Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 17 Question Answer দুষ্যন্ত-শকুন্তলাৰ পুনর্মিলন

By Rabbi Masrur

Updated On:

Class 9 Assamese Chapter 17 Question Answer দুষ্যন্ত-শকুন্তলাৰ পুনর্মিলন

দুষ্যন্ত-শকুন্তলাৰ পুনর্মিলন

কবিৰাজ চক্ৰৱৰ্তী

কবি পৰিচয়

কবিৰাজ চক্ৰৱৰ্তী: অষ্টাদশ শতিকাৰ এজন অসমীয়া কবি। কবিৰাজ চক্ৰৱতীয়ে ৰচনা কৰা ‘শকুন্তলা’ কাব্যত আত্ম পৰিচয় দিছে এই বুলি যে তেওঁ আহোম ৰজাসকলৰ সভা কবিসকলৰ ভিতৰত শ্রেষ্ঠ। তেওঁ আত্ম বিবৃতিত কন্বমুনিৰ বংশজাত বুলি উল্লেখ কৰিছে। তেওঁৰ পিতাকৰ নাম আছিল ৰমানন্দ আৰু মাতৃৰ নাম আছিল গোবিন্দ প্রিয়া। আত্ম বিবৃতিৰ এঠাইত তেওঁ নিজকে বিষুব কিঙ্কৰ’ বুলি অভিহিত কৰিছে। ইয়াৰ পৰা জানিব পৰা যায় যে তেওঁ বিষ্ণুভক্ত ব্রাহ্মহ্মণ আছিল। এওঁ আহোম ৰজা ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ সভাকবি হৈছিল। তেওঁৰ প্ৰকৃত নাম ৰামনাৰায়ণ চক্রবর্তী। ‘কবিৰাজ’ তেওঁৰ এটি উপাধিহে। এই উপাধি তেওঁক কোনে দিয়ে জনা নাযায়। কিন্তু এই উপাধিয়ে তেওঁৰ কাব্যিক পাণ্ডিত্য বা শ্রেষ্ঠত্বক নির্দেশ কৰে। এইজন কবিয়ে মহাৰাজ ৰুদ্ৰসিংহক শাস্ত্রজ্ঞান দিছিল। ৰুদ্ৰসিংহৰ অনুৰোধ অনুসৰি তেওঁ ‘গীত গোবিন্দ’ৰ পদ অসমীয়ালৈ ভাঙনি কৰে। ইয়াৰ পিছত ৰজা শিবসিংহ আৰু ৰাণী ফুলেশ্বৰীৰ অনুৰোধমর্মে ‘শকুন্তলা’ কাব্য ৰচনা কৰিছিল। এইবোৰৰ উপৰিও তেওঁ ‘শংখচূড় বধ’ আৰু ব্ৰহ্মহ্মবৈৱৰ্ত পুৰাণৰ ‘কৃষ্ণ জন্মখণ্ড’ ৰচনা কৰিছিল।

শব্দার্থ আৰু টোকা

অপাৰঃ বহুত, অলেখ।

আঞ্চলেঃ আঁচলত।

এমত: এনে কথা।

আসিঃ আহি।

কদাচিত: কেতিয়াও।

কপট: ভাওধৰা।

খেড়ি বসেঃ ক্রীড়াৰ আনন্দত।

তনুঃ শৰীৰ।

তযুঃ তোমাৰ।

নিকটে: ওচৰতে।

নিধান: সম্পত্তিৰ ভঁৰাল, বহুমূলীয়া বস্তু।

পদগতিঃ খোজকাঢ়ি।

পৰিহৰিঃ পৰিত্যাগ।

পাশক: ওচৰলৈ, কাষলৈ।

ভৈলাঃ হ’লা।

মঞিঃ মই।

মন্ত্রকত: মূৰত।

সিংহজিত: দুষ্যন্ত-শকুন্তলাৰ পুত্ৰ ভৰতৰ অন্য এটি নাম। সৰুৰে পৰা তেওঁ সিংহৰ লগত খেলি তাক পৰাজিত কৰিব পাৰিছিল বাবে তেওঁক সিংহজিত বুলি কোৱা হয়। তেওঁৰ আন এটি নাম সর্বদমন।

সুঠানঃ সুঠাম, সুগঢ়ী, ধুনীয়া।

সিঁহৰিল: শিয়ৰি উঠিল।

সুমৰিঃ স্মৰণ কৰি।

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভাৱ-বিষয়কঃ

১। চমুকৈ উত্তৰ দিয়া:

(ক) সিংহজিত কাৰ নাম?

উঃ সিংহজিত দুষ্যন্ত আৰু শকুন্তলাৰ পুত্ৰৰ নাম। তেওঁৰ পৰিচিত নাম ভৰত।

(খ) কাক দেখি দুষ্যন্ত ৰজাৰ হৃদয়ত আনন্দ উপজিছিল?

উঃ সৰ্বদমন (ভৰত)ক দেখি দুষ্যন্ত ৰজাৰ হৃদয়ত আনন্দ উপজিছিল।

(গ) “কিন্তু জননীৰ জানা প্ৰাণৰ সমান”ঃ জননীৰ বাবে প্ৰাণৰ সমান কোন?

উঃ জননীৰ বাবে প্ৰাণৰ সমান হৈছে তেওঁৰ পুত্র।

(ঘ) শকুন্তলা কোন মুনিৰ আশ্ৰমত আছিল?

উঃ শকুন্তলা কাশ্যপ মুনিৰ আশ্ৰমত আছিল।

(ঙ) “দুষ্যন্ত-শকুন্তলাৰ পুনর্মিলন” পাঠটিৰ ৰচক কোন?

উঃ ‘দুষ্যন্ত-শকুন্তলাৰ পুনর্মিলন’ পাঠটিৰ ৰচকজন হ’ল কবিৰাজ চক্রবর্তী।

২। সিংহৰ স’তে খেলা খেলি থকা বালকৰ বৰ্ণনা দুষ্যন্ত ৰজাই কিদৰে দিছে বর্ণনা কৰা।

উঃ ৰজা দুষ্যন্তই স্বৰ্গৰ ৰজা ইন্দ্ৰৰ অনুৰোধক্রমে যৱনসকলক বধ কৰি উভতি অহা সময়ত কাশ্যপ মুনিব আশ্রমত প্ৰৱেশ কৰে। সেই আশ্ৰমত ৰজাই এজন অতি ধুনীয়া শিশুয়ে সিংহৰ স’তে খেলি থকা দেখা পালে। তেওঁৰ শৰীৰ সুন্দৰ, সুঠাম আৰু ৰাজচিহ্নযুক্ত আছিল। ৰজাজনে শিশুটিক দেখি মুগ্ধ হৈছিল আৰু স্নেহত আকুল হৈ পৰিছিল। ৰজাই শিশুটিৰ বৰ্ণনা দিছে এনেদবেঃ

পৰম সুন্দৰ তনু মোহন মুৰুতি।

ৰাজচিহ্নযুক্ত একো অংগে নাহিখতি।।

দেৱৰ কুমাৰ হেন মোৰ মনে লয়।

তজু মুখ দৰশনে সন্তোষ হৃদয়।।

৩। “এক দৃষ্টি নিৰেখিয়া ৰৈলা নৃপবৰ।”- কোনে, কাক দেখি ‘এক দৃষ্টি’ৰে নিৰীক্ষণ কৰি ৰ’ল লিখা।

উঃ ৰজা দুষ্যন্তই খেলত মগ্ন হৈ থকা সিংহজিত (ভৰত)ক দেখি ‘এক দৃষ্টি’ৰে নিৰীক্ষণ কৰি আছিল।

৪। দুষ্যন্ত-শকুন্তলাৰ পুনর্মিলন কিদৰে হয়: পাঠৰ আধাৰত লিখা।

উঃ এবাৰ ৰজা দুষ্যন্তই বনলৈ যোৱাত কম্ব মুনিৰ আশ্রমত শকুন্তলাক দেখা পাই তাইৰ প্ৰতি মোহিত হৈ গন্ধর্ব প্রথামতে বিবাহ পাশত আ বদ্ধ হয়। আৰু দুয়োজনৰ মিলন হয়। আশ্রম এৰি গুচি যোৱাৰ সময়ত ৰজাই শকুন্তলাক শীঘ্ৰেই ৰাজৰাণী কৰিব বুলি প্রতিশ্রুতি দি লগতে স্বাক্ষীস্বরূপ ৰজাৰ নাম অংকিত এটি আঙুঠি শকুন্তলাক দি থৈ যায়। দুষ্যন্ত গুচি যোৱাৰ পিচৰে পৰা শকুন্তলাই স্বামী দুষ্যন্তৰ কথা ভাৱি আত্মবিভোৰ হৈ থকা সময়ত কাশ্যপ মুনিব আশ্ৰমলৈ দুর্বাসা মুনিৰ আগমণ ঘটে। ঋষিয়ে কাশ্যপ মুনিৰ বিষয়ে শকুন্তলাক প্রশ্ন কৰে। কিন্তু স্বামীৰ চিন্তাত মগ্ন থকা শকুন্তলাই দুর্বাসা ঋষিৰ উপস্থিতিৰ কথা গম নোপোৱাত মুনিয়ে অপমানিত হৈ শকুন্তলাক অভিশাপ দিয়ে এই বুলি যে তাই যাৰ কথা ভাবি মুনিক অৱজ্ঞা কৰিছে তেওঁ এদিন শকুন্তলাক পাহৰি যাব।

সময়ত দুর্বাসা ঋষিৰ অভিশাপৰ ফলত দুষ্যন্তই শকুন্তলাক পাহৰি যায় আৰু গৰ্ভৱতী শকুন্তলাই দুষ্যন্তৰ ৰাজসভালৈ গৈ ৰজাৰ পত্নী বুলি পৰিচয় দিয়াত ৰজাই তাইৰ কথা মনত পেলাব নোৱাৰি শকুন্তলাক প্রত্যাখ্যান কৰে। ইতিমধ্যে শকুন্তলাক ৰজাই দিয়া আঙুঠিটো হেৰুৱাই পেলোৱা বাবে একো প্রমাণ দিব নোৱাৰিলে। ইয়াৰ কেইবছৰমান পিছত ইন্দ্ৰৰ অনুৰোধত ৰজা দুষ্যন্তই যবনসকলক পৰাজিত কৰি কাশ্যপ ঋষিৰ আশ্ৰমত প্ররেশ কৰি শকুন্তলাৰ পুত্ৰ ভৰতক সিংহৰ লগত খেলি থকা দেখা পাই পুত্ৰ আৰু ভাৰ্যাৰ কথা মনত পৰে।

সিংহৰ লগত খেলি থকা এনে মনোমুগ্ধকৰ শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় জানিবলৈ ৰজা ব্যাকুল হৈ পৰিল। শিশুজনক সুধিও কোনো উত্তৰ নোপোৱাত শিশুটিৰ ধাত্ৰীগৰাকীক সুধিলে। লগতে শকুন্তলাৰ লগত হোৱা পূর্ব ঘটনাৰ স্মৃতি ৰজাৰ মনত জাগৃত হোৱাত সমুদায় ঘটনা ধাত্রীজনীক কয়। লগতে সিংহৰ লগত খেলি থকা শিশুটিক দেখা পাই তেওঁৰ নিজৰ পুত্র যেন অনুভৱ হোৱা বুলি ৰজাই ধাত্রীজনীক ক’লে।

ৰজাৰ কথা ধাত্ৰীয়ে বিশ্বাস কৰিব নোৱাৰি ৰজাক এইবুলি কয় যে ৰজাৰ দৰে পণ্ডিত এজনৰ মুখত দৰাচলতে এনে কথা শোভা নাপায়। সুন্দৰ বালক এজনক দেখা মাত্রকে আপোন পুত্র বুলি ভবা ভুল। সাধুলোকে কেতিয়াও এনে কথা নকয়। ঠিক সেই সময়তে কাশ্যপ মুনি আশ্রমলৈ আহি পোৱাত ৰজাই সকলো কথা বিৱৰি কয়। সেয়ে ঋষিয়ে আশ্ৰমৰ ভিতৰত থকা শকুন্তলাক ৰজা দুষ্যন্তৰ বিষয়ে কোৱাত শকুন্তলাই অভিমান কৰি স্বামীৰ ওচৰলৈ যাবলৈ কুণ্ঠাবোধ কৰে। তেতিয়া কাশ্যপ ঋষিয়ে এই সকলোবোৰ দৈৱভারে সংঘটিত হৈছে বুলি শকুন্তলাক বুজনি দি দুষ্যন্ত আৰু শকুন্তলাৰ পুনর্মিলন ঘটাই দিয়ে।

৫। “পুত্রসুখ নাদেখিলো ভার্যা নাহি ঘৰে।”: উক্ত কথাষাৰ কোনে, কাৰ আগত কৈছিল? কওঁতাজনে কিহৰ বাবে এইদৰে আক্ষেপ কৰিবলগা হৈছিল বুজাই লিখা।

উঃ উক্ত কথাষাৰ ৰজা দুষ্যন্তই শকুন্তলাৰ পুত্ৰ ভৰতৰ ধাত্ৰীগৰাকীৰ আগত কৈছিল। ইন্দ্ৰৰ অনুৰোধক্রমে ৰজা দুষ্যন্তই যবনসকলক বধ কৰি কাশ্যপ ঋষিৰ আশ্ৰমত প্ৰৱেশ কৰি এজন সুন্দৰ-সুঠাম শিশু সিংহ এটিৰ লগত খেলি থকা দেখা পাই শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় জানিবলৈ উৎসুক হৈ পৰে। শিশুজনক সুধিও কোনো উত্তৰ নোপোৱাত শিশুটিৰ ধাত্ৰীগৰাকীক সুধিলে। লগতে শকুন্তলাৰ লগত হোৱা পূর্ব ঘটনাৰ স্মৃতি ৰজাৰ মনত জাগৃত হোৱাত সমুদায় ঘটনা ধাত্রীজনীক কয়। লগতে সিংহৰ লগত খেলি থকা শিশুটিক দেখা পাই তেওঁৰ নিজৰ পুত্ৰ যেন অনুভৱ হোৱা বুলি ৰজাই ধাত্ৰীজনীৰ আগত ব্যক্ত কৰে। শকুন্তলাৰ প্রতি কৰা অন্যায়ৰ বাবে ৰজাই শোকত ভাগি পৰি আপেক্ষ কৰি “পুত্ৰসুখ না দেখিলো ভার্যা নাহি ঘৰে” কথাষাৰ কৈছে।

৬। বজাই পূর্বজ্ঞান হেৰুৱাইশকুন্তলাক চিনি নোপোৱাত তেওঁ ক’ত কিদৰে জীৱন কটাব লগা হৈছিল লিখা।

উঃ দুর্বাসা ঋষিৰ অভিশাপমর্মে বজা দুষ্যন্তই শকুন্তলাৰ সতে গন্ধর্ব প্রথামতে হোৱা বিবাহৰ কথা সমূলি পাহৰি যায়। ফলত তেওঁৰ ৰাজসভালৈ যোৱা গৰ্ভৱতী শকুন্তলাই ৰজাৰ পত্নীৰ মৰ্যদা দাবী কৰাত ৰজাই পূর্বস্মৃতি মনত পেলাব নোৱাৰি শকুন্তলাক নিন্দা কৰি ৰাজসভাৰ পৰা খেদি দিয়ে। শকুন্তলাই বিষাদ মনেৰে তাৰ পৰা উভতি আহোতে বাটত মাতৃ মেনকাই দেখা পায় আৰু ৰথত উঠাই লৈ কাশ্যপ মুনিব আশ্রমত নমাই দিয়ে। কাশ্যপ মুনিয়ে শকুন্তলাক নিজৰ জীয়েকৰ দৰে মৰমেৰে আশ্রয় দিয়ে। সেই আশ্রমতে শকুন্তলাই এটি পুত্র সন্তান প্ৰসৱ কৰে। পুত্ৰটিৰ নাম ৰাখে ভবত। এনেদৰে স্বামীৰ দ্বাৰা উভতাই পঠোৱা শকুন্তলাই কাশ্যপ মুনিব আশ্রমত জীৱন কটাবলগা হৈছিল।

৭। “মুনি বোলে দৈৱৰ ঘটনা উপস্থিত।”: ইয়াত কি ‘দৈব ঘটনা’ উপস্থিত হোৱাৰ কথা কোৱা হৈছে? ঘটনাটি ব্যাখ্যা কৰা।

উঃ ইয়াত দুষ্যন্ত আৰু শকুন্ততলাৰ মাজত বিবাহৰ পিছত সংঘটিত হোৱা ঘটনাটিক ‘দৈৱ ঘটনা’ বুলি কোৱা হৈছে। ইয়াৰ কাৰণ ৰজা দুষ্যন্ত আৰু শকুন্তলাৰ মাজত হোৱা বিচ্ছেদ যে দুর্বাসা মুনিৰ অভিশাপৰ বাবে হৈছিল সেয়া কাশ্যপ মুনিয়ে জানিব পাৰিছিল।

ঘটনাটি আছিল এনেধৰণৰ: এবাৰ ৰজা দুষ্যন্তই বনলৈ যোৱাত কম্ব মুনিৰ আশ্ৰমত শকুন্তলাক দেখা পাই তাইৰ প্ৰতি মোহিত হৈ গন্ধর্ব প্রথামতে বিবাহ পাশত আৱদ্ধ হয় আৰু দুয়োজনৰ মিলন হয়। আশ্রম এৰি গুচি যোৱাৰ সময়ত ৰজাই শকুন্তলাক শীঘ্রেই ৰাজৰাণী কৰিব বুলি প্রতিশ্রুতি দি লগতে স্বাক্ষীস্বৰূপ ৰজাৰ নাম অংকিত এটি আঙুঠি শকুন্তলাক দি থৈ যায়।

দুষ্যন্ত গুচি যোৱাৰ পিচৰে পৰা শকুন্তলাই স্বামী দুয্যন্তৰ কথা ভাৱি আত্মবিভোৰ হৈ থকা সময়ত কাশ্যপ মুনিব আশ্ৰমলৈ দুর্বাসা মুনিৰ আগমণ ঘটে। ঋষিয়ে কাশ্যপ মুনিৰ বিষয়ে শকুন্তলাক প্রশ্ন কৰে। কিন্তু স্বামীৰ চিন্তাত মগ্ন থকা শকুন্তলাই দুর্বাসা ঋষিৰ উপস্থিতিৰ কথা গম নোপোৱাত মুনিয়ে অপমানিত হৈ শকুন্তলাক অভিশাপ দিয়ে এই বুলি যে তাই যাৰ কথা ভাবি মুনিক অৱজ্ঞা কৰিছে তেওঁ এদিন শকুন্তলাক পাহৰি যাব।

সময়ত দুর্বাসা ঋষিৰ অভিশাপৰ ফলত দুষ্যন্তই শকুন্তলাক পাহৰি যায় আৰু গৰ্ভৱতী শকুন্তলাই দুষ্যন্তৰ ৰাজসভালৈ গৈ ৰজাৰ পত্নী বুলি পৰিচয় দিয়াত ৰজাই তাইৰ কথা মনত পেলাব নোৱাৰি শকুন্তলাক প্রত্যাখ্যান কৰে। ইতিমধ্যে শকুন্তলাক ৰজাই দিয়া আঙুঠিটো হেৰুৱাই পেলোৱা বাবে একো প্রমাণ দিব নোৱাৰিলে।

ইয়াৰ কেইবছৰমান পিছত ইন্দ্ৰৰ অনুৰোধত ৰজা দুয্যন্তই যবনসকলক পৰাজিত কৰি কাশ্যপ ঋষিৰ আশ্ৰমত প্ররেশ কৰি শকুন্তলাৰ পুত্ৰ ভৰতক সিংহৰ লগত খেলি থকা দেখা পাই পুত্ৰ আৰু ভাৰ্যাৰ কথা মনত পৰে। ঠিক সেই সময়তে কাশ্যপ মুনি আশ্রমলৈ আহি পোৱাত সকলো কথা বিৱৰি কয়। সেয়ে ঋষিয়ে আশ্ৰমৰ ভিতৰত থকা শকুন্তলাক ৰজা দুষ্যন্তৰ বিষয়ে কোৱাত শকুন্তলাই অভিমান কৰি স্বামীৰ ওচৰলৈ যাবলৈ কুণ্ঠবোধ কৰে।
তেতিয়া কাশ্যপ ঋষিয়ে এইসকলোবোৰ দৈৱভাৱে সংঘটিত হৈছে বুলি শকুন্তলাক বুজনি দিছে।

৮। “কদাচিত এমত না বোলে সাধুজনে।”ঃ এই কথাষাৰ কোনে, কাক কৈছে? কি এনে কথা সাধুজনে নকয় বুলি কোৱা হৈছে বুজাই লিখা।

উঃ উক্ত কথাষাৰ শকুন্তলাৰ পুত্ৰ ভৰতৰ ধাত্ৰীগৰাকীয়ে ৰজা দুষ্যন্তক কৈছে। ৰজা দুয্যন্তই স্বৰ্গৰ ৰজা ইন্দ্ৰৰ অনুৰোধক্রমে যৱনসকলক বধ কৰি উভতি অহা সময়ত কাশ্যপ মুনিৰ আশ্ৰমত প্রবেশ কৰে। সেই আশ্ৰমত ৰজাই এজন অতি ধুনীয়া শিশুয়ে সিংহ এটিৰ স’তে খেলি থকা দেখা পালে। তেওঁৰ শৰীৰ সুন্দৰ, সুঠাম আৰু ৰাজচিহ্নযুক্ত আছিল। ৰজাজনে শিশুটিক দেখি মুগ্ধ হৈছিল আৰু স্নেহত আৱদ্ধ হৈ আকুল হৈ পৰিছিল।
শিশুটিক সিংহৰ লগত খেলি থকা দেখা পাই এনে মনোমুগ্ধকৰ শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয় জানিবলৈ ব্যাকুল হৈ পৰিল। শিশুজনক সুধিও কোনো উত্তৰ নোপোৱাত শিশুটিৰ ধাত্ৰীগৰাকীক সুধিলে। লগতে শকুন্তলাৰ লগত হোৱা পূর্ব ঘটনাৰ স্মৃতি ৰজাৰ মনত জাগৃত হোৱাত সমুদায় ঘটনা ধাত্ৰীজনীক বিবৰি কয়। লগতে সিংহৰ লগত খেলি থকা শিশুটিক দেখা পাই তেওঁৰ নিজৰ পুত্র যেন অনুভর হোৱা বুলি ৰজাই ধাত্ৰীজনীৰ ওচৰত প্ৰকাশ কৰে। ৰজাৰ কথা ধাত্ৰীয়ে বিশ্বাস কৰিব নোৱাৰি ৰজাক এইবুলি কয় যে ৰজাৰ দৰে পণ্ডিত এজনৰ মুখত দৰাচলতে এনে কথা শোভা নাপায়। সুন্দৰ বালক এজনক দেখা মাত্রকে আপোন পুত্র বুলি ভবা ভুল। সাধুলোকে কেতিয়াও এনে কথা নকয়।

ভাষা-বিষয়কঃ

৯। বিপৰীত লিঙ্গবাচক শব্দ লিখাঃ ৰাজা, পুত্র, ভাষা, বালক, সুন্দৰী।

উঃ

লিঙ্গ               বিপৰীত লিঙ্গ

ৰাজা              ৰাণী

পুত্র               কন্যা

ভার্যা              স্বামী

বালক            বালিকা

সুন্দৰী           সুন্দৰ।

১০। সমার্থক শব্দ লিখাঃ তনু, বদন, দেব, ভার্যা, স্নেহ।

উঃ

শব্দ            সমার্থক শব্দ

তনু              শৰীৰ

বদন            মুখ

দের           দেবতা

ভার্যা          পত্নী

স্নেহ          মৰম।

১১। পদ পৰিৱৰ্তন কৰাঃ

(ক) আকুল (খ) ব্যগ্ৰৰ

(গ) কলংক (ঘ) আনন্দ

(ঙ) দৈব।

উঃ

(ক) আকুল :আকুলতা

(খ) ব্যগ্ৰৰ :ব্যগ্রতা

(গ) কলংক :কলংকিত

(ঘ) আনন্দ :আনন্দিত

(ঙ) দৈর :দের।

১২। উপসর্গ ভাঙি দেখুওৱাঃ

(ক) অনুৰাগ

(খ) উপস্থিত

(গ) প্রকাশ

(ঘ) প্রণাম

উঃ

অনুৰাগ = অনু + ৰাগ

উপস্থিত = উপ + স্থিত

প্রকাশ = প্র + কাশ

প্রণাম = প্র + ণাম

১৩। তলৰ শব্দবোৰ আধুনিক রূপলৈ নিয়া:

(ক) নিকট (খ) আঞ্চল

(গ) নিৰেখিয়া (ঘ) তেখন

(ঙ) হুইব।

উঃ

শব্দ                 আধুনিক ৰূপ

(ক) নিকট        ওচৰ

(খ) আঞ্চল        আঁচল

(গ) নিৰেখিয়া    দেখি, নিৰীক্ষণ কৰি

(ঘ) তেখন        তেতিয়া

(ঙ) হুইব          হ’ব।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। শকুন্তলা কাব্যৰ আলম গ্রন্থ কি?

উঃ মহাভাৰত।

২। কবিৰাজ চক্ৰৱৰ্তীৰ আচল নাম কি?

উঃ ৰামনাৰায়ণ চক্ৰৱর্তী।

৩। কবিৰাজ চক্ৰৱৰ্তী কোন ৰজাৰ ৰাজকবি আছিল?

উঃ আহোম ৰজা ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ।

৪। কাৰ আদেশত কবিৰাজ চক্ৰৱৰ্তীয়ে ‘গীত গোবিন্দ’ পদ অসমীয়ালৈ ভাঙনি কৰে?

উঃ আহোম ৰজা ৰুদ্ৰসিংহৰ।

৫। কবিৰাজ চক্ৰৱৰ্তীৰ ৰচনাত কি ৰসৰ প্ৰাধান্য দেখা যায়?

উঃ আদি ৰসৰ।

৬। শকুন্তলা কোন আছিল?

উঃ শকুন্তলা ক্ষত্রিয় ঋষি বিশ্বামিত্ৰৰ ঔৰসজাত আৰু মেনকাৰ গৰ্ভজাত সন্তান আছিল।

৭। শংখচূড় বধ’ কাব্য কোনে ৰচনা কৰিছিল?

উঃ কবিৰাজ চক্রৱতীয়ে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment