Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক মিলন Class 12 Assamese Chapter 11 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
মিলন Class 12 Assamese Chapter 11 Solutions
মিলন – নলিনীবালা দেৱী
কবি পৰিচয়ঃ নলিনীবালা দেবী (১৮৯৮- ১৯৭৭) হৈছে অসমীয়া ভাষাৰ এজনী অতিন্দ্রীয় বহস্যবাদী (আধ্যাত্মিক) কবি। তেওঁৰ জন্ম হয় অসমৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ৰ ঔৰষত গুৱাহাটীত। নিচেই সৰু কালতে তেওঁৰ বিয়া হয়। উনৈশ বছৰ বয়সত তাইৰ স্বামী বিয়োগ হয়। ইয়াৰ পিছত দুটি সন্তানকো হেৰুৱায়। স্বামী আৰু সন্তান হেৰুৱা বেদনাত হৃদয়-মন ব্যথিত হৈ উঠাত তেখেতে ঘৰতে বাংলা আৰু সংস্কৃত সাহিত্য অধ্যয়ন কৰিবলৈ লয় আৰু লগে লগে কাব্য সাধনাত ব্রতী হয়। তেখেতৰ সৰহভাগ কবিতাতে অতিন্দ্ৰীয় ৰহস্যবাদী সুৰ প্ৰধ্বিনিত হৈছে। তেওঁ ৰচনা কৰা কাব্য পুথিবোৰ হৈছে সপোনৰ সুৰ, সন্ধিয়াৰ সুৰ, পৰশমণি, অলকানন্দা, অন্তিমৰ সুৰ আদি। স্মৃতিতীর্থ আৰু বিশ্বদীপা তাইৰ আত্মজীবনীমূলক গ্রন্থ। তেখেতৰ সৰহভাগ কবিতাই আত্ম-মনৰ শোক, দুখ, বেদনা আৰু কাৰুণ্যৰ কাব্যিক ছন্দোময় অভিব্যক্তি।
১৯৬৮ চনত ‘অলকানন্দা’ কবিতা পুথিৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৫৪ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ ত্রয়োবিংশ অধিবেশনৰ তাই সভানেত্রী আছিল। ১৯৫৮ চনত ভাৰত চৰকাৰে তাইক ‘পদ্মশ্রী’ উপাধি প্রদান কৰে। ১৯৭৭ চনত তেওঁৰ মৃত্যু হয়।
কঠিন শব্দৰ অৰ্থঃ
আৰাধ্য: পুজনীয়, উপাস্য। দৰশন: দর্শন, সাক্ষাৎ। জীৱনৰ নিষুতি: নিশ্চুপ, নিতাল। তন্দ্রাঃ টোপনি, নিদ্রা। উষা: ধলপুৱা, দোকমোকালি। অৰুণ: বেলি, সূর্য।
পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:
(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১)
১। নলিনীবাল দেবীক কি কবিৰূপে জনা যায়?
উত্তৰ: নলিনীবালা দেবী অতীন্দ্রিয়বাদী কবি বুলি জনা যায়।
২। নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? H.S. ’17
উত্তৰ: নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ’ল: ‘এৰি অহা দিনবোৰ’।
৩। ‘জাগৃতি’ কাব্যগ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?
উত্তৰ: নলিনীবালা দেৱীৰ ‘জাগৃতি’ কাব্যগ্রন্থখনৰ মাজেদি ৰহস্যবাদী ভাব আৰু ভগবৎ-প্ৰীতিৰ মনোভাব প্রকাশ পাইছে।
৪। ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে?
উত্তৰ: ‘মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি সৃষ্টিকর্তা ভগৱানক বুজাইছে।
৫। নলিনীবাল দেবীয়ে কোনখন কাব্যগ্রন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ: নলিনীবালা দেবীয়ে ‘অলকানন্দা’ কাব্যগ্রন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভকৰিছিল।
(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ২/৩)
১। নলিনীবালা দেবীয়ে ৰচনা কৰা দুখন জীবনী গ্ৰন্থৰ নাম লিখা। H.S.L.C. ’18
উত্তৰ: নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীমূলক গ্ৰন্থৰ নাম হ’ল – ‘স্মৃতিতীর্থ’ আৰু ‘বিশ্বদীপা’।
২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰশন দিয়ে?
উত্তৰ: কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্তিত্বক হৃদয়ৰ মাজত অনুভৱ কৰে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিৰ আৰাধ্য দেৱতাজনে তেওঁক দেখা দিয়ে। অর্থাৎ পৰমজনৰ অস্তিত্ব কবিয়ে ভিন ভিন ৰূপত অনুভৱ কৰে।
৩। কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা কৈছে?
উত্তৰ: কবিয়ে ‘আছা বুলি মোৰ নিজান কোণত’ বুলি পৰম আৰাধ্য দেৱতা পৰম ঈশ্বৰৰ কথা কৈছে। অর্থাৎ কবিয়ে নিজৰ হৃদয়ত পৰম ঈশ্বকৰক সকলো সময়তে অনুভৱ কৰি থাকে।
৪। কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি?
উত্তৰ: কবিয়ে ভাবে যে বিশ্ব ব্রহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ মাজেদিয়ে পৰম ঈশ্বৰৰ অস্তিত্ব প্রকাশ পাই আছে। সেয়ে কবিৰ মতে ৰাতি পুৱা নিয়ৰৰ মালা গাঁথি পৰম ঈশ্বৰেই তেওঁক দেখা দিয়ে।
৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
উত্তৰ ভাগৰুৱা হৈ টোপনিৰ কোলত থাকিলে কবিয়ে পৰম ঈশ্বৰকেই দেখা পায়। অর্থাৎ কবিৰ মতে ঈশ্বৰ সৰ্বব্যাপী।
(গ) দীঘল প্রশ্ন (প্ৰতিটোৰ মূল্যাংকঃ ৪/৫)
১। নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্ৰকাশ পাইছে? তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা। H.S. ’18
উত্তৰ: নলিনীবালা দেবী অতীন্দ্রিয় ৰহস্যবাদী কবি। অতীন্দ্রিয় কবিসকলে সকলোতে ঈশ্বৰৰ অস্তিত্ব অনুভব কৰাৰ দৰে কবি নলিনীবালা দেবীয়েও আৰাধ্যজনৰ অস্তিত্ব বিশ্বৰ সকলোতে উপলব্ধি কৰিছে। নলিনীবালা দেৱীৰ ‘মিলন’ নামৰ কবিতাটিৰ মাজেদি এই ভাবটোরে প্রতিধ্বনিত হৈছে, কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্তিত্ব নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে। কবিয়ে এই অনুভৱক পৰমজনৰ লগত অন্তহীন মিলন বুলি অভিহিত কৰিছে।
২। ‘মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে, আলোচনা কৰা। H.S. ’17
উত্তৰ: ‘মিলন’ নামৰ কবিতাটিত কবিয়ে পৰমশ্বেৰৰ লগত নিজৰ আত্মাৰ মিলন হোৱাৰ কথা বুজাব বিচাৰিছে। কবিয়ে সপোনে-দিঠকে পৰমজনৰ অত্ত্বিক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য সুষমাই কবিৰ ভগবৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে অৰ্থাৎ ঈশ্বৰ আত্মাৰ লগত নিজৰ আত্মাৰ মিলন হোৱা বুলি অনুভৱ কৰে।
৩। কবিয়ে পৰম আৰাধ্যজনক কত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা।
উত্তৰ: কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্তিত্ব নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য সুষমাই কবিৰ ভগবৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন দেখা পায় বুলি কৈছে।
৪। ‘কবিয়ে তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা।
উত্তৰ: কবিয়ে ‘মিলন’ নামৰ কবিতাটিত ঈশ্বৰৰ লগত নিজৰ আত্মাৰ অনন্ত মিলন হোৱা বুলি ক’ব বিচাৰিছে। নিশাৰ জোনকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক সজীব কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ৰূপত দেখা পায় বুলি কৈছে অর্থাৎ কবিয়ে ঈশ্বৰ আত্মাৰ লগত নিজৰ আত্মাৰ মিলন হোৱা বুলি অনুভৱ কৰে।
৫। কবিতাটিৰ মজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে, চমুকৈ আলোচনা কৰা।
নলিনীবালা দেবী অতীন্দ্রিয় বহাস্যবাদী অর্থাৎ আধ্যাত্মিক ভাবধাৰাৰ কবি। অতীন্দ্রিয় কবিসকলে সকলোতে ঈশ্বৰৰ অস্তিত্ব অনুভব কৰাৰ দৰে কবি নলিনীবালা দেবীয়েও আৰাধ্যজনৰ অস্তিত্ব বিশ্বৰ সকলোতে উপলব্ধি কৰিছে।
নলিনীবালা দেৱীৰ ‘মিলন’ নামৰ কবিতাটিৰ মাজেদি এই ভাবটোরে প্রতিধ্বনিত হৈছে। কবিয়ে সপোন-দিঠকে পৰমজনৰ অত্ত্বিক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্রতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে। কবিয়ে এই অনুভৱক পৰমজনৰ লগত অন্তহীন মিলন বুলি অভিহিত কৰিছে। এনেদৰে কবিয়ে ‘মিলন’ নামৰ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি ব্যক্ত কৰিছে।
অতিৰিক্ত প্রশ্ন-উত্তৰ:
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া: (মূল্যাংকঃ ১)
(ক) ‘বিশ্বদী পা’ শীর্ষক জীবনীমূলক গ্রন্থখনৰ ৰচক কোন? H.S. ’20
উত্তৰ: ‘বিশ্বদ্বীপা’ জীৱনীমূলক গ্ৰন্থখনৰ ৰচক হ’ল- নলিনীবালা দেৱী।
(খ) সাহিত্য একাডেমী বঁটাৰে সন্মানিত হোৱা প্রথমগৰাকী অসমৰ মহিলা কবি কোন?
উত্তৰ: নলিনীবালা দেবী।
(গ) নলিনীবালা দেবী কোন চনত, কোন স্থানত বহা অসম সাহিত্য সভাৰ সভাপতি হৈছিল?
উত্তৰঃ ১৯৫৪ চন, যোৰহাটত বহা অসম সাহিত্য সভা অধিবেশনত।
(ঘ) নলিনীবালা দেবীক ভাৰত চৰকাৰে কি উপাধিৰে বিভূষিত কৰিছিল?
উত্তৰ: পদ্মশ্রী।
(ঙ) ‘মিলন’ কবিতাটি নলিনীবালা দেৱীৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত?
উত্তৰ: সন্ধিয়াৰ সুৰ।
(চ) নলিনীবালা দেবীৰ স্বদেশপ্ৰেমৰ সুৰ প্রকাশিত হোৱা কাব্য সংকলন দুখনৰ নাম কি? H.S. ’19, ’24
উত্তৰ: ‘যুগ দেৱতা’ আৰু ‘জাগৃতি’।
(ছ) নলিনীবালা দেবীৰ আধ্যাত্মিক ভাবৰ প্রতিধ্বনি থকা কাব্য সংকলন দুখনৰ নাম কি? H.S. ’20
উত্তৰ: ‘সন্ধিয়াৰ সুৰ’ আৰু ‘পৰশমণি’।
(জ) নলিনীবালা দেৱীৰ পিতৃৰ নাম কি?
উত্তৰ: কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ।
(ঝ) নলিনীবালা দেৱীৰ কবিতাৰ মূল সুৰ কি? H.S. ’19
উত্তৰ: নলিনীবালা দেৱীৰ কবিতাৰ মূল সুব হ’ল অতীন্দ্রিয় ৰহস্যবাদী সুৰ।
(ঞ) অর্থ লিখাঃ ভূষণ, যদিস্যাতো। H.S. ’20
উত্তৰ: ‘ভূষণ’ শব্দৰ অৰ্থ হ’ল মূৰৰ মুকুট আৰু ‘যদিস্যাতো’ শব্দৰ অৰ্থ হ’ল যদিও।
(ট) নলিনীবালা দেবীৰ জন্ম ক’ত হৈছিল?
উত্তৰ: নলিনীবালা দেৱীৰ জন্ম হৈছিল গুৱাহাটীত।
২। নলিনীবালা দেবীৰ পিতৃৰ নাম কি আছিল?
উত্তৰ: কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ।