অসমীয়াত চুতীয়া ৰাজ্যৰ ইতিহাসৰ বিষয়ে জানক

By নাজমিনা বেগম

Updated On:

অসমীয়াত চুতীয়া ৰাজ্যৰ ইতিহাসৰ বিষয়ে জানক

অসমীয়াত চুতীয়া ৰাজ্যৰ ইতিহাসৰ বিষয়ে জানক

ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্দ্ধত আহোমসকলে শিৱসাগৰৰ দক্ষিণ-পূৱ কোণত ৰাজ্য পতাৰ সময়ত আহোম ৰাজ্যৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে সোৱণশিৰী আৰু দাক্ষিণপাৰে দিচাং নৈৰ পূবে থকা প্ৰায় সমগ্ৰ ভূখণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল।

চুতীয়া জনশ্ৰুতি মতে আনুমানিক ১১৮৯ চনত চুতীয়া ৰজা বীৰপালে পোনতে শদিয়াত চুতীয়া ৰাজ্য স্থাপন কৰিছিল। বীৰপালৰ পাছত ১০ জন চুতীয়া ৰজাই  ৰাজত্ব কৰে।

ইয়াৰে অষ্টম ৰজা বীৰনাৰায়ণ বা ধৰ্মৰজাৰ পুত্ৰৰ নাম আছিল সাধক নাৰায়ণ আৰু কন্যাৰ নাম আছিল সাধনী। বৃদ্ধ বয়সত ৰজা বীৰনাৰায়ণে তেওঁৰ জোঁৱায়েক নিতাইক নাবালক সাধক নাৰায়ণক চোৱা-চিতা কৰাৰ ভাৰ দিয়ে।

ৰজা হৈ নিতায়ে নীতিপাল বা নিত্যপাল নাম লয়। পাছলৈ তেওঁ অনীতিপৰায়ণ হোৱাত ৰাজ্যত বিশৃংখলতাই দেখা দিয়ে। সেই সুযোগতে আহোম ৰজা চুহুংমুং বা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য অধিকাৰ কৰে। এই যুদ্ধতে নীতিপাল পত্নী সাধনী সহিতে আত্মহত্যা কৰে।

You May Like:

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

নাজমিনা বেগম

I'm Nazmina Begum, from Nizarapar Noonmati Guwahati (Assam India) Co-Founder and Admin of Amaraxom.com, BA, PG, D.El.Ed, PGDCA.

 

Leave a Comment

× Click to WhatsApp