Join WhatsApp

Join Now

Join Telegram

Join Now

কৰুণতম Class 12 Assamese Chapter 16 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক কৰুণতম Class 12 Assamese Chapter 16 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

কৰুণতম Class 12 Assamese Chapter 16 Solutions

কৰুণতম Class 12 Assamese Chapter 16 Solutions

কৰুণতম – ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ

কবি পৰিচয়: ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) এজনী অসমীয়া কবি, গীতিকাৰ আৰু গৱেষক। শিৱসাগৰত তাইৰ জন্ম হয়। তাই সন্দিকৈ মহাবিদ্যালয়ৰ পৰা বি.এ. আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ. পাছ কৰি গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনাৰে কৰ্ম জীৱনৰ পাতনি মেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা পদত নিযুক্ত হয়। এই বিশ্ববিদ্যালয়ৰ পৰা তাই জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।

তাইৰ প্ৰথম কবিতা পুথিখন হ’ল ‘বন ফিৰিঙৰ জুই’। তাইৰ অন্যান্য কবিতা পুথিবোৰ হ’ল দিনৰ পাছত দিন, সমীপেষু, অন্তৰঙ্গ, সুদীর্ঘ দিন আৰু ঋতু। সোণবৰণীয়া আই আৰু সুৰীয়া মাত তাইৰ গীতৰ পুথি। দেৱী, শিৱ আৰু সূৰ্য তাইৰ উল্লেখযোগ্য গবেষণামূলক গ্রন্থ। ১৯৮৩ চনত ‘সুদীর্ঘ দিন আৰু ঋতু’ গ্ৰন্থখনৰ বাবে তাই সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৯১ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত তাই সভাপতিত্ব কৰিছিল। ২০০৪ চনত ডক্টৰ নিৰ্মলপ্রভা বৰদলৈ স্বর্গগামী হয়।

কঠিন শব্দৰ অৰ্থঃ

সুভাস: ভাল গোন্ধ, সুগন্ধ। হেৰা পাওঁ: হেৰোৱা বস্তু পাওঁ।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটোৰ মূল্যাংক: ১)

১। নিৰ্মলপ্রভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম লিখা। H.S.’17

উত্তৰ: ‘বনফৰিঙৰ ৰং’।

২। নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য একাদেমি বঁটা লাভ কৰে?

উত্তৰ: ‘সুদীর্ঘ দিন আৰু ঋতু’ গ্রন্থখনৰ বাবে।

৩। ‘কৰণতম’ কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে? H.S. ’18

উত্তৰ: ‘দিনৰ পাছত দিন’ নামৰ কাব্যপুথিত সংকলিত হৈছে।

৪। ‘কৰুণতম কোন শ্ৰেণীৰ কবিতা?

উত্তৰ: আধুনিক কবিতা।

৫। নিৰ্মলপ্রভা বৰদলৈৰ কবিতাৰ এটি বৈশিষ্ট্য লিখা।

উত্তৰ: নগৰীয়া জীৱনৰ প্রতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকর্ষণ নির্মলপ্রভা বৰদলৈৰ কবিতাৰ অন্যতম বৈশিষ্ট্য।

(খ) চমু প্রশ্ন (প্ৰতিটোৰ মূল্যাংক: ২। ৩)

১। নিৰ্মলপ্ৰভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম লিখা। H.S. ’20

উত্তৰ: নিৰ্মলপ্রভা বৰদলৈৰ তিনিখন কবিতা পুথিৰ নাম হ’ল: ‘বনফৰিঙৰ ৰং’, দিনৰ পাছত দিন’, আৰু ‘সুদীর্ঘ দিন আৰু ঋতু’।

২। নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা। 

উত্তৰ: নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথি ‘সোণবৰণীয়া আই’ আৰু ‘সুৰীয়া মাত’।

৩। নিৰ্মলপ্রভা বৰদলৈৰ গৱেষণামূলক গ্রন্থ তিনিখনৰ নাম লিখা।

উত্তৰ নিৰ্মলপ্রভা বৰদলৈৰ গৱেষণামূলক তিনিখন গ্ৰন্থৰ নাম হ’ল: ‘দেবী’, ‘শিব’ আৰু ‘সূর্য’।

৪। ‘কৰুণতম’ আৰু ‘সুভাস’ শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰ: ‘কৰণতম’ শব্দৰ অৰ্থ হ’ল অধিক দুখজনক আৰু ‘সুভাস’ শব্দটিৰ অৰ্থ হ’ল সুগন্ধ।

৫। ‘কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰ: ‘কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হ’ল: আধুনিক কবিতাত নগৰীয়া জীৱনৰ প্রতি বিদ্বেষভাব আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকর্ষণ প্রকাশ পায়। দ্বিতীয়তে, আধুনিক কবিতাত চুটি চুটি কাব্যিক বাক্য প্রয়োগ কৰা হয়।

(গ) দীঘল প্রশ্ন (প্রতিটোৰ মূল্যাংক: ৪/৫)

১। ‘কৰুণতম’ কবিতাটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা।

উত্তৰ: ‘কৰণতম’ কবিতাটিত কবিৰ মনত উদয় হোৱা অতীতৰ প্ৰতি দুখ বা কাৰুণ্য প্রকাশ পাইছে। কবিয়ে নিজৰ দেউতাকক হেৰুৱাইছে। তেওঁৰ দেউতাক এজন খেতিয়াক আছিল বাবে যেতিয়া কবিয়ে আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া তাইৰ দেউতাকৰ কথা মনত পৰে। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসে কবিৰ মনত মাতৃ স্মৃতিও জাগ্রত কৰে। কবিৰ পিতৃ-মাতৃয়ে সিহঁতৰ কৰ্মৰ জৰিয়তে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি থৈ গৈছে। কিন্তু কবিয়ে নিজৰ সন্তান বা ভবিষ্যত প্ৰজন্মৰ বাবে কোনো স্বাক্ষৰ ৰাখি থৈ যাব পৰা নাই। সেয়া উপলব্ধি কৰি কবিৰ মনত দুখ উপজিছে।
এইদৰে বিশ্লেষণ কৰিলে দেখা যায় যে কবিতাটিৰ বিষয়-বস্তুত কবিৰ মনৰ দুখ বা কাৰুণ্য প্রকাশ পাইছে। সেয়ে ‘কৰুণতম’ কবিতাটিৰ নামকৰণ সার্থক হৈছে।

২। ‘কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ প্ৰতি গভীৰ শ্রদ্ধা প্রকাশ নেকি বিচাৰ কৰা।

উত্তৰ: ‘কৰুণতম’ কবিতাটিত কবিৰ পিতৃ-মাতৃৰ প্ৰতি কবিৰ গভীৰতম শ্রদ্ধা প্রকাশ পাইছে। কবিতাটিত আমি পাওঁ যে কবিয়ে যেতিয়া আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া দেউতাৰ কথা মনত পৰে। কাৰণ কবিৰ দেউতাক এজন কৃষক আছিল। সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ-স্মৃতি জাগ্রত কৰে। কাৰণ কবিৰ মাক এজনী শিপিনী আছিল। ইয়াৰ উপৰিও কবিৰ পিতৃ-মাতৃয়ে সময়ৰ বুকুত সিহঁতৰ অস্তিত্বৰ স্বাক্ষৰ ৰাখি থৈ যোৱা বুলি কবিয়ে স্বীকাৰ কৰিছে। কবিৰ ভাষাত: “আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে মই হেৰা পাওঁ দেউতাক। দোকানৰ জাপ-ভঙা গামোচাৰ সুভাসত মই হেৰা পাওঁ মোৰ আইক।” এনেদৰে কবিতাটিত পিতৃ-মাতৃৰ প্রতি কবিৰ গভীৰ শ্রদ্ধা প্রকাশ পাইছে।

৩। ‘কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা।

উত্তৰ: ‘কৰুণতম’ কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ প্রকাশ পাইছে। প্রথমতে, কবিয়ে নিজৰ দেউতাকক হেৰুৱা বাবে দুখ অনুভৱ কৰিছে। তেওঁৰ দেউতাক এজন খেতিয়ক আছিল। সেয়ে কবিয়ে আহিনৰ গোন্ধ পালে দেউতাকৰ কথা মনত পৰে, লগে লগে তেওঁৰ মন কাৰুণ্যৰে ভৰি পৰে। দ্বিতীয়তে, কবিৰ মাকৰো মৃত্যু হৈছে। তাই এজনী শিপিনী আছিল। সেয়ে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসত কবিৰ মনত আইৰ স্মৃতি জাগি উঠে। অর্থাৎ কবিৰ পিতৃ-মাতৃয়ে কবিৰ মনত সিহঁতৰ কাম-কাজৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। কবিয়ে দুখ অনুভৱ কৰি কৈছে যে তেওঁৰ পিতৃ-মাতৃয়ে কবিৰ বাবে সিহঁতৰ জীৱন কালৰ স্মৃতি ৰাখি থৈ গৈছে যদিও কবিয়ে নিজৰ সন্তানৰ কাৰণে কোনো স্মৃতি ৰাখি থৈ যাব পৰা নাই বুলি আপেক্ষ কৰিছে। গতিকে দেখা যায় কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ প্রকাশ পাইছে।

৪। ‘কৰুণতম’ কবিতাত প্রকাৰান্তে গ্রাম্য জীবন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰত্র অংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা।

উত্তৰ: ‘কৰুণতম’ কবিতাটিত প্রকাৰান্তে গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্র প্রকাশ হোৱা বুলি ক’ব পাৰি। কাৰণ- কবিয়ে গ্রাম্য জীৱনৰ প্রতি এক শ্রদ্ধাবোধ অনুভৱ কৰিছে। কবিয়ে কৈছে যে আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে তেওঁৰ নাকত লাগিলে দেউতাকৰ কথা মনত পৰে। কাৰণ তেওঁৰ দেউতাক এজন কৃষক আছিল। আনহাতে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসত তেওঁৰ আইৰ কথা মনত পৰে। কাৰণ তেওঁৰ মাক এজনী শিপিনী আছিল। শেষত নগৰত বাস কৰা কবিয়ে দুখ কৰি কৈছে যে তেওঁৰ মাক-দেউতাকে কবিৰ কাৰণে গ্রাম্য জীৱনৰ স্মৃতি ৰাখি থৈ গৈছে। কিন্তু কবিয়ে নগৰীয়া জীৱনত তেনে কোনো স্মৃতি পৰৱৰ্তী বংশধৰসকলৰ কাৰণে ৰাখি থৈ যাব পৰা নাই বুলি দুখ কৰিছে।
গতিকে দেখা যায় কবিতাটিাত গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্র অংকিত হৈছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা: ‘মই মোক মোৰ সন্তানৰ কাৰণে ক’ত থৈ যাম ক’ত?? H.S. ’18

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ ‘ৰ অন্তৰ্গত ডক্টৰ নিৰ্মলপ্রভা বৰদলৈয়ে ৰচনা কৰা ‘কৰুণতম’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। আধুনিকতাৰ প্ৰভাৱত নিজৰ স্বকীয়তা হেৰুৱাৰ উপক্রম হোৱাত কবিয়ে নিজৰ অস্তিত্বৰ প্ৰতি সন্দিহান হৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। কবিয়ে আক্ষেপৰ সুৰত কৈছে যে গাঁৱলীয়া জীৱনৰ নিৰ্মল, মধুময় প্রাকৃতিক পৰিৱেশ অতীতত হেৰুৱাই গৈছে। সৰুকালত পোৱা গাঁৱলীয়া স্বকীয়তা এতিয়া মাথো এক স্মৃতি হৈ ৰৈ আছে। তেওঁৰ পিতৃ-মাতৃয়ে নিজৰ নিজৰ স্বকীয় কৰ্মৰে সিহঁতৰ স্বাক্ষৰ ৰাখি থৈ গৈছিল। কিন্তু সময়ৰ সোঁতত কবিয়ে গাঁৱলীয়া জীৱনৰ সহজ-সৰল স্বকীয়তা হেৰুৱাই পেলাইছে। সেয়ে দুখ কৰি কৈছে যে তেওঁৰ ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁ কোনো ধৰণৰ স্বকীয়তাৰ স্বাক্ষৰ ৰাখি থৈ যাব নোৱাৰিলে।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:

(ক) ডক্টৰ নিৰ্মলপ্রভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল?

উত্তৰ নিৰ্মলপ্রভা বৰদলৈয়ে অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত (১৯৯১) সভাপতিত্ব কৰিছিল।

(খ) ডক্টৰ নিৰ্মল প্রভা বৰদলৈয়ে ক’ত জন্ম গ্রহণ কৰিছিল?

উত্তৰ নিৰ্মলপ্রভা বৰদলৈয়ে শিৱসাগৰত জন্ম গ্রহণ কৰিছিল।

(গ) কবি ডক্টৰ নিৰ্মল প্রভা বৰদলৈয়ে কিহৰ গোন্ধত দেউতাক বিচাৰি পায়? H.S. ’17

উত্তৰ কবি নিৰ্মলপ্রভা বৰদলৈয়ে আহিনৰ পথাৰৰ গোন্ধত দেউতাকক বিচাৰি পায়।

(ঙ) কবিয়ে কিহৰ সুবাসত মাকক বিচাৰি পায়?

উত্তৰ: কবিয়ে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসত মাকক বিচাৰি পায়।

(চ) কবিয়ে কিহৰ সংশয়ত ভূগিছে?

উত্তৰ: কবিয়ে নিজৰ অস্বিত্বৰ সংশয়ত ভুগিছে।

(ছ) ডক্টৰ নিৰ্মল প্রভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনখন আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে?

উত্তৰ নিৰ্মলপ্রভা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰ আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।

জ) নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গবেষণা গ্ৰন্থৰ নাম লিখা। H.S. ’19, ’20

উত্তৰ: নিৰ্মলপ্রভা বৰদলৈৰ দুখন গৱেষণা গ্রন্থ হ’ল- ‘শির’ আৰু ‘সূর্য’

(ঝ) ‘কৰুণতম্’ কবিতাত কবিৰ মনত মাতৃ স্মৃতি কিহে কেনেকৈ জাগ্রত কৰিছে? H.S. ’19

উত্তৰ: দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসত কবিৰ মনত মাতৃ স্মৃতি জাগ্রত কৰিছে।

২। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ চমু পৰিচয় দাঙি ধৰা।

উত্তৰ: কবি পৰিচয় চোৱা।

৩। ‘কৰুণতম’ কবিতাটিৰ মূলভাব লিখা।

উত্তৰ: কবিৰ পিতৃ এজন কৃষক আছিল। তেওঁ কৃষিকৰ্মৰে জীৱিকা নিৰ্বাহ কৰিছিল। তেওঁৰ জীৱনৰ অধিক সময় খেতি-পথাৰতে পাৰ কৰিছিল। কবিৰ দেউতাক এতিয়া মৰি গৈছে। কিন্তু কবিয়ে যেতিয়া আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া দেউতাৰ কথা মনত পৰে। সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ-স্মৃতি জাগ্রত কৰে। কাৰণ কবিৰ মাক এজনী শিপিনী আছিল। কবিৰ পিতৃ-মাতৃ সিহঁতৰ কৰ্মৰে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি থৈ গৈছে। কিন্তু কবিয়ে নিজৰ সন্তানৰ বাবে বা ভবিষ্যত প্রজন্মৰ বাবে কোনো স্বাক্ষৰ এৰি যাব নোৱাৰিব বুলি দুখ প্রকাশ কৰিছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×