অসমীয়াত অসমীয়া বাক্যৰ গাঁথনিক বিভাজন ২০২৫

অসমীয়া বাক্যৰ গাঁথনিক বিভাজন

অসমীয়াত অসমীয়া বাক্যৰ গাঁথনিক বিভাজন

বাক্য এটিত প্ৰধানকৈ দুটা অংশ থাকে– উদ্দেশ্য আৰু বিধেয়। উদ্দেশ্যত কৰ্তা আৰু কৰ্তাৰ অনুগামী শব্দবোৰ থাকে। আনহাতে বিধেয়ত ক্ৰিয়া আৰু কৰ্ম থাকে। কোনো বাক্যত এটাতকৈ অধিক কৰ্তা, ক্ৰিয়া বা কৰ্ম থাকে।  কিছুমান বাক্য সৰু সৰু বাক্যৰ সমষ্টি। এনেদৰে  বাক্যৰ গঠণ (structure) অনুযায়ী অসমীয়া বাক্যক তিনি শ্ৰেণীত ভাগ কৰা হৈছে। যথা–

(১) সৰল বাক্য (Simple Sentence)

(২) জটিল বা মিশ্ৰ বাক্য (Complex Sentence)

(৩) যৌগিক বা সংযুক্ত বাক্য (Compound Sentence)।

১। সৰল বাক্য (Simple Sentence)

এটা কৰ্তা আৰু এটা ক্ৰিয়া থকা বাক্যক সৰল বাক্য বোলে। যেনে–

আমি আম খাওঁ।

সিহঁতে বল খেলে।

উক্ত বাক্য দুটাত ‘আমি’ আৰু ‘সিহঁতে’ পদ দুটা কৰ্তা বা উদ্দেশ্য। আনহাতে ‘আম খাওঁ’ আৰু ‘বল খেলে’ বিধেয়। ইয়াৰ ‘খাওঁ’ আৰু ‘খেলে’ পদ দুটি ক্ৰিয়া। অৰ্থাৎ দুয়োটা বাক্যই এটাকৈ কৰ্তা আৰু এটাকৈ ক্ৰিয়া ধাৰণ কৰিছে। সেয়ে বাক্য দুটা সৰল বাক্য। উদাহৰণ–

সিহঁতে সময়মতে স্কুললৈ যায় ।

আশ্রাফে  কিতাপ পঢ়ি আছে।

কমলে  কাম কৰি আছে ।

২। জটিল বা মিশ্ৰ বাক্য (Complex Sentence)

যিবোৰ বাক্য এটা প্ৰধান বাক্য আৰু তাৰ তলতীয়া এটা বা তাতোধিক বাক্যাংশৰ দ্বাৰা গঠিত হয় তাকে  জটিল বাক্য বোলে। সাধাৰণতে এটা জটিল বাক্যত এটা প্ৰধান বাক্য (Principal Clause) আৰু এটা অপ্ৰধান বাক্য (Subordinate Clause) থাকে। ইয়াৰ অপ্ৰধান বাক্যাংশটি প্ৰধান বাক্যটিৰ ওপৰত নিৰ্ভৰশীল।  উদাহৰণ–

যিবোৰ ল’ৰা ভাল, সিহঁতে ভাল কাম কৰে।

যোৱাকালি যিজনী ছোৱালী আহিছিল, তাই মোৰ ভনী।

উক্ত বাক্য দুটিৰ ‘সিহঁতে ভাল কাম কৰে’ আৰু ‘তাই মোৰ ভনী’- প্ৰধান বাক্য। আনহাতে ‘যিবোৰল’ৰা ভাল’ আৰু ‘যোৱাকালি যিজনী ছোৱালী আহিছিল’ – বাক্যাংশবোৰ  আগৰ প্ৰধান বাক্যাংশ দুটাৰ তলতীয়া।  সেয়ে বাক্য দুটা জটিল বাক্য।

৩। যৌগিক বা সংযুক্ত বাক্য (Compound Sentence)

যেতিয়া এটাতকৈ অধিক সৰল বাক্য বা মিশ্ৰ বাক্য কোনো সংযোজক অব্যয়ৰ দ্বাৰা যুক্ত হৈ এটা বাক্যত পৰিণত হয়, তেতিয়া  তাক যৌগিক বাক্য বা সংযুক্ত বাক্য বোলে। যেনে–

লীলা এজনী ভাল ছোৱালী আৰু ছামীমা এজনী ভাল ছোৱালী।

তেওঁ যথেষ্ট পৰিশ্ৰম কৰে  তথাপি দুখীয়া।

ওপৰৰ প্ৰথম বাক্যটোত দুটা সৰল বাক্য আছে । যথাঃ (ক) ‘লীলা এজনী ভাল ছোৱালী’ আৰু (খ) ‘ছামীমা এজনী ভাল ছোৱালী’ -এই সৰল বাক্য দুটি ‘আৰু’ -সংযোজক অব্যয়টোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে। তেনেদৰে দ্বিতীয় বাক্যটোতো দুটা অংশ আছে আৰু ই ‘তথাপি’- এই সংযোজক পদটোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে।

অনুশীলনী

(১) গঠন অনুযায়ী অসমীয়া বাক্যক কেই ভাগত ভাগ কৰা হৈছে?

(২) সৰল বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৩) জটিল বাক্য কাক বোলে? উদাহৰণসহ দিয়া।

(৪) যৌগিক বাক্য কাক বোলে? উদাহৰণ দি বুজাই লিখা।

You May Like:

উপসংহাৰ

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ অসমীয়া বাক্যৰ গাঁথনিক বিভাজন যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Leave a Comment

" target="_blank" rel="nofollow">