Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক আনন্দৰাম বৰুৱা Class 12 Assamese Chapter 3 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
আনন্দৰাম বৰুৱা Class 12 Assamese Chapter 3 Solutions
আনন্দৰাম বৰুৱা – উপেন্দ্ৰ চন্দ্ৰ লেখাৰু
লেখক পৰিচয়ঃ উপেন্দ্র চন্দ্র লেখাক (১৯০৫-১৯৭৯) আছিল এজন অসমীয়া বৈষ্ণব সাহিত্যৰ অন্যতম পণ্ডিত। তেওঁ অসমীয়া বিষয়ৰ উপৰিও ‘বাংলা’ বিষয়তো এম. এ. ডিগ্রী লাভ কৰিছিল। শিক্ষা শেষ কৰি পোন প্রথমতে উত্তৰ গুৱাহাটীৰ কমলদের হাই স্কুলত শিক্ষকতা কৰিবলৈ লয়। পাছত কটন কলেজৰ অসমীয়া বিভাগত সুদীর্ঘকাল অধ্যাপনা কৰি বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। লেখাৰুদেৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ ‘কথা-গুৰু-চৰিত’ অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ। অসমীয়া ৰামায়ণ সাহিত্য, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা আদি তেখেতৰ উল্লেখযোগ্য গ্রন্থ। তেখেতে অনুবাদ সাহিত্যলৈয়ো বিশিষ্ট বড়ঙনি আগবঢ়াই থৈ গৈছে। তেওঁৰ অনুবাদ গ্রন্থ কেইখন হ’ল – শ্ৰীশ্ৰী ৰামকৃষ্ণৰ উপদেশ, ধৰ্ম্মপদ, এনক আর্ডেন আদি। আধুনিক বিজ্ঞানসম্মত পদ্ধতিত পুৰণি সাহিত্য সম্পাদনাৰ প্ৰয়াস কৰা লেখাৰুদেৱৰ ‘ভক্তি বিবেক’ আৰু ‘কথা সাহিত্য’ উল্লেখযোগ্য সম্পাদিত গ্রন্থ। তেওঁ ১৯৭০ চনত ধিঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তত্রিংশ অধিবেশনত সভাপতিত্ব কৰে। ১৯৭৯ চনত লেখাৰুদেৱে পৰলোকগামী হয়।
কঠিন শব্দৰ অৰ্থঃ
ক্ষণজন্মা: অতি শুভ সময়ত জন্ম হোৱা, ভাগ্যবান। উপৰিস্থসকল: জ্যেষ্ঠসকল। প্রকৃষ্টঃ উত্তম, শ্রেষ্ঠ। অনিয়া-অনি: পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা।
পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:
(ক) অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মূল্যাংকঃ ১)
১। (ক) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?
উত্তৰ: আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীৰ ৰাজাদুৱাৰ নামে ঠাইত।
২। ভাৰতত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল?
উত্তৰ: ভাৰতত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈছিল।
৩। আনন্দৰাম বৰুৱাই কোনখন গ্রন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছিল?
উত্তৰ: আনন্দৰাম বৰুৱাই ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছিল।
৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।
উত্তৰ: আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিদেশী পণ্ডিত মেক্সমূলাৰে বিস্ময়াভিভূত হৈছিল।
৫। আনন্দৰাম বৰুৱাৰ জীবনৰ মূলমন্ত্র কি আছিল? H.S. ’18
উত্তৰ: আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কর্ম।
(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ২/৩)
১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুসৰণ কৰিবলগীয়া?
উত্তৰ: আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃৰ প্ৰতি শ্রদ্ধা, দেশৰ প্রতি ভক্তি, জ্ঞান চর্চাৰ প্রতি স্পৃহা আৰু কর্মনিষ্ঠা আদি গুণবোৰ অনুসৰণ কৰিবলগীয়া।
২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?
উত্তৰ: আনন্দৰাম বৰুৱা বিলাতলৈ যোৱাৰ সময়ত নিচেই কম মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰিছিল। আনকি পথ দুর্গম হোৱা কাৰণে অসমৰ পৰা বংগদেশলৈয়ো যাবলৈ অসমৰ মানুহে ভয় কৰিছিল। এনে ভাৱৰ বাহিৰেও বিলাতলৈ গ’লে জাতি যোৱা ভয়ো আছিল। সেয়ে আনন্দৰামৰ বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল।
৩। কেনে ধৰণে তেওঁ পৰিচয় দি সন্তোষ লাভকৰিছিল? H.S. ’17
উত্তৰ: আনন্দৰাম বৰুৱাই গৰ্গৰাম আৰু দুর্লভেশ্বৰীৰ পুত্ৰ আৰু পৰশুৰাম জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল।
৪। ‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’- বুজাই লিখা।
উত্তৰ: দেশমাতৃৰ সুযোগ্য সন্তান আনন্দৰাম বৰুৱাই দেশ তথা মাতৃভূমি অসমক অন্তৰৰ পৰা ভক্তি কৰিছিল। প্রাগজ্যোতিষপুৰক লৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছল। তেওঁ নিজৰ গ্ৰন্থৰ মাজত য’তেই সুবিধা পাইছিল তাতেই দুয়োটা নাম তথা ইয়াৰ ঐতিহ্যৰ কথা উল্লেখ কৰিছিল।
‘প্রাগজ্যোতিষপুৰ সম্ভবম’ (প্রাগজ্যোতিষপুৰৰ লোক) বুলি তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছে।
এনেদৰে তেওঁ নিজ দেশৰ প্রতি শ্রদ্ধা ভক্তি দেখুৱাইছিল।
৪। কিহ’ৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব?
উত্তৰ: আনন্দৰাম বৰুৱাই জ্ঞানচৰ্চাৰ বাবে দেখুওৱা আদর্শ আৰু তেওঁ ৰচনা কৰা মূল্যবান সংস্কৃত গ্রন্থসমূহৰ বাবে সদায় পূজনীয় হৈ থাকিব।
(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪/৫)
১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেকৈ নিজকে পৰিচালিত কৰিব পাৰে?’ আনন্দৰাম বৰুৱা’ পাঠটিৰ সহায়ত বুজাই লিখা।
উত্তৰ: মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে নিজকে পৰিচালিত কৰিব পাৰে। আনন্দৰাম বৰুৱা তাৰ এক উজ্জ্বল উদাহৰণ। আনন্দৰাম বৰুৱা এখন সৰু গাঁৱত জন্ম গ্রহণ কৰি খাৰপাত, কল, কুঁহিয়াৰ আদি খাই ডাঙৰ হৈছিল যদিও তেওঁৰ কৰ্ম আৰু সংকল্পই বিশ্ববাসীক আচৰিত কৰি তুলিছিল। তেওঁৰ কর্ম আৰু সংকল্প দেখি বিখ্যাত পণ্ডিত মেক্সমুলাৰেও বিষ্ময় মানিছিল। আনন্দৰাম বৰুৱাই একাগ্রচিত্তে জ্ঞান-চর্চা কৰিছিল বাবেই মূল্যবান সংস্কৃত গ্রন্থসমূহ বচনা কৰিবলৈ সক্ষম হৈছিল। গতিকে তেওঁ দেখুৱাই থৈ যোৱা বাটেৰে খোজ দি আমিও উন্নতিৰ পথেৰে পৰিচালিত হ’ব পাৰোঁ।
২। একাগ্রতা গুণে আনন্দৰামক কেনেদৰে সহায় কৰিছিল?
উত্তৰ: আনন্দৰাম বৰুৱা সদায় একাগ্র আছিল। একাগ্রতা গুণৰ বলতে তেওঁ অসাধাৰণ কৰ্মী হ’ব পাৰিছিল। এই একাগ্রতা গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল। ল’ৰাকালতে ভাওনা আদি সামাজিক উৎসবসমূহত যোগ দিওঁতে আনন্দৰাম যেনে একমনা আছিল, লিখা-পড়া বিষয়তো তেওঁ একমনা আছিল। সেয়ে গোটেই ‘অমৰকোষ’ (সংস্কৃত অভিধান) খন ল’ৰাকালতে মুখস্থ কৰিব পাৰিছিল।
৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ।’ ‘কমই H.S. ’19
উত্তৰ: উপৰি উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত উপেন্দ্র চন্দ্র লেখাৰুদেৱে ৰচনা কৰা ‘আনন্দৰাম বৰুৱা, নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
কৰ্মৰ দ্বাৰাই যে মানুহে জীবনক অমৰ আৰু মহান কৰিব পাৰে তাকে বুজাই ক’বলৈ লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।
পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱন আছিল কর্মময়। কৰ্মৰ দ্বাৰাই তেওঁ জীৱনৰ আনন্দ লাভকৰিছিল। তেওঁ কঠোৰ কৰ্ম শক্তিৰ দ্বাৰাই দেশ-বিদেশৰ উচ্চ শিক্ষাৰে শিক্ষিত হ’ব পাৰিছিল আৰু সংস্কৃত সাহিত্যত পাণ্ডিত্যৰ পৰিচয় দিব পাৰিছিল, লগতে ভাৰতীয় সংস্কৃত ভাষা-সাহিত্য বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিব পাৰিছিল।
সেয়ে কৰ্মৰ দ্বাৰাহে মানুহে জীৱনৰ পৰিচয় গঢ়িব পাৰে। কর্মহীনতাৰ দ্বাৰা কেতিয়াও কোনেও নিজৰ পৰিচয় গঠন কৰিব নোৱাৰে। অর্থাৎ কর্মহীনতা জীবন্তে মৃত্যুস্বরূপ।
৪। আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰো পাঠটিৰ সহায়ত বুজাই লিখা।
উত্তৰ: কেইবাটাও দিশৰ পৰা আনন্দৰাম বৰুৱাৰ জীৱন আছিল এক আদর্শময় আৰু অনুজসকলৰ বাবে এক প্ৰেৰণাস্বরূপ।
প্রথমত, আনন্দৰাম বৰুৱা আছিল এজন নিষ্ঠাবান কর্মী। তেওঁ যিকোনো কামকে নিষ্ঠ। সহকাৰে কৰিছিল। তেওঁ সামাজিক ভাওনা অনুষ্ঠানত যিমান নিষ্ঠা সহকাৰে আগভাগ লৈছিল তেনেদৰে পঢ়া-শুনাতো নিষ্ঠাবান আছিল। সেয়ে তেওঁ ভাৰতত শিক্ষা লাভ কৰাৰ উপৰিও অধিক শিক্ষা লাভ কৰাৰ বাবে সুদূৰ ইউৰোপলৈ যাব পাৰিছিল।
দ্বিতীয়, আনন্দৰাম বৰুৱা আছিল সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত। তেওঁ সংস্কৃত সাহিত্য চৰ্চাৰ যোগেদি শিক্ষাৰ দিশত ভাৰতত এক নৱজাগৰণৰ সূত্রপাত কৰিছিল। লগতে সংস্কৃত ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত নিজকে নিয়োজিত কৰিছিল। তেওঁ কেইবাখনো সংস্কৃত গ্ৰন্থৰ টীকা প্রস্তুত কৰি সংস্কৃত সাহিত্য সহজবোধ্য কৰি তুলিছিল। তেওঁৰ প্ৰচেষ্টাৰ বাবেই ইউৰোপৰ পণ্ডিতসমাজ সংস্কৃত সাহিত্যৰ লগত চিনাকি হ’বলৈ সক্ষম হৈছিল।
তৃতীয়, আনন্দৰাম অতি সৰলমনা আৰু স্বদেশপ্রেমী আছিল। তেওঁ দেশ-বিদেশৰ শিক্ষাৰে শিক্ষিত হ’লেও মাতৃভূমি আৰু আত্মীয় স্বজনৰ প্ৰতি তেওঁৰ আছিল অসীম প্রেম। সেয়ে তেওঁ ‘প্রাগজ্যোতিষৰ লোক’ বুলি নিজকে পৰিচয় দিছিল।
এনেদৰে আনন্দৰাম বৰুৱাৰ জীৱনৰ মহৎ আদৰ্শৰাজি গ্রহণ কৰি আমিও আনন্দৰাম বৰুৱাৰ দৰে সময় বালিত আমাৰ স্বাক্ষৰ থৈ যাব পাৰোঁ।
৫। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অবদান আগবঢ়াই গৈছে বুজাই লিখা।
নাইবা
জীৱন আৰু কৰ্মৰ দ্বাৰা আনন্দৰাম বৰুৱাই কেনেকৈ প্রাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল চমুকৈ লিখা। H.S. ’20
নাইবা
প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সম্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নির্ণয় কৰা। H.S. ’17, ’19
উত্তৰ: আনন্দৰাম বৰুৱা আছিল প্রাচ্য আৰু পাশ্চাত্যৰ সেঁতুস্বৰূপ। আনন্দৰাম বৰুৱাৰ পূৰ্বে ভাৰতীয় সংস্কৃত ভাষা-সাহিত্যৰ চৰ্চা কম আছিল বাবে বিশ্বই ভাৰতীয় সংস্কৃত সাহিত্যৰ বিষয়ে জনা নাছিল। আনন্দৰামৰ সংস্কৃত সাহিত্য চর্চাৰ যোগেদি পাশ্চাত্যৰ পণ্ডিতসকলে সেই সুযোগ লাভ কৰিবলৈ সুবিধা পায়। পিছলৈ আনন্দৰামৰ আদর্শকে সন্মুখত ৰাখি ভাৰততো সংস্কৃত ভাষা সাহিত্য চৰ্চাৰ এক জাগৰণৰ সূত্রপাত হয়। আজি ভাৰতৰ সংস্কৃত ভাষা-সাহিত্যৰ যোগেদি ভাৰতীয় সভ্যতাই বিশ্বৰ দৰবাৰত প্রতিষ্ঠিত হৈছে। সেয়ে প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাৰ স্থানো অতি উচ্চ।
অতিৰিক্ত প্রশ্ন-উত্তৰ:
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া: (মূল্যাংক: ১)
(ক) আনন্দৰামৰ চৰিত্ৰৰ বিশেষত্ব কি?
উত্তৰ : একাগ্ৰতাৰ সৈতে জ্ঞান চর্চা কৰাটোৱেই আছিল আনন্দৰাম বৰুৱাৰ চৰিত্ৰৰ বিশেষ বৈশিষ্ট্য।
(খ) আনন্দৰাম বৰুৱাই কর্মক্ষেত্ৰত কি কৰি থৈ গৈছিল?
উত্তৰ: আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা-সাহিত্য চৰ্চাৰ মূল দুৱাৰ মুকলি কৰি থৈ গৈছিল।
(গ) আনন্দৰাম বৰুৱাৰ স্থান কোন দিশৰ পৰা উচ্চ?
উত্তৰ : একাগ্ৰতা আৰু অধ্যাৱসায়ৰ দিশৰ পৰা আনন্দৰাম বৰুৱাৰ স্থান উচ্চ।
(ঘ) আনন্দৰাম বৰুৱাৰ পিতৃ-মাতৃৰ নাম কি?
উত্তৰ: আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল দুর্লভেশ্ববী।
(ঙ) আনন্দৰাম বৰুৱাৰ ককায়েকৰ নাম কি আছিল?
উত্তৰ: আনন্দৰাম বৰুৱাৰ ককায়েকৰ নাম আছিল পৰশুৰাম বৰুৱা আৰু জানকীৰাম বৰুৱা।
(চ) আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেমৰ পৰিচয় দিছে?
উত্তৰ: আনন্দৰাম বৰুৱাই তেওঁ ৰচনা কৰা সংস্কৃত সাহিত্যত প্রাগজ্যোতিষপুৰ আৰু কামৰূপৰ বিভিন্ন কথা উল্লেখ কৰি স্বদেশপ্ৰেমৰ পৰিচয় দিছে।
(ছ) ‘মহাবীৰ চৰিত’ৰ ব্যাখ্যাত নাট-অভিনয়ৰ বিষয়ে লিখোতে আনন্দৰামে কিহৰ কথা উল্লেখ কৰিছে?
উত্তৰ: ‘মহাবীৰ চৰিত’ৰ ব্যাখ্যাত নাট-অভিনয়ৰ বিষয়ে লিখোতে আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।
(জ) ‘প্রাগজ্যোতিষপুৰ সম্ভবম’ বুলি কোনে গৌৰব কৰিছিল?
উত্তৰ: ‘প্রাগজ্যোতিষপুৰ সম্ভৱম’ বুলি আনন্দৰাম বৰুৱাই গৌৰৱ কৰিছিল।
(ঝ) আনন্দৰাম বৰুৱা আমাৰ মাজত কিয় চিৰপূজ্য হৈ থাকিব?
উত্তৰ: আনন্দৰামে ৰচনা কৰা সংস্কৃত গ্রন্থসমূহৰ বাবে আমাৰ মাজত চিৰপূজ্য হৈ থাকিব।
(ঞ) প্রকৃত কর্মীৰ চিন কেনেদৰে প্ৰকাশ পায়?
উত্তৰ: প্রকৃত কর্মীয়ে কৰ্মৰ বিনিময়ত কেতিয়াও প্রশংসা বা সন্মান নিবিচাৰে। ইয়াৰ দ্বাৰাই প্ৰকৃত কৰ্মীৰ চিন প্রকাশ পায়।
(ট) অসমৰ মানুহে কিহৰ বাবে বংগ দেশলৈ যাবলৈ ভয় কৰিছিল?
উত্তৰ: বাট-পথ দুর্গম বাবে অসমৰ মানুহে বংগ দেশলৈ যাবলৈ ভয় কৰিছিল।
(ঠ) আনন্দৰাম বৰুৱাই জ্ঞান লাভৰ বাবে ক’লৈ গৈছিল?
উত্তৰ: আনন্দৰাম বৰুৱাই জ্ঞান লাভৰ বাবে সুদূৰ ইউৰোপলৈ গৈছিল।
(ড) আনন্দৰাম বৰুৱাই জ্ঞান চৰ্চাৰ অনুৰাগত কি ব্রত পালন কৰিছিল?
উত্তৰ: আনন্দৰাম বৰুৱাই জ্ঞান চৰ্চাৰ অনুৰাগত চিৰকুমাৰ ব্রত পালন কৰিছিল।
(ঢ) আনন্দৰাম বৰুৱাই ল’ৰালি কালত কোনখন গ্রন্থ মুখস্থ কৰিছিল? H.S. ’20
উত্তৰ ল’ৰালি কালত আনন্দৰাম বৰুৱাই ‘অমৰকোষ’ গ্রন্থখন মুখস্থ কৰিছিল।
(ণ) আনন্দৰাম বৰুৱাৰ জীৱনী কোনে লিখিছিল?
উত্তৰ: ড° সূর্যকুমাৰ ভূঞাই আনন্দৰাম বৰুৱাৰ জীবনী ৰচনা কৰিছিল।
(ত) আনন্দৰাম বৰুৱাই ল’ৰালিকালত কি’হত অভিনয় কৰিছিল?
উত্তৰ : আনন্দৰাম বৰুৱাই ল’ৰালি কালত ভাওনাত অভিনয় কৰিছিল।
(থ) উপেন্দ্রচন্দ্র লেখাৰুৱে সম্পদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ নাম কি?
উত্তৰ: ‘কথা-গুৰু-চৰিত’।
(ঘ) ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল?
উত্তৰ : আনন্দৰাম বৰুৱাই ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি অগাধ পণ্ডিত হৈ পৰিছিল।
(চ) আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেদৰে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল?
উত্তৰ: আনন্দৰাম বৰুৱাই ‘প্রাগজ্যোতিষপুৰ সম্ভবম’ অর্থাৎ নিজকে প্রাগজ্যোতিষপুৰৰ লোক বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল।
(ছ) আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? H. S. ’24
উত্তৰ: একাগ্র কর্মনিষ্ঠা আৰু জ্ঞানতৃষ্ণাৰ বাবেই তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।
(ঝ) আনন্দৰাম বৰুৱাই কি উদ্দেশ্যে বিদেশলৈ গৈছিল?
উত্তৰ: আনন্দৰাম বৰুৱাই জ্ঞান লাভৰ উদ্দেশ্যে বিদেশলৈ গৈছিল।
(ঞ) কি’হৰ বাবে আনন্দৰাম পূজ্য হৈ থাকিব?
উত্তৰ: জ্ঞান চৰ্চাৰ ক্ষেত্ৰত অসমীয়াৰ পক্ষে নবযুগৰ সূচনা কৰা বাবে আনন্দৰাম পূজ্য হৈ থাকিব।
(ঠ) আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোন পণ্ডিতে বিস্ময় মানিছিল?
উত্তৰ: আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিখ্যাত পণ্ডিত মেক্সমুলাৰে বিষ্ময় মানিছিল।
(ণ) ‘বৈৰাগ্য’ শব্দৰ অৰ্থ কি? H.S. ’17
উত্তৰঃ বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি।
(ত) ভাৰতীয় প্রশাসনিক সেৱাত নিযুক্ত প্রথম গৰাকী অসমীয়া কোন? H.S. ’19
উত্তৰ: আনন্দৰাম বৰুৱা।
(থ) ‘এনক আর্ডেন’ৰ অনুবাদগৰাকীৰ নাম লিখ H.S. ’20
উত্তৰ: উপেন্দ্ৰ চন্দ্র লেখাৰু।
(দ) ‘তোমাৰে আনন্দ বৰুৱাই…’ বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্রশস্তি গাইছে? H.S. ’20
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই আনন্দৰাম বৰুৱাৰ বিষয়ে ‘প্রশস্তি’ কবিতাত তেনেদৰে প্রশংসা কৰিছে।
(ধ) ‘বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অর্জনীয় বিষয়ো এই দুটাই।’ লেখকে কোন দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে? H.S. ’20
উত্তৰঃ ‘বিদ্যা লাভৰ চমৰ পাপ্য দুটা হৈছে-সত্য আৰু ধর্ম।
(ন) ‘জীবনৰ শান্তিপর্ব’ শীর্ষক প্ৰবন্ধটোৰ বচক কোন? H.S. ’20
উত্তৰঃ ‘জীৱনৰ শান্তিপর্ব’ শীর্ষক প্ৰৱন্ধটোৰ ৰচকজন হ’ল সত্যনাথ বৰা।
(প) কোন দেশৰ প্ৰাচীন নৃপতিসকলক ‘গজধ্বজ’ খিতাপেৰে বিভূষিত কৰা হৈছিল? H.S. ’20
উত্তৰঃ প্রাচীন কামৰূপৰ নৃপসিকলক ‘গজধ্বজ’ খিতাপেৰে বিভূষিত কৰা হৈছিল।
২। বুজাই লিখা:
(ক) জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোঁতাসকলক আনন্দৰাম বৰুৱাই কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা প্রকাশ কৰিছিল?
উত্তৰ: আনন্দৰাম বৰুৱা আছিল এজন বিদগ্ধ পণ্ডিত। তেওঁ অসাধৰণ পাণ্ডিত্যৰ অধিকাৰী হোৱা সত্বেও আত্মীয়-স্বজনৰ প্ৰতি তেওঁৰ শ্রদ্ধা ভক্তি লেশমানো কমা নাছিল। এইগৰাকী মহান পণ্ডিতে নিজৰ পাণ্ডিত্যৰ পৰিচয় দিয়াতকৈ পিতৃ-মাতৃ তথা জ্যেষ্ঠ ভাতৃৰ পৰিচয়ৰে পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল। তেওঁলোকৰ প্রতি তেওঁ কেনেকৈ ভক্তি দেখুৱাব, কেনেকৈনো তেওঁলোকৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰিব তাক লৈয়ে আনন্দৰাম বৰুৱাই চিন্তা কৰিছিল।
সেয়ে তেওঁ জনম দিওঁতা আৰু লালন-পালন কৰোঁতাসকলৰ পৰিচয়েৰে তেওঁলোকৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰিছিল।
(খ) ‘নবযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰাম সদায় পূজা পাব।’ চমুকৈ বুজাই লিখা।
উত্তৰ: আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্য চর্চাৰে ভাৰতীয় বৌদ্ধিক জগত বিশ্বত প্রতিভাত কৰি থৈ যায়। অসমীয়া ভাষাত তেওঁ গ্রন্থ ৰচনা নকৰিলেও তেওঁ সকলো কর্ম ক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰিলে। জাত-পাতৰ বিচাৰ সেই সময়ত অধিক কটকটীয়া আছিল। ফলত জাতি যোৱাৰ ভয়ত সৰহভাগ মানুহেই বিদেশলৈ যোৱাৰ পক্ষপাতী নাছিল। তেনেকুৱা পৰিস্থিতিত পিতৃ-মাতৃ, আত্মীয়-স্বজনৰ পৰা আঁতৰি সাগৰ পাৰ হৈ ইউৰোপলৈ যাবলৈ সাহস আৰু মনোবলৰ প্ৰয়োজন আছিল। আনন্দবামে সেয়া আমাক দেখুৱাই থৈ গ’ল।
সেয়ে লিখক লেখাৰুদেরে কৈছে যে আনন্দৰামে অসমীয়াৰ পক্ষে নৱযুগৰ আৰম্ভণি কৰি থৈ গ’ল যাৰ বাবে তেওঁ পূজ্য হৈ থাকিব।
৩। প্রসগ-সংগতি দর্শাই ব্যাখ্যা কৰা: (মূল্যাংক: ৪/৫)
(ক) প্রকৃততে, মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজক উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে।
উত্তৰ উপৰি উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত উপেন্দ্র চন্দ্র লেখাৰুদেৱে ৰচিত ‘আনন্দৰাম বৰুৱা’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱনৰ আদৰ্শই কেনেদৰে অসমীয়া সমাজক প্রভাবিত কৰিছে সেই সম্পর্কে আলোচনা কৰিবলৈ যাওঁতে লেখক উপেন্দ্র চন্দ্র লেখাৰুয়ে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।
কেতিয়াৱা কেতিয়াবা মানব সমাজত এনে কিছুমান মানুহৰ আভির্ভাব হয় যিসকলে এখন দেশ বা এটা জাতিক বহু দূৰ আগবঢ়াই লৈ যায়। সিহঁতৰ জীৱনৰ এক সুন্দৰ উচ্চ আদর্শ থাকে। আন্দৰাম বৰুৱাও আছিল তেনে এজন আদর্শবান মহাপুৰুষ। তেওঁ আছিল ধৈর্য, একাগ্রতা, কর্মনিষ্ঠা, স্বদেশপ্রেম আদিৰ প্রতিমূর্তি। তেওঁ দেশ-বিদেশত শিক্ষা লাভকৰিও স্বজাতি আৰু আত্মীয় স্বজনক পাহৰি নগৈ নিজকে ‘প্রাগজ্যোতিষৰ লোক’ বুলি পৰিচয় দি গৌৰৱবোধ কৰিছিল। তেওঁ সংস্কৃত সাহিত্য অধ্যয়ন আৰু গৱেষণাৰ যোগেদি ভাৰতীয় সভ্যতা বিশ্বব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। অর্থাৎ তেওঁৰ জীৱনটো আছিল অনুসৰণ কৰিবলগীয়া মহৎ আদৰ্শৰে ভৰপুৰ।
গতিকে এনে এজন মহাপুৰুষৰ জীৱনৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে উন্নতিৰ শিখৰলৈ আৰোহণ কৰিব পাৰে।
(খ) ‘তেওঁ কি কি নকৰিলে সেইবোৰলৈ নাচাই তেওঁ কি কি কৰিলে, তাকে চালেহে আমি তেওঁৰ পৰিচয় পাম।’
উত্তৰ উপৰি উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত উপেন্দ্র চন্দ্র লেখাৰুদেৱে ৰচিত ‘আনন্দৰাম বৰুৱা’ নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।
পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱনৰ কৰ্মৰাজি মূল্যায়ন কৰিবলৈ যাওঁতে লেখকে উক্ত কথাফাকিৰ অৱতাৰণা কৰিছে।
আনন্দৰাম বৰুৱা আছিল এজন সংস্কৃত পণ্ডিত আৰু সংস্কৃত ভাষাৰ কেইবাখনো পুথিৰ সফল টীকাকাৰ। তেওঁ অসমীয়া ভাষাত কোনো গ্রন্থ ৰচনা কৰা নাছিল। সেইবাবে কোনো কোনোৱে তেওঁক দোষাৰোপো কৰিব খোজে। কিন্তু এজন মানুহে কি কৰা নাই- তাৰ ওপৰত তেওঁৰ মূল্যায়ন নহয়; মূল্যায়ন হয় তেওঁ কি কি কৰিছে তাৰ ওপৰতহে। কিয়নো এজন মানুহে সকলোবোৰ কাম কৰাটো অসম্ভৱ। আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্য ভাল পাইছিল আৰু তাৰ বিশেষ চর্চা কৰি নিজৰ প্রতিভাৰে জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বৃদ্ধি কৰি থৈ গ’ল। এই কামেই তেওঁক মহান কৰিলে।