Class 9 Assamese Chapter 7 Question Answer লোক সংস্কৃতি
লোক সংস্কৃতি
ড° নবীন চন্দ্র শর্মা
লেখক পৰিচয়
ড°নবীন চন্দ্র শর্মা (১৯৩৮) অসমৰ এজন লোক-সাহিত্য আৰু সংস্কৃতিৰ গৱেষক আৰু বলিষ্ঠ গদ্য লেখক। তেওঁৰ জন্ম হয় দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ হাজৰিকাপাৰা গাওঁত। নিজ গাওঁত প্রাথমিক শিক্ষা লাভ কৰি চিপাঝাৰ হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰে। তাৰ পিছত আর্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা বি. এ. পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত লোক-সংস্কৃতি বিভাগত অধ্যাপনা কৰি এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।
অসমৰ লোক সাহিত্য আৰু লোক-সংস্কৃতিৰ বিষয়ে তেওঁ গভীৰ জ্ঞান আয়ত্ব কৰি ইয়াৰ ওপৰত ভালেমান গবেষণামূলক মূল্যবান গ্রন্থ ৰচনা কৰে। তেওঁ ‘অসমৰ উজাপালি’ নামৰ গ্ৰন্থ প্রনয়ণ কৰি লোপ পাব ধৰা উজাপালি অনুষ্ঠানটোক অসমৰ ৰাইজৰ আগত পুনৰুজ্জীৱিত কৰি তোলে। ড° শৰ্মাই আমেৰিকাৰ কালিফোর্ণিয়ালৈ গৈয়ো লোক-সাহিত্যৰ সন্ধান কৰিছিল। লোক-সাহিত্য আৰু পুৰণি সাহিত্যকে ধৰি তেওঁ মুঠতে ৯৭ খন গ্রন্থ ৰচনা আৰু সম্পাদনা কৰে। তেওঁ ৰচনা কৰা পুথিসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: অসমীয়া সাহিত্যৰ আলোক ৰেখা, অসমীয়া ভাষা আৰু সাহিত্যৰ ৰূপৰেখা, পুৰণি অসমীয়া সাহিত্যৰ আলোক ৰেখা, অসমীয়া পাচালি সাহিত্য, অসমীয়া লোক-সংস্কৃতিৰ আভাস, অসমৰ ওজাপালি আদি। তেওঁ সম্পাদনা কৰা গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল: দৰঙ্গ বাজবংশাৱলী, আদি দশম, শির পুৰাণ, কালিকা পুৰাণ, অসমীয়া মদ্ভাগৱত পুৰাণ আদি।
তেওঁ সাহিত্য সেৱাৰ স্বীকৃতি হিচাপে দুর্গাবৰ বৰকটকী বঁটা, সীতানাথ ব্রহ্ম চৌধুৰী বঁটা, ভাৰতীয় ভাষা সাহিত্য বঁটা, শ্রীমন্ত শংকৰদেৱ গবেষণা বঁটা, শিল্পী গন্ধৰাম বায়ন বঁটা আদি বঁটা লাভ কৰে। ইয়াৰ উপৰিও তেওঁ এমেৰিটাছ ফিল ‘ছিপ, অসম সাহিত্য সভাৰ সদস্য মহীয়ান, সাহিত্যিক পেঞ্চন আদি সন্মান লাভ কৰে।
শব্দার্থ আৰু টোকা
অংগীভূতঃ অংগ হিচাপে পৰিগণিত।
আচৰণঃ ব্যৱহাৰ, চাল-চলন।
অশৰীৰিঃ শৰীৰবিহীন।
আবুঃ আইতা।
পিৰিয়ে-পিৰিয়ে: এটা প্ৰজন্মৰ পৰা আন এটা প্রজন্মলৈ।
লোককৃতি: সমাজত প্রচলিত কাম।
উত্তৰণ: উন্নতি।
পৰম্পৰাগত: প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থকা।
সমল: দ্রব্য, বয়-বস্তু।
জাতক: বুদ্ধদেৱৰ পূর্বজন্মৰ কাহিনীৰে পূৰ্ণ এখন ধর্মীয় পুথি। ই পালি ভাষাত ৰচিত।
পষঃ পষেক (পোন্ধৰ দিনীয়া)।
পাঠভিত্তিক প্রশ্নোত্তৰ:
ভাৱ-বিষয়কঃ
১। অতি চমু উত্তৰ দিয়া:
(ক) লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?
উঃ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক ‘লোক সংস্কৃতি’ বোলা হয়।
(খ) লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ?
উঃ লোকসমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ।
(গ) লোককৃষ্টি কাক বোলে?
উঃ গঁঞা সমাজে তেওঁলোকৰ বাবে প্রয়োজনীয় দৈনন্দিন কাম-কাজ সম্পাদন কৰাৰ উপৰিও বিভিন্ন কৰ্মৰ মাজেদি তেওঁলোকে ঋতু, মাহ, পক্ষ আদি অনুসৰি যিবোৰ উৎসৱ পালন কৰে আৰু গীত-মাত, নাচ আদি পৰিবেশন কৰে সেইবোৰৰ সমষ্টিক লোককৃষ্টি বোলে।
(ঘ) লোকসংস্কৃতিৰ দৃশ্যমান দিশক কি বোলা হয়?
উঃ লোকসংস্কৃতিৰ দৃশ্যমান দিশক ভৌতিক বা বস্তু সংস্কৃতি বোলা হয়।
(ঙ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধু কথাৰ পুথিখনৰ নাম কি?
উঃ লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম হ’ল ‘বুঢ়ী আইৰ সাধু’।
২। লোকসমাজ সম্পর্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্রহণ কৰিব নোৱাৰাৰ কাৰণ কি?
উঃ কিছুমান লোকতত্ত্ববিদে লোকসমাজক সমাজৰ এটা নিম্নস্তৰৰ অংগ বুলি ক’ব খোজে। কিন্তু লিখকৰ মতে এই ধাৰণা গ্রহণযোগ্য নহয়। ইয়াৰ কাৰণ:
লিখকৰ মতে বিজ্ঞানসন্মত দৃষ্টিভঙ্গী হ’লেই যে এখন সমাজ উচ্চক্তৰৰ হ’ব আৰু তাৰ বিপৰীত গঞা সমাজ নিম্নস্তৰৰ হ’ব তাৰ কোনো কথা নাই। লোকসমাজৰ অংগীভূত মানুহে প্রায়ে গাঁৱে-ভূঞে বাস কৰে আৰু অভিজাত লোকসকল নগৰ-চহৰ আদিত বাস কৰিলেও সিহঁতে গত্ৰণ ৰাইজৰ সহায় অবিহনে বাস কৰিব নোৱাৰে। বহুতো গাঁৱলীয়া লোক অর্থাৎ মজদুৰ, বনুৱা, অটো চালক, গাড়ী চালক, ঠেলা চালক আদি লোকসকলে নগৰৰ লোকসকললৈ সেৱা আগনবঢ়োৱালে নগৰৰ লোকসকলৰ জীৱন প্রণালীত অসুবিধাই দেখা দিব। ইয়াৰ উপৰিও গাওঁ অঞ্চলতো শিক্ষিত মানুহ বাস কৰে। সেয়ে নগৰ আৰু গাওঁ অঞ্চলৰ মানুহৰ মাজত জীবন প্রণালী আদান-প্রদান হৈ থাকে। গতিকে লোকসমাজ সম্পর্কে কিছুমান লোকতত্ত্ববিদে দিয়া ধাৰণা গ্রহণযোগ্য হ’ব নোৱাৰে।
৩। চমুটোকা লিখাঃ
নিচুকনী গীত, মালিতা বা কাহিনী গীত, সাঁথৰ, জনশ্রুতি, জিকিৰ, দেহ বিচাৰৰ গীত, হুচৰী গীত।
উঃ (ক) নিচুকনী গীতঃ ল’ৰা-ছোৱালীক ওমলোৱা আৰু নিচুকুৱাত গোৱা গীতবোৰক নিচুকনী গীত বোলে। নিচুকনী গীতক ‘ধাই নাম’ বুলিও কোৱা হয়। নিচুকনী গীতবোৰত শিশু মনে বিশ্বাস কৰিব পৰা লৌকিক বা অলৌকিক জগতৰ কাহিনী বা বিষয় থাকে।
উদাহৰণ: “আমাৰ মইনা শুব এ বাৰীতে বগৰী ৰুব এ বাৰীৰে বগৰী পকি সৰিব আমাৰ মইনাই বুটলি খাব।”
(খ) মালিতা বা কাহিনী গীত: যিবোৰ গীতৰ মাজেদি কোনো কাহিনী বা আখ্যান বর্ণনা কৰা হয় সেইবোৰ গীতক মালিতা বা কাহিনী গীত বুলি কোৱা হয়। মালিতা বা কাহিনী গীতত কোনো প্রেম প্রণয়ৰ কাহিনী, বীৰত্বৰ কাহিনী বা দুঃসাহসিক অভিযানৰ কাহিনী বর্ণনা কৰা হয়। এনে গীতবোৰ প্ৰায়েই কাল্পনিক। বিষয়-বস্তুৰ ফালৰ পৰা মালিতাক তিনি শ্রেণীত ভাগ কৰিব পাৰি, যেনেঃ বুৰঞ্জীমূলক, জনশ্রুতিমূলক আৰু কাল্পনিক। অসমৰ গাওঁ অঞ্চলত বহুত মালিতা সিঁচৰতি হৈ আছে। বুৰঞ্জীমূলক মালিতাবোৰৰ ভিতৰত নাহৰৰ গীত, জয়মতী কুঁৱৰীৰ গীত, মণিৰাম দেৱানৰ গীত আদি উল্লেখযোগ্য। জনশ্রুতমূিলক গীতবোৰৰ ভিতৰত ফুলকোঁৱৰৰ গীত, ময়নামতীৰ গীত, কমলা কুঁৱৰীৰ গীত আদি উল্লেখযোগ্য। আনহাতে কন্যা বাৰমাহীৰ গীত, দুবলা শান্তিৰ গীত, বনিয়াৰ গীত আদি কাল্পনিক মালিতা।
(গ) সাঁথৰ: সাঁথৰ হৈছে সহজে বুজিব নোৱাৰাকৈ আওপকীয়াকৈ কৰা বুদ্ধিদীপ্ত বর্ণনা বা প্রশ্ন। সাঁথৰক বুদ্ধিদীপ্ত শব্দৰ ধেমালী বুলিও ক’ব পাৰি। সাধাৰণ মানুহে জনা বিষয়বস্তুবোৰক লৈয়ে সাঁথৰ ৰচনা কৰা হয়। সাঁথৰত কল্পনাৰ স্ফূৰণ, আৰু অনুপ্রাস অলংকাৰৰ প্ৰয়োগ কৰা দেখা যায়।
উদাহৰণ: “ঘৰৰ তলত ঘৰ তাতে পৰি মৰ।”
(ঘ) জনশ্রুতিঃ পুৰণি কালৰ পৰা মানুহৰ মখে মুখে চলি অহা গীত-মাত, সাধু কথা, কাহিনী, আখ্যান আদিক জনশ্রুতি বোলা হয়। জনশ্রুতিয়ে বহল অর্থত সকলো ধৰণৰ মৌখিক সাহিত্যক সামৰি লয়। জনশ্রুতিসমূহত জাতি একোটাৰ লোকবিশ্বাস, সংস্কৃতি আদি লুকাই থাকে।
(ঙ) জিকিৰঃ জিকিৰ হ’ল অসমীয়া ভাষী মুছলমানসকলৰ মাজত চলি থকা কিছুমান ধর্মীয় গীত। জিকিৰসমূহ লোকগীতৰ অন্তৰ্ভূক্ত। ‘জিকিৰ’ শব্দৰ অৰ্থ হ’ল পুনঃ পুনঃ স্মৰণ কৰা। ইয়াত আল্লাহৰ নাম স্মৰণ কৰাক বুজায়। জিকিৰ সমূহ সপ্তাদশ শতিকাত ইৰাণৰ পৰা বা ভাৰতৰ কোনো পশ্চিম অঞ্চলৰ পৰা অসমলৈ অহা আজান ফকিৰ বা ছাহ মিলন নামৰ এজন ছুফী সাধকে ৰচনা কৰিছিল বুলি কোৱা হয়। জিকিৰসমূহৰ জৰিয়তে ইছলাম ধৰ্মৰ মৌলিক তত্ত্ব যেনেঃ কলিমা, নামাজ, বোজা, হজ, জাকাত আদিৰ গুৰত্বৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱা হৈছে।
(চ) দেহ বিচাৰৰ গীতঃ দেহ বিচাৰৰ গীতসমূহ এক ধৰণৰ ভকতীয়া গীত। এনে গীতসমূহ আধ্যাত্মিক ভারেবে সিক্ত। মানৱদেহত যে চৈধ্য ব্রহ্মাণ্ড আছে আৰু ই যে ব্রহ্মাণ্ডৰ এটি ক্ষুদ্র সংস্কৰণ এই ভার দেহ বিচাৰৰ গীতবোৰত ব্যক্ত কৰা হৈছে। সংসাৰৰ অনিত্যতা, মানৱ শৰীৰৰ ক্ষণভঙ্গুৰতা আদি দর্শনো এনে গীতবোৰৰ বিষয়বস্তু।
(ছ) হুঁচৰি গীত: বহাগ বিহুত গাওঁৰ ৰাইজে ঢোল, পেঁপা, তাল, খোল আদিৰ সমন্বয়ত প্রত্যেক গৃহস্থৰ ঘৰত সামূহিকভাবে যি বিহুগীত গোৱা হয় সেইবোৰক চৰি গীত বোলে। এই গীত সমূহ গাই সকলোৰে মঙ্গল কামনা কৰি আশীর্বাদ দিয়া হয় আৰু ভগৱানৰ ওচৰত প্রার্থনা জনোৱা হয়। তাৰোপৰি পৰিবেশ পৰিস্থিতিৰো আভাস এই গীতবোৰত পোৱা যায়।
৪। “লোক জীৱন তিনিটা ভাগত বিভক্ত”: লোকজীবন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।
উঃ লোকজীৱন তিনিটা ভাগত বিভক্ত, যেনেঃ (ক) সামাজিক আচাৰ-অনুষ্ঠান (খ) ভৌতিক বা বস্তু সংস্কৃতি আৰু (গ) পৰিবেশ্য কলা।
তলত এইবোৰৰ চমু আভাস দিয়া হ’লঃ
(ক) সামাজিক আচাৰ-অনুষ্ঠানঃ সমাজত বাস কৰা লোকসকলৰ মাজত অনুষ্ঠিত কৃষি, খেতি-বাতি, জন্ম-মৃত্যু, বিবাহ আদি বিষয়ক ৰীতি-নীতি, আচাৰ-অনুষ্ঠান আদিক সামাজিক আচাৰ-অনুষ্ঠান বুলি কোৱা হয়। এইবোৰ লোক বিশ্বাস আৰু পৰম্পৰাৰ লগত জড়িত। সামাজিক অনুষ্ঠানক চাৰিটা ভাগত ভাগ কৰিব পাৰি, যথা: উৎসৱ অনুষ্ঠান খেল-ধেমালি আৰু অৱসৰ বিনোদন, লোক-ঔষধ আৰু লোকৰন্ধন প্রণালী।
(ক) ভৌতিক বা বস্তু সংস্কৃতি: লোকসংস্কৃতিৰ দৃশ্যমান দিশ যেনেঃ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সা-সঁজুলি, খোৱা-লোৱাৰ বস্তু-সামগ্রী, ৰন্ধা-বঢ়াৰ প্রণালী আদি ভৌতিক বা বস্তু সংস্কৃতিৰ বিষয়। ভৌতিক বা বস্তু সংস্কৃতিক আকৌ পাঁচোটা ভাগত ভাগ কৰা হৈছে, যথাঃ লোককলা, লোক শিল্প, লোক স্থপতি কলা, লোক আভৰণ আৰু লোক বন্ধন প্রণালী। লোককলা বুলিলে সৌন্দর্যবন্ধনৰ বাবে কাৰুকাৰ্য খটুৱাই অতি সুন্দৰকৈ সজাই ৰখা বস্তু-সামগ্ৰীক বুজায়। লোকশিল্প হ’ল চিত্রাংকন, বাঁহ-বেত-কাঠ-লোহা আদিৰে তৈয়াৰ কৰা সামগ্রী।
লোক স্থপতি কলা হ’ল: নানান কাৰু-কার্য খচিত মঠ-মন্দিৰ, মূর্তি আদি। লোক আভৰণ বুলিলে মানুহে পৰিধান কৰিবৰ বাবে তৈয়াৰ কৰা নানা অলংকাৰ, পোছাক-পৰিচ্ছদ আদিক বুজায়। লোক বন্ধন প্রণালীয়ে খাদ্যৰ ৰন্ধন আৰু সংৰক্ষণ প্রণালীক বুজায়।
৫। বহলাই লিখাঃ
(ক) সামাজিক আচাৰ অনুঠান
(খ) লোক পৰিবেশ্য কলা
(গ) ভৌতিক বা বস্তু-সংস্কৃতি।
উঃ ওপৰৰ ৪ নং প্রশ্নোত্তৰ চোৱা।
৬। লোকনাট কিহৰ সমষ্টি বুলি লিখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰত্ব দিয়া হয়নে? তোমাৰ নিজৰ কথাৰে লিখা।
উঃ সংগীত আৰু নৃত্যৰ সমষ্টিক লোকনাট বোলে। এনে নাটকত সংলাপতকৈ সংগীত আৰু নৃত্যৰ গুৰুত্ব বেছি। উদাহৰণ স্বৰূপে অংকীয়া নাটলৈ আঙুলিয়াব পাৰি। লোকনাট পৰম্পৰাগত লোকজীৱনৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। লোকগীতসমূহ পৰম্পৰাগতভাবে মানুহৰ মুখে মুখে প্রচলিত হৈ থাকিব পাৰে। সেইদৰে লোকনৃত্যসমূহও পৰম্পৰাগতভাৱে জনসাধাৰণৰ মাজত প্রচলিত হৈ থাকিব পাৰে। কিন্তু সংলাপ মুখে মুখে প্রচলিত হৈ থাকিব নোৱাৰে। সেয়ে লোকনাটকত সংলাপতকৈ গীত আৰু নৃত্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।
৭। লোক সাহিত্যক কেইটা আৰু কি কি উপভাগত ভাগ কৰিব পাৰি? ভাগবোৰৰ নাম লিখা।
উঃ মানুহৰ মুখে মুখে পৰম্পৰাগতভাৱে চলি অহা সাহিত্যক লোকসাহিত্য বোলে। লোকসাহিত্যক পাঁচোটা ভাগত ভাগ কৰা হৈছে, যেনেঃ (ক) গদ্যধর্মী সাধুকথা বা লোককথা (খ) মৌখিক কবিতা বা লোকগীত (গ) প্রৱচন, লোকোক্তি, যোজনা পটন্তৰ আদি (ঘ) সাঁথৰ, দৃষ্টান্ত আৰু (ঙ) লোকভাষা।
৮। ভৌতিক বা বস্তু-সংস্কৃতিৰ অধ্যয়ন সামগ্রী কি? ইয়াৰ উপ-বিভাগবোৰ কি কি?
উঃ লোকসংস্কৃতিৰ দৃশ্যমান দিশ যেনেঃ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সা-সঁজুলি, খোৱা-লোৱাৰ বস্তু-সামগ্ৰী, ৰন্ধা-বঢ়াৰ প্ৰণালী আদি ভৌতিক বা বস্তু সংস্কৃতিৰ বিষয়। ভৌতিক বা বস্তু সংস্কৃতিৰ উপভাগ পাঁচোটা যেনে : লোককলা, লোক শিল্প, লোক স্থপতি কলা, লোক আভৰণ আৰু লোক ৰন্ধন প্রণালী।
৯। ‘অ’মাই যশোৱা হে, মাই হে যশোৱা…” গীতটি কোনে লিখিত রূপ দিয়ে?
উঃ “আ’মাই যশোৱা হে, মাই হে যশোরা…” গীতটো ভূপেন হাজৰিকাদেৱে লিখিত রূপ দিছে।
১০। তাৎপর্য ব্যাখ্যা কৰা।
(ক) লোকসংস্কৃতি পুৰণি হৈয়ো নতুন, নতুন হৈয়ো পুৰণি।
উঃ এখন সমাজৰ মানুহে পালন কৰা আচাৰ-অনুষ্ঠান, গীত-পদ, নৃত্য, খোৱা-বোৱা, পিন্ধা-উৰা, পূজা-পার্বন, ৰীতি-নীতি, উৎসব-অনুষ্ঠান, খেলা-ধূলা আদিৰ সমষ্টিক লোকসংস্কৃতি বুলি কোৱা হয়। এইবোৰ পৰম্পৰাগতভাবে সমাজত চলি থাকে। সময়ৰ প্রভাৱত এইবোৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয় যদিও ইয়াৰ মূলসূতিটোৰ কোনো পৰিৱৰ্তন নহয়। অর্থাৎ প্রাচীনতাৰ ভেটিত নৰূপে গা কৰি উঠিলেও মানুহে ইয়াৰ পৰম্পৰাগত দিশটো সম্পূৰ্ণৰূপে ত্যাগ নকৰে। সেয়ে লোক সংস্কৃতি পুৰণি হৈয়ো নতুন, নতুন হৈয়ো পুৰণি বুলি ক’ব পাৰি।
(খ) সমাজৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিবো পৰিৱৰ্তন ঘটে।
উ: লোকসংস্কৃতি কোনো জাতি বা অঞ্চলৰ পৰম্পৰাগতভাৱে চলি অহা ঐতিহ্যময় সম্পত্তি। এইবোৰ সময়ৰ লগে লগে কিছু পৰিমাণে আধুনিক ৰূপ পৰিগ্ৰহণ কৰে। অর্থাৎ আগৰ অশিক্ষিত, সহজ, সৰল, হোজালোকে বৰ্তাইৰখা লোকসংস্কৃতিসমূহ পিছত শিক্ষিত বা নগৰীয়া লোকৰ প্রভাৱত কিছু পৰিৱৰ্তন হোৱা স্বাভাবিক। উদাহৰণস্বৰূপে অসমীয়া সমাজত চলি থকা বিহু নৃত্য, চৰি গীত আদি বর্তমান নগৰত মঞ্চত অনুষ্ঠিত হ’বলৈ লৈছে। ফলত ইয়াৰ আঙ্গিক আৰু ৰূপায়ণ পদ্ধতিত কিছু আধুনিকতাৰ ছাপ পৰিছে।
সেয়ে ক’ব পাৰি সময়ৰ পৰিৱৰ্তনৰ লগে লগে লোকসংস্কৃতিৰো পৰিৱর্তন ঘটে।
ভাষা-বিষয়কঃ
১৯। তলৰ শব্দকেইটাত মূদ্ধন্য ‘ণ’ আৰু ‘য’ হোৱাৰ কাৰণ দশোৱা: কৃষি, অনুষ্ঠান, ধাৰণ, আহৰণ।
উঃ কৃষিঃ ঋ-ৰ পিছত থকা দন্ত্য ‘স’ মূর্দ্ধন্য ‘ষ’ হয়। অনুষ্ঠান: উ-কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা’ ধাতুৰ দন্ত্য ‘স’ মুৰ্দ্ধন্য ‘য’ হয়।
ধাৰণ: ‘ৰ’ৰ পিছত থকা দন্ত্য ন ‘ণ’ হয়। আহৰণ: ‘ৰ’ ৰ পিছত থকা দন্ত্য ন মূর্দ্ধন্য ‘ণ’
২০। বিপৰীত অর্থ বুজোৱা শব্দ লিখা। বিশ্বাস, মৌখিক, সংযোগ, প্রয়োজনীয়, জন্ম, উচিত।
উঃ
শব্দ বিপৰীত শব্দ
বিশ্বাস মৌখিক
সংযোগ প্রয়োজনীয়
জন্ম উচিত
২০। সমার্থকশব্দ লিখা।
উঃ
শব্দ সমার্থক শব্দ
গএল গাঁৱলীয়া
পিতা দেউতা
বেমাৰ ৰোগ, অসুখ
চহৰ নগৰ
লোক ব্যক্তি, ৰাইজ।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। ‘লোকসংস্কৃতি’ নামৰ প্ৰৱন্ধটিৰ লিখক কোন?
উঃ ড’ নবীন চন্দ্র শর্মা।
২। ড° নবীন চন্দ্ৰ শৰ্মাই ৰচনা কৰা পুথিৰ সংখ্যা কিমান?
উঃ ৯৭ খন।
৩। ‘লোকসংস্কৃতি ‘ক অন্য কি বুলিব পাৰি?
উঃ গঞা সংস্কৃতি বা জনসংস্কৃতি।
৪। লোকজীবনত যুক্তিতকৈ কিহৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়?
উঃ বিশ্বাসৰ ওপৰত।০০০
