যদি আপুনি দশম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class 10 Assamese Grammar) ৰ সমাধান বিচাৰিছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে। ইয়াত আপুনি পূৰ্বৰ HSLC Exam Question of Assamese Grammar শিতানৰ সকলো সমাধান পাব।
দশম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ Class 10 Assamese Grammar
অসমীয়া (বাধ্যতামূলক) | সূচীপত্ৰ |
গ্ৰুপ- খ (ঐচ্ছিক) | |
দ্ৰুত পাঠ | |
ণত্ব বিধি ষত্ব বিধি
প্রশ্নঃ তলৰ যিকোনো দুটা শব্দৰ ‘ণ’ বা ‘য’ হোৱাৰ কাৰণ লিখা। H.S.L.C. 2017
বৰুণ, ভূমিষ্ঠ, বিষয়।
উত্তৰ:
বৰণ: কোনো পদত থকা ঋ, ৰ, য আৰু দন্ত্য ‘ন’ৰ মাজত স্বৰবৰ্ণ ‘ক’ বর্গ, ‘প’ বর্গ, য, ব, হ নাইবা অনুস্বাৰ থাকিলে দন্ত্য ‘ন’ মূর্ছণ্য ‘ণ’ হয়।
ভূমিষ্ঠ: ‘ভূমি’ শব্দৰ পাছত থকা স্থ’ ৰ ‘স’ মূর্ধণ্য ‘য’ হয়।
বিষয়: স্বাভাৱিকতে ‘ষ’ হয়।
প্রশ্ন: তলৰ যিকোনো দুটা শব্দৰ ‘ণ’ বা ‘য’ হোৱাৰ কাৰণ লিখা। H.S.L.C. 2018
ঋষভ, সুষম, প্রণাম, পৰায়ণ,।
উত্তৰঃ
ঋষভ: ‘খ’ কাৰৰ পাছত দন্ত্য ‘স’ মূর্ছণ্য ‘য’ হয়।
সুষমঃ ‘সু’ উপসৰ্গৰ পাছত থকা সম শব্দৰ ‘স’ ‘য’ হয়।
প্ৰণাম: ‘ৰ’-ৰ পাছত থকা দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ’ হয়।
পৰায়ণ: ‘পৰ’ শব্দৰ পিছত থকা ‘আয়ন’ৰ দন্ত্য ‘ণ’ মূর্ধণ্য ‘ণ’ হয়।
প্রশ্নঃ তলৰ যিকোনো দুটা শব্দৰ ‘ণ’ বা ‘য’ হোৱাৰ কাৰণ লিখা। H.S.L.C. 2019
স্পষ্ট, ঘন্টা, কৃষ্ণ।
উত্তৰঃ
স্পষ্টঃ বিশেষ্য শব্দৰ ৰূপত ‘শ’ৰ ব্যৱহাৰ থাকিলেও সেইবোৰ ‘ষ্ট’ হয়।
ঘন্টা: কোনো শব্দত ‘ঋ’ৰ পাছত ‘য’ৰ লগত ‘ণ’ ব্যৱহাৰ হয়।
প্রশ্নঃ তলৰ যিকোনো দুটা শব্দৰ ‘ণ’ বা ‘ষ’ হোৱাৰ কাৰণ লিখা। H.S.L.C. 2020
চান্দ্রায়ণ, দুর্বিষহ
উত্তৰ: চান্দ্ৰায়ণ: উত্তৰ, দক্ষিণ, পৰ, পৰা, পাৰ, চান্দ্ৰ, নাৰ, ৰাম আদি শব্দৰ পাছত থকা ‘আয়ন’ শব্দৰ দন্ত্য ‘ন’ মূর্ছণ্য ‘ণ’ হয়।
দুর্বিষহঃ অ, আ-ৰ বাহিৰে অন্য ‘ক’ আৰু ‘ৰ’ৰ পাছত প্রত্যয়ৰ প্ৰথম দন্ত্য ‘স’ মূর্ছণ্য ‘য’ হয়।
সন্ধি
প্রশ্নঃ তলত দিয়া পদবোৰৰ সন্ধি ভাঙা।
(ক) ইত্যাদি, হোমাগ্নি, সংস্কৃতি, যদ্যপি। H.S.L.C. 2017
ইত্যাদি = ইতি + আদি
হোমাগ্নি = হোম + অগ্নি।
সংস্কৃতি = সম্ + কৃতি।
(খ) সূর্যোদয়, যথেষ্ট, অন্বেষণ, ভাবুক। H.S.L.C. 2018
সূর্যোদয় = সূর্য + উদয়।
যথেষ্ট = যথা + ইষ্ট।
অন্বেষণ = অণু + এষণ।
ভাবুক = ভৌ + উক।
(গ) হিমালয়, ষড়ানন, সঞ্চয়। H.S.L.C. 2019
হিমালয় =হিম + আলয়।
ষড়ানন =ষড় + আনন।
সঞ্চয় = সমঃ + চয়।
(ঘ) হিতৈষী, শীতার্ত H.S.L.C. 2020
হিতৈষী = হিত+ এষী
শীতার্থ = শীত + অর্থ।
শীতার্থ = শীত + অর্থ। H.S.L.C. 2022
যতিচিন
প্রশ্নঃ যথাস্থানত যতিচিন বহুৱাঃ H.S.L.C. 2015
শিক্ষকে সুধিলে তুমি কালি কিয় স্কুললৈ নাহিলা
উত্তৰঃ শিক্ষকে সুধিলে, “তুমি কালি স্কুললৈ কিয় নাহিলা?”
বীণাই ক’লে আজি স্কুল বন্ধনে H.S.L.C. 2015
উত্তৰ: ৰীণাই ক’লে, “আজি স্কুল বন্ধনে?
হে ভগৱান মই বিপদত পৰিছোঁ মোক ৰক্ষা কৰা। H.S.L.C. 2018
উত্তৰ: হে ভগৱান! মই বিপদত পৰিছোঁ, “মোক ৰক্ষা কৰা।”
তেওঁ ক’লে মনত ৰাখিবা তুমি অসমৰ বীৰ সন্তান H.S.L.C. 2019
উত্তৰ: তেওঁ ক’লে, “মনত ৰাখিবা, তুমি অসমৰ বীৰ সন্তান।”
সমাস
প্রশ্নঃ ব্যাসবাক্য সহ সমাসৰ নাম লিখা।
(ক) ত্রিফলা, উৰাজাহাজ, মাটিকঁঠাল, মৌচাক H.S.L.C. 2018
ত্রিফলা: তিনি ফলৰ সমাহাৰ (দ্বিগু সমাস)
উৰাজাহাজ: উৰা যি জাহাজ (কর্মধাৰয় সমাস)
মাটিকঁঠাল: মাটি যি কঁঠাল (কর্মধাৰয় সমাস)
মৌচাক: মৌৰ যি চাক (ষষ্ঠী তৎপুৰুষ সমাস)
(খ) পঞ্চাঙ্গুল; যোগভ্রষ্ট, শতাব্দী। H.S.L.C. 2019
পঞ্চাঙ্গুল: পঞ্চ আঙুলিৰ সমাহাৰ (দ্বিগু সমাস)
যোগভ্ৰষ্ট: যোগৰ পৰা যি ভ্রষ্ট (পঞ্চমী তৎ পুৰুষ
সমাস)
শতাব্দী: শত অব্দৰ সমাহাৰ (দ্বিগু সমাস)
(গ) পঞ্চাঙ্গুল; স্বায়ত্বশাসন H.S.L.C. 2020
পঞ্চাঙ্গুল: পঞ্চ আঙুলিৰ সমাহাৰ (দ্বিগু সমাস)
স্বায়ত্বশাসন: স্ব যি শাসন ((কর্মধাৰয় সমাস)
ত্ৰিজগতঃ তিনি জগতৰ সমাহাৰ (দ্বিগু সমাস) H.S.L.C. 2023
বিপৰীতার্থক শব্দ
প্রশ্নঃ তলত দিয়া শব্দবোৰৰ বিপৰীতার্থক শব্দ লিখা
(ক) পার্থক্য, দ্রুত, উচ্ছৃঙ্খল, স্থাৱৰ। H.S.L.C. 2018
উত্তৰ:
পার্থক্য: সাদৃশ্য
উচ্ছৃঙ্খলঃ শৃঙ্খল
স্থাৱৰ: অস্থাৱৰ
(খ) বিস্তৃত, প্রাচ্য, আবির্ভাব। H.S.L.C. 2018
উত্তৰঃ
বিস্তৃত: ঠেক, সংক্ষিপ্ত
প্রাচ্য: পাশ্চাত্য
আবির্ভাব: তিৰোভাব।
(গ) স্তুতি, সুষুপ্তি H.S.L.C. 2020
উত্তৰঃ
স্তুতি: নিন্দা
সুষুপ্তি: জাগৰণ
(ঘ) আনন্দ, স্থাৱৰ, বন্ধন H.S.L.C. 2023
উত্তৰ:
আনন্দঃ নিৰানন্দ
স্থাৱৰ: অস্থাৱৰ
বন্ধনঃ মুক্ত
বাক সংহতি
প্রশ্নঃ এটা শব্দত প্রকাশ কৰা:
কাঁহৰ বাচন গঢ়োতাঃ কঁহাৰ H.S.L.C. 2011
পনীয়া গাখীৰ দিয়া গাই: জলাহী H.S.L.C. 2018
যি একেলগে পঢ়ে: সহপাঠী H.S.L.C. 2018
যাক মূল্য দি কিনিব নোৱাৰি: অমূল্য H.S.L.C. 2018
যাক পৰিত্যাগ কৰিব নোৱাৰিঃ অপৰিত্যাজ্য H.S.L.C. 2018
ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি: প্রত্যুৎপন্নমতি H.S.L.C. 2019
ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিতঃ প্রাতঃস্মৰণীয় H.S.L.C. 2019
নেজ নসৰা বেঙৰ পোৱালিঃ লালুকী H.S.L.C. 2019
কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহঃ সঁজাতি H.S.L.C. 2020
চুহি খাব লগা বস্তুঃ লেহ্য H.S.L.C. 2020
যি সকলো জানেঃ সর্বজ্ঞ H.S.L.C. 2023
হঠাতে হোৱা ঘটনাঃ আকস্মিক H.S.L.C. 2023
যাৰ দুই হাত সমানে চলেঃ সব্যসাচী H.S.L.C. 2023
বাক্য ৰচনা
প্রশ্নঃ তলত দিয়া খণ্ডবাক্যবোৰৰ অৰ্থ লিখি বাক্য ৰচনা কৰা।
উত্তৰ: উলহ-মালহ (অতি আনন্দিত): পূজা উপলক্ষে ছাত্র-সকলৰ উলহ-মালহ লাগিছে। H.S.L.C. 2017
আঁচলৰ ধন (অতি মৰমৰ): ৰমেন তেওঁৰ মাকৰ একমাত্র আঁচলৰ ধন। H.S.L.C. 2017
ৰমক-জমক (আটক ধুনীয়া): প্রসাদটো দেখাত অতি ৰমক জমক। H.S.L.C. 2017
এৰা-ধৰা (সমিল মিলত চলা): আমি এৰা-ধৰাৰ মাজেদি চলিলে সমাজত শান্তি স্থাপন হয়। H.S.L.C. 2017
খাই পাত ফলা (অশলাগী, অকৃতজ্ঞ): নবীন এজন খাই পাত ফলা ল’ৰা। H.S.L.C. 2018
আলাসৰ লাডু (অতি মৰমৰ): ৰহিম তেওঁৰ মাকৰ আলাসৰ লাডু। H.S.L.C. 2018
ন দি ক (ডাঠি কোৱা): ৰাকেশ ন দি কৈছে যে তেওঁ এজন সাধু। H.S.L.C. 2018
ভিৰাই লৰ মাৰ (ভয়ত হঠাৎ লৰ মাৰা): মোক দেখাৰ লগে লেগ কুকুৰটো ভিৰাই লৰ মাৰিলে। H.S.L.C. 2019
জয়দেউ কাকুতিঃ (অতি অনুনয় বিনয় কৰা): সি কনকক জয়দেউ কাকুতি কৰিও অকনো সহায় নাপালে। H.S.L.C. 2019, 2020
উনৈশত বা বলা (ধুনপেচ মাৰি ফুৰা): উনৈশত বা বলাই ফুৰা লোকে জীৱনত উন্নতি কৰিব নোৱাৰে। H.S.L.C. 2019
ঠেক ছিগা (উপায় নাশ হোৱা): দেউতাকৰ মৃত হোৱাত দেবেনৰ ঠেক ছিগিল। H.S.L.C. 2019
কাণ সৰালি মাৰ: (কামত ফাঁকি দিয়া)ঃ নগেন এজন কাণ সৰালি মৰা ল’ৰা। H.S.L.C. 2020
চকুৰ কুটা দাঁতৰ শাল: (ঘোৰ শত্রু): ভূপেন সকলোৰে চকুৰ কুটা দাঁতৰ শাল। H.S.L.C. 2020
ঢৌতে খৰ মাৰিঃ (ব্যস্ততাৰ মাজত সময় উলিয়াই): পঢ়া-শুনাৰ মাজতো ঢৌতে খৰ মাৰি মই নৱকান্ত বৰুৱাৰ কবিতাৰাজি পঢ়ি আঁটাইছোঁ। H.S.L.C. 2023
সাত ঘাটৰ চেঙেলী: (অতি দুষ্ট): ভূপেনক বিশ্বাস কৰিব নোৱাৰি সি সাত ঘাটৰ চেঙেলী। H.S.L.C. 2023
নিৰ্দেশ অনুসৰি বাক্য পৰিৱৰ্তন
প্রশ্নঃ নিৰ্দেশ অনুসৰি তলৰ বাক্য পৰিৱৰ্তন কৰাঃ
‘যি সকলে ব্যাকৰণ মনপুতি পড়ে, তেওঁলোকে ভাষাটো ভালকৈ জানে।’ (সৰল বাক্যলৈ নিয়া) H.S.L.C. 2016
উত্তৰ: ব্যাকৰণ পঢ়াসকলে ভাষাটো ভালকৈ জানে।
যিজন লোক অকৃতজ্ঞ হয়, তেওঁ ক’তো স্থান নাপায়। (সৰল বাক্যলৈ নিয়া) H.S.L.C. 2017
উত্তৰ: অকৃতজ্ঞ লোকে ক’তো আসন নাপায়।
যদি পৰিশ্ৰম কৰা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। (সৰল বাক্যলৈ নিয়া)
H.S.L.C. 2018
উত্তৰ: পৰিশ্ৰম কৰিলে সাফল্য লাভ কৰিবা।
সঁচা কথা ক’বা তেতিয়া সকলোৱে মৰম কৰিব। (সৰল বাক্যলৈ নিয়া)
H.S.L.C. 2019
উত্তৰ: সঁচা কথা ক’লে সকলোৱে মৰম কৰিব।
যিজন সৎ তেওঁক ঈশ্বৰে সহায় কৰে (সৰল বাক্যলৈ নিয়া) H.S.L.C. 2022
উত্তৰঃ সৎ লোকক ঈশ্বৰে সহায় কৰে।
প্রমোদ পৰীক্ষাত প্রথম হৈছিল, সেই কাৰণেই তেওঁক সকলোৱে ভাল পাইছিল। (সৰল বাক্যলৈ নিয়া) H.S.L.C. 2023
উত্তৰঃ প্রমোদ পৰীক্ষাত প্রথম হৈছিল বাবে তেওঁক সকলোৱে ভাল পাইছিল।
বাক্যৰ শ্রেণী বিভাগ
প্রশ্নঃ সৰল বাক্য, মিশ্র বাক্য আৰু যৌগিক বাক্য কাক বোলে? প্রত্যেকৰে একোটাকৈ উদাহৰণ দিয়া। H.S.L.C. 2020
উত্তৰ:
সৰল বাক্য: এটা কর্তা আৰু এটা ক্রিয়া থকা বাক্যক সৰল বাক্য বোলে। যেনেঃ
অকন নৱম শ্ৰেণীত পড়ে।
জটিল বা মিশ্র বাক্যঃ যিবোৰ বাক্য এটা প্রধান বা স্বাধীন বাক্য আৰু তাৰ তলতীয়া এটা বা তাতোধিক বাক্যাংশৰ দ্বাৰা গঠিত হয় তাকে জটিল বাক্য বোলে। ইয়াৰ অপ্রধান বাক্যাংশটি প্রধান বাক্যটিৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণঃ যিভাল মানুহ, সিহঁতে কেতিয়াও বেয়া কাম নকৰে।
যৌগিক বা সংযুক্ত বাক্য: এটাতকৈ অধিক সৰল বাক্য বা মিশ্র বাক্য কোনো সংযোজক অব্যয়ৰ দ্বাৰা যুক্ত হৈ এটা বাক্যত পৰিণত হ’লে সেই বাক্যক যৌগিক বাক্য বা সংযুক্ত বাক্য বোলে। যেনেঃ ৰাম এজন ভাল ল’ৰা আৰু কৰিম এজন বেয়া ল’ৰা।
সমার্থক শব্দ
প্রশ্নঃ সমার্থক শব্দ লিখা
(ক) চকু, নদী, ঘৰ, আকাশ H.S.L.C. 2015
উত্তৰ:
চকু: নয়ন
নদী: তৰঙ্গিনী
ঘৰ: গৃহ
আকাশ: গগণ
(খ) আচমান, বিটপী, হাত, বতাহ H.S.L.C. 2016
উত্তৰ:
আচমান: গগন
বিটপী: গছ
হাত: হস্ত
বতাহ: বায়ু
(গ) আকাশ, ধৱল, বাৰিধি, সমীৰ। H.S.L.C. 2017
উত্তৰঃ
আকাশ: গগন
ধবল: শুভ্র, বগা
বাৰিধি: সাগৰ, জলাধাৰ
সমীৰ: বতাহ
(ঘ) নতুন, উর্গা, হাট। H.S.L.C. 2023
উত্তৰঃ
নতুন: নবীন
উৰ্গা কৰা: ত্যাগ কৰা
হাট: বজাৰ
প্রত্যয়
প্রশ্নঃ তলত দিয়া শব্দবোৰত কি প্রত্যয় লগ- লাগিছে ভাঙি দেখুওৱাঃ
(ক) দয়ালু, ধাননি, সোণাৰী, গাঁৱলীয়া। H.S.L.C. 2017
উত্তৰঃ
দয়ালু দয়া আলু (‘আলু’ প্রত্যয়)।
ধাননি ধান + অনি (‘অনি’ প্রত্যয়)।
সোণাৰী সোণ অৰী (‘অবী’ প্রত্যয়)।
গাঁৱলীয়া = গাওঁ অলীয়া (‘অলীয়া’ প্রত্যয়)।
(খ) কঁহাৰ, উতলা, বাটৰুৱা H.S.L.C. 2018
উত্তৰঃ
কঁহাৰ কঁহ অৰ (‘অৰ’ প্রত্যয়)।
উতলা উত ওলা (‘ওলা’ প্রত্যয়)।
বাটৰুৱা বাট অৰুৱা (‘অৰুৱা’ প্রত্যয়)।
গাঁৱলীয়া গাওঁ অলীয়া (‘অলীয়া’ প্রত্যয়)।
(গ) যুঁজাৰু, ৰনাচনিয়াৰ, লেখক। H.S.L.C. 2019
উত্তৰঃ
যুঁজাৰু = যুঁজ + অক (‘অৰু’ প্রত্যয়)।
নাচনিয়াৰ = নাচ + অনিয়াৰ (‘অনিয়াৰ’ প্রত্যয়)।
লেখক = লেখ+ অক (‘অক’ প্রত্যয়)।
(ঘ) কপহুৱা, গভাইত H.S.L.C. 2020
উত্তৰঃ
গভাইত = গভ + আইত (তদ্ধিত প্রত্যয়)
কপহুৱা = কপহ উৱা
খেতিয়ক = খেতি + অক
শব্দৰ আধুনিক ৰূপ
প্রশ্নঃ তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ H.S.L.C. 2023
শুতিয়া, পাশ, হন্তে, পাতক যাকেৰি, বিগুটীয়া
উত্তৰ:
শুতিয়া: শুই H.S.L.C. 2015
পাশ: কাষ H.S.L.C. 2015
হন্তে: পৰা H.S.L.C. 2015
পাতক: পাপ H.S.L.C. 2016
যাকেৰি: সাৰ H.S.L.C. 2016, 2017
বিগুটীয়া: বিহৰ গুটি H.S.L.C. 2016, 2018
উৎপাড়ে: উঘালে H.S.L.C. 2017
মোড়ল: মোহাৰিলে H.S.L.C. 2017
তৰণে: পাৰ হ’বলৈ H.S.L.C. 2018
উতপাটক: নির্মূলকাৰী H.S.L.C. 2018
সুজান: জ্ঞানী H.S.L.C. 2019
তাসম্বাক: তেওঁলোকক H.S.L.C. 2019
হাৰলি: অতি মৰমৰ H.S.L.C. 2019
উপসৰ্গ আৰু অনুসর্গ
প্রশ্নঃ (ক) ‘সম’ উপসর্গযুক্ত হোৱা দুটা শব্দ লিখা। H.S.L.C. 2015
উত্তৰ: ‘সম’ উপসর্গ থকা দুটা শব্দ হ’ল: সময়, সমৰ।
(খ) ‘দেই’ অনুসৰ্গৰ প্রয়োগ দেখুৱাই এটি বাক্য লিখা। H.S.L.C. 2015
উত্তৰঃ ‘দেই’ উপসর্গ থকা এটি বাক্য হ’ল: ভাইটি, মইযাওঁ দেই।
প্রশ্নঃ উপসৰ্গ আৰু অনুসৰ্গৰ একোটাকৈ উদাহৰণ দিয়া। H.S.L.C. 2016
উত্তৰ:
উপসৰ্গৰ এটি উদাহৰণ: অপঃ অপমান।
অনুসৰ্গৰ এটা উদাৰহণঃ ওঃ আমিও যাম।
প্রশ্নঃ ‘চোন’ অনুসর্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। H.S.L.C. 2017
উত্তৰ: ৰাম, গুৱাহাটীলৈ এবাৰ আহিবাচোন।
প্রশ্নঃ ‘হ’বলা’ অনুসর্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। H.S.L.C. 2018
উত্তৰঃ ৰাজনে আহিল হ’বলা।
প্রশ্নঃ ‘হঁক’ অনুসর্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা। H.S.L.C. 2019
উত্তৰ: তোমালোক সভালৈ আহিবাহঁক।
প্রশ্নঃ অনুসর্গ কাক বোলে? এটা উদাহৰণ দি বাক্যত প্রয়োগ কৰি দেখুওৱা। H.S.L.C. 2020
উত্তৰঃ যিবিলাক অব্যয় পদ নামপদ আৰু ক্রিয়াপদৰ শেষত বহি বাক্যৰ অৰ্থ অধিক স্পষ্ট কৰে বা সন্দেহ, সম্ভাৱনা, অনুৰোধ, অনিশ্চয়তা, ইচ্ছা আদি প্রকাশ কৰে, ৰামেও সেইবোৰকে অনুসর্গ বোলে। যেনে ও যাব।
প্রশ্ন: সমার্থক শব্দ লিখা (যিকোনো এটা)
(ক) পদুম, জুহ, কামিনী, নিপুণ, ঘাঁহ, তৰঙ্গ, কুসম, মুখ, স্বামী
উত্তৰঃ
নিপুণ: দক্ষ, পাকৈত H.S.L.C. 2016
পক্ষী: চৰাই H.S.L.C. 2017
কামিনী: ৰূপৱতী H.S.L.C. 2017
ঘাঁহ: তৃণ H.S.L.C. 2018
তৰঙ্গ: ঢৌ, লহৰ H.S.L.C. 2019
কুসুম: পুষ্প, ফুল H.S.L.C. 2019
মুখ: বদন H.S.L.C. 2020
স্বামী: গিৰীয়েক H.S.L.C. 2020