Join WhatsApp

Join Now

Join Telegram

Join Now

অডিছি Odysseyৰ বিষয় আৰু ইতিহাস অসমীয়াত

By Nzmina Begum

Published On:

অডিছি Odysseyৰ বিষয় আৰু ইতিহাস অসমীয়াত

অডিছি Odysseyৰ বিষয় আৰু ইতিহাস অসমীয়াত

গ্ৰীক মহাকবি হোমাৰে ৰচনা কৰা এখন মহাকাব্য হ’ল অ’ডিচি। হোমাৰৰ জন্মৰ বহু আগতেই গ্ৰীচৰ লগত ট্ৰয় নগৰৰ দীৰ্ঘদিন যুদ্ধ হৈছিল। বহুবছৰ এই যুদ্ধৰ কাহিনী মানুহৰ মুখে মুখে প্ৰচলিত আছিল। এই যুদ্ধ কাহিনীক অৱলম্বন কৰি হোমাৰে ‘ইলিয়াড’ আৰু ‘অ’ডিছি’ নামৰ  দুখন মহাকাব্য ৰচনা কৰে। মহাকাব্য দুখন পৰস্পৰৰ পৰিপূৰক।

অ’ডিছি মহাকাব্যখনত ২৪ টা অধ্যায় আছে। বাটত নানা বাধা-বিঘিনি অতিক্ৰম কৰি গ্ৰীক বীৰ নায়ক ইউলিচেছৰ ট্ৰয়ৰ পৰা স্বদেশ ইথাকালৈ প্ৰত্যাৱৰ্তন আৰু পত্নী পেনিলোপৰ পাণি প্ৰাৰ্থীসকলক দমন তথা নিধন, —ইয়ে মহাকাব্যখনৰ ঘাই বিষয়বস্তু। ইউলিচেছৰ পুত্ৰ টেলিমেকাছৰ পিতৃ-অন্বেষণৰ অভিযানৰ কাহিনীও এক উপ-কাহিনীৰূপে মহাকাব্যখনত সন্নিৱিষ্ট হৈছে।

ঘটনাৰ অভিনৱত্ব, বৰ্ণনাৰ চাতুৰ্য আদিৰ বাবে ইলিয়াড আৰু অ’ডিছিয়ে বিশ্ব সাহিত্যৰ বিশিষ্ট মহাকাব্যৰূপে স্বীকৃতি লাভ কৰিছে। ‘ইলিয়াড’ আৰু ‘অ’ডিছি’ পৃথিৱীৰ প্ৰায় সকলো ভাষালৈকে অনূদিত হৈছে। অসম প্ৰকাশন পৰিষদে এই মহাকাব্য দুখনৰ অসমীয়া অনুবাদ প্ৰকাশ কৰিছে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment