Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক মূল্যবোধ শিক্ষা Class 12 Assamese Chapter 17 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
মূল্যবোধ শিক্ষা Class 12 Assamese Chapter 17 Solutions
মূল্যবোধ শিক্ষা – ডক্টৰ দুলুমণি গোস্বামী
গোট- ৩
মূল্যবোধ শিক্ষা আৰু কৈশোৰ শিক্ষা (নম্বৰ ১০)
লেখক পৰিচয়ঃ ডক্টৰ দুলুমণি গোস্বামী এজন অসমীয়া শিক্ষাবিদ, প্ৰৱন্ধকাৰ আৰু গৱেষক। তেওঁ বর্তমান গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা বিভাগত সহযোগী অধ্যাপক হিচাপে কার্যনির্বাহ কৰি আছে। ইয়াৰ আগতে তেওঁ উত্তৰ কামৰূপ মহাবিদ্যালয়, বৰমা মহাবিদ্যালয় আৰু নগাওঁ মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল। তেওঁৰ কেইবাখনো গবেষণা-পত্র ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন আলোচনাচক্রত পঠিওৱা হৈছে। সম্প্রতি তেওঁ ইংৰাজীত লিখা ‘Literacy and Develop-ment with Special Reference to North-East India’ শীর্ষক গ্রন্থখন প্রকাশিত হৈছে।
কঠিন শব্দৰ অৰ্থ :
মোক্ষ: মুক্তি, সংসাৰৰ বন্ধনৰ পৰা মোচন। সত্যম্, শিবম্, সুন্দৰম্ঃ নন্দনতাত্ত্বিক সুখ বা আনন্দজনক। কুকুৰঃ কুকুৰ। শৃগাল: শিয়াল। গর্দভ: গাধ।
পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:
(ক) অতি চমু প্রশ্ন (প্ৰতিটোৰ মূল্যাংক: ১)
১। ভাৰত বৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? H.S. ’18
উত্তৰ ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ শিক্ষা।
২। প্রথম অবস্থাত ‘মূল্য’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?
উত্তৰ: প্ৰথম অৱস্থাত ‘মূল্য’ শব্দটো অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল।
৩। নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’বেল’ (moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?
উত্তৰ: নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’বেল’ (moral) লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ পৰা আহিছে।
৪। মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ কি? H.S. ‘124
উত্তৰ: মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠহে। অর্থাৎ সৌন্দর্যবোধ নিৰ্ভৰ কৰে সম্পূৰ্ণৰূপে ব্যক্তিৰ নিজস্ব গ্রহণযোগ্য ক্ষমতাৰ ওপৰত।
৫। ‘ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?
উত্তৰ: বাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা প্রশিক্ষণ পৰিষদে মুঠ ৮৪ টা মূল্যবোধ চিনাক্ত কৰিছে।
(খ) চমু প্রশ্ন (প্রতিটোৰ মূল্যাংক: ২। ৩)
১। আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি? H.S. ’24
উত্তৰ: ‘আদর্শবাদী দার্শনিক সকলৰ মতে মূল্যবোধ তিনিটা, যথাঃ সত্যম-শিৱম-সুন্দৰম। আদর্শবাদী মূল্যবোধৰ পৰিৱৰ্তন নহয়।
২। ভাৰতীয় দর্শনে মূল্যবোধক কেইটা শ্রেণীত ভাগ কৰিছে আৰু কি কি? H.S. ’18
উত্তৰ: ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ চিন্তা যথেষ্ট প্রাচীন। ভাৰতীয় দর্শন হৈছে মূল্যবোধৰ দৰ্শন। ভাৰতীয় দর্শন পাশ্চাত্য দৰ্শনৰ দৰে কেৱল ৰহস্যৰ পৰা সৃষ্টি হোৱা নাই; বৰং প্রয়োজনীয়তাৰ ফলতহে সৃষ্টি হৈছে। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্রয়োজনীয়তাৰ পৰা ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় দর্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে, যথা ধর্ম, অর্থ, কাম আৰু মোক্ষ।
৩। প্রকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?
উত্তৰ: প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। মানুহ সামাজিক জীব। গতিকে কেৱল ব্যক্তিৰ প্রয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি। ব্যক্তিৰ প্রয়োজন পূৰণ কৰা বস্তুক মূল্যবান নহয় বুলি ক’ব নোৱাৰি। কিন্তু ব্যক্তিৰ প্রয়োজন পূৰণে যদি আনব অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহ’লে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক’ব নোৱাৰি। সেয়েহে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা উচিত।
৪। সহজ অর্থত মূল্যবোধ মানে কি? H.S. ’18
উত্তৰ: ‘মূল্যবোধ’ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। সমাজত প্রচলিত ধর্মীয় জীৱন, জীৱন দর্শন, ৰাজনৈতিক আদর্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী- এই সকলোবোৰ মূল্যবোধে সামৰি লয়। আকৌ মূল্যবোধসমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ব কৰে সামাজিক পৰিবেশতহে।
৫। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?
উত্তৰ: মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। যেনেঃ
(ক) যুক্তিনিষ্ঠতাঃ শিশুবে সম্মুখীন হোৱা বিভিন্ন পৰিৱেশ যুক্তিনিষ্ঠভাবে বিচাৰ বিশ্লেষণ কৰা।
(খ) পৰোপকাৰিতাঃ অন্য মানুহৰ সুখ-দুখৰ প্রতি সহানুভূতিশীল হোৱা আৰু প্রয়োজন সাপেক্ষে সহায় কৰা।
(গ) দায়িত্ববোধঃ সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্রুটিসমূহ স্বীকাৰ কৰি লোৱা।
(ঘ) নৈতিক স্বতন্ত্রতা: নিজস্বভাবে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা।
(গ) দীঘল প্রশ্ন (প্রতিটোৰ মূল্যাংক: ৪। ৫)
১। ‘আদর্শবাদী দার্শনিক সকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি? বুজাই লিখা। H.S. 17
উত্তৰ: আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আধ্যাত্মিক মূল্যবোধৰ লগত ধর্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াই হয় যেতিয়া মানুহৰ মাজত প্রেম, সহযোগিতা, ভক্তি, সংযম, উদাৰতা আদি গুণবোৰ বৃদ্ধি পায়। শ্রীমন্ত শংকৰদেৱে কোৱাৰে দৰে, ‘কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্রণাম।’
২। নন্দন তাত্ত্বিক মূল্যবোধ কি কি বিষয় সামৰি লয় আলোচনা কৰা। H.S. ’19
নাইবা
‘নন্দনতাত্ত্বিক’ মূল্যবোধ সম্পর্কে চমুকৈ লিখা।
নাইবা
নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠী কি? H.S. ’20
উত্তৰ: যি মূল্যবোধে মানৰ জীৱনটো সুন্দৰ কৰি তোলে আৰু সামাজিক জীৱনত শান্তি প্রদান। কৰে সেয়াই নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক মূল্যবোধ তিনিটা নীতিৰ ওপৰত প্রতিষ্ঠিত, সেয়া হ’ল সত্যম, শিৱম আৰু সুন্দৰম। জীবন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যায়ন হ’ব পাৰে। মানুহৰ সকলো কার্য একে চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পর্যায়ত মূল্যায়ন কৰা হয়। গতিকে মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠি।
৩। চিৰন্তন মূল্যবোধ সম্পর্কে চমুকৈ বুজাই লিখা। H.S. ’18
উত্তৰ: আদর্শবাদী দার্শনিকসকলৰ মতে, সত্যম-শিৱম-সুন্দবম এই তিনিটা চিন্তন মূল্যবোধ। চিৰন্তন মূল্যবোধ স্থায়ী তথা অপৰিৱৰ্তনীয়। এই মূল্যবোধসমূহ সমাজত আগৰে পৰা বিদ্যমান। মানুহৰ দায়িত্ব হ’ল কেৱল এইবোৰ আবিষ্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধ ভাৰতীয় সমাজত প্রাচীন কালৰ পৰাই আছে। আন কথাত ক’বলৈ গ’লে, ভাৰতীয় সামাজিক জীৱন ব্যৱস্থা চিৰন্তন মূল্যবোধৰ ওপৰত প্রতিষ্ঠিত।
৪। নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা।
উত্তৰ: নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘মবেল’ (Moral) শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ পৰা যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ। নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদর্শ জড়িত হৈ থাকে। মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে। ক্রমে সামাজিক সংস্পর্শলৈ অহাৰ পিছত পৰিৱেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামুহিক নীতি-নিয়মসমূহ আয়ত্ব কৰে। কেবল জন্মগত প্রবৃত্তিসমূহে মানুহক সামাজিক জীব হিচাপে গঢ়ি তুলিব নোৱাৰে। ইয়াৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদর্শ আৰু মনোভাব। সংক্ষেপতে ক’বলৈ গ’লে, নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায়। অর্থাৎ সামাজিক নীতি-নিয়ম মানি চলাটোৱেই হৈছে নৈতিক মূল্যবোধ।
৫। মূল্যবোধ সম্পর্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা।
নাইবা
সহজ অর্থত মূল্যবোধ মানে কি? H.S. ’20
উত্তৰ: ‘মূল্যবোধ’ বুলিলে আমি এক উচ্চ আদর্শাত্মক জীবন প্রণালীক বুজো যি জীৱন প্রণালীয়ে সামাজিক ন্যায়, সহযোগিতা, পৰোপকাৰ, অহিংসা, সমতা, সততা আদি গুণবোৰ বজাই ৰাখি শান্তিপূর্ণ জীবন-যাপন কৰিবলৈ শিকায়।
অতিৰিক্ত প্রশ্ন-উত্তৰ:
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়াঃ
(ক) ভাৰতৰ শিক্ষা ব্যৱস্থাত মূল্যবোধৰ ধাৰণাটো কেনে ধৰণে আহিছে চমুকৈ লিখা।
নাইবা
‘ভাৰতীয় দর্শনত ‘মূল্যবোধ’ সম্পর্কে চমুকৈ লিখা। H.S. ’20
নাইবা
‘ভাৰতীয় দর্শন হৈছে ‘মূল্যবোধৰ দৰ্শন’ -ব্যাখ্যা কৰা। H.S. ’24
উত্তৰ: মূল্যবোধ বুলিলে আমি এক উচ্চ আদর্শাত্মক জীবন প্রণালীক বুজো যি জীৱন প্রণালীয়ে সামাজিক ন্যায়, সহযোগিতা, পৰোপকাৰ, অহিংসা, সমতা, সততা আদি গুণবোৰ বজাই ৰাখি শান্তিপূর্ণ জীবন-যাপন কৰিবলৈ শিকায়।
ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ চিন্তা যথেষ্ট প্রাচীন। ভাৰতীয় দর্শন হৈছে মূল্যবোধৰ দৰ্শন। ভাৰতীয় দর্শন পাশ্চাত্য দৰ্শনৰ দৰে কেৱল ৰহস্যৰ পৰা সৃষ্টি হোৱা নাই; বৰং সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্রয়োজনীয়তাৰ পৰা ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় মূল্যবোধে সত্যম, শিৱম, সুন্দৰম- এই ত্রিনীতিৰ ওপৰত প্রতিষ্ঠিত। ভাৰতীয় দর্শনে মূল্যবোধক চাৰিটা শ্রেণীত ভাগ কৰিছে, যথা ধর্ম, অর্থ, কাম আৰু মোক্ষ।
ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থা আছিল মূল্যবোধ আধাৰিত। সমাজত মানুহে মর্যাদা-সম্পন্নভাবে জীয়াই থাকিবলৈ হ’লে মূল্যবোধৰ সৃষ্টি আৰু বিকাশ অতি প্রয়োজনীয়। মূল্যবোধ অবিহনে প্রকৃততে মানুহ আৰু অন্য জীব-জন্তুৰ মাজত বিশেষ প্রভেদ নাই। আন কথাত ক’বলৈ হ’লে, মূল্যবোধৰ জৰিয়তেহে মানুহে প্রকৃত জীৱন নিৰ্বাহৰ পদ্ধতি সম্পর্কে জ্ঞান আহৰণ কৰিব পাৰে। মূল্যবোধে মানুহৰ সামাজিক জীৱন পৰিচালিত কৰে। সেয়ে প্রাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত মূল্যবোধ সৃষ্টিত গুৰুত্ব দিয়া হৈছিল।
