Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 10 Question Answer বিশ্ব-হৰণ 2026

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যমৰ SEBA Class 9 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত Class 9 Assamese Chapter 10 Question Answer বিশ্ব-হৰণ, Notes বা সহায়ক বিচাৰি আছে? হয়। চিন্তাৰ কোনো কাৰণ নাই, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ নৱম শ্ৰেণী সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 9 Assamese Chapter 10 Question Answer বিশ্ব-হৰণ

বিশ্ব-হৰণ

-ৰত্নকান্ত বৰকাকতী

👉 Read Also:

কবি পৰিচয়:

ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩) এজন অসমীয়া কবি, সমালোচক আৰু প্ৰৱন্ধকাৰ। তেওঁৰ জন্ম হয় নগাঁৱৰ ধিঙত। তেওঁ স্থানীয় বিদ্যালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় যদিও পঢ়া-শুনা ত্যাগ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দিয়ে।
ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চর্চা কৰিবলৈ লোৱা বৰকাকতীয়ে উষা, বাঁহী, চেতনা আদি আলোচনীত কবিতা প্রকাশ কৰে। ১৯৩২ চনত তেওঁৰ প্ৰথম কবিতা পুথিশেৱালি প্রকাশ পায়। তেওঁ ৰচনা কৰা আন দুখন কবিতা পুথি হ’ল তর্পন আৰু চন্দ্রহাৰ। তেওঁ অলকা নামৰ এখন ভাৱপ্রধান নাটকো ৰচনা কৰিছিল। প্ৰকৃতিৰ সৌন্দর্য আৰু প্রেম তেওঁৰ কবিতাৰ প্ৰতিপাদ্য বিষয়।

শব্দার্থ আৰু টোকা

কিৰণঃ পোহৰ, ৰশ্মি।

জয়: ম্লান, মৰহি যোৱা।

জুৰাইঃ শাঁত পেলাই।

নিঃস্বঃ নিঃকিন, দৰিদ্র।

প্রভাত: ৰাতিপুৱা।

বসুন্ধৰাঃ পৃথিৱী, ধৰিত্ৰী।

সমতান: সমান বা এক তালত মিলাই গোৱা গানৰ সুৰ।

সয়ঃ সহ্য হয়।

হিৰণঃ উজ্জ্বল, সোণালী।

তিলোত্তমাঃ মহাভাৰতৰ আখ্যান অনুসৰি সুন্দ আৰু উপসুন্দ নামৰ দুটা অসুৰক বধ কৰাৰ উদ্দেশ্যে ব্ৰহ্মাই জগতৰ সকলো বস্তুৰ পৰা তিল্ তিকৈ সৌন্দর্য আহৰণ কৰি এটি কন্যা সৃষ্টি কৰিছিল। এই কন্যাটিৰ নাম আছিল তিলোত্তমা।
বিশ্বৰ সকলো সৌন্দৰ্যৰে সৃষ্টি কৰা কন্যাটি চাই সুন্দ-উপসুন্দ মুগ্ধ হয়। তেওঁক পাবলৈ দুয়োজনে যুদ্ধত অবতীর্ণ হয়। যুদ্ধত দুয়োজনে মৃত্যু বৰণ কৰিব লগা হয়।

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভাৱ-বিষয়কঃ

১। অতি চমু উত্তৰ দিয়া:

(ক) মুকলি আকাশৰ কোলাত লৈ কোনে কবিক চুমা দিছিল?

উঃ মুকলি আকাশৰ কোলাত লৈ বতাহে কবিক চুমা দিছিল।

(খ) কবিৰ লগত সমতান ধৰি কোনে কুলকুল সুৰে গান গাইছিল?

উঃ কবিৰ লগত সমতান ধৰি নদীয়ে কুল কুল সুৰে গান গাইছিল।

(গ) ‘বিশ্ব-হৰণ কবিতাটি কি কবিতা বুলিব পাৰি?

উঃ ‘বিশ্ব হৰণ’ কবিতাটি ৰোমান্টিক কবিতা বুলিব পাৰি।

(ঘ) কবি ৰত্নকান্ত বৰকাকতীৰ কিমান চনত জন্ম হয়?

উঃ কবি ৰত্নকান্ত বৰকাকতীৰ জন্ম হয় ১৮৯৭ চনত।

২। ‘মোৰেই সকলো মোৰেই মাথোঁ মোৰেই বসুন্ধৰা।’

– কেতিয়ালৈ কৰিৰ জীৱনত বসুন্ধৰাৰ সকলো তেওঁৰেই হৈ আছিল বুলি কৈছে?

উ: কবিৰ জীৱনলৈ প্রিয়তমাৰ আগমন হোৱাৰ আগলৈকে গোটেই জগতখন কবিৰ বাবে প্রিয়তমা স্বৰূপ হৈ আছিল। প্রকৃতিৰ লগত কবিয়ে একাত্ম হৈ জীৱন কটাইছিল। জোন, বেলি, তৰাই কবিৰ বুকু জুৰাই দিছিল। বতাহে কোনো ধৰণৰ কৃপণালি নকৰি কবিক কোলাত লৈ চুমা যাচিছিল। নৈবোৰে কবিৰ লগত সমতান ধৰি কুল কুল সুৰে গীত গাইছিল। প্রভাতৰ ফুল কবিৰ পিনে চাই মিচিকিয়াই হাঁহিছিল। নিশাৰ তৰাবোৰে কবিৰ বাবে চকুলো টুকিছিল। অর্থাৎ গোটেই বসুন্ধৰাটোৱেই কবিৰ বাবে প্রিয়তমা স্বৰূপ আছিল আৰু কবিৰ জীৱনটোও সুখ আৰু আনন্দৰে ভৰি আছিল। কিন্তু যিদিনাৰ পৰা কবিৰ জীৱনলৈ প্রিয়তমাৰ আগমণ ঘটিল সেইদিনাৰ পৰা প্রিয়তমাৰ সৌন্দৰ্যৰ আগত প্রকৃতিৰ সকলো সৌন্দর্য ম্লান পৰি গ’ল। অর্থাৎ কবিয়ে নিজৰ প্ৰেয়সীৰ মাজত প্ৰকৃতিৰ সকলো সৌন্দর্য থুপ খাই থকা দেখিবলৈ পালে। প্রকৃতিৰ সৌন্দৰ্যৰ প্রতি উদাসীন হৈ কবি প্রেয়সীৰ সৌন্দৰ্যত মন্ত্রমুগ্ধ হৈ পৰিল।

৩। ‘বিশ্ব-হৰণ’ কবিতাটিত কবি বৰকাকতীয়ে কাক, কিয় তিলোত্তমা বুলি কৈছে বুজাই লিখা।

উঃ ‘বিশ্ব-হৰণ’ নামৰ কবিতাটিত কবিয়ে নিজৰ প্রেয়সীক তিলোত্তমা বুলি কৈছে। কবিয়ে নিজৰ প্ৰেয়সীক তিলোত্তমা বুলি কোৱাৰ কাৰণ হ’ল প্রিয়তমাৰ আগমনৰ আগলৈকে কবিৰ বাবে গোটেই বিশ্বখনেই প্রেয়সীস্বরূপ আছিল। অর্থাৎ বিশ্ব প্রকৃতিৰ সৌন্দর্যই কবিক মোহিত কৰি ৰাখিছিল। কিন্তু কবিৰ প্রিয়তমাৰ আগমনৰ লগে লগে প্রিয়তমাৰ মাজত এনে সৌন্দর্য দেখিবলৈ পালে যেন বিশ্বপ্রকৃতিৰ সকলো সৌন্দর্যই কবিৰ প্ৰেয়সীৰ দেহত থুপ খাই আছে। প্রেয়সীৰ সৌন্দৰ্যৰ আগত বিশ্ব প্ৰকৃতিৰ সৌন্দৰ্য ম্লান পৰি যায়। সেয়ে কবিয়ে নিজৰ প্ৰেয়সীক তিলোত্তমাৰ লগত তুলনা কৰিছে।

৪। কবি পৰিচয় দি ‘বিশ্বহৰণ’ কবিতাটিৰ মূলভার লিখা।

উঃ ৰত্নকান্ত বৰকাকতী (১৮৯৭-১৯৬৩) এজন অসমীয়া কবি, সমালোচক আৰু প্ৰৱন্ধকাৰ। তেওঁৰ জন্ম হয় নগাঁৱৰ ধিঙত। তেওঁ স্থানীয় বিদ্যালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় যদিও পঢ়া-শুনা ত্যাগ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত যোগ দিয়ে। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চর্চা কৰিবলৈ লোৱা বৰকাকতীয়ে উষা, বাঁহী, চেতনা আদি আলোচনীত কবিতা প্রকাশ কৰে। ১৯৩২ চনত তেওঁৰ প্ৰথম কবিতা পুথি শেৱালি প্রকাশ পায়। তেওঁ ৰচনা কৰা আন দুখন কবিতা পুথি হ’ল তর্পনআৰু চন্দ্ৰহাৰ। তেওঁ অলকা নামৰ এখন ভাৱপ্ৰধান নাটকো ৰচনা কৰিছিল। প্ৰকৃতিৰ সৌন্দৰ্য আৰু প্রেম তেওঁৰ কবিতাৰ প্রতিপাদ্য বিষয়।

‘বিশ্ব-হৰণ’ কবিতাটিৰ মূলভাবঃ প্ৰকৃতিৰ প্ৰতিটো বস্তুই সৌন্দৰ্যৰ আধাৰ। প্ৰকৃতিয়ে কেতিয়াও কৃপণতা নকৰে। প্ৰকৃতিৰ দান সকলোৰে বাবে মুক্ত। সকলোরে প্রকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। কিন্তু এজন প্ৰেমিকৰ বাবে প্রেমিকা সকলো সৌন্দৰ্যৰ উর্দ্ধত। প্রেমিকাৰ সৌন্দর্যত মোহিত হোৱা প্রেমিকে প্রকৃতিৰ সকলো সৌন্দর্য পাহৰি যাব পাৰে।

৫। ‘বিশ্ব-হৰণ’ কবিতাটিৰ আধাৰত কবি কাকতীৰ কাব্যিক প্রতিভা বর্ণনা কৰা।

উঃ ৰত্নকান্ত বৰকাকতি প্রেম আৰু প্ৰকৃতিৰ কবি। তেওঁৰ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্যৰ গুণ-গান আছে। তেওঁৰ ভাষা সহজ-সৰল আৰু সংগীতময়।

‘বিশ্ব-হৰণ’ কবিতাটি কবি ৰত্নকান্ত বৰকাকতীৰ এক আর্হিমূলক কবিতা। এই কবিতাটোত কবিয়ে প্রকৃতিৰ মোহময়ী সৌন্দর্য আৰু উদাৰতাৰ বৰ্ণনা দাঙি ধৰিছে। কবিৰ বাবে প্রকৃতি অনাবিল সৌন্দৰ্যৰ আধাৰ। জোন, বেলি তৰাই কবিক দুখৰ সময়ত অমল সৌন্দর্য দান কৰি তাপিত হৃদয় জুৰ পেলায়। বতাহে কোলাত লৈ চুমা খায়। নদীৰ কুল কুল সুৰত কবিয়ে সংগীত শুনিবলৈ পায়। কবিৰ বাবে নিশাৰ তৰাবোৰে চকুলো টুকে। এইবোৰ বৰ্ণনা নিশ্চয় আবেগিক আৰু আবেদনময়। কবিয়ে কৈছেঃ

“আছিল আকাশ মুকলি হৈ

মোকেই সদায়

কোলাত লৈ ব

তাহে দিছিল চুমা,

গাইছিল নৈয়ে

কুল কুল গান

মোৰেই লগত ধৰি সমতান,

নাছিল সুখৰ সীমা।

হাঁহিছিল কত

প্রভাতৰ ফুল

নিশা কান্দিছিল তৰা।

যেইপিনে চাওঁ

সেইপিনে দেখোঁ,

মোৰেই সকলো

মোৰেই মাথো

মোৰেই বসুন্ধৰা।”

কবিতাটিত গীতি কবিতাৰ বৈশিষ্ট্যও বিদ্যমান। কবিতাটিৰ মাজেদি কবিয়ে প্রেমিকৰ বাবে যে প্রেয়সী অসীম সৌন্দৰ্যৰ আধাৰ এই ভারটি প্রকাশ কৰিবলৈ প্রকৃতিৰ নানা কল্পচিত্ৰৰ অৱতাৰণা কৰিছে। ইয়াত আকাশৰ জোন, বেলি তৰা, বতাহ, নৈ, ফুল আদি কল্পচিত্ৰৰ স্পৰ্শকাতৰ সমাহাৰ ঘটিছে।

কবিতাটিত ছন্দৰ মিলো লক্ষণীয়। উদাহৰণ স্বৰূপে তলত কবিতাটোৰ পৰা কেইটামান পংক্তি উদ্ধৃত কৰা হ’ল:

“তিল্ তিকৈ

হৰিলা বিশ্ব,

তিলোত্তমা হৈ

কৰিলা নিঃস্ব

কাঢ়িলা জোনৰ মুখ;

আকাশৰ কোলা

কৰিলা উদং,

বতাহত নিলা

মনৰ ৰং

নৈৰ নথ’লা সুখ।

ফুলৰ হৃদয়

কৰিলা হৰণ

লুটিলা তাৰ

লাবণ্য বৰণ

তৰাক পেলালা জয়;

হৰিলা বেলিৰ

হিৰণ কিৰণ,

কৰিলা বিৰাট

বিশ্ব-হৰণ

আৰু কি প্রাণত সয়।”

মুঠতে বৰকাকতীৰ ‘বিশ্ব-হৰণ’ নামৰ কবিতাটি কল্পচিত্ৰৰ সমাহাৰ, শব্দৰ সবলতা, ছন্দৰীতিৰ গীতিধর্মীতাআদিৰ পিনৰ পৰা এটি উপভোগ্য ৰোমান্টিক কবিতা।

👉 Read Also:

৬। কবিতাটিৰ সাৰাংশ লিখা।

উঃ কবিৰ জীৱনলৈ প্রিয়তমাৰ আগমন হোৱাৰ আগলৈকে গোটেই জগতখন কবিৰ বাবে প্রিয়তমাস্বরূপ আছিল। প্ৰকৃতিৰ লগত কবিয়ে একাত্ম হৈ জীৱন কটাইছিল। জোন, বেলি, তৰাই কবিৰ বুকু জুৰাই দিছিল। বতাহে কোনো ধৰণৰ কৃপণালি নকৰি কবিক কোলাত লৈ চুমা যাচিছিল। নৈবোৰে কবিৰ লগত সমতান ধৰি কুল কুল সুৰে গীত গাইছিল। প্ৰভাতৰ ফুল কবিৰ পিনে চাই মিচিকিয়াই হাঁহিছিল। নিশাৰ তৰাবোৰে কবিৰ বাবে চকুলো টুকিছিল। অর্থাৎ গোটেই বসুন্ধৰাটোৱেই কবিৰ বাবে প্রিয়তমাস্বৰূপ আছিল আৰু কবিৰ জীৱনটোও সুখ আৰু আনন্দৰে ভৰি আছিল। কিন্তু যিদিনাৰ পৰা কবিৰ জীৱনলৈ প্রিয়তমাৰ আগমণ ঘটিল সেইদিনাৰ পৰা প্রিয়তমাৰ সৌন্দৰ্যৰ আগত প্ৰকৃতিৰ সকলো সৌন্দর্য ম্লান পৰি গ’ল। অর্থাৎ কবিয়ে নিজৰ প্ৰেয়সীৰ মাজত প্ৰকৃতিৰ সকলো সৌন্দর্য থুপ খাই থকা দেখিবলৈ পালে।

৭। ‘বিশ্ব-হৰণ’ কবিতাটিত কবিয়ে প্রকৃতিৰ সৌন্দর্য কিদৰে বৰ্ণনা কৰিছে বহলাই লিখা।

উঃ ‘বিশ্ব-হৰণ’ কবিতাটিত কবিয়ে প্রকৃতিৰ এক আবেদনময় সৌন্দৰ্যৰ বৰ্ণনা দাঙি কৰিছে।

কবিৰ জীৱনলৈ প্রিয়তমাৰ আগমন হোৱাৰ আগলৈকে গোটেই জগতখন কবিৰ বাবে প্রিয়তমা স্বৰূপ আছিল। প্রকৃতিৰ লগত কবিয়ে একাত্ম হৈ জীৱন কটাইছিল। জোন, বেলি, তৰাই কবিৰ বুকু জুৰাই দিছিল। বতাহে কোনো ধৰণৰ কৃপনালি নকৰি কবিক কোলাত লৈ চুমা যাচিছিল। নৈবোৰে কবিৰ লগত সমতান ধৰি কুল কুল সুৰে গীত গাইছিল। প্রভাতৰ ফুল কবিৰ পিনে চাই মিচিকিয়াই হাঁহিছিল। নিশাৰ তৰাবোৰে কবিৰ বাবে চকুলো টুকিছিল। অর্থাৎ গোটেই বসুন্ধৰাটোৱেই কবিৰ বাবে প্রিয়তমা স্বরূপ আছিল আৰু কবিৰ জীৱনটোও সুখ আৰু আনন্দৰে ভৰি আছিল। কিন্তু যিদিনাৰ পৰা কবিৰ জীৱনলৈ প্রিয়তমাৰ আগমণ ঘটিল সেইদিনাৰ পৰা প্রিয়তমাৰ সৌন্দৰ্যৰ আগত প্রকৃতিৰ সকলো সৌন্দর্য ম্লান পৰি গ’ল। অর্থাৎ কবিয়ে নিজৰ প্ৰেয়সীৰ মাজত প্ৰকৃতিৰ সকলো সৌন্দর্য থুপ খাই থকা দেখিবলৈ পালে।

৮। ব্যাখ্যা কৰাঃ

(ক) ফুলৰ হৃদয় কৰিলা হৰণ লুটিলা তাৰ লাবণ্য বৰণ, তৰাক পেলালা জয়।

উঃ উদ্ধৃত কবিতাফাকি কবি ৰত্নকান্ত বৰকাকতীয়ে বচনা কৰা ‘বিশ্ব-হৰণ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিয়ে নিজৰ প্ৰেয়সীৰ সৌন্দৰ্যৰ গুণ-গান কৰিবলৈ গৈ উক্ত কবিতাফাকিৰ সৃষ্টি কৰিছে। কবিৰ জীৱনলৈ প্ৰেয়সীৰ আবিৰ্ভাৱৰ আগলৈকে কবিয়ে প্রকৃতিৰ মুক্ত সৌন্দর্যত উন্মাদনা হৈ আছিল। প্রকৃতিৰ নদ-নদী, জোন, বেলি, তৰা, বতাহ আদিয়ে কবিক সৌন্দর্য আৰু আনন্দ দান কৰিছিল। কিন্তু কবিৰ জীৱনলৈ প্ৰেয়সীৰ আবিৰ্ভাৱৰ লগে লগে প্রকৃতিৰ সকলো সৌন্দর্য প্ৰেয়সীৰ সৌন্দৰ্যৰ আগত জুঁই পৰি গ’ল। প্ৰেয়সীৰ মাজতে কবিয়ে এতিয়া প্রকৃতিৰ সকলো সৌন্দর্য দেখিবলৈ পালে যেন কবিৰ প্রেয়সীয়ে প্রকৃতিৰ সকলো সৌন্দর্য হৰণ কৰি নিজক সজাই পৰাই তুলিছে।

(খ) তিল্ তিল্কৈ

হৰিলা বিশ্ব

তিলোত্তমা হৈ

কৰিলা নিঃস্ব

কাঢ়িলা জোনৰ মুখ।

উঃ উদ্ধৃত কবিতাফাকি কবি ৰত্নকান্ত বৰকাকতীয়ে ৰচনা কৰা ‘বিশ্ব-হৰণ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিয়ে নিজৰ প্ৰেয়সীৰ সৌন্দৰ্যৰ গুণ-গান কৰিবলৈ গৈ উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। কবিৰ জীৱনলৈ প্রেয়সীৰ আবিৰ্ভাৱৰ আগলৈকে কবিয়ে প্রকৃতিৰ মুক্ত সৌন্দর্যত উন্মাদনা হৈ আছিল। প্রকৃতিৰ নদ-নদী, জোন, বেলি, তৰা, বতাহ আদিয়ে কবিক সৌন্দর্য আৰু আনন্দ দান কৰিছিল। কিন্তু কবিৰ জীৱনলৈ প্রেয়সীৰ আবিৰ্ভাৱৰ লগে লগে প্রকৃতিৰ সকলো সৌন্দর্য প্ৰেয়সীৰ সৌন্দৰ্যৰ আগত জুঁই পৰি গ’ল। প্রেয়সীৰ মাজতে কবিয়ে এতিয়া প্রকৃতিৰ সকলো সৌন্দর্য দেখিবলৈ পালে যেন কবিৰ প্ৰেয়সীয়ে প্ৰকৃতিৰ সকলো সৌন্দৰ্য হৰণ কৰি নিজক সজাই পৰাই তুলিছে। অর্থাৎ কবিৰ প্ৰেয়সী তিলোত্তমা ৰূপে অৱতীৰ্ণ হৈ প্রকৃতি জগতখনক সৌন্দৰ্যৰ ফালৰ পৰা নিঃস্ব কৰি পেলালে।

(গ) সেইদিন ধৰি

যেন নিছা হৰি

তিল্ তিল্ কৈ

সকলোবোৰ।

উঃ উদ্ধৃত কবিতাফাকি কবি ৰত্নকান্ত বৰকাকতীয়ে ৰচনা কৰা ‘বিশ্ব-হৰণ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিয়ে নিজৰ প্ৰেয়সীৰ সৌন্দৰ্যৰ গুণ-গান কৰিবলৈ গৈ উক্ত কবিতাফাকিৰ সৃষ্টি কৰিছে।

কবিৰ জীৱনলৈ প্ৰেয়সীৰ আবিৰ্ভাৱৰ আগলৈকে কবিয়ে প্রকৃতিৰ মুক্ত সৌন্দর্যত আপোন-পাহৰা হৈ আছিল। প্রকৃতিৰ নদ-নদী, জোন, বেলি, তৰা, বতাহ আদিয়ে কবিক সৌন্দর্য আৰু আনন্দ দান কৰিছিল। কিন্তু কবিৰ জীৱনলৈ প্ৰেয়সীৰ আবিৰ্ভাৱৰ লগে লগে প্রকৃতিৰ সকলো সৌন্দর্য প্ৰেয়সীৰ সৌন্দৰ্যৰ আগত জই পৰি গ’ল। প্ৰেয়সীৰ মাজতে কবিয়ে এতিয়া প্রকৃতিৰ সকলো সৌন্দর্য দেখিবলৈ পালে যেন কবিৰ প্রেয়সীয়ে প্রকৃতিৰ সকলো সৌন্দর্য হৰণ কৰি নিজক সজাই পৰাই তুলিছে।

(ঘ) আছিল তেতিয়া

সুন্দৰ মোৰ

জোন-বেলি তৰাই

জুৰাই বুকু।

উঃ উদ্ধৃত কবিতাফাকি কবি ৰত্নকান্ত বৰকাকতীয়ে ৰচনা কৰা ‘বিশ্ব-হৰণ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

প্ৰেয়সীৰ আগমনৰ আগলৈকে কবিৰ বাবে যে প্রকৃতিয়েই প্রেমিকাস্বৰূপ আছিল সেই কথা ব্যক্ত কৰিবলৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। কবিৰ জীৱনলৈ প্ৰেয়সীৰ আবিৰ্ভাৱৰ আগলৈকে কবিয়ে প্রকৃতিৰ মুক্ত সৌন্দর্যত উন্মাদনা হৈ আছিল। প্রকৃতিৰ নদ-নদী, জোন, বেলি, তৰা, বতাহ আদিয়ে কবিক সৌন্দর্য আৰু আনন্দ দান কৰিছিল। দুখ আৰু বেদনাৰ সময়ত জোন, বেলি তৰাই কবিৰ হৃদয় শাঁত পেলাইছিল। কিন্তু কবিৰ জীৱনলৈ প্ৰেয়সীৰ আবিৰ্ভাৱৰ লগে লগে প্ৰকৃতিৰ সকলো সৌন্দর্য প্রেয়সীৰ সৌন্দৰ্যৰ আগত জুঁই পৰি গ’ল।

১০। ‘যি দিন হন্তে চকু ছাট্ট মাৰি তুমি উজলিলা মোৰ

– কবিৰ চকু ছামাৰি ‘তুমি’ৰ আবিৰ্ভাৱ হোৱাৰ পাছত তেওঁৰ জীৱনত কি কি পৰিৱৰ্তন ঘটিল তোমাৰ নিজৰ কথাৰে লিখা।

উঃ প্রেয়সীৰ আগমন হোৱাৰ পিছৰ পৰা কবিৰ জীৱনত সৌন্দৰ্যবোধৰ পৰিৱৰ্তন হ’ল। কবিৰ প্ৰেয়সী ইমানেই সৌন্দর্যময়ী যে কবিয়ে এতিয়া প্রকৃতিৰ মুক্ত সৌন্দৰ্যত উন্মাদ হ’ব নোৱাৰে।। প্রকৃতিৰ নদ-নদী, জোন, বেলি, তৰা, বতাহ আদিৰ মাজত কবিয়ে যি সৌন্দর্য বিচাৰি পাইছিল সেই সৌন্দর্য কবিয়ে এতিয়া দেখা নাপায়। কবিৰ প্রেয়সীৰ সৌন্দৰ্য ইমানেই তীব্র যে প্রেয়সীৰ আবিৰ্ভাৱৰ লগে লগে প্রকৃতিৰ সকলো সৌন্দর্য প্রেয়সীৰ সৌন্দৰ্যৰ আগত জুঁই পৰি গ’ল। প্রেয়সীৰ মাজতে কবিয়ে এতিয়া প্রকৃতিৰ সকলো সৌন্দর্য দেখিবলৈ পালে যেন কবিৰ প্রেয়সীয়ে প্রকৃতিৰ সকলো সৌন্দর্য হৰণ কৰি নিজক সজাই অতুলনীয় মোহময়ী কৰি তুলিছে।

ভাষা-বিষয়কঃ

১১। বাক্য ৰচনা কৰাঃ

নিঃস্ব, উদং, লাবণ্য-বৰণ, জঁয়, সয়।

উঃ

নিঃস্ব (নিঃকিন, দৰিদ্ৰ): আমি নিঃস্বজনক সহায় কৰিব লাগে।

উদং (খালী): বানপানীয়ে এইবাৰ খেতি পথাৰ উদং কৰি থৈ গ’ল।

লাবণ্য বৰণ (অতি সুন্দৰ): দিপীকা এজনী লাৱণ্য বৰণৰ ছোৱালী।

জঁয় (মৰহি যোৱা, ম্লান পৰা): জোনৰ পোহৰত তৰাৰ পোহৰ ম্লান পৰি যায়।

সয় (সহ্য হোৱা)ঃ প্রকৃতিৰ সকলো সৌন্দর্য তিলোত্তমা হৈ হৰণ কৰাত কবিৰ প্ৰাণত নসয়।

২। সমার্থক শব্দ লিখাঃ

আকাশ, চকু, জোন, বেলি, বতাহ, প্রভাত, নিশা, বসুন্ধৰা।

উঃ

শব্দ সমার্থক শব্দ
আকাশ গগন
চকু আখি
জোন চন্দ্ৰ
বেলি সূৰ্য
বতাহ বায়ু
প্ৰভাত পুৱা
নিশা ৰাতি
বসুন্ধৰা পৃথিৱী

১২। বিপৰীত শব্দ লিখাঃ ৰূপ, মুকলি, সুখ, হাঁহি, উদং, জয়।

উঃ

শব্দ বিপৰীত শব্দ
ৰূপ কুৰূপ
মুকলি বন্ধ
সুখ দুখ
হাঁহি কান্দোন
উদং ভৰপূৰ
জয় পৰাজয়

অতিৰিক্ত প্রশ্নোত্তৰ:

১। ৰত্নকান্ত বৰকাকতীক কি কবি বুলি জনা যায়?

উঃ শেৱালি কবি।

২। ৰত্নকান্ত বৰকাকতীৰ দুখন কবিতা পুথিৰ নাম লিখা।

উঃ ‘তর্পন’ আৰু ‘চন্দ্রহাব’।

৩। ৰত্নকান্ত বৰকাকতীয়ে কবিতা প্রকাশ কৰা এখন আলোচনীৰ নাম লিখা।

উঃ ঊষা।

৪। ৰত্নকান্ত বৰকাকতীৰ কবিতাৰ ওপৰত কোনজন বঙালী কবিৰ প্ৰভাৱ পৰিছে?

উঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ।

৫। ‘বিশ্ব-হৰণ’ নামৰ কবিতাটিৰ কবি কোন?

উঃ ৰত্নকান্ত বৰকাকতী।

৬। ৰত্নকান্ত বৰকাকতী প্রধানকৈ কিহৰ কবি?

উঃ সৌন্দর্য আৰু প্ৰেমৰ কবি।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment