Join WhatsApp

Join Now

Join Telegram

Join Now

হৰপ্পা সভ্যতা Class 12 History Chapter 1 Solutions ২০২৫

By Rabbi Masrur

Published On:

আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ হৰপ্পা সভ্যতা Class 12 History Chapter 1 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

হৰপ্পা সভ্যতা Class 12 History Chapter 1 Solutions

হৰপ্পা সভ্যতা Class 12 History Chapter 1 Solutions

হৰপ্পা সভ্যতা – প্রত্নতত্ত্ব, প্রাচীন ভাৰতবৰ্ষৰ স্থাপত্য, ভাস্কৰ্য আৰু অসম

ক-অংশ

প্রথম অধ্যায়

ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক- ১)

১। সিন্ধু উপত্যকাৰ সভ্যতা প্রথমে ক’ত আৱিষ্কাৰ হৈছিল? H. S. ’18

উত্তৰ: মহেঞ্জোদাৰো আৰু হৰপ্পাত।

২। কোনে ব্রাহ্মী আৰু খৰোষ্ঠী লিপিৰ পাঠ উদ্ধাৰ কৰিছিল? H. S. ’17

উত্তৰ: জেমচ প্রিঞ্চিচচাপে।

৩। হৰপ্পা সভ্যতাক পৃথিবীৰ দৃষ্টিলৈ অনা দুজন পুৰাতত্ত্ববিদৰ নাম লিখা। H. S. ’15

উত্তৰ: জন মাৰ্চাল আৰু দয়াৰাম চাহানী।

৪। ব্রাহ্মী আৰু খৰোষ্টি লিপিৰ পাঠোদ্বাৰ কোনে কৰিছিল? H. S. ’17

উত্তৰ: জেমচ প্রিন্সচ্চাপে।

৫। সিন্ধু উপত্যকাৰ সভ্যতা প্রথমে ক’ত আবিষ্কাৰ হৈছিল? H. S. ’18

উত্তৰ : সিন্ধু উপত্যকাৰ সভ্যতা প্রথমে পাকিস্থানৰ এটা অংশ আৰু ভাৰতৰ গুজৰাটত আৱিষ্কাৰ
হৈছিল।

৬। এতিয়ালৈকে অবস্থিত সর্বাধিক পুৰণি আহোম মুদ্রাসমূহ কোনজন আহোম ৰজাৰ দিনৰ? H. S. ’20

উত্তৰ চুকলেংমুং (গড়গএণ বজা)।

৭। চালন পাথৰ কি আছিল?

উত্তৰঃ সিন্ধু সভ্যতাৰ মানুহে মা-মছলা পিহি গুড়ি কৰা ফলিখনক ‘চালন পাথৰ’ বুলি কোৱা হৈছিল।

৮। সিন্ধু বা হৰপ্পা সভ্যতাই আৱৰি থকা ঠাইবোৰৰ নাম লিখা।

উত্তৰঃ সিন্ধু সভ্যতাই আৱৰি থকা ঠাইবোৰ হ’ল আফগানিস্থান, বেলুচিস্থান (পাকিস্থান), গুজৰাট, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ একাংশ।

৯। সিন্ধু সভ্যতাৰ সময়কালৰ কিমানটা কবৰ আবিষ্কাৰ হৈছে?

উত্তৰঃ বৰ্তমানলৈ ৫৭ টা।

১০। মহেঞ্জোদাৰোত কিমান পকী নাদ থকা বুলি অনুমান কৰা হৈছে?

উত্তৰঃ ৭০০ টা।

১১। ‘মেলুহা’ শব্দটোৰ দ্বাৰা কি বুজোৱা হৈছে?

উত্তৰঃ ‘মেলুহা’ শব্দটোৰ দ্বাৰা হৰপ্পা সভ্যতাক বুজোৱা হৈছে।

১২। বর্তমানলৈ আবিস্কৃত হোৱা শিলৰ মূৰ্তিক পুৰাতত্ত্ববিদসকলে কি নামেৰে নামাকৰণ কৰিছে?

উত্তৰঃ পুৰোহিত ৰজা।

১৩। হাজা পক্ষী মানে কি?

উত্তৰঃ ম’ৰা চৰাই।

১৪। ভাৰতৰ পূৰাতত্ত্ব বিভাগৰ পিতৃ পুৰুষ কোন?

উত্তৰ: জন মাচাল।

১৫। আলেকজেণ্ডাৰ কানিংহাম কোন আছিল?

উত্তৰ ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ প্ৰথমজন ইংৰাজ বিষয়া আছিল আলেকজেণ্ডাৰ কানিংহাম।

১৬। কেতিয়াৰ পৰা সিন্ধু উপত্যকাৰ সভ্যতাৰ পতন ঘটা বুলি অনুমান কৰা হয়?

উত্তৰ: খ্ৰীষ্টপূর্ব ২০০০ ৰ পিছত।

১৭। মহেঞ্জোদাৰোত খনন কার্য কেতিয়া আৰম্ভ হয়?

উত্তৰঃ ১৯২৫ চনত।

১৮। মহেঞ্জোদাৰোৰ ধৰাতলত অন্বেষণ কেতিয়া আৰম্ভ হয়?

উত্তৰঃ ১৯৮০ চনত।

১৯। মধো স্বৰূপ ভাটে কেতিয়া হৰপ্পাত খনন কাৰ্য আৰম্ভ কৰে?

উত্তৰঃ ১৯২১ চনত।।

২০। হৰপ্পাত আবিষ্কাৰ হোৱা আটাইতকৈ দীঘল লিপিখনত কেইটা চিহ্ন আছিল?

উত্তৰ: ২৬ টা।

২১। হৰপ্পাৰ প্ৰথমটো মোহৰ কোনে উদ্ধাৰ কৰে?

উত্তৰ: আলেকজেণ্ডাৰ কানিংহামে।

২২। কোনে স্তৰ বিন্যাস খনন পদ্ধতিৰ সমস্যা সমাধান কৰে?

উত্তৰ: আৰ. ই. এম. হুইলাবে।

২৩। Further Excavation at Mohenjo-daro কোনে লিখিছিল? H. S. ’15

উত্তৰ: আৰ্ণেষ্ট মেক নামৰ এজন ইংৰাজ লিখকে।

২৪। ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ প্ৰথম সঞ্চালক প্রধান কোন আছিল? H. S. ’14, ’16

নাইবা

ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ-পুৰুষ কোন? H. S. ’15

উত্তৰ: আলেকজেণ্ডাৰ কানিংহাম।

২৫। হৰপ্পা সভ্যতাত শস্য গুড়ি কৰিবলৈ কি ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা হৈছিল?

নাইবা

হৰপ্পা সভ্যতাত শস্য গুড়ি কৰিলৈ কি পদ্ধতি ব্যৱহাৰ কৰা হৈছিল? H. S. ’14

উত্তৰ: হবপ্পা সভ্যতাত চেপেটা শিল এটাৰ ওপৰত আন এপাত শিল লগলগাই তৈয়াৰ কৰা ‘জাত’ ব্যৱহাৰ কৰা হৈছিল।

২৬। ভাৰতত গঢ়ি উঠা প্রাচীন সভ্যতাটোৰ নাম কি?

উত্তৰঃ সিন্ধু সভ্যতা।

২৭। সিন্ধু উপত্যকাৰ সভ্যতাক আন কি নামেৰে জনা যায়?

উত্তৰঃ হৰপ্পা সভ্যতা

২৮। কোন চনত হৰপ্পা সভ্যতা আৱিষ্কাৰ হৈছিল?

উত্তৰঃ ১৯২২ চনত।

২৯। হৰপ্পাত উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সমলবোৰ কি কি আছিল?

উত্তৰঃ হৰপ্পাত উদ্ধাৰ হোৱা প্রত্নতাত্ত্বিক সমলবোৰ আছিল আৱাস-গৃহ, সাজ-সজ্জা, মাটিৰ বিভিন্ন ধৰণৰ পাত্ৰ, অস্ত্র-শস্ত্র, হাতিয়াৰ আদি।

৩০। সিন্ধু সভ্যতাৰ বিকাশৰ সময়কাল কি আছিল?

উত্তৰঃ সিন্ধু সভ্যতাৰ বিকাশৰ সময় কাল আছিল খ্রীঃপূর্ব ২৬০০ পৰা খ্ৰীঃ পূঃ ১৯০০ ৰ ভিতৰত।

৩১। সিন্ধু সভ্যতাৰ বাসিন্দাসকলৰ জীৱন নির্বাহৰ মূল ভেটি কি আছিল?

উত্তৰঃ কৃষিকৰ্ম।

খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ২)

১। কোনে কেতিয়া হৰপ্পা সভ্যতা আবিষ্কাৰ কৰিছিল?

উত্তৰ: ১৯২২ চনত ৰাখাল দাস বেনার্জী, দয়াৰাম চাহানী আৰু চাৰ জন মাছেলে হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল?

২। বর্তমান কোন প্রদেশত হৰপ্পা সভ্যতাৰ নগৰসমূহ আছিল?

উত্তৰ : বৰ্তমানৰ হাবিয়ানা, গুজৰাট, ৰাজস্থান, পঞ্জাব, উত্তৰ প্ৰদেশৰ একাংশ, পাকিস্থানৰ অন্তৰ্গত সিন্ধু আৰু বেলুচিস্থানৰ বহু ঠাইত হৰপ্পা সভ্যতাৰ নগৰসমূহ আছিল।

৩। হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ কি কি আছিল?

উত্তৰ হৰপ্পা সভ্যতাত ব্যৱহাৰ কৰা ধাতুসমূহ আছিল: সোণ, ৰূপ, তাম, ব্রঞ্জ সীহ, ক্রিস্টেল, কোৱার্টজ, শ্বেত পাথৰ আদি।

৪। লোথালত ব্যৱহাৰ কৰা দুই প্ৰকাৰৰ ইটা কি কি আছিল?

উত্তৰ: লোথালত পোৰা আৰু শুকোৱা এই দুই প্ৰকাৰৰ ইটা ব্যৱহাৰ হৈছিল।

৫। হৰপ্পাৰ শিল্প উদ্যোগৰ প্রধান স্থানসমূহ কি কি আছিল?

উত্তৰ হৰপ্পাৰ শিল্প উদ্যোগৰ প্ৰধান স্থানবোৰ আছিল বাজপুতনা, দক্ষিণ ভাৰত, পাৰস্য, আফগানিস্থান, গুজৰাট আদি।

৬। হৰপ্পা সভ্যতাৰ লিপিসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ হৰপ্পা সভ্যতাৰ লিপিসমূহৰ প্ৰধান বৈশিষ্ট্য দুটা হ’ল:

(ক) ইয়াৰ লিপিসমূহ আছিল সংক্ষিপ্ত আৰু

(খ) লিপিসমূহত যথেষ্ট সংখ্যক চিহ্ন ব্যৱহাৰ কৰা হৈছিল।

৭। হৰপ্পা সভ্যতাৰ মূল খাদ্যবোৰ কি আছিল? H. S. ’14

উত্তৰ হৰপ্পা সভ্যতাৰ মূল খাদ্য বস্তুবোৰ আছিল: ঘেঁহু, যব, গম, বার্লি, মটৰ, আঙুৰ, খেজুৰ, তৰমুজ আদি। ইয়াৰ উপৰিও গৰু, ম’ই ভেড়া, ছাগলী আদিও সিহঁতে পুহিছিল। কিন্তু সিহঁতে এইবোৰৰ মাংস খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল নে নাই সেয়া জনা নাযায়।

৮। হৰপ্পা সভ্যতাৰ জোখ-মাখ পদ্ধতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ হৰপ্পা সভ্যতাৰ জোখ-মাখ পদ্ধতিৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) জোখ-মাখৰ বাবে ব্যৱহাৰ হোৱা দগাবোৰ চাৰ্ট নামৰ এবিধ শিলৰ পৰা তৈয়াৰ কৰা হৈছিল।

(খ) দগাবোৰত কোনো দাগ বা চিহ্ন নাছিল।

৯। হৰপ্পা সভ্যতাৰ লোকসকলে তেওঁলোকৰ শিল্পৰ বাবে প্রয়োজন হোৱা কেঁচামালবোৰ কেনেদৰে সংগ্ৰহ কৰিছিল? H. S. ’14

উত্তৰ হৰপ্পা সভ্যতাৰ লোকসকলে নিকটৱৰ্তী ঠাইৰ লগতে বাহিৰৰ পৰাও তেওঁলোকৰ শিল্পৰ বাবে প্রয়োজনীয় কেঁচা মাল সংগ্রহ কৰিছিল। উদাহৰণ স্বৰূপে সিহঁতে ৰাজস্থানৰ পৰা সীহ আৰু তাম, দাক্ষিণাত্যব পৰা সোণ আৰু সাগৰৰ বিভিন্ন ঠাইৰ পৰা শংখ সংগ্ৰহ কৰিছিল। আৰব সাগৰৰ ওমানৰ পৰাও সিহঁতে তাম সংগ্ৰহ কৰিছিল বুলি প্রমাণ পোৱা গৈছে।

১০। হৰপ্পা সভ্যতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। H. S. ’17

উত্তৰ হৰপ্পা সভ্যতাৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) হৰপ্পা সভ্যতাৰ লোকসকলে মূর্তি পুজা কৰিছিল।

(খ) হৰগ্গাৰ লোকসকলে বিদেশৰ লগত বেপাৰ-বাণিজ্য কৰিছিল।

১১। হৰপ্পা সভ্যতাৰ চীল মোহৰৰ বিষয়ে লিখা।

উত্তৰ: হৰপ্পা সভ্যতাৰ চীল-মোহৰত আখৰ খোদাই কৰি লিখা হৈছিল। মোহৰবোৰৰ আকৃতি চাৰিকোণীয়া আছিল। কিছুমানৰ আকৃতি পথালিতকৈ দীঘে বেছি আছিল। চীলবোৰ নক্সা আৰু ছবি থকা আছিল। এইবোৰ হাতী দাঁত, চিকচিকীয়া বস্তু আৰু ৰত্নৰ গুৰিৰ দ্বাৰা নির্মিত হৈছিল।

১২। আলেকজেণ্ডাৰ কানিংহাম কোন আছিল?

উত্তৰ: আলেকজেণ্ডাৰ কানিংহাম আছিল ভাৰতীয় প্রত্নতত্ত্ব বিভাগৰ প্ৰথমজন সঞ্চালক প্রধান। তেঁৱেই হৰপ্পাত প্রথম চীল-মোহৰ উদ্ধাৰ কৰিছিল। তেওঁবেই হৰপ্পা আৰু সিন্ধু উপত্যকাৰ সভ্যতাৰ বিষয়ে বিশ্ববাসীৰ আগত এক সুন্দৰ চিত্ৰ দাঙি ধৰিছিল।

১৩। সিন্ধু সভ্যতাৰ যুগৰ মানুহে পূজা অর্চনা কৰা দেৱ-দেৱীৰ নাম উল্লেখ কৰা।

উত্তৰ : সিন্ধু সভ্যতাৰ লোকসকলে পূজা অর্চনা কৰা দেৱ-দেৱীৰ নাম হ’ল: শিব, মাতৃ দেৱতা, গছ-গছনি আৰু জীৱ-জন্তু।

১৪। সিন্ধু সভ্যতাৰ অন্তৰ্গত ভাৰতৰ চাৰিখন ঠাইৰ নাম লিখা। H. S. ’15

উত্তৰ : সিন্ধু সভ্যতাৰ অন্তৰ্গত ভাৰতৰ চাৰিখন ঠাইৰ নাম হ’ল: বাজস্থান, পঞ্জাব, উত্তৰ প্ৰদেশ আৰু গুজৰাট

১৫। হৰপ্পাৰ চীল-মোহৰৰ আৱিষ্কাৰে পুৰাতত্ত্ববিদসকলক কেনেকৈ সহায় কৰিছিল?

উত্তৰ: খনন কাৰ্যত হৰপ্পা সভ্যতাৰ কিছুমান চীল মোহৰ আবিষ্কাৰ হৈছিল। এই চীল মোহৰবোৰে হৰপ্পা সভ্যতাৰ সঠিক সময়কাল নিৰূপণ কৰাত সহায় কৰিছিল। তাৰোপৰি চীল মোহৰবোৰ অধ্যয়ন কৰি সেই সময়ত ধাতুৰ ব্যৱহাৰৰ, শিল্প-চর্চা, কাৰু-কাৰু, ধর্মীয় বিশ্বাস পূজা পাতল আদিৰ বিষয়ে বহুত কথা জনাত সহায় কৰিছিল।

১৫। হৰপ্পা সভ্যতাত শস্য গুড়ি কৰা শিলৰ বিষয়ে লিখা। H. S. ’17

উত্তৰ : হৰপ্পা সভ্যতাত শস্য গুড়ি কৰিবলৈ খুন্দনা বা শিলৰ জাঁত ব্যৱহাৰ কৰিছিল। শিলৰ জাঁত এটা সিহঁতে এটা ডাঙৰ শিলৰ ওপৰত আন এটা শিল লৈ শস্যবোৰ দুটাৰ মাজত হেঁচা দি গুড়ি কৰিছিল।

১৬। হৰপ্পা সভ্যতাৰ লোকসকলে কি কি জন্তুৰ মাংস খাইছিল?

উত্তৰ: হৰপ্পা সভ্যতাৰ লোকসকলে গৰু, ম’হ, ভেড়া, ছাগলী, উট আদি জন্তুৰ মাংস খাইছিল।

১৭। হৰপ্পৰা সভ্যতাৰ যুগত ভাৰতৰ লগত সম্পর্ক থকা তিনিখন বহিঃৰাজ্যৰ নাম লিখা।

উত্তৰ: ওমান, দিলমুন আৰু মেচোপটেমিয়া।

১৮। হৰপ্পা সভ্যতাত উদ্ধাৰ হোৱা প্ৰত্নতাত্ত্বিক সমলবোৰ কি কি আছিল?

উত্তৰ হৰপ্পা সভ্যতাত উদ্ধাৰ হোৱা প্রত্নতাত্ত্বিক সমলবোৰ আছিল আবস গৃহ, সাজ-সজ্জা, মাটিৰ পাত্র, শিলৰ মূর্তি, চীল মোহৰ, শিলৰ অস্ত্র-শস্ত্র আদি।

(a) সিন্ধু উপত্যকাৰ সভ্যতাত নগৰসমূহত থকা দুৰ্গ নামনিৰ নগৰতকৈ কেনেদৰে পৃথক আছিল? H. S. ’19

উত্তৰ : সিন্ধু উপত্যকাৰ সভ্যতাৰ নগৰসমূহত থকা দুৰ্গবোৰ আছিল ওখ আৰু এইবোৰ ইটা আৰু কাঠেৰে নিৰ্মাণ কৰা হৈছিল যাতে শত্রুয়ে সহজতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। আনহাতে নামনিৰ নগৰত থকা দুৰ্গবোৰ মাটিৰ আছিল আৰু এইবোৰ সিমান ওখকৈ নিৰ্মাণ কৰা হোৱা নাছিল।

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক- ৪)

১। হৰপ্পা আৰু মহেঞ্জোদাৰোৰ গৃহ নির্মাণ পদ্ধতি সম্পর্কে আলোচনা কৰা। H. S. ’20

উত্তৰ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ ঘৰবোৰ ইটাৰে নিৰ্মিত হৈছিল। ইটাবোৰৰ কিছুমান পোৰা মাটিৰ আছিল আৰু কিছুমান ৰ’দত শুকুৱাই তৈয়াৰ কৰা হৈছিল। ঘৰ সজা কামত বাঁহ ব্যৱহাৰ হৈছিল। ঘৰবোৰৰ মাজত চোতাল আছিল আৰু চোতালৰ চাৰিওফালে ঘৰবোৰ নিৰ্মাণ কৰিছিল। কিছুমান ঘৰ দুই-তিনি মহলীয়া আছিল। তলৰ মহলাত কোনো খিৰিকী নাছিল। দুৱাৰমুখখন সোঁমাজেৰে ৰখা হৈছিল। কেবামহলা থকা ঘৰবোৰ অতি মজবুত আছিল।

২। সিন্ধু সভ্যতাৰ কৃষি পদ্ধতিৰ ওপৰত এটি টোকা লিখা।

উত্তৰ : সিন্ধু সভ্যতাৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। মাটি অতি সাৰুৱা আছিল বাবে প্ৰচুৰ পৰিমাণে খাদ্য শস্য উৎপাদন হৈছিল। উৎপাদিত শস্যসমূহ আছিল: গম, বার্লি, জোঁৱাৰ, মাহ, বজৰা, মচুৰ, মটৰ মাহ, সৰিয়হ, কপাহ, তিল আদি। কৃষি কার্যত সিহঁতে নাঙল ব্যৱহাৰ কৰিছিল। সিহঁতে নদীৰ পৰা খাল খান্দি পথাৰত পানীৰ যোগান ধৰিছিল।

৩। হৰপ্পা সভ্যতাৰ নৰ্দমাবোৰৰ শৈলীবোৰ কেনেকুৱা আছিল? H. S. ’15

উত্তৰ হৰপ্পা সভ্যতা এটি উন্নত নগৰীয়া সভ্যতা আছিল। এই সভ্যতাৰ নগৰবোৰত নৰ্দমাৰ ব্যৱস্থা আছিল। নর্দমাৰ যোগেদি অপৰিস্কাৰ পানী বাহিৰলৈ উলিয়াই দিয়াৰ সুব্যবস্থা আছিল। সাধাৰণতে নর্দমাবোৰ বাটৰ কাষে কাষে আছিল। নর্দমাবোৰ পকী আছিল আৰু সিবোৰত ইটা ব্যৱহাৰ কৰা হৈছিল। সৰু ৰাস্তাৰ কাষে কাষেও নলা আছিল। নলা নর্দমাৰে নগৰৰ পানী বাহিৰৰ কোনো ঠাইলৈ বোৱাই নিয়া হৈছি।

৪। ভাৰতৰ পুৰাতত্ত্বৰ ক্ষেত্ৰত চাৰ জন মাৰ্চালে কি বৰঙণি আগবঢ়াইছিল? H. S. ’15

উত্তৰ ভাৰতৰ পুৰাতত্ত্বৰ ক্ষেত্ৰত চাৰ জন মাৰ্চালে বিশিষ্ট অৱদান আগবঢ়াইছিল। এই জন পুৰাতত্ব বিষয়াৰ প্ৰচেষ্টা আৰু উদ্যমৰ বাবে হৰপ্পা আৰু মহেঞ্জোদাৰোত খনন কার্য সম্ভৱ হৈছিল। ভাৰতত কাম কৰাৰ আগতে তেওঁ গ্রীচ আৰু ক্রীটত খনন কার্য চলাইছিল আৰু সেই অভিজ্ঞতা ভাৰতত প্রয়োগ কৰি হৰপ্পা আৰু মহেঞ্জোদাৰো সভ্যতাৰ বিষয়ে বিশ্ববাসীক জনাৰ বাট মুকলি কৰিছিল। চাৰ জন মাৰ্চালৰ এই অৱদানৰ বাবে তেওঁক ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ বুলি গণ্য কৰা হয়।

৫। হৰপ্পা সভ্যতাৰ বিশ্বাস সম্পর্কে আলোচনা কৰা। H. S. ’18

উত্তৰ হৰপ্পা সভ্যতাৰ লোকসকলে বিভিন্ন দেৱ-দেৱীক বিশ্বাস কৰিছিল আৰু মূর্তি পূজা কৰিছিল। সিহঁতে শিৱক আৰাধনা কৰিছিল। হৰপ্পা সভ্যতাত আবিষ্কাৰ হোৱা বিভিন্ন মঠ-মন্দিৰ আৰু মূর্তিয়ে এই কথা প্রমাণ কৰে যে সিহঁত একাধিক দেৱ-দেৱীক বিশ্বাস কৰিছিল আৰু পুৰোহিত প্রথা প্রচলিত আছিল।

৬। হৰপ্পা সভ্যতাৰ নগৰ আঁচনিৰ এটি বিৱৰণ দিয়া। H. S. ’18

উত্তৰ হৰপ্পা সভ্যতা নগৰকেন্দ্রিক আছিল। নগৰবোৰ সুপকল্পিত আছিল। এই সভ্যতাৰ লোকসকলে পোৰামাটি আৰু ৰ’দত শুকোৱা ইটা ব্যৱহাৰ কৰিছিল। ঘৰবোৰ এক মহলাৰ পৰা তিনিমহলীয়ালৈকে আছিল। এইবোৰ ইটাৰে নির্মিত হৈছিল। এই সভ্যতাৰ নগৰবোৰত নর্দমাৰ ব্যৱস্থা আছিল। নর্দমাৰ যোগেদি অপৰিস্কাৰ পানী বাহিৰলৈ উলিয়াই দিয়াৰ সুব্যবস্থা আছিল। সাধাৰণতে নর্দমাবোৰ বাটৰ কাষে কাষে আছিল। নর্দমাবোৰ পকী আছিল আৰু সিবোৰত ইটা ব্যৱহাৰ কৰা হৈছিল। সৰু ৰাস্তাৰ কাষে কাষেও নলা আছিল। নলা নর্দমাবে নগৰৰ পানী বাহিৰৰ কোনো ঠাইলৈ বোৱাই নিয়া হৈছি। নগৰত উমৈহতীয়া স্নানাগাৰো ব্যবস্থা আছিল।

৭। মহেঞ্জোদাৰোত আবিষ্কাৰ হোৱা বৃহৎ স্নানাগাৰটোৰ বিষয়ে লিখা। H. S. ’19

উত্তৰ: মহেঞ্জোদাৰো আছিল এক সুপৰিকল্পিত নগৰকেন্দ্রিক সভ্যতা। মহেঞ্জোদাৰো নগৰখনৰ সোঁমাজত এক বৃহৎ স্নানাগাৰ আবিষ্কাৰ হৈছে। ই দীঘলে ১৮০ ফুট আৰু বহলে ১০৮ ফুট আছিল। এইখন ৰাজহুৱা স্নানাগাৰ আছিল। স্নানাগাৰটোৰ ওচৰতে এখন ডাঙৰ নাদ আছিল আৰু এই নাদখনৰ পৰা স্নানাগাৰটোলৈ পানী যোগান ধৰা হৈছিল। স্নানাগাৰটোৰ পৰা অতিৰিক্ত পানী ওলাই যোৱাৰ সুব্যবস্থা আছিল। স্নানাগাৰটোলৈ নামি যাবলৈ পকী খটখটী আছিল।

ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)

১। মহেঞ্জোদাৰোৰ নগৰৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ: মহেঞ্জোদাৰো নগৰৰ মূল বৈশিষ্ট্যসমূহ আছিল নিম্নরূপ

(ক) মহেঞ্জোদাৰোৰ নগৰ সম্পূৰ্ণ পৰিকল্পিত নগৰ আছিল।

(খ) নগৰখনত জল নিষ্কাষন কৰাৰ সুন্দৰ ব্যৱস্থা আছিল।

(গ) নলী, নর্দমাৰে নগৰৰ পানী নদী বা সাগৰলৈ ওলাই যোৱাৰ ব্যৱস্থা আছিল।

(ঘ) নগৰৰ ঘৰবোৰ কেঁচা আৰু পকা দুয়োবিধ ইটাৰে নিৰ্মাণ কৰা হৈছিল।

(ঙ) নগৰখনৰ সুৰক্ষাৰ কাৰণে নগৰৰ চাৰিওফালে দুর্গ আছিল।

(চ) নগৰখনত এটি বিশাল স্নানাগাৰৰ ব্যৱস্থা আছিল।

২। সিন্ধু (হৰপ্পা) সভ্যতাৰ পতনৰ কাৰণসমূহ আলোচনা কৰা। H. S. ’16

উত্তৰ: পণ্ডিতসকলে সিন্ধু সভ্যতা ধ্বংস বা পতনৰ কেইবাটাও কাৰণ ঠাৱৰ কৰিছে। যেনে

(ক) কিছুমান পণ্ডিতে অনুমান কৰে যে সিন্ধু সভ্যতাৰ অর্থনীতিৰ মূল ভেটি আছিল কৃষি; কিন্তু লাহে লাহে মাটিৰ সাৰুৱা গুণ কমি অহাৰ ফলত শস্য উৎপাদন কমি অহাত এই সভ্যতা ধ্বংস হৈছিল।

(খ) আন কিছুমান পণ্ডিতে অনুমান কৰে যে প্ৰৱল ভূমিকম্প বা বানপীনৰ ফলত এই সভ্যতাৰ অস্তিত্ব নিশ্চিহ্ন হৈ গৈছিল।

(গ) আন কিছুমানে ক’ব খোজে যে এই সভ্যতাৰ লোকসকলে গছ-গছনি কাটি, জীব-জন্তু হত্যা কৰি অঞ্চলটোৰ জৈৱ বৈচিত্র নষ্ট কৰাৰ ফলত ই ধ্বংস হৈছিল।

(গ) আন কিছুমানৰ মতে বহিঃ আক্ৰমণৰ ফলত বিশেষকৈ দ্রাবিড়সকল বা আর্যগোষ্ঠীৰ লোকসকলে ভাৰতলৈ আগমণ কৰি এই সভ্যতাৰ নগৰ চহৰবোৰ ধ্বংস কৰিছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×