Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 9 Question Answer মানৱ বন্দনা

By Rabbi Masrur

Published On:

Class 9 Assamese Chapter 9 Question Answer মানৱ বন্দনা

মানৱ বন্দনা

চন্দ্ৰকুমাৰ আগৰৱালা

কবি পৰিচয়

চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭- ১৯৩৮) এজন অসমীয়া গীতি-কবি আৰু কাকতৰ সম্পাদক আছিল। তেওঁৰ জন্ম হয় তেজপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত। এওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ সৈতে লগলাগি ১৮৮৯ চনত ‘জোনাকী’ কাকত উলিয়ায়। ১৯১৮ চনত তেওঁ সাপ্তাহিক বাতৰি কাকত ‘অসমীয়া’ উলিয়ায়। ১৯৩৮ চনত গুৱাহাটীৰ নিজ বাস ভৱনত তেওঁৰ মৃত্যু হয়। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্রকাশ পোৱা আগৰৱালাৰ ‘বনকুঁৱৰী’ নামৰ গীতি কবিতাটিয়েই অসমীয়া ৰোমান্টিক কবিতাৰ শুভাৰম্ভ ঘটায়। জোনাকী যুগৰ সাহিত্যিক আন্দোলনৰ তেওঁ অন্যতম গুৰিয়াল আছিল। তেওঁৰ প্রথম কাব্য পুথিখনৰ নাম ‘প্রতিমা’। লক্ষ্মীনাথ বেজবৰুৱাই উক্ত পুথিখনৰ আলোচনা প্রসঙ্গত কৈছিল, “প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।” ‘বীণ বৰাগী’ হ’লতেওঁৰ দ্বিতীয় কবিতা পুথি। প্রকৃতিত সৌন্দৰ্যৰ সন্ধান, মানৱপ্রেম, ভৱিষ্যতৰ প্ৰতি আশাবাদ আৰু প্রকাশভঙ্গীৰ গীতিময়তা আৰু সৰলতা তেওঁৰ কবিতাৰ বৈশিষ্ট্য।

শব্দার্থ আৰু টোকা

অর্ঘ্য: পূজাৰ উপকৰণ।

কেৱঃ কেও, কোনো।

ধৰম: ধর্ম।

নিজাপীঃ সম্পূর্ণ নিজৰ।

ময়াপীঃ মায়া, মোহ, ভ্রান্তি উপজোৱা জীর।

পৰাৎপৰঃ শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ, পৰম সত্য।

পাদ্য: ভৰি ধুবলৈ দিয়া পানী।

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভাৱ-বিষয়কঃ

১। চমু উত্তৰ দিয়া:

(ক) “মানুহেই পৰাৎপৰ” বোলা কথাষাৰৰ অৰ্থ কি?

উঃ ‘মানুহেই পৰাৎপৰ’ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্রেষ্ঠ। মানুহৰ ওপৰত আন কোনো শ্রেষ্ঠ জীর নাই।

(খ) মানুহক ‘ময়াপী জীব’ বোলাৰ অৰ্থ কি?

উঃ মানুহক ‘ময়াপী জীৱ’ বোলাৰ অৰ্থটো হ’ল মানুহ হৈছে মায়া বা মোহ থকা জীর। মানুহে পৃথিৱীৰ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনঃ পুনঃ জনম লৈ আহি থাকে।

(গ) পাদ্য-অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?

উঃ কবিৰ মতে মানুহ দেৱতাতকৈয়ো শ্রেষ্ঠ। কবিৰ মতে মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো কাৰণ থাকিব নোৱাৰে। সেয়ে পাদ্য-অর্ঘ্য অর্থাৎ পূজাৰ সকলো উপকৰণ লৈ মানুহকহে মানুহে পূজা কৰা উচিত। কথাফাকিৰ জৰিয়তে কবিয়ে মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব বিচাৰিছে।

২। ‘মানৱ বন্দনা’ কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে লিখা।

উঃ কবিৰ মতে এইখন পৃথিৱীলৈ মানুহ সোঁতৰ কোনো অন্ত নাই। এই পৃথিবীলৈ এচাম মানুহ জন্ম গ্রহণ কৰিছে আৰু এচাম মৃত্যু বৰণ কৰিছে। এই সোঁত চলি আছে আৰু চলি থাকিব। সেয়ে পৃথিৱীক মানুহৰ নিজাপী ঘৰ অৰ্থাৎ আপোন ঘৰ বুলি ক’ব পাৰি।
আকৌ এইখন পৃথিৱীক স্বৰ্গতকৈয়ো অধিক কোৱাৰ কাৰণ হ’ল স্বৰ্গ হৈছে এক কাল্পনিক ঠাই। সেই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্রকৃত মৰম, স্নেহ, দয়া, সহানুভূতি দেখুৱাব পাৰে তেন্তে পৃথিবীখন স্বৰ্গতকৈয়ো অধিক সুখৰ ঠাইত পৰিণত হ’ব।
মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো প্রয়োজন নাই। পূজাৰ সকলো উপকৰণ লৈ মানুহে মানুহক পূজা কৰিব লাগে কাৰণ মানৱ সেৱাই প্ৰকৃত ধৰ্ম। কবিৰ মতে মানর দেহাও পরিত্ৰ কাৰণ দেহৰ ভিতৰত শ্রেষ্ঠ মানৱ আত্মা লুকাই আছে।

৩। ‘এই যে পৃথিবী স্বর্গতো অধিক মানুহৰ নিজাপী ঘৰ।’

– কথাষাৰৰ অৰ্থ বুজাই লিখা।

উঃ কবিৰ মতে এইখন পৃথিৱীলৈ মানুহৰ সোঁতৰ কোনো অন্ত নাই। এই পৃথিবীত এচাম মানুহ জন্ম গ্রহণ কৰিছে আৰু এচামৰ মৃত্যু হৈছে। এই সোঁত চলি আছে আৰু চলি থাকিব। সেয়ে কবিয়ে এইখন পৃথিৱীক মানুহৰ নিজাপী ঘৰ অৰ্থাৎ আপোন ঘৰ বুলি কৈছে। আকৌ কবিয়ে এইখন পৃথিৱীক স্বর্গতকৈয়ো অধিক বোলাৰ কাৰণ হ’ল স্বর্গ হৈছে এক কাল্পনিক ঠাই। সেই কাল্পনিক ঠাইৰ কথা চিন্তা নকৰি যদি মানুহে মানুহক প্রকৃত মৰম, স্নেহ, দয়া, সহানুভূতি দেখুৱাব পাৰে তেন্তে এই পৃথিবীখন স্বর্গতকৈয়ো অধিক সুখৰ ঠাইত পৰিণত হ’ব।

৪। তাৎপর্য ব্যাখ্যা কৰাঃ

(ক) মানবী জনম দিয়া উটুৱাই মানৱী কৰম সোঁতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে।

উঃ উদ্ধৃত কবিতাফাকি আমাৰ ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত ‘মানর বন্দনা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাকিৰ জৰিয়তে কবিয়ে মানৱ সেৱাই যে শ্রেষ্ঠ ধর্ম তাকে প্রকাশ কৰিব বিচাৰিছে।

কবিয়ে কৈছে যে মানুহ হৈছে প্ৰকৃতিৰ শ্রেষ্ঠ জীৱ। কিন্তু মানৱ জীৱন ক্ষন্তেকীয়া। এই ক্ষন্তেকীয়া জীবনকাল মানুহে মানবীয় কৰ্মৰ মাজেদি অতিবাহিত কৰা উচিত। কাৰণ মানৱ সেৱাই শ্রেষ্ঠ ধৰ্ম। মৰম, স্নেহ, দয়া, সহায় সহযোগ, পৰোপকাৰ আদিৰ জৰিয়তে মানৱক সেৱা কৰিব পাৰি। এইদৰে কবিয়ে কবিতাফাকিৰ জৰিয়তে মানুহৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিব বিচাৰিছে।

(খ) মানুহেই দেৱ মানুহেই সেৱ মানুহ বিনে নাই কের, কৰা কৰা পূজা পাদ্য-অর্ঘ্য লই জয় জয় জয় মানর দেহ।

উঃ উদ্ধৃত কবিতাফাকি আমাৰ ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা ৰচিত ‘মানৱ বন্দনা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

জীর হিচাপে মানুহক শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

কবিৰ মতে মানুহতকৈ আন কোনো শ্রেষ্ঠ দেৱতা নাই। মানুহে জীরশ্রেষ্ঠ মানুহকহে পূজা সেৱা কৰিব লাগে। মানুহক এৰি আন কোনো দেৱতাক পূজা কৰাৰ কোনো প্রয়োজন নাই। পূজাৰ সকলো উপকৰণ লৈ মানুহে মানুহক পূজা কৰিব লাগে কাৰণ মানৱ সেৱাই প্ৰকৃত ধর্ম। কবিৰ মতে মানৱ দেহাও পৱিত্ৰ কাৰণ দেহাৰ ভিতৰত শ্রেষ্ঠ মানৱ আত্মা লুকাই আছে।

ভাষা-বিষয়কঃ

১। সমার্থক শব্দ লিখাঃ মানুহ, সংগ, পৃথিবী, সোঁত, স্বৰ্গ, দেৱ।

উঃ

শব্দ                 সমার্থক শব্দ

মানুহ নৰ,         লোক

সংগ                 লগ

পৃথিৱী ধৰিত্ৰী,   ধৰণী

সোঁত প্রবাহ,     ধাৰা

স্বর্গ পৰলোক, বিহিস্ত

২। সংস্কৃত কর্ম, ধর্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্রস্তুত কৰা।

উঃ

সংস্কৃত শব্দ    আধুনিক ৰূপ

ৰত্ন                 বতন

মিত্র               মিতিৰ

বান্ধৱ             বন্ধু

স্বাদ               সোৱাদ

হস্তী               হাতী

সর্প                সাপ

গর্ত                গাত

মর্ত্য              মৰত

পদ্ম              পদুম

অতিৰিক্ত প্রশ্নোত্তৰ:

১। মানুহৰ নিজাপী ঘৰ কি?

উঃ পৃথিবী।

২। মানুহৰ বাবে দেৱতা কোন?

উঃ মানুহ।

৩। মানুহৰ প্ৰকৃত সংগ কোন?

উঃ মানুহ।

৪। ‘জোনাকী যুগৰ ত্রিমূর্তি’ বুলিলে কাক কাক বুজায়?

উঃ জোনাকী যুগৰ ত্রিমূর্তি বুলিলে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্র গোস্বামীক বুজায়।

৫। অসমীয়া কাব্য সাহিত্যত প্রথম ৰমন্যাসবাদী কবিতা কোনটো?

উঃ চন্দ্ৰ কুমাৰ আগৰৱালাৰ ‘বীণ-বৰাগী’।

৬। ‘চন্দ্ৰ কুমাৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম লিখা।

উঃ প্রতিমা’ আৰু ‘বীণ-বৰাগী’।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment