Join WhatsApp

Join Now

Join Telegram

Join Now

জাতীয়তাবাদ Class 11 Political Science Chapter 17 Solutions ২০২৫

By Rabbi Masrur

Updated On:

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘জাতীয়তাবাদ‘ পাঠটিৰ Class 11 Political Science Chapter 17 Question Answer Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

জাতীয়তাবাদ Class 11 Political Science Chapter 17 Solutions

জাতীয়তাবাদ Class 11 Political Science Chapter 17 Solutions

👉 Read Also:

জাতীয়তাবাদ

শাখা-খ অধ্যায়- ৭

অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)

১। জাতি শব্দৰ ইংৰাজী প্রতিশব্দ Nation শব্দটো কোন ভাষাৰ কি শব্দৰ পৰা আহিছে?

উত্তৰঃ লেটিন ভাষাৰ Natio শব্দৰ পৰা Nation শব্দটো আহিছে।

২। Natio শব্দৰ অৰ্থ কি?

উত্তৰঃ জন্ম।

৩। ‘জাতি হ’ল স্বাধীন অথবা স্বাধীনতাৰ প্ৰয়াসী ৰাজনৈতিকভাবে সংগঠিত জনসমাজ।’ কথাষাৰ কোনে কৈছিল?

উত্তৰঃ লর্ড ব্রাইচে।

৪। জাতীয়তা সৃষ্টিৰ আটাইতকৈ গুৰুত্বপূর্ণ উপাদানটো কি?

উত্তৰঃ আত্মিক ঐক্য।

৫। জাতি গঠন কৰিবলৈ তেজৰ সম্পৰ্ক অপৰিহাৰ্য হয়নে?

উত্তৰঃ নহয়।

৬। ‘জাতি হ’ল ভাষাগত ঐক্য, ভৌগোলিক সান্নিধ্য, সম অর্থনৈতিক জীৱনৰ বন্ধন আৰু সাংস্কৃতিক ঐক্যৰ ভিত্তিত সংগঠিত ইতিহাস বিবর্তিত স্থায়ী সমাজ বা সম্প্রদায়।’- উক্তিটো কাৰ?

উত্তৰঃ ষ্টেলিনৰ।

৭। ইহুদিসকল এটা জাতি হয়নে?

উত্তৰঃ হয়।

৮। জাতি আৰু ৰাষ্ট্ৰ এক নে?

উত্তৰঃ নহয়।

৯। জাতিৰ সাৰ্বভৌমত্ব থাকে নে?

উত্তৰঃ নাথাকে।

১০। ‘জাতীয়তাৰ উপাদান কুলগত ঐক্য অথবা ভাষাগত ঐক্য নহয়, ইয়াৰ প্ৰধান উপাদান মানসিক অনুভূতি।’- কথাষাৰ কোনে কৈছিল?

উত্তৰঃ পেংলাৰে।

১১। জাতি আৰু জাতীয়তা একে নে?

উত্তৰঃ নহয়।

১২। জাতীয়তাৰ এটা অধিকাৰ উল্লেখ কৰা।

উত্তৰঃ বৰ্তি থকাৰ অধিকাৰ।

১৩। জাতীয়তাৰ অধিকাৰ মানে কি?

উত্তৰঃ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰক জাতীয়তাৰ অধিকাৰ বুলি ক’ব পাৰি।

১৪। এক নির্দিষ্ট ভৌগোলিক এলেকা জাতিৰ বৈশিষ্ট্য হয় নে?

উত্তৰঃ হয়।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)

১। বহুত্ববাদ কি?

উত্তৰঃ বহুত্ববাদ বুলিলে সাধাৰণতে এখন ৰাষ্ট্ৰত বিভিন্ন জাতি, ভাষা, সংস্কৃতি, বর্ণ, ধৰ্ম আদিৰ লোকৰ মাজত থকা বহু আদর্শ, বিশ্বাস বা সংস্কৃতিক বুজায়। বহুত্ববাদ বিশ্ব ভাতৃত্ববোধৰ অন্তৰায়।। বর্তমান যোগাযোগৰ মাধ্যম যথেষ্ট উন্নত হৈছে আৰু বিশ্বখন এক গোলকীয় গাওঁত পৰিণত হৈছে। এনে পৰিস্তিতিত বহুত্ববাদ এক অপ্রাসঙ্গিক ধাৰণা। বিশ্ব ভাতৃত্ববোধ গঢ়ি তুলিবলৈ বহুত্ববাদ বর্জন কৰা উচিত।

২। জাতীয় আত্মনিয়ন্ত্রণ বুলিলে কি বুজা?

উত্তৰঃ একো একোটা জাতিয়ে যেতিয়া নিজস্ব স্বকীয় বৈশিষ্ট্য বজাই ৰাখি নিজৰ ৰাজনৈতিক ভৱিষ্যত নিজে নিয়ন্ত্রণ কৰাৰ অধিকাৰ বিচাৰে, তাকেই ‘জাতীয় নিয়ন্ত্রণ’ বুলি ক’ব পাৰি। প্ৰথম বিশ্ব যুদ্ধৰ পিছৰ পৰা বিশ্বত জাতীয় আত্ম নিয়ন্ত্ৰণৰ দাবী শক্তিশালী হৈ উঠে।

👉 Read Also:

৩। জাতীয়তাবাদৰ দুটা বাহ্যিক উপাদান উল্লেখ কৰা।

উত্তৰঃ জাতীয়তাবাদৰ দুটা বাহ্যিক উপাদান হ’ল:

(ক) উমৈহতীয়া ধৰ্ম আৰু

(খ) উমৈহতীয়া ভাষা।

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। জাতি আৰু জাতীয়তাৰ মাজত থকা চাৰিটা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ বহু সময়ত জাতি আৰু জাতীয়তাবাদ ধাৰণা দুটা একে অৰ্থত ব্যৱহাৰ কৰা হয যদিও দুয়োৰে মাজত সুক্ষ্ম পার্থক্য আছে। যেনে-

(ক) জাতিয়ে এটা ৰাজনৈতিক সংগঠনক বুজায়। আনহাতে জাতীয়তাৰ লগত ৰাজনৈতিক সংগঠন জড়িত নহয়।

(খ) জাতি জাতীয়তাৰ পৰৱৰ্তী স্তৰ। জাতীয়তা সৃষ্টিব পিছতহে জাতি গঠন হয়।

(গ) জাতিৰ নিজস্ব ভৌগোলিক পৰিসীমা থাকে। কিন্তু জাতীয়তাৰ নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা নাথাকে।

(ঘ) কোনো ৰাষ্ট্ৰ নোৱাকৈয়ো জাতি থাকিব পাৰে। কিন্তু ৰাষ্ট্ৰ নোহোৱাকৈ জাতীয়তা থাকিব নোৱাৰে।

২। জাতিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ জাতিৰ কিছুমান বৈশিষ্ট্য আছে। সেয়া হ’ল-

(ক) জাতি এটাৰ নির্দিষ্ট ভৌগোলিক পৰিসীমা থাকে।

(খ) জাতিৰ ৰাজনৈতিক চেতনা থাকে।

(গ) জাতি এখনৰ চৰকাৰ থাকে। সেই চৰকাৰ স্বাধীন বা পৰাধীনো হ’ব পাৰে।

(ঘ) জাতি এটা উমৈহতীয়া বিশ্বাস, আদর্শ আৰু আশা-আকাংখাৰে বান্ধ খাই থাকে।

৩। জাতি আৰু ৰাষ্ট্ৰৰ মাজত থকা পার্থক্য উল্লেখ কৰা।

উত্তৰঃ জাতি আৰু ৰাষ্ট্ৰ বহু সময়ত একার্থক বুলি ভবা হয় যদিও দুয়োটাৰ মাজত কিছু পার্থক্য আছে। যেনে

(ক) জাতি গঠন হ’বলৈ নির্দিষ্ট ভৌগোলিক এলেকা অপৰিহাৰ্য নহয়। কিন্তু ৰাষ্ট্র গঠন হ’বলৈ নির্দিষ্ট ভৌগোলিক এলেকা থকাটো অপৰিহাৰ্য।

(খ) জাতিৰ ধাৰণা সামাজিক আৰু মনস্তাত্বিক। আনহাতে ৰাষ্ট্ৰ হৈছে বিধিগত সৃষ্টি। ইয়াৰ এক স্বকীয় অস্তিত্ব আছে।

(গ) জাতিৰ বাবে সার্বভৌমত্ব অপৰিহাৰ্য নহয়। কিন্তু ৰাষ্ট্ৰ এখনৰ বাবে সার্বভৌমত্ব অপৰিহাৰ্য।

(ঘ) জাতিৰ কোনো সংগঠিত ক্ষমতা নাথাকে। ই বিশ্বৰ বিভিন্ন ঠাইত বিস্তৃত হৈ থাকিব পাৰে। কিন্তু ৰাষ্ট্ৰৰ নিজস্ব ক্ষমতা থাকে আৰু ইয়াৰ ইচ্ছা, ক্ষমতা, আকাংখা চৰকাৰৰ কাৰ্য-কলাপৰ মাজেদি প্রকাশ পায়।

(ঙ) জাতি গঠনৰ বাবে একে বিশ্বাস বা একে আদৰ্শৰ লোকসকলৰ মাজত একাত্মবোধ সৃষ্টিৰ প্রয়োজন। কিন্তু একাত্মবোধ অবিহনেও ৰাষ্ট্র গঠন হ’ব পাৰে।

৪। জাতীয়তাবাদৰ কিবা সীমাবদ্ধতা আছে নে? উল্লেখ কৰা।

উত্তৰঃ জাতীয়তাবাদৰ কিছু সীমাবদ্ধতা আছে। যেনে- (ক) চৰম বা সংকীর্ণ জাতীয়তাবাদে বিভিন্ন জাতিৰ মাজত ঈর্ষা আৰু বিৰোধৰ সৃষ্টি কৰি অশান্তিৰ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে চৰম জাতীয়তাবাদে ইংলণ্ড আৰু ফ্রান্সৰ মাজত একেৰাহে কেইবা শতাব্দী ধৰি বিৰোধৰ সৃষ্টি কৰিছিল।

(খ) জাতীয়তাবাদ উগ্র হ’লে মানবীয় গুণ, সংস্কৃতি আৰু সভ্যতা বিকাশত প্রতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে।

(গ) শাসক শ্রেণীয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে জাতীয়তাবাদৰ আলম লৈ যুদ্ধৰ বাবে জনসাধাৰণক প্ৰৰোচিত কৰিব পাৰে। উদাহৰণ স্বৰূপে হিটলাৰে উগ্র জাতীয়তাবাদৰ আলম লৈ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত কৰিছিল।

(ঘ) উগ্র জাতীয়তাবাদে বিশ্বশান্তি আৰু ভাতৃত্ববোধ প্রতিষ্ঠাত বাধা দিব পাৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)

১। জাতি বা জাতীয়তাবাদ গঠনৰ উপাদানসমূহ আলোচনা কৰা।

উত্তৰঃ জাতি আৰু জাতীয়তাবাদ একে অৰ্থত ব্যৱহাৰ হোৱা দেখা যায়। ইয়াৰ কাৰণ এই দুয়োটা ধাৰণাৰ মূল শব্দ একেটাই-Natio। দ্বিতীয়তে দুয়োটাৰে বহু উপাদান একেই। তলত জাতি বা জাতীয়তাবাদৰ উৎপত্তিৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা হ’ল-

(১) বংশগত ঐক্য: বংশগত ঐক্যই জাতি বা জাতীয়তা সৃষ্টিত অৰিহণা যোগায়। একে বংশোদ্ভৱ লোকৰ মাজত সহজেই আত্মীয়তা গঢ়ি উঠে। অৱশ্যে এইটো অনিবার্য উপাদান নহয়। উদাহৰণ স্বৰূপে হিটলাৰে জাৰ্মানসকলক আর্য জাতিৰ বংশোদ্ভব বুলি প্ৰচাৰ কৰি নিজৰ জাতিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ জার্মানসকলক অনা-জার্মানসকলৰ বিৰুদ্ধে উচটাই দিছিল।

(২) ভাষাগত ঐক্য: ভাষাগত ঐক্য জাতি গঠনৰ অন্যতম উপাদান। একে ভাষা-ভাষী লোকৰ মাজত সহজেই জাতীয় চেতনা ভাৱৰ উন্মেষ হোৱা দেখা যায়। অৱশ্যে বিভিন্ন ভাষা-ভাষী লোকৰ মাজতো জাতীয়তাবাদৰ সৃষ্টি হ’ব পাৰে। উদাহৰণ স্বৰূপে চুইজাৰলেণ্ডত তিনিটা ৰাষ্ট্ৰীয় ভাষা থকা সত্বেও তাত জাতি গঠন হোৱাত অসুবিধা হোৱা নাই।

(৩) ভৌগোলিক সান্নিধ্য: একে ভূখণ্ডত বহু দিন একেলগে বসবাস কৰি থাকিলেও জাতি গঠনত সহায়ক হয়। বিশ্বৰ প্ৰধান প্রধান জাতি ভৌগোলিক সান্নিধ্যৰ ভিত্তিতেই গঢ়ি উঠিছে।

(৪) উমৈহতীয়া ধর্ম: ধর্ময়ো জাতি গঠনত এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰে। ভাৰতত স্বাধীনতা আন্দোলনৰ সময়ত ইছলাম ধর্মীলোকসকলেও ধৰ্মৰ ভিত্তিত জাতীয়তাবাদ গঢ়ি তুলিছিল। সেইদৰে ধৰ্মৰ ভিত্তিত পাকিস্থান ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল।

(৫) অর্থনৈতিক স্বার্থঃ অর্থনৈতিক স্বাৰ্থৰ বন্ধন জাতি গঠনৰ এক প্রয়োজনীয় উপাদান। অর্থনৈতিক স্বার্থই জাতীয় চেতনা সঞ্চাৰিত কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।

(৬) ঐতিহাসিক পর্টভূমি: অতীত ইতিহাসৰ গৌৰৱময় স্মৃতি ৰোমন্থনেও জনসাধাৰণক একত্ৰিত কৰি জাতীয়তা সৃষ্টিৰ ক্ষেত্রত অবদান আগবঢ়ায়। উদাহৰণ স্বৰূপে ইংৰাজসকলক ভাৰতৰ পৰা খেদিবলৈ আৰম্ভ কৰা আন্দোলনৰ সময়ত ভাৰতৰ হিন্দু সকলে অতীত ভাৰতৰ ঐতিহ্যৰ স্মৃতি ৰোমন্থন কৰি জাতীয়তাবাদ গঢ়ি তুলিছিল।

(৭) উমৈহতীয়া সংস্কৃতি: উমৈহতীয়া সংস্কৃতিয়েও জাতি গঠনত বিশেষ ভূমিকা গ্রহণ কৰে। একে সংস্কৃতি গ্রহণ কৰা লোকসকলৰ মাজত স্বাভাৱিকতেই সমিল-মিলভাৱৰ সৃষ্টি হৈ জাতীয়তাবাদৰ উন্মেষ ঘটায়। স্বাধীনতা বিপ্লৱৰ সময়ত ভাৰতৰ উমৈহতীয়া সংস্কৃতিয়ে ভাৰতীয় জাতীয়তাবাদৰ জন্ম দিছিল।

(৮) ৰাজনৈতিক আদৰ্শ ৰাজনৈতিক আদর্শয়ো জাতি বা জাতীয়তাবাদ গঢ় দিয়াত ইন্ধন যোগায়। বিশ্বৰ বহুতো জাতি ৰাজনৈতিক আদৰ্শৰ ভিত্তিত গঢ়ি উঠিছে। উদাহৰণ স্বৰপে গণতান্ত্রিক আদর্শত এক্যবদ্ধ হৈ ফৰাচী জাতি গঢ় লৈ উঠিছে। সেইদৰে ৰাছিয়াৰ বিপ্লৱ, চীনৰ কমিউনিষ্ট বিপ্লৱ আদিৰ ফলত বিভিন্ন গোটৰ মানুহক একেগোট কৰি নিৰ্দিষ্ট জাতিত পৰিণত কৰিছে।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×