Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese ভাব সম্প্রসাৰণ Solutions for Final Exam

By Rabbi Masrur

Updated On:

Class 9 Assamese ভাব সম্প্রসাৰণ Solutions for Final Exam

হস্তৰীৰো পিছলে পাও সজ্জনৰো বুৰে নাও।

অসমীয়া ভাষাত বহুলভাবে ব্যৱহৃত হোৱা এইটো এটা গভীৰ অৰ্থব্যঞ্জক প্ৰৱচন। ই সংস্কৃত “মনিনাঞ্চ মতিভ্রম” পদ ফাকিৰ সমার্থক। এই কথাফাকিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে অতি সাবধানী ডাঙৰ প্ৰাণী বা ডাঙৰ মানুহৰো ভুল হয়।

হাতী বৰ ডাঙৰ জন্তু। ইয়াৰ খোজবোৰো গহীন। সাধাৰণতে হাতীৰ খোজ নিপিছলে। ইয়াৰ ভৰি পিছলা মানে এক ব্যতিক্রম। তথাপি কেতিয়াবা কিবা ব্যতিক্রম বা অসুবিধাজনক পৰিস্থিতিত হাতীৰ দৰে ডাঙৰ জন্তুৰো ভবি পিছলে।

এইদৰে সজ্জনে সদায় ভাবি-চিন্তিহে কাম কৰে। সিহঁত সদায় সতর্কশীল। সিহঁতৰ কামত ভুল-ত্রুটি প্রায় নহয়েই। কিন্তু ভাবি-চিন্তি কাম কৰাৰ পিছতো সিহঁতৰো আকস্মিক কিবা ভুল হৈ যায়।

গতিকে এই ৰূপাত্মক কথা ফাকিৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে হাতীৰ দৰে বিশালাকাৰ জন্তুৰো যেতিয়া ভৰি পিছলিব পাৰে বা সজ্জনৰো নাও বুৰিব পাৰে, গতিকে আমি সাধাৰণ মানুহৰো ভুল হোৱাটো অতি স্বাভাবিক। সেয়ে মানুহ যিমানেই জ্ঞানী নহওক কিয়, নিজৰ মত সদায় অভ্রান্ত বুলি অহংকাৰ কৰিব নালাগে। অর্থাৎ মানুহ মাত্রেই ভুল হয়।

বাটৰ দু বৰি বন গচকত পৰা তাৰো এটি পাতে দিয়ে সৰগৰ বতৰা।

উক্ত কথাফাকি অতি সুক্ষ্ম জ্ঞানগর্ভ অর্থ বহন কৰা আধ্যাত্মিক ভাবসম্পন্ন শ্লোক। এই শ্লোকৰ দ্বাৰা বুজোৱা হৈছে যে বিশ্বব্ৰমাণ্ডৰ সামান্য বস্তুও বিভিন্ন দিশৰ পৰা প্রয়োজনীয় আৰু আধ্যাত্মিক দিশৰ পৰা চিন্তা কৰিলে সকলোতে ভগৱানৰ মাহাত্ম্য নিহিত আছে বুলি জ্ঞান লাভকৰিব পাৰি।

দুবুৰি বন অতি সামান্য তৃণ। ই সদায় ভৰিৰ পতাৰ তলতহে থাকে। এই সামান্য তৃণও বহু সময়ত বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। ইয়াৰ মূল্যবান ঔষধী গুণো আছে। গতিকে গছকত পৰা এই সামান্য দুবুৰি বনকো মূলাহীন বুলি উপলুঙা কৰিব নালাগে। আধ্যাত্মিক দিশৰ পৰা বিচাৰ কৰিবলৈ গ’লে এই দুবুৰি বনো ভগৱানেই সৃষ্টি কৰিছে। গতিকে সামান্য দুবুৰি বনতো যে ভগৱানৰ লীলা চলি আছে তাক আধ্যাত্মিক ভাবাপন্ন লোকে উলাই কৰিব নোৱাৰে।

এইদৰে সমাজত কিছুমান মানুহে শিক্ষা-দীক্ষা বা সা-সম্পত্তিত আনতকৈ হীন। সিহঁতক কিছুমান ধনী বা শিক্ষিত লোকে নিজৰ লগত তুলনা কৰি হীন চকুৰে চায়। কিন্তু দেখা যায় যে সিহঁতৰ দ্বাৰাও বহু সময়ত ভাল কাম সম্পাদিত হয়। গতিকে সমান্য বুলি ভাবি কোনো মানুহকে ঘিণ কৰা বা হীন চকুৰে চোৱা উচিন নহয়। আধ্যাত্মিক দৃষ্টিতো মানুহক কেতিয়াও সামান্য বা হীন বুলি ভাবিব নেলাগে। কিয়নো ভগৱানে সামান্য ব্যক্তিৰ মাজেদিয়ো নিজৰ মাহাত্ম্য প্রকাশ কৰিব পাৰে।

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল

উক্ত ফকৰা যোজনাটো অসমীয়া সমাজত সততে ব্যৱহাৰ হোৱা দৃষ্টান্তমূলক কথা। উক্ত কথাফাকিৰ জৰিয়তে ইয়াকে বুজোৱা হৈছে যে কোনো মূল্যবান বা গুৰুত্বপূর্ণ বস্তু বা সামগ্রী যদি ব্যৱহাৰ কৰা নহয় তেন্তে সেইটো থকা বা নথকা সমান কথা।
কৃষকৰ বাবে গৰু এবিধ প্রয়োজনীয় সম্পদ। গৰু নোহোৱাকৈ কৃষকৰ কোনো পৰিচয় নাই। গতিকে গৰু কৃষকৰ বাবে অতি মূল্যৱান সম্পদ। কিন্তু

এই মূল্যবান জন্তু পুহিও যদি হাল বোৱা নহয় বা কোনো কামত খটোরা নহয়, তেন্তে এই মূল্যবান সম্পদৰ পৰা কোনো আর্থিক লাভ নহৈ অপচয়হে হয়।

এনেদৰে দেখা যায় বহুত মানুহৰ বহুতো মূল্যৱান সামগ্রী, বিদ্যা-বুদ্ধি বা ধন আছে। কিন্তু সিবোৰক কামত খটোৱা নহয়। তেনেকুৱা অপাৰ সম্পত্তি থাকিলেও সেই সম্পদৰ দ্বাৰা সমাজৰ কোনো মঙ্গল নহয়। তেনে সম্পদ থকাতকৈ নথকাই ভাল। দেখা যায় যে চৰকাৰে বহুতো ভাল ভাল আঁচনি গ্রহণ কৰি আধা সম্পূৰ্ণ কৰি বাকীখিনি দীর্ঘদিন পেলাইথয়। ফলত সম্পদৰহে অপচয় হয়। এনদৰে সমাজত বহুত ধনী ব্যক্তিয়ে সম্পদ প্রয়োগ নকৰি মাটিত বা ভঁৰালত সঞ্চয় কৰি থৈ দিয়ে অথচ সেইখন সমাজতে বহুতো ব্যক্তিয়ে অনাহাৰে দুর্ভিক্ষত পৰি মৰণ যন্ত্রনা ভোগ কৰি থাকে।

গতিকে ইয়াৰ দ্বাৰা এইটো বুজিব পাৰি যে ব্যৱহাৰ নকৰা সম্পদৰ কোনো মূল্য নাই।

কুমলীয়া আদা পাই ভৰিৰে মোহাৰি খোৱা।

উক্ত কথাফাকি বৰ তাৎপর্যপূর্ণ। এই প্রবচনটোৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে শক্তিমন্তই দুর্ব্বলীক যেনেতেনে ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে।

আদা বৰ উপকাৰী বস্তু। ইয়াক বিভিন্ন ঔষধি কামত ব্যৱহাৰ কৰাৰ উপৰিও যিকোনো পৰিস্থিতিত খাব পাৰি। ই হজম শক্তিও বৃদ্ধি কৰে। কিন্তু আদা যেতিয়া বুঢ়া হয় তেতিয়াহে ইয়াৰ গুণাগুণ বাড়ে, লগতে বুঢ়া আদা জাল হয়। বুঢ়া আদা জাল হয় বুলি যিকোনো সময়তেই ইচ্ছা কৰিলেই খাব নোৱাৰি। আনহাতে কুমলীয়া আদা জাল কম। ইয়াৰ ছাল কোমল বাবে হাতেৰে মোহাৰিও খাব পাৰি। বুঢ়া আদাৰ দৰে ইয়াক কটাৰীৰে ৰুকিবও নেলাগে। অর্থাৎ কুমলীয়া আদা খোৱাত কোনো কষ্ট নহয়। ইয়াক তুচ্ছ কৰি ভৰিৰে মোহাৰি খোৱাৰ কথা কৈছে।

সেইদৰে সমাজত বহুত ঢিলা বা দুর্ব্বল মানুহ আছে। বহুত মানুহে সেই দুর্ব্বল মানুহক সহজে ঠগে বা অপকাৰ কৰে। কিন্তু সহজ বা সৰল বুলিয়েই শক্তিশালীয়ে তেনে লোকক অপকাৰ বা ক্ষতি কৰিব নেলাগে। সেয়ে সমাজত শক্তিশালী লোকৰ হাতত দুর্ব্বলীয়ে কষ্ট ভোগ কৰাৰ প্ৰসংগত উক্ত কথফাকি কোরা হয়। প্রৱচনটিৰ যথার্থ তাৎপর্য আছে।

বুঢ়াৰ কথা নুশুন ডেকা টানত পৰি কিয় কেকা

উক্ত কথাষাৰ গুঢ়াৰ্থ থকা বহুলভাবে ব্যৱহৃত অসমীয়া লোকবচন। ডেকাসকলে যে অভিজ্ঞ বুঢ়া মানুহৰ উপদেশ মানি সংসাৰত বাট বুলিব লাগে তাকেই উক্ত প্রবচনটিৰ দ্বাৰা বুজোৱা হৈছে।

বুঢ়া মানুহ সৎসাৰত আটাইতকৈ অৱজ্ঞ ব্যক্তি। সিহঁতৰ আনুষ্ঠানিক শিক্ষা নাথাকিব পাৰে; কিন্তু সিহঁতে সংসাৰত বিভিন্ন পৰিস্থিতিৰ সম্মুখীন হৈ বহুতো বাস্তব জ্ঞান লাভকৰে। সিহঁতে লাভ কৰা জ্ঞান প্রকৃত বা আচল। কাৰণ সিহঁতে ঠেকিহে শিকে। সিহঁতৰ তুলনাত শিক্ষিত মানুহে অধিক কথা জানিব পাৰে, কিন্তু সেয়া কিতাপৰ পৰা পোৱাহে। কিতাপৰ পৰা পোৱা জ্ঞান তথ্য সমৃদ্ধ। তথ্য সমৃদ্ধ জ্ঞান সমাজত সাধাৰণ কাম-কাজ বা চলন ফুৰণত খুব কমহে প্রয়োগ হয়। গতিকে বুঢ়া মানুহে জীৱনৰ পৰা যি নিগূঢ় অভিজ্ঞতা লাভ কৰে সেয়া সিহঁতে মাজে মাজে ডেকা সকলক কৈ থাকে। কিন্তু ডেকাসকল উতনুরা স্বভাৱৰ। সিহঁতে বুঢ়াৰ কথা অমান্য কৰি সংসাৰত যিহ’কে ইচ্ছা তাকে কৰিব বিচাৰে আৰু বহু সময়ত বিপদতো পৰে। গতিকে প্রবচনটিৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে বিপদ-বিঘিনী বা বিভিন্ন আহুকালৰ পৰা হাত সাৰি থাকিবলৈ বুঢ়া মানুহৰ উপদেশ মানি চলিব লাগে। অন্যথা বিপদ-বিঘিনীত পৰি কষ্ট বা হতাশা ভূগিব লাগে।

আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা।

অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা এইটো এটা উল্লেখ যোগ্য প্রবচন। নিজৰ সামৰ্থৰ কথা উপলব্ধি নকৰি নিজক জহাবলৈ যোৱা মানুহক সাধাৰণতে উপলুঙা বা তিৰস্কাৰ কৰিবলৈ অসমীয়া ভাষাত এই প্রবচনটো ব্যৱহাৰ কৰা হয়।

আদা হৈছে নানান ঔষধি গুণেৰে পৰিপূৰ্ণ হজমকাৰী উপকাৰী বস্তু। ইয়াক আঞ্জা আৰু অন্যান্য খোৱা বস্তুৰ লগত খোৱা হয়। কিন্তু কেতুৰী একেজাতীয় বস্তু হ’লেও ই মানুহৰ খাদ্য নহয় আৰু ই কোনো কামতো নালাগে। আদাক মানুহে খোৱা দেখি কেতুৰীয়ে নিজক অভক্ষ বুলি জানিও মানুহে খাওক বুলি উপযাচি গা পাতি দিলেও কোনো মানুহে তাক নাখায়।

সেইদৰে সমাজত এনে কিছুমান লোক আছে যিহঁত কোনো কামৰে যোগ্য নহয় বা সিহঁতে কোনো বিশেষ কাম কৰাৰ যোগ্যতা নাই। এনে লোকৰ কিবা ভাল জ্ঞান বা বিদ্য-বুদ্ধি নাথাকিলেও বিভিন্ন বিষয়ত সিহঁতৰ সামৰ্থ আছে বুলি প্ৰচাৰ কৰিব বা জহাব বিচাৰে। এনেকুৱা ব্যক্তিয়ে বহু সময়ত নানা বিপদৰ সন্মুখীনো হ’ব লগা হয়। জ্ঞানী লোকে সততে এনে লোকক অযোগ্য বুলি জানি ত্যাগ কৰি চলে।

এইদৰে উক্ত প্রবচন ফাকিৰ দ্বাৰা অসমীয়া সমাজৰ এক তাৎপর্য পূর্ণ কথা প্রকাশ কৰিছে।

উদক ভেঁটা ৰখীয়া পতা

খকুরা বা লুভীয়া মানুহক খাদ্য বস্তু বা সম্পদৰ ৰখীয়া পাতিলে সম্পদ ৰক্ষা কৰাৰ সলনি নিজেই যে ভক্ষণ কৰি নিঃশেষ কৰে-উক্ত প্রবচনটিৰ দ্বাৰা তাকেই বুজোৱা হৈছে। চেপা পাতি মাছ ধৰিবলৈ মানুহে জান, জুৰি আদিত ভেঁটা মাবে। ভেঁটাত বাধা পাই ডাঙৰ মাছবোৰে জপিয়াই ভেঁটা পাৰ হ’বলৈ চেষ্টা কৰে। সেইবাবে ভেঁটাত ৰখীয়া থাকিব লাগে। উদৰ প্রিয় খাদ্য হ’ল মাছ আৰু ই অতি লুভীয়া প্রাণী। তেনে ক্ষেত্রত যদি উদক ভেঁটা ৰখীয়া পতা হয় সি মাছক জপিয়াই যোৱাত বাধা দিয়াতো দূৰৰ কথা সি নিজেই ভক্ষণ কৰিব। গতিকে উদক ভেঁটা ৰখীয়া পতাটো যুক্তিসংগত হ’ব নোরাবে।

ইয়াৰ দ্বাৰা অৰ্থাৎ উদৰ দৃষ্টান্তৰ দ্বাৰা বচনটিত ইয়াকে বুজোৱা হৈছে যে যদি লোভী মানুহ এজনক তেওঁ ভালপোৱা কোনো বস্তুৰ ৰখীয়া পতা হয় তেন্তে সি বস্তুবোৰ ৰক্ষণাবেক্ষণ দিয়াৰ পৰিবৰ্তে নিজে আত্মসাৎ কৰিব। এতেকে লুভীয়া মানুহক কোনো বস্তুৰ ৰখীয়া পতা উচিত নহয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment