Join WhatsApp

Join Now

Join Telegram

Join Now

বিধানমণ্ডল Class 11 Political Science Chapter 5 Solutions ২০২৫

By Rabbi Masrur

Updated On:

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘বিধানমণ্ডল‘ পাঠটিৰ Class 11 Political Science Chapter 5 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

বিধানমণ্ডল Class 11 Political Science Chapter 5 Solutions

বিধানমণ্ডল Class 11 Political Science Chapter 5 Solutions

👉 Read Also:

বিধানমণ্ডল

শাখা-ক অধ্যায়-৫

অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-১)

১। কোনখন সদনত বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি?

উত্তৰঃ নিম্ন সদনত (লোক সভাত)।

২। লোকসভাত নির্ণায়ক ভোট কোনে দিব পাৰে?

উত্তৰঃ লোকসভাৰ অধ্যক্ষই।

৩। ভাৰতৰ সংসদ ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভাক লৈ গঠিত – কথাষাৰ সঁচানে?

উত্তৰঃ সঁচা।

৪। ৰাজ্যসভাৰ সদস্য হোৱাৰ নিম্নতম বয়স কিমান?

উত্তৰঃ ৩০ বছৰ।

৫। দ্বিসদনযুক্ত বিধান সভা থকা এখন ভাৰতীয় ৰাজ্যৰ নাম লিখা।

উত্তৰঃ বিহাৰ।

৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চ সদনখনৰ নাম কি?

উত্তৰঃ চিনেট।

৭। সংসদৰ যুটীয়া অধিবেশন কোনে আহ্বান কৰিব পাৰে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে।

৮। এখন বিল বিত্ত বিষয়ক হয় নে নহয় কোনে নির্ণয় কবে?

উত্তৰঃ লোকসভাৰ অধ্যক্ষই।

৯। লোকসভাৰ সদস্য হোৱাৰ নিম্নতম বয়স কিমান?

উত্তৰঃ ২৫ বছৰ।

১০। ভাৰতৰ নিম্ন সদনক কি বুলি জনা যায়?

উত্তৰঃ লোকসভা।

১১। ভাৰতৰ উচ্চ সদন কোনটো?

উত্তৰঃ ৰাজ্যসভা।

১২। ৰাজ্যসভাৰ কাৰ্যকাল কেইবছৰ?

উত্তৰঃ ৬ বছৰ।

১৩। বাজ্যসভাই বিত্তীয় বিল এখন পোৱাৰ কিমান দিনব ভিতৰত লোকসভালৈ ঘূৰাই দিব লাগে?

উত্তৰঃ ১৪ দিনৰ ভিতৰত।

১৪। সংসদৰ যুটীয়া অধিবেশনত কোনে সভাপতিত্ব কৰে?

উত্তৰঃ লোকসভাৰ অধ্যক্ষই।

১৫। লোকসভাত কোনে বাজেট দাখিল কৰে?

উত্তৰঃ বিত্ত মন্ত্ৰীয়ে।

১৬। সংসদৰ অধিবেশন এবছৰত কমেও কেইবাৰ অনুষ্ঠিত হ’ব লাগে?

উত্তৰঃ ৪ বাৰ।

১৭। সংসদৰ যুটীয়া অধিবেশন কোনে আহ্বান কৰে?

উত্তৰঃ ৰাষ্ট্ৰপতিয়ে।

১৮। লোকসভাৰ দুখন অধিবেশনৰ মাজত কিমান দিনৰ বেছি ব্যবধান থাকিব নোৱাৰে?

উত্তৰঃ ৬ মাহ।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)

১। ৰাজ্যসভাৰ দুটা কার্য উল্লেখ কৰা।

উত্তৰঃ ৰাজ্যসভাৰ দুটি কার্য হ’ল:

(ব) আইন প্রণয়নত অংশ গ্রহণ কৰা আৰু কৰা. (২) ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নির্বাচনত অংশ গ্রহণ

২। লোকসভাৰ অধ্যক্ষক কেনেকৈ অপসাৰিত কৰিব পাৰি?

উত্তৰঃ লোকসভাৰ অধ্যক্ষৰ কাৰ্যকাল পাঁচ বছৰ যদিও তেওঁৰ কার্যকালৰ আগতে পদৰ পৰা অপসাৰিত কৰাৰ ব্যৱস্থা আছে। লোকসভাই সংখ্যা গৰিষ্ঠ সদস্যৰ ভোটত প্রস্তাব গ্রহণ কৰি অধ্যক্ষক অপসাৰিত কৰিব পাৰে। অপসাৰণৰ প্ৰস্তাৱ উত্থাপন কৰাৰ ১৪ দিন আগতে অধ্যক্ষলৈ জাননী জাৰি কৰিব লাগে। অপসাৰণৰ প্রস্তাৱ আলোচনা কৰা সভাত অধ্যক্ষই অধ্যক্ষতা কৰিব নোৱাৰে। অধ্যক্ষই আত্মপক্ষ সমর্থনত উপস্থিত থাকি বক্তব্য আগবঢ়াব পাৰে।

৩। কোন কোন ক্ষেত্ৰত সংসদৰ উভয় সদনৰ যুটীয়া অধিবেশন আহ্বান কৰা হয়?

উত্তৰঃ ভাৰতৰ সংবিধানৰ ১০৮ নং অনুচ্ছেদ অনুসৰি নিম্নলিখিত অবস্থাত সংসদৰ যুটীয়া অধিবেশন আহ্বান কৰা হয়-

(ব) লোকসভাই গৃহীত কৰা কোনো এখন বিলত যদি ৰাজ্যসভাই বিৰোধিতা কৰে, তেন্তে ৰাষ্ট্ৰপতিয়ে বিষয়টো মীমাংসা কৰিবলৈ সংসদৰ যুটীয়া অধিবেশন আহ্বান কৰিব পাৰে।

(চ) যদি এখন সদনে দিয়া সংশোধনী বিধেয়ক গ্রহণ কৰিবলৈ আনখন সদনে অস্বীকাৰ কৰে তেতিয়াও সংসদৰ যুটীয়া অধিবেশন অনুষ্ঠিত হ’ব পাৰে।

৪। ৰাজ্যসভাৰ সদস্য হ’বলৈ কি কি যোগ্যতাৰ প্রয়োজন?

উত্তৰঃ ৰাজ্য সভাৰ সদস্য হ’বলৈ নিম্ন লিখিত যোগ্যতা থকাৰ প্রয়োজন-

(১) প্রার্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।

(২) প্রার্থীজনৰ বয়স কমেও ৩০ বছৰ হ’ব লাগিব।

(৩) কেন্দ্রীয়, ৰাজ্যিক বা স্থানীয় কর্তৃপক্ষৰ অধীনত কোনো লাভজনক পদত চাকৰি কৰিব নোৱাৰিব।

(৪) তেওঁ দেউলীয়া বা বিকৃত মস্কিষ্কৰ ব্যক্তি বা দণ্ডিত অপৰাধী হ’ব নালাগিব।

৫। সংসদৰ দুটা ক্ষমতা উল্লেখ কৰা।

উত্তৰঃসংসদৰ দুটা ক্ষমতা হ’ল:

(ক) সংসদে সমগ্র দেশৰ বাবে আইন প্রণয়ন কৰিব পাৰে।

(খ) সংসদে ৰাষ্ট্ৰৰ বিত্ত নিয়ন্ত্ৰণ কৰিব পাৰে।

৬। ৰাজ্যসভা কিদৰে গঠিত হয়?

উত্তৰ: সংবিধানৰ ৮০ (১) অনুচ্ছেদ অনুসৰি মুঠ ২৫০ জন সদস্যক লৈ ৰাজ্যসভা গঠিত হয়। ইয়াৰ ২৩৮ গৰাকী ৰাজ্যৰ বিধানসভা আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ দ্বাৰা নিৰ্বাচন কৰি পঠিওৱা হয় আৰু বাকী ১২ গৰাকী সদস্য ৰাষ্ট্ৰপতিয়ে সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্রত প্রতিষ্ঠা কৰা ব্যক্তিসকলৰ মাজৰ পৰা নিযুক্ত কৰে।

৭। লোকসভা কেনেদৰে গঠিত হয়?

উত্তৰ: সংবিধানৰ ৮১ নং অনুচ্ছেদ অনুসৰি লোকসভাৰ সদস্য সংখ্যা ৫৪৭ জন। ইয়াৰ ৫২৫ গৰাকী ৰাজ্যসমূহৰ পৰা, ২০ গৰাকী কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা প্রত্যক্ষভাবে নির্বাচিত হৈ আহে আৰু ২ গৰাকী সদস্য ৰাষ্ট্ৰপতিয়ে এংলো-ইণ্ডিয়ান গোষ্ঠীৰ পৰা মনোনীত কৰে।

৮। বিল আৰু আইনৰ মাজত পার্থক্য কি?

উত্তৰঃ বিল হ’ল আইনৰ প্ৰাথমিক অবস্থা। আইন প্রণয়নৰ বাবে সংসদত উত্থাপিত প্রস্তাবক ‘বিল’ বুলি কোৱা হয়। যেতিয়া এখন বিলক দুয়োটা সদনত গৃহীত হৈ ৰাষ্ট্ৰপতিৰ সন্মতি লাভকৰে, তেতিয়া সেই বিলখনক ‘আইন’ বুলি কোৱা হয়।

👉 Read Also:

৯। ভাৰতৰ সংসদৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ সংসদৰ চাৰিটা বৈশিষ্ট্য হ’ল:

(ক) ভাৰতৰ সদন দ্বিসদনযুক্ত।

(খ) ইয়াৰ উচ্চ সদন স্থায়ী।

(গ) নির্দিষ্ট কার্যকাল শেষ হোৱাৰ আগতে নিম্ন সদন ৰাষ্ট্ৰপতিয়ে ভংগ কৰি দিব পাৰে।

১০। বিধানসভাৰ সদস্য হ’বলৈ কি কি যোগ্যতাৰ প্রয়োজন হয়?

(ঘ) সংসদ হ’ল ভাৰতৰ সৰ্বোচ্চ আইন প্রণয়নকাৰী সংঘ।

উত্তৰঃ ৰাজ্যৰ বিধানসভাৰ সদস্য হ’বৰ বাবে নিম্ন লিখিত যোগ্যতাৰ প্রয়োজন হয়।

(ক) তেওঁ ভাৰতীয় নাগৰিক হ’ব লাগিব।

(খ) তেওঁৰ বয়স ২৫ বছৰৰ কম হ’ব নালাগিব।

(গ) তেওঁ কোনো লাভজনক পদবীত থাকিব নোৱাৰিব।

(ঘ) সংসদে নির্ধাৰণ কৰি দিয়া অৰ্হতা তেওঁৰ থাকিব লাগিব।

১১। ৰাজ্যিক বিধান সভাৰ সর্বনিম্ন আৰু সর্বোচ্চ সদস্য সংখ্যা কিমান?

উত্তৰঃ ৰাজ্যিক বিধান সভাৰ সর্বোচ্চ সদস্য সংখ্যা ৫০০ জন আৰু সর্বনিম্ন সদস্য সংখ্যা ৬০ জন।

চমু প্রশ্নোত্তবঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। ভাৰতৰ সংসদ সার্বভৌমত্ব সংস্থা নহয়’- যুক্তি দেখুৱা।

উত্তৰঃ ভাৰতৰ সংসদক নিম্ন লিখিত কাৰণবোৰৰ বাবে সার্বভৌম সংস্থা বুলি ক’ব নোৱাৰি।

(ক) ভাৰতৰ উচ্চতম ন্যায়ালয়ে সংসদ প্রণীত কোনো আইনক অসাংবিধানিক বুলি ঘোষণা কৰি বাতিল কৰি পাৰে।

(খ) সংসদে সংবিধানৰ পৰিপন্থী কোনো আইন প্রণয়ন কৰিব নোৱাৰে।

(গ) অকল সংসদে সংবিধান সংশোধন কৰিব নোৱাৰে।

(ঘ) জনসাধাৰণৰ মৌলিক অধিকাৰ ভংগ কৰা কোনো আইন সংসদে প্রণয়ন কৰিব নোৱাৰে।

২। সংসদৰ চাৰিটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ সংসদ দ্বিসদনযুক্ত উচ্চ সদন (ৰাজ্যসভা) আৰু নিম্ন সদন (লোকসভা)। ইয়াৰ চাৰিটা কাৰ্য হ’ল

(ক) সংসদে সমগ্র দেশৰ বাবে আইন প্রণয়ন কৰে।

(খ) সংসদে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক অপসাৰণ কৰিব পাৰে।

(গ) সংসদে মন্ত্রীসভাক নিয়ন্ত্রণ কৰিব পাৰে। অর্থাৎ মন্ত্রীসভা সংসদৰ ওচৰত দায়িত্বশীল।

(ঘ) সংসদৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি নির্বাচনত অংশ গ্রহণ কৰিব লাগে।

২। লোকসভা আৰু ৰাজ্যসভাৰ মাজত পার্থক্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় সংসদ লোকসভা আৰু ৰাজ্যসভাৰ দ্বাৰা গঠিত। ইয়াৰ লোকসভাখন হ’ল নিম্ন সদন আৰু ৰাজ্যসভাখন হ’ল উচ্চ সদন। লোকসভা আৰু ৰাজ্যসভাৰ মাজত কিছু পার্থক্য আছে। যেনে-

(ক) ভাৰতীয় সংসদৰ লোকসভা হ’ল প্রধান সদন। আনহাতে ৰাজ্যসভা হ’ল সংসদৰ দ্বিতীয় সদন।

(খ) লোকসভাৰ সদস্যসকলক প্রত্যক্ষভাবে নিৰ্বাচন কৰা হয়। আনহাতে ৰাজ্যসভাৰ সদস্যসকলক পৰোক্ষভাৱে নির্বাচিত কৰা হয়।

(গ) লোকসভা অস্থায়ী সদন। ইয়াৰ কাৰ্যকাল পাঁচ বছৰ যদিও পৰিস্থিতি সাপেক্ষে ৰাষ্ট্ৰপতিয়ে লোকসভা ভংগ কৰি দিব পাৰে। আনহাতে ৰাজ্যসভা স্থায়ী সদন। ইয়াৰ কাৰ্যকাল ছয় বছৰ।

(ঘ) লোকসভাই জনসাধাৰণক প্রতিনিধিত্ব কৰে। আনহাতে ৰাজ্যসভাই ৰাজ্যসমূহক প্রতিনিধিত্ব কৰে।

(ঙ) তুলনামূলকভাবে লোকসভা ৰাজ্যসভাতকৈ অধিক ক্ষমতাসম্পন্ন। কাৰণ লোকসভাৰ সংখ্যা গৰিষ্ঠ দলৰ পৰা মন্ত্রীসভা গঠন হয়। মন্ত্রীসভা লোকসভাৰ ওচৰতহে দায়ী: ৰাজ্যসভাৰ ওচৰত নহয়।

ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)

১। লোকসভাৰ কাৰ্য আৰু ক্ষমতা আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ সংসদ দ্বিসদনীয়া। ইয়াৰ নিম্ন সদনক লোকসভা বুলি কোৱা হয়। বর্তমান লোকসভাৰ আসনৰ সংখ্যা ৫৪৭ খন। জনসংখ্যাৰ ভিত্তিত বিভিন্ন ৰাজ্যৰ ভোটাৰসকলে প্রত্যক্ষ ভোটদান পদ্ধতিৰে লোকসভাৰ সদস্যসকলক নির্বাচন কৰে। নিৰ্বাচনৰ সুবিধাৰ্থে ৰাজ্যসমূহক কিছুমান সমষ্টিত বিভক্ত কৰি, বিশেষকৈ পাঁচ লাখ জনসংখ্যাৰ মাজৰ পৰা এজন সদস্য লোকসভালৈ নিৰ্বাচন কৰা হয়। লোকসভাই জনসাধাৰণক প্রতিনিধিত্ব কৰে। লোকসভাৰ কাৰ্য পৰিচালনা কৰাৰ বাবে এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ থাকে।
তলত লোকসভাৰ ক্ষমতা আৰু কার্যাবলী চমুকৈ আলোচনা কৰা হ’ল।

(১) আইন প্রণয়ন: লোকসভাৰ প্রধান কাম হ’ল আইন প্রণয়ন কৰা। লোকসভাই কেন্দ্রীয় তালিকাত থকা ৯৭ টা বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে। সমৱৰ্তী বিষয়ৰ ওপৰতো ই আইন প্রনয়ণ কৰিব পাৰে। যিকোনো বিল আইনত পৰিণত হ’বলৈ লোকসভাৰ অনুমোদনৰ প্রয়োজন

(২) প্রশাসনীয় ক্ষমতা: সংবিধান মতে মন্ত্রী পৰিষদ লোকসভাৰ ওচৰত দায়বদ্ধ। লোকসভাই চৰকাৰৰ নীতি-নিয়মবোৰ সমালোচনা কৰাৰ পূৰ্ণ স্বাধীনতা আছে। লোকসভাই মন্ত্রী পৰিষদৰ বিৰুদ্ধে অনাস্থা প্রস্তাব গ্রহণ কৰি মন্ত্ৰী পৰিষদৰ পতন ঘটাব পাৰে।

(৩) বিত্তীয় ক্ষমতা: লোকসভাৰ আন এক প্রধান ক্ষমতা হৈছে ই ৰাষ্ট্ৰখনৰ ৰাজকোষ নিয়ন্ত্ৰণ কৰে। লোকসভাৰ সন্মতি অবিহনে চৰকাৰে অর্থ সংগ্রহ বা ব্যয় কৰিব নোৱাৰে। লোকসভাত বাজেট উত্থাপন আৰু গ্ৰহণ কৰা হয়।

(৪) নির্বাচনী ক্ষমতা: লোকসভাৰ সদস্যসকলে ৰাষ্ট্রপতি আৰু উপৰাষ্ট্ৰপতি নির্বাচনত অংশ গ্রহণ কৰিব লাগে।

(৫) সংবিধান সংশোধনৰ ক্ষমতা: লোকসভা আৰু ৰাজ্যসভা উভয়ে মিলি সংবিধান সংশোধন কৰিব পাৰে। সংবিধান সংশোধনৰ ক্ষেত্রত দুয়ো সদন ক্ষমতাশালী যদিও সংসদৰ যুটীয়া বৈঠকত লোকসভাই আধিপত্য লাভ কৰে।

(৬) ন্যায়িক ক্ষমতা: লোকসভাই বাষ্ট্রপতিৰ বিৰুদ্ধে সংবিধান অবমাননা কৰাৰ অভিযোগত মহাঅভিযোগ প্রস্তার আনিব পাৰে। উভয় সদনৰ সংখ্যাগৰিষ্ঠ ভোটত প্রস্তাৱৰ জৰিয়তে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক লোকসভাই অপসাৰণ কৰিব পাৰে।

(৭) অন্যান্য ক্ষমতা: ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন অৱস্থাৰ ঘোষণা লোকসভাৰ দ্বাৰা অনুমোদিত হ’ব লাগে। নতুন ৰাজ্য সৃষ্টি বা কোনো ৰাজ্যৰ সীমা পৰিৱৰ্তন কৰাত লোকসভাৰ সন্মতিৰ প্রয়োজন।
মুঠতে লোকসভাৰ কাৰ্য আৰু ক্ষমতা বহুত। জনসাধাৰণৰ আশা-আকাঙ্খা লোকসভাই প্রতিফলিত কৰে। প্ৰকৃতাৰ্থত ভাৰতৰ শাসনকার্য লোকসভাৰ দ্বাৰাই পৰিচালিত হোৱা বুলি ক’লেও বঢ়াই কোৱা নহয়।

২। লোকসভাৰ অধ্যক্ষৰ ক্ষমতা আৰু কার্যাবলী আলোচনা কৰা।

উত্তৰঃ লোকসভা গঠন হোৱাৰ পিছত সদস্যসকলে সিহঁতৰ মাজৰ পৰা এজনক অধ্যক্ষ হিচাপে নির্বাচন কৰে। সাধাৰণতে সংখ্যাগৰিষ্ঠ দলৰ পৰাই অধ্যক্ষ নির্বাচিত হয়। সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন উপাধ্যক্ষও নির্বাচন কৰে। অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষই লোকসভা পৰিচালনা কৰে। লোকসভাৰ অধ্যক্ষই বহুত ক্ষমতা ভোগ কৰে। তেওঁৰ ক্ষমতা আৰু কৰ্যাৱলী তলত চমুকৈ দাঙি ধৰা হ’ল।

(১) লোকসভাৰ অধ্যক্ষৰ প্রধান কাম হ’ল লোকসভাৰ অধিবেশনত সভাপতিত্ব কৰা আৰু সভাৰ শান্তি শৃঙ্খলা বজাই ৰখা।

(২) অধ্যক্ষই লোকসভাৰ সদস্যসকলৰ অধিকাৰ ৰক্ষা কৰিব লাগে। কোনো সদস্যৰ অধিকাৰ ভংগ হ’লে অধ্যক্ষই যথাবিহিত ব্যৱস্থা গ্রহণ কৰিব লাগে।

(৩) কোনো বিধেয়ক বিত্ত বিষয়ক হয, নে নহয় এই লৈ মতানৈক্য হ’লে অধ্যক্ষই চূড়ান্ত সিদ্ধান্ত ল’ব লাগে।

(৪) কোনো ব্যক্তিয়ে সদনক অৱমাননা কৰিলে অধ্যক্ষই যথাবিহিত ব্যবস্থা গ্রহণ কৰি শাস্তি বিহিব পাৰে।

(৫) সংসদৰ যুটীয়া অধিবেশনতো লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰিব লাগে।

(৬) লোকসভাত কোনো বিষয়ৰ ওপৰত মতানৈক্যৰ সৃষ্টি হ’লে বা সপক্ষে-বিপক্ষে সমান ভোট হ’লে অধ্যক্ষই নির্ণায়ক ভোট দিব পাৰে।

(৭) লোকসভাৰ বিভিন্ন সমিতিসমূহৰ সভাপতিসকলক অধ্যক্ষই নিযুক্তি দিয়ে।

৩। সংসদৰ আইন প্রণয়ন পদ্ধতিটো আলোচনা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ১০৭-১১২ নং অনুচ্ছেদ লৈ সংসদৰ আইন প্রণয়ন প্রক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে। এখন সাধাৰণ বিধেয়ক আইনত পৰিণত হ’বলৈ তলত উল্লেখিত পর্যায়কেইটা অতিক্ৰম কৰিব লাগে।

যেনে-

(১) এখন সাধাৰণ বিধেয়ক সংসদৰ যিকোনো এটা সদনত উত্থাপন কৰিব পাৰি। এজন মন্ত্রী বা সদস্যই বিধেয়ক উত্থাপন কৰি বিধেয়কখনৰ উদ্দেশ্য ব্যাখ্যা কৰে।

(২) দ্বিতীয় পর্যায়ত বিলখনৰ ওপৰত সাধাৰণ আলোচনা হয় আৰু ভোট লোৱা হয়। কেতিয়াবা এখন বিল এক নির্বাচিত কমিটিলৈ পঠিয়াই দিয়া হয়। কমিটিখনে বিলখনৰ সকলো দিশ পুংখানুপুংখভাৱে পৰীক্ষা কৰে।

(৩) তৃতীয় পর্যায়ত বিলখনৰ প্রতিটো দিশ বিশ্লেষণ কৰি প্রয়োজনীয় সংশোধনীৰ প্রস্তাৱ দিয়া হয়।

(৪) চতুর্থ পর্যায়ত বিলখন সন্দর্ভত সদনত ভোট লোৱা হয় আৰু বিলখন গ্রহণ কৰা হয় বা নাকচ কৰা হয়।

(৫) পঞ্চম পর্যায়ত, এটা সদনে বিলখন গ্রহণ কৰিলে, বিলখন আনটো সদনলৈ পঠিওৱা হয়।

(৬) ষষ্ঠ পর্যায়ত, বিলখন দুয়ো সদনত গৃহীত হ’লে, ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ লগে লগে বিলখন আইনত পৰিণত হয়।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×