Class 9 Assamese Chapter 3 Question Answer সময়
সময়
নীলমণি ফুকন (ককা)
লেখক পৰিচয়: নীলমণি ফুকন (১৮৮০-১৯৭৮) এজন অসমীয়া কবি, বলিষ্ঠ গদ্যলেখক আৰু এজন সুবক্তা আছিল। তেওঁৰ জন্ম হয় ডিব্ৰুগড়ত। পিতৃৰ নাম লম্বোদৰ খাৰঘৰীয়া ফুকন। স্কুলীয়া শিক্ষা ডিব্ৰুগড়তেই সাং কৰি কোচবিহাৰ কলেজৰ পৰা বি. এ. পাছ কৰে। তেখেত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘আলোচনী’ যোৰহাটৰ পৰা প্ৰকাশ পোৱা ‘সাদিনীয়া বাতৰি’ কাকত আৰু ‘দৈনিক বাতৰি’ৰ সম্পাদক আছিল। ডিব্ৰুগড়ৰ জর্জ স্কুলৰ শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰে।
‘সাহিত্য-কলা’ আৰু ‘চিন্তামণি’ হ’ল তেওঁৰ গদ্য পুথি। ভাষাৰ ওজস্বিতা ফুকনৰ গদ্যৰ বিশেষত্ব। তেওঁৰ উল্লেখযোগ্য কবিতা পুথিসমূহ হ’ল- ‘জ্যোতিকনা’, ‘মানসী’, ‘গুটিমালি’, ‘সন্ধানী’ ‘শতধাৰা’ আদি।
শব্দার্থ আৰু টোকা
কল্পঃ হিন্দু শাস্ত্রমতে ব্ৰহ্মাৰ এদিন এৰাতি এই কালৰ দৈৰ্ঘ অনুসৰি এহেজাৰ যুগ বা চাৰিশ বত্রিশ কোটি বছৰ।
কল্পান্তৰঃ এটা কল্পৰ পৰা আন এটা কল্পলৈ পৰিৱৰ্তন।
ঢাৰি-পাটি: বিছনা।
বতৰ চাই কঠীয়া পেলা: সুযোগ বুজি কাম কৰা।
বাঁহতল: বিশৃঙ্খল বা অশান্তিকৰ ঠাই।
বেলি ঘড়ী: বেলি ফুল বা সূর্যমুখী ফুল। এই ফুল সূৰ্যৰ পিনে মুখ কৰি থাকে অর্থাৎ সূৰ্যৰ লগে লগে ঘুৰে। এই ফুলে ঘড়ীৰ নিচিনাকৈ সূর্য থকা স্থানলৈ সময় নির্ণয় কৰে। সময়ৰ হিচাপ দিয়ে কাৰণে বেলি ফুলক ‘বেলি ঘড়ী’ বোলা হয়।
যুগঃ কালৰ এটা ভাগ। হিন্দু শাস্ত্রমতে যুগ বুলিলেঃ সত্য, ত্রেতা, দ্বাপৰ আৰু কলি এই চাৰি যুগক বুজায়।
লানি-নিছিগা: ধাৰাবাহিক গতি।
সপ্তসুৰঃ সংগীতৰ সাত সুৰ, যেনে- সা ৰে গা মাপাধানি।
কুবেৰঃ ধনপতি যক্ষৰাজ। তপস্যাৰ বলত ব্ৰহ্মাৰ বৰ লাভ কৰি তেওঁ অমৰ হয় আৰু দেৱতাৰ সমমর্যদা নাপালেও পুষ্পৰথ লাভ কৰে। ৰাৱণে যুদ্ধত পৰাস্ত কৰি সেই ৰথ হস্তগত কৰে। পিছত তেওঁ কৈলাশত বাস কৰিবলৈ লয়।
নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰাঃ নৈৰ সোঁত বৈ নাথাকে, ই উভতিও নাহে। ঠিক তেনেদৰে সময়ৰ সোঁত বৈ যায়। কিন্তু ইয়াক চকুৰে দেখা নাযায়। এবাৰ ঘূৰি যোৱা সময় পুনৰ ঘূৰাই পাব নোৱাৰি। সময়ৰ গতিৰ তীব্রতা প্রকাশ কৰিবলৈ নৈৰ সোঁতৰ লগত তুলনা কৰিছে।
সময়ৰ টিকনিডাল হেনো আগফালে: সাধাৰণতে মানুহৰ মূৰৰ টিকনিডাল পিছফালে থাকে। কিন্তু সময়ৰ কাল্পনিক টিকনিডাল আগফালে। সময়ৰ টিকনিত ধৰিবলৈ হ’লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব। অর্থাৎ সময় অতি দ্রুত গতিত আগবাঢ়ি যায়। ইয়াক কতো ধৰি বন্ধ কৰি ৰাখিব নোৱাৰি। ইয়াৰ দ্বাৰা সময়ৰ বিশেষত্ব বুজোৱা হৈছে।
সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছাঃ শৰ মানে কাঁড়। ইয়াক ধেনুত গুণ লগাই জীৱ-জন্তু নিধন কার্যত ব্যৱহাৰ কৰা হয়। শৰপহু হ’ল একশ্রেণীৰ তীব্রবেগী পহু। ইয়াৰ মঙহ খাবলৈ সোৱাদ। সেই সোৱাদ লগা মঙহ খাবলৈ হ’লে সময়মতে কাঁড় মাৰিব লাগিব। অন্যথা শৰপহুৰ মঙহ খাব নোৱাৰি। সেইদৰে জীৱনত সফলতা লাভ কৰিবলৈ হ’লে সময়ৰ কাম সময়ত কৰিব লাগিব।
সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নহয়: তীব্রবেগত সময় আগবাঢ়ে। ঘড়ীৰ দ্বাৰা সময় নিৰূপণ কৰা হয় যদিও কামৰ হিচাপেৰেহে প্ৰকৃততে সময় নিৰূপণ কৰিব লাগে।
পাঠভিত্তিক প্রশ্নোত্তৰ:
ভাৱ-বিষয়কঃ
১। চমু উত্তৰ দিয়া:
(ক) সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?
উঃ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।
(খ) কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?
উঃ বিশেষ বিশেষ ঘটনা বা মানুহৰ কাৰ্য-কলাপৰ ওপৰত ভিত্তি কৰি সময়ৰ ভাগ কৰা হয়।
(গ) সময়ৰ ডাঙৰ ভাগবোৰ কি কি?
উঃ সময়ৰ ডাঙৰ ভাগবোৰ হ’ল: যুগ, কল্প, শতাব্দী আদি।
(ঘ) সময়ৰ দণ্ড পল, অনুপলক কি বোলা হয়?
উঃ সময়ৰ পল, দণ্ড, অনুপল আদিক সময়ৰ ডাঙৰ আৰু মজলীয়া ভাগবিলাকৰ ভগ্নাংশ বোলা হয়।
(ঙ) সময় কি গতিত ঘূৰে?
উঃ সময় বৃত্তাকাৰ গতিত ঘূৰে।
২। তাৎপর্য ব্যাখ্যা কৰা:
(ক) এলেহুৱাৰ দিন নাযায় নুপুৱায়।
উঃ যিসকল লোকে কাম-বন নকৰি বহি সময় কটায় সিহঁতক ‘এলেহুৱা’ লোক বুলি কোৱা হয়। এলেহুৱা লোকৰ বাবে সময় অতি ডাঙৰ বোজা যেন অনুভৱ হয়। আনহাতে যিসকল লোকে কামত ব্যস্ত থাকে সিহঁতে সময় কেতিয়া পাৰ হয় সেয়া গমকে নাপায়। এলেহুৱা লোকৰ বাবে বহি থকাও অস্বস্তিকৰ। কাৰণ সিহঁতৰ বাবে প্রতি পল, অনুপল, ঘন্টা আমনিদায়ক হৈ উঠে। সেয়ে কোৱা হয় ‘এলেহুৱাৰ দিন নাযায়, নুপুৱায়।’
(খ) মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন।
উঃ হিন্দু শাস্ত্র মতে ব্ৰহ্মাৰ এদিন-এৰাতি এই পৃথিৱীৰ সময়ৰ তুলনাত এহেজাৰ যুগ বা চাৰিশ বত্রিশ কোটি বছৰৰ সমান। ব্রহ্মা হৈছে এই বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকর্তা আৰু পালনকর্তা। বিশ্ব ব্রহ্মাণ্ডৰ পৰিসৰৰ তুলনাত আমাৰ পৃথিৱীখন অতি ক্ষুদ্র। ইয়াত বসবাস কৰা মানুহৰ আয়ুসয়ো অতি কম। মানুহৰ আয়ুসৰ তুলনাত এশ বছৰ বেছি যেন অনুভৱ হ’লেও ব্ৰহ্মাৰ তুলনাত এই এশ বছৰ নিচেই ক্ষুদ্র। সেয়ে কোৱা হয়, মানুহৰ এক কল্প অর্থাৎ এহেজাৰ যুগ ব্রহ্মাৰ বাবে এদিন।
(গ) কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি।
উঃ সময় সদায় গতিশীল। ইয়াক কোনেও বান্ধি ৰাখিব নোৱাৰে। সময়ৰ গতিক ধৰি ৰখাৰ একমাত্র উপায় হৈছে কর্ম। কৰ্মৰ মাজেদি সময়ৰ ব্যৱহাৰ কৰিব পাৰি। কাৰণ আমি কৰ্ম কৰোঁ বা নকৰোঁ সময় পাৰ হবই। পাৰ হৈ যোৱা সময় আমি কেতিয়াও উভতাই আনিব নোৱাৰোঁ। সেয়ে সময়ৰ গতি ধৰিব খুজিলে বা সময়ৰ গতি উপলব্ধি কৰিবলৈ হ’লে আমি কর্মব্যস্ত হ’ব লাগিব।
৩। পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।
উঃ নীলমণি ফুকন (১৮৮০-১৯৭৮) এজন অসমীয়া কবি আৰু বলিষ্ঠ গদ্যলেখক। তেখেত ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চর্চা আৰম্ভ কৰে। পিছলৈ তেখেতে ডিব্ৰুগড়ৰ পৰা প্রকাশিত ‘আলোচনী’ যোৰহাটৰ পৰা প্রকাশ পোৱা ‘সাদিনীয়া বাতৰি’ আৰু ‘দৈনিক বাতৰি’ৰ সম্পাদনা কৰে। তেওঁৰ উল্লেখযোগ্য কবিতা পুথিসমূহ হ’ল- ‘জ্যোতিকনা’, ‘মানসী’, ‘গুটিমালি’, ‘সন্ধানী’ ‘শতধাৰা’ আদি। ‘সাহিত্য-কলা’ আৰু ‘চিন্তমণি’ হ’ল তেওঁৰ গদ্য পুথি। ভাষাৰ ওজস্বিতা ফুকনৰ গদ্যৰ বিশেষত্ব।
৪। চাৰিটা-পাঁচোটা বাক্যত উত্তৰ দিয়াঃ
(ক) প্রাকৃতিক জগত বুলিলে কি বুজা?
উঃ প্রাকৃতিক জগত বুলিলে গছ-গছনি, হাবি-বননি, চৰাই-চিৰিকতি, কীট-পতঙ্গ, নদ-নদী, পাহাৰ-পর্বত, জান-জুৰি আদিক বুজায়। আন কথাত আমাৰ সৈতে আমাৰ চাৰিওফালে যি বায়ু, পানী, আকাশ, নক্ষত্র, জীৱ-জন্তু, গছ-গছনি আদি আছে সকলোকে একেলগে প্রকৃতি জগত বোলে। আমি সকলোৱে প্ৰকৃতি জগতৰ একো একোটা ক্ষুদ্র জীর বা অংগ।
(খ) কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি?
উঃ কোনো বিশেষ বিশেষ ঘটনাৰ ওপৰত ভিত্তি কৰি সময়ৰ ভাগ কৰা হয়। উদাহৰণ স্বৰূপে যীশুখ্ৰীষ্টৰ জন্মৰ সময়ৰ পৰা খ্ৰীষ্টাব্দ, শংকৰদেৱৰ সময়ৰ পৰা শংকৰাব্দ, কুষাণ বংশৰ ৰজা কণিষ্ক ৰাজপাটত উঠাৰ সময়ৰ পৰা শকাব্দ ইত্যাদি ধৰণে সময়ৰ হিচাপ কৰা হয়। সেইদৰে ধর্ম, কলা, সাহিত্য, বুৰঞ্জী, যুদ্ধ-বিগ্রহ আদিৰ ওপৰতো ভিত্তি কৰি সময়ৰ ভাগ কৰি হিচাপ ৰখা হয়।
(গ) লক্ষণাক্রান্ত মানে কি?
উঃ ‘লক্ষণাক্রান্ত’ মানে বিশেষ কিছুমান লক্ষণৰ দ্বাৰা সমৃদ্ধ। লক্ষণৰ দ্বাৰাও কেতিয়াবা সময়ৰ ভাগ কৰা দেখা যায়। যেনে খ্রীষ্টানসকলৰ মতে এহেজাৰ বছৰ যীশু খ্রীষ্টৰ ৰাজত্ব, ইছলাম ধর্মাবলম্বীসকলৰ মতে বিশ্বব্রহ্মাণ্ডৰ ধ্বংসলীলাৰ কিছু আগতে ইমাম মেহদিৰ আগমন।
(ঘ) বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পর্কে অৱগত হৈছিল?
উঃ বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে প্রাকৃতিক পৰিঘটনাৰ ওপৰত ভিত্তি কৰি সময় নিৰূপণ কৰিছিল। উদাহৰণ স্বৰূপে: প্রকৃতিত কুলি-কেতেকীৰ আগমন, বালিমাহী চৰাই ওলোৱা, কেঁকোৰা গাঁতত সোমোৱা আদি চাই মানুহে ঋতুচক্রব জ্ঞান লাভ কৰিছিল। সেইদৰে সময়ৰ সৰু সৰু ভাগবোৰ নিৰূপণ কৰিবলৈ তামোল চোবোৱাৰ সময়, বিংটো মৰাৰ সময় আদিৰ ওপৰত ভিত্তি কৰি কৰা হৈছিল।
৫। তলৰ প্ৰশ্নকেইটাৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰাঃ
(ক) সময়ৰ এই ভাগ বিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত।
উঃ সময় সদায় গতিশীল। ইয়াক আচলতে কোনো ধৰণৰ বিভাগেৰে ভাগ কৰিব নোৱাৰি। কিন্তু কিছুমান বিশেষ বিশেষ লক্ষণৰ দ্বাৰা সময়বোৰ কিছুমান ভাগত ভাগ কৰা হয়। সময়ৰ এনে ভাগবোৰ হ’লঃ যুগ, কল্প, শতাব্দী, ঋতু, বছৰ, মাহ, দণ্ড, পল, অনুপল ইত্যাদি।
হিন্দু শাস্ত্রমতে যুগ হিচাপত সময়ক চাৰিটা যুগত ভাগ কৰা হৈছে, যেনেঃ সত্য যুগ, ত্রেতা যুগ, দ্বাপৰ যুগ আৰু কলি যুগ।
ইয়াৰ উপৰিও কোনো ব্যক্তিৰ জন্ম, ৰাজনৈতিক ঘটনা, যুদ্ধ-বিগ্রহ আদিৰ ওপৰত ভিত্তি কৰিও সময়ৰ ভাগ কৰা হয় বা নিৰূপণ কৰা হয়। যেনেঃ খ্রীষ্টাব্দ, শকাব্দ, হিজবি, শংকৰাব্দ আদি।
আকৌ কিছুমান প্রাকৃতিক পৰিঘটনা বা লক্ষণৰ দ্বাৰাও সময়ৰ হিচাপ কৰা হয়। যেনেঃ গছত কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমনি বতৰা পোৱা যায়। বৰষুণৰ প্ৰাচুৰ্যই বৰষা ঋতুৰ বাতৰি দিয়ে।
এইদৰে সময়ৰ বিভাগবোৰ বিশেষ বিশেষ লক্ষণাক্রান্ত।
(খ) সময়ৰ টিকনিডাল হেনো আগফালে।
উঃ সাধাৰণতে মানুহৰ মূৰৰ টিকনিডাল পিছফালে থাকে। কিন্তু সময়ৰ কাল্পনিক টিকনিডাল আগফালে।
সময়ৰ টিকনিত ধৰিবলৈ হ’লে সময়তকৈ আগবাঢ়ি থাকিব লাগিব। অর্থাৎ সময় অতি দ্রুত গতিত আগবাঢ়ি যায়। ইয়াক কতো ধৰি বন্ধ কৰি ৰাখিব নোৱাৰি। সময়ক ধৰি ৰখাৰ একমাত্র উপায় হৈছে সময়ৰ কাম সময়মতে কৰি যোৱা। ‘সময়ৰ টিকনিডাল’ কথাফাকিৰদ্বাৰা সময়ৰ গতিৰ বিশেষত্ব বুজোৱা হৈছে।
(গ) সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই।
উঃ তীব্রবেগত সময় আগবাঢ়ে। যদিও ঘড়ীৰ দ্বাৰা সময় নিৰূপণ কৰা হয়, কামৰ হিচাপেৰেহে প্রকৃততে সময় নিৰূপণ কৰিব লাগে। কিয়নো আমি সময়ক একমাত্র কামৰ দ্বাৰাহে বন্ধী কৰি ৰাখিব পাৰি। ঘড়ীৰ দ্বাৰা আমি সময়ৰ হিচাপ লওঁ যদিও প্রকৃতাৰ্থত সময়ৰ সদ্ব্যৱহাৰৰ দ্বাৰাহে সময়ৰ হিচাপ কৰিব লাগে।
(ঘ) সময় অমূল্য ধন বোলা কথাষাৰ সঁচা।
উঃ অমূল্য মানে যাক টকা-পইচাৰে কিনিব নোৱাৰি। সময়ক অমূল্য ধন বুলি বিবেচনা কৰা হয়। কাৰণ পাৰ হৈ যোৱা সময় আমি কেতিয়াও কোনো টকা-পইচাৰে ক্ৰয় কৰিব নোৱাৰি। সময়ৰ সদ্ব্যৱহাৰ কৰিহে আমি জীৱনত উৎকর্ষ সাধন কৰিব পাৰি। ঘন্টাত কুৰি মাইল যোৱা মটৰ গাড়ী এখনৰ উপাৰ্জন ঘন্টাত দুমাইল যোৱা গৰু গাড়ী এখনতকৈ নিশ্চয় বেছি। অর্থাৎ আমি সময়ত তুলনামূলকভারে কিমান কাম কৰিব পাৰোঁ তাৰ ওপৰতহে সময়ৰ মূল্য নিৰ্ভৰ কৰে। সেয়ে কোৱা হয়, ‘সময় অমূল্য ধন।’
৬। “প্রাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়।
উঃ প্রাকৃতিক গতি-বিধি বা পৰিঘটনাৰ ওপৰত ভিত্তি কৰিও সময় নিৰূপণ কৰিব পাৰি। উদাহৰণ স্বৰূপে : প্রকৃতিত কুলি-কেতেকীৰ আগমন, বালিমাহী চৰাই ওলোৱা, কেঁকোৰা গাঁতত সোমোৱা আদি চাই ঋতুচক্ৰৰ উমান পাব পাৰোঁ। আকৌ গছত কুঁহিপাত ওলালে, আমে মুচি পেলালে, প্রকৃতিত কুলি-কেতেকীৰ আবিৰ্ভাৱ হ’লে বসন্ত ঋতুৰ আগমনি বতৰা পোৱা যায়। সেইদৰে বৰষুণৰ প্ৰাচুৰ্যই বৰষা ঋতুৰ বাতৰি দিয়ে।
৭। “নিয়মানুবর্তিতা আৰু সময়ৰ সদ্ব্যৱহাৰ”: বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা।
উঃ প্রবাদ বাক্যত কোৱা হয়, ‘সময় আৰু জোঁৱাৰ কাৰো বাবে বৈ নাথাকে।’ কথাষাৰৰ নিশ্চয় সার্ব্বজনীন সত্যতা আছে কাৰণ সময় হৈছে এনেকুৱা এটা বস্তু যিয়ে থমকি ৰ’বলৈ শিকা নাই। পাৰ হৈ যোৱা সময় আমি কেতিয়াও ঘূৰাই আনিব নোৱাৰো। সময় ইমানেই মূল্যৱান যে ইয়াক কোনো টকা-পইচাৰে কিনিব নোৱাৰি।
প্রত্যেকেই সময়ৰ যথাযথ ব্যৱহাৰৰ প্ৰতি মনোযোগী হ’ব লাগে কাৰণ আচলতে জীৱনটো সময়ৰ এক সমষ্টিহে মাথোন। আমি সকলোরে সময়ৰ কাম সময়ত কৰিব লাগে। ছাত্র-ছাত্রীসকলে সময়ৰ পাঠ সময়ত পঢ়ি সময়ৰ যথাযথ ব্যৱহাৰ কৰিব লাগে। ব্যৱসায়ী এজনে সময়ৰ ব্যৱহাৰ এনেভাৱে কৰিব লাগে যাতে তেওঁৰ খৰচ কৰা সময় ব্যৱসায়ৰ উত্তৰোত্তত ব্যৱহাৰ হয়। আচলতে জীৱনৰ সফলতা সময়ৰ উপযুক্ত ব্যৱহাৰৰ ওপৰতহে নিৰ্ভৰ কৰে।
আলস্যতা সময়ৰ হত্যাকাৰী বুলি ক’ব পাৰি। যিসকলে অবাবত সময় নষ্ট কৰে সিহঁতে নিশ্চয় ইয়াৰ ফল জীৱনত ভোগ কৰিব লাগিব। পিছত তেওঁ সময়ৰ মূল্য অনুধাৱন কৰিব পাৰিলেও অনুতাপৰ বাহিৰে কৰিবলগীয়া একো নাথাকিব। আমি আমাৰ মূল্যৱান সময় ফচহু গল্প কৈ বা শুনি, বেয়া কিতাপ পঢ়ি বা কর্তব্যক অৱহেলা কৰি নষ্ট কৰা উচিত নহয়।
মানৱ জীৱন বৰ মূল্যবান। এজন মানুহৰ মূল্য তেওঁ সম্পাদন কৰা কৰ্মৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয়। আমি ইতিহাসৰ পাতত পাওঁ যিসকল ব্যক্তিয়ে মানৱ সভ্যতালৈ বিশেষ অৱদান আগবঢ়াইছে সিহঁতে সময়ৰ প্ৰতিটো মূহুৰ্তৰ সদ্ব্যৱহাৰৰ প্ৰতি সচেষ্ট আছিল। সময় ধনুৰ পৰা কাড় উৰি যোৱাৰ দৰে প্ৰতি মূহুৰ্তত আমাৰ পৰা আতৰি আছে। বুদ্ধিমানে সময় উৰি যোৱাৰ আগতেই থাপ মাৰি ধৰি ইয়াৰ সুপ্রয়োগ কৰে। সংক্ষেপে ক’বলৈ গ’লে আমি সকলোৱেই জীৱনত নিয়মানুবর্তিতা মানি চলিব লাগে।
ভাষা-বিষয়কঃ
৯। ভাৱ সম্প্ৰসাৰণ কৰা:
(ক) আইৰো বার্তা গংগাৰো যাত্রা।
উঃ সময়ৰ সঠিক ব্যৱহাৰৰ বিষয়ে বুজাবলৈ উক্ত প্ৰৱচনটো সততে ব্যৱহাৰ কৰা হয়। এই প্ররচন মতে শশুৰৰ ঘৰত থকা বোৱাৰীয়ে নিজ মাতৃৰ অসুখৰ বাৰ্তা অর্থাৎ বাতৰি পোৱাৰ লগে লগেই আইক চাবলৈ পিতৃ-মাতৃৰ ঘৰলৈ যাত্ৰা কৰে। বেলেগ ক’ৰবালৈ যাবলৈ ওলাওঁতে প্রতিজনী বোৱাৰীয়ে সাজোন-কাচোনত বহুত সময় নষ্ট কৰে। অর্থাৎ যথাসময়ত ওলাব নোৱাৰে। কিন্তু আইৰ অসুখৰ খবৰ পোৱাৰ লগে লগেই সি উধাতু খাই যাত্ৰা আৰম্ভ কৰে। অর্থাৎ অলপো সময়ৰ অপব্যয় নকৰে।
আইৰ বাৰ্তা পাই যিদৰে বোৱাৰী এজনীয়ে সময়ৰ অপচয়। নকৰি সোনকালে যাত্ৰা কৰে তেনেদৰে আমি সকলোরে যদি প্রয়োজন অনুসৰি সময়মতে নিজৰ নিজৰ কাম কৰি যাওঁ তেন্তে সময়ৰ সদ্ব্যৱহাৰ হয়। কাৰণ সময়ৰ সদ্ব্যৱহাৰৰ ওপৰতহে আমাৰ জীৱনৰ উৎকৰ্ষ সাধন হয়।
(খ) ৰাইজে নখ জোকাৰিলে নৈ বয়।
উঃ উক্ত উক্তিটো অসমীয়া ভাষাত বহুলভাবে ব্যৱহাৰ হোৱা এটি প্রবচন। সমজুৱাভাৱে কাম কৰিলে যে জটিল কামো সহজে সমাধান কৰিব পাৰি তাকে বুজাবলৈ প্রবচনটি মতা হয়।
নদ-নদী সাধাৰণতে প্রাকৃতিক প্রক্রিয়াত সৃষ্টি হয়। মানুহে নৈ সৃষ্টি কৰাটো অসম্ভব। কিয়নো নৈ বৈ যাবলৈ বহুত পানীৰ প্ৰয়োজন। এই পানী বৰষুণৰ উপৰিও বিভিন্ন উৎসই যোগান ধৰে। অর্থাৎ এটুপি এটুপিকৈ বহুত পানী লগ হৈ নৈ বৈ যায়। ঠিক তেনেকৈ আমাৰ এনে বহুতো কাম আছে যিবোৰ আমি কোনো ব্যক্তিয়ে অকলশৰীয়াভাৱে কৰিব নোৱাৰো। কিন্তু সেই কাম যদি আমি সমাজৰ সকলোৱে মিলি-জুলি কৰো তেন্তে সি সহজ হৈ পৰে। সমাজৰ বহুত ডাঙৰ ডাঙৰ কাম যেনে- শিক্ষানুষ্ঠান, ধর্মানুষ্ঠান, সাহাৰ্য্য শিবিৰ আদি সমূহ ৰাইজৰ দান বঢ়গুণিত গঢ়ি উঠে। সেয়ে কোৱা হয় ৰাইজে ঐক্যবদ্ধ হৈ কাম কৰিলে নৈ বোওৱাৰ দৰে টান বা অসম্ভর কাম এটিও সহজে সমাধান কৰিব পাৰি।
(গ) সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা।
উঃ ‘সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা’- অসমীয়া ভাষাত সময়ৰ উপযুক্ত ব্যৱহাৰৰ বিষয়ে সচেতন কৰিবলৈ সততে উক্ত প্ররচনটো মতা হয়।
শৰ মানে কাঁড়। ইয়াক ধনুত গুণ লগাই জীৱ-জন্তু নিধন কার্যত ব্যৱহাৰ কৰা হয়। শৰপহু হ’ল একশ্রেণীৰ তীব্রবেগী পহু। ইয়াৰ মঙহ খাবলৈ সোৱাদ। সেই সোৱাদ লগা মঙহ খাবলৈ হ’লে আমি পহুৰ গতিৰ বেগতকৈ অধিক বেগত ইয়াৰ গালৈ শৰ মাৰিব লাগিব। যদি শৰ মাৰোঁতে অলপ পলম হয়, তেন্তে পহুটো পলাই সাৰিব আৰু আমিও ইয়াৰ সোৱাদলগা মঙহ খাবলৈ নাপাম।
ঠিক তেনেদৰে আমি যদি জীৱন যুদ্ধত জয়ী হ’ব খোজো তেন্তে সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগিব। অর্থাৎ সময়ৰ কাম সময়মতে কৰিব লাগিব। অন্যথা আমি জীৱনত উন্নতি তথা সুখ আশা কৰিব নোৱাৰো।
১০। সন্ধি ভাঙাঃ
শকাব্দ, খ্রীষ্টাব্দ, শংকৰাব্দ, চৈতনাব্দ, লক্ষণাক্রান্ত, কল্পান্তৰ, কৰায়ত্ত, মনস্তাপ।
উঃ শকাব্দ = শক + অব্দ
খ্রীষ্টাব্দ = খ্রীষ্ট + অব্দ
শংকৰাব্দ = শংকৰ + অব্দ
চৈতনাব্দ = চৈতন্য + অব্দ
লক্ষণাক্রান্ত = লক্ষণ + আক্রান্ত
কল্পান্তৰ = কল্প + অন্তৰ
মনস্তাপ = মন + তাপ
কৰায়ত্ত = কৰ + আয়ত্ত।
১১। পাঠটিত থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সাজা।
উঃ দিন ৰাতিঃ হৰেনে দিন-বাতি পৰিশ্ৰম কৰিও ল’ৰাকেইটাক ভালদৰে পঢ়ুৱাব নোৱাৰিলে।
কুলি-কেতেকী: বহাগত কুলি-কেতেকীয়ে সুৱদি সুৰত গান গায়।
গতি-বিধিঃ দ্বিপেনৰ গতি-বিধিত সন্দেহ কৰাৰ থল আছে।
চন্দ্র-সূর্যঃ চন্দ্র-সূর্যক প্রাচীন মিচৰীয়সকলে দেৱতা জ্ঞান কৰিছিল।
যুদ্ধ-বিগ্রহঃ আগৰ যুগত ৰজা-মহাৰজাসকলে যুদ্ধ-বিগ্রহ কৰি সময় পাৰ কৰিছিল।
জীৱ-জন্তুঃ আমি ঘৰত নানা জীৱ-জন্তু পোহো।
যন্ত্র-পাতিঃ গাড়ী মেৰামতি কৰিবলৈ বহুত যন্ত্র-পাতিৰ প্রয়োজন হয়।
লক্ষ লক্ষ: সভাটোত লক্ষ লক্ষ মানুহৰ সমাগম হৈছিল।
নাযায়-নুপুৱায়ঃ দুখৰ বাতি নাযায়-নূপুরায়।
দীঘল-চুটিঃ ৰবৰৰ বস্তু টানিলে দীঘল-চুটি হয়।
১২। সময়ৰ সদ্ব্যৱহাৰ কৰি তুমি কিদৰে উপকৃত হৈছা- ইয়াকে জনাই তুমি তোমাৰ আইতাৰালৈ এখন চিঠি লিখা।
উঃ এলাহি ভৰসা ১৭ জুলাই, ২০১৭ পূজনীয়া আইতা, মোৰ আন্তৰিক সেৱা গ্রহণ কৰিব। মই ভালে আছোঁ। আশা ৰাখিছোঁ আপোনাৰ লগতে ককাদেউতায়ো ভালে-কুশলে আছে।
পিছে কথা হ’ল আপুনি মোক প্রায়ে এলেহুৱা বুলি কৈছিল আৰু সময়ৰ সদ্ব্যৱহাৰ নকৰোঁ বুলি গালি-শপনি পাৰিছিল। মই আপোনাৰ কথাত কোনো গুৰুত্ব নিদি বেয়া পাইছিলোঁ। কিন্তু মই হোষ্টেলত আহি আপোনাৰ কথা মর্মে মর্মে উপলব্ধি কৰিছোঁ যে আপুনি সঁচা কথাকেই কৈছিল। মই সময়ৰ যথাযথ ব্যৱহাৰ কৰা নাছিলো বাবেই পৰীক্ষাত আশা কৰা ধৰণে ভাল ফল দেখুৱাব পৰা নাছিলোঁ। যোৱা ১ জানুৱাৰীত আমাৰ প্রধান শিক্ষক মহোদয়ে সময়ৰ সদ্ব্যৱহাৰ কৰি কেনেদৰে লিখা-পঢ়াত উন্নতি কৰিব পাৰি আৰু জীৱনত সফলতা লাভ কৰিব পাৰি সেই সম্পর্কে এটি বক্তব্য আগবঢ়াইছিল। শিক্ষক মহোদয়ৰ বক্তব্য শুনি মই বৰ প্ৰভাৱিত হৈছিলোঁ আৰু সিদিনাৰ পৰাই মই সময়ৰ সদ্ব্যৱহাৰ কৰিবলৈ ললোঁ। ইয়াৰ সুফল মই তিনি মাহৰ ভিতৰতে পাই গ’লোঁ। আপুনি শুনি সুখী হ’ব যে মই যোৱা গোট পৰীক্ষাত সকলো বিষয়তে সর্বোচ্চ নম্বৰ লাভ কৰিছোঁ। মই এতিয়া আক্ষেপ কৰোঁ যদিহে মই আগৰে পৰা আপোনাৰ সুপৰামৰ্শ গ্রহণ কৰি সময়ৰ সদ্ব্যহাৰ কৰিলোঁহেতেঁন, তেন্তে যোৱা বছৰেকীয়া পৰীক্ষা অধিক ভাল হ’লহেঁতেন! মোক আশীর্বাদ কৰিব যাতে মই সময়ৰ সদ্ব্যৱহাৰ কৰি জীৱনত সফলতা লাভ কৰিব পাৰোঁ। আজিলৈ ইমানতে সামৰিলোঁ। ইতি,
আপোনাৰ আশীর্বাদপ্রার্থী
জোনমণি
অতিৰিক্ত প্রশ্নোত্তৰ:
১। সময়ৰ মজলীয়া ভাগবোৰ কি কি?
উঃ ঋতু, বছৰ, মাহ আদি।
২। বেলিঘড়ী’ বুলিলে কাক বুজায়?
উঃ বেলিফুল বা সূর্যমুখী ফুলক বুজায়।
৩। সময়ৰ প্ৰকৃত যন্ত্র-পাতি কি?
উঃ কর্ম।
৪। সময়ৰ গতি কিহৰ নিচিনা?
উঃ পাখিলগা কাঁড়ৰ নিচিনা।
৫। ‘সময়’ নামৰ পাঠটিৰ লিখক কোন?
উঃ বাগ্মীবৰ নীলমণি ফুকন।
৬। কি শক্তিৰ বলত মানুহে সময় নিৰূপণৰ কৌশল উলিয়ায়?
উঃ উদ্ভাৱিকা শক্তিৰ বলত।
৭। নীলমণি ফুকনৰ দুখন গ্রন্থৰ নাম লিখা।
উঃ ‘জ্যোতিকণা’ আৰু ‘চিন্তামণি’।
৮। নীলমণি ফুকন কোন যুগৰ কবি?
উঃ আৱাহন যুগৰ।
