Join WhatsApp

Join Now

Join Telegram

Join Now

অষ্ট্ৰেলিয়া । Australia হৈছে বিষুৱ ৰেখাৰ দক্ষিণে অৱস্থিত

By Nzmina Begum

Published On:

অষ্ট্ৰেলিয়া । Australia

অষ্ট্ৰেলিয়া । Australia হৈছে বিষুৱ ৰেখাৰ দক্ষিণে অৱস্থিত

(অষ্ট্ৰেলিয়া । Australia) হৈছে বিষুৱ ৰেখাৰ দক্ষিণে অৱস্থিত এখন দ্বীপ ৰাষ্ট্র। দ্বীপ ৰাষ্ট্রখনৰ সম্পূৰ্ণ নাম কমনৱেলথ অব্‌ অষ্ট্ৰেলিয়া ।

ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ মধ্যৱৰ্তী অঞ্চলত অৱস্থিত অষ্ট্ৰেলিয়া মহাদেশৰ প্ৰায় সম্পূৰ্ণ জুৰি আছে কমনৱেলথ অব্‌ অষ্ট্ৰেলিয়াই। ৰাষ্ট্রখনৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ দিশত আছে ভাৰত মহাসাগৰ আৰু পূবফালে আছে প্ৰশান্ত মহাসাগৰ।

দেশখন সমতল আৰু ইয়াৰ অধিকাংশ স্থান শুকান আৰু মৰুভূমিময়। মাত্ৰ এক-তৃতীয়াংশ তৃণভূমি। দেশখনৰ উচ্চতম পৰ্বত শৃংগটোৰ নাম মাউন্ট ক’ছিয়াছ্‌ক।

অষ্ট্ৰেলিয়াৰ পূব ভিক্টোৰিয়া আৰু নিউ ছাউথ ৱেল্‌ছৰ মধ্যৱৰ্তী অষ্ট্ৰেলিয়াৰ আল্পছ নামৰ পৰ্বতমালাত অৱস্থিত। এই শৃংগৰ উচ্চতা 2,228 মিটাৰ। মাৰে, ডাৰলিং, মাৰৰামবিড্‌জি, লাচলান আদি অস্ট্রেলিয়াৰ প্ৰধান নদী। ইয়াৰে মাৰে নদীখন আটাইতকৈ দীঘল।

অস্ট্রেলিয়া বিষুৱ ৰেখাৰ দক্ষিণত অৱস্থিত হোৱা হেতুকে ইয়াৰ জলবায়ু উত্তৰ গোলাৰ্ধৰ সম্পূৰ্ণ বিপৰীত। অস্ট্রেলিয়াত ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈকে গ্ৰীষ্মকাল।

দেশখনৰ পূব উপকূলত প্ৰায় গোটেই বছৰজুৰি পাতলীয়া বৰষুণ হয়। মকৰক্ৰান্তি ৰেখা অস্ট্রেলিয়াৰ প্ৰায় সোঁমাজেৰে পাৰ হৈ গৈছে।

ইউৰোপীয় উপনিৱেশ স্থাপনৰ আগলৈকে অস্ট্রেলিয়াৰ বুৰঞ্জী সম্বন্ধে সবিশেষ জনা নাযায়। ইয়াৰ মূল বাসিন্দা হ’ল অস্ট্রেলিয়াৰ অধিবাসীসকল। 1606 চনত হলেণ্ডৰ (নেদাৰলেণ্ড) ডাচ্চসকলে তেওঁলোকৰ উপনিৱেশ জাভা দ্বীপলৈ যাওতে এই বিশাল ভূখণ্ডৰ সন্ধান পায়।

ডাচ্চসকলে অস্ট্রেলিয়াৰ নাম দিয়ে নিউ হলেণ্ড। ইয়াৰ এশ বছৰৰ পাছত 1770 চনত ইংৰাজ নাবিক কেপ্টেইন জেম্‌ছ কুকে ইয়াক ব্ৰিটিছৰ উপনিৱেশ বুলি ঘোষণা কৰে।

কিন্তু অঞ্চলটো জনহীন হোৱাত 1788 চনত ব্ৰিটিছ চৰকাৰে সেই দেশৰ দীৰ্ঘম্যাদী বন্দীসকলক অস্ট্রেলিয়াত  পুনৰ্বাসনৰ বাবে পঠিওৱাৰ পৰিকল্পনা লয়।

সেই অনুসৰি 1839 চন পৰ্যন্ত ইয়ালৈ মুঠ 1 লাখ 61 হাজাৰ শ্বেতাংগ বন্দী প্ৰেৰণ কৰা হয়। সেই বন্দীসকলেই অস্ট্রেলিয়াত  এক নতুন বসতিস্থল স্থাপন কৰে। 1901 চনৰ 1 জানুৱাৰীত গৃহীত সংবিধান আনুযায়ী অস্ট্রেলিয়াৰ সংসদৰ দায়িত্ব আৰু কৰ্তব্য নিৰ্দিষ্ট কৰা হয়।

সেই দিনাই অস্ট্রেলিয়াৰ উপনিৱেশ কেইখন একেলগ হৈ গঠন কৰে কমনৱেল্‌থ অব্‌ অস্ট্রেলিয়া। তেতিয়াৰে পৰা অস্ট্রেলিয়া কমনৱেলথৰ অন্তৰ্ভুক্ত এখন সাৰ্বভৌম ৰাষ্ট্র। 1927 চনৰ 9 মে’ত নিউ ছাউথ ৱেলছৰ কেনবেৰা চহৰত কমনৱেলথ অব অস্ট্রেলিয়াৰ ৰাজধানী স্থাপন কৰা হয়।

কমনৱেলথ অব অস্ট্রেলিয়াৰ অন্তৰ্ভুক্ত নোহোৱা বহু কেইটা দ্বীপ আৰু দ্বীপপুঞ্জ ৰাষ্ট্রসংঘৰ ব্যৱস্থাপনাৰে এতিয়া অস্ট্রেলিয়াৰ প্ৰাশাসনিক তত্ত্বাৱধানত আছে। ইয়াৰ ভিতৰত নৰফোক দ্বীপপুঞ্জ, ক্ৰিষ্টমাছ দ্বীপপুঞ্জ, কোকোছ দ্বীপপুঞ্জ, আশ্বমোৰ আৰু কাৰ্টিয়াৰ দ্বীপপুঞ্জ, কোৰেল ছী আইলেণ্ড টেৰিটৰী, হাৰ্ড আইলেণ্ড, মেকুডোনাল্ড আইলেণ্ড,  অস্ট্রেলিয়া এণ্টাৰ্কটিকা টেৰিটৰী আদি উল্লেখযোগ্য। এইখিনি অস্ট্রেলিয়াৰ বহিৰ্দেশীয় ভূখণ্ড নামে জনাজাত।

কমনৱেলথ অব অস্ট্রেলিয়াৰ ৰাজধানী কেনবেৰাৰ মাটিকালি প্ৰায় 1,448বৰ্গ কিলোমিটাৰ। 1913 চনত প্ৰতিষ্ঠিত এই চহৰে 1927 চনত অস্ট্রেলিয়াৰ ৰাজধানীৰূপে স্বীকৃতি লাভ কৰে। সেই বছৰেই ইয়াত মুকলি কৰা হয় অস্ট্রেলিয়াৰ কেন্দ্ৰীয় সংসদ ভৱন।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment