Join WhatsApp

Join Now

Join Telegram

Join Now

অসমৰ সমাজ ব্যৱস্থা বিষয় The Society of Assam ২০২৫

By নাজমিনা বেগম

Published On:

অসমৰ সমাজ ব্যৱস্থা 

অসমৰ সমাজ ব্যৱস্থা বিষয় The Society of Assam

বহু বছৰ ধৰি বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণত অসমীয়া জাতি গঢ় লৈ উঠা বাবে অসমীয়া সমাজ ব্যৱস্থাত বিভিন্ন জনগোষ্ঠীৰ নিজা নিজা ৰাতি-নীতিৰ স্পষ্ট আৰু স্থায়ী প্ৰভাৱ দেখা যায়।

বিভিন্ন জাতি-জনজাতিৰ বাসস্থান উত্তৰ-পূব অঞ্চললৈ আৰ্য-সকলৰ আগমনৰ লগে লগে ইয়াত আৰ্য সংস্কৃতিৰ প্ৰভাৱ পৰে।

লাহে লাহে ৰাজকীয় পৃষ্ঠপোষকতাত এই সভ্যতাই স্থানীয় সমাজৰ মাজত দকৈ সোমাবলৈ লয়।

ফলত এই ভূ-খণ্ডৰ সমাজ ব্যৱস্থাত হিন্দু ধৰ্মৰ প্ৰভাৱ স্থায়ী হৈ পৰে। হিন্দুসকল ব্ৰাহ্মণ, কায়স্থ, দৈৱজ্ঞ বা গণক, কলিতা, কোচ, কেওট, কৈৱৰ্ত, কুমাৰ, হাড়ি আদি কেইবটাও ভাগত বিভক্ত।

অসমীয়া সমাজত জাতি-ভেদ প্ৰথা আছে যদিও ইয়াৰ বান্ধোন সিমান কট্‌কটীয়া নহয়। বহু জাতি-উপজাতি একেলগে বাহি, একে চৰুতে ৰন্ধা অন্ন গ্ৰহণ কৰাও দেখা যায়। সেইদৰে বিভিন্ন জাতি,উপজাতিৰ মাজত বিয়া-বাৰুৰো প্ৰচলন আছে।

অসমীয়া সমাজ পিতৃপ্ৰধান। পৰিয়ালৰ বয়োজ্যেষ্ঠ পুৰুষজনেই সাধাৰণতে ঘৰখনৰ গৰাকী।

বিয়াৰ পাছত ছোৱালী স্বামীগৃহলৈ যায় আৰু¸ স্বামীৰ উপাধি গ্ৰহণ কৰে। সন্তানে পিতৃৰ পিতৃৰ উপাধি গ্ৰহণ কৰে আৰু¸ পিতৃৰ পাছত পুত্ৰই সম্পত্তিৰ গৰাকী হোৱাৰ অধিকাৰ লাভ কৰিছে।

You May Like:

নাজমিনা বেগম

I'm Nazmina Begum, from Nizarapar Noonmati Guwahati (Assam India) Co-Founder and Admin of Amaraxom.com, BA, PG, D.El.Ed, PGDCA.

 

Leave a Comment

×