Join WhatsApp

Join Now

Join Telegram

Join Now

আল্পছ Alps কি? জানো আহক এই সুন্দৰ ঠাইৰ বিষয়

By Nzmina Begum

Published On:

আল্পছ । Alps

আল্পছ Alps কি? জানো আহক এই সুন্দৰ ঠাইৰ বিষয়

আল্পছ Alps হৈছে দক্ষিণ-মধ্য ইউৰোপৰ পৰ্বতমালা। দক্ষিণ ফ্ৰান্সৰ ভূমধ্য সাগৰীয় উপকূল আৰু উত্তৰ-পশ্চিম ইটালীৰ পৰা আৰম্ভ হৈ ছুইজাৰলেণ্ড, জাৰ্মানীৰ দক্ষিণাংশ, অস্ট্রিয়া, যুগোশ্লোভিয়া আৰু আলবেনিয়াৰ ওপৰেদি অৰ্ধবলয়াকাৰে আল্পছ পৰ্বতমালা বিস্তৃত।

পৰ্বতমালাই উত্তৰ ইটালীৰ লগত ফ্ৰান্স, জাৰ্মানী আৰু অস্ট্রিয়াক পৃথক কৰিছে। পৰ্বতমালাত অসংখ্য সৰু-বৰ হিমবাহ আছে। সুউচ্চ শৃংগবোৰৰ গড় উচ্চতা 3,050 মিটাৰ। প্ৰায় 1,100 কিলোমিটাৰ দীঘল এই পৰ্বতমালাৰ কালি প্ৰায় 2,10,000  বৰ্গ কিলোমিটাৰ।

আজিৰ পৰা প্ৰায় 7 কোটি বছৰ আগতে আল্পছ পৰ্বতমালাৰ সৃষ্টি হৈছিল বুলি ভূতত্ত্ববিদসকলে ঠাৱৰ কৰিছে। আল্পছৰ আটাইতকৈ ওখ শৃংগ মণ্টব্লেংক 4,810 মিটাৰ ওখ। পৃথিৱীৰ দীৰ্ঘতম ৰে’ল সুৰংগ আল্পছৰ ছিমপ্লন গিৰিপথৰ তলেদি নিৰ্মাণ কৰা হৈছে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment