Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 11 Question Answer মর্মান্তিক

By Rabbi Masrur

Published On:

Class 9 Assamese Chapter 11 Question Answer মর্মান্তিক

মর্মান্তিক

ড° নির্মল প্রভা বৰদলৈ

কবি পৰিচয়

ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) এজন অসমীয়া কবি, গীতিকাৰ আৰু গৱেষক। শিৱসাগৰত তেখেতৰ জন্ম হয়। তেখেত সন্দিকৈ মহাবিদ্যালয়ৰ পৰা বি.এ. আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ. পাছ কৰি গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনাৰে কৰ্ম জীৱনৰ পাতনি মেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা পদত নিযুক্ত হয়। এই বিশ্ববিদ্যালয়ৰ পৰা জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে।

নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখন হ’ল-‘বন ফৰিঙৰ জুই’। তাইৰ অন্যান্য কবিতা পুথিবোৰ হ’ল-দিনৰ পাছত দিন, সমীপেষু, অন্তৰঙ্গ, সুদীর্ঘ দিন আৰু ঋতু। সোণবৰণীয়া আই আৰু সুৰীয়া মাততাইৰ গীতৰ পুথি। দেরী, শিৱ আৰু সূর্য তাইৰ উল্লেখযোগ্য গৱেষণামূলক গ্রন্থ। ১৯৮৩ চনত ‘সুদীর্ঘ দিন আৰু ঋতু’ গ্ৰন্থখনৰ বাবে তাই সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৯১ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত তাই সভাপতিত্ব কৰিছিল।

২০০৪ চনত ডক্টৰ নিৰ্মলপ্রভা বৰদলৈ স্বর্গগামী হয়।

শব্দার্থ আৰু টোকা

বঁকিয়া: পথাৰত পানী ৰখাৰ বাবে লগতে মানুহ যাব পৰাকৈ বন্ধা সৰু আলি।

মর্মান্তিকঃ গভীৰ বেদনাদায়ক।

মেটমৰা: বহু বস্তু ঠাহ খাই থকা, বৰ গধুৰ।

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভার-বিষয়কঃ

১। (ক) ‘মর্মান্তিক’ কবিতাটিত কেনে ভাব প্রকাশ পাইছে?

উঃ ‘মর্মান্তিক’ কবিতাটিত গভীৰ বেদনাৰ ভাব প্রকাশ পাইছে।

(খ) ‘মর্মান্তিক’ কবিতাটি কাৰ ৰচনা?

উঃ ‘মর্মান্তিক’ কবিতাটি ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা।

(গ) ড° নিৰ্মলপ্রভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল?

উঃ ড° নিৰ্মলপ্রভা বৰদলৈ ১৯৯১ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত সভাপতিত্ব কৰিছিল।

২। মর্মান্তিক’ কবিতাটিৰ মূলভাব বুজাই লিখা।

উঃ অসমীয়া গ্রাম্য জীৱন কৃষি প্রধান। ই সহজ সৰল আৰু হোজা। কিন্তু সময়ৰ লগে লগে আধুনিকতাৰ পৰশত গ্রাম্য কৃষি প্রধান জীৱন ধাৰাৰ সলনি হৈ সকলো কৃত্রিম হৈ গৈ আছে। এই কৃত্রিমতাৰ লগে লগে প্রকৃতিও সলনি হৈ গৈ আছে। এইয়া এক দুখৰ বিষয় যে এই সৰলতা আৰু উভতি নাহে।

৩। ‘তাৎপর্য ব্যাখ্যা কৰাঃ

কোনে জানে তেওঁ আৰু  এই জন্মত  উভতি আহিবনে নাহে?

উঃ উদ্ধৃত কবিতাফাকি ড° নিৰ্মলপ্রভা বৰদলৈয়ে ৰচনা কৰা ‘মর্মান্তিক’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কৃত্রিম আধুনিকতাৰ পৰশত ঐতিহ্যৱান কৃষিপ্রধান সমাজ ব্যৱস্থাৰ সলনি হোৱাত কবিৰ মনত উদয় হোৱা বেদনাক প্রকাশ কৰিবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

সহজ-সৰল কৃষকসকল হৈছে অসমীয়া সমাজ জীৱনৰ প্ৰধান পৰিচয়। কিন্তু কৃত্রিমতাৰ জালত পৰি কৃষকৰ পথাৰৰ সেউজীয়াবোৰ এৰি গুচি যাব ধৰিছে। কৃষকৰ মূৰৰ জাপি, কান্ধৰ মেটমৰা দুই ডাঙৰিৰ জিৰিক্ জিৰিক্‌ মাত কবিৰ চিনাকী। কিন্তু কৃষকৰ সেই পৰিচয় ক্রমে নোহোৱা হৈ আছে। আঘোণৰ সোণবৰণীয়া ৰ’দজাক যেন কৃষকৰ পাছে পাছে গুচি গৈ আছে। ইয়াৰ লগে লগে খেৰৰ চুবুৰি, বাঁহ বননিৰ কেঁচা আলি আৰু শস্য পথাৰত গান গোৱা চৰাইজাকো গুছি গৈ আছে। লগে লগে কৃষি পথাৰৰ অস্তিত্বও নোহোৱা হৈ আছে। এই পৰিবেশ যে কেতিয়াবা ঘূৰি আহিব কবিয়ে তাৰ বাবে সন্দিহান হৈ উঠিছে আৰু এইবোৰ ভাবি কবিৰ মন বেদনাৰে ভাৰাক্ৰান্ত হৈছে।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। ‘মর্মান্তিক’ কবিতাটোৰ পটভূমি কি?

উঃ ‘মর্মান্তিক’ কবিতাটোৰ পটভূমি হ’ল সহজ সৰল কৃষি প্রধান গ্রাম্য জীবন।

২। নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উঃ বন ফৰিঙৰ ৰং।

৩। ‘বঁকিয়া’ শব্দটোৰ অৰ্থ কি?

উঃ পথাৰত পানী ৰখাৰ লগতে মানুহ যাব পৰাকৈ বন্ধা সৰু আলি।

৪। কবিয়ে আঘোণৰ ৰ’দজাক কিয় সোণবৰণীয়া বুলি কৈছে?

উঃ আঘোণৰ পথাৰ পকা ধানেৰে উপচি থাকে। পকা ধানৰ বৰণ সোণালী। সেয়ে কবিয়ে আঘোণ মাহৰ ৰ’দজাককো সোণবৰণীয়া বুলি ৈেকছে।

৫। বেলি লহিওৱাৰ পৰত কবিয়ে কাক যোৱা দেখিছিল?

উঃ কবিয়ে বেলি লহিওৱাৰ পৰত কৃষকক পথাৰ এৰি গুচি যোৱা দেখিছিল।

৬। ‘জিৰিক্ জিৰিক্ মাত বুলি কবিয়ে কাৰ কথা কৈছে?

উঃ ‘জিৰিক্ জিৰিক্ মাত’ বুলি কবিয়ে কৃষকে কান্ধত কঢ়িয়াই লৈ যোৱা ধানৰ ডাঙৰিৰ কথা কৈছে।

৭। নিৰ্মলপ্রভা বৰদলৈয়ে ৰচনা কৰা এখন গীতৰ পুথিৰ নাম লিখা।

উঃ সুৰীয়া মাত।

৮। কৃষকৰ মূৰত কি আছিল?

উঃ জাপি।

৯। আঘোণ মাহৰ ৰ’দজাক কেনেকুৱা?

উঃ সোণবৰণীয়া।

১০। ‘মর্মান্তিক’ কবিতাটিত ‘তেওঁ’ বুলি কাক বুজাইছে?

উঃ কৃষকক বুজাইছে।

১১। নিৰ্মলপ্ৰভা বৰদলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত কি আসনৰ অধ্যাপিকা আছিল।

উঃ জৱাহৰলাল নেহৰু আসনৰ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment