উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘বিকাশ‘ পাঠটিৰ Class 11 Political Science Chapter 20 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
বিকাশ Class 11 Political Science Chapter 20 Solutions
👉 Read Also:
- সংবিধানঃ কিয় আৰু কেনেকৈ প্রশ্ন উত্তৰ
- ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ প্রশ্ন উত্তৰ
- নির্বাচন আৰু প্রতিনিধিত্ব প্রশ্ন উত্তৰ
- কার্যপালিকা প্রশ্ন উত্তৰ
- বিধানমণ্ডল প্রশ্ন উত্তৰ
বিকাশ
শাখা-খ অধ্যায়- ১০
অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)
১। মেধা পাটেকাৰ কোনটো আন্দোলনৰ লগত জড়িত?
উত্তৰঃ নর্মদা বাচাও আন্দোলন।
২। কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ চিন্তা কোনে প্রথমে কৰিছিল?
উত্তৰঃ জার্মান চেঞ্চেলৰ বিছমার্কে।
৩। বিকাশৰ এটা পৰিপাৰ্শ্বিক প্ৰভাৱ উল্লেখ কৰা।
উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধি।
৪। ৰাজনৈতিক অৱনতিৰ ধাৰণা কোনে আগবঢ়াইছিল?
উত্তৰঃ চেমুৱেল পি হান্টিনটনে।
৫। ‘Aspects of Political Development’ গ্রন্থখন কোনে লিখিছিল?
উত্তৰঃ লুচিয়ান পাই।
৬। ভাৰতৰ পৰিকল্পনা আয়োগ কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৫১ চনত।
৭। বিকাশৰ এটা প্রত্যাহ্বান উল্লেখ কৰা।
উত্তৰঃ নিৰক্ষতা।
৮। ইলেকট্রনিক আবৰ্জনাৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ মোবাইল ফোন।
৯। নবীকৰণ অযোগ্য শক্তি এটাৰ নাম লিখা।
উত্তৰঃ পেট’লিয়াম।
চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-২)
১। বিকাশ মানে কি?
উত্তৰঃ সাধাৰণ অৰ্থত বিকাশে আর্থ-সামাজিক উন্নয়নক বুজায়। বহল অর্থত বিকাশ শব্দটোরে প্রগতি, সুস্থিৰতা, আৰু উন্নত জীৱন নিশ্চিতকৰণক বুজায়।
২। অর্থনৈতিক পৰিকল্পনা কি?
উত্তৰঃ ৰাষ্ট্ৰৰ দ্বাৰা নিৰ্দ্ধাৰিত নীতি অনুযায়ী অর্থনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰি জীৱন নিৰ্বাহৰ মান উন্নয়নৰ কাৰণে যি সুনির্দিষ্ট পৰিকল্পনা গ্রহণ কৰা হয় তাকে অর্থনৈতিক পৰিকল্পনা বোলে।
৩। মানুহৰ মৌলিক প্রয়োজনসমূহ কি কি?
উত্তৰঃ মানুহৰ জীৱনৰ নিৰ্বাহৰ বাবে মৌলিক প্রয়োজন তিনিটা যেনেঃ অন্ন, বস্ত্ৰ আৰু বাসস্থান। ইয়াৰ উপৰিও বর্তমান বিশুদ্ধ খোৱা পানী, চিকিৎসা সেৱা, শিক্ষা আদিকো মৌলিক প্রয়োজন বুলি বিবেচনা কৰা হয়।
৪। অর্থনৈতিক উন্নয়ন মানে কি?
উত্তৰঃ অর্থনৈতিক উন্নয়ন হৈছে দেশৰ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি উৎপাদন ব্যৱস্থাৰ উন্নয়ন সাধন কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাকে বুজায়।
👉 Read Also:
- ন্যায়পালিকা প্রশ্ন উত্তৰ
- যুক্তৰাষ্ট্ৰবাদ প্রশ্ন উত্তৰ
- স্থানীয় চৰকাৰ প্রশ্ন উত্তৰ
- জীৱন্ত দলিলৰ ৰূপত সংবিধান প্রশ্ন উত্তৰ
- সাংবিধানিক দর্শন প্রশ্ন উত্তৰ
৫। বিকাশৰ এটি সংজ্ঞা দিয়া।
উত্তৰঃ বেডনাৰৰ মতে, ‘বিকাশ হ’ল জাতি গঠন, আর্থ-সামাজিক প্রগতি আৰু আধুনিকীকৰণৰ দিশত পৰিচালিত এক প্রক্রিয়া।
৬। ৰাজনৈতিক বিকাশ বুলিলে কি বুজা?
উত্তৰঃ ৰাজনৈতিক অনুষ্ঠান আৰু সংস্থাসমূহলৈ পদ্ধতিগত পৰিৱৰ্তন কঢ়িয়াই অনা প্রক্রিয়াটোক ‘ৰাজনৈতিক বিকাশ’ বুলি ক’ব পাৰি।
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)
১। বিকাশৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বিকাশৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ
(ক) বিকাশ হ’ল অৱধাৰিতভাবে পৰিৱৰ্তিত এক ধাৰণা। ই স্থিৰও নহয়, একমুখীও নহয়।
(খ) বিকাশ হ’ল লক্ষ্যকেন্দ্রিক এক প্রক্রিয়া।
(গ) বিকাশ আৰু আধুনিকীকৰণৰ মাজত ওচৰ সম্পৰ্ক আছে।
(ঘ) বিকাশ হ’ল এটা বহুমুখী প্রক্রিয়া। ইয়াৰ লগত কেইবাটাও উন্নয়নৰ দিশ জড়িত থাকে।
(ঙ) সুস্থিৰতা আৰু শান্তি-শৃঙ্খলা বজাই ৰখাটো বিকাশৰ আন এক বৈশিষ্ট্য।
২। ৰাজনৈতিক বিকাশ প্রক্রিয়াত সহায় কৰা তিনিটা উপাদান উল্লেখ কৰা।
উত্তৰঃ ৰাজনৈতিক বিকাশ প্রক্রিয়াত সহায় কৰা কেইটামান
উপাদান হ’ল:
(১) গণ-সংযোগৰ মাধ্যম যেনেঃ বাতৰি কাকাত, টেলিভিছন, কথাছবি আদিয়ে সামাজিক আৰু ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰি ৰাজনৈতিক বিকাশ লাভত সহায় কৰে।
(২) অর্থনৈতিক উন্নয়নেও ৰাজনৈতিক বিকাশ সম্ভৱ কৰি তোলে।
(৩) জনশিক্ষায়ো ৰাজনৈতিক বিকাশ প্রক্রিয়াত সহায় কৰে।
৩। চিপকো আন্দোলন কোন চনত হৈছিল? ইয়াৰ মূল লক্ষ্য কি আছিল?
উত্তৰঃ ১৯৭২ চনত চিপকো আন্দোলন হৈছিল। এই আন্দোলনৰ মূল নেতা আছিল মেধা পটেকাৰ। ইয়াৰ মূল লক্ষ্যসমূহ আছিল:
(১) অৰণ্যত গছ কটা ঠিকাধাৰী ব্যৱস্থাৰ বিলোপ সাধন কৰা। ইয়াৰ পৰিৱৰ্তে সমবায় আৰু গ্রাম্য প্রতিষ্ঠানৰ যোগেদি গছ কটা আৰু গছৰোপন কৰাৰ ব্যৱস্থা কৰা।
(২) বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা লোকসকলৰ দৈনন্দিন প্রয়োজন অনুসৰি সম্পদ আহৰণৰ সুবিধা দিয়া।
(৩) সংবেদনশীল অৱবাহিকা অঞ্চলত বনানীকৰাণ কৰা আৰু গছ কটা বন্ধ কৰা।
(৪) বন বিভাগে বনাঞ্চলত ল’ব খোজা যিকোনো প্রকল্প বা নির্মাণ কাৰ্য ৰূপায়ণ কৰাৰ আগতে তেনে কাৰ্যৰ দ্বাৰা পৰিস্থিতিতন্ত্রক কিদৰে প্ৰভাৱিত কৰিব পাৰে সেই বিষয়ে অধ্যয়ন কৰি তথ্য সংগ্রহ কৰা।
৪। গ্রীণ পিছ ইন্টাৰনেচনেলৰ মূল লক্ষ্যবোৰ কি কি?
উত্তৰঃ গ্রীণ পিছ ইন্টাৰনেচনেলৰ মূল লক্ষ্যবোৰ হ’ল:
(ক) পৃথিৱীৰ জীৱমণ্ডল সংৰক্ষণ কৰা আৰু সম্ভৱ হ’লে পূর্বাৱস্থালৈ ঘূৰাই অনা।
(খ) পৰিবেশৰ ক্ষতিকাৰক কামৰ বিৰোধিতা কৰা আৰু শান্তিপূর্ণ আন্দোলন গঢ়ি তোলা।
(গ) পৰিবেশ ধ্বংসকাৰী পাৰমাণবিক পৰীক্ষাবোৰ বন্ধ কৰা।
৫। বিকাশৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক প্রতিক্রিয়া আলোচনা কৰা।
উত্তৰঃ বিকাশৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক প্রতিক্রিয়া তলত চমুকৈ আলোচনা কৰা হ’ল।
(ক) বিকাশৰ সামাজিক প্রভাব: বিকাশৰ সামাজিক প্রভাব নিৰাশবাদী। ই সামাজিক জীৱনত নিৰাপত্তাহীনতা আৰু বিশৃঙ্খলতা আনয়ন কৰিছে। বৃহৎ বান্ধ নির্মাণ, উদ্যোগিক কামকাজ, অন্যান্য প্রকল্প আদিৰ বাবে বহুতো লোকে নিজ স্থানৰ পৰা স্থানচ্যুত হৈছে। বহুত লোক জীবিকা উপাৰ্জন কৰিবলৈ নানান ঠাইত ঘূৰি ফুৰিব লগা হৈছে। জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে। গাওঁ অঞ্চলত দৰিদ্ৰ লোকৰ সংখ্যা বৃদ্ধি পাইছে। সিহঁতৰ সাংস্কৃতিক জীবন ক্ষতিগ্রস্ত হৈছে।
(খ) পাৰিপাৰ্শ্বিক প্রতিক্রিয়া: বিকাশৰ কুপ্ৰভাৱ পৰিবেশৰ ওপৰতো বহুলভাবে পৰিছে। প্রাকৃতিক দুর্যোগ বৃদ্ধি পাইছে। গোলকীয় উষ্ণতা বৃদ্ধি পাই অনাগত প্ৰজন্মৰ জীৱন জটিল কৰি তুলিছে। বায়ুমণ্ডলত কার্বন দাই অক্সাইডৰ মাত্ৰা বাঢ়ি গৈ জীৱ জগতৰ বহু ক্ষতি সাধন কৰি আছে। ভূমিত কীটনাশক দ্রব্য প্রয়োগ কৰাৰ ফলস্বৰূপে ভূমিৰ প্রাকৃতিক শক্তি হ্রাস পাইছে।
এনেদৰে বিকাশৰ কুপ্রভাবে মানব সভ্যতাত প্রতিক্ৰয়াৰ সৃষ্টি কৰি আছে।
👉 Read Also:
- ৰাজনৈতিক তত্ত্বঃ এক পৰিচয় প্রশ্ন উত্তৰ
- স্বাধীনতা প্রশ্ন উত্তৰ
- সমতা প্রশ্ন উত্তৰ
- সামাজিক ন্যায় প্রশ্ন উত্তৰ
- অধিকাৰ প্রশ্ন উত্তৰ