(খ) মূল্যবোধ বুলিলে কি বুজা? পাঠ টিৰ আধাৰত চমুকৈ লিখা।
উত্তৰ: মূল্যবোধৰ ধাৰণা মানুহৰ কৰ্ম আৰু চিন্তাৰ লগত ইমান গভীৰ আৰু বিস্তৃতভাবে জড়িত হৈ আছে যে ইয়াৰ ব্যাখ্যা আগবঢ়োৱাটো অতি কঠিন। প্রথম অবস্থাত ‘মূল্য’ শব্দটো অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল। বহল অর্থত চাবলৈ গ’লে ‘মূল্য’ হৈছে কোনো বস্তু বা অৱস্থা বা কার্য, যিয়ে ব্যক্তিৰ প্রয়োজন বা ইচ্ছা পুৰণ কৰে। গতিকে মূল্য শব্দই সেইবোৰ বস্তুকে উনুকিয়ায় যিবোৰ ব্যক্তিয়ে বিচাৰে। কিন্তু ‘মূল্যবোধ শিক্ষা’ নামৰ প্ৰৱন্ধটিৰ লিখক ডক্টৰ দুলুমণি গোস্বামীৰ মতে, ‘মূল্যবোধ’ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকা নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। সমাজত প্রচলিত ধর্মীয় জীৱন, জীবন দর্শন, বাজনৈতিক আদর্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী- এই সকলোবোৰ মূল্যবোধে সামৰি লয়। আকৌ মূল্যবোধসমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ব কৰে সামাজিক পৰিৱেশতহে।
(গ) মূল্যবোধ সম্পর্কে প্রকৃতি বাদী আৰু প্রয়োগবাদীসকলৰ মত চমুকৈ আলোচনা কৰা।
উত্তৰ: মূল্যবোধ সম্পর্কে প্রকৃতিবাদী আৰু প্রয়োগবাদীসকলে ভিন ভিন মতবাদ আগবঢ়াইছে। প্রকৃতিবাদী দার্শনিকসকলে মূল্যবোধৰ ক্ষেত্রত বস্তুবাদী জগতখনৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তেওঁলোকৰ মতে বস্তু বা প্রকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে। আনহাতে প্রয়োগবাদী দার্শনিকসকলে কোনো ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে। তেওঁলোকৰ মতে মূল্যবোধৰ সৃষ্টি সমাজে কৰে আৰু সমাজেই মূল্যবোধৰ পৰিৱৰ্তন কৰে। প্ৰকৃততে মূল্যবোধ সম্পূর্ণরূপে সমাজৰ পৰিবেশ আৰু প্রয়োজনীয়তা সাপেক্ষে পৰিবৰ্তন হয়। সমাজৰ পৰিৱৰ্তনৰ লগে লগে নতুন নতুন মূল্যবোধৰ সৃষ্টি হয়।
(ঘ) মূল্যবোধৰ অবক্ষয় বাধা দিবলৈ ছাত্র- ছাত্রীসকলৰ কৰণীয় কি চমুকৈ বুজাই লিখা।
উত্তৰঃ বৰ্তমান সমাজত মূল্যবোধৰ অৱক্ষয় মনকৰিবলগীয়া। মানৱ সভ্যতা বিশেষ জ্ঞান আৰু বৈষয়িক দিশত বহুত আগবাঢ়ি গৈ আছে যদিও মূল্যবোধৰ অবক্ষয় হৈ আছে। এই অবক্ষয় বাধা দিবলৈ আমাৰ এটা কৰণীয় কাম হৈছে সকলো মানুহেই নৈতিক আৰু আধ্যাত্মিক শিক্ষা গ্রহণ কৰিব লাগিব। কিয়নো অকল নৈতিকতা আৰু আধ্যাত্মিকতাইহে মানুহৰ মাজত মানবীয় গুণৰ বিকাশ কৰিব পাৰে। নৈতিক আৰু আধ্যাত্মিক শিক্ষাই সততা, পৰোপকাৰ, সত্যনিষ্ঠতা, সমতা, অহিংসা, ভাতৃত্ববোধ আদি গুণৰ বিকাশ কৰিব পাৰে। সেয়ে শিক্ষা জীৱনৰ আৰম্ভণিৰ পৰাই ছাত্র-ছাত্রীসকলে নৈতিক আৰু আধ্যাত্মিক শিক্ষা গ্রহণ কৰা উচিত।
২। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া: (মূল্যাংক: ১)
(ক) ‘নৈতিক’ শব্দটোৰ ইংৰাজী প্রতিশব্দটো কি? H.S. ’24
উত্তৰ: ‘নৈতিক’ শব্দটোৰ ইংৰাজী প্রতিশব্দটো হ’ল মৰেল (Moral)।
(খ) ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ব কৰে?
উত্তৰ: ব্যক্তিয়ে শিক্ষা আৰু সামাজিক পৰিবেশৰ পৰা মূল্যবোধ আয়ত্ব কৰে।
(গ) লেটিন ভাষাৰ ‘ম’বীজ’ শব্দটোৰ অৰ্থ কি?
উত্তৰ: লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ অৰ্থ হ’ল আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ।
(ঘ) ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?
উত্তৰ: ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছে।
(ঙ) মূল্যবোধে সমাজত প্রচলিত কোনবোৰ দিশক সামৰি লয়?
উত্তৰ: সমাজত প্রচলিত কিছুমান ধর্মীয় বিশ্বাস, নৈতিক আদর্শ, জীৱন দৰ্শন, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী আদি সকলো দিশকে সামৰি লয়।
(চ) বিভিন্ন প্ৰকাৰৰ মূল্যবোধসমূহ কি কি?
উত্তৰ : বিভিন্ন প্ৰকাৰৰ মূল্যবোধবোৰ হ’ল-নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, নান্দনিক মূল্যবোধ, অর্থনৈতিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ আৰু ৰাজনৈতিক মূল্যবোধ।
(ছ) ভাৰতীয় দর্শন কিহৰ ওপৰত প্ৰতিষ্ঠিত?
উত্তৰ: ভাৰতীয় দর্শন তিনিটা প্রধান মূল্যবোধ যেনে সত্যম, শিৱম, সুন্দৰমৰ ওপৰত প্রতিষ্ঠিত।
(জ) মনোবিজ্ঞানীসকলে শিশুৰ কি কি বিশেষ চাৰিটা আচৰণৰ কথা উল্লেখ কৰিছে?
উত্তৰ: মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বাবে উল্লেখ কৰা চাৰিটা বিশেষ আচৰণৰ দিশ হ’ল (ক) যুক্তিনিষ্ঠতা, (খ) পৰোপকাৰিতা, (গ) দায়িত্ববোধ আৰু (ঘ) নৈতিক স্বতন্ত্রতা।
(ঝ) প্লেটোৰ মতে সৌন্দর্যবোধ কেনেধৰণৰ?
উত্তৰ: প্লেটোৰ মতে সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দর্য আছে। ঐশ্বৰিক ধ্যান ধাৰণাৰ দ্বাৰা সেই সৌন্দর্য উপলব্ধি কৰিব লাগে।
(ঞ) ধৰ্ম কি? কামৰ সৈতে ইয়াৰ সম্পর্ক কি?
উত্তৰ: ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কর্তব্য সম্পর্কে সকিয়াই দিয়ে। ধর্মই অর্থ আৰু কামক পৰিচালনা কৰে।
(ট) মূল্যবোধ সম্পর্কে আদর্শ বাদী দার্শনিকসকলৰ দৃষ্টিভংগী কেনে ধৰণৰ?
উত্তৰ: আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম্ শিৱম্ সুন্দৰম এই তিনিটা চিৰন্তন মূল্যবোধ। এইবোৰৰ কোনো পৰিৱৰ্তন নাই। মানুহৰ দায়িত্ব হ’ল এইবোৰ সমাজৰ পৰা আৱিষ্কাৰ কৰা আৰু উপলব্ধি কৰা।
(ঠ) নন্দনতত্ত্ব সম্পর্কে পণ্ডিতসকলৰ দৃষ্টিভংগী কেনেধৰণৰ?
উত্তৰ: নন্দনতত্ত্ব সম্পর্কে পণ্ডিতসকলে কয় যে ই কেৱল ইন্দ্রিয়গ্রাহ্য বস্তুৰ ক্ষেত্রতহে প্রযোজ্য। অপার্থিব বস্তুৰ ক্ষেত্রত ইয়াক প্রয়োগ কৰিব নোৱাৰি।
(ড) মূল্যবোধসমূহৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি চাৰিটা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা। H.S. ’19
উত্তৰ: মূল্যবোধৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি উল্লেখযোগ্য চাৰিটা প্ৰকাৰ হ’ল: (ক) নৈতিক মূল্যবোধ, (খ) আধ্যাত্মিক মূল্যবোধ, (গ) অর্থনৈতিক মূল্যবোধ আৰু (ঘ) নান্দনিক মূল্যবোধ।
(ক) মূল্যবোধৰ ‘ত্রিনীতি’ কি? H.S. ’19
উত্তৰ: মূল্যবোধৰ ‘ত্রিনীতি’ হৈছে: সত্যম, শিৱম, সুন্দম। ই পৰম্পৰাগত ভাৰতীয় মূল্যবোধ।