰ্তী সূচীৰ অন্তৰ্গত দুটা বিষয়ৰ নাম লিখা।

উত্তৰঃ সমৱৰ্তী সূচীৰ অন্তৰ্গত দুটা বিষয়ৰ নাম হ’ল:

(ক) শিক্ষা আৰু

(খ) বাতৰি কাকত।

৩। ৰাজ্যিক সূচীৰ অন্তৰ্ভূক্ত দুটা বিষয়ৰ নাম লিখা।

উত্তৰঃ ৰাজ্যিক সূচীৰ অন্তৰ্ভূক্ত দুটা বিষয়ৰ নাম হ’ল:

(ক) কৃষি আৰু

(খ) জনস্বাস্থ্য।

৪। কেন্দ্রীয় সূচীত থকা দুটা বিষয়ৰ নাম লিখা।

উত্তৰঃ কেন্দ্ৰীয় সূচীত থকা দুটা বিষয়ৰ নাম হ’ল:

(ক) প্ৰতিৰক্ষা আৰু

(খ) মুদ্রা।

৫। ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ দুটা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য হ’লঃ

(ক) এক নাগৰিকত্ব আৰু

(খ) কেন্দ্ৰীয় চৰকাৰৰ প্রাধান্য।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। সমৱৰ্তী সূচীৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰঃ সমবর্তী সূচী হৈছে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ এক সূচী। এই সূচীত অন্তৰ্ভূক্ত বিষয়বোৰৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য উভয়ে আইন প্রনয়ন কৰিব পাৰে। কিন্তু দুয়োখন চৰকাৰে প্ৰণয়ন কৰা আইনৰ মাজত বিবাদ হ’লে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা আইনহে বাহাল থাকে। এই সূচীত বর্তমান ৫২ টা বিষয় আছে। এই সূচীৰ অন্তৰ্গত বিষয় কেইটামান হ’ল- ফৌজদাৰী আইন, অর্থনৈতিক আৰু সমাজ পৰিকল্পনা, শ্রমিক কল্যাণ, শিক্ষা, বাতৰি কাকত, কিতাপ আৰু ছপাশাল, মূল্য নিয়ন্ত্রণ, বিবাহ আৰু বিবাহ বিচ্ছেদ, জন্ম-মৃত্যুৰ হিচাপ, টিকট শুল্ক ইত্যাদি।

২। কি কি পৰিস্থিতিত কেন্দ্রীয় বিধান মণ্ডলে ৰাজ্যিক সূচীৰ বিষয়ত আইন ৰচনা কৰিব পাৰে?

উত্তৰঃ ৰাজ্যিক সূচীৰ অন্তৰ্ভূক্ত বিষয়ৰ ওপৰত আইন প্রনয়নৰ ক্ষমতা ৰাজ্য চৰকাৰসমূহক প্ৰদান কৰা হৈছে যদিও কিছুমান পৰিস্থিতিত কেন্দ্রীয় বিধান মণ্ডলে ৰাজ্যিক সূচীৰ বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে। তেনে পৰিস্থিতি কেইটামান হ’ল-

(১) দুখন বা ততোধিক ৰাজ্যিক বিধান সভাই ৰাজ্যিক সূচীৰ বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিবলৈ অনুৰোধ কৰিলে।

(২) জৰুৰীকালীন অৱস্থা চলি থকা অৱস্থাত বিধান মণ্ডলৰ ইয়াৰ দুই-তৃতীয়াংশ সদস্যৰ সমর্থনত ৰাজ্যিক সূচীৰ কোনো এটা বিষয়ে জাতীয় গুৰুত্ব পোৱা বুলি প্রস্তাৱ গ্ৰহণ কৰিলে, কেন্দ্রীয় বিধান মণ্ডলে সেই ৰাজ্যিক সূচীৰ বিষয়টোৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে।

৩। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত সংঘাত সৃষ্টি হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত সংঘাত সৃষ্টি হোৱাৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হ’ল:

(ক) কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰৰ আইন-শৃঙ্খলা ব্যৱস্থাত হস্তক্ষেপ কৰিলে সংঘাতৰ সৃষ্টি হ’ব পাৰে। কাৰণ ৰাজ্যৰ আইন-শৃঙ্খলা বজাই ৰখাটো ৰাজ্য চৰকাৰৰ দায়িত্ব।

(খ) কোনো ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰি ৰাজ্য চৰকাৰক বৰ্খাস্ত কৰিলে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত হয়।

(গ) সংবিধানে ৰাজ্যবোৰৰ তুলনাত কেন্দ্ৰীয় চৰকাৰক অধিক আয়ৰ বা কৰ-কাটলৰ সুবিধা প্রদান কৰিলে আৰু ৰাজ্য চৰকাৰে উন্নয়নমূলক কাম-কাজত আর্থিক সংকটৰ সন্মুখীন হ’লে কেন্দ্র আৰু ৰাজ্যিক চৰকাৰৰ মাজত সংঘাতৰ উদ্ভৱ হ’ব পাৰে।

(ঘ) অৱশিষ্ট ক্ষমতাসমূহ ৰাজ্য চৰকাৰৰ হাতত নথকাটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সংঘাতৰ এক কাৰণ হ’ব পাৰে।

👉 Read Also:

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)

১। যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা? ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ হয় নে? যুক্তৰাষ্ট্ৰৰ প্রধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ যুক্তৰাষ্ট্ৰৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে দিছে যদিও অধ্যাপক কে চি হোৱেৰৰ মতে “যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত চৰকাৰৰ ক্ষমতাসমূহ সমগ্ৰ ৰাষ্ট্ৰৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত এনে ধৰণে বিতৰণ কৰা হয় যাতে উভয় চৰকাৰে নিজৰ নিজৰ ক্ষেত্ৰাধিকাৰত আইনগতভাৱে স্বাধীন হৈ থাকিব পাৰে।” ভাৰতীয় গণতন্ত্ৰত যুক্তৰাষ্ট্ৰৰ কিছুমান বৈশিষ্ট্য বিদ্যমান যদিও ভাৰতবৰ্ষক প্ৰকৃতাৰ্থত যুক্তৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি।

তলত যুক্তৰাষ্ট্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল:

(ক) দুই ধৰণৰ চৰকাৰ: যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে। যেনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্রীয় চৰকাৰ ৰাজ্যিক চৰাকৰৰ তত্বাৱধায়ক হিচাপে কাৰ্য পৰিচালনা কৰে। ভাৰত যুক্তৰাজ্যত দুই ধৰণৰ চৰকাৰ আছে।

(খ) সাংবিধানিক ভিত্তিত ক্ষমতা বিভাজন: যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতা ৰাজ্য আৰু কেন্দ্ৰৰ মাজত ভাগ হয়। ক্ষমতাৰ নির্দিষ্ট পৰিসৰৰ ভিতৰত থাকি প্রতিটো চৰকাৰে নিজস্ব স্বাধীনতা বজাই ৰাখে। ক্ষমতাৰ বিতৰণক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিবাদৰ সৃষ্টি হ’লে ন্যায়পালিকাই সাংবিধানিক ব্যৱস্থা অনুসৰি সেই বিবাদৰ মীমাংসা কৰে।

(গ) লিখিত সংবিধান: যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য হৈছে ইয়াৰ এক লিখিত সংবিধান থাকে। সংবিধানে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ কৰাৰ লগতে পৰস্পৰৰ কাৰ্য-পৰিধি নিৰ্ধাৰণ কৰি দিয়ে।

(ঘ) দ্বিদনযুক্ত কেন্দ্রীয় আইন সভা: যুক্তৰাষ্ট্ৰত দ্বিসদনযুক্ত আইন সভা থাকে। ইয়াৰ এটাক উচ্চ সদন আৰু আনটোক নিম্ন সদন বুলি কোৱা হয়। নিম্ন সদনটো জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা গঠিত হয়। উচ্চ সদনটো অংগ ৰাজ্যসমূহৰ প্ৰতিনিধিসকলৰ দ্বাৰা গঠিত হয়। ইয়াৰ নিম্ন সদনটো শক্তিশালী হয়।

(ঘ) যুক্তৰাষ্ট্ৰীয় আদালত: যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰখনৰ অভিভাৱক হিচাপে এখন ন্যায়ালয় থাকে। ন্যায়ালয়ে সংবিধানৰ ব্যাখ্যা দিয়াৰ উপৰিও ৰাজ্য সমূহ আৰু কেন্দ্ৰৰ মাজত উদ্ভৱ হোৱা বিবাদৰ মীমাংসা কৰে।

(ঙ) দ্বি-নাগৰিকত্ব: যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য হ’ল দ্বি- নাগৰিকত্ব। যুক্তৰাষ্ট্ৰৰ সকলো নাগৰিক গোটেই দেশখনৰ নাগৰিক হোৱাৰ উপৰিও তেঁলোকে বসবাস কৰা ৰাজ্যখনৰো নাগৰিক হয়। ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় যদিও ভাৰততত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা নাই।

(চ) ৰাজ্যিক সংবিধানৰ ব্যৱস্থাঃ যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য হৈছে সমগ্ৰ ৰাষ্ট্ৰ পৰিচালনাৰ বাবে এক সংবিধান থকাৰ উপৰিও ৰাজ্যসমূহেও নিজা নিজা সংবিধান প্রণয়ন কৰিব পাৰে। ভাৰতবৰ্ষক যদিও সততে যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, ইয়াৰ অংগ ৰাজ্যসমূহৰ কিন্তু নিজা সংবিধান প্রণয়নৰ ক্ষমতা নাই।

২। ভাৰতৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ কি কি আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত যুক্তৰাষ্ট্যৰ প্ৰায়বোৰ বৈশিষ্ট্য বিদ্যমান যদিও ইয়াৰ এনে কিছুমান বৈশিষ্ট্য আছে যিবোৰ একাত্মক বা অযুক্তৰাষ্ট্ৰীয়। তলত ভাৰতৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল-

(১) ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰত থকা ধৰণে দ্বি-নাগৰিকত্বৰ বৈশিষ্ট্য নাই। ইয়াৰ নাগৰিকসকলৰ এটা মাথোন পৰিচয় সেয়া সিহঁত ভাৰতীয় নাগৰিক।

(২) সংবিধান অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ইয়াৰ অংগ ৰাজ্যৰ ৰাজ্যপালসকলক নিযুক্তি দিয়ে আৰু ৰাজ্যপালসকলে কেন্দ্রীয় চৰকাৰৰ প্ৰতিনিধি স্বৰূপে কার্যনির্বাহ কৰে। কিন্তু প্রকৃত যুক্তৰাষ্ট্ৰত ৰাজ্যৰ মুৰব্বীসকলক ৰাজ্যৰ জনসাধাৰণে নির্বাচিত কৰে।

(৩) যুক্তৰাষ্ট্ৰত সৰ-বৰ সকলো ৰাজ্যৰে উচ্চ সদনত সমান প্রতিনিধিত্ব থাকে। কিন্তু ভাৰতবৰ্ষত উচ্চ সদনত ৰাজ্যসমূহৰ সম প্রতিনিধিত্ব নাই।

(৪) ভাৰতবৰ্ষত জৰুৰীকালীন অৱস্থা বাহাল থকা অৱস্থাত গোটেই ভাৰতবৰ্ষখন একাত্মক ৰাষ্ট্ৰত পৰিণত হয়। এনে অৱস্থাত ৰাজ্য চৰকাৰৰ প্ৰশাসন সম্পূর্ণরূপে কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ যায়।

(৫) ভাৰতীয় সংবিধানে কেন্দ্ৰীয় চৰকাৰক অধিক শক্তিশালী কৰি তুলিছে। অৱশিষ্ট ক্ষমতা ৰাজ্য চৰকাৰৰ হাতত অর্পণ নকৰি কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যাস্ত কৰা হৈছে।

(৬) প্রকৃত যুক্তৰাষ্ট্ৰত ৰাজ্যসমূহৰ সীমা বা নাম কেন্দ্ৰীয় চৰকাৰে সলনি কৰিব নোৱাৰে। কিন্তু ভাৰতবৰ্ষত সংসদে ৰাজ্যসমূহৰ নাম, সীমা আদি সলনি কৰিব পাৰে।

৩। যুক্তৰাষ্ট্ৰৰ গুণ আৰু দোষবোৰ আলোচনা কৰা।

উত্তৰঃ যুক্তৰাষ্ট্ৰ হৈছে এনে এক শাসন ব্যৱস্থা য’ত দুই ধৰণৰ চৰকাৰ থাকে ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে নিজৰ নিজৰ সাংবিধানিক পৰিসৰৰ ভিতৰত থাকি স্বাধীনভাবে কাৰ্য কৰিব পাৰে। যুক্তৰাষ্ট্ৰৰ গুণ আৰু দোষবোৰ

তলত উল্লেখ কৰা হ’ল:

যুক্তৰাষ্ট্ৰৰ গুণসমূহঃ

(১) যুক্তৰাষ্ট্ৰত সৰু-সৰু ৰাজ্যবোৰ একত্ৰিত কৰি এখন যুক্তৰাষ্ট্ৰ গঠন হয় বাবে শক্তিশালী হয়।

(২) বৃহৎ ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ উপযোগী। বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী লোক বাস কৰা ৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰীয় চৰকাৰ যুক্তিসংগত হয়।

(৩) যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰা হয়। ফলত অধিক সংখ্যক লোকে শাসন কার্যত অংশ গ্রহণ কৰাৰ সুবিধা পায়। জনসাধাৰণো ৰাজনৈতিকভাবে সচেতন হয়।

(৪) কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজন থকা বাবে কেন্দ্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ সম্ভাৱনা কম।
যুক্তৰাষ্ট্ৰৰ দোষসমূহ হ’ল:

(১) যুক্তৰাষ্ট্ৰত জাতীয় সংহতি বজাই ৰখাত নানান অসুবিধাই দেখা দিয়ে। কাৰণ বহু সময়ত ৰাজ্যই কেন্দ্ৰৰ নিয়ন্ত্ৰণ মানি চলিব লাগে।

(২) যুক্তৰাষ্ট্ৰই জৰুৰী অৱস্থাৰ সময়ত দ্রুত সিদ্ধান্ত ল’ব নোৱাৰে। ফলত কাৰ্যপন্থা গ্রহণ কৰাত লেহেম হয়।

(৩) যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যয়বহুল। দুই ধৰণৰ চৰকাৰ থকা বাবে খৰচ আৰু অপব্যয়ৰ মাত্ৰা বাঢ়ি যায়।

(৪) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত হোৱাৰ সম্ভাৱনা বেছি থাকে।

৪। ভাৰতৰ শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ সপক্ষে যুক্তি আগবঢ়োৱা।

উত্তৰঃ ভাৰতৰ সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষত এখন শক্তিশালী কেন্দ্রীয় চৰকাৰ প্ৰতিষ্ঠাৰ পক্ষপাতি আছিল। ইয়াৰ সপক্ষে তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰি –

(১) ভাৰতবৰ্ষৰ্ষ হৈছে নানান জাতি, উপজাতি, ভাষা-ভাষী, ধৰ্ম, সংস্কৃতিৰ লোকৰ বাসভূমি। এই সকল লোকৰ মাজত ঐক্য আৰু সংহতি বজাই ৰখাৰ বাবে শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ প্রয়োজন আছে।

(চ) ভাৰতবৰ্ষত শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ অভাৱৰ বাবেই দেশখন বিদেশী ইংৰাজসকলৰ হাতলৈ যায় আৰু বহু বছৰ ভাৰতীয়সকলে পৰাধীন হৈ থাকিব লগা হয়। ভবিষ্যতে এনে বিপদৰ আশংকা কৰিয়েই সংবিধান প্রণেতাসকলে শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ পোষকতা কৰিছিল।

(৩) ভাৰতৰ বিচ্ছিন্নতাবাদী শক্তিসমূহে ভাৰতৰ ঐক্য আৰু সংহতি বিনষ্ট কৰিব পৰাৰ সম্ভাৱনাৰ আংশকা কৰি সংবিধান প্রণেতাসকলে কেন্দ্ৰীয় চৰকাৰক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছিল।

(৪) বর্তমান যুগত আন্তর্জাতিক ৰাজনৈতিক পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিবলৈ এখন শক্তিশালী কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজন আছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×