Class 9 Assamese Chapter 6 Question Answer ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
ড° হেমন্ত কুমাৰ শৰ্মা
লেখক পৰিচয়
ড° হেমন্ত কুমাৰ শর্মা (১৯৩২-১৯৯২) আছিল অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, বলিষ্ঠ গদ্যলেখক, সমালোচক আৰু গৱেষক। তেওঁৰ জন্ম হয় নলবাৰীৰ অন্তৰ্গত পিপলিবাৰী গাওঁত। তেওঁ অসমীয়াত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি কটন কলেজৰ অসমীয়া বিভাগত অধ্যাপনা কৰিবলৈ লয়। তেওঁ অসম সাহিত্য সভা, অসম জনকৃষ্টি সমাজ আৰু বিভিন্ন সংস্কৃতি বিষয়ক অনুষ্ঠানৰ লগত জড়িত আছিল। ড° শৰ্মাই একুৰিতকৈয়ো অধিক সংখ্যক গ্রন্থ ৰচনা আৰু সম্পাদনা কৰি গৈছে। তেওঁৰ উল্লেখযোগ্য গ্রন্থকেইখন হ’ল: অসমীয়া সাহিত্যত দৃষ্টিপাত, অসমীয়া সাহিত্যৰ বেঙনি, সাহিত্য বিচিত্রা, সাহিত্যৰ জেউতি, কাবেৰীৰ পাৰে পাৰে, স্মৃতিৰ পলাশ, সেই মালাধাবি, ৰাখি বন্ধন, সন্ধ্যাৰাগ, জীৱনী সৌৰভ ইত্যাদি। তেওঁ কেইবাখনো গ্রন্থ সংকলন আৰু সম্পাদনা কৰিছিল, যেনে কামৰূপী লোকগীতি সংগ্রহ, কিংবদন্তীৰ সাধু, অসমীয়া লোকগীতি সঞ্চয়নআদি।
১৯৯২ চনত চাকৰিকালীন অবস্থাতেই তেওঁৰ দেহাৱসান ঘটে।
শব্দার্থ আৰু টোকা
অগণন: অলেখ, বহুত।
অবাৰিতঃ বাধাহীন, মুকলি।
অবিনাশী: যাব বিনাশ (ধ্বংস) নাই।
আত্মাঃ প্রাণ, সর্বব্যাপী চৈতন্য।
আৱহমান: চিৰকাল চলি থকা।
উলাই: তুচ্ছ কৰা, উলংঘা কৰা।
গোষ্ঠীঃ বংশ, জাতি, দল।
জনাকীর্ণ: মানুহেৰে ভৰা।
ত্রিকালজ্ঞঃ ত্রিকাল অর্থাৎ অতীত, বর্তমান, ভবিষ্যত কালৰ বিষয়ে যিসকলে জানে।
তাণ্ডব নৃত্যঃ উদ্ধত নৃত্য।
দর্শন: জীবজগত আৰু বিশ্বব্রহ্মাণ্ড সম্পর্কে তত্ত্বজ্ঞান।
দুটা অঞ্চলৰ লোক: পশ্চিম পাকিস্থান আৰু পাকিস্থান (বাংলাদেশ)।
প্রাগৈতিহাসিক: ইতিহাসে ঢুকি নোপোৱা যুগ।
বিস্তীর্ণ: বিশাল, বিপুল।
ভাস্কৰ্য্যঃ শিল, ধাতু আদিৰে মূৰ্তি সজা বিদ্যা।
সংগীতঃ গীত, বাদ্য আৰু নৃত্যৰ সমলয়।
সমন্বয়ঃ সংযোগ, মিলন।
সম্প্ৰীতি: পাৰস্পৰিক মিলা-প্রীতি।
সুউচ্চঃ অতি উচ্চ, ওখ।
সুকুমাৰ কলাঃ কবিতা, সংগীত, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কর্য্য- এই পাঁচবিধ কলাক সুকুমাৰ কলা বোলে।
উপনিষদঃ বৈদিক সাহিত্যৰ শেহতীয়া ধর্মগ্রন্থ। গুৰু-শিষ্যৰ কথোপকথনৰ যোগেদি ইয়াত ঈশ্বৰৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াক বেদান্তও বোলা হয়।
কবীৰঃ পোন্ধৰ শতিকাৰ এজন ধৰ্ম প্ৰচাৰক। তেওঁ ৰামানন্দৰ শিষ্য। তেওঁ ৰচনা কৰা দেহাবোৰ গভীৰ তাত্ত্বিক ভাৱপূর্ণ।
গীতাঃ বেদব্যাস ৰচিত এখন ধর্ম গ্রন্থ। ইয়াত শ্রীকৃষ্ণই অর্জুনক কর্মযোগ, জ্ঞানযোগ, ভক্তিযোগ আদিৰ বিষয়ে দিয়া উপদেশ আছে। ই এখন দার্শনিক গ্রন্থ।
চৈতন্যদেবঃ (১৪৮৬-১৫৩৩) বৈষ্ণৱ ধৰ্ম প্ৰচাৰক। নৱদ্বীপত চৈতন্যদেৱৰ জন্ম হৈছিল।
জেরুজালেম: প্রাচীন পেলেষ্টাইনৰ অন্তৰ্গত এখন নগৰ। ইয়াত খ্রীষ্টধর্ম প্রৱৰ্তক যীচুৰ জন্ম হৈছিল।
নানক: (১৪৬০-১৫৩১) শিখ ধৰ্মৰ প্ৰৱৰ্তক। লাহোৰৰ ওচৰত নানকান গাঁৱত তেওঁৰ জন্ম হৈছিল।
বৈশিষ্ঠঃ ব্রহ্মাৰ মানস পুত্ৰ আৰু মন্ত্রদ্রষ্টা ঋষি। সূৰ্যবংশৰ ৰজাসকলৰ কুল পৰোহিত। গুৱাহাটী চহৰৰ দক্ষিণফালে এখন পৰ্বতৰ নামনিত তেওঁৰ আশ্রম আছে।
বাল্মীকিঃ আদিকাব্য ৰামায়ণৰ ৰচয়িতা। তমসা নদীৰ পাৰত তেওঁৰ আশ্ৰম আছিল।
বিশ্বামিত্রা: চন্দ্রবংশীয় গাধি ৰজাৰ পুত্র, এজন ঋষি আৰু মন্ত্রদ্রষ্টা আছিল। তেওঁ তপস্যাৰ বলেৰে ক্ষত্রিয় কুলৰ পৰা ব্রাহ্মণত্ব লাভ কৰে। এওঁ ৰাজর্ষি হৈছিল।
বুদ্ধঃ বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক। তেওঁৰ আচল নাম আছিল সিদ্ধার্থ। তেওঁক ‘শাক্যসিংহ’ আৰু ‘গৌতমী’ বুলিও কোৱা হয়। তেওঁৰ পিতাকৰ নাম শুদ্ধোধন আৰু মাকৰ নাম আছিল মায়াদেবী। বুদ্ধগয়াৰ বোধিবৃক্ষৰ তলত তেওঁ পৰমজ্ঞান লাভ কৰে। ‘বুদ্ধ’ শব্দৰ অৰ্থ জ্ঞানী। বুদ্ধক বিষ্ণুৰ নৱম অৱতাৰ বুলি ধৰা হয়।
বেদ: বেদ হিন্দু ধৰ্মৰ প্ৰধান গ্রন্থ। বেদ চাৰিখন, যেনেঃ ঋকবেদ, যজুবেদ, সামবেদ আৰু অথর্ববেদ।
ব্যাস: এজন ঋষি। তেওঁ মহাভাৰত আৰু অষ্টাদশ পুৰাণ ৰচনা কৰিছিল।
ভাগৱতঃ ওঠৰখন পুৰাণৰ ভিতৰত ভাগৱত অন্যতম পুৰাণ। এইনামেৰে দুখন পুৰাণ আছে যেনেঃ শ্রীমদ্ভাগবত আৰু দেৱী ভাগৱত।
মক্কা: আৰব দেশৰ এখন প্রাচীন চহৰ। ইছলাম ধর্মালম্বীসকলৰ পৱিত্ৰ তীর্থস্থান। ইয়াত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হৈছিল।
মহাবীৰঃ জৈন ধৰ্মৰ প্ৰৱৰ্তক। তেওঁৰ প্ৰকৃত নাম আছিল বর্দ্ধমান। উত্তৰ বিহাৰৰ বৈশালী নামে নগৰৰ ওচৰত তেওঁৰ জন্ম হয়। ত্ৰিশ বছৰ গ্ৰাৰ্হস্থ্য জীৱন যাপন কৰি তেওঁ সংসাৰ ত্যাগী হয়। অৱশেষত তেওঁ জিন (বিপুজয়ী) আৰু নিগ্রস্থ (সংসাৰ বন্ধন মুক্ত) ৰূপে পৰিচিত হয়।
ৰামানন্দ: পঞ্চদশ শতিকাৰ এজন ধৰ্ম প্ৰচাৰক। তেওঁৰ এজন বিখ্যাত শিষ্যৰ নাম আছিল কবীৰ।
ৰামানুজঃ এজন দার্শনিক পণ্ডিত। একাদশ শতিকাত দাক্ষিণাত্যৰ কোল ৰাজ্যত (বর্তমান কর্ণাটক)ত তেওঁৰ জন্ম হৈছিল।
ৰামায়ণ: বাল্মীকিৰ দ্বাৰা ৰচিত এখন সংস্কৃত মহাকাব্য। ইয়াত ৰামৰ কাহিনী বর্ণনা কৰা হৈছে।
শকঃ যাযাবৰ জাতি বিশেষ। পোনতে সিহঁতে অক্ষু নদীৰ পাৰত বসবাস কৰিছিল। পাছলৈ এই জাতিয়ে যাযাবৰী জীৱন ত্যাগ কৰি গৃহস্থ্য বৃত্তি অৱলম্বন কৰে। এই জাতি পাঁচোটা শাখাত বিভক্ত। তাৰ ভিতৰত কুষাণ বংশ শ্রেষ্ঠ। কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক।
শংকৰাচাৰ্যঃ (৭৮৮-৮২০) এজন বিখ্যাত দার্শনিক পণ্ডিত। কেৰালা ৰাজ্যৰ কলাদিত এওঁৰ জন্ম হয়। বেদান্ত দর্শন বা অদ্বৈতবাদী দৰ্শনৰ প্ৰচাৰক। গীতা, উপনিষদ, বেদান্তৰ টীকা, মোহমুগ্ধ আদি গ্রন্থ ৰচনা কৰে।
স্থাপত্যঃ গৃহ নির্মাণ বিদ্যা।
পাঠভিত্তিক প্রশ্নোত্তৰ:
ভাৱ-বিষয়কঃ
১। অতি চমু উত্তৰ দিয়া:
(ক) প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?
উঃ প্রাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোকে পৰ্বতৰ গুহা বা গছৰ ধোন্দত বাস কৰিছিল তেওঁলোকক ‘আদিম অধিবাসী’ বোলা হৈছিল।
(খ) বুদ্ধদেৱৰ আচল নাম কি?
উঃ বুদ্ধদেৱৰ আচল নাম সিদ্ধার্থ। তেওঁক গৌতম আৰু শাক্য সিংহ বুলিও কোৱা হয়।
(গ) মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা কোন?
উঃ মহাভাৰত আৰু অষ্টাদশ পুৰাণৰ প্ৰণেতা ব্যাসদের।
(ঘ) কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উঃ কুষাণ বংশৰ শ্রেষ্ঠ বজাজনৰ নাম আছিল কণিষ্ক।
(ঙ) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?
উঃ জৈন ধৰ্মৰ প্ৰৱৰ্তক হল মহাবীৰ বা বর্ধমান।
২। কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্রতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা।
উঃ ভৌগোলিক অবস্থান, বিভিন্ন সময়ত ভাৰতবৰ্ষলৈ অহা মানব গোষ্ঠীৰ ভাষা, ধর্ম, আচাৰ-অনুষ্ঠান, কলা-সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ বৈচিত্ৰতা লক্ষ্য কৰিব পাৰি।
৩। ভাৰতবৰ্ষৰ ভৌগোলিক অবস্থান কি কাৰণে বৈচিত্রপূর্ণ বুলি কোৱা হৈছে লিখা।
উঃ ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্রপূর্ণ। ইয়াৰ কাৰণ ইয়াৰ এফালে সুউচ্চ পর্বতমালা, আনফালে সুগভীৰ সাগৰ-মহাসাগৰ। এফালে বিস্তীর্ণ সমতলভূমি, আনফালে বিৰাট মালভূমি। এফালে গ্রীষ্মৰ তীব্রতা আনফালে শীতৰ প্রকোপ, এফালে মৌচুমীৰ তাণ্ডৱ-নৃত্য আনফালে শুকান মৰুভূমি। সেয়ে ভাৰতবৰ্ষৰ ভৌগোলিক অবস্থান বৈচিত্রময় বুলি কোৱা হয়।
৪। আৰ্যসকল ভাৰতলৈ অহাৰ পাছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উঃ আৰ্যসকল ভাৰতলৈ অহাৰ পিছতো পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানৱগোষ্ঠীৰ আগমন ভাৰতলৈ ঘটিয়েই আছিল। সেইসকলৰ ভিতৰত প্ৰধান জাতি কেইটামান হ’ল : শক, হুন, কুষাণ, পাঠান, মোগল, পর্তুগীজ, ইংৰাজ আৰু ফৰাচী। এইসকলৰ সৰহভাগেই ভাৰতকে আপোন বুলি ভাৱি ভাৰতীয় সোঁতৰ লগত মিলি গৈছিল। মাথো ইংৰাজ, ফৰাচী আৰু পর্তুগীজসকলে ভাৰতক আপোন কৰি ল’ব পৰা নাছিল।
৫। ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয়ে লিখা।
উঃ ভাৰতবৰ্ষ এখন বৈচিত্রময় দেশ। ইয়াৰ বিভিন্ন অঞ্চলৰ মানুহৰ খাদ্য প্রকৰণতো বৈচিত্রতা লক্ষ্য কৰিবলগীয়া বিষয়। পূৱ আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্রধান খাদ্য হৈছে ভাত। কিন্তু উত্তৰ, মধ্য আৰু পশ্চিম ভাৰতৰ মানুহৰ প্ৰধান খাদ্য হৈছে ৰুটি। সেইদৰে উত্তৰ পশ্চিম আৰু দক্ষিণ ভাৰতৰ হিন্দুসকলে মাছ-মাংস নাখায়। কিন্তু পূর ভাৰতৰ সকলো লোকেই মাছ-মাংস গ্রহণ কৰে।
৬। ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজপাৰৰ বিষয়ে পাঠত উল্লেখ কৰাৰ দৰে চমুকৈ বৰ্ণনা কৰা।
উঃ বৈচিত্রপূর্ণ ভাৰতবৰ্ষৰ লোকসকলৰ মাজত সাজ-পাৰৰ দিশতো বৈচিত্রতা লক্ষ্য কৰা যায়। পূৱ ভাৰতৰ পুৰুষসকলে পোন্ধ মাৰি চুৰিয়া পিন্ধে। দক্ষিণ ভাৰতৰ লোকে লুভীৰ দৰে চুৰিয়া পিন্ধে। উত্তৰ ভাৰতৰ লোকসকলৰ মাজত পায়জামাৰ প্ৰচলন বেছি। অৱশ্যে ইংৰাজসকলৰ আগমনৰ পিছৰ পৰা লংপেন্টৰ প্ৰচলন আৰম্ভ হয়। উত্তৰ পূৱ ভাৰতৰ বিশেষকৈ অসমৰ তিৰোতাসকলে মেখেলা-চাদৰ পিন্ধে। অসমৰ বাহিৰে অন্যান্য উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ, পায়জামা আদি পৰিধান কৰা দেখা যায়।
৭। আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া।
উঃ ভাৰতবৰ্ষলৈ ইতিহাসৰ বিভিন্ন সময়ত ভিন ভিন জাতিৰ বা লোকগোষ্ঠীৰ আগমন হৈ আছিল। সেইসকলৰ ভিতৰত আৰ্যসকলৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতি হ’ল: মোগল আৰু ইংৰাজসকল। মোগলসকলে ষষ্টাদশ শতাব্দীত ভাৰতলৈ আহি ভাৰতবৰ্ষক আপোন কৰি লৈ বিশাল মোগল সাম্রাজ্য স্থাপন কৰে। মোগলসকলে ভাৰতবৰ্ষক প্রায় চাৰিশ বছৰ শাসন কৰে। আনহাতে মোগলসকলৰ পিছতেই ইংৰাজসকলৰ আগমন ঘটে। ইংৰাজসকলে ভাৰতবৰ্ষক প্রায় দুশ বছৰ শাসন কৰে। কিন্তু এই জাতিয়ে ভাৰতবৰ্ষক আপোন কৰি ল’ব পৰা নাছিল।
৮। ‘যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে।’- এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।
উঃ বিভিন্ন ক্ষেত্ৰত ভাৰতবৰ্ষ হৈছে এখন বৈচিত্রপূর্ণ দেশ। ভৌগোলিক অবস্থান, ভাষা-ধর্ম, কলা-সংস্কৃতি, সাজপাৰ, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰত বিভিন্নতা থকা সত্বেও স্থান বিশেষে এই বৈচিত্রতাই ঐক্যৰ সেতুও নিৰ্মাণ কৰিছে। উদাহৰণস্বৰূপে অসমত থকা হিন্দু, মুছলমান, শিখ, খ্রীষ্টান আদি লোকসকলে ধর্মীয় দিশত বিভিন্ন নীতি-আদর্শ পোষণ কৰে যদিও তেওঁলোকৰ মাতৃভাষা অসমীয়া হোৱা হেতুকে সিহঁতৰ মাজত একতাভাৱৰ সৃষ্টি হৈছে। সেইদৰে এজন অসমীয়া হিন্দু আৰু দক্ষিণ ভাৰতৰ হিন্দু এজনৰ ভাষা আৰু আচাৰ-নীতিৰ মাজত বিভিন্নতা থাকিলেও ধর্মীয় বান্ধোনে দুয়োকে একাকাৰ কৰি ৰাখিছে। সেয়ে যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰতা আনিছে সেইবোৰে আকৌ স্থান বিশেষে ঐক্যৰ হেতু নির্মাণ কৰিছে।
৯। ‘ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু এই সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি।’ কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।
উঃ ভাৰতবৰ্ষত বিভিন্ন বৈচিত্ৰতাৰ মাজত ঐক্য স্থাপনত সুকুমাৰ কলা আৰু সংস্কৃতিয়ে এক বলিষ্ট ভূমিকা গ্রহণ কৰিছে। সুকুমাৰ কলা বুলিলে কবিতা, সংগীত, চিত্রকলা, ভাস্কর্য, স্থাপত্য আদিক বুজায়। সংগীত যি ভাষাতেই নহওঁ কিয় ই সকলো ধৰ্ম আৰু সংস্কৃতিৰ লোককে আকর্ষণ কৰে। সেইদৰে তাজমহল, অজন্তা, ইলোৰা আদিৰ গুহাচিত্র, বিভিন্ন অঞ্চলৰ মানুহৰ মাজত পালন কৰা উৎসৱ-পার্বন যেনেঃ হোলী, জন্মাষ্টমী, স্বাধীনতা দিৱস, গণতন্ত্র দিৱস আদিয়ে ভাৰতবাসীৰ মাজত ঐক্য স্থাপনত যে ভূমিকা গ্রহণ কৰিছে তাক উলাই কৰিব নোৱাৰি।
১০। “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।’-তাৎপর্য ব্যাখ্যা কৰা।
উঃ ভাৰতীয় সংস্কৃতি হৈছে এক সমন্বয়ৰ বস্তু। বিভিন্ন সময়ত ভাৰতলৈ ভিন ভিন জাতি বা লোকগোষ্ঠীৰ লোকৰ আগমন ঘটিছে যদিও কোনো জাতিয়ে নিজৰ কলা-সংস্কৃতি পৰিপূৰ্ণভাৱে ধৰি ৰাখিব পৰা নাই। কালৰ সোঁতত সেইবোৰ জনগোষ্ঠীয়ে পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিশাল সাংস্কৃতিক প্রবাহৰ লগত মিলি গৈছে। ভাষাগত, ধর্মগত, আৰু অঞ্চলগত পার্থক্য থকা সত্বেও ভাৰতীয়সকলৰ মাজত যি সামুহিক মিল বা সম্প্রীতি দেখা যায় সি হৈছে সাংস্কৃতিক মিল। উদাহৰণ স্বৰূপে ভাৰতীয় মুছলমান এজন মক্কাত বা খ্রীষ্টান এজন জেরুজালেমত থাকিলেও সিহঁতৰ প্রথম পৰিচয় ভাৰতীয়হে। কিয়নো সিহঁতৰ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ বিদ্যমান। সেয়ে ক’ব পাৰি ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।
১১। চমু উত্তৰ লিখাঃ
(ক) কোনবোৰ লোক মংগোলীয় গোষ্ঠীৰ?
উঃ উত্তৰ-পূৱ ভাৰতত প্রাচীনকালৰ পৰা বসবাস কৰি থকা নগা, বড়ো, মিচিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠীৰ।
(খ) সুকুমাৰ কলা কোনবিলাক?
উঃ সুকুমাৰ কলা পাঁচবিধ, যেনেঃ কবিতা, সংগীত, চিত্রবিদ্যা, ভাস্কর্য আৰু স্থাপত্য।
(গ) কি কি গ্রন্থই প্রাচীন কালৰে পৰাই ভাৰত বাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাব গঢ়াত সহায় কৰিছে?
উঃ প্রাচীন ভাৰতৰ বেদ, উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ, মহাভাৰত আদি গ্রন্থসমূহে প্রাচীন কালৰে পৰাই ভাৰতবাসীৰ চিন্তা-ধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভার গঢ়াত সহায় কৰিছে।
১২। কি কি পার্থক্য থকা সত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে?
উঃ ভাষা, ধর্ম, আঞ্চলিক অৱস্থান আদিৰ পাৰ্থক্য থকা সত্বেও ভাৰতীয়সকলৰ মাজত সাংস্কৃতিক দিশত এক সামুহিক মিল আছে।
১৩। উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ পোছাক পৰিধান কৰে তাৰ এটি বর্ণনা দিয়া।
উঃ বৈচিত্রপূর্ণ ভাৰতবৰ্ষৰ লোকসকলৰ মাজত সাজ-পাৰৰ দিশতো বৈচিত্রতা লক্ষ্য কৰা যায়। উত্তৰ পূৱ ভাৰতৰ বিশেষকৈ অসমৰ তিৰোতাসকলে মেখেলা-চাদৰ পিন্ধে। অসমৰ বাহিৰে অন্যান্য উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ, পায়জামা আদি পৰিধান কৰে। অৱশ্যে আজিকালি শাৰীৰ প্রচলনো হৈছে।
১৪। চমু টোকা লিখাঃ
(ক) সুকুমাৰ কলা (খ) সংগীত (গ) কুষাণ (ঘ) ব্যাস (ঙ) মক্কা (চ) বশিষ্ঠ।
উঃ (ক) সুকুমাৰ কলা: কবিতা, সংগীত, চিত্রবিদ্যা, স্থাপত্য আৰু ভাস্কর্য্য- এই পাঁচবিধ কলাক সুকুমাৰ কলা বোলে। সুকুমাৰ কলাই ভাৰতীয়সকলৰ মাজত বৈচিত্ৰতাৰ মাজত ঐক্য স্থাপনত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে।
(খ) সংগীতঃ গীত, বাদ্য, আৰুনৃত্যৰ সমলয়ক সংগীত বোলে। সংগীত হৈছে এক সুকুমাৰ কলা। সংগীতে জাতি, ধর্ম, ভাষা নির্বিশেষে সকলোকে আকর্ষণ কৰে। সংগীতে আনুভূতিক দিশত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মাজত এক সমন্বয়ৰ সৃষ্টি কৰিব পাৰে।
(গ) কুশান: এক যাযাবৰ জাতি বিশেষ। পোনতে সিহঁতে অক্ষু নদীৰ পাৰত বসবাস কৰিছিল। পাছলৈ এই জাতিয়ে যাযাবৰী জীৱন ত্যাগ কৰি গৃহস্থ্য বৃত্তি অৱলম্বন কৰে। এই জাতি পাঁচোটা শাখাত বিভক্ত। তাৰ ভিতৰত কুষাণ বংশ শ্রেষ্ঠ। কুশান বংশৰ শ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক। তেওঁ ৭৮ খ্রীষ্টাব্দত বাজপাটত উঠে। তেওঁ ৰাজপাটত উঠা সময়ৰ পৰা শকাব্দ নামে এক চন গননা কৰা হয়।
(ঘ) ব্যাসঃ এজন ঋষি আৰু পণ্ডিত। তেওঁ মহাভাৰত আৰু অষ্টাদশ পুৰাণ ৰচনা কৰিছিল। তেওঁৰ প্ৰকৃত নাম কৃষ্ণ দ্বৈপায়ন। তেওঁ বেদ বিভাগ কৰিছিল বাবে তেওঁক বেদব্যাস বুলিও কোৱা হয়।
(ঙ) মক্কা: আৰব দেশৰ এক প্রাচীন চহৰ। ইছলাম ধর্মালম্বীসকলৰ পৱিত্ৰ তীর্থস্থান। ইয়াত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হৈছিল।
(চ) বৈশিষ্ঠঃ ব্রহ্মাৰ মানস পুত্ৰ আৰু মন্ত্রদ্রষ্টা ঋষি। সূৰ্যবংশৰ ৰজাসকলৰ কুল পৰোহিত। গুৱাহাটী চহৰৰ দক্ষিণফালে এখন পৰ্বতৰ নামনিত তেওঁৰ আশ্রম আছে।
১৫। “ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূর্ণ দেশ।”- কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
উঃ ভাৰতবৰ্ষ এখন অতি পুৰণি সুসভ্য ঐতিহ্যপূর্ণ দেশ। কেইবা হাজাৰ বছৰ আগতে যেতিয়া পৃথিৱীৰ বহুতো দেশ অজ্ঞান অন্ধকাৰত ডুব গৈ আছিল তেতিয়া ভাৰতবৰ্ষই দর্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি বিষয়ত উন্নতিৰ শিখৰত উপনীত হৈছিল। সেই সময়ত ভাৰতবৰ্ষত বহুত জ্ঞানী, গুণী, ঋষি, পণ্ডিত যেনেঃ ব্যাস, বাল্মীকি, বশিষ্ঠ, বিশ্বামিত্র, ৰামানুজ, ৰামানন্দ, কবীৰ, বুদ্ধদেৱ, মহাবীৰ আদি ব্যক্তিসকলৰ জন্ম হৈছিল। সিহঁতে প্ৰেম আৰু ভাতৃত্ববোধৰ বাণী প্ৰচাৰ কৰিছিল। ইয়াতেই বেদ, পুৰাণ, উপনিষদ, ৰামায়ণ, মহাভাৰত আদি বিশ্ববিখ্যাত গ্রন্থসমূহ ৰচিত হৈছিল। সেয়ে কোৱা হয় যে ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূর্ণ দেশ।
১৬। “ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি।”: কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
উ: ভাৰতবৰ্ষত বিভিন্ন বৈচিত্ৰতাৰ মাজত ঐক্য স্থাপনত সুকুমাৰ কলা আৰু সংস্কৃতিয়ে এক বলিষ্ঠ ভূমিকা গ্রহণ কৰিছে। সুকুমাৰ কলা বুলিলে কবিতা, সংগীত, চিত্রকলা, ভাস্কর্য, স্থাপত্য আদিক বুজায়। সংগীত যি ভাষাতেই নহওঁ কিয় ই সকলো ধৰ্ম আৰু সংস্কৃতিৰ লোককে আকর্ষণ কৰে। সেইদৰে তাজমহল, অজন্তা, ইলোৰা আদিৰ গুহাচিত্র, বিভিন্ন অঞ্চলৰ মানুহৰ মাজত পালন কৰা উৎসৱ-পার্বন যেনেঃ হোলী, জন্মাষ্টমী, স্বাধীনতা দিরস, গণতন্ত্র দিৱস আদিয়ে ভাৰতবাসীৰ মাজত ঐক্য স্থাপনত যে ভূমিকা গ্রহণ কৰিছে তাক উলাই কৰিব নোৱাৰি।
১৭। “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।”ঃ ভাৱ বিশ্লেষণ কৰা।
উঃ ভাৰতীয় সংস্কৃতি হৈছে এক সমন্বয়ৰ বস্তু। বিভিন্ন সময়ত ভাৰতলৈ ভিন ভিন জাতি বা লোকগোষ্ঠীৰ আগমন ঘটিছে যদিও কোনো জাতিয়ে নিজৰ কলা-সংস্কৃতি পৰিপূৰ্ণভাৱে ধৰি ৰাখিব পৰা নাই। কালৰ সোঁতত সেইবোৰ জনগোষ্ঠীয়ে পূৰ্বৰে পৰা ভাৰতবৰ্ষত চলি থকা বিশাল সাংস্কৃতিক প্রবাহৰ লগত মিলি গৈছে। ভাষাগত, ধর্মগত, আৰু অঞ্চলগত পার্থক্য থকা সত্বেও ভাৰতীয়সকলৰ মাজত যি সামূহিক মিল বা সম্প্রীতি দেখা যায় সি হৈছে সাংস্কৃতিক মিল। উদাহৰণ স্বৰূপে ভাৰতীয় মুছলমান এজন মক্কাত বা খ্রীষ্টান এজন জেরুজালেমত থাকিলেও সিহঁতৰ প্রথম পৰিচয় ভাৰতীয়হে। কিয়নো সিহঁতৰ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ বিদ্যমান। সেয়ে ক’ব পাৰি ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু।
১৮। তোমাৰ দৈনন্দিন খাদ্যসম্ভাৰত বাহিৰৰ কোন কোন মানৱজাতিৰ খাদ্যাভ্যাস পোৱা যায় চমুকৈ লিখা।
উঃ ভাৰতবৰ্ষ হৈছে বাৰেবৰণীয়া সংস্কৃতিৰ এক সমন্বয়ৰ ক্ষেত্ৰ। এই দেশত বিভিন্ন সময়ত ভিন ভিন জাতি আৰু সংস্কৃতিৰ লোকৰ আগমণ হৈছে। এটা জাতিয়ে আন জাতিৰ সংস্কৃতিৰ দ্বাৰাও প্ৰভাৱিত হৈছে। আমাৰ খাদ্য সম্ভাৰতো বাহিৰৰ খাদ্য সম্ভাৰৰ প্ৰভাৱ পৰিছে। আমি মাছ, আলু আদি ভাজি খোৱা মংগোলীয় জনগোষ্ঠীৰ পৰা গ্ৰহণ কৰিছোঁ। সেইদৰে ভাতৰ সলনি কটি খোৱা প্ৰণালীটো উত্তৰ আৰু পশ্চিম ভাৰতৰ খাদ্য সম্ভাৰৰ পৰা গ্ৰহণ কৰা হৈছে। তেনেদৰে জিঞ্জাৰ চিকেন, পুত্তি, হালোৱা আদি দক্ষিণ ভাৰতৰ জনগোষ্ঠীৰ পৰা আহিছে। আমাৰ খাদ্য প্ৰণালীত বিদেশী প্রভাবো লক্ষণীয়। বিশেষকৈ ইংৰাজসকলৰ পৰা আমি ফ্লাইড চিকেন, স্প্রিংবোল, চকলেট ফ্রট আদি খাদ্যসম্ভাৰ পাইছোঁ।
ভাষা-বিষয়কঃ
১৯। তলৰ শব্দবোৰৰ সন্ধি ভাঙাঃ অনুষ্ঠান, জনাকীর্ণ, স্বাধীন, জন্মাষ্টমী।
উঃ অনুষ্ঠান = অনু + স্থান।
জনাকীর্ণ = জন + আকীর্ণ।
স্বাধীন = স্ব অধীন।
জন্মাষ্টমী = জন্ম + অষ্টমী।
২০। তলৰ শব্দবোৰৰ প্ৰত্যয় নির্ণয় কৰাঃ শাৰীৰিক, সামাজিক, সুকীয়া, ভৌগোলিক, ফুলনি, ভৰতীয়, ফুলাম, অবিনাশী, বাল্মীকি।
উঃ শাৰীৰিক = শৰীৰ+ ইক (তদ্ধিত প্রত্যয়)
সামাজিক = সমাজ + ইক (তদ্ধিত প্রত্যয়)।
সুকীয়া = সুক + ঈয়া (তদ্ধিত প্রত্যয়)।
ভৌগোলিক = ভূগোল + ইক (তদ্ধিত প্রত্যয়)।
ফুলনি = ফুল + অনি (তদ্ধিত প্রত্যয়)।
ভাৰতীয় = ভাৰত + ঈয় (তদ্ধিত প্রত্যয়)।
ফুলাম = ফুল + আম (তদ্ধিত প্রত্যয়)।
অবিনাশী = অবিনাশ + ই (তদ্ধিত প্রত্যয়)।
বাল্মীকি = বাল্মীক + ই (তদ্ধিত প্রত্যয়)।
২১। প্রত্যেকৰে এটা বা দুটাকৈ সমার্থক শব্দ লিখা:
হেতু, পৃথিবী, গ্রন্থ, মাতা।
উঃ
শব্দ সমার্থক শব্দ
হেতু কাৰণ, নিমিত্ত।
পৃথিবী ভূমি, ধৰিত্ৰী।
গ্রন্থ কিতাপ, পুস্তক।
মাতা মাতৃ, মা।
২২। বিপৰীত শব্দ লিখাঃ পার্থক্য, ত্যাগ, বৈচিত্র, প্রাচীন।
উঃ
শব্দ বিপৰীত শব্দ
পার্থক্য মিল, সাদৃশ্য।
ত্যাগ গ্রহণ।
বৈচিত্র ঐক্য।
প্রাচীন নবীন।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। ‘ভাৰতৰ বৈচিত্ৰ মাজত ঐক্য’ প্ৰৱন্ধটিৰ লিখক কোন?
উঃ ড° হেমন্ত কুমাৰ শর্মা।
২। ড° হেমন্ত কুমাৰ শৰ্মাই ৰচনা কৰা এখন পুথিৰ নাম লিখা।
উঃ অসমীয়া সাহিত্যত দৃষ্টিপাত।
৩। ‘ত্রিকালজ্ঞ মানে কি?
উঃ যিজনে অতীত, বর্তমান আৰু ভৱিষ্যতৰ বিষয়ে জানে।
৪। ভাৰতলৈ অহা সুপ্রাচীন মানব গোষ্ঠীটেৰ নাম কি?
উঃ দ্রাবিড় গোষ্ঠী।
৫। ‘বুদ্ধ’ শব্দৰ অৰ্থ কি?
উঃ জ্ঞানী।
৬। চৈতন্যদেবে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি?
উঃ বৈষ্ণর ধর্ম।
৭। দ্রাবিড়সকলৰ বৰ্তমান বংশধৰ কোনবিলাক?
উঃ তামিল, তেলেগু, কর্ণাড় আদি।
৮। আৰ্যসকলৰ পৰা কি কি বর্ণ সৃষ্টি হৈছে?
উঃ আৰ্যসকলৰ পৰা চাৰিবৰ্ণৰ সৃষ্টি হৈছে, যেনেঃ ব্রাহ্মহ্মণ, ক্ষত্রিয়, শূদ্র আৰু বৈশ্য।
৯। মংগোলীয় গোষ্ঠীৰ লোকসকল কোনবিলাক?
উঃ বড়ো, কার্বি, মিচিং, গাৰো, নগা আদি।
৮। মহাবীৰে প্ৰচাৰ কৰা ধৰ্মৰ নাম কি?
উঃ জৈন ধর্ম।
