Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 18 Question Answer বৃন্দাবন

By Rabbi Masrur

Updated On:

Class 9 Assamese Chapter 18 Question Answer বৃন্দাবন

শাখা – গ

অতিৰিক্ত পঠন সামগ্রী

বৃন্দাবন

ড° ভবেন্দ্রনাথ শইকীয়া

লেখক পৰিচয়

ড° ভবেন্দ্রনাথ শইকীয়া (১৯৩২-২০০৩) অসমৰ এজন বিশিষ্ট গল্পকাৰ, শিশু-সাহিত্যিক, আলোচনী সম্পাদক আৰু চলচ্চিত্র নির্মাতা। তেওঁৰ জন্ম হয় নগাঁৱত। ১৯৪৮ চনত সুখ্যাতিবে প্রবেশিক্ষা পৰীক্ষাত উত্তীর্ণ হৈ কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইন্টাৰমিডিয়েট আৰু স্নাতক ডিগ্রি লাভ কৰে। কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রি লাভ কৰি লণ্ডণ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট আৰু লণ্ডণ ইস্পিৰিয়েল কলেজৰ পৰা টেকন ‘লজিৰ ডিপ্লমা লাভ কৰে।

বিজ্ঞানৰ ছাত্ৰ শইকীয়াই সৃষ্টিশীল ৰচনাসমূহৰ যোগেদি জনপ্রিয়তা অর্জন কৰে। তেওঁৰ উল্লেখযোগ্য গল্প সংকলনসমূহ হ’ল- প্রহৰী, বৃন্দাবন, গহ্বৰ, শৃঙ্খল, তৰংগ, এই বন্দৰ এই আবেলি, আকাশ, উপকণ্ঠ আৰু সান্ধ্যভ্রমণ। তেওঁ উপন্যাস ৰচনাতো সিদ্ধহস্থ আছিল। তেওঁৰ উপন্যাসসমূহ হ’ল আতংকৰ শেষত, অন্তৰীপ আৰু বমাভূমি। তেওঁৰ শিশু সাহিত্য সমূহ হ’ল- মৰমৰ দেউতা (উপন্যাস), শান্ত শিষ্ট হৃষ্ট পৃষ্ট মহাদুষ্ট (গল্প, ৰেডিঅ’ যোগে প্রচাৰিত নাটক), তোমালোকৰ ভাল হওঁক (প্রবন্ধ) আদি। তেওঁ প্রান্তিক আৰু সঁফুৰানামৰ দুখন শিশু আলোচনীবো সম্পাদক আছিল।

তেওঁৰ সৃষ্টিমূলক ৰচনাৰ স্বীকৃতি হিচাপে ‘অসম প্রকাশন পৰিষদ বঁটা, সাহিত্য একাডেমী বঁটা’ আৰু ‘অসম উপত্যকা বঁটা লাভ কৰে।
২০০৩ চনত তেওঁৰ মৃত্যু হয়।

শব্দার্থ আৰু টোকা

চুবুৰিঃ সামাজিক বান্ধোনেৰে বন্ধনযুক্ত ওচৰা-ওচৰিকৈ থকা কেইঘৰমান মানুহৰ গোট।

ভেজা: কোনো বস্তুৰ ভৰ ৰাখিবলৈ লগোৱা ধৰণী, হেঁচা।

এচাৰ মাৰিঃ জোৰেৰে দূৰলৈ পেলাই দি। ঠেচেকা মাৰি।

চন্দুক: ধন-সোণ নাইবা নথিপত্র আদি ভালদৰে সুৰক্ষিত কৰিবলৈ কাঠ বা ধাতুৰে সজা পেৰা।

ঘোপাঃ খং দেখুৱাবলৈ চকু কোঁচাই সৰু কৰা।

বেঙা-মেলি: দীঘলকৈ খোজ দিয়া। ওপৰত থকা বস্তু আনিবলৈ বা চাবলৈ ভৰিৰ আঙুলিত ভৰ দি থিয় হোৱা।

তভক মাৰিঃ তধা লাগি।

কপূৰঃ এবিধ গছৰ পৰা ওলোৱা সুগন্ধি দ্রব্য।

টলৌ-টলৌকৈঃ অস্থিৰভাৱে।

মোচোকা: উজুটি বা পাক খাই হাড়ৰ জোৰা, শিব আদিত আঘাত পাই দুখ পোৱা।

যোৰানাম: বিয়াত দৰাঘৰীয়া বা কইনাঘৰীয়া বা দৰা-কইনাক জোকাই ধেমালিতে গোৱা এক শ্ৰেণীৰ বিয়ানাম।

উচ্ছল: ওফন্দি উঠা।

জোটাপুটি লগা: টনা-আঁজোৰা লগা। এটাক আনটোক খামুচি ধৰি থকা অৱস্থাত কৰা টনাটনি।

আঠমণ্ডলা: বিয়াৰ আঠদিনাৰ দিনা দৰা-কইনাৰ ঘৰলৈ গৈ কৰা মাঙ্গলিক অনুষ্ঠান।

খোবা-খুবুনীঃ নকৈ বিয়া হোৱা দৰা-কইনাক লম্ভা এহাল ভূত-ভূতুনী। এই ভূত-ভূতনীৰ হাতৰ পৰা নৱ-দম্পতীক ৰক্ষা কৰিবৰ কাৰণে বিয়াৰ

তিনিদিনৰ দিনা খোবা-খুবুনী নামৰ সবাহ পতা হয়।

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভাৱ-বিষয়কঃ

১। অতি চমুকৈ উত্তৰ দিয়া:

(ক) বৃন্দাবন কোন?

উঃ বৃন্দাবন উপেনহঁতৰ ঘৰত কাম কৰা লগুৱা।

(খ) নিজৰাই মোমায়েকক বিয়ালৈ মাতিবলৈ মনত পেলাই দিয়া ব্যক্তিজনৰ নাম কি?

উঃ নিজৰাই মোমায়েকক বিয়ালৈ মাতিবলৈ মনত পেলাই দিয়া ব্যক্তিজনৰ নাম আছিল চন্দ্র ৰাজখোৱা।

(গ) অংকশাস্ত্রত বিদগ্ধ পণ্ডিতে উজু ধাৰাপাতৰ পাত লুটিওৱাৰ নিচিনাকৈ কোনে চিঠিৰ ছপা আখৰবোৰত চকু ফুৰাইছিল?

উঃ অংক শাস্ত্রত বিদগ্ধ পণ্ডিতে উজু ধাৰাপাতৰ পাত লুটিওৱাৰ দৰে নিজৰাই চিঠিৰ ছপা আখৰবোৰত চকু ফুৰাইছিল।

(ঘ) বিয়াৰ বাবে উপেনে ক’ৰপৰা চকীকেইখনমান যোগাৰ কৰিছিল? 

উঃ বিয়াৰ বাবে উপেনে নাট্যমন্দিৰৰ পৰা চকীকেইখনমান যোগাৰ কৰিছিল।

(ঙ) সুবর্ণলতা কোন? তেওঁ কাৰ কাৰণে হাঁহিবলগীয়া হৈছিল?

উঃ সুবর্ণলতা উপেনৰ মাক আছিল। সৰুতে পিতৃ-মাতৃ হেৰুৱা নাতিনীয়েক নিজৰাৰ কাৰণে তাই হাঁহিবলগীয়া হৈছিল।

২। চমুকৈ উত্তৰ দিয়া:

(ক) “ঘৰখনত তোৰহে মগজটো ভালে আছে, বাকী এটাইখন বলিয়া হ’ল।”- এইষাৰ কাৰ উক্তি? ইয়াত কাৰ মগজ ভালে থকাৰ কথা কোৱা হৈছে? বুজাই লিখা।

উঃ উক্ত কথাষাৰ সুবর্ণলতাৰ। নিজৰাই নিজৰ মোমায়েক উপেনৰ বিয়ালৈ কাক কাক নিমন্ত্রণ কৰিব লাগিব তাক সোঁৱৰাই দিব লগা হোৱা বাবে আইতাকে নিজৰাক উক্ত কথাষাৰ কৈ বনমানি নাতিনীয়েকক ভালৰি বোলাইছে।

(খ) সুৰমা কোন? উপেনৰ বিয়াত তেওঁ কিদৰে সহায় কৰিছিল?

উঃ সুৰমা উপেনৰ পেহীয়েকৰ জীয়েক। ককায়েকৰ বিয়াৰ বাবে তাই শাহুয়েকৰ ঘৰৰ পৰা প্ৰথম মাক-দেউতাকৰ ঘৰলৈ আহিয়েই গোটেই সময়খিনি উপেনৰ বিয়া উপলক্ষে উপেনহঁতৰ ঘৰতে কটাইছে।

(গ) “বাকচৰ ঢাকনিখন খোলাৰ লগে লগে তেওঁৰ বুকুখন যেন মোচোকা খাই উঠিল।”- ঢাকনি খোলাৰ লগে লগে কাৰ, কিয় বুকুখন মোচোকা খাই উঠিছিল? বাকচটোত কিহৰ স্মৃতি জড়িত হৈ আছিল? চমুকৈ লিখা।

উঃ ঢাকনিখন খোলাৰ লগে লগে সুবর্ণলতাৰ বুকুখন মোচোকা খাই উঠিছিল। বাকচখনত বিয়াৰ বাবে লাগতিয়াল কিছুমান সৰু-সুৰা বস্তু ভৰাই থোৱা আছিল। সু বৰ্ণলতাই শৰাইৰ ঢাকনিকেইখন উলিয়াবলৈ বাকচটো খুলিব লগা হৈছিল। কিন্তু বাকচটোৰ ঢাকনিখন খোলাৰ লগে লগে ইয়াৰ ভিতৰত থকা বস্তুবোৰ দেখি সুবর্ণলতাৰ জীয়েক মনোৰমাৰ কথা মনত পৰি বুকুখন মোচোকা খাই উঠাৰ দৰে অনুভৱ হৈছিল। মনোৰমা পাঁচবছৰমান আগতে সেনাবাহিনীত কাম কৰা প্ৰসন্ন নামৰ এজন ডেকাৰ লগত বিয়া হৈছিল। তেওঁলোকৰ বৈবাহিক জীৱনৰ স্বাক্ষীস্বৰূপ নিজৰাৰ জন্মৰ পিছতেই প্রসন্নই বিদ্রোহীৰ হাতত প্রাণ দিব লগা হয়। স্বামীৰ বিৰহত মনোৰমায়ো তিনিমহীয়া জীয়েক নিজৰাক মাক আৰু ককয়েকৰ দায়িত্বত এৰি আত্মহত্যা কৰিছিল। সেয়ে মনোৰমাৰ বিবাহৰ স্মৃতি বিজৰিত বাকচটো খোলাৰ লগে লগে মাতৃ সুবর্ণলতাৰ বুকুখন মোচোকা খোৱা যেন ভাব হৈছিল অর্থাৎ মনত শোকে খুন্দা মাৰি ধৰিছিল।

৩। উপেনৰ বিয়া উপলক্ষে তেওঁলোকৰ ঘৰখনত সৃষ্টি হোৱা পৰিবেশটোৰ আভাস দিয়া।

উঃ উপেনৰ বিয়া উপলক্ষে তেওঁলোকৰ ঘৰত এক আনন্দময়, ব্যস্ততাপূর্ণ খদমদম পৰিবেশৰ সৃষ্টি হৈছিল।
উপেনৰ মাকে পুৰণি বাকচটোৰ পৰা প্রয়োজনীয় কেইপদ বস্তু উলিয়াইছিল। উপেনে পি. ডব্লিউ. ডি. অফিচৰ পৰা পিছদিনা ঘূৰাই দিয়াৰ প্রতিশ্রুতিৰে চাৰিখন ত্রিপাল আৰু নাট্যমন্দিৰৰ পৰা পঞ্চাশখনমান চকী যোগাৰ কৰিছিল।

বিয়া উপলক্ষে উপেনৰ বিধবা খুৰীয়েক, পেহীয়েকৰ জীয়েক সুৰমা, মোমায়েক মহীধৰ আৰু ভালেমান সম্বন্ধীয় তিৰোতা মানুহ উপেনহঁতৰ ঘৰত গোট খাইছিল।

মহীধৰে ৰভাতলি সজোৱাৰ আৰু নিমন্ত্রিত অতিথিসকলক খুওৱা-বোওৱাৰ দায়িত্ব লৈছিল। সুবৰ্ণলতাই পাক ঘৰৰ দায়িত্ব সুৰমাৰ হাতত গতাই দিছিল। বহুতো দিনহাজিৰা কৰা লোকো ঘৰৰ বিভিন্ন কাম কৰাৰ বাবে নিয়োগ কৰা হৈছিল। ঘৰত কাম কৰা লগুৱা বৃন্দাবনে অ’ত ত’ত ওখ-চাপৰ হৈ থকা মাটিৰ চপৰাবোৰ কোৰেৰে সমান কৰিছিল।

উপেনৰ ভাগিনীয়েক নিজৰাই ঘৰখনত এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰিছিল। মহীধৰ আৰু বৃন্দাবনে বভাৰ খুটি পুতিবলৈ জোখ-মাখ লওঁতে নিজৰাই অকনমান ৰচীডালৰ মূৰটো ধৰি থাকি সহায় কৰিবলগীয়া হৈছিল। এইদৰে ঘৰখনত বিয়াৰ এক সুন্দৰ আনন্দদায়ক আৰু কোলাহলপূৰ্ণ পৰিবেশৰ সৃষ্টি হৈছিল।

৪। নিজৰা কোন? তাইৰ জীৱন কাহিনীৰ এটি চমু আভাস দিয়া।

উঃ নিজৰা সুবর্ণলতাৰ জীয়েক মনোৰমাৰ কন্যা অর্থাৎ উপেনৰ ভাগিনীয়েক আছিল। মনোৰমা পাঁচবছৰমান আগতে সেনাবাহিনীত কাম কৰা প্ৰসন্ন নামৰ এজন ডেকাৰ লগত বিয়া হৈছিল। তেওঁলোকৰ বৈবাহিক জীৱনৰ সাক্ষীস্বৰূপ নিজৰাৰ জন্মৰ পিছতেই প্রসন্নই বিদ্রোহীৰ হাতত প্রাণ দিব লগা হয়। স্বামীৰ বিৰহত মনোৰমায়ো তিনিমহীয়া জীয়েক নিজৰাক মাক আৰু ককায়েকৰ দায়িত্বত এবি আত্মহত্যা কৰিছিল। তেতিয়াৰ পৰা পিতৃ-মাতৃ হেৰুৱা নিজৰাই আইতা আৰু উপেনৰ দায়িত্বত লালিত-পালিত হৈছিল। নিজৰাই মোমায়েকৰ লগত শুইছিল। মোমায়েকে তাইক সাধুকথা শুনাইছিল।

৫। নিজৰাই পুতলা দৰা-কইনাৰ বিয়া পতাৰ দৃশ্যটো বর্ণনা কৰা।

উঃ অসমীয়া সমাজত ল’ৰা-ছোৱালীয়ে পুতলা লৈ দৰা-কইনা খেল খেলাৰ এক পৰম্পৰা আছে। উপেনৰ ভাগিনীয়েক নিজৰায়ো পুতলা খেল খেলিছিল। এই খেলত আইতা সুবর্ণলতাইয়ো উৎসাহ যোগাইছিল।

ডাঠ কাগজৰ বাকচ এটাত পোন্ধৰটামান দৰা আৰু সোতৰ-ওঠৰটামান কইনা পুতলা আছিল। সিহঁতে যাৰ যেনেকৈ ইচ্ছা শুই থাকে। ইমানবোৰ দৰা-কইনাৰ ভিতৰত কোনদিনা কাৰ বিয়া হ’ব নিজৰাই ঠিক কৰে। মাজে মাজে এই বিষয়ে তাই আইতাকৰ লগত পৰামৰ্শ কৰে। কালি যাৰ বিয়া হৈ গৈছে সি কেইদিনমানলৈ বহি লোকৰ বিয়া চাব লাগে। দহ-পোন্ধৰ দিনমান পাৰ হৈ নোযোৱালৈকে তাইৰ আকৌ বিয়া নহয়। কেতিয়াবা নিজৰাই চিন ৰখাত ভুল কৰিলে অৱশ্যে পুতলা কইনাটিৰ চাৰি-পাঁচ দিনতে পুনৰ বিয়া হৈ যাব পাৰে। কিন্তু মাজ ভাগতে ধৰা পৰিলে বিয়া বন্ধ হৈ যায়। বহুতো বদমাচ দৰাৰ বিয়া হওঁ হওঁ অৱস্থাত ভাঙি গৈছে। নিজৰাই হয়তো দৰা এটাক বাকচৰ এচুকত পিঠি দি থিয় হৈ থাকিবলৈ দিয়ে। কিন্তু সি নাথাকে। বাৰে বাৰে সি শুবলৈ বিচাৰে। তেনে অৱস্থাত নিজৰাই তাক থেকেচা মাৰি শুৱাই থয়। নিজৰাই দৰা-কইনাৰ কপালত এটোপাল পানী দিগা ধুৱায়। তাৰ পিছত কাপোৰ পিন্ধাই দিয়ে। বিয়াৰ সময়ত কইনাক হালধীয়া শাৰী পিন্ধায়। আইতাকক বিয়া নাম গাবলৈ দিয়ে। এইদৰে নিজৰাই পুতলা দৰা-কইনাৰ বিয়া পাতে।

৬। “হাবি-বন-কাঁইট ভাঙি-ভাঙি দুর্গম পর্বতীয়া বাটেদি গৈ গৈ অকণমান নিজৰা এটাৰ পাৰত থিয় হ’লে কেনেকুৱা লাগে, তোমালোকে কি বুজিবা?”ঃ কথাষাৰ কি প্রসঙ্গত কোনে কৈছিল? কওঁতাজনৰ শেষ দশা কি হ’ল লিখা।

উঃ উক্ত কথাষাৰ মনোৰমাৰ স্বামী প্রসন্নই কৈছিল। সুবর্ণলতাৰ একমাত্র জীয়েক মনোৰমাৰ বিয়া সেনা বাহিনীত কাম কৰা প্ৰসন্ন নামৰ ডেকা এজনৰ লগত হৈছিল। বৈবাহিক জীৱনত সিহঁত অপাৰ সুখী হৈছিল। তেওঁলোকৰ বৈবাহিক জীৱনৰ স্বাক্ষীস্বৰূপ মনোৰমা অন্তঃসত্বা হৈছিল। কিন্তু ইয়াৰ ছমাহমান পিছতেই প্রসন্নক চৰকাৰে সীমান্ত সুৰক্ষাৰ সেৱাত নিয়োগ কৰাত মনোৰমাই মাকৰ ঘৰলৈ আহিছিল। কেইমাহমান পিছত মনোৰমাই এগৰাকী কন্যা সন্তানৰ জন্ম দিছিল। প্রসন্নই সন্তানটিৰ নাম ‘নিজৰা’ বাখিবলৈ লিখি পঠিয়াইছিল। চিঠিত আৰু লিখিছিল, “হাবি-বন-কাঁইট ভাঙি দুর্গম পর্বতীয়া বাটেদি গৈ গৈ অকণমান নিজৰা এটাৰ পাৰত থিয় হ’লে কেনেকুৱা লাগে তোমালোকে কি বুজিবা?” উক্ত কথাষৰৰ দ্বাৰা প্রসন্নই বুজাব বিচাৰিছিল যে তেওঁৰ সন্তান নিজৰাই তেওঁক সেই সুখ আৰু আনন্দ দিব।

শেষত প্রসন্নই সীমান্তত বিদ্রোহীৰ হাতত শ্বহীদ হ’ল। তেওঁৰ মৃত্যুৰ খবৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত ডাঙৰ ডাঙৰ আখৰেৰে ছপা হৈছিল।

৭। নিজৰা আৰু বৃন্দাবনৰ জীৱনৰ কোনখিনিত মিল আছে আলোচনা কৰা।

উঃ নিজৰা আৰু বৃন্দাবন উপেনহঁতৰ ঘৰৰ সদস্য যেন লাগিলেও সিহঁত সেই ঘৰৰ স্থায়ী সদস্য নহয়। বৃন্দাবন উপেনহঁতৰ ঘৰত কাম কৰা লগুৱাহে। আনহাতে নিজৰা প্রসন্নৰহে ছোৱালী। তথাপি সিহঁত দুয়ো সেইঘৰখনকে আপোন কৰি লৈছে। সিহঁত দুয়ো নাথাকিলে যেন ঘৰখনৰ কোনো কামেই হৈ নুঠে, কোনেও আনন্দ অনুভৱ নকৰে। নিজৰাই মোময়েকৰ লগত শুবে। মোমায়েকৰ বাবে নিজৰাই ৰাতি পানী এগিলাচ যতনাই মেজৰ ওপৰত থৈ দিয়ে। আনহাতে বৃন্দাবনে উপেনক সৰু কালৰ পৰাই লালন-পালন কৰিছে আৰু এটো-সিটো বস্তু যোগাৰ কৰি দিছে। উদাহৰণস্বৰূপে গা ধোৱাৰ আগতে উপেনৰ গাত তেল ঘঁহি দিয়ে, অফিচলৈ যোৱাৰ সময়ত কাপোৰ উলিয়াই দিয়ে। তামোল কাটি চোলাৰ জেপত ভৰাই দিয়ে।

কিন্তু উপেনৰ বিয়াৰ পিছৰ পৰা নিজৰা আৰু বৃন্দাবনৰ দায়িত্ব যেন বহুখিনি হ্রাস পালে। সিহঁতে নিজকে অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলে। নিজৰাই আগতে মোমায়েকৰ লগত একেলগে শুইছিল। কিন্তু উপেনৰ বিয়াৰ পিছত একেলগে শোৱাৰ পৰা বঞ্চিত হ’ল। এতিয়া মোমায়েকক পানীৰ গিলাচ যতনাই দিব নালাগে। আনহাতে বৃন্দাবনো আগৰ দৰে উপেনৰ যত্ন ল’ব নালাগে। সেই কাম উপেনৰ ঘৈনীয়েকেই কৰে।

এনেদৰে দেখা যায় যে উপেনৰ বিয়াৰ পিছত নিজৰা আৰু বৃন্দাবন ঘৰখনৰ এৰাব নোৱাৰা সদস্য হৈয়ো সিহঁতৰ প্রয়োজন কমি আহিছে। সিহঁত আপোন হৈয়ো পৰ। এই কথা নিজৰা আৰু বৃন্দাবন দুয়ো উপলব্ধি কৰিব পাৰিছে যদিও মুখ ফুটাই ক’ব পৰা নাই। এইদৰে দেখা যায় নিজৰা আৰু বৃন্দাবনৰ মাজত কিছু মিল আছে।

৮। প্রসঙ্গ-সংগতি দর্শাই ব্যাখ্যা কৰা:

(ক) গোটেই জীৱনৰ আশীৰ্বাদ তাইক তাই দি গৈছে।

উঃ ব্যাখ্যা কৰিবলগা উক্ত কথাফাকি ড° ভবেন্দ্রনাথ শইকীয়াই ৰচিত ‘বৃন্দাবন’ নামৰ চুটিগল্পৰ পৰা উদ্ধৃত কৰা হৈছে। স্বামীৰ বিৰহত মনোৰমাই তিনিমহীয়া কন্যা আইতা সুবর্ণলতা আৰু মামা উপেনৰ দায়িত্বত এৰি দি আত্মহত্যা কৰা প্ৰসংগত মাক সুবর্ণলতাই উক্ত কথাষাৰ কৈছে।
নিজৰা আছিল সুবৰ্ণলতাৰ জীয়েক মনোৰমা আৰু প্রসন্নৰ কন্যা। নিজৰাৰ তিনিমাহ বয়সত সেনাবাহিনীত কাম কৰা প্ৰসন্ন সীমান্তত কাৰ্যৰত অৱস্থাত বিদ্রোহীৰ হাতত প্রাণ হেৰুৱায়। স্বামীৰ মৃত্যুৰ বাতিৰ পাই বিচ্ছেদ বেদনাত মর্মাহত হোৱা মনোৰমাই আত্মহত্যা কৰে। আত্মহত্যা টোকাত মনোৰমাই লিখি থৈ যায় যে তাই ছোৱালীজনীৰ জীৱনৰ কাষত উপস্থিত থকাটোৱে অতি নিষ্ঠুৰভাৱে দেউতাকৰ অনুপস্থিতিটোহে পৰিষ্কাৰ কৰিব। সেয়ে তাই ছোৱালীজনীক আইতাক আৰু মোমায়েকৰ দায়িত্বত গতাই দি আত্মহত্যা কৰিলে।

মোমায়েকৰ বিয়াৰ ৰাতি নিজৰাৰ আইতাক সুবর্ণলতাই নিজৰাৰ নীৰৱ অভিমান আৰু বিষাদত চকুলো টুকি থকা অৱস্থাত জীয়েক মনোৰমাৰ কথা মনলৈ অহাত সুবর্ণলতাই উক্ত কথাষাৰ কৈ বুজাব বিচাৰিছে যে মনোৰমাই জীৱনৰ সমস্ত আশীৰ্বাদ নিজৰাক দি গৈছে। নিজৰাৰ আইতাকে আশা কৰিছে যে এই পৃথিৱীৰ পৰা গুচি গ’লেও এতিয়া য’ত আছে তাৰ পৰাই মনোৰমাই নিজৰাক আশীর্বাদ দি থাকিব।

(খ) এইখন ঘৰত এটাইৰে পকা-পকা কথা, কাকো টোৱাবই নোৱাৰি।

উ: ব্যাখ্যা কৰিবলগা উক্ত কথাফাকি ড° ভবেন্দ্রনাথ শইকীয়াই ৰচিত ‘বৃন্দাবন’ নামৰ চুটিগল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে।

উক্ত কথাফাকি উপেনৰ বিয়ালৈ অহা বটাত তামোল-পান সজাই বাহিৰলৈ দি পঠোৱাৰ দায়িত্বত থকা ছোৱালীজনীয়ে বৃন্দাবনক উদ্দেশ্যি কৈছিল।

উপেনৰ বিয়াৰ দিনা নিজৰাক চোতা-চিতা কৰাৰ দায়িত্ব বৃন্দাবনক দিয়া হৈছিল। বিয়ালৈ অহা লোকৰ ভিৰৰ মাজত দৌৰি ফুৰা নিজৰাৰ পিছে পিছে বৃন্দাবনেও দৌৰি ফুৰিব লগা হৈছিল। বহুতে বৃন্দাবনে নিজৰ বিয়া কেতিয়ালৈ পাতিব সেই লৈ চুপতিও কৰিছিল। এবাৰ এজনী ছোৱালীয়ে বৃন্দাবনক কৈছিল যে তেওঁৰ নামটো বৰ ধুনীয়া। এই ধুনীয়া নামটোত হয়তো বহুত লীলা-খেলাও আছে।

তেতিয়া বৃন্দাবনে কৈছিল যে গোপীসকলক গোটাই লৈ লীলা-খেলা কৰি থাকোতে শ্রীকৃষ্ণ মতলীয়া হৈছিল, আনহাতে কোনোবা গোৱালৰ মৰণ হৈছিল। গতিকে তেওঁৰ বৃন্দাবনতো সেই কপাল ফুটা গুৱালৰহে লীলা-খেলা লিখা আছে। এই কথাখিনি শুনি উক্ত ছোৱালীজনীয়ে বৃন্দাবনৰ উদ্দেশ্যি কৌতুকৰ সুৰত কথাষাৰ ব্যক্ত কৰিছিল।

(গ)…শেষৰাতি বহুত দূৰত মতা কেতেকীৰ মাতৰ দৰে তীব্র, মর্মস্পর্শী আৰু কৰুণ অনুভূতি লৈ পাঁচ বছৰ আগৰ সেই বিয়া নামৰ জাউৰি তেওঁৰ কাণত সোমায়হি।

উঃ ব্যাখ্যা কৰিবলগা উক্ত কথাফাকি ড° ভবেন্দ্রনাথ শইকীয়াই ৰচিত ‘বৃন্দাবন’ নামৰ চুটিগল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে।

উপেনৰ বিয়াৰ দিনা ছোৱালীহঁতে বিয়া নাম গোৱা শুনিবলৈ পাই পাঁচ বছৰ আগতে মৃত্যু বৰণ কৰা মনোৰমাৰ স্মৃতি মাক সুবর্ণলতাৰ মনলৈ অহাত তাইৰ মনৰ বিষাদৰ ভাৱ উক্ত কথাফাকিৰ মাজেদি প্রকাশ কৰিছে।

উপেনৰ বিয়াৰ দিনা ছোৱালীহঁতে বিয়ানাম গোরা শুনিবলৈ পাই সুবর্ণলতাই মনোৰমাৰ বিয়াত ভাড়ালৈ অনা চহৰৰ ছোৱালীহঁতে জাউৰিয়ে জাউৰিয়ে বিয়া নাম গাই সকলোকে মুগ্ধ কৰিছিল। মনোৰমাৰ বিয়াত শুনা সেই বিয়ানামেই আছিল সুবর্ণলতাৰ বাবে শেষ বিয়ানাম। তাৰ পিছত সুবর্ণলতাই বিয়া নাম শুনা নাই আৰু শুনিবলৈ ইচ্ছাও কৰা নাই। তথাপি কেতিয়াবা শেষৰাতি বহুত দূৰত মতা কেতেকীৰ মাতৰ দৰে তীব্র মর্মস্পর্শী আৰু কৰুণ অনুভূতিলৈ পাঁচ বছৰ আগৰ মনোৰমাৰ বিয়াত গোৱা বিয়ানামৰ জাউৰি তাইৰ কাণত সোমায়হি। অর্থাৎ জীয়েক মনোৰমাৰ স্মৃতি মাক সুবর্ণলতাৰ মানস পটত ভাঁহি উঠি মন বিষাদেৰে ভৰাই তোলে।

৯। চমুটোকা লিখাঃ

নিজৰা, বৃন্দাবন, প্রসন্ন।

উঃ নিজৰাঃ মনোৰমা আৰু প্ৰসন্নৰ জীয়েক। নিজৰা গর্ভত থকা সময়ত সেনা বাহিনীত কাম কৰা প্রসন্নক চৰকাৰে সীমান্ত সুৰক্ষাৰ সেৱাত নিয়োগ কৰাত মনোৰমাই মাকৰ ঘৰলৈ আহিছিল। কেইমাহমান পিছত মনোৰমাই এগৰাকী কন্যা সন্তানৰ জন্ম দিছিল। প্রসন্নই সন্তানটিৰ নাম ‘নিজৰা’ ৰাখিবলৈ লিখি পঠিয়াইছিল। কিছুদিন পিছত প্রসন্ন সীমান্তব বিদ্রোহীসকলৰ হাতত নিহত হোৱাত বিৰহ বেদনাত ব্যথিত হৈ মনোৰমাই তিনিমহীয়া সন্তান নিজৰাক মাক সুবর্ণলতা আৰু ককায়েক উপেনৰ দায়িত্বত এৰি দি আত্মহত্যা কৰে। তেতিয়াৰ পৰা নিজৰাই সেই ঘৰত আইতাক আৰু মোমায়েকৰ দায়িত্বত লালিত পালিত হয়।

বৃন্দাবনঃ বৃন্দাবন উপেনহঁতৰ ঘৰত কাম কৰা লগুৱা। বহুত বছৰ অৰ্থাৎ উপেনৰ ল’ৰালি কালৰ পৰাই বৃন্দাবন সেইখন ঘৰত লগুৱাৰ কাম কৰে। সি বাহিৰৰ লোক হোৱা সত্বেও তেওঁ ঘৰখনৰ এজন স্থায়ী সদস্যৰ দৰে আজীৱন সেৱা আগবঢ়াই যায়। গা ধোৱাৰ আগতে তেওঁ উপেনৰ শৰীৰত তেল ঘঁহি দিয়ে, কপোৰ আগবঢ়াই দিয়ে, অফিচলৈ যোৱা সময়ত উপেনক তামোল-পান বান্ধি দিয়ে ইত্যাদি। উপেনৰ বিয়াৰ দিনা তেওঁ নিজৰাক চোৱা-চিতাৰ দায়িত্বত গোটেই দিন তাইৰ পিছে পিছে দৌৰি থাকে। কিন্তু উপেনৰ বিয়াৰ পিছৰ পৰা তেওঁ সেই ঘৰত অকলশৰীয়া যেন অনুভর কৰিবলৈ ধৰিলে। কাৰণ আগয়ে তেওঁ উপেনক যি কাম কৰি দিছিল, সেই কাম এতিয়া উপেনৰ ঘৈনীয়েকে কৰিবলৈ লৈছে।

প্রসন্ন: প্রসন্ন হৈছে সুবর্ণলতাৰ একমাত্র জীয়েক মনোৰমাৰ গিৰীয়েক। তেওঁ সেনাবাহিনীত কাম কৰা এজন ডেকা। বিয়াৰ পিছত চৰকাৰে তেওঁক সীমান্তলৈ বদলি কৰে। সেই সময়ত মনোৰমা ছমাহৰ অন্তঃসত্বা আছিল। প্রসন্ন সীমান্তলৈ বদলি হৈ যোৱাত মনোৰমা পিতৃ-মাতৃৰ ঘৰলৈ আহে। সীমান্তৰ পৰা প্রসন্নই তেওঁৰ জীয়েকৰ নাম ‘নিজৰা’ ৰাখিবলৈ চিঠি লিখে। সেইমতে ছোৱলীজনীৰ নাম নিজৰা ৰখা হয়। কিন্তু দুভার্গ্যবশতঃ এদিন তেওঁ সীমান্তৰ বিদ্রোহীসকলৰ হাতত প্রাণ হেৰুৱায়।

ভাষা-বিষয়কঃ

১০। তলত দিয়া শব্দবোৰৰ অৰ্থ স্পষ্ট হোৱাকৈ একোটিকৈ বাক্য ৰচনা কৰাঃ

বেঙা মেলি, এচাৰ মাৰি, টলৌ-টলৌকৈ, কঢ়া-আঁজোৰা, সোতোৰ-মোতোৰ, খোবা-খুবুনী।

উঃ বেঙা মেলিঃ ল’ৰাজনে বেঙা মেলি কৌতুক কৰি আছে।

এছাৰ মাৰিঃ ছোৱালীজনীয়ে খঙত পুতলাটো মজিয়াত এছাৰ মাৰি ভাঙি পেলালে।

টলৌ-টলৌকৈ: ৰামে গোটেই দিন হাবিয়ে-বননিয়ে টলৌ-টলোকে ঘূৰি ফুৰে।

কঢ়া-আজোঁৰা: কঢা আজোঁৰা কৰোতে ফলিখন ভাঙি গ’ল।

সোতোৰ-মোতোৰ: ছোৱালীকেইজনীয়ে বিচনা চাদৰখন সোতোৰ-মোতোৰ কৰি পেলালে।

খোবা খুবুনী: সিদিনা সিহঁতে খোবা খুবুনী খাই সোনকালেই গুচি গ’লগৈ।

১১। ভাব সম্প্ৰসাৰণ কৰাঃ

মাতিলে ৰণলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা।

উঃ মাতিলে ৰণলৈকো যাবা, নামাতিলে ভোজলৈকো নাযাবা

এইটো জ্ঞানীলোকে কোৱা এক প্রবচনহে। কৰ্তব্যৰ খাতিৰত বা প্রয়োজনত যে টান কামো কৰিব লাগে আৰু অপ্রয়োজনত যে আনন্দদায়ক কামো কৰিব নালাগে তাক বুজাবলৈ উক্ত প্রবচনটো মতা হয়। ৰণ বা যুদ্ধ কৰিবলৈ কোনেও ভাল নাপায়। কাৰণ যুদ্ধত নানা ধৰণৰ কষ্ট কৰিবলগা হোৱাৰ উপৰিও তাত জীৱন-মৰণৰ প্ৰশ্ন জড়িত হৈ থাকে। আনহাতে ভোজ খাবলৈ মানুহে ভাল পায়। কাৰণ ভোজত সাধাৰণতে নানা ধৰণৰ উপাদেয় খাদ্য খাবলৈ দিয়া হয়। ভোজমেলত নানান ধৰণৰ মানুহ, বন্ধু-বান্ধবীকো লগ পাব পাৰি। সিহঁতৰ লগত ভাৱৰ আদান-প্রদান কৰি আনন্দ লাভ কৰিব পাৰি। কিন্তু তেনে ভোজমেলা এখনলৈ আমি নিমন্ত্রণ পালেহে যাব পাৰোঁ। নিমন্ত্রণ নোহোৱাকৈ ভোজলৈ যোৱাটো লাজৰ কথা।
কোনোবাই অপমানো কৰিব পাৰে।

যিমানেই আনন্দৰ নহওঁক কিয় আমি মাতিলে বা কৰ্তব্যৰ প্ৰয়োজন থাকিলেহে কোনো কামলৈ যাব লাগে। অন্যথা আমি অপমানিত হোৱাৰ ভয় থাকে।

অতিৰিক্ত প্রশ্নোত্তৰ:

১।’ বৃন্দাবন’ গল্পটিৰ গল্পকাৰ কোন?

উঃ ‘বৃন্দাবন’ নামৰ গল্পটিৰ গল্পকাৰ হ’ল ড° ভবেন্দ্ৰনাথ শইকীয়া।

২। বিয়াৰ চিঠিত নিজৰাৰ নামটো থকা বুলি ক’লে কি কাণ্ড হ’ব বুলি উপেনে ভয় খাইছিল?

উঃ উপেনে বিয়াৰ বাবে নিমন্ত্রণ পত্র লিখি থকা সময়ত ভাগিনীয়েক নিজৰাই ওচৰলৈ আহি চিঠিবোৰ লিৰিকি বিদাৰি চাই থকা সময়ত তেওঁ নিজৰাৰ নামটো চিঠিত থকা বুলি কোৱা নাছিল কাৰণ উপেনে ভয় খাইছিল এই বুলি যে যদি তেওঁ নিজৰাৰ নামটো চিঠিখনত থাকে বুলি কয় তেন্তে তাই দৌৰ মাৰি চিঞৰি চিঞৰি আইতা, বৃন্দাবন আৰু বিয়ালৈ অহা সকলোকে কথাটো ক’বলৈ ল’ব। হয়তো কোনোবাৰ লগত তর্ক যুদ্ধত লিপ্ত হ’ব। শেষ পর্যন্ত মোমায়েকে তাইক মিছা কোৱা বুলি প্রমাণিত হ’লে তাই অভিমান কৰি ভাত নাখাব। তেতিয়া হাতে ভৰিয়ে ধৰিও তাইক কোনেও খুওৱাব নোৱাৰিব।

৩। উপেনে নিজৰাৰ কাণৰ কাষত কি ধৰণৰ গোপনীয় কথা কৈছিল?

উঃ উপেনে নিজৰাৰ কাণৰ কাষত কোৱা গোপনীয় কথাবোৰ হ’ল: বৃন্দাবন বুঢ়া শুই থাকিলে নাকত সূতা এডালেৰে সুৰসুৰাই দিয়া, আইতাকৰ চাদৰৰ আগত ৰচী এডাল বান্ধি দি চকী এখনৰ লগত সাঙুৰি দিয়া।

৪। সুবর্ণলতাই উপেনক বিয়াৰ বাবে দুণৰিটো ক’ৰপৰা আনিবলৈ কৈছিল?

উঃ সুবর্ণলতাই উপেনক বিয়াৰ বাবে দুণৰিটো গোঁসাই ঘৰৰ পৰা আনিবলৈ কৈছিল।

৫। উপেনৰ বিধবা খুৰীয়েকজনী উপেনৰ বিয়াৰ কেইদিন আগতে উপেনহঁতৰ ঘৰলৈ আহিছিল?

উঃ উপেনৰ বিধৱা খুৰীয়েকজনীয়ে উপেনৰ বিয়াৰ বিশদিনমান আগতে উপেনহঁতৰ ঘৰলৈ আহিছিল।

৬। উপেনৰ পত্নীৰ নাম কি আছিল?

উঃ উপেনৰ পত্নীৰ নাম আছিল ৰূপালী।

৭। বিয়াঘৰলৈ অহা সৰু-সৰু ল’ৰা-ছোৱালীবোৰক নিজৰাই কিদৰে তদাৰক কৰিছিল?

উঃ বিয়া ঘৰলৈ অহা সৰু-সৰু ল’ৰা-ছোৱালীবোৰক নিজৰাই হাতে হাতে লুচি ভাজি দিছে। সিহঁতে লুচি পাই চোতাললৈ দৌৰ মাৰিছে। হাতৰ পৰা যদি কোনোবাই লুচি মাটিত পেলাই দিছে তেন্তে আকৌ পাকঘৰৰ পৰা আনি দিছে।

৮। ড° ভবেন্দ্রনাথ শইকীয়াই ৰচনা কৰা এখন শিশু গ্ৰন্থৰ নাম লিখা।

উঃ ‘শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment