আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 6 অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 6 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 Social Science MCQ Chapter 6 অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ
দ্বিতীয় খণ্ড: ভূগোল
প্রথম অধ্যায়
অর্থনৈতিক ভূগোলঃ বিষয়বস্তু আৰু সম্পদ
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
প্রশ্নঃ বিশ্ব পৰিৱেশ দিৱস কোন দিনটোত উদযাপন কৰা হয়?
(ক) সাত জুনত
(খ) চাৰি জুনত
(গ) পাঁচ জুনত
(ঘ) দুই জুনত
উত্তৰঃ (গ) পাঁচ জুনত
প্রশ্নঃ IUCN কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?
(ক) UNEP
(খ) UNESCO
(গ) UNDP
(ঘ) WWF
উত্তৰঃ (খ) UNESCO
প্রশ্নঃ পুনৰাৱৰ্তনৰ উত্তম উদাহৰণ কোনটো?
(ক) পুতলা
(খ) লোহাৰ সামগ্ৰী
(গ) ঘৰ
(ঘ) কল-কাৰখানা
উত্তৰঃ (খ) লোহাৰ সামগ্ৰী
প্রশ্নঃ তলৰ কোনটো এটা জাতীয় সম্পদ?
(ক) খাল
(খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
(গ) জান-জুৰি
(ঘ) নর্দমা
উত্তৰঃ (খ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
প্রশ্নঃ বিশ্ব সম্পদৰ তালিকাত অন্তর্ভুক্ত কোনটো?
(ক) দলং
(খ) সাগৰ-মহাসাগৰ
(গ) নদ-নদী
(ঘ) মন্দিৰ
উত্তৰঃ (খ) সাগৰ-মহাসাগৰ
প্রশ্নঃ এছিয়া মহাদেশত কিমানখন দেশ আছে?
(ক) ৫১ খন
(খ) ৫৩ খন
(গ) ৫০ খন
(ঘ) ৫২ খন
উত্তৰঃ (ক) ৫১ খন
প্রশ্নঃ ব্যক্তিগত সম্পদৰ উদাহৰণ কোনটো?
(ক) শিক্ষানুষ্ঠান
(খ) কর্মদক্ষতা
(গ) গছ-গছনি
(ঘ) ৰাস্তা-ঘাট
উত্তৰঃ (খ) কর্মদক্ষতা
প্রশ্নঃ IUCN কোন চনত স্থাপিত হৈছিল?
(ক) ১৯৪৭
(খ) ১৮৪৮
(গ) ১৯৪৮
(ঘ) ১৭৪৮
উত্তৰঃ (গ) ১৯৪৮
প্রশ্নঃ পৃথিৱীত কিমানখন দেশ আছে?
(ক) ১৯৮ খন
(খ) ১৯৯ খন
(গ) ২০০ খন
(ঘ) ১৯৭ খন
উত্তৰঃ (ঘ) ১৯৭ খন
প্রশ্নঃ কোন দেশত স্থায়ী জনবসতি নাই?
(ক) টংগাত
(গ) ফিজিত
(খ) এন্টার্কটিকাত
(ঘ) পেৰুত
উত্তৰঃ (খ) এন্টার্কটিকাত
প্রশ্নঃ তলৰ কোনটো মানব-সৃষ্টি সম্পদ?
(ক) অৰণ্য
(খ) জলসিঞ্চন নলা
(গ) খনিজ তেল
(ঘ) নদী
উত্তৰঃ (খ) জলসিঞ্চন নলা
প্রশ্নঃ দক্ষিণ আমেৰিকা মহাদেশত কিমানখন দেশ আছে?
(ক) ১২ খন
(খ) ১১ খন
(গ) ১৫ খন
(ঘ) ১০ খন
উত্তৰঃ (ক) ১২ খন
প্রশ্নঃ পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমিখনৰ নাম কি?
(ক) গ্রেট ভিক্টোৰিয়া
(খ) চাহাৰা
(গ) টিৰাৰি
(ঘ) পেডিকা
উত্তৰঃ (খ) চাহাৰা
প্রশ্নঃ চাহাৰা মৰুভূমি কোন মহাদেশত অবস্থিত?
(ক) এন্টার্কটিকাত
(খ) আফ্রিকাত
(গ) এছিয়াত
উত্তৰঃ (খ) আফ্রিকাত
প্রশ্নঃ এছিয়া মহাদেশৰ এখন মৰুভূমিৰ নাম কি?
(ঘ) আমেৰিকাত
(ক) গোবি মৰুভূমি
(খ) আটা কামা মৰুভূমি
(গ) চাহাৰা
(ঘ) পেডিকা
উত্তৰঃ (ক) গোবি মৰুভূমি
প্রশ্নঃ তলৰ কোনটো এটা অজীৱীয় সম্পদ?
(ক) বেক্টেৰিয়া
(গ) শস্য
(খ) বায়ু
(ঘ) ভেঁকুৰ
উত্তৰঃ (খ) বায়ু
প্রশ্নঃ তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি। উক্তিকেইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি উলিওৱা। HSLC ’25
দাবী (A): অর্থনৈতিক ভূগোলত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়, আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়।
কাৰণ (R): মানুহৰ জীৱনধাৰণ প্ৰণালী আৰু অর্থনৈতিক কার্যকলাপ স্থান-কাল ভেদে বেলেগ বেলেগ হয়।
(ক) (A) আৰু (R) উভয়ে সত্য আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(খ) (A) আৰু (R) উভয়ে সত্য কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(গ) (A) সত্য (R) অসত্য
(ঘ) (A) অসত্য (R) সত্য
উত্তৰঃ (ক) (A) আৰু (R) উভয়ে সত্য আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
প্রশ্নঃ থাইলেণ্ডৰ ৰাজধানী কি?
(ক) দিল্লী
(গ) ঘানা
(খ) বেংকক
(ঘ) ৰিয়াড
উত্তৰঃ (খ) বেংকক
প্রশ্নঃ ওছেনিয়া মহাদেশৰ আটাইতকৈ কম জনসংখ্যাৰ দেশ কোনখন?
(ক) নৰওৱে
(খ) টুভুলু
(গ) ফিজি
(ঘ) পালাড
উত্তৰঃ (খ) টুভুলু
প্রশ্নঃ ভূগোল বিষয়টো কিমান ভাগত বিভক্ত?
(ক) তিনিটা
(গ) পাঁচটা
(খ) দুটা
(ঘ) চাৰিটা
উত্তৰঃ (খ) দুটা
প্রশ্ন: তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে? HSLC ’25
(ক) দক্ষিণ আমেৰিকাঃ চাহাৰ মৰুভূমি
(খ) আটলান্টিক মহাসাগৰঃ মেৰিয়ানা খাত
(গ) এছিয়াঃ বেৰিং প্রণালী
(ঘ) উত্তৰ আমেৰিকাঃ ডেথ ভেলী
উত্তৰঃ (ঘ) উত্তৰ আমেৰিকাঃ ডেথ ভেলী
প্রশ্নঃ পৃথিৱীৰ উচ্চতম শৃংগ কোনটো?
(ক) কাঞ্চনজংঘা
(খ) এভাবেষ্ট শৃংগ
(গ) গডউইন অষ্টিন শৃংগ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) এভাবেষ্ট শৃংগ
প্রশ্নঃ ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত দুটা দেশৰ নাম কি?
(ক) আয়াৰলেণ্ড, বৃটিছ দ্বীপপুঞ্জ
(খ) ভাটিকান, এলবানিয়া
(গ) স্পেইন, ছিছিলি
(ঘ) নাভায়া জেমল্যা, সেডলবার্ড
উত্তৰঃ (গ) স্পেইন, ছিছিলি
প্রশ্নঃ তলৰ কোনবোৰ প্ৰাকৃতিক সম্পদৰ বৈশিষ্ট্য?
(i) ই প্রাকৃতিকভাবে গঠিত হয়।
(ii) সম্পূৰ্ণৰূপে পুনৰ উৎপাদন কৰিব পৰা যায়।
(iii) ই কোনো ধৰণৰ পৰিৱেশীয় প্রভাৱ সৃষ্টি নকৰে।
(iv) ই সীমিত পৰিমাণত উপলব্ধ।
(ক) (i), (ii), (iv)
(খ) (ii), (iii), (iv)
(গ) (i), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (ii), (iv)
প্রশ্নঃ তলৰ কোনবোৰ অৰ্থনৈতিক ভূগোলৰ অধ্যয়ন ক্ষেত্র?
(i) উৎপাদন, বিতৰণ আৰু ব্যৱসায়।
(ii) স্থান-ভিত্তিক উৎপাদনৰ বৈচিত্র্য।
(iii) ৰাজনৈতিক সীমাৰ অধ্যয়ন।
(iv) জনসংখ্যাৰ ভূগোলীয় প্রভাব।
(ক) (i), (iii), (iv)
(খ) (i), (ii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (খ) (i), (ii), (iv)
প্রশ্নঃ তলৰ কোনবোৰ দ্বিতীয়ক ক্ষেত্র (Secondary Sector) অন্তর্গত?
(i) হস্ততাঁত শিল্প
(ii) ফল-মূল খেতি
(iii) তথ্য-প্রযুক্তি
(iv) ষ্টীল কল
(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii)
উত্তৰঃ (খ) (i), (iii), (iv)
প্রশ্নঃ তলৰ কোনবোৰ উন্নত পৰিবহণ ব্যৱস্থাৰ বৈশিষ্ট্য?
(i) ই মানুহ আৰু সামগ্ৰী পৰিবহণ নিশ্চিত কৰে।
(ii) সঠিক পৰিকল্পনা নথকা পৰিবহণ ব্যৱস্থাই ৰাষ্ট্ৰীয় অর্থনীতি ক্ষতিগ্রস্ত কৰে।
(iii) উন্নত পৰিবহণ ব্যৱস্থাই ব্যয় হ্রাস কৰে।
(iv) উন্নত পৰিবহণ ব্যৱস্থাই অঞ্চলৰ বিকাশত সহায় কৰে।
(ক) (i), (iii), (iv)
(খ) (i), (ii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ক) (i), (iii), (iv)
প্রশ্নঃ কৃষিৰ বিকাশত প্রভাৱক কোনবোৰ?
(i) মাটি আৰু পানীৰ উপলভ্যতা।
(ii) জলবায়ুৰ প্ৰভাৱ।
(iii) গৱেষণা আৰু প্ৰযুক্তিৰ উন্নতি।
(iv) ৰাজনৈতিক স্থিৰতা।
(ক) (i), (ii), (iii)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (iii), (iv)
উত্তৰঃ (ঘ) (i), (ii), (iii), (iv)
প্রশ্নঃ তলৰ কোনটো অ-নবীকণযোগ্য সম্পদ?
(ক) সূৰ্যৰ ৰশ্মি
(খ) প্রাকৃতিক গেছ
(গ) গছ-গছনি
(ঘ) পানী
উত্তৰঃ (খ) প্রাকৃতিক গেছ
প্রশ্নঃ আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃ হিচাপে কাক জনা যায়?
(ক) জর্জ ছিজহ’ম
(খ) ডার্কেনৱাল্ড
(গ) কার্জন
(ঘ) জিজি
উত্তৰঃ (ক) জর্জ ছিজহ’ম
প্রশ্নঃ তলৰ কোনটো প্রাকৃতিক সম্পদ নহয়?
(ক) নদ-নদী
(খ) অৰণ্য
(গ) বায়ু
(ঘ) ঘৰুৱা পশু
উত্তৰঃ (ঘ) ঘৰুৱা পশু
প্রশ্নঃ তলৰ কোনটো অজীরীয় সম্পদ?
(ক) গছ-গছনি
(খ) জীৱ-জন্তু
(গ) ভেকুলী
(ঘ) বায়ু
উত্তৰঃ (ঘ) বায়ু
প্রশ্নঃ সম্পদৰ সংৰক্ষণ সম্পৰ্কত তলত দিয়া কোনকেইটা শুদ্ধ? HSLC ’25
(i) দীর্ঘম্যাদী উন্নয়ন প্রক্রিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ
(ii) নৱীকৰণযোগ্য সম্পদৰ সলনি আৰু অধিক পৰিমাণে অনৱীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ
(iii) কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূৰ্ণ ব্যৱহাৰ
(iv) ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সম্পদসমূহ সাঁচি ৰখা।
(ক) (i), (iv)
(খ) (1), (ii)
(গ) (ii), (iv)
(ঘ) (i), (iii)
উত্তৰঃ (ঘ) (i), (iii)
প্রশ্নঃ ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা কেতিয়া স্থাপন কৰা হয়?
(ক) 1786
(গ) 1886
(খ) 1986
(ঘ) 1988
উত্তৰঃ (খ) 1986
প্রশ্নঃ তলৰ কোনটো মানুহৰ সৃষ্টি সম্পদ?
(ক) নদ-নদী
(খ) জলসিঞ্চন নলা
(গ) খনিজ তেল
(ঘ) গছ-গছনি
উত্তৰঃ (খ) জলসিঞ্চন নলা
প্রশ্নঃ মানুহ সম্পদৰ লগত কিমান ধৰণে জড়িত?
(ক) দুটা ধৰণে
(খ) সাতটা ধৰণে
(গ) পাঁচটা ধৰণে
(ঘ) তিনি ধৰণে
উত্তৰঃ (ক) দুটা ধৰণে
প্রশ্নঃ তলৰ কোনটো প্রাথমিক বৃত্তি নহয়?
(ক) মাছ ধৰা
(খ) বনজ সম্পদ আহৰণ
(গ) শিল্পজাত সামগ্রী উৎপাদন
(ঘ) কৃষিকর্ম
উত্তৰঃ (গ)
প্রশ্নঃ তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী? HSLC ’23
(ক) এশিঙীয়া গঁড়
(খ) নলগাহৰি
(গ) মিথুন
(ঘ) জিৰাফ
উত্তৰঃ (খ) নলগাহৰি
প্রশ্নঃ সম্পদ কিমান প্ৰকাৰৰ?
(ক) তিনি প্ৰকাৰ
(খ) চাৰি প্ৰকাৰ
(গ) পাঁচ প্ৰকাৰ
(ঘ) দুটা প্ৰকাৰ
উত্তৰঃ (ক) তিনি প্ৰকাৰ
প্রশ্নঃ তলৰ কোনবোৰ অজীবীয় সম্পদ?
(ক) উদ্ভিদ
(গ) শস্য
(খ) বায়ু
(ঘ) জীব-জন্তু
উত্তৰঃ (খ) বায়ু
প্রশ্নঃ তলৰ কোনটো অনৱীকণযোগ্য সম্পদ?
(ক) পানী
(গ) কয়লা
(খ) শস্য
(ঘ) বায়ু
উত্তৰঃ (গ) কয়লা
প্রশ্নঃ মানুহে কৰা কাৰ্যকলাপৰ কোনটো শাখা অর্থনৈতিক ভূগোলৰ অংশ?
(ক) ৰাজনৈতিক কার্যকলাপ
(খ) অর্থনৈতিক কার্যকলাপ
(গ) প্রাকৃতিক কার্যকলাপ
(ঘ) ব্যষ্টিগত কার্যকলাপ
উত্তৰঃ (খ) অর্থনৈতিক কার্যকলাপ
প্রশ্নঃ তলৰ কোনটো বৈশিষ্ট্য সম্পদৰ ক্ষেত্রত প্রয়োজ্য নহয়?
(ক) বজাৰ মূল্য নাই
(খ) হস্তান্তৰ কৰিব নোৱাৰি
(গ) মানৱ জাতিৰ কল্যাণ হয়
(ঘ) উপকাৰ, অপকাৰ দুয়োটা হ’ব পাৰে
উত্তৰঃ (ঘ)
অতি চমু প্রশ্ন-উত্তৰ (VSA)
প্রশ্নঃ জীৱশক্তি (Biomass) কি? HSLC ’23
উত্তৰঃ গছ-পাত, প্রাণীৰ অৱশিষ্ট আদি পৰা পোৱা শক্তিক জীৱশক্তি বোলে।
প্রশ্নঃ কোনখন ৰাজ্যত ভাৰতৰ আটাইতকৈ বেছি খনিজ তৈল উৎপাদন হয়?
উত্তৰঃ অসম।
প্রশ্নঃ পানী কি ধৰণৰ সম্পদ?
উত্তৰঃ পানী নৱীকৰণযোগ্য সম্পদ।
প্রশ্নঃ অ-নবীকৰণযোগ্য সম্পদ কিয় সংৰক্ষণ কৰা উচিত?
উত্তৰঃ কাৰণ এই সম্পদ এবাৰ শেষ হ’লে পুনৰ সৃষ্টি নহয়।
প্রশ্নঃ প্রাকৃতিক সম্পদ কাক বোলে?
উত্তৰঃ প্রাকৃতিকভাবে পোৱা আৰু ব্যৱহাৰ কৰিব পৰা সকলো বস্তুক প্রাকৃতিক সম্পদ বোলে।
প্রশ্নঃ প্রাকৃতিক সম্পদ কিমান প্ৰকাৰৰ?
উত্তৰঃ প্রাকৃতিক সম্পদ দুপ্ৰকাৰৰ-নৱীকৰণযোগ্য সম্পদ আৰু অ-নৱীকৰণযোগ্য সম্পদ।
প্রশ্নঃ অসমৰ দৰং জিলাৰ দুবিধ লোকনৃত্য কি? HSLC ’20
উত্তৰঃদেওধানী নৃত্য আৰু ৰবৰঢুলীয়া নৃত্য।
প্রশ্নঃ নৱীকৰণযোগ্য সম্পদ কাক বোলে?
উত্তৰঃ যিবোৰ সম্পদ প্রাকৃতিকভাবে পুনৰ সৃষ্টি হয়, সেইবোৰক নৱীকৰণযোগ্য সম্পদ বোলে। যেনে- পানী, বায়ু, সূৰ্যৰ পোহৰ।
প্রশ্নঃ অসমৰ কোনবিধ সূতা ‘সোনালী সূতা’ বুলি বিখ্যাত?
উত্তৰ: মুগা সূতা।
প্রশ্নঃ অ-নবীকৰণযোগ্য সম্পদ কাক বোলে? HSLC ’23
উত্তৰঃ যিবোৰ সম্পদ এবাৰ শেষ হ’লে পুনৰ সৃষ্টি নহয়, সেইবোৰক অ-নৱীকৰণযোগ্য সম্পদ বোলে। যেনে- খনিজ তৈল, কয়লা, প্রাকৃতিক গেছ।
প্রশ্নঃ বায়ু শক্তি কি ধৰণৰ সম্পদ?
উত্তৰঃ বায়ু শক্তি নৱীকৰণযোগ্য সম্পদ।
প্রশ্নঃ সূর্য শক্তি কাক বোলে?
উত্তৰঃ সূৰ্যৰ পৰা পোৱা জেউতি আৰু তাপক সূর্য শক্তি বোলে।
প্রশ্নঃ অসমত পোৱা কেইবিধমান খনিজ সম্পদৰ নাম লিখা।
উত্তৰঃ অসমত পোৱা কেইবিধমান খনিজ সম্পদ হ’ল- খনিজ তৈল, প্রাকৃতিক গেছ, চুণ, কয়লা।
প্রশ্নঃ প্রাকৃতিক গেছৰ প্ৰধান ব্যৱহাৰ কি?
উত্তৰঃ ইন্ধন হিচাপে আৰু বিদ্যুৎ উৎপাদন কৰাত ব্যৱহাৰ হয়।
প্রশ্নঃ ভাৰতৰ কোনখন ৰাজ্যত বায়ু শক্তি উৎপাদন বেছি হয়?
উত্তৰঃ তামিলনাডু।
প্রশ্নঃ মিঠা পানী কি ধৰণৰ সম্পদ?
উত্তৰঃ মিঠা পানী নৱীকৰণযোগ্য সম্পদ।
প্রশ্নঃ অসমৰ কেইবিধমান বিলুপ্তপ্রায় উদ্ভিদৰ নাম লিখা।
উত্তৰঃ অসমত বিলুপ্তপ্রায় কেইটামান উদ্ভিদ হ’ল- কালমেঘ, চিৰতা, জাইফল, সর্পগন্ধা, ছালমুগৰা, শতমূল, শুকলতি আদি।
প্রশ্নঃ অসমৰ কেইবিধমান বিলুপ্তপ্রায় প্রাণীৰ নাম লিখা।
উত্তৰঃ অসমত বিলুপ্তপ্রায় কেইটামান প্রাণী হ’ল- নল গাহৰি, দেও হাঁহ, ধনেশ পক্ষী, শিহু, বৰটোকোলা, সোণালী বান্দৰ, হলৌ বান্দৰ আদি।
প্রশ্নঃ চিৰবিৰাজমান সম্পদ কাক বোলে?
উত্তৰঃ যি প্রাকৃতিক সম্পদ পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়, সেইবোৰক চিৰবিৰাজমান সম্পদ বোলে।
প্রশ্নঃ লো অ-নৱীকৰণ সম্পদনে?
উত্তৰঃ হয়।
প্রশ্নঃ পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমিখনৰ নাম কি?
উত্তৰঃ চাহাবা।
প্রশ্নঃ চাহাৰা মৰুভূমি কোনখন মহাদেশত আছে?
উত্তৰঃ আফ্রিকাত।
প্রশ্নঃ এছিয়া মহাদেশৰ এখন মৰুভূমিৰ নাম কি?
উত্তৰঃ গোবি মৰুভূমি।
প্রশ্নঃ অনৱীকৰণ যোগ্য সম্পদ কি? HSLC ’22
উত্তৰঃ যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ লগে লগে সঞ্চিত ভঁৰাল কমি আহে আৰু যাক পূৰণ কৰিব নোৱাৰি সেইবোৰ সম্পদকে অনৱীকৰণ সম্পদ বোলে।
প্রশ্নঃ থাইলেণ্ডৰ ৰাজধানী কি?
উত্তৰঃ বেংকক।
প্রশ্নঃ খনিজ তৈল কি ধৰণৰ সম্পদ?
উত্তৰঃ খনিজ তৈল অ-নবীকৰণযোগ্য সম্পদ।
প্রশ্নঃ স্থানিক সম্পদ কাক বোলে?
উত্তৰঃ যি প্রাকৃতিক সম্পদ কেরল কিছুমান বিশেষ ঠাইতহে পোৱা যায়, সেইবোৰক স্থানিক সম্পদ বোলে।
প্রশ্নঃ অর্থনৈতিক ভূগোলৰ পিতা কোন?
উত্তৰঃ জৰ্জ ছিজহ’ম।