Home Ass Grammar অসমীয়া সন্ধি আৰু সমাস। Sandhi Aru Samas ২০২৪

অসমীয়া সন্ধি আৰু সমাস। Sandhi Aru Samas ২০২৪

অসমীয়া সন্ধি আৰু সমাস। Sandhi Aru Samas

অসমীয়া সন্ধি আৰু সমাস। Sandhi Aru Samas

সন্ধি সন্ধি আৰু সমাস। Sandhi Aru Samasৰ বিষয়ে বেলেগ অধ্যায়ত বিতংভাৱে আলোচনা কৰা  হৈছে। এই অধ্যায়ত সন্ধি আৰু সমাসৰ সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ  আলোচনা কৰিবলৈ লোৱা হ’ল ।

#১। সন্ধি আৰু সমাসৰ সাদৃশ্য

(১) বৈয়াকৰণিক নিয়মৰ মাজেদি সন্ধি আৰু সমাসে বাক্য এটা চুটি আৰু শুৱলা কৰে।

(২) সন্ধি আৰু সমাসে নতুন নতুন শব্দ সৃষ্টি কৰি ভাষা এটিক চহকী কৰে।

(৩) সন্ধি আৰু সমাস উভয়ে ভাষাৰ একোবিধ অলংকাৰ।

(৪) উভয়ে নিজস্ব ক্ষেত্ৰত ব্যাকৰণৰ কিছুমান নীতি-নিয়ম মানি চলে।

#২। সন্ধি আৰু সমাসৰ বৈশাদৃশ্য

(১) সন্ধিত দুটা পদ বা প্ৰত্যয় সিদ্ধ হৈ এটা পদ হয়; কিন্তু সমাসত দুটা বা অধিক পদ বা বাক্যাংশ মিলি এটা পদ হয়।

(২) সন্ধিত পদবোৰৰ অৰ্থ একে থাকে; কিন্তু সমাসত কেতিয়াবা  পদবোৰে নিজস্ব অৰ্থ হেৰুৱাই আন অৰ্থ প্রকাশ কৰে ।

(৩) সন্ধিত বিভক্তিৰ চিন লোপ নহয়; কিন্তু সমাসত বিভক্তিৰ চিন লোপ পায়।

(৪) সন্ধি সিদ্ধ হওঁতে পদৰ বিলুপ্তি নহয়; কিন্তু সমাস সিদ্ধ হওঁতে ব্যাস বাক্যৰ কিছুমান পদৰ বিলুপ্তি হয়।

অনুশীলনী

(১) সন্ধি আৰু সমাস বুলিলে কি বুজা ? দুয়োৰে মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ  লিখা ?

You May Like:

LEAVE A REPLY

Please enter your comment!
Please enter your name here