Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 8 Question Answer শিশুলীলা 2026

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যমৰ SEBA Class 9 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত Class 9 Assamese Chapter 8 Question Answer শিশুলীলা, Notes বা সহায়ক বিচাৰি আছে? হয়। চিন্তাৰ কোনো কাৰণ নাই, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ নৱম শ্ৰেণী সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 9 Assamese Chapter 8 Question Answer শিশুলীলা

শিশুলীলা

-শ্রীমন্ত শংকৰদেৱ

👉 Read Also:

কবি পৰিচয়:

শ্রীমন্ত শংকৰদেৱ (১৪৪৯-১৫৬৮)) নরবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক আৰু এজন মহান সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাকৰ নাম আছিল সত্যসন্ধ্যা। সৰুতে মাক-দেউতাক ঢুকুৱাত বুঢ়ীমাক খেৰসুতিয়ে শংকৰদেৱক তুলি-তালি ডাঙৰ-দীঘল কৰে।

বুঢ়ীমাক খেৰসুতিয়ে শিশু শংকৰদেৱক বাৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলি নামৰ এজন পণ্ডিতৰ টোলত ভর্তি কৰি দিয়ে। অতি কম সময়ৰ ভিতৰতে তেওঁ সংস্কৃত শাস্ত্রত পার্গত হৈ উঠে।

একৈশ বছৰ বয়সত তেওঁ সূর্যৱতীক বিয়া কৰায় আৰু তিনি বছৰ পিছত এটি কন্যা সন্তানৰ জন্ম দি সূৰ্যৱতী স্বর্গগামী হয়। পত্নী বিয়োগ হোৱাত তেওঁৰ মন ভাগি পৰে আৰু সংসাৰ বিৰাগী হৈ ১৪৮১ চনত ১৭ জন সঙ্গীৰ সৈতে তীর্থ ভ্রমণ কৰিবলৈ ওলায়। এই ভ্রমণ কালত তেওঁ উত্তৰ ভাৰতৰ প্ৰায়বোৰ তীৰ্থস্থান পৰিদৰ্শন কৰে আৰু সেই সময়ৰ হিন্দু ধৰ্মৰ বহুতো ধৰ্ম গুৰুৰ সৈতে মত বিনিময় কৰি আধ্যাত্মিক জ্ঞানত পুষ্ঠ হৈ বাৰ বছৰ পিছত অসমলৈ উভতি আহে। ঘৰলৈ উভতি আহি কালিন্দী নামৰ ছোৱালী এগৰাকীক বিয়া কৰায়।

সেই সময়ত অসমত সামাজিক আৰু ধর্মীয় জীৱনত নানান খেলিমেলি দেখি হিন্দু ধর্ম সংস্কাৰ কৰাৰ মানসেৰে ভাগৱত গীতাৰ ভিত্তিত এক নতুন ধর্মমতৰ পাতনি মেলে। সেই ধর্মক ‘নরবৈষ্ণৱ ধর্ম’ বুলি কোৱা হয়। লগে লগে তেওঁ তেওঁৰ ধৰ্ম মত প্ৰচাৰৰ মাধ্যম হিচাপে সাহিত্য ৰচনা আৰম্ভ কৰে।

১৫২২ চনত তেওঁ ধূঞাহাট বেলগুৰিত মাধৱদেৱক লগ পায়। শ্রীশংকৰদেৱৰ লগত শাস্ত্রীয় তৰ্কত পৰাজিত হৈ শংকৰদেৱৰ শিষ্যত্ব গ্রহণ কৰে আৰু আজীৱন গুৰু শংকৰদেৱৰ লগত থাকি ধৰ্ম প্ৰচাৰত মনোনিবেশ করে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক ‘মণি-কাঞ্চন সংযোগ’ বুলি কোৱা হয়। শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ অৰ্থে ঠায়ে ঠায়ে সত্র, থান, নামঘৰ, ভাওনাঘৰ আদি স্থাপন কৰে আৰু অসমীয়া সমাজক খোল, তাল, ডবা আদিৰ ব্যৱহাৰ শিকায়। ‘এক দের, এক সের, এক বিনে নাই কের’-হৈছে তেওঁৰ ধৰ্মৰ মূলমন্ত্র।

শংকৰদেৱে তেওঁৰ ধৰ্মীয় তত্ত্ব সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ কৰাৰ মাধ্যম হিচাপে বহুতো গ্রন্থও ৰচনা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি।

কাব্যঃ হৰিচন্দ্ৰ উপাখ্যান, কক্মিণীহৰণ কাব্য, বলিছলন, অমৃত মন্থন, গজেন্দ্র উপাখ্যান, অজামিল উপাখ্যান, কুরুক্ষেত্র আদি।

ভক্তিমূলক পুথি: ভক্তি প্রদীপ, নিমি-নরসিদ্ধ সংবাদ, ভক্তি ৰত্নাকৰ, অনাদি পতন আদি।

নাম প্রসঙ্গমূলক পুথি: কীর্তন ঘোষা, গুণমালা আদি।

অনুবাদমূলক পুথি: ভাগৱত, আৰু উত্তৰাকাণ্ড বামায়ণ।

অংকীয়া নাটঃ পত্নী প্রসাদ, কালিয় দমন, কেলি গোপাল, রুক্মিণী হবণ, পাৰিজাত হৰণ আৰু ৰামজিয়।
গীত: বৰগীত, ভটিমা।

শ্রীমন্ত শংকৰদেৱৰ ‘কীর্তন ঘোষা’ নামৰ পুথিখন হৈছে তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভ স্বৰূপ। এইখন গ্রন্থক বৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ পুথি বুলি গণ্য কৰা হয়। শংকৰেদেৱে ‘ব্ৰজাৱলী’ নামৰ এক কৃত্রিম ভাষাত তেওঁৰ গ্ৰন্থবোৰ ৰচনা কৰিছিল। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথেলী। তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন আন ভাষাৰ সংমিশ্রণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰে। এই ভাষাত স্বৰধ্বনিৰ প্ৰয়োগ অধিক বাবে শ্রুতি মধুৰ। শংকৰদেৱৰ সকলোবোৰ গ্ৰন্থ ব্ৰজাৱলী ভাষাত ৰচনা কৰা যদিও তেওঁৰ একমাত্র পুথি ‘ভক্তি ৰত্নাকৰ’ খন সংস্কৃত ভাষাত ৰচনা কৰিছিল।

শংকৰদেৱে অসমীয়া জাতীয় জীৱনলৈ অকল এক নতুন ধর্ম দি যোৱাই নহয়, তেওঁ অসমীয়া সমাজ সংস্কৃতিলৈয়ো নানান অৱদান আগবঢ়াই অসমীয়া জাতিক এক স্বকীয়তা প্রদান কৰি গৈছে।

এইজন মহাপুৰুষে ১৫৬৮ চনত এশ উনৈশ বছৰ বয়সত কোচ বিহাৰৰ ভেলা মধুপুৰত ইহলীলা সম্বৰণ কৰে।

শব্দার্থ আৰু টোকা

আউৰ: আৰু

আখিঃ চকু।

আজোড়ন্তে: আজুৰি থাকোঁতে।

কঙ্কণ: খাক।

কোপেঃ খণ্ডত।

খসিঃ খহি।

চাণ্ড: জোৰকৈ।

ছায়াঃ চাই।

ডৰেঃ ভয়তে।

দশনঃ দাঁত।

দিব্যঃ স্বর্গীয়।

দোলেঃ দুলি থাকে, লৰি থাকে।

নন্দজায়া: নন্দৰজাৰ পত্নী।

নিষেধি: বাধা দি।

পশিলন্ত: সোমালহি।

প্রয়াসিঃ যত্ন কৰি।

বদন: মুখ।

ভুজন্তঃ খালে।

মথনিঃ গাখীৰ ঘটিবলৈ ব্যৱহাৰ কৰা এবিধ সঁজুলি।

মহাত্রাসঃ অতি ভয় পোৱা।

মেলান: মেল খোৱা বা মুকলি হোৱা।

শিকিয়া: কোনো বস্তুৰ ওপৰত আঁৰি থ’বৰ বাবে ৰচিৰে প্ৰস্তুত কৰা এবিধ সঁজুলি।

শ্রোণী ভৰেঃ নিতম্ব বা তপিনাৰ ওপৰত।

সিঞ্চিৰাইঃ ছটিয়াই দি, সিঁচি দি।

অৱৈঃ বৈ থকা।

ক্ষৌমবস্ত্ৰ: পাটৰ কাপোৰ।

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভাৱ-বিষয়কঃ

১। অতি চমু উত্তৰ দিয়াঃ

(ক) “কৃষ্ণগীত গাৱন্ত সুন্দৰী।”

– কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?

উঃ কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী যশোদা।

(খ) কণ ঝুণ কেয়ুৰ কঙ্কণ।”

– কাৰ কেয়ুৰ কঙ্কণৰ ‘ৰুণ ঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?

উঃ ইয়াত যশোদাৰ কেয়ুৰ কঙ্কণৰ ৰুণ ঝুণ শব্দৰ কথা কোৱা হৈছে

(গ) “মথনিত ধৰিয়া নিযেধি।”

– ‘মথনি’ শব্দৰ অৰ্থ কি?

উঃ ‘মথনি’ শব্দৰ অৰ্থ গাখীৰ ঘটিবলৈ ব্যৱহাৰ কৰা সঁজুলি।

(ঘ) শ্রীকৃষ্ণই শিক্ৰিয়াৰপৰা লৱণু চুৰ কৰি আনি কাক দিছিল?

উঃ শ্রীকৃষ্ণই শিকিয়াৰ পৰা গাখীৰ চুৰ কৰি বান্দৰবোৰক দিছিল।

২। ‘শিশুলীলা’ পাঠটিত শ্রীকৃষ্ণ চৰিত্ৰটি এটি সাধাৰণ মানৱ শিশু হিচাপে অঙ্কিত হৈছে।

:কথাষাৰৰ সত্যাসত্য নিৰ্ণয় কৰা।

উঃ শ্রীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ কবিতাটিত কবিয়ে জগতৰ ঈশ্বৰ শ্রীকৃষ্ণক সাধাৰণ মানৱ শিশুৰূপে অংকিত কৰিছে।
এদিনাখন যশোদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণই আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পান কৰাবলৈ ধৰিলে। এনতে চৌকাত দি থোৱা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰা নমাই চৌকাৰ ওচৰলৈ দৌৰি গ’ল। এই কথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সোমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাৰিওপিনে লৱণু ছটিয়াই বান্দৰবোৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্ৰ চৌকাৰ পৰা নমাই কৃষৰ কাণ্ড দেখি খঙত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। কৃষ্ণয়ো ভয় খোৱা যেন দেখুৱাই তাৰ পৰা দৌৰি পলাই যায়। মাকে কৃষ্ণৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি পৰিল। অৱশেষত কৃষ্ণই মাকৰ ওচৰত ধৰা দিয়ে। তেতিয়া কৃষ্ণই ভয় খোৱা দেখি হাতৰ পৰা চিকনিডাল পেলাই দি কৃষ্ণক উড়ালত বান্ধি থোৱাৰ যো-যা কৰিছে। এনদৰে কবিয়ে কবিতাটিত শ্রীকৃষ্ণক মানর শিশুরূপে চিত্রিত কৰিছে।

৩। শংকৰদেৱ ৰচিত ‘কীর্তন’ পুথিখনৰ বিষয়ে পঁচিশটামান শব্দৰ ভিতৰত এটি টোকা লিখা।

উঃ ‘কীর্তনঘোষা’ নামৰ পুথিখন শ্রীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ। পুথিখনৰ মূল বিষয়বস্তু ভাগৱত গীতাৰ পৰা লোৱা হৈছে। গ্রন্থখনত ধ্যান বর্ণনা, অজামিল উপাখ্যান, শিশুলীলা, ৰাসলীলা, শ্রীকৃষ্ণৰ বৈকুণ্ঠ প্রয়াণকে ধৰি ঊনত্রিশটা খণ্ড আছে। এই গ্রন্থখন বৈষ্ণৱপন্থী হিন্দুসকলে পবিত্র গ্রন্থ বুলি গণ্য কৰে।

৪। ‘শিশুলীলা’ৰ অন্তর্নিহিত তত্ত্বপূর্ণ কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা।

উঃ এদিনাখন যশোদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পান কৰাবলৈ ধৰিলে। এনেতে চৌকাত দি থোৱা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰা নমাই চৌকাৰ ওচৰলৈ দৌৰি গ’ল। এই কথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সোমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাৰিওপিনে লবণু ছটিয়াই বান্দৰবোৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্ৰ চৌকাৰ পৰা নমাই কৃষ্ণৰ কাণ্ড দেখি খঙত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। কৃষ্ণয়ো ভয় খোৱা যেন দেখুৱাই তাৰ পৰা দৌৰি পলাইযায়। মাকে কৃষ্ণৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি পৰিল। অৱশেষত কৃষ্ণই মাকৰ ওচৰত ধৰা দিয়ে। তেতিয়া কৃষ্ণই ভয় খোৱা দেখি হাতৰ পৰা চিকনিডাল পেলাই দি কৃষ্ণক উড়ালত বান্ধি থোৱাৰ যো-যা কৰাত কবিয়ে কৈছে যে যিজনৰ আদি অন্ত পূর্বাপৰ নাই, যিজন পূর্ণব্রহ্মা জগতৰ ঈশ্বৰ সেইজন কৃষ্ণক মাক যশোদাই পুত্রৰূপে কোলাত পাই মাৰিবলৈ উদ্ধত হৈছে। ভগৱানে মানৱৰূপে আবিৰ্ভাৱ হৈ মানুহৰ দৰে আচৰণ কৰাৰ লগতে যে মানুহক ভগবানৰ প্ৰতি আসক্তি জন্মাইছে।

৫। “নাহি আদি অন্ত পূর্বাপৰ।

পূৰ্ণ-ব্রহ্ম জগত ঈশ্বৰ।।

:ইয়াত কবিয়ে কি প্রসঙ্গত, কাৰ বিষয়ে, কিয় এইদৰে কৈছে চমুকৈ লিখা।

উঃ ইয়াত কবি শ্রীমন্ত শংকৰদেৱে পূর্ণব্রহ্মা জগতপতি শ্রীকৃষ্ণই মাতৃস্নেহত তুষ্ট হৈ মাতৃৰ দাসত্ব স্বীকাৰ কৰা প্ৰসংগত উক্ত কথাষাৰ কৈছে।

এদিনাখন যশোদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পান কৰাবলৈ ধৰিলে। এনেতে চৌকাত দি থোৱা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰা নমাই চৌকাৰ ওচৰলৈ দৌৰি গ’ল। এই কথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্র ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সোমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাৰিওপিনে লবণু ছটিয়াই বান্দৰবোৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্ৰ চৌকাৰ পৰা নমাই কৃষ্ণৰ কাণ্ড দেখি খঙত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। কৃষ্ণয়ো ভয় খোৱা যেন দেখুৱাই তাৰ পৰা দৌৰি পলাই যায়। মাকে কৃষ্ণৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি পৰিল। অৱশেষত কৃষ্ণই মাকৰ ওচৰত ধৰা দিয়ে। তেতিয়া কৃষ্ণই ভয় খোৱা দেখি হাতৰ পৰা চিকনিডাল পেলাই দি কৃষ্ণক উড়ালত বান্ধি থোৱাৰ যো-যা কৰাত কবিয়ে উক্ত কথাষাৰ ব্যক্ত কৰি বুজাব বিচাৰিছে যে যিজনৰ আদি অন্ত পূর্বাপৰ নাই, যিজন পূর্ণব্রহ্মা জগতৰ ঈশ্বৰ সেইজন কৃষ্ণক মাক যশোদাই পুত্ৰৰূপে কোলাত পাই মাৰিবলৈ উদ্ধত হৈছে।

👉 Read Also:

৬। ‘শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ কাৰ্য-কলাপৰ এটি বিৱৰণ যুণ্ডত কৰা।

উঃ এদিনাখন যশোদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পান কৰাবলৈ ধৰিলে। এনতে চৌকাত দি থোরা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰা নমাই চৌকাৰ ওচৰলৈ দৌৰি গ’ল। এই কথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সোমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাৰিওপিনে লবণু ছটিয়াই বান্দৰবোৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্ৰ চৌকাৰ পৰা নমাই কৃষ্ণৰ কাণ্ড দেখি খণ্ডত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। কৃষ্ণয়ো ভয় খোৱা যেন দেখুৱাই তাৰ পৰা দৌৰি পলাইযায়। মাকে কৃষৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি পৰিল। অৱশেষত কৃষ্ণই মাকৰ ওচৰত ধৰা দিয়ে। তেতিয়া কৃষ্ণই ভয় খোৱা দেখি হাতৰ পৰা চিকনিডাল
পেলাই দি কৃষ্ণক উড়ালত বান্ধি থোৱাৰ যো-যা কৰাত কবিয়ে উক্ত কথাষাৰ ব্যক্ত কৰি বুজাব বিচাৰিছে যে যিজনৰ আদি অন্ত পূর্বাপৰ নাই, যিজন পূর্ণব্রহ্ম জগতৰ ঈশ্বৰ সেইজন কৃষ্ণক মাক যশোদাই পুত্রৰূপে কোলাত পাই মাৰিবলৈ উদ্ধত হৈছে।

৭। ব্যাখ্যা কৰাঃ

(ক) যাক যোগী নপাবে ধ্যানত। হেন হৰি পলান্ত ভয়ত।।

উঃ উক্ত কবিতফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তর্গত শ্রীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
যিজন কৃষ্ণক পাবলৈ ঋষি-মুনিসকলে ধ্যান কৰিব লগা হয় সেইজন কৃষ্ণই মাকৰ ভয়ত পলাই ফুৰিব লগা প্রসংগত কবিয়ে উক্ত কথাষাৰ কৈছে।
কৃষ্ণক স্তন পান কৰাবলৈ এৰি দি উতলি উঠা গাখীৰৰ পাত্র নমাবলৈ যোৱাত কৃষ্ণই অভিমান কৰি গাখীৰৰ পাত্ৰ ভাঙিলৱণু চুৰ কৰি খাবলৈ লোৱাত মাক যশোদাই এছাবি এডাল লৈ মাৰিবলৈ যোৱাত কৃষ্ণই দৌৰি পলাই ফুৰিব লগা হয়। ইয়াকে দেখি কবিয়ে কৈছে যিজন কৃষ্ণক ঋষি-মুনিসকলে ধ্যান কৰিও পাব নোৱাৰে সেইজন কৃষ্ণই মানর সন্তানৰূপে আবির্ভাব হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিব লগা হৈছে।
উক্ত কথাষাৰৰ জৰিয়তে শ্রীকৃষ্ণৰ শিশুলীলাৰ চিত্ৰ অংকিত হোৱাৰ লগতে শ্রীকৃষ্ণৰ মাতৃভক্তি প্রকাশ পাইছে।

(খ) তাহাঙ্ক তনয় মানি বলে।

যশোদা বান্ধন্ত উডুখলে।

উঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি “সাহিত্য-সুবাস’ৰ অন্তৰ্গত শ্রীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

জগতৰ ঈশ্বৰ পূৰ্ণব্রহ্মা কৃষ্ণক যশোদাই পুত্রৰূপে কোলাত পাই লৱণু নষ্ট কৰা অপৰাধত কেনেদৰে মাৰিবলৈ উদ্ধত হৈছে তাকে প্রকাশ কৰিবলৈ কবিয়ে উক্ত কথাষাৰ ব্যক্ত কৰিছে।

কৃষ্ণক স্তন পান কৰাবলৈ এৰি দি উতলি উঠা গাখীৰৰ পাত্র নমাবলৈ যোৱাত কৃষ্ণই অভিমান কৰি গাখীৰৰ পাত্ৰ ভাঙিলৱণু চুৰ কৰি খাবলৈ লোৱাত মাক যশোদাই এছাবি এডাল লৈ মাৰিবলৈ যোৱাত কৃষ্ণই দৌৰি পলাই ফুৰিব লগা হয়। ইয়াকে দেখি কবিয়ে কৈছে যিজন কৃষ্ণক ঋষি-মুনিসকলে ধ্যান কৰিও পাব নোৱাৰে সেইজন কৃষ্ণই মানর সন্তানৰূপে আবির্ভার হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিব লগা হৈছে।
এয়া স্বয়ং ভগৱানৰে লীলাখেলা। মানুহে ইয়াৰ তত্ত্ব সহজে বুজিব নোৱাৰে।

(গ) গোবিন্দে মাৱৰ শ্রম দেখি, ৰহিল কান্দন্ত মুদি আখি।

উঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি ‘সাহিত্য-সুবাস’ৰ অন্তৰ্গত শ্রীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

মাক যশোদাই খেদি গৈ ধৰিব নোৱাৰি ভাগৰি পৰাত কৃষ্ণই কেনেদৰে মাকৰ ওচৰত ধৰা দিছে সেয়া কবিয়ে উদ্ধৃত কবিতা ফাকিৰ মাজেদি প্রকাশ কৰিছে।

কৃষ্ণক মাতৃ যশোদাই স্তন পান কৰাবলৈ এৰি দি উতলি উঠা গাখীৰৰ পাত্ৰ নমাবলৈ যোৱাত কৃষ্ণই অভিমান কৰি গাখীৰৰ পাত্ৰ ভাঙি লবণু চুৰ কৰি খাবলৈ লোৱাত মাক যশোদাই এছাৰি এডাল লৈ মাৰিবলৈ যোৱাত কৃষ্ণই দৌৰি পলাব লগা হয়। কৃষ্ণক খেদি খেদি মাক যশোদা ভাগৰি পৰাত কৃষ্ণই ধৰা দিবলৈ চকু মুদি কান্দি থাকিল।। মনুষ্যৰ সন্তানৰূপে জন্ম গ্রহণ কৰিও কৃষ্ণ যে পৰম কৰণাময় আৰু মাতৃভক্তি পৰায়ণ সেয়া পদফাকিৰ জৰিয়তে প্ৰকাশ পাইছে।

৮। ‘মহাকোপে কোঠা পশিলন্ত। সিঞ্চিৰাই লৱণু ভূঞ্জন্ত।।

:কোনে অতি খঙত কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।

উঃ শিশু কৃষ্ণই অতি খঙত লৱণু চোৰ কৰি খাবলৈ কোঠাত সোমাইছিল। এদিনাখন যশোদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পান কৰাবলৈ ধৰিলে। এনতে চৌকাত দি থোৱা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰা নমাই চৌকাৰ ওচৰলৈ দৌৰি গ’ল। এই কথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সোমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাবিওপিনে লবণু ছটিয়াই বান্দৰবোৰকো খাবলৈ দিলে।

ভাষা-বিষয়কঃ

১। তলৰ শব্দকেইটাৰ এটা বা দুটাকৈ সমার্থক শব্দ লিখাঃ

কর্ণ , অৰুণ, দধি, বস্ত্র, বদন, লবণু, কোপ, দশন, দুগ্ধ, ঈশ্বৰ।

উঃ

শব্দ সমার্থক শব্দ
কাণ কৰ্ণ
অৰুণ সূৰ্য, বেলি
দধি দৈ
বস্ত্ৰ কাপোৰ, পোছাক
বদন মুখ
লবণু মাখন
কোপ খং, ক্ৰোধ
দশন দাঁত, দন্ত
দুগ্ধ গাখীৰ
ঈশ্বৰ ভগবান, পৰমেশ্বৰ

২। তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ তাহাঙ্ক, নোজোৰে, খসি, ৰহিল, আসি, ভৈলা, আসন্ত, শিলায়ে, কাম্পে, মাৱক।

উঃ

শব্দ আধুনিক ৰূপ
তাহাঙ্ক তাক
নোজোৰে নাটে
খসি খহি
ৰহিল ৰ’ল
আসি আহি
ভৈলা হ’ল
আসন্ত আহিল
শিলায়ে শিলেৰে
কাম্পে কঁপে
মাৰক মাকক

৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূৰ্দ্ধন্য ‘ণ’ মুর্দ্ধন্য ‘য’ হৈছে বুজাই লিখাঃ

অৰুণ, কঙ্কণ, কর্ণ, শ্রোণী, ভাণ্ড, নিযেধি।

উঃ অৰুণঃ ‘ৰ’ৰ পিছত স্বৰবৰ্ণ থাকিলে দন্ত্য ন মূর্দ্ধন্য ‘ণ’ হয়।

কঙ্কণ: কিছুমান শব্দৰ স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ হয়।

কৰ্ণঃ ‘ৰ’ৰ পিছত থকা দন্ত্য ন মূর্দ্ধন্য ‘ণ’ হয়।

শ্রোণীঃ ‘ৰ’ৰ পিছত স্বৰবৰ্ণ থাকিলে দন্ত্য ন মূর্দ্ধন্য ‘ণ’ হয়।

ভাণ্ড: ট-বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ন মূর্দ্ধন্য ‘ণ’ হয়।

নিষেধি: কিছুমান শব্দত স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ষ’ হয়।

৪। পাঠটিত থকা অসামাপিকা ক্রিয়া পাঁচোটা বাছি উলিয়াই লিখা।

উঃ পাঠটিত থকা পাঁচোটা অসমাপিকা ক্রিয়া ৰহ’ল: আসি, দেখন্তে, স্মৰি, নমাই আৰু বসি।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। কৃষ্ণই ক’ত বহিমাখন খাই আছিল?

উঃ উড়ালৰ ওপৰত বহি।

২। যশোদাই কৃষ্ণক উড়ালত বান্ধিব পাৰিছিল নে? উঃ নহয়।

৩। ‘বহিল কান্দন্তে মুদি আখি’ঃ ইয়াত কোনে আখি মুদি কান্দি থাকিল বুলি কোৱা হৈছে?

উঃ শিশু কৃষ্ণই।

৪। শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বোলে?

উঃ বৰগীত।

৫। শিশু কৃষ্ণই অভিমান কৰি কিহেৰে দধি ভাণ্ড ভাঙিছিল?

উঃ শিলগুটিবে।

৬। ‘প্রয়াসি’ শব্দৰ অর্থ কি?

উঃ যত্ন কৰি।

৭। ‘শিকিয়া’ শব্দৰ অৰ্থ কি?

উঃ কোনো বস্তুৰ ওপৰত আঁৰি থ’বৰ বাবে ৰচিবে প্রস্তুত কৰা এবিধ সঁজুলি।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment