Join WhatsApp

Join Now

Join Telegram

Join Now

অধিকাৰ Class 11 Political Science Chapter 15 Solutions 2026

By Rabbi Masrur

Published On:

অধিকাৰ Class 11 Political Science Chapter 15 Solutions

অধিকাৰ Class 11 Political Science Chapter 15 Solutions Notes

উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘অধিকাৰ‘ পাঠটিৰ Class 11 Political Science Chapter 15 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

👉 Read Also:

অধিকাৰ

শাখা-খ অধ্যায়-15

ৰাজনৈতিক তত্ব

অতি চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-১)

১। অধিকাৰ কি?

উত্তৰঃ অধিকাৰ হৈছে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত নাগৰিকৰ কিছুমান দাবী।

২। এটা সার্বজনীন প্ৰকৃতিৰ অধিকাৰ উল্লেখ কৰা।

উত্তৰঃ জীৱিকাৰ অধিকাৰ।

৩। এটা নতুন অধিকাৰৰ নাম লিখা।

উত্তৰঃ অথ্য জনাৰ অধিকাৰ।

৪। ইমানুৱেল কান্টৰ অধিকাৰৰ মতবাদটোৱে কোনবিধ ধাৰণাক প্রতিনিধিত্ব কৰিছে?

উত্তৰঃ নৈতিক অধিকাৰ।

৫। বৈধ অধিকাৰ কি?

উত্তৰঃ দেশৰ আইন বা সংবিধানৰ দ্বাৰা স্বীকৃত অধিকাৰকে বৈধ অধিকাৰ বোলে।

৬। শিক্ষাক এক সার্বজনীন অধিকাৰ বুলি ক’ব পাৰিনে?

উত্তৰঃ পাৰি।

৭। ‘অধিকাৰ হ’ল সমাজ জীৱনৰ সেই বিলাক অবস্থা যিবিলাক নহ’লে সাধাৰণভাবে মানুহৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ হ’ব নোৱাৰে।’ কথাষাৰ কোনে কৈছিল?

উত্তৰঃ লাস্কি।

৮। ব্যক্তিক প্রাকৃতিক অধিকাৰ কোনে প্রদান কৰে?

উত্তৰঃ ঈশ্বৰে বা প্রকৃতিয়ে।

৯। এজন ব্যক্তিক কোনে নাগৰিক অধিকাৰ প্ৰদান কৰে?

উত্তৰঃ ৰাষ্ট্ৰই।

১০। ভোটদানৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ হয়নে?

উত্তৰঃ হয়।

১১। প্রাকৃতিক অধিকাৰৰ ধাৰণাটো কোনে আগবঢ়াইছল?

উত্তৰঃ জন ল’কে।

১২। চৰকাৰী চাকৰি বিচৰাটো কি অধিকাৰ?

উত্তৰঃ ৰাজনৈতিক অধিকাৰ।

১৩। ‘অধিকাৰে কর্তব্য সূচায়।’ কথাষাৰ সঁচানে?

উত্তৰঃ সঁচা।

১৪। ‘সকলো দাবীয়েই অধিকাৰ নহয়।’ সঁচানে?

উত্তৰঃ সঁচা।

১৫। মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়।

উত্তৰঃ ১০ ডিচেম্বৰ।

১৬। ‘ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত অধিকাৰৰ মাধ্যমতেই ৰাষ্ট্ৰৰ স্বৰূপ উপলব্ধি কৰা যায়।’ কথাষাৰ কোনে কৈছিল?

উত্তৰঃ লাস্কিয়ে।

১৭। সমাজৰ বাহিৰত অধিকাৰ থাকিব পাৰেনে?

উত্তৰঃ নোৱাৰে।

১৮। এটা অর্থনৈতিক অধিকাৰৰ উদাহৰণ দিয়া।

উত্তৰঃ কৰ্মৰ অধিকাৰ।

👉 Read Also:

চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-২)

১। দুটা নৈতিক কৰ্তব্য উল্লেখ কৰা।

উত্তৰঃ দুটা নৈতিক কর্তব্য হ’ল- (ক) সৎ চৰিত্ৰ গঢ়ি তোলা।

(ক) স্বাস্থ্য ৰক্ষাৰ বাবে যত্ন লোৱা।

২। সকলো দাবীয়েই অধিকাৰ হ’ব পাৰেনে?

উত্তৰঃ সকলো দাবীয়েই অধিকাৰ হ’ব নোৱাৰে। এটা দাবী অধিকাৰ হ’বলৈ হ’লে তিনিটা চৰ্ত পূৰণ কৰিব লাগে। যেনেঃ

(ক) সামুহিক কল্যাণ প্রতিফলিত কৰিব লাগিব।

(খ) দাবীটোক সমাজে স্বীকৃতি দিব লাগিব।

(গ) দাবীটো ৰাষ্ট্ৰৰ দ্বাৰা সুৰক্ষিত হ’ব লাগিব।

৩। এৰিষ্টটলৰ মতে ন্যায় কি?

উত্তৰঃ এৰিষ্ট’টলৰ মতে, ‘ব্যক্তিৰ অৰ্হতা আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা বৰঙণি অনুসৰি পদবী আৰু স্থান বিতৰণ কৰাই হৈছে ন্যায়।’

চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। সার্বজনীন প্ৰকৃতিৰ অধিকাৰ মানে কি? উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ সমাজত মানুহ হিচাপে জীয়াই থাকিবলৈ কিছুমান অধিকাৰ সকলোৰে বাবে অপৰিহাৰ্য বুলি বিবেচিত হয়। এনেদৰে যিবোৰ অধিকাৰ ভোগ কৰা অবিহনে মানুহে সুস্থ সামাজিক জীৱন যাপন কৰিব নোৱাৰে সেইবোৰ অধিকাৰকে ‘সাৰ্বজনীন প্ৰকৃতিৰ অধিকাৰ’ বুলি কোৱা হয়। উদাহৰণ: জীয়াই থকাৰ অধিকাৰ, শিক্ষা লাভৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ ইত্যাদি।

২। অধিকাৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ অধিকাৰ হৈছে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত নাগৰিকৰ কিছুমান দাবী। অধিকাৰৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ

(ক) অধিকাৰ স্পষ্ট আৰু ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত।

(খ) অধিকাৰে নাগৰিকসকলক সর্বাঙ্গীন কল্যাণৰ সুযোগ দিয়ে।

(গ) অধিকাৰ নাগৰিকৰ ন্যায়সংগত দাবী।

(ঘ) অধিকাৰবোৰ জনকল্যাণমূলক।

৩। অধিকাৰৰ প্ৰয়োজন কিয়? আলোচনা কৰা।

উত্তৰঃ অধিকাৰ হৈছে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত নাগৰিকৰ কিছুমান দাবী। মানুহৰ বাবে অধিকাৰৰ প্ৰয়োজন আছে। কাৰণ

(ক) অধিকাৰৰ জৰিয়তে মানুহে সমাজত মানুহ হিচাপে কিছুমান সা-সুবিধা লাভ কৰে যিবোৰ সুবিধা উপভোগ কৰি মানুহে নিজৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰিব পাৰে।

(খ) অধিকাৰ উপভোগে ব্যক্তিক সমাজ সচেতন কৰি তোলে। ফলত সমাজৰ প্ৰতি ব্যক্তিৰ দায়িত্ব বৃদ্ধি পায় আৰু ব্যক্তিজন সামাজিক হৈ উঠে।

(গ) অধিকাৰে ব্যক্তিক আত্মসন্মান আৰু আত্মমর্যদাৰে জীয়াই থাকিবলৈ শিকায়।

(ঘ) অধিকাৰ উপভোগে মানুহক স্বতন্ত্রতাৰ শিক্ষা দিয়ে আৰু আনকো অধিকাৰ ভোগ কৰাৰ প্ৰতি উৎসাহিত কৰি তোলে।

৩। ‘অধিকাৰে ৰাষ্ট্ৰীয় কর্তৃপক্ষৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰে।’ উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰঃ অধিকাৰ হৈছে ৰাষ্ট্ৰ বা কোনো সার্বভৌম শক্তিৰ দ্বাৰা বলবৎ কৰা কিছুমান সুযোগ-সুবিধা যিবোৰ অবিহনে ব্যক্তিয়ে সুস্থ আৰু সুন্দৰ জীৱন যাপন কৰিব নোৱাৰে। অধিকাৰে ৰাষ্ট্ৰৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰে। কাৰণ অধিকাৰে ৰাষ্ট্ৰক কিছুমান নীতি নিয়ম আৰু নির্দিষ্ট ধৰণে কাম কৰিবলৈ বাধ্য কৰায় । উদাহৰণ স্বৰূপে ৰাষ্ট্ৰই নাগৰিক অধিকাৰৰ সুৰক্ষা দিয়াৰ বাবেই স্বেচ্ছাচাৰী হ’ব নোৱাৰে বা জাতি, ধর্ম, লিংগ, বর্ণ নির্বিশেষে সকলোকে সমান সুবিধা দিয়াৰ বাবে বাধ্য থাকে। ইয়াৰ উপৰিও কিছুমান নিষেধাজ্ঞামূলক অধিকাৰো আছে যিবোৰে ৰাষ্ট্ৰৰ কর্তৃত্বৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)

১। অধিকাৰ বুলিলে কি বুজা? অধিকাৰৰ বিভিন্ন ভাগসমূহ আলোচনা কৰা।

উত্তৰঃ অধিকাৰ হ’ল ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত কিছুমান সুযোগ-সুবিধা। চিন্তাবিদ লাস্কিৰ মতে, ‘অধিকাৰ হ’ল সমাজ জীৱনৰ সেই বিলাক অৱস্থা যিবিলাক নহ’লে সাধাৰণভাবে মানুহৰ ব্যক্তিত্বৰ পূর্ণ বিকাশ হ’ব নোৱাৰে।’ অধিকাৰৰ বিভিন্ন বিভাগ আছে। যেনে – ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, অর্থনৈতিক অধিকাৰ, নৈতিক অধিকাৰ, বিধিগত অধিকাৰ ইত্যাদি। তলত কেইটিমান অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

(ক) ৰাজনৈতিক অধিকাৰ: ৰাজনৈতিক অধিকাৰ বুলিলে সেইবোৰ অধিকাৰক সূচায় যিবোৰ অধিকাৰৰ জৰিয়তে জনসাধাৰণে দেশৰ ৰাজনৈতিক কার্যাৱলীত অংশ গ্রহণ কৰিব পাৰে। উদাহৰণস্বৰূপে ভোটদানৰ অধিকাৰ, ৰাজনৈতিক দল গঠনৰ অধিকাৰ, নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ আদি। ৰাজনৈতিক অধিকাৰৰ জৰিয়তে ব্যক্তিয়ে দেশৰ শাসন কাৰ্যত পৰোক্ষভাৱে বা প্রত্যক্ষভারে অংশ গ্রহণ কৰিব পাৰে।

(খ) অর্থনৈতিক অধিকাৰ: অর্থনৈতিক নিৰাপত্তা সুৰক্ষিত কৰা সুযোগ-সুবিধাবোৰেই অর্থনৈতিক অধিকাৰ। উদাহৰণ স্বৰূপে কৰ্মৰ অধিকাৰ, উপযুক্ত মজুৰি লাভৰ অধিকাৰ, জিৰণিৰ অধিকাৰ, ইত্যাদি।
(গ) সামাজিক অধিকাৰ: এক সুন্দৰ, সুখী আৰু উন্নত জীবন-
যাপনৰ বাবে প্রয়োজনীয় সুযোগ-সুবিধা পোৱাৰ অধিকাৰেই হ’ল সামাজিক অধিকাৰ। সামাজিক অধিকাৰৰ ভিতৰত প্ৰধান কেইটামান অধিকাৰ হ’ল শিক্ষাৰ অধিকাৰ, সমতাৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ আদি।

(ঘ) নৈতিক অধিকাৰঃ মানুহৰ সামাজিক ন্যায় আৰু নৈতিক অনুভূতিৰ ওপৰত নিৰ্ভৰশীল অধিকাৰকে নৈতিক অধিকাৰ বোলে। সামাজিক প্রথা, জনমত আদিয়েই হ’ল নৈতিক অধিকাৰৰ উৎস। নৈতিক অধিকাৰ ৰাষ্ট্ৰৰ আইনৰ দ্বাৰা বলবৎ কৰিব নোৱাৰি। নৈতিক অধিকাৰ মানুহৰ নৈতিক আচৰণৰ দ্বাৰা প্ৰকাশ পায়। উদাহৰণস্বৰূপে পিতৃ-মাতৃয়ে সন্তানৰ পৰা পোৱা শ্রদ্ধা-ভক্তি।

(ঙ) বিধিগত অধিকাৰ বিধিগত অধিকাৰ হ’ল নাগৰিকে উপভোগ কৰা কিছুমান সা-সুবিধা যিবোৰ ৰাষ্ট্ৰ এখনৰ সার্বভৌম ক্ষমতাই প্ৰদান কৰে আৰু ৰক্ষণাবেক্ষণ দিয়ে। বিধিগত অধিকাৰ সকলোৰে বাবে প্রযোজ্য। বিধিগত অধিকাৰক প্ৰধানকৈ চাৰি ভাগত ভাগ কৰা হৈছে। যেনে নাগৰিক বা পৌৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সামাজিক অধিকাৰ আদি।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment