Join WhatsApp

Join Now

Join Telegram

Join Now

সাংবিধানিক ব্যৱস্থাৰ সংকট Class 12 Political Science Chapter 15 Solutions

By Rabbi Masrur

Published On:

আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ সাংবিধানিক ব্যৱস্থাৰ সংকট Class 12 Political Science Chapter 15 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

সাংবিধানিক ব্যৱস্থাৰ সংকট Class 12 Political Science Chapter 15 Solutions

সাংবিধানিক ব্যৱস্থাৰ সংকট Class 12 Political Science Chapter 15 Solutions

সাংবিধানিক ব্যৱস্থাৰ সংকট (THE CRISIS OF CONSTITUTIONAL ORDER)

অধ্যায় – ৬

১। অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)

(ক) গুজৰাট আৰু বিহাৰত ছাত্র আন্দোলনৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ: জয়প্রকাশ নাৰায়ণে।

(খ) জনতা চৰকাৰ কেতিয়া ক্ষমতালৈ আহিছিল?

উত্তৰ: ১৯৭৭ চনত।

(গ) ইন্দিৰা গান্ধীৰ দ্বাৰা আৰম্ভ কৰা কুৰি দফীয়া কাৰ্যসূচীৰ অন্তৰ্ভূক্ত যিকোনো এটা বিষয় উল্লেখ কৰা।

উত্তৰ দৰিদ্ৰতা দুঢ়ীকৰণ।

(ঘ) কোন চৰকাৰৰ দিনত মণ্ডল আয়োগ নিযুক্তি দিয়া হৈছিল?

উত্তৰ: জনতা দলৰ।

(ঙ) জয়প্রকাশ নাৰয়ণ কোন ৰাজ্যৰ লোক আছিল?

উত্তৰ: বিহাৰ।

(চ) কমিউনিষ্ট পার্টী অফ ইণ্ডিয়া (মার্ক্সবাদী-লেলিনবাদী)ৰ প্রতিষ্ঠাতা কোন আছিল?

উত্তৰ চাৰু মজুমদাৰ।

(ছ) ভাৰতত প্ৰথমবাৰৰ বাবে কেতিয়া জৰুৰীকালীন অবস্থা ঘোষণা কৰা হৈছিল? H.S. ’18

উত্তৰ: ১৯৭৫ চনত।

(জ) শ্বাহ আয়োগৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ: জে চি স্বাহ।

(ঝ) ‘দায়বদ্ধ আমোলতন্ত্র’ব এটা বৈশিষ্ট্য লিখা।

উত্তৰ চৰকাৰী আদৰ্শৰ প্রতি আনুগত্য।

(ঞ) ভাৰতত দায়বদ্ধ আমোলাতন্ত্র আৰু ন্যায়পালিকা’ৰ ধাৰণাটো কোনে উলিয়াইছিল?

উত্তৰ: ইন্দিৰা গান্ধীয়ে।

(ট) ১৯৭৫ চনত জৰুৰীকালীন অবস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি আছিল?

উত্তৰ: ফকরুদ্দিন আলি আহমেদ।

(ঠ) গণতন্ত্ৰৰ পুনৰাবৰ্তনৰ প্ৰতীক হিচাপে কোন পৰিগণিত হৈছিল?

উত্তৰ: জয়প্রকাশ নাৰায়ণ।

(ড) চাৰু মজুমদাৰ কোন আছিল?

উত্তৰ চাৰু মজুমদাৰ এজন প্রখ্যাত সমাজবাদী নেতা, বিপ্লবী আৰু নক্সালবাদী আন্দোলনৰ গুৰি ধৰোঁতা আছিল।

(ঢ) গণতন্ত্ৰৰ বাবে কংগ্ৰেছৰ নেতা কোন আছিল?

উত্তৰ: জগজীৱন ৰাম।

(ণ) ভাৰতৰ কোনটো অঞ্চলত মার্ক্সবাদী-লেলিনবাদী গোট শক্তিশালী আছিল?

উত্তৰ: পশ্চিমবংগত।

(ত) ১৯৭৪ চনত বেলেবে ধর্মঘটৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ: জর্জ ফার্ণাণ্ডেজ

(থ) শ্বাহ আয়োগ কেতিয়া নিযুক্তি দিয়া হৈছিল?

উত্তৰ: ১৯৭১ চনত।

(দ) ‘ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা’ শ্লোগানটো কোনে দিছিল?

উত্তৰ: দেৱকান্ত বৰুৱাই।

(ধ) কোনে ‘সর্বাত্মক বিপ্লব’ৰ আহ্বান জনাইছিল?

উত্তৰ: জয়প্রকাশ নাৰায়ণ।

(ন) মহামর্চা কেতিয়া গঠিত হৈছিল?

উত্তৰ: ১৯৭১ চনত।

(প) জনতা পার্টী কেতিয়া গঠিত হৈছিল?

উত্তৰ: ১৯৭৭ চনত।

(ফ) জনতা পাৰ্টীৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? H.S. ’16

উত্তৰ: জয়প্রকাশ নাৰায়ণ।

(ভ) মণ্ডল আয়োগৰ এটা পৰামৰ্শ লিখা। H.S. ’15

উত্তৰঃ চৰকাৰী চাকৰি আৰু শৈক্ষিক প্রতিষ্ঠানসমূহত পিছপৰা শ্ৰেণীসমূহৰ বাবে ২৭% পদ সংৰক্ষণ কৰা।

২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)

(ক) কোনে কিয় কুৰিদফীয়া কাৰ্যসূচী প্ৰৱৰ্তন কৰিছিল? H.S. ’17

উত্তৰ: ইন্দিৰা গান্ধীয়ে দুখীয়া লোকৰ কল্যাণৰ বাবে ১৯৭৫ চনত কুৰিদফীয়া আঁচনি ঘোষণা কৰিছিল।

(খ) দক্ষিণাত্যৰ ৰাজ্যসমূহত কংগ্ৰেছে বিজয় লাভ কৰাৰ দুটা কাৰণ লিখা।

উত্তৰঃ (১) দক্ষিণাত্যৰ ৰাজ্যসমূহত ১৯৭৫ চনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ প্ৰভাৱ কম পৰিছিল।

(২) দক্ষিণাত্যৰ ৰাজনৈতিক দলবোৰ কংগ্ৰেছৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱা নাছিল।

(গ) ‘সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ’ বুলিলে কি বুজায়?

উত্তৰ: ‘সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ’ বুলিলে সাধাৰণতে সংবাদ মাধ্যমক বাতৰি পৰিবেশনত চৰকাৰৰ তৰফৰ পৰা আৰোপ কৰা সীমাবদ্ধতা বা নিষেধাজ্ঞাক বুজায়। এনে নিষেধাজ্ঞাৰ সময়ত কোনো বাতৰি প্ৰকাশ কৰাৰ পূৰ্বে চৰকাৰৰ অনুমোদন লোৱাৰ প্রয়োজন হয়।

(ঘ) ‘প্রতিৰোধমূলক আটক’ বুলিলে কি বুজায়?

উত্তৰ: জৰুৰী অৱস্থাত বা কোনো অবাঞ্চিত পৰিস্থিতিত অপৰাধ কৰাৰ পূৰ্বানুমানৰ ভিত্তিত সন্দেযুক্ত লোকক আটক কৰা বা বন্দী কৰাক

প্ৰতিৰোধমূলক আটক’ বুলি কোৱা হয়।

(ঙ) ‘উৎসর্গীকৃত আমোলাতন্ত্র’ মানে কি?

উত্তৰঃ ‘উৎসর্গীকৃত আমোলাতন্ত্র’ হৈছে এনে এক আমোলতন্ত্র যি সংবিধানত উল্লেখিত আদর্শ আৰু নীতিৰ প্রতি দায়বদ্ধতা প্রকাশ কৰাৰ উপৰিও

ক্ষমতাধিষ্ট ৰাজনৈতিক মতাদৰ্শৰ প্রতিও দায়বদ্ধতা প্রকাশ কৰে।

(চ) ১৯৮০ চনত মধ্যবর্তী নির্বাচন অনুষ্ঠিত কৰিবলগা হোৱাৰ দুটা কাৰণ লিখা। H.S. ’18

উত্তৰঃ (ক) জনতা চৰকাৰৰ পতন আৰু (খ) চৌধুৰী চৰণ সিঙৰ চৰকাৰক কংগ্ৰেছে দিয়া সমর্থন উঠাই লোবা।

৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)

(ক) ১৯৭৫ চনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ পৰিণতি বা ফলাফলসমূহ কি আছিল?

উত্তৰ: ১৯৭৫ চনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ ফলাফলসমূহ আছিল-

(১) মৌলিক অধিকাৰসমূহ বাতিলকৰণ।

(২) সংবাদ মাধ্যমৰ স্বাধীনতাত নিষেধাজ্ঞা জাৰি।

(৩) নিবাৰক নিৰোধ আইনসমূহৰ প্ৰণয়ন।

(৪) কংগ্ৰেছ বিৰোধী নেতাসকলক গ্রেপ্তাৰ আৰু কাৰাবন্দী।

(৫) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো একাত্মক চৰকাৰলৈ ৰূপান্তৰ।

(৬) ধর্মঘট, হৰতাল আদিৰ নিষিদ্ধকৰণ। H.S. ’16, ’18, ’20

(খ) উত্তৰ: ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে তলত দিয়া কাৰণৰ বাবে জৰুৰীকালীন ব্যৱস্থা প্ৰৱৰ্তনৰ উদ্যোগ গ্রহণ কৰিছিল।
১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে কি কাৰণত জৰুৰীকালীন অবস্থা প্ৰৱৰ্তন কৰাৰ উদ্যোগ গ্রহণ কৰিছিল?

(১) পাকিস্থানৰ সৈতে যুদ্ধ, খাদ্য শস্য উৎপাদন হ্রাস আৰু তেলৰ মূল্য বৃদ্ধি।

(২) বিহাৰৰ ছাত্র আন্দোলন, গুজৰাটৰ নৱনিৰ্মাণ আন্দোলন আৰু কংগ্ৰেছ দলৰ ৰাজ্য বিধানসভা নির্বাচনত। পৰাজয়।

(৩) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ইন্দিৰা গান্ধীৰ ১৯৭১ চনৰ লোকসভাৰ নিৰ্বাচন অবৈধ বুলি নাকচ প্রদান কৰি জাৰি কৰা লেখ।

(গ) জৰুৰী অৱস্থা মানে কি? আভ্যন্তৰীণ অশান্তিৰ বাবে ঘোষণা কৰা জৰুৰী অৱস্থাৰ যিকোনো এটি প্রভাব লিখা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ পৰা ৩৫০ নং অনুচ্ছেদত সাংবিধানিক জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে। সাংবিধানিকভাবে জৰুৰী অৱস্থা তিনিবিধ যেনে ৰাষ্ট্ৰীয় জৰুৰী অবস্থা, ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ সময়ত ঘোষণা কৰা জৰুৰী অৱস্থা আৰু বিত্তীয় জৰুৰী অবস্থা।

১৯৭৫ চনত দেশৰ আভ্যন্তৰীণ অশান্তিৰ বাবে জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে নাগৰিকৰ মৌলিক অধিকাৰ বাতিল কৰা হৈছিল।

(ঘ) ইন্দিৰা গান্ধীৰ প্ৰধান মন্ত্রীত্বৰ কালছোৱাত ভাৰতত সংঘটিত হোৱা কার্যপালিকা আৰু ন্যায় পালিকাৰ মাজত সংঘাতৰ বিষয়ে চমুকৈ লিখা। H.S. 15, ’18

উত্তৰ: ১৯৬৭ চনৰ নির্বাচনে ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত বিভিন্ন বিষয়সমূহক লৈ সংঘাতৰ সৃষ্টি কৰিছিল। ন্যায়পালিকাই উত্থাপন কৰা কেইবাটাও ৰায় কংগ্রেছে মানি লোৱা নাছিল। তেওঁলোকে যুক্তি দর্শাইছিল যে ন্যায়পালিকা এটি ৰক্ষণশীল অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে কংগ্ৰেছৰ দৰিদ্ৰপন্থী কল্যাণমূলক কার্যসূচী কাৰ্যকৰী কৰাত বাধাৰ সৃষ্টি কৰিছে।

ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী চৰিত্ৰটোক নিয়ন্ত্ৰণৰ বাবে ন্যায়পালিকাসমূহত বিভিন্ন সাংবিধানিক প্রশ্নৰ উত্থাপন হৈছিল। সেই বিষয়সমূহৰ ভিতৰত মৌলিক অধিকাৰ বাতিল, সম্পত্তিৰ অধিকাৰ সংকুচিত কৰা আদি বিষয়ত ন্যায়ালয়ে নেতিবাচক স্থিতি গ্রহণ কৰিছিল। ফলত ন্যায়পালিকা আৰু সংসদৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। ইন্দিৰা গান্ধীয়ে এই স্থিতিক সহ্য কৰিব নোৱাৰি উচ্চতম ন্যায়লায়ৰ মুখ্য ন্যায়াধীশ পদৰ বাবে নিৰ্বাচিত তিনিজন ন্যায়াধীশক অতিক্রম কৰি এ এন ৰায়ক মুখ্য ন্যায়াধীশ পদত নিযুক্তি দিছিল। এই বিষয় লৈ নতুন এক সংঘাতৰ সৃষ্টি হৈছিল। এনে সংঘাতবোৰৰ বাবে ৰাজনৈতিক দল হিচাপে কংগ্ৰেছৰ স্থিতি বহু পৰিমাণে দুর্ব্বল কৰি পেলাইছিল যাৰ পৰিণতিত ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ বাৰুকৈয়ে বিধ্বস্ত হৈছিল।

৪। ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ৬)

(ক) ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ পৰিণাম আলোচনা কৰা। H.S. ’15

উত্তৰ: ১৯৭৭ চনৰ লোকসভা নির্বাচন ভাৰতীয় ৰাজনীতিৰ বাবে বিভিন্ন দিশৰ পৰা বিশেষ তাৎপর্যপূর্ণ আছিল। এই নিৰ্বাচনৰ কেইটামান গুৰুত্বপূর্ণ পৰিণাম তলত আলোচনা কৰা হ’ল।

(১) কংগ্ৰেছৰ আধিপত্যৰ অন্ত: ১৯৭৭ চনৰ নির্বাচনে কংগ্ৰেছ দলৰ আধিপত্য কিছু সময়ৰ বাবে হ’লেও অন্ত পেলায়। লোকসভা নির্বাচনত প্ৰথমবাৰৰ বাবে পৰাস্ত হয় কংগ্ৰেছ। কংগ্রেছ দলে দক্ষিণৰ চাৰিটা ৰাজ্যত পূর্ণ আসন লাভ কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ, গুজৰাট আৰু উৰিষ্যাত ভালেকেইখন আসন লাভকৰে। কিন্তু জৰুৰীকালীন অৱস্থাৰ ভয়াবহ প্রভাব পৰা উত্তৰ ভাৰতত কংগ্রেছ দলটো বিপর্যস্ত হয়।

(২) কেন্দ্ৰত মৰ্চা চৰকাৰ গঠন: ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে কেন্দ্ৰত মৰ্চা চৰকাৰ গঠন হয়। জনতা দলৰ সৈতে বহুকেইটা ৰাজনৈতিক দলে মৰ্চা চৰকাৰত অংশ গ্রহণ কৰে। এই মৰ্চা চৰকাৰৰ পৰম্পৰা আজিও ভাৰতত বিদ্যমান।

(৩) অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণৰ বিষয়: ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত অন্যান্য পিছপৰা সম্প্ৰদায়ৰ সংৰক্ষণৰ বিষয়টো যথেষ্ট বিতর্কিত হৈ উঠে। বিশেষকৈ বিহাৰত এই সমস্যাটো অধিক জটিল হৈ উঠে। জনতা চৰকাৰে এই সমস্যা সমাধানৰ বাবে মণ্ডল আয়োগ গঠন কৰি দিয়ে।

(খ) ১৯৭৭ চনত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ পৰা লাভ কৰা শিক্ষাসমূহ আলোচনা কৰা। H.S. ’14, 16, 18, 20

উত্তৰ: ১৯৭৭ চনৰ জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাই যথেষ্ট শিক্ষা লাভকৰিছে। তলত সেইবোৰ আলোচনা কৰা হ’ল-

(১) জৰুৰীকালীন অৱস্থাই ভাৰতীয় গণতন্ত্ৰৰ দুৰ্বলতা আৰু সবলতা উদং কৰি দেখুৱায়। সেই সময়ত যদিও গণতন্ত্র মৃত্যু হোৱা বুলি কোৱা হৈছিল, কিন্তু ইয়াৰ পিছত উদ্ভৱ হোৱা ঘটনাবলীত গণতান্ত্রিক প্রক্রিয়া অতি সোনকালে পুনৰ প্ৰৱৰ্তন হয়। অথাৎ জৰুৰীকালীন অৱস্থাৰ দৰে সংকটকালীন সময়তো যে ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাটো নির্মূল হ’ব নোৱাৰে সেয়া প্রমাণিত হ’ল।

(২) আমোলাতন্ত্র আৰু ন্যায়পালিকা যে স্বাধীন হ’ব লাগে, ইয়াৰ শিক্ষা জৰুৰীকালীন সময়ে দিলে। শাসনাধিষ্ঠিত দলৰ মতাদর্শ আৰু নীতিৰ প্রতি দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে আমোলাতন্ত্রই সংবিধানৰ প্রতিহে দায়বদ্ধতা প্রদর্শন কৰা উচিত।

(৩) চৰকাৰে সদায় সাংবিধানিক ব্যবস্থা অনুসৰি শাসন চলাব লাগে। সংবিধান সর্বোচ্চ আৰু ন্যায়পালিকাই এই সর্বোচ্চতাক ৰক্ষণাবেক্ষণ দিব লাগে।

(৪) জৰুৰীকালীন অৱস্থাৰ জৰিয়তে সংবিধানত জৰুৰীকালীন অস্পষ্টতা আঁতৰ কৰা হয়। মন্ত্রীসভাই জৰুৰীকালীন অবস্থা ঘোষণা কৰাৰ আগতে ৰাষ্ট্ৰপতিক লিখিত পৰামৰ্শ আগবঢ়াব লাগে।

(৫) জৰুৰীকালীন অৱস্থাই স্বতন্ত্রতাৰ মূল্য সম্পর্কে সকলোকে সজাগ কৰি তোলে। জৰুৰীকালীন অৱস্থাৰ পিছৰ পৰা জনসাধাৰণ নাগৰিক স্বতন্ত্রতা ৰক্ষাৰ বাবে সক্রিয় ভূমিকা আগবঢ়াবলৈ আৰম্ভ কৰে।

(৬) গণতান্ত্রিক ব্যৱস্থাত সংবাদ মাধ্যমক যে মোহাৰি পেলাব নালাগে ইয়াৰ শিক্ষা জৰুৰীকালীন অবস্থাই দিলে। গণতন্ত্রই সফলতাৰে কাৰ্য কৰিবলৈ হ’লে সংবাদ মাধ্যমৰ স্বাধীনতা অপৰিহাৰ্য।

(গ) ১৯৭৭ চনত জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহ কি কি? H.S. ’17, ’19

উত্তৰ: ১৯৭৭ চনৰ নিৰ্বাচনত বিজয়ী হৈ জনতা চৰকাৰে গঠন কৰি তলত দিয়া উদ্যোগসমূহ গ্রহণ কৰে।

(১) জনতা চৰকাৰে ৪৪ নং সংবিধান সংশোধনী আইনৰ জৰিয়তে কংগ্ৰেছ চৰকাৰে জৰুৰীকালীন সময়ত কৰা ৪২ নং সংবিধান সংশোধনী আইনৰ প্ৰায় সকলোবোৰ নেতিবাচক ব্যবস্থা আঁতৰ কৰে।

(২) সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা আঁতৰাই এই অধিকাৰক আইনগত অধিকাৰৰ মৰ্যদা প্রদান কৰে।

(৩) লোকসভা আৰু ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল ছয় বছৰৰ পৰা পুনৰ পাঁচ বছৰলৈ হ্রাস কৰা হয়।

(৪) মন্ত্রীসভাই প্ৰেৰণ কৰা পৰামৰ্শসমূহ পুনৰ বিবেচনাৰ বাবে উভতাই পঠিওৱাৰ অধিকাৰ প্ৰদানেৰে ৰাষ্ট্ৰপতিৰ পদমর্যদা বৃদ্ধি কৰা হয়।

(৫) উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়সমূহৰ পৰা কাঢ়ি নিয়া ক্ষমতা আৰু পদমর্যাদা পুনৰ প্রতিষ্ঠা কৰা হয়।

(৭) জৰুৰীকালীন অৱস্থাত প্ৰৱৰ্তন কৰা কঠোৰ, বিতর্কিত আইনসমূহ বাতিল কৰা হয়।

(৬) জনতা চৰকাৰে নিদের্শক নীতিৰ তুলনাত মৌলিক অধিকাৰক উচ্চ স্থান প্রদান কৰে।

(ঘ) ১৯৭৭ চনৰ নিৰ্বাচনৰ জৰিয়তে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে বিৰোধী দলে চৰকাৰ গঠন কৰে। ইয়াৰ কাৰণসমূহ তুমি কি বুলি ধাৰণা কৰা?

উত্তৰ: ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয় হয় আৰু ভাৰতীয় জনতা দলে চৰকাৰ গঠন কৰে। ইয়াৰ কাৰণ বহুতো

যেনে-

(১) স্বাধীনতাৰ পিছৰে পৰা ভাৰতৰ ৰাজনীতিত কংগ্ৰেছ দলৰ অকাধিপত্য চলিছিল। ফলস্বৰূপে কংগ্রেছ দল স্বেচ্ছাচাৰী হৈ উঠিছিল। কংগ্ৰেছৰ স্বেচ্ছাচাৰীতাত জনসাধাৰণ অতিষ্ট হৈ কংগ্ৰেছ বিৰোধী হৈ উঠিছিল।

(২) ১৯৭৫ চনত সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্রী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰাত দেশখনৰ প্রশাসন বিভাগ অগণতান্ত্রিক হৈ উঠিছিল। জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্ব হৈছিল। কংগ্ৰেছ বিৰোধী নেতা আৰু বিষয়াক ইন্দিৰা গান্ধী চৰকাৰে যধে-মধে গ্রেপ্তাৰ আৰু আটক কৰিছিল। ফলত জনসাধাৰণৰ লগতে বিৰোধী নেতাসকলেও কংগ্ৰেছ দলৰ বিকল্প দল এটাৰ চিন্তা কৰাত বিৰোধী দলবোৰ শক্তিশালী হৈ উঠিছিল।

(৪) ইন্দিৰা গান্ধী একনায়কৰ দৰে নিজ ইচ্ছামতে দেশৰ শাসন কার্য পৰিচালনা কৰাত জনাসধাৰণ আৰু নেতাসকলো ভীতিগ্রস্ত হৈ পৰিছিল।

(৫) জৰুৰী অৱস্থাৰ সময়ত সংবাদ মাধ্যমক ইন্দিৰা চৰকাৰে নানান প্ৰকাৰে অবদমিত ৰাখি জনমত গঠন হোৱাত বাধা দি ৰাখিছিল আৰু ইয়াৰ যোগ্য প্রত্যুত্তৰ হিচাপে চৰকাৰ বিৰোধী পক্ষ অধিক শক্তিশালী হৈ উঠিছিল।
এই কাৰণবোৰৰ বাবে ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয় হয় আৰু তাৰ বিপৰীতে জনতা দলে চৰকাৰ গঠন কৰে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×