Class 9 Assamese Chapter 4 Question Answer নীৰৱ সাধনা
নীৰৱ সাধনা
ড° বাণীকান্ত কাকতি
লেখক পৰিচয়: ড° বাণীকান্ত কাকতি (১৮৯৪-১৯৫২) একেধাৰে এজন ভাষাবিদ, গৱেষক, শিক্ষাবিদ আৰু সাহিত্য সমালোচক। তেখেতৰ জন্ম হয় বৰপেটাৰ বাতিকুৰিহা নামৰ গাওঁ এখনত ১৮৯৪ চনত। সৰু কালৰে পৰা কাকতিয়ে শিক্ষাৰ ক্ষেত্ৰত সুখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে সুখ্যাতিৰে ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰি প্ৰথমে কটন মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি পিছলৈ অধ্যক্ষৰ পদত অধিষ্ঠিত হয়। শেষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰধান অধ্যাপকৰ পদত নিযুক্ত হয়। কটন মহাবিদ্যালয়ৰ শৈক্ষিক দিশত এইজনা পণ্ডিতে যথেষ্ট বঢ়ঙণি আগবঢ়াই গৈছে।
তেখেতে প্রাচ্য আৰু পাশ্চাত্য উভয় সাহিত্য অধ্যয়ন কৰি অসমীয়া গদ্যক সুসংহত ৰূপ দিয়ে। কাকতিৰ সাহিত্যকৃতি বহুধা বিভক্ত। তেখেতে ৰচনা কৰা বিভিন্ন গ্ৰন্থৰ ভিতৰত অসমীয়া পুৰণি সাহিত্য, সাহিত্য আৰু প্রেম, কলিতা জাতিৰ ইতিবৃত্ত, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা, পখিলা, নতুন অসমীয়া সাহিত্য আদি অন্যতম।
অসমীয়া ভাষাত উক্ত গ্ৰন্থবোৰ ৰচনা কৰাৰ ওপৰিও তেখেতে ইংৰাজী ভাষাতো কেইখনমান গ্রন্থ ৰচনা কৰিছিল। তেখেতৰ ইংৰাজী গ্রন্থ প্ৰধানকৈ তিনিখন যেনে: The Mother Goddess Kamakhya, Visnuit Myths and Leg-ends, Assamese: Its Formation and Development। তেখেতে Assamese: Its Formation and Development গ্রন্থখন ৰচনা কৰি ডক্টৰেট ডিগ্রী লাভ কৰে। উক্ত গ্ৰন্থখনৰ জৰিয়তে তেখেতে অসমীয়া ভাষাক এক প্রণালীবদ্ধ ৰূপ দান কৰি থৈ গৈছে। সমালোচনা সাহিত্যৰ দিশতো কাকতিদেৱে নতুন বৈজ্ঞানিক ধাৰাৰ প্ৰৱৰ্তন কৰে।
১৯৫২ চনত তেখেতে স্বর্গগামী হয়।
শব্দার্থ আৰু টোকা
অপৰিপক্কঃ অপৈণত, অনভিজ্ঞ, অনিপুণ।
অভাৱনীয়: ভাবিব নোৱাৰা।
অৱলম্বন: আশ্রয়, সহায়।
আত্মঘাতী: আত্মহত্যাকাৰী, আপোনঘাতী।
আত্ম-প্রবঞ্চনা: কোঢ়াল, গোলমাল।
গৌৰৱান্বিত: মহিমামণ্ডিত।
দুৰ্বহঃ বহন কৰা কঠিন, অসহ্য।
ভাগ্য-নির্মাতা: ভাগ্যফলৰ গৰাকী।
সাধনা: ঐকান্তিকভাৱে কৰা চেষ্টা।
পাঠভিত্তিক প্রশ্নোত্তৰ:
ভাৱ-বিষয়কঃ
১। চমু উত্তৰ দিয়া:
(ক) ড° বাণীকান্ত কাকতিৰ জীৱনৰ কীৰ্তিস্তম্ভ কি?
উঃ Assamese: Its Formation and Development.
(খ) ‘ডাচ্ কেপিটেল’ গ্ৰন্থৰ ৰচয়িতা কোন?
উঃ কার্ল মার্ক্স।
(গ) নীৰৰ সাধকসকল কাৰ নিচিনা হ’ব লাগে?
উঃ নীৰৱ সাধকসকল মৌমাখিৰ নিচিনা হ’ব লাগে।
(ঘ) আধুনিক ভাৰতত প্রথম এফ আৰ এছ কোন?
উঃ আধুনিক ভাৰতৰ প্ৰথম এফ্ আৰু এচ্ হৈছে ৰামানুজ।
(ঙ) প্রকৃত স্বাস্থ্যবান কোন?
উঃ তেজৰ বলত যি মানুহ শকত হয়, তেনে মানুহক স্বাস্থ্যবান বুলি কোৱা হয়।
২। কার্ল মার্ক্সৰ দৈনন্দিন জীৱন কেনেকুৱা আছিল?
উঃ কার্ল মার্ক্স আছিল জ্ঞানৰ এজন নীৰৱ সাধক। তেওঁ ব্রিটিছ মিউজিয়াম লাইব্ৰেৰীত গোটেই দিন কিতাপ পঢ়ি কটাইছিল। গধূলি ঘৰলৈ আহি দেখা পাইছিল যে ঘৰত খাবলৈ একো নাই। তেতিয়া ঘৈনীয়েকৰ গাৰ অলংকাৰ এপদ এপদকৈ বিক্ৰী কৰি পেটৰ ভাত যোগাৰ কৰিছিল। এনেদৰে দৰিদ্ৰতাৰ মাজত জীবন-যাপন কৰিও তেওঁ জ্ঞানৰ সাধনা কৰিছিল যাৰ ফলশ্রুতিত ‘ডাচ্ কেপিটেল’ নামৰ অতি প্রভাৱশালী গ্রন্থ ৰচনা কৰিব পাৰিছিল।
৩। ৰাইজৰ মঙ্গল সাধনক লেখকে ভীমৰ গদাৰ সৈতে তুলনা কৰাৰ কাৰণ কি?
উঃ ৰাইজৰ মঙ্গল সাধন কৰিবলৈ ধৈৰ্যৰ প্ৰয়োজন। কিন্তু ধৈর্য ধৰাটো অতি টান কাম। লিখক বাণীকান্ত কাকতিয়ে ধৈর্য ধাৰণ কৰাক ভীমৰ গদা ধাৰণ কৰাৰ লগত তুলনা কৰিছে। ইয়াৰ কাৰণ হ’ল ভীমৰ গদা অতি প্রকাণ্ড আছিল আৰু ইয়াক ধাৰণ কৰিবলৈ ভীমৰ যথেষ্ট শক্তি আছিল। যথেষ্ট শক্তি নাথাকিলে ভীমৰ গদা যেনেদৰে ধাৰণ কৰিব নোৱাৰি সেইদৰে ৰাইজৰ মঙ্গল সাধন কৰিবলৈ ধৈর্য গুণ আহৰণ কৰিব লাগিব। লিখকে আক্ষেপ কৰিছে যে আজিকালিৰ ডেকাসকলৰ মাজত এই গুণ দেখা নাযায়।
৪। তাৎপর্য ব্যখ্যা কৰাঃ
(ক) বুৰঞ্জীত এনে নীৰৱ সাধনাৰ চিত্ৰ অসংখ্য পোৱা যায়।
উঃ মানৱ সভ্যতা বিকাশত যিসকল ব্যক্তিয়ে বিশেষ অৱদান আগবঢ়াই থৈ গৈছে সেইসকলৰ জীৱন বুৰঞ্জী অধ্যয়ন কৰিলে দেখা যায় যে সিহঁত সকলোরে জ্ঞানৰ নীৰৱ সাধক আছিল। উদাহৰণ স্বৰূপে কার্ল মার্ক্স, চেক্সপীয়েৰ, কালিদাস, আব্রাহাম লিঙ্কন আৰু বহুতো। কার্ল মার্ক্সৰ আৰ্থিক অৱস্থা অতি দুখজনক আছিল তথাপি তেওঁ নীৰৱ সাধনাৰ বলত ‘ডাচ্ কেপিটেল’ নামৰ বিখ্যাত গ্রন্থ ৰচনা কৰিব পাৰিছিল। চেক্সপীয়েৰ আৰু কালিদাসে সাধনাৰ বলত কালজয়ী সাহিত্য সৃষ্টি কৰিব পাৰিছিল। সেইদৰে আব্রাহাম লিঙ্কন সাধাৰণ খেতিয়কৰ ল’ৰা হৈয়ো আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব পাৰিছিল। এই ব্যক্তিসকলৰ উপৰিও বুৰঞ্জীত নীৰৱ সাধনাৰ বহুতো উদাহৰণ আছে।
(খ) এই অপেক্ষা খুৰৰ ধাৰৰ নিচিনা মনিব নোৱাৰা, পৰ্বতীয়া বাটৰ দৰে পিছল।
উঃ লিখক বাণীকান্ত কাকতিয়ে সমাজৰ মঙ্গল সাধন কৰিবলৈ হ’লে যে ডেকাসকলে প্রথমতে ধৈর্য গুণৰ সাধনা কৰিব লাগিব তাক বুজাবলৈ খুৰৰ ধাৰ আৰু পৰ্বতৰ বাটৰ উপমা দাঙি ধৰিছে। ক্ষুৰৰ ধাৰ অতি তীক্ষ্ণ আৰু মিহি। ইয়াৰ ধাৰ চকুৰে মনিব নোৱাৰি যদিও ইয়াৰ দ্বাৰা সহজে বস্তু দুছেও কৰিব পাৰি। সেইদৰে পৰ্বতীয়া বাট অতি পিছল আৰু এই পিছল বাট বাই শিখৰত উপনীত হোৱা বৰ কষ্টকৰ। কিন্তু যিসকলে এনে পিছল বাটেৰে অতি সাৱধানে আগুৱাই যাব পাৰে সিহঁতেহে শিখৰ জয় কৰিব পাৰে। ডেকাসকলে সমাজৰ মঙ্গল সাধন কৰিব বিচাৰিলে এনে ধাৰাল ক্ষুৰ আৰু পৰ্বতীয়া বাটৰ দৰে পিছল অর্থাৎ অতি টান গুণ ধৈর্যক আয়ত্ব কৰিব লাগিব।
(গ) সিদ্ধিৰ পথত সাধনাৰ মাজেদি যাবই লাগিব।
উঃ সিদ্ধি মানে সাধন বা বিজয়। জীবনত যিসকল ব্যক্তিয়ে বিজয়ী হ’ব বিচাৰে সিহঁতে সাধনা অর্থাৎ ঐকান্তিকভাৱে চেষ্টা চলাই যাব লাগিব। সাধনা নহ’লে কোনো কামতে সিদ্ধি লাভ কৰিব নোৱাৰি। মানব জাতিৰ বুৰঞ্জী অধ্যয়ন কৰিলে আমি এনে বহুত লোকক পাওঁ যিসকলে সাধনাৰ জৰিয়তে জীৱনত সিদ্ধি বা
সফলতা লাভ কৰিছিল। মহাত্মা গান্ধী, কার্ল মার্ক্স, আব্রাহাম লিঙ্কন, কালিদাস আদি ব্যক্তিসকলৰ জীৱনৰ সাফল্যৰ মূলতে আছিল সাধনা।
৫। চমু টোকা লিখাঃ
চেক্সপীয়েৰ, কার্ল মার্ক্স’, এব্রাহাম লিঙ্কন, ৰামানুজ, কালিদাস।
উঃ ছেক্সপীয়েৰ: ছেক্সপীয়েৰ (১৫৬৪-১৬১৬) এগৰাকী বিশ্ব প্রসিদ্ধ ইংৰাজ কবি আৰু নাট্যকাৰ আছিল। তেওঁৰ জন্ম হয় এভনৰ ষ্টেফৰ্ডত। তেওঁৰ আনুষ্ঠানিক শিক্ষা অতি কম আছিল যদিও তেওঁ বাস্তব জীৱনৰ পৰা শিক্ষা লাভ কৰি সেই অভিজ্ঞতাকে সমল কৰি ১৫৪ খন চনেট আৰু ৩৭ খন কালজয়ী নাটক ৰচনা কৰিছিল। তেওঁৰ নাটকসমূহ মানুহৰ সাৰ্বজনীন আবেগ, অনুভূতি অতি বিশ্বস্ততাৰ সৈতে প্রতিফলিত হৈছে। তেওঁৰ নাটৰ ভিতৰত ‘হেমলেট’, ‘জুলিয়াচ চীজাৰ’, ‘মেকবেথ’, ‘কিং লিয়েৰ’, ‘ৰোমিঅ’ জুলিয়েট’ আদি উল্লেখযোগ্য।
কার্ল মার্ক্সঃ (১৮১৮-১৮৮৩) এজন জার্মান দার্শনিক, বিখ্যাত ‘ডাচ্ কেপিটেল’ নামৰ গ্ৰন্থৰ প্রণেতা, সমাজবাদ আৰু সাম্যবাদী দৰ্শনৰ পিতৃ। অতি দুখীয়া পৰিয়ালত তেওঁৰ জন্ম হৈছিল। কিন্তু তেওঁ আছিল জ্ঞানৰ এজন ঐকান্তিক নীৰৱ সাধক। জার্মানীৰ বিপ্লৱী দলৰ লগত জড়িত থকা বাবে চৰকাৰে তেওঁক দেশান্তৰিত কৰে। তেওঁ কিছুদিন ফ্রান্সত আশ্রয় লয় যদিও পিছলৈ ইংলণ্ডৰ নাগৰিকত্ব গ্রহণ কৰে। ইংলণ্ডত থকা কালছোৱাত তেওঁ ব্রিটিছ মিউজিয়াম লাইব্ৰেৰীত গোটেই দিন কিতাপ পঢ়ি কটাইছিল। তেওঁৰ নিজৰ কোনো বৃত্তি নাছিল বাবে হিতাকাঙ্খী বন্ধুৰ পৰা পোৱা সামান্য সহায়ৰ জৰিয়তে পৰিয়াল পোহপাল দিছিল। ল’ৰা-ছোৱালীক খুওৱাবৰ বাবে তেওঁ নিজৰ ঘৈনীয়েকৰ অলংকাৰো বিক্ৰী কৰিব লগা হৈছিল। তেওঁ এক দূর্বিসহ দৰিদ্ৰ জীৱন যাপন কৰি ১৮৮৩ চনত মৃত্যু বৰণ কৰে।
আব্রাহাম লিঙ্কন: (১৮০৯-১৮৬৪) আছিল এজন মানৱ দৰদী, জ্ঞানৰ নীৰৱ সাধক আৰু আমেৰিকাৰ এজন অতি প্রভাৱশালী ৰাষ্ট্ৰপতি। তেওঁ এজন অশিক্ষিত খেতিয়কৰ সন্তান আছিল যদিও অধ্যাবসায়ৰ জৰিয়তে সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পাৰিছিল। পেশাত তেওঁ উকিল আছিল যদিও পিছলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তেওঁৰ কাৰ্যকালত আমেৰিকাত গৃহযুদ্ধই দেখা দিয়ে। তেওঁ অতি বিচক্ষণতাৰে সৈতে সেই গৃহযুদ্ধৰ পৰা দেশখনক ৰক্ষা কৰে আৰু দেশখনত পূৰ্বৰে পৰা চলি থকা দাস প্রথা চিৰদিনৰ বাবে বন্ধ কৰি দিয়ে। এইজন মহান ব্যক্তিক
আততায়ীয়ে ১৮৬৪ চনত গুলিয়াই হত্যা কৰে।
ৰামানুজঃ (১৮৮৭-১৯২০) এজন ভাৰতীয় মহান গণিতজ্ঞ আছিল। তেওঁ অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্রহণ কৰিছিল। তেওঁ মাদ্রাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰাৰ পিছত দৰিদ্ৰতাৰ বাবে লিখা-পঢ়াৰ ইতি পেলাই কেৰাণীৰ চাকৰিত সোমায়। অংক শাস্ত্রত তেওঁৰ বিশেষ ৰাপ থকা বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই তেওঁৰ মেধাৰ কথা চৰকাৰক জনোৱাত চৰকাৰে তেওঁক এক বৃত্তি দি কেম্ব্রিজ বিশ্ববিদ্যালয়লৈ গৱেষণাৰ বাবে পঠায়। তেওঁ তাত অদ্বিতীয় প্রতিভাৰ পৰিচয় দিয়ে আৰু গণিতৰ বহুতো মৌলিক সূত্র উদ্ভাৱন কৰে।। ১৯২০ চনত এইজন মহান গণিতজ্ঞৰ মৃত্যু হয়।
কালিদাসঃ কালিদাস এজন সংস্কৃত কবি আৰুনাট্যকাৰ আছিল। তেওঁ ৰজা বিক্রমাদিত্যৰ ৰাজকবি হৈছিল। তেওঁ জীৱনৰ আদি ছোৱাত অতি মূর্খ আছিল। পিছলৈ কোনো বিদূষী মহিলাক বিয়া কৰোৱাত পত্নীৰ দ্বাৰা লাঞ্চিত হৈ সৰস্বতীক উপাসনা কৰিবলৈ লয় আৰু সৰস্বতীৰ কৃপাত তেওঁ মহা পণ্ডিতৰ স্থানলৈ উন্নীত হয়। তেওঁ দুখন মহাকাব্য, তিনিখন নাটক আৰু দুখন খণ্ডকাব্য ৰচনা কৰিছিল। ‘ৰঘুবংশম, কুমাৰ সম্ভৱম, অভিজ্ঞান শকুন্তলম আদি তেওঁৰ অমৰ সৃষ্টি। তেওঁৰ প্ৰতিটো ৰচনাই অতি উচ্চ কাব্যিক গুণেৰে সমৃদ্ধ।
ভাষা-বিষয়কঃ
৬। বাক্য ৰচনা কৰাঃ
আঁতি-গুৰি, ইহলীলা সম্বৰণ কৰ, ভাগ্য নিৰ্মাতা, হৈ চৈ কৰ, আওকাণ কৰ, খেলি-মেলি লগা, আওমৰণে মর্, আশাৰ থল।
উঃ আঁতি-গুৰি– (আদি-অন্ত): দ্বিপেনৰ ঘটনাটো আঁতি-গুৰি শুনিহে কোনো সিদ্ধান্তলৈ আহিব পাৰিম।
ইহলীলা সম্বৰণ কৰ (মৃত্যু হ) :ৰামানুজে ১৮২০ চনত ইহলীলা সম্বৰণ কৰে।
ভাগ্য নির্মাতা– (ভাগ্য নিৰ্মাণ কৰোতা) :আব্রাহাম লিঙ্কন নিজেই নিজৰ ভাগ্য নির্মাতা আছিল।
হৈ চৈ কৰ– (হাই-উৰুমি কৰ, গোলমাল কৰ) :জিৰণিৰ সময়খিনিত ল’ৰা-ছোৱালীয়ে প্রায়েই হৈ চৈ কৰি কটায়।
আওকাণ কৰ– (অৱহেলা কৰা): শিক্ষকৰ কথা আওকাণ কৰা বাবে ৰাজুয়ে পৰীক্ষাত বেয়া ফল দেখুৱালে।
খেলি-মেলি লগা (বিশৃঙ্খল হোবা): কেঁচুৱাটোরে কোঠালীটোৰ সকলোবোৰ বস্তু খেলি-মেলি লগালে।
আওমৰণে মৰ (অস্বাভাৱিকভারে মৃত্যু হ) :সেইজনী বিধৱাই আওমৰণে মৰাত আমি সমাজকে দোষী কৰিব খোজো।
আশাৰ থল: (আশা ভৰষাৰ পাত্ৰ): অৱশেষত খুড়াদেৱেই দ্বিজেনৰ আশাৰ থল হ’ব লগা হ’ল।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। নীৰৱ সাধনা’ পাঠটিৰ লিখক কোন?
উঃ ড° বাণীকান্ত কাকতি।
২। ছাত্ৰসকলৰ তপস্যা কি?
উঃ অধ্যয়ন।
৩। ৰামানুজনে কি চাকৰি কৰিছিল?
উঃ কৰপ’ৰেচন অফিচত কেৰানীৰ চাকৰি।
৪। পৃথিৱী কাৰ ভোগ্য স্থান?
উঃ যোগ্যজনৰ।
৫। কালিদাস কোনজন ৰজাৰ ৰাজকবি আছিল?
উঃ বিক্রমাদিত্য ৰজাৰ।
৬। ভীমৰ প্ৰধান অস্ত্ৰখনৰ নাম কি?
উঃ গদা।
৭। আমেৰিকাৰ ভাগ্য নির্মাতা বুলি কাক কোৱা হয়?
উঃ আব্রাহাম লিঙ্কনক।
৮। সাধনাৰ সাৰুৱা ক্ষেত্ৰখনক কি বোলে?
উঃ নীৰৱতা।
৯। ছাত্রানাম অধ্যয়নং তপঃ- বুজাই লিখা।
উঃ জীৱনত সিদ্ধি লাভ কৰিবলৈ ঋষিসকলে যেনেকৈ কঠোৰ তপস্যা (সাধনা) কৰে ছাত্ৰসকলেও সফলতা লাভ কৰিবলৈ অধ্যাৱসায়ৰ সৈতে তপস্যা কৰিব লাগে। ছাত্ৰসকলৰ বাবে অধ্যয়নেই হৈছে সেই তপস্যা।
