Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা: ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা: ৰাষ্ট্ৰসংঘ আৰু অন্যান্য সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Social Science MCQ Chapter 11 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

Class 10 Social Science MCQ Chapter 11 আন্তর্জাতিক সংস্থা: ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

তৃতীয় খণ্ডঃ

(ক) ৰাজনীতি বিজ্ঞান

দ্বিতীয় অধ্যায়

আন্তর্জাতিক সংস্থা: ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ আণবিক অস্ত্ৰৰ বিস্তাৰণ নিষিদ্ধ কৰা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

(ক) ১৯৬০ চনত

(খ) ১৯৬১ চনত

(গ) ১৯৬২ চনত

(ঘ) ১৯৬৩ চনত

উত্তৰঃ (ঘ) ১৯৬৩ চনত

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত নথকা সংস্থাটো কোনটো?

(ক) জাতি সংঘ

(খ) বিশ্ব অর্থনৈতিক মঞ্চ

(গ) বিশ্ব স্বাস্থ্য সংস্থা

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জাতি সংঘ

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ চনদত কিমানখন দেশে স্বাক্ষৰ কৰিছিল?

(ক) ২০ খন ৰাষ্ট্ৰই

(খ) ৫১ খন ৰাষ্ট্ৰই

(গ) ৫২ খন ৰাষ্ট্ৰই

(ঘ) ৫৩ খন ৰাষ্ট্ৰই

উত্তৰঃ (খ) ৫১ খন ৰাষ্ট্ৰই

প্রশ্ন: ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল?

(ক) ১৯৪৫ চনত ১৬ ফেব্ৰুৱাৰীত

(খ) ১৯৪৬ চনত ১৬ ফেব্ৰুৱাৰীত

(গ) ১৯৬৪ চনত ১৬ ফেব্ৰুৱাৰীত

(ঘ) ১৯৬৫ চনত ১৬ ফেব্ৰুৱাৰীত

উত্তৰঃ (খ) ১৯৪৬ চনত ১৬ ফেব্ৰুৱাৰীত

প্রশ্ন: জাতিসমূহৰ সংঘৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

(ক) ব্রুচেলছত

(খ) ছিংগাপুৰত

(গ) কাঠমাণ্ডুত

(ঘ) লণ্ডনত

উত্তৰঃ (ঘ) লণ্ডনত

প্রশ্নঃ ৰাষ্ট্ৰসংঘ গঠনৰ সময়ত অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কিমান আছিল?

(ক) ১৫ জন

(খ) ১৮ জন

(গ) ১৯ জন

(ঘ) ২০ জন

উত্তৰঃ (খ) ১৮ জন

প্রশ্নঃ প্রথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

(ক) ১৯১১ চনত

(খ) ১৯১২ চনত

(গ) ১৯১৩ চনত

(ঘ) ১৯১৪ চনত

উত্তৰঃ (ঘ) ১৯১৪ চনত

প্রশ্ন: ১৯৪৫ চনৰ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল। HSLC ’23

(ক) ২১

(গ) ২৩

(খ) ২২

(ঘ) ২৪

উত্তৰঃ (ঘ) ২৪

প্রশ্নঃ জাতি সংঘ কেতিয়া গঠন কৰা হৈছিল?

(ক) ১৯১০ চনৰ ২০ জানুৱাৰীত

(খ) ১৯২০ চনৰ ২০ জানুৱাৰীত

(গ) ১৯১৫ চনৰ ১৫ জানুৱাৰীত

(ঘ) ১৯২০ চনৰ ১৫ জানুৱাৰীত

উত্তৰঃ (খ) ১৯২০ চনৰ ২০ জানুৱাৰীত

প্রশ্নঃ ১৯৭০ চনত আন্তঃৰাষ্ট্ৰীয় বনুৱা সংস্থাৰ (ILO) সভাত যোগদান কৰা ভাৰতীয় ৰাষ্ট্ৰপতি গৰাকী কোন আছিল?

(ক) ফকরুদ্দিন আলি আহমেদ

(খ) ড’ ভি.ভি.গিৰি

(গ) ৰাধাকৃষ্ণ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ড° ভি.ভি.গিৰি

প্রশ্ন: ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে?

(ক) ১০৯ টা

(খ) ১১০ টা

(গ) ১১১ টা

(ঘ) ১১২ টা

উত্তৰঃ (গ) ১১১ টা

প্রশ্নঃ ৰাষ্ট্ৰসংঘ কেতিয়া গঠন কৰা হৈছিল?

(ক) ১৯৪৫ চনৰ ২৪ অক্টোবৰত

(খ) ১৯৪৬ চনৰ ২৫ অক্টোবৰত

(গ) ১৯৫৫ চনৰ ২৪ অক্টোবৰত

(ঘ) ১৯৫৫ চনৰ ২৫ অক্টোবৰত

উত্তৰঃ (ক) ১৯৪৫ চনৰ ২৪ অক্টোবৰত

প্রশ্নঃ ৰাষ্ট্ৰসংঘ (United Nations) সম্পর্কে তলৰ কোনবোৰ উক্তি সত্য?

(i) ইয়াৰ মুখ্য লক্ষ্য হৈছে বিশ্ব শান্তি আৰু সুৰক্ষা।

(ii) ইয়াক ১৯৪৫ চনৰ ২৪ অক্টোবৰত আনুষ্ঠানিকভাবে প্রতিষ্ঠা কৰা হৈছিল।

(iii) ইয়াৰ সচিবালয় লণ্ডনত অৱস্থিত।

(iv) ইয়াৰ সদস্য সংখ্যা ১৯৩ খন দেশ।

(ক) (i), (ii), (iv)

(খ) (i), (iii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ক) (i), (ii), (iv)

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব সাধাৰণ গৰাকীৰ নাম কি?

(ক) ট্রাইগভহাল্ডান

(খ) হাল্ডান লী

(গ) ট্রাইগভহান

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হাল্ডান লী

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব গৰাকী কোন?

(ক) এন্টনিও

(খ) এন্টনিও গুটেৰেছ

(গ) এন্টনিও ওরেটেছে

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) এন্টনিও গুটেৰেছ

প্রশ্নঃ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা কিমান?

(ক) ১৯০ খন

(গ) ১৯৩ খন

(খ) ১৯১ খন

(ঘ) ১৯৪ খন

উত্তৰঃ (গ) ১৯৩ খন

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা HSLC ’25

(i) সচিবালয়

(ii) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ

(iv) আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি (111) সাধাৰ সভা

(ক) (iii), (iv)

(খ) (ii), (iv)

(গ) (i), (iv)

(ঘ) (i), (iii)

উত্তৰঃ (ঘ) (i) সচিবালয় (iii) সাধাৰ সভা

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয় ক’ত অবস্থিত?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্ক চহৰত

(খ) চীনত

(গ) নতুন দিল্লীত

(ঘ) ৰাছিয়াত

উত্তৰঃ (ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ক চহৰত

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কিমানটা?

(ক) ৫ টা

(গ) ৭ টা

(খ) ৬ টা

(ঘ) ১০ টা

উত্তৰঃ (খ) ৬ টা

প্রশ্ন: ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য হৈছে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা। এইটো সঁচা নে মিছা?

(ক) উদ্দেশ্যৰ ভিতৰত নপৰে

(খ) সঁচা

(গ) মিছা

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সঁচা

প্রশ্ন: ৰাষ্ট্ৰসংঘৰ সচিব সাধাৰণক কোনে নিয়োগ কৰে?

(ক) নিৰাপত্তা পৰিষদৰ সহযোগত সাধাৰণ সভাই নিয়োগ কৰে

(খ) নিৰাপত্তা পৰিষদে নিয়োগ কৰে

(গ) সাধাৰণ সভাই নিয়োগ কৰে

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ: (ক) নিৰাপত্তা পৰিষদৰ সহযোগত সাধাৰণ সভাই নিয়োগ কৰে

প্রশ্ন: আন্তর্জাতিক ন্যায়ালয়ত ন্যায়াধীশৰ মুঠ সংখ্যা কিমান?

(ক) ৫ জন

(গ) ১১ জন

(খ) ৯ জন

(ঘ) ১৫ জন

উত্তৰঃ (ঘ) ১৫ জন

প্রশ্ন: বিশ্ব মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়?

(ক) ১০ ডিচেম্বৰ

(খ) ২৪ অক্টোবৰ

(গ) ৫ জুন

(ঘ) ২৭ ছেপ্টেম্বৰ

উত্তৰঃ (ক) ১০ ডিচেম্বৰ

প্রশ্নঃ ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়?

(ক) ২০ অক্টোবৰ

(খ) ২২ অক্টোবৰ

(গ) ২৩ অক্টোবৰ

(ঘ) ২৪ অক্টোবৰ

উত্তৰঃ (ঘ) ২৪ অক্টোবৰ

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব সাধাৰণগৰাকী কোন দেশৰ নাগৰিক?

(ক) আমেৰিকাৰ

(গ) পর্তুগালৰ

(খ) জাপানৰ

(ঘ) নৰৱেৰ

উত্তৰঃ (গ) পর্তুগালৰ

প্রশ্ন: ইউনেস্কো সম্পর্কে তলৰ কোনবোৰ উক্তি সঠিক?

(i) ইয়াৰ সম্পূর্ণ নাম “United Nations Educational, Scientific and Cultural Organization”

(ii) ইয়াৰ মুখ্য কাৰ্যালয় পেৰিছ, ফ্রান্সত অৱস্থিত।

(iii) ইয়াক ১৯৫০ চনত প্রতিষ্ঠা কৰা হৈছিল।

(iv) ইয়াৰ মুখ্য উদ্দেশ্য হৈছে শিক্ষা, বিজ্ঞান, আৰু সংস্কৃতিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা।

(ক) (i), (ii), (iv)

(খ) (i), (iii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ক) (i), (ii), (iv)

প্রশ্নঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ’ব পাৰে? HSLC ’25

(ক) কোনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ

(খ) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ

(গ) কোনো উচ্চ ন্যায়ালয়ৰ এজন প্রাক্তন ন্যায়াধীশ

(ঘ) উচ্চতম ন্যায়লয়ৰ এজন প্রাক্তন ন্যায়াধীশ

উত্তৰঃ (খ) উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ

প্রশ্ন: বিশ্ব বাণিজ্য সংস্থা (WTO) সম্পর্কে তলৰ কোনবোৰ উক্তি সঠিক?

(i) ইয়াৰ সম্পূর্ণ নাম “World Trade Organization”।

(ii) ইয়াৰ মুখ্য কার্যালয় জেনেভা, ছুইজাৰলেণ্ডত অৱস্থিত।

(iii) ইয়াক ১৯৯৫ চনত গঠন কৰা হৈছিল।

(iv) ইয়াৰ মুখ্য লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ব্যৱস্থাক নিয়ন্ত্ৰণ কৰা।

(ক) (i), (ii), (iii)

(খ) (i), (iii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ঘ) (i), (ii), (iii), (iv)

প্রশ্ন: বিশ্ব স্বাস্থ্য সংস্থা (WHO) সম্পর্কে তলৰ কোনবোৰ উক্তি সত্য?

(i) ইয়াৰ সম্পূৰ্ণ নাম “World Health Organization”।

(ii) ইয়াৰ মুখ্য কাৰ্যালয় নিউয়র্কত অৱস্থিত।

(iii) ইয়াক ১৯৪৮ চনত গঠন কৰা হৈছিল।

(iv) ইয়াৰ মুখ্য উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় জনস্বাস্থ্য উন্নয়ন।

(ক) (i), (iii), (iv)

(খ) (i), (ii), (iii)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ক) (i), (iii), (iv)

প্রশ্নঃ আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি (IMF) সম্পর্কে তলৰ কোনবোৰ উক্তি সঠিক?

(i) ইয়াৰ সম্পূৰ্ণ নাম “International Monetary Fund”।

(ii) ইয়াৰ মুখ্য কাৰ্যালয় বাশ্বিংটন ডি. চি. ত অৱস্থিত।

(iii) ইয়াৰ মুখ্য লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্রা স্থিৰতা বজাই ৰখা।

(iv) ইয়াক ১৯৭৫ চনত গঠন কৰা হৈছিল।

(ক) (i), (ii), (iii)

(খ) (i), (iii), (iv)

(গ) (ii), (iii), (iv)

(ঘ) (i), (ii), (iii), (iv)

উত্তৰঃ (ক) (i), (ii), (iii)

প্রশ্ন: বছৰৰ কোন তাৰিখটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়?

(ক) ১০ জানুৱাৰীত

(খ) ১০ ফেব্ৰুৱাৰীত

(গ) ১০ ডিচেম্বৰত

(ঘ) ১০ অক্টোবৰত

উত্তৰঃ (গ) ১০ ডিচেম্বৰত

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কি?

(ক) নিৰাপত্তা পৰিষদ

(খ) সাধাৰণ সভা

(গ) ন্যায়ৰক্ষী পৰিষদ

(ঘ) আন্তর্জাতিক ন্যায়ালয়

উত্তৰঃ (খ) সাধাৰণ সভা

প্রশ্ন: ভাৰত বৰ্ষত ৰাষ্ট্ৰীয় আয়োগৰ সভাপতিজন হ’ল HSLC ’23

(ক) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ’ব লাগিব

(খ) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব লাগিব

(গ) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।

(ঘ) উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।

উত্তৰঃ (গ) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।

প্রশ্ন: বিশ্ব শান্তি স্থাপনৰ বাবে গঠন হোৱা প্রথম সংস্থাটো কি?

(ক) ৰাষ্ট্ৰসংঘ

(খ) জাতি সংঘ

(গ) আন্তঃৰাষ্ট্ৰীয় সংঘ

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জাতি সংঘ

প্রশ্ন: বিশ্বৰ অৰ্থনৈতিক মঞ্চৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

(ক) জুৰিকত

(গ) জেনেভাত

(খ) কাঠমাণ্ডুত

(ঘ) ডুবাইত

উত্তৰঃ (গ) জেনেভাত

প্রশ্ন: সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল?

(ক) ড° সচ্ছিদানন্দ সিনহাই

(খ) ড° ৰাজেন্দ্ৰ প্রসাদ

(গ) ড° বি.আৰ. আম্বেদকাৰ

(ঘ) চৰ্দাৰ বল্লভভাই পেটেল

উত্তৰঃ (ক) ড° সচ্ছিদানন্দ সিনহাই

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ সচিব সাধাৰণৰ কাৰ্যকাল কিমান বছৰ? HSLC ’18

(ক) তিনি বছৰ

(খ) চাৰি বছৰ

(গ) পাঁচ বছৰ

(ঘ) ছয় বছৰ

উত্তৰঃ (গ) পাঁচ বছৰ

অতি চমু প্রশ্ন-উত্তৰ (VSA)

প্রশ্ন: ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৯৪ চনৰ ৮ জানুৱাৰীত।

প্রশ্ন: এমনেষ্টি ইন্টাৰনেচনেলৰ মুখ্য কাৰ্যালয় ক’ত আছে?

উত্তৰঃ লণ্ডনত।

প্রশ্ন: ৰাষ্ট্ৰসংঘৰ অধীনত মানৰ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪৬ চনত।

প্রশ্নঃ ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰত।

প্রশ্ন: বিশ্ব শান্তি স্থাপনৰ বাবে গঠন হোৱা প্রথম সংস্থাটোৰ নাম কি আছিল?

উত্তৰ: জাতিসংঘ।

প্রশ্নঃ বিশ্ব মানৱ অধিকাৰ দিবস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ১০ ডিচেম্বৰত।

প্রশ্নঃ অসম প্রদেশ কংগ্ৰেছ কমিটি ৰ আনুষ্ঠানিকভাবে নির্বাচিত প্রথমজন সভাপতি কোন আছিল? HSLC ’19

উত্তৰ: বিষ্ণুৰাম মেধি।

প্রশ্ন: বিশ্ব শান্তি স্থাপনৰ বাবে গঠন হোৱা প্রথম আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ নাম কি আছিল?

উত্তৰঃ জাতিসংঘ।

প্রশ্ন: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঠন হোৱা আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ নাম কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘ।

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ ডাঙৰ অংগটো কি?

উত্তৰঃ সাধাৰণ সভা।

প্রশ্ন: সাধাৰণ সভাৰ বাৰ্ষিক অধিৱেশন কিমানবাৰ অনুষ্ঠিত হয়?

উত্তৰঃ এবাৰ।

প্রশ্ন: ভেটো কি?

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ এক বিশেষ ক্ষমতাক ভেটো বোলে। স্থায়ী সদস্যই ভেটো প্রয়োগ কৰিলে কোনো বিষয়ত সিদ্ধান্ত ল’ব নোৱাৰি।

প্রশ্ন: মানৱ অধিকাৰ মানে কি?

উত্তৰ: মানৱ অধিকাৰ হ’ল বিশ্বৰ প্ৰতিজন ব্যক্তিৰ মৰ্যদাপূর্ণ জীৱন-যাপনৰ বাবে প্রয়োজনীয় কিছুমান অধিকাৰ।

প্রশ্ন: CTBT ৰ সম্পূর্ণ ৰূপটো কি?গ্ধগ্ধ

উত্তৰ: Comprehensive Test Ban Treaty.

প্রশ্নঃ ফিফাৰ মুখ্য কার্যালয় ক’ত অৱস্থিত?

উত্তৰঃ জুৰিক চহৰত।

প্রশ্ন: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিলৰ মুখ্য কার্যালয় ক’ত আছে?

উত্তৰঃ ডুবাইত।

প্রশ্নঃ অসমৰ আটাইতকৈ সেৰেঙা জিলা কোনখন?

উত্তৰ: ডিমাহাছাও

প্রশ্নঃ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত মুঠতে কিমানজন ন্যায়াধীশ থাকে? HSLC ’23

উত্তৰঃ ১৫ জন।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment