Join WhatsApp

Join Now

Join Telegram

Join Now

ধৰ্ম Class 12 Logic And Philosophy Chapter 8 Solutions ২০২৫

By Rabbi Masrur

Published On:

Class 12 Logic And Philosophy Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Logic And Philosophy বিষয়ৰ পাঠভিত্তিক ধৰ্ম Class 12 Logic And Philosophy Chapter 8 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

ধৰ্ম Class 12 Logic And Philosophy Chapter 8 Solutions

ধৰ্ম Class 12 Logic And Philosophy Chapter 8 Solutions

ধর্ম

অষ্টম অধ্যায়

ক. অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)

১। ‘Religion’ শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? H. S. ’18

উত্তৰ: ‘Religare’ শব্দৰ পৰা।

২। ‘Religare’ শব্দটোৰ অৰ্থ কি? H. S. ’13, 15, 20

উত্তৰ: বন্ধন অর্থাৎ যিয়ে বান্ধি ৰাখে।

৩। ‘ধর্ম’ শব্দটোৰ কোনটো সংস্কৃত শব্দৰ পৰা আহিছে? H. S. ’17, ’19

উত্তৰঃ ‘ধু’ ধাতুৰ পৰা।

৪। তুমি বিশ্বাস কৰানে যে ধর্ম নিজেই নিজৰ উদ্দেশ্য?

উত্তৰ হয়।

৫। ‘ধর্মই নৈতিকতাক গঢ় দিয়ে’ কথাষাৰ মানি লোৱানে?

উত্তৰ: হয়।

৬। ‘আমাৰ সকলো কর্তব্যক ঐশ্বৰিক আদেশৰূপে স্বীকাৰ কৰি লোৱাই ধর্ম’: কথাষাৰ কোনে কৈছিল?

উত্তৰ: দার্শনিক কান্টে।

৭। কোনজন দার্শনিকৰ মতে ‘জীবাত্মাই নিজক পৰাত্মা ৰূপে জনাৰ নামেই ধর্ম।’

উত্তৰ: হেগেলৰ মতে।

৮। ধর্ম আৰু নৈতিকতাৰ মাজত থকা যিকোনো এটা সাদৃশ্য লিখা।

উত্তৰ ধৰ্ম আৰু নৈতিকতা উভয়ে মানবকেন্দ্রিক।

৯। ধর্ম নৈতিকতাৰ উৎস হয়নে?

উত্তৰ: নহয়।

১০। কিহৰ মাজেদি ধর্মীয় আবেগ-অনুভূতি প্রকাশ পায়? H. S. ’15

উত্তৰ: সামাজিক ক্রিয়া-কাণ্ড, মঠ-মন্দিৰ, মছজিদ আদিৰ মাজেদি ধর্মীয় আবেগ-অনুভূতি প্রকাশ পায়।

১১। ধৰ্ম জ্ঞানৰ বিষয় হয়নে?

উত্তৰ: হয়।

১২। নীতি অবিহনে ধর্ম সম্ভব নে?

উত্তৰ: নহয়।

১৩। ‘চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন।’ কোনে কৈছিল?

উত্তৰ: বেইনে।

১৪। ধৰ্মৰ মানসিক উপাদান আছে নে?

উত্তৰ: আছে।

১৫। ধৰ্মৰ দুটা দিশ কি কি?

উত্তৰ ধৰ্মৰ দুটা দিশ হ’ল- এটা সামাজিক আনটো আনুষ্ঠানিক।

১৬। ‘ধর্ম হ’ল আবেগ স্পর্শিত নৈতিকতা।’- কোনে কৈছিল?

উত্তৰ: মেথিউ আর্ণল্ড।

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক ২)

১। ধৰ্মৰ বুৎপত্তিগত অর্থ কি?

উত্তৰ সংস্কৃত ‘ধু’ ধাতুৰ পৰা ধৰ্ম শব্দৰ উৎপত্তি হৈছে। ‘ধৃ’ ধাতুৰ অৰ্থ ধাৰণ কৰা। অর্থাৎ যিয়ে ধাৰণ কৰে সেয়ে ধর্ম। গতিকে দেখা যায় যে যিয়ে প্রজা অর্থাৎ মানুহক ধাৰণ বা সুৰক্ষিত কৰি ৰাখে সেয়েই ধর্ম।

২। মেথিউ আর্নল্ডে আগবঢ়োৱা ধৰ্মৰ সংজ্ঞা লিখা।

উত্তৰ: মেথিউ আর্নল্ডৰ মতে, ‘ধর্ম হৈছে আবেগ স্পর্শিত নৈতিকতা।’

৩। ধৰ্মৰ লগত জড়িত উপাদান কেইটা কি কি?

উত্তৰ ধৰ্মৰ লগত জড়িত উপাদান কেইটা হ’ল ৪

(ক) বিশ্বাস

(খ) ৰহস্যবাদী চিন্তা আৰু

(গ) আবেগ-অনুভূতি।

৩। ধর্ম আৰু নৈতিকতাৰ মাজৰ দুটা পার্থক্য উল্লেখ কৰা। H. S. ’12, ’16

উত্তৰ ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা দুটা বৈসাদৃশ্য হ’ল-

(ক) ধর্ম হৈছে ঈশ্বৰকেন্দ্রিক আৰু নৈতিকতা হৈছে মানৱকেন্দ্রিক।

(খ) ধর্ম হ’ল আবেগযুক্ত অভিজ্ঞতা। আনহাতে নৈতিকতা আবেগমুক্ত আচৰণ।

৪। তলৰ শব্দ দুটাৰ বুৎপত্তিগত অর্থ বখ্যা কৰা। H. S. ’14, ’16

(a) ‘Religion

(b) Dharma’

উত্তৰ: (a) ‘Religion’ শব্দটো বুৎপত্তিগতভাবে লেটিন শব্দ ‘Religare’ ৰ পৰা আহিছে। ইয়াৰ অর্থ বন্ধন অর্থাৎ যিয়ে দৃঢ়ভাবে বান্ধি বাখে।

(b) Dharma’ (ধর্ম) শব্দটো সংস্কৃত ‘ধৃ’ ধাতুৰ পৰা আহিছে। ইয়াৰ বুৎপত্তিগত অর্থ হৈছে ধাৰণ কৰা অর্থাৎ যিয়ে ধাৰণ কৰে সেয়াই ধর্ম।

৯। আমাৰ সকলো কর্তব্যক ঐশ্বৰিক আদেশৰূপে স্বীকাৰ কৰি লোৱাই হ’ল ধর্ম।’ এই সংজ্ঞাটো কোনে প্রদান কৰিছিল? এই সংজ্ঞাটোৰ এটি ত্রুটি উল্লেখ কৰা। H. S. ’15, ’16

উত্তৰ ধৰ্মৰ উক্ত সংজ্ঞাটি দার্শনিক কান্টে প্রদান কৰিছিল।

এই সংজ্ঞাটিৰ এটি ত্রুটি হ’ল ইয়াত মানুহৰ আবেগ-অনুভূতিৰ কোনো গুরুত্ব নাই।

১০। ধৰ্মৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। H. S. ’14

উত্তৰ ধৰ্মৰ দুটা বৈশিষ্ট্য হ’ল-

(১) ধর্মই কোনা এক উচ্চতৰ অতীন্দ্রিয় শক্তিক বিশ্বাস কৰে।

(২) ধৰ্মৰ লগত মানৱ মনৰ আবেগ আৰু অনুভূতি জড়িত।

১১। ধৰ্ম এক প্ৰকাৰৰ আবেগ, যিটোৱে বিশ্বাস কৰে যে মানুহ আৰু জগতৰ মাজত এটা সামঞ্জস্য আছে।’ ধৰ্মৰ এই সংজ্ঞাটি কোনে প্রদান কৰিছিল? এই সংজ্ঞাটোৰ এটা ত্রুটি উল্লেখ কৰা। H. S. ’14

উত্তৰ ধৰ্মৰ উক্ত সংজ্ঞাটি দার্শনিক মেক টেগার্টে আগবঢ়াইছিল।

এই সংজ্ঞাটিৰ এটি ত্রুটি হ’ল ই ধর্মব লগত জড়িত আবেগ-অনুভূতিৰ দিশটোৰ ওপৰত গুৰুত্ব দিছে। ইয়াত ধর্মীয় ক্রিয়া-কাণ্ডৰ দিশটো উলাই কৰা হৈছে।

গ. মজলীয়া দৈর্ঘৰ প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। দার্শনিক হেগেলে আগবঢ়োৱা ধৰ্মৰ সংজ্ঞাটো লিখি সমালোচনা কৰা।

উত্তৰ: দার্শনিক হেগেলে ধৰ্মৰ সংজ্ঞা দিবলৈ গৈ কৈছে যে “ধর্ম হ’ল সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পর্কে জ্ঞান।”
হেগেলৰ সংজ্ঞাত ধর্ম যে জটিল বিষয় সেয়া ফুটি উঠিছে। কাৰণ এই সংজ্ঞামতে মানুহৰ সসীম আত্মাই অসীম ঐশ্বৰিক আত্মাৰ বিষয়ে জ্ঞান লাভ কৰাটো সহজ কাম নহয়। তেওঁ ধৰ্মৰ বুদ্ধিগত বৈশিষ্ট্যৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰিছে আৰু মানৱ মনৰ ইচ্ছা আৰু আবেগক উলাই কৰিছে। ধৰ্মৰ লগত যে বহুতো সামাজিক আচাৰ-অনুষ্ঠান জড়িত সেয়া হেগেলৰ সংজ্ঞাত ফুটি উঠা নাই।

২। ‘নৈতিকতাই ধৰ্মৰ দিশলৈ লৈ যায়’: কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰ: দার্শনিক মার্টিনিউ, কান্ট আদিৰ মতে ধর্ম নৈতিকতাৰ পিছৰ বস্তু। নৈতিকতা ধৰ্মৰ উৎস। কান্টৰ মতে এই বিশ্বৰ অন্তৰালত এক নৈতিক শক্তিয়ে কাম কৰি আছে। সেই নৈতিক শক্তিয়ে সৎ আচৰণৰ বাবে সুখ শান্তি আৰু অসৎ আচৰণৰ লগত দুখ বা অশান্তি প্রদান কৰে। অর্থাৎ সৎ কর্মৰ বাবে পুৰস্কাৰ আৰু অসৎ কর্মৰ বাবে শাস্তি নির্ধাৰণ কৰি ৰাখিছে। এই পুৰস্কাৰ আৰু শাস্তি ইহজনমত নহ’লেও পৰজনমত মানব আত্মাই ভোগ কৰিবই লাগিব।

সিহঁতৰ মতে, এই নৈতিক শক্তি সর্বশক্তিমান হোৱা ভাবে এই শক্তিৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে। সিহঁতে কয় যে নৈতিক বাধ্যতাবোধৰ পৰাই ঈশ্বৰৰ ধাৰণাৰ জন্ম হৈছে। সেই বাবেই ধর্ম আৰু নৈতিকতাৰ মাজত কোনো স্পষ্ট বিৰোধ নাই। নৈতিকতাৰ বহুত নীতি-নিয়ম ধর্মত বিদ্যমান। গতিকে নৈতিকতাই ধর্মব দিশলৈ লৈ যায় বুলি ক’ব পাৰি।

৩। ধর্ম আৰু নৈতিকতাৰ মাজত থকা চাৰিটা সাদৃশ্য লিখা। H. S. ’14, 17, 18

উত্তৰ ধৰ্ম আৰু নৈতিকতাৰ মাজত থকা সাদৃশ্যসমূহ হ’ল-

(ক) ধর্ম আৰু নৈতিকতা উভয়ে মানৱ জীৱনটো সুন্দৰ আৰু সৎ কৰে।

(খ) ধর্ম আৰু নৈতিকতা উভয়ে আত্মাৰ অমৰত্বৰ ওপৰত বিশ্বাস কৰে।

(গ) ধর্ম আৰু নৈতিকতা দুয়োয়ে পৰম সত্যৰ ধাৰণাক বিশ্বাস কবে।

(ঘ) ধর্ম আৰু নৈতিকতা উভয়ৰ লগত পাপ-পুণ্য, ন্যায়-অন্যায়, ভাল-বেয়া, উচিত-অনুচিত আদিব ধাৰণা জড়িত।

৪। ফ্লিন্টে আগবঢ়োৱা ধৰ্মৰ সংজ্ঞাটো দিয়া। H. S. ’12

উত্তৰ: দার্শনিক ফ্লিন্টৰ মতে, “ধর্ম হ’ল এনে এক বা একাধিক সত্ত্বাত বিশ্বাস, যি সত্ত্বা মানুহতকৈ বেছি শক্তিশালী, ইন্দ্রিায়াতীত অথচ আবেগ আৰু কাৰ্যৰ প্রতি উদাসীন নহয় আৰু যি বিশ্বাসৰ লগত যুক্ত হৈ থাকে মানৱ আচৰণ আৰু অনুভূতি।

ঘ. ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ৬)

১। ধৰ্মৰ সংজ্ঞা লিখি ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। H. S. ’20

নাইবা

ধর্ম বুলিলে কি বুজা? ধৰ্মৰ আটাইতকৈ সন্তোষজনক সংজ্ঞা কোনটো? ধৰ্মৰ দুটা বৈশিষ্ট্য বুজাই লিখা। H. S. ’19

নাইবা

ধৰ্মৰ চাৰিটা বৈশিষ্ট্য (স্বৰূপ) উল্লেখ কৰা। H. S. ’13, 17, 19

উত্তৰ: কোনো এক অদ্বিতীয় অতিন্দ্রীয় শক্তিত বিশ্বাস স্থাপন কৰাই ধর্ম। ধৰ্মৰ এক সার্বজনীন সংজ্ঞা দিয়াটো টান। তথাপি বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে ধৰ্মৰ সংজ্ঞা আগবঢ়াইছে। তলত কেইজনমান দার্শনিকে আগবঢ়োৱা সংজ্ঞা দাঙি ধৰা হ’ল

দার্শনিক হেগেলে ধৰ্মৰ সংজ্ঞা দিবলৈ গৈ কৈছে যে “ধর্ম হ’ল সসীম আত্মাৰ মাধ্যমত নিজৰ ঐশ্বৰিক আত্মাৰ সম্পর্কে জ্ঞান।” হেগেলৰ সংজ্ঞাত ধর্ম যে জটিল বিষয় সেয়া ফুটি উঠিছে। কাৰণ এই সংজ্ঞামতে মানুহৰ সসীম আত্মাই অসীম ঐশ্বৰিক আত্মাৰ বিষয়ে জ্ঞান লাভ কৰাটো সহজ কাম নহয়।

দার্শনিক টাইললৰ মতে, ‘ধর্ম হ’ল আধ্যাত্মিক জীবত বিশ্বাস।’ টাইলৰৰ এই সংজ্ঞাও সন্তোষজনক বুলি ক’ব নোৱাৰি কাৰণ সংজ্ঞাটোত আধ্যাত্মিক জীৱৰ স্বৰূপৰ বিষয়ে কোনো ধাৰণা নাই।

আন এজন দার্শনিক শ্লেয়াৰমেকাৰৰ মতে ‘ধর্ম হ’ল ঈশ্বৰৰ ওপৰত একান্ত নির্ভৰশীলতা।’

দার্শনিক কান্টেৰ মতে, “আমাৰ সকলো কর্তব্য ঐশ্বৰিক আদেশৰূপে স্বীকাৰ কৰি লোৱাই ধর্ম।”

মেকটাগাৰ্টৰ মতে, “ধর্ম হ’ল এক প্ৰকাৰৰ আবেগ, যিটোৱে বিশ্বাস কৰে যে মানুহ আৰু জগতৰ মাজত এটা সামঞ্জস্য আছে।”
মেথিও আৰ্বল্ডৰ মতে, “ধর্ম হ’ল আবেগ স্পর্শিত নৈতিকতা।”

আনহাতে দার্শনিক ফ্ৰেজাৰৰ মতে, “ধর্ম হ’ল এনে এক উচ্চতৰ শক্তি, যিয়ে মানব জীৱনৰ গতিপথ পৰিচালিত বা নিয়ন্ত্রিত কৰে আৰু যাক প্রসন্ন কৰিব লাগে।”

আকৌ মার্টিনিউবে ধর্মৰ সংজ্ঞা দিছে এনদবে, “ধর্ম হ’ল এজন নিয়ত অস্তিত্বশীল ঈশ্ববত বিশ্বাস, যিজন ঈশ্ববে এক ঐশ্বৰিক মন আৰু ইচ্ছাৰে জগতক নিয়ন্ত্রণ কৰে আৰু মানুহৰ লগত এক পাৰস্পৰিক নৈতিক সম্পর্ক স্থাপন কৰাৰ চেষ্টা কৰে।”

ওপৰত উল্লেখ কৰা ধৰ্মৰ সংজ্ঞাবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে ধৰ্মৰ লগত এক পাৰলৌকিক সত্তাৰ সম্বন্ধ আছে যি পাৰলৌকিক শক্তিক কেন্দ্ৰ কৰি মানুহৰ বিশ্বাস আৰু ক্রিয়া-কাণ্ড গঢ় লৈ উঠিছে। ধৰ্মৰ সংজ্ঞা পণ্ডিত ভেদে ভিন ভিন হ’লেও ধর্মৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ

(১) ধর্মই কোনা এক উচ্চতৰ অতীন্দ্রিয় শক্তিক বিশ্বাস কৰে।

(২) ধর্মৰ লগত মানৱ মনৰ আবেগ আৰু অনুভূতি জড়িত।

(৩) ধর্মৰ এক বাহ্যিক দিশ আছে। ধর্মৰ লগত কিছুমান আচাৰ অনুষ্ঠান জড়িত।

(৪) ধৰ্মৰ লগত মানুহৰ মানসিক শান্তি, আত্মাৰ কল্যাণ আৰু আত্মোপলব্ধি হয় বুলি মানুহৰ বিশ্বাস আছে।

২। ধর্ম আৰু নৈতিকতাৰ মাজৰ সম্বন্ধ আলোচনা কৰা।

নাইবা

ধৰ্ম আৰু নৈতিকতৰ মাজত থকা বৈসাদৃশ্যৰ বিষয়ে লিখা। H. S. ’13

উত্তৰ ধৰ্ম আৰু নীতিবিজ্ঞান বা নৈতিকতাৰ মাজত সম্পর্ক আছে। ধর্মই এক অলৌকিক উচ্চতৰ শক্তিত বিশ্বাস কৰে। ধর্মই মানর আত্মাৰ লগত ঈশ্বৰ বা এক পৰম আত্মাৰ সম্পর্ক আলোচনা কৰে। আনহাতে নৈতিকতাই মানুহৰ চৰিত্ৰ বা আচৰণৰ নৈতিক মূল্যৰ বিচাৰ কৰে।
ধর্ম আৰু নৈতিকতাৰ মাজত থকা বৈসাদৃশ্যসমূহ তলত উল্লেখ কৰা হ’ল-

(১) ধর্ম হৈছে ঈশ্বৰকেন্দ্রিক আৰু নৈতিকতা হৈছে মানবকেন্দ্রিক।

(২) ধর্ম হ’ল আবেগযুক্ত অভিজ্ঞতা। আনহাতে নৈতিকতা আবেগমুক্ত আচৰণ।

(৩) ধর্ম হ’ল প্রধানতঃ মনৰ বা আত্মাৰ বস্তু বা বিশ্বাস। আনহাতে নৈতিকতা হ’ল ইচ্ছাৰ স্বাধীন চেতনা।

(৪) ধর্মৰ লগত পৰম সত্তাৰ অলৌকিক সম্পর্ক আছে। কিন্তু নৈতিকতাৰ লগত সত্তাব অলৌকিক সম্পর্ক

(৫) ধর্ম হৈছে যুক্তি বর্জিত বিশ্বাস বা ধাৰণা। কিন্তু নৈতিকতা যুক্তি সাপেক্ষ নীতি-নিয়ম।

(ছ) ধর্মই মানব মনৰ কল্যাণৰ বিষয়ে আলোচনা কৰাৰ লগেতে সত্য আৰু সুন্দৰৰ বিষয়েও আলোচনা কৰে। নৈতিকতাই অকল মানুহৰ সামাজিক কল্যাণৰ দিশ আলোচনা কৰে।

নৈতিকতা আৰু ধৰ্মৰ মাজত কিছুমান বৈসাদৃশ্য থাকিলেও দুয়োৰে মাজত গভীৰ সম্পর্ক আছে। নৈতিকতা আৰু ধর্ম পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। নৈতিকতা আৰু ধর্ম দুয়ো মানব কল্যাণৰ লগত জড়িত। সেয়ে নৈতিকতাই ধর্মক উলংঘা কৰিব নোৱাৰে। বহুতো ধর্মীয় বাধা-নিষেধ নীতিশাস্ত্রব অন্তর্ভুক্ত হৈছে।

৩। ‘নৈতিকতা হৈছে ধৰ্মৰ উৎস।’ ব্যাখ্যা কৰা। H. S. ’15, ’16

উত্তৰ: নৈতিকতা ধৰ্মৰ উৎস বুলি কোৱা হয়। বিভিন্ন দার্শনিক যথা- কান্ট, মার্টিনিউ, হেগেল আদিয়ে ধৰ্মৰ উৎস হিচাপে নৈতিকতাক স্বীকাৰ কৰে। নৈতিকতাক ধৰ্মৰ উৎস বুলি কোৱাৰ যুক্তি আছে, যেনেঃ

(ক) দার্শনিক কাণ্টৰ মতে নৈতিক শক্তিয়েই ঈশ্বৰ। এই শক্তিয়ে সদাচাৰৰ লগত সুখ-শান্তি আৰু অসদাচাৰৰ লগত দুখ-অশান্তি সংযোগ কৰে। এই নীতিৰ পৰাই ধৰ্মৰ উৎপত্তি হৈছে।

(খ) মার্টিনিউৰ মতে নৈতিক বাধ্যবাধকতাবোধ আৰু দায়িত্ববোধৰ পৰাই ঈশ্বৰৰ ধাৰণাৰ উৎপত্তি হৈছে।

(গ) কোনো ধৰ্মৰ নীতি নৈতিক আচৰণৰ বিৰোধী নহয়। সেয়ে ক’ব পৰা যায় যে নৈতিকতাৰ পৰা ধর্ম উৎপত্তি হৈছে।

(ঘ) আধুনিক যুগত ধর্মীয় নীতি-নিয়ম নৈতিকতাৰ দিশৰ পৰা সমালোচিত হৈ আছে কিয়নো ধর্মীয় বিধানত নৈতিকতা নাথাকিলে সেয়া মানব সমাজৰ বাবে গ্রহণযোগ্য হ’ব নোৱাৰে।

উপৰিউক্ত কাৰণসমূহৰ বাবে নৈতিকতা ধৰ্মৰ উৎস বুলি ক’ব পৰা যায়।

৪। ধর্ম আৰু নৈতিকতা পৰস্পৰ পৃথক। ব্যাখ্যা কৰা। H. S. ’15

উত্তৰ ধৰ্ম আৰু নৈতিকতাৰ নীতি-নিয়মৰ মাজত যথেষ্ট সাদৃশ্য আছে যদিও বহুতো দার্শনিকে ধর্ম আৰু নৈতিকতা পৰস্পৰ পৃথক বুলি কৈছে। ইয়াৰ কাৰণ-

(ক) ধর্ম এক পৰম সত্ত্বা (ঈশ্বৰ) কেন্দ্রিক। বিশ্বৰ প্রতিটো ধর্মই কোনো অপ্রাকৃতিক অতি শক্তিক বিশ্বাস কৰে। আনহাতে নৈতিকতা মানবকেন্দ্রিক।

(খ) ধর্মৰ উদ্ভৱ হৈছে কোনো পৰম সত্ত্বাৰ ওপৰত নিৰ্ভৰবোধৰ পৰা আৰু নৈতিকতাৰ সৃষ্টি হৈছে সামাজিক প্রয়োজনৰ তাগিদাত।

(গ) ধৰ্মৰ লগত বহস্যময়তা, আবেগ-অনুভূতি, ভয়, ভক্তি আদি জড়িত। নৈতিকতাৰ লগত এইবোৰ জড়িত নহয়।

(ঘ) ধর্ম মানুহৰ পৰম মোক্ষলাভৰ লগত জড়িত। কিন্তু নৈতিকতা সামাজিক কল্যাণৰ লগত জড়িত।

৫। বর্ণাশ্রম ধৰ্মৰ অৰ্থ ব্যাখ্যা কৰা। H. S. ’17

উত্তৰ : বর্ণাশ্রম ধৰ্মৰ ধাৰণা ভাৰতীয় দর্শনৰ লগত জড়িত। প্রাচীন ভাৰতীয় সমাজত মানব জীবন কালছোৱাক চাৰিটা স্তৰ বা আশ্রমত ভাগ কৰিছিল, যেনেঃ (ক) ব্রহ্মচার্য (খ) গার্হস্থ্য, (গ) বানপ্রস্থ আৰু (ঘ) সন্নাস।। ইয়াৰ উদ্দেশ্য আছিল মানৱ জীৱনটো এক সুশৃঙ্খলৰূপে যাপন কৰা।
ব্রহ্মচার্য আশ্রমত গুৰুৰ ওচৰত থাকি বিদ্যা শিক্ষা কৰা কালছোৱাক বুজোৱা হৈছিল। এই কালছোৱাত গুৰুয়ে সামাজিক, নৈতিক, সাংসাৰিক আৰু ৰাষ্ট্ৰীয় জীবন যাপন কৰাৰ বাবে প্রয়োজনীয় সকলো বিদ্যা বিদ্যার্থীক প্রদান কৰিছিল।

ব্রহ্মচার্য আশ্রম শেষ হোৱাৰ লগে লগে গার্হস্থ্য আশ্রমত প্রবেশ কৰিবলগা হৈছিল। এই কালছোৱাত ব্যক্তি এজনে বিয়া-বাৰু কৰাই সংসাৰী হ’ব লাগিছিল আৰু সন্তান-সন্ততি জন্মদি সৃষ্টিৰ ধাৰা অক্ষুন্ন ৰাখিব লাগিছিল। গার্হস্থ্য আশ্রম শেষ হোৱাৰ লগে ব্যক্তিজনৰ আধ্যাত্মিক জীবন অর্থাৎ বানপ্রস্থ আৰম্ভ হৈছিল আৰু এই সময়ত ধর্ম কর্মত অধিক মনোযোগ দিব লগা হৈছিল।

ইয়াৰ পিছত অন্তিম স্তৰ সন্নাসব্রত আৰম্ভ হৈছিল। এইকালছোৱাত ব্যক্তি এজনে সংসাৰৰ সকলো মায়া-মোহৰ পৰা মুক্ত হৈ অর্থাৎ সংসাৰ ত্যাগী হৈ সন্নাসী হ’ব লাগিছিল আৰু সদায় ধর্ম চিন্তা কৰিব মোক্ষ লাভকৰিব লাগিছিল। প্রাচীন ভাৰতীয় সমাজ ব্যবস্থাত ই আছিল এক উচ্চস্তৰৰ নৈতিক ব্যবস্থা। এই ব্যবস্থাৰ জড়িয়তে মানুহৰ সামাজিক জীবন সুশৃঙ্খল হৈছিল।

৬। ধর্ম আৰু নৈতিকতা পৰস্পৰ নিৰ্ভৰশীল। কথাযাৰ ব্যাখ্যা কৰা। H. S. ’19

উত্তৰ: দার্শনিক মার্টিনিউ, কান্ট আদিৰ মতে ধৰ্ম আৰু নৈতিকতাৰ মাজত নিবিড় সম্পর্ক আছে আৰু দুয়ো পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। নৈতিকতা ধৰ্মৰ উৎস। কান্টৰ মতে এই বিশ্বৰ অন্তৰালত এক নৈতিক শক্তিয়ে কাম কৰি আছে। সেই নৈতিক শক্তিয়ে সৎ আচৰণৰ বাবে সুখ শান্তি আৰু অসৎ আচৰণৰ লগত দুখ বা অশান্তি প্রদান কৰে। অর্থাৎ সৎ কৰ্মৰ বাবে পুৰস্কাৰ আৰু অসৎ কর্মব বাবে শাস্তি নির্ধাৰণ কৰি ৰাখিছে। এই পুৰস্কাৰ আৰু শাস্তি ইহজনমত নহ’লেও পৰজনমত মানব আত্মাই ভোগ কৰিবই লাগিব।

সিহঁতৰ মতে, এই নৈতিক শক্তি সর্বশক্তিমান হোবা ভাবে এই শক্তিৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে। সিহঁতে কয় যে নৈতিক বাধ্যতাবোধৰ পৰাই ঈশ্বৰৰ ধাৰণাৰ জন্ম হৈছে। সেই বাবেই ধর্ম আৰু নৈতিকতাৰ মাজত কোনো স্পষ্ট বিৰোধ নাই। নৈতিকতাৰ বহুত নীতি-নিয়ম ধর্মত বিদ্যমান। গতিকে নৈতিকতাই ধৰ্মৰ দিশলৈ লৈ যায় বুলি ক’ব পাৰি।

ধৰ্ম আৰু নৈতিকতাৰ মাজত কিছুমান সাদৃশ্য আছে, যেনে-

(ক) ধর্ম আৰু নৈতিকতা উভয়ে মানব জীবনটো সুন্দৰ আৰু সৎ কৰে।

(খ) ধর্ম আৰু নৈতিকতা উভয়ে আত্মাৰ অমৰত্বৰ ওপৰত বিশ্বাস কৰে।

(গ) ধর্ম আৰু নৈতিকতা দুয়োয়ে পৰম সত্যৰ ধাৰণাক বিশ্বাস কৰে।

(ঘ) ধর্ম আৰু নৈতিকতা উভয়ৰ লগত পাপ-পুণ্য, ন্যায়-অন্যায়, ভাল-বেয়া, উচিত-অনুচিত আদিৰ ধাৰণা জড়িত।

উক্ত সাদৃশ্যসমূহেও দেখুৱায় যে ধর্ম আৰু নৈতিকতা পৰস্পৰ নিৰ্ভৰশীল।

৭। ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি। ব্যাখ্যা কৰা। H. S. ’20

উত্তৰ: দার্শনিক মার্টিনিউ, কান্ট ডেকার্ট, লর্ব আদিৰ মতে ধর্ম আৰু নৈতিকতাৰ মাজত নিবিড় সম্পর্ক আছে আৰু দুয়ো পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। কান্টৰ মতে এই বিশ্বৰ অন্তৰালত এক নৈতিক শক্তিয়ে কাম কৰি আছে। সেই নৈতিক শক্তিয়ে সৎ আচৰণৰ বাবে সুখ শান্তি আৰু অসৎ আচৰণৰ লগত দুখ বা অশান্তি প্রদান কৰে। সেয়ে ধৰ্মৰ পৰাই নীতিৰ উৎপত্তি বুলি ক’ব পাৰি আৰু কথাষাৰ তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি।

(ক) ধর্ম আৰু নৈতিকতা উভয়ে মানব জীবনটো সুন্দৰ আৰু সৎ কৰে।

(খ) ধর্ম আৰু নৈতিকতা উভয়ে আত্মাৰ অমৰত্বৰ ওপৰত বিশ্বাস কৰে।

(গ) ধর্ম আৰু নৈতিকতা দুয়োয়ে পৰম সত্যৰ ধাৰণাক বিশ্বাস কৰে।

(ঘ) ধর্ম আৰু নৈতিকতা উভয়ৰ লগত পাপ-পূণ্য, ন্যায়-অন্যায়, ভাল-বেয়া, উচিত-অনুচিত আদিব ধাৰণা জড়িত।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×