Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 5 Question Answer আজোখা

By Rabbi Masrur

Published On:

Class 9 Assamese Chapter 5 Question Answer আজোখা

আজোখা

চৈয়দ আব্দুল মালিক

লেখক পৰিচয়

চৈয়দ আব্দুল মালিক (১৯১৯-২০০০): এজন প্রতিযশা অসমীয়া উপন্যাসিক আৰু গল্পকাৰ। তেওঁৰ জন্ম হয় গোলাঘাট জিলাৰ নাহৰণিত। যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি গুৱাহাটীৰ কটন কলেজৰ পৰা বি. এ. পাছ কৰে। পিছত আবকাৰী বিভাগ, অনাতাঁৰ কেন্দ্ৰ আদিত চাকৰি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে। পিছত যোৰহাটৰ জগন্নাথ কলেজত অধ্যাপনা কৰিবলৈ লয়। অধ্যাপনাৰ পৰা অৱসৰ গ্ৰহণ কৰি ৰাজ্য সভাৰ সদস্য হিচাপে সেৱা আগবঢ়ায়। স্কুলীয়া সময়ৰ পৰাই তেওঁ সাহিত্য চর্চা কৰিবলৈ লয়। তেওঁ ভালেমান উপন্যাস আৰু গল্প পুথি ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰে। তেওঁৰ গ্রন্থসম্ভাৰ হ’ল: পরশমণি, আধাৰশিলা, অঘৰী আত্মাৰ কাহিনী, মৰহা ফুল, সুৰুযমুখীৰ স্বপ্ন, ৰূপতীৰ্থৰ যাত্রী, ধন্য নৰতনু ভাল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধাৰ চকুলো আদি। তেওঁৰ অঘৰী আত্মাৰ কাহিণী নামৰ উপন্যাসখনে সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰে। তেওঁৰ লিখনিৰ মাজেদি অৱক্ষয়ী সমাজৰ চিত্ৰ, প্ৰেমৰ কাৰুণ্য আৰু মানৱতাৰ সুৰ প্ৰকাশ পাইছে। তেওঁৰ ভাষা সহজ-সৰল, ঘৰুৱা ব্যঞ্জনাৰে বৈশিষ্ট্যমণ্ডিত। চৈয়দ আব্দুল মালিক ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিবেশনৰ সভাপতি হৈছিল।

২০০০ চনত এইগৰাকী স্বনামধন্য সাহিত্যিকৰ মৃত্যু হয়।

শব্দার্থ আৰু টোকা

ইফতাৰঃ ইছলাম ধৰ্মাৱলম্বীসকলে আৰবী ৰমজান মাহত প্রতিদিন ৰোজা (উপবাস)ৰ শেষত সন্ধিয়া বোজা ভংগ কৰাৰ বাবে গ্রহণ কৰা আহাৰ।

ঈদঃ মুছলমানসকলৰ প্রধান ধর্মীয় উৎসব।

চিৰস্তাদাৰ: কাছাৰীৰ একোটা বিভাগৰ মুৰব্বী কৰ্মচাৰী।

জাকাতঃ মুছলমানসকলে প্রতি বছৰে ৰমজান মাহত নিজৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ ৪০ ভাগৰ এক ভাগ দুখীয়াক দিয়া দান।

নামাজ: মুছলমানসকলে প্রতিদিন পাঁচবাৰ আল্লাহক কৰা প্রার্থনা।

পাহুৱালঃ শকত-আরত, হৃষ্টপুষ্ট।

ফিতিৰাঃ মুছলমানসকলে প্রতিবছৰে ৰমজান মাহত গাইপতি ১,৬৬৬গ্রাম ঘেঁহু বা তাৰ সমমূল্যৰ মুদ্রা দুখীয়াক আগবঢ়াব লাগে। ইয়াকে ফিতিৰা বোলে।

বকৰিত: আল্লাহৰ উদ্দেশ্যে কোনো চাৰিঠেঙীয়া জন্তু উছর্গা কৰি আয়োজন কৰা সমূহীয়া প্রার্থনা অনুষ্ঠান।

হায়াত-মৱতঃ জীৱন-মৃত্যু।

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভাৱ-বিষয়কঃ

১। অতি চমু উত্তৰ দিয়াঃ

(ক) মানিকৰ পুতেকৰ নাম কি?

উঃ মানিকৰ পুতেকৰ নাম মিজান।

(খ) ইমতিয়াজ কোন?

উঃ ইমতিয়াজ মানিকৰ দদায়েকৰ সৰু পুতেক।

(গ) লেখকৰ উভতি অহাৰ ট্রেনখন কেইবজাত আছিল?

উঃ লেখকৰ উভতি অহাৰ ৰেলখন ৰাতি দুই বজাত আছিল।

(ঘ) মিজানক সন্তুষ্ট কৰিবলৈ মাকে কি কৰিছিল?

উঃ মিজানক সন্তুষ্ট কৰিবলৈ মাকে তাৰ হাতত টকা এটা দিছিল।

২। চমু উত্তৰ দিয়াঃ

(ক) নগৰ পাওঁতে লেখকৰ কিয় দেৰী হ’ল?

উঃ লেখকজন গাওঁৰ মানুহ আছিল। ঘৰৰ পৰা বেল ষ্টেচনলৈ দূৰত্ব পাঁচ মাইল। এইখিনি বাট খোজকাঢ়ি যাব লাগে। লেখকে ঠিক সময়তে ৰেলখন পাইছিল যদিও দুটা ষ্টেচনৰ মাজত বেলখনৰ ইঞ্জিনৰ কিবা বিজুতি হ’ল। মেৰামতি কৰোতে দুঘন্টা সময় লাগিল। সেয়ে নগৰ পাওঁতে লেখকৰ পলম হ’ল।

(খ) ইমতিয়াজে জোতাযোৰ কিয় পিন্ধা নাছিল?

উঃ ইমতিয়াজ আছিল আধুনিকতাৰ লগত খাপ খুৱাই চলা ল’ৰা। তেওঁ কিনি অনা জোতাযোৰ ফেচনৰ লগত মিলা নাছিল বাবে তেওঁ জোতাযোৰ পিন্ধা নাছিল।

(গ) লেখকৰ আৰ্থিক অৱস্থা কিয় বেয়া?

উঃ লেখকৰ আৰ্থিক অৱস্থা বেয়া আছিল। ইয়াৰ কাৰণ তেওঁ বেছি লিখা-পঢ়া নকৰিলে। তেওঁ খেতি-বাতি কৰে। মাটিও বেছি নাই। যিখিনি ধান পায় তাৰে বছৰৰ পাঁচ মাহমানহে জোৰে। তেওঁৰ অন্য কোনা উপার্জনো নাই। সেয়ে লিখকৰ আৰ্থিক অৱস্থা বেয়া।

(ঘ) দদাইতিৰ ঘৰত ইফতাৰৰ আয়োজন কেনেধৰণৰ আছিল?

উঃ দদাইতিৰ ঘৰত ইফতাৰৰ আয়োজন বৰ ভালেই আছিল। সিদিনা শেষ বোজা আছিল বাবে খুৰীয়েকে ইফতাৰৰ কাৰণে বহুত বস্তু যেনেঃ খেজুৰ, আপেল, চেরৈ, চিৰবীন, খিচিৰি, পকৰি, আদি নানা বস্তু যোগাৰ কৰিছিল।

(ঙ) দদাইতিৰ ঘৰৰ পৰা ঈদৰ বাবে মানিকৰ পৰিয়ালটোৱে কি কি উপহাৰ লাভ কৰিছিল?

উঃ দদাইতিৰ ঘৰৰ পৰা ঈদৰ বাবে মানিকৰ পৰিয়ালটোলৈ বিভিন্ন বস্তু উপহাৰ হিচাপে পঠাইছিল। যেনেঃ মানিকৰ ঘৈনীয়েকলৈ খুড়ীৰ পুৰণি চোলা এটা, পুৰণি মেখেলা চাদৰ এযোৰ আৰু মানিকৰ ছোৱালী কেইজনীলৈ বেছি পুৰণি নোহোৱা শাৰী দিছিল। আকৌ মানিকৰ ল’ৰা মিজানৰ কাৰণে ইমতিয়াজৰ পুৰণি জোতা এযোৰ আৰু মানিকৰ দদাইৰ বাবে পুৰণি কুর্তা আৰু পায়জামা এযোৰ দিছিল। ইয়াৰ উপৰিও ঈদৰ দিনা খাবলৈ কিছু খোৱা বস্তু আৰু জাকাত দিবৰ বাবে কিছু টকাও উপহাৰ হিচাপে দিছিল।

৩। লেখকৰ দদায়েকৰ পৰিয়ালৰ সদস্যসকলৰ চমু পৰিচয় দিয়া।

উঃ লেখকৰ দদায়েকৰ পৰিয়ালটো ডাঙৰ পৰিয়াল আছিল বুলি ক’ব পাৰি। কাৰণ তেওঁৰ ল’ৰা-ছোৱালী আছিল মুঠ পাঁচজন। তিনিজনী ছোৱালী আৰু দুজন ল’বা। দুজনী ছোৱালী বিয়া দিছিল। তৃতীয়জনী শ্বিলঙৰ কলেজত পঢ়ি আছিল। ল’ৰাটো ওখ-পাখ, পাহুরাল ডেকা। দদায়েকে কেৰানীৰ চাকৰিত সোমাইছিল যদিও পিছলৈ ৰেভিনিউ চিৰাস্তাদাৰৰ পদলৈ উন্নীত হৈছিল।

৪। ‘আজোখা’ নামৰ গল্পটিৰ নামকৰণৰ সাৰ্থকতা নিৰূপণ কৰা।

উঃ ‘আজোখা’ শিৰোনামৰ গল্পটো চৈয়দ আব্দুল মালিকৰ এটি সামাজিক গল্প। গল্পটিত গল্পকাৰে অসমীয়া সমাজ জীৱনৰ বিশেষকৈ কৃষিজীৱি পৰিয়াল এটাৰ দুখ-দুৰ্দ্দশাৰ চিত্ৰ অংকন কৰিছে। গল্পটোৰ মূল চৰিত্ৰ মানিক এজন কৃষক। কিন্তু খেতি-বাতি কৰি যিখিনি শস্য পায় তাৰে সি পাঁচ মাহমানহে চলিব পাৰে। বাৰীৰ শাক-পাত, লাউ-বেঙেনা বিক্রী কৰি নিমখ-তেলৰ খৰচ উলিয়ায়। তেওঁৰ অন্য কোনো উপার্জন নাই। সেয়ে সি ল’ৰা-ছোৱালীক প্রয়োজনীয় সকলোবোৰ বস্তু দিব নোৱাৰে। ঈদৰ বাবে প্রয়োজনীয় সা-সামগ্রী কিনিবৰ বাবে টকা-পইচা নথকা বাবে তেওঁ নগৰত চাকৰি কৰি থকা দদায়েকৰ ঘৰলৈ যায়। সি মানিকক কিছু কাপোৰ-কানি দি দিয়ে যদিও আদা পুৰণি আৰু কাৰো গাত ভালদৰে নোজোবে। উদাহৰণ স্বৰূপে মিজানলৈ দিয়া ইমতিয়াজৰ জোতাযোৰ ঢিলা হয়। মানিকলৈ দিয়া দদায়েকৰ চোলাযোৰো ঢিলা হয়। আকৌ ইমতিয়াজৰ জোতাযোৰ মিজানৰ ঢিলা হোৱাত মিজানৰ দেউতাকে পিন্ধাৰ চেষ্টা কৰে যদিও তেওঁৰ সৰু হয়। সেয়ে মানিকৰ ঘৈনীয়েকে দুখ কৰি কৈছে, ‘গোটেই দুর্নীয়াখনেই আমাৰ কাৰণে আজোখা।’

এইদৰে দেখা যায় গল্পটোৰ বিষয়-বস্তুৰ পিনৰ পৰা ইয়াৰ নামকৰণ সার্থক হৈছে।

ভাষা-বিষয়কঃ

৫। দ্বন্দ্ব সমাস কাক বোলে? তলৰ শব্দকেইটাৰ ব্যাসবাক্য ভাঙি লিখা।

শাক-পাত, নিমখ-তেল, ফিতিৰা-জাকাত, কাপোৰ-কানি, ঘৰ-বাৰী।

উঃ দুটা বা ততোধিক সংজ্ঞা শব্দ লগলাগি যি সমাস হয়, তাকে দ্বন্দ্ব সমাস বোলে। দ্বন্দ্ব সমাস তিনিবিধ। যেনেঃ (ক) ইতৰেতৰ দ্বন্দ্ব সমাস, (খ) সমাহাৰ দ্বন্দ্ব সমাস আৰু (গ) একশেষ দ্বন্দ্ব সামস।

প্রশ্নত দিয়া শব্দকেইটাৰ ব্যাসবাক্য তলত ভাঙি দেখুওৱা হ’ল:

সমাস                  ব্যাসবাক্য
শাক-পাত             শাক আৰু পাত
নিমখ-তেল           নিমখ আৰু তেল
ফিতৰা-জাকত      ফিতৰা আৰু জাকাত
কাপোৰ-কানি       কাপোৰ আৰু কানি।
ঘৰ-বাৰী               ঘৰ আৰু বাৰী।

৬। অনুরূপ শব্দ কাক বোলে? ‘আজোখা’ গল্পটিত থকা অনুৰূপ শব্দবোৰ বিচাৰি তালিকা কৰা।

উঃ কেতিয়াবা কেতিয়াবা কোনো শব্দৰ অৰ্থৰ জোৰ বুজাবলৈ শব্দটোৰ আগত বা পিছত একেজাতীয় অর্থশূন্য কিছুমান শব্দ বহুওৱা হয়, সেইবোৰ শব্দক অনুরূপ শব্দ বোলে।

‘আজোখা’ গল্পটিত বহুত অনুরূপ শব্দৰ প্রয়োগ দেখা যায়। সেইবোৰ হ’ল: কিবা-কিবি, খেতি-বাতি, বজাৰ-চজাৰ, যা-যোগাৰ, ওখ-পাখ, খোৱা-বোৱা, গা-পা, কাম- কাজ, পথাৰে-সমাৰে, কিতাপ-ফলি, টনা-আঁজোৰা। আদি।

৭। বাক্য ৰচনা কৰাঃ

কথা-বতৰা চলা, খবৰ-বাতৰি, হেতা-ওপৰা, টনা-আজোৰা।

উঃ কথা বতৰা চলা: আমাৰ গাওঁৰ বাট-পথৰ সমস্যা কিদৰেনো সমাধান কৰিব পাৰি সেই সম্পর্কে গাওঁসভাই স্থানীয় সংগঠনকেইটাৰ লগত কথা-বতৰা চলাইছে।

খবৰ-বাতৰিঃ আজি এমাহমান হ’ল চহৰৰ খুড়াদেউৰ পৰা কোনো খবৰ-বাতৰি পোৱা নাই।

হেতা-ওপৰাঃ ল’ৰাহঁতে বলটো লৈ হেতা-ওপৰা কৰি আছে।

টনা-আজোৰা: বজাৰৰ পৰা অহাৰ লগে লগেই ভাইটি-ভন্টিহঁতে মোনাখন লৈ টনা-আজোৰা কৰে।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। ‘আজোখা’ গল্পটিৰ প্ৰধান চৰিত্ৰৰ নাম কি?

উঃ মানিক।

২। মিজান কোন?

উঃ মানিকৰ ল’ৰা।

৩। ‘আজোখা’ গল্পটিৰ লেখক কোন?

উঃ চৈয়দ আব্দুল মালিক।

৪। চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰে?

উঃ ‘অঘৰী আত্মাৰ কাহিনী’ নামৰ উপন্যাস পুথিখনৰ বাবে।

৫। কোন চনত চৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ সভাপতি হৈছিল?

উঃ ১৯৭৭ চনত (অভয়াপুৰী অধিবেশনত)।

৬। ‘মোৰ জোতাহে সদায় নানে।’- কথাষাৰ কোনে কৈছিল?

উঃ মিজানে দেউতাক মানিকক কৈছিল।

৭। ইমতিয়াজতকৈ মিজান কেইবছৰে সৰু আছিল।

উঃ দুই বছৰ।

৮। পিত-পানী ওলালে কি হয়?

উঃ বুকু চমচমায়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment