Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 2 Question Answer মুক্তি

By Rabbi Masrur

Published On:

Class 9 Assamese Chapter 2 Question Answer মুক্তি

মুক্তি

লক্ষ্মীনাথ বেজবৰুৱা

লেখক পৰিচয়: লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) হৈছে বহুমুখী প্রতিভাধাৰী এজন অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হৈ কলিকতালৈ উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। ১৮৯১ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়।

লক্ষ্মীনাথ বেজবৰুৱা আধুনিক সাহিত্যৰ যুগনায়ক। ‘জোনাকী’ আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্রবাহিত কৰে। ‘জোনাকী’ৰ পাততে তেওঁৰ ধেমেলীয়া নাটক ‘লিতিকাই’ আৰু গল্পসমূহ প্রকাশ কৰে। সাহিত্যিক হিচাপে তেওঁৰ প্ৰতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, বম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অৱদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে শ্রেণী বিভাজন কৰিব পাৰিঃ

ধেমেলীয়া নাটক: লিতিকাই, পাচনি, নোমল আৰু চিকৰপতি-নিকৰপতি।

উপন্যাসঃ পদুম কুঁৱৰী।

কবিতা: কদমকলি।

গল্পপুথি: জোনবিৰি, সাধুকথাৰ কুঁকি, কেহোঁকলি আৰু সুৰভি।

সাধু কথা: বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা।

বুৰঞ্জীমূলক নাটক: জয়মতী, চক্রধ্বজ সিংহ, বেলিমাৰ।

হাস্য-ব্যঙ্গ ৰচনা: কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি।

জীৱনী: ডাঙৰীয়া দীননাথ বৰবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধরদের।

আত্মজীবনী: মোৰ জীৱন সোঁৱৰণ।

তত্ত্বমূলক গ্রন্থ: শ্রীকৃষ্ণ কথাআদি।

তেখেতে ‘বাঁহী’ নামৰ আলোচনী এখনৰ সম্পাদকো আছিল। ১৯২৪ চনত গুৱাহাটীত বহা ‘অসম সাহিত্য সভা’ৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।

১৯৩৮ চনত তেওঁৰ মৃত্যু হয়।

শব্দার্থ আৰু টোকা

আকাশ পাতাল ভাৰঃ নানা ধৰণৰ কথা চিন্তা কৰা।

ডাঁহেচীয়া: পুৰঠ হোৱাৰ পিছত পকিবলৈ ধৰা।

নথৈঃ সম্পূৰ্ণকৈ, বাকী নৰখাকৈ।

নৰসিংহ: বিষ্ণুৰ তৃতীয় অৱতাৰ। এওঁৰ মুখখন সিংহৰ দৰে আৰু শৰীৰটো মানুহৰ দৰে। অত্যাচাৰী মহাপ্রতাপী দৈত্যৰাজ হিৰণ্যকশিপুক বধ কৰি ৰক্ত পান কৰিছিল।

ভর্ৎসনা: দাবি-ধমকি, তিৰস্কাৰ।

যাঁত: মাহ, দাইল, শস্য মিহি কৰা শিলৰ ঘূৰণীয়া দুখন পাতযুক্ত যন্ত্রবিশেষ।

শিৰণ্যকশিপু: বিষ্ণুভক্ত প্রহ্লাদৰ পিতৃ দৈত্যৰাজ, বিষ্ণু বিদ্বেষী ৰজা। মহাদেৱৰ বৰত এওঁ নৰ বা জন্তুৰ হাতত নমৰে বুলি জানি অত্যাচাৰিত হৈ উঠিছিল।

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভাৱ-বিষয়কঃ

১। ‘মুক্তি’ গল্পটোৰ মূল কথাখিনি লিখা।

উঃ সুকুমাৰে চৈধ্য বছৰ বয়সতো চতুর্থ শ্রেণীত পঢ়ি আছিল। লিখা-পঢ়াৰ প্ৰতি তেওঁ অকনো মনোযোগ নিদি হাবি-বননিত চৰাইৰ কনী বিচাৰি, লোকৰ ঘৰত ফল-মূল বিচাৰি, পুখুৰীত বৰশী বাই, লগৰীয়াসকলৰ লগত মুকলি আকাশৰ তলত অনাই বনাই ঘূৰি ফুৰি আৰু দুষ্টালি কৰি ভাল পাইছিল। ফলত তেওঁ বিদ্যালয়ত পাঠ দিব নোৱাৰিছল। এদিনাখন বিদ্যালয়ৰ শিক্ষকে সুকুমাৰৰ লিখা-পঢ়াৰ অপাৰগতাৰ বিষয়ে কোৱাত দেউতাকে সকলো দোষ সুকুমাৰৰ ওপৰত জাপি দি খঙত সুকুমাৰক চিকনিৰে কোবাইছিল।

সুকুমাৰৰ ককায়েক দেৱকুমাৰ ডিব্ৰুগড়ত উকালতি কৰিছিল। মাজে সময়ে ঘৰলৈ আহিছিল। কিন্তু ভাইটি সুকুমাৰ লিখা-পঢ়াত সমূলি মন কাণ নিদিয়া বাবে বৰ দুখ পাইছিল। তেওঁ যাতে ভায়েকৰ বাবে লাজ পাব নালাগে তাৰ বাবে সুকুমাৰক ডিব্ৰুগড়লৈ নি নিজৰ তত্বাৱধানত ৰাখি লিখা-পঢ়া শিকাই ডাঙৰ মানুহ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ঘৰৰ পৰা লৈ গৈছিল।

দেৱকুমাৰে ভাইটি সুকুমাৰক নিজৰ লগত ডিব্ৰুগড়লৈ লৈ যাবলৈ ওলাওঁতে মাকে সুকুমাৰৰ মুখত চুমা খাই কৈছিল, “হেব, তই ককাইদেৱৰ হাক-বচন মানি চলিবি, মোৰ সোণাই আৰু মন দি পঢ়িবি”। বৰ পুতেকৰ মুখত হাত বুলাই কৈছিল, “হেৰ বৰ বোপা, তাক তই বৰকৈ তম্বি নকৰিবি, মোৰ মইনা, সি লাহে লাহে পঢ়িব, অজলা ল’ৰা, একেবাৰেই বৰকৈ টানি নধৰিবি।”

ডিব্ৰুগড়লৈ আহি সুকুমাৰ যেন সজাত বন্ধী হ’ল। ককায়েকৰ কঠোৰ শাসনৰ ফলত সি স্বভার বিদ্রোহী হৈ উঠিল। সুকুমাৰ অচিৰেই ক্লান্ত আৰু অকর্মণ্য হৈ পৰিল। ওৰে দিনটো সি কিতাপ পড়ে কিন্তু তাৰ কোনো পঢ়া আয়ত্ব নহয়। বুদ্ধি-বৃত্তি আৰু স্মৃতি শক্তি লোপ পাবলৈ ধৰে আৰু অৱশেষত তেওঁ বেমাৰত পৰিল।

ডিব্ৰুগড়ত সুকুমাৰে লিখা-পঢ়াত অকনো উন্নতি কৰিব নোৱাৰাত ককায়েকে তেওঁক গালি-শপনি আৰু ভর্ৎসনা কৰাৰ উপৰিও শাৰীৰিকভাৱে শাস্তি দিছিল। শেষলৈ তেওঁ জ্বৰত আক্রান্ত হৈছিল আৰু জ্বৰৰ প্রকোপত তেওঁ মাজে মাজে তলত উল্লেখ কৰা ধৰণে প্রলাপ বকিছিল:
“আই, তুমি আহিছা? মই পোহা চৰাই আৰু আন জন্তুবোৰ কেনে আছে? সিহঁতে মোক বিচাৰেনে? মই গৈ সিহঁতৰ সৈতে উমলিম। মই পঢ়িম আই, তুমি নাভাবিবা। ককাইদেবে মই পঢ়া-শুনা নকৰাত বেয়া পাইছে। মই পঢ়িম, ডাঙৰ মানুহ হ’ম। উস্, ককাইদেউ, মোক আৰু নামাৰিবা, মই এইবাৰৰ পৰা পঢ়া ঠিক মনত ৰাখিম। মই ভাল ল’ৰা হ’ম। মোৰ বাবে তুমি আৰু লাজ নোপোৱা হ’বা।”
দুসপ্তাহমান জ্বৰত ভূগি অৱশেষত সুকুমাৰে মৃত্যুক সাবটি ললে।

২। তোমাৰ নিজৰ কথাৰে মুক্তি গল্পৰ কাহিনীটো চমুকৈ লিখা।

উঃ ওপৰৰ ১ নং প্রশ্নোত্তৰ চোৱা।

৩। চুটিগল্পৰ সাধাৰণ লক্ষণবোৰৰ আভাস দিয়া। মুক্তি’ গল্পত সেই লক্ষণ কিমানদূৰ পোৱা যায় চমুকৈ লিখা।

উঃ মানৱ জীৱনৰ কোনো এক মূহুৰ্তৰ ঘটনাক অৱলম্বন কৰি গদ্যত যি কাহিনী বা গল্প ৰচনা কৰা হয় তাকে ‘চুটি গল্প’ বোলে। চুটি গল্পৰ পিতৃস্বরূপ আমেৰিকাৰ লিখক এডগাৰ এলেন প’ৰ মতে, “চুটি গল্প হৈছে এক প্ৰকাৰৰ গদ্য ৰচনা যিটো পঢ়ি শেষ কৰোঁতে আধা ঘন্টাৰ পৰা এঘন্টা বা দুই ঘণ্টাৰ প্ৰয়োজন হয়।” চুটিগল্পত কাৰ্যৰ ঐক্য আৰু কাৰ্যৰ ঐক্য সম্পাদনত সংক্ষিপ্ততাৰ ঐক্য মানি চলিব লাগে। এডগাৰ এলন প’য়ে শুভাৰম্ভ কৰা চুটিগল্পই তেওঁৰ সমসাময়িক ভালেমান আমেৰিকান, ৰাছিয়ান আৰু ফৰাচী লিখকৰ হাতত সাহিত্যৰ এক বলিষ্ঠ স্বাধীন শাখা হিচাপে প্রতিষ্ঠা লাভ কৰে। গল্পকাৰ ভেদে চুটিগল্পৰ বৈশিষ্ট্য ভিন ভিন যদিও সাহিত্যৰ এক স্বাধীন শাখা হিচাপে ইয়াৰ কিছুমান সাধাৰণ উপাদান (লক্ষণ/বৈশিষ্ট্য) আছে যিবোৰ উপাদান কম বেছি পৰিমাণে প্রায় সকলোবোৰ চুটিগল্পত বিদ্যমান। উপাদানবোৰ হ’ল: (ক) এটি মাত্র কাহিনী, (খ) মানৱ চৰিত্র, (গ) গঠন বা বিন্যাস (ঘ) পৰিবেশৰ বৰ্ণনা, (ঙ) সংলাপ আৰু (চ) লিখকৰ জীৱন দৰ্শন।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ শিৰোনামাৰ গল্পটি এটি সামাজিক গল্প। গল্পটিত চুটিগল্পৰ প্ৰায়বোৰ উপাদান কম বেছি পৰিমাণে বিদ্যমান।

(ক) কাহিনীঃ চুটিগল্পত এটি মাথো কাহিনী থাকিব লাগে। চুটি গল্পৰ আকাৰ চুটি হোৱা বাবেই ইয়াত এটাতকৈ অধিক কাহিনীৰ স্থান নাই। চুটিগল্পৰ কাহিনী কাল্পনিক হ’ব পাৰে যদিও ই বাস্তৱৰ ওপৰত প্রতিষ্ঠিত হ’ব লাগে। মানর জীৱনৰ কোনো এক মূহুৰ্তৰ ঘটনা এটিক চুটি গল্পত ফুটাই তোলা হয়।

বেজবৰুৱাদেৱৰ ‘মুক্তি’ নামৰ গল্পটিত এটি মাত্র কাহিনী আছে। মধ্যবিত্ত পৰিয়ালৰ সুকুমাৰ নামৰ ল’ৰা এজনে কেনেদৰে প্ৰথমতে মাক-দেউতাকৰ অতি মৰম-স্নেহৰ বলি হৈ লিখা-পঢ়াৰ প্রতি পিঠি দি দুষ্টালি কৰি ফুৰিছিল আৰু পিছলৈ কেনেদৰে উকিল ককায়েক দেৱকান্তৰ দ্বাৰা লিখা-পঢ়াৰ নামত কঠোৰ শাসন, গালি-শপনি, ভর্ৎসনা, আৰু শাৰীৰিক শাস্তিৰ বলি হৈ মৃত্যু মুখত পৰে সেই কাহিনী বর্ণনা কৰা হৈছে।

(খ) চৰিত্ৰঃ চুটিগল্পৰ দ্বিতীয় প্রধান উপাদান হৈছে চৰিত্ৰ। চুটিগল্পৰ চৰিত্ৰ সদায় সমাজত বাস কৰা মানুহ হ’ব লাগিব। যিহেতু চুটিগল্প বাস্তৱৰ ওপৰত প্রতিষ্ঠিত সেয়ে ইয়াত কোনো অপ্রাকৃতিক জীৱ বা সাধু কথাৰ দৰে জীৱ-জন্তু, চৰাই আদি মুখ্য চৰিত্ৰ হ’ব নোৱাৰে। আনকি চুটি গল্প যিহেতু আকাৰত চুটি হ’ব লাগে, সেয়ে চুটি গল্পত এজন বা সর্বাধিক দুজনহে মুখ্য চৰিত্ৰ থাকিব পাৰে। চৰিত্ৰবোৰ আর্হিমূলকো হ’ব পাৰে বা স্বতন্ত্র্য বৈশিষ্ট্যযুক্তও হ’ব পাৰে।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ শিৰোনামাৰ গল্পটিৰ প্রধান চৰিত্ৰ সুকুমাৰ। পৰিবেশৰ হেঁচাত পৰি তেওঁ কেনেদৰে নিজৰ কৰ্তব্যৰ পৰা স্খলিত হৈ অৱশেষত মৃত্যু মুখত পৰে সেয়া গল্পটিত দেখুওৱা হৈছে। গল্পটিত অৱশ্যে অন্যান্য চৰিত্ৰ আছে যদিও সেই চৰিত্ৰবোৰে প্রধান চৰিত্ৰ সুকুমাৰৰ চৰিত্ৰ বিকাশ আৰু প্রকাশত অৱদান আগবঢ়াইছে।

(গ) গঠন বা কাহিনী বিন্যাসঃ চুটিগল্পৰ কাহিনী ভাগৰ সাধাৰণতে তিনিটা স্তৰ বা পর্যায় আছে, যেনেঃ আৰম্ভণি, শীর্ষ বিন্দু আৰু সামৰণি। আৰম্ভণিত কাহিনীভাগ সূচনা হৈ দ্বন্দ্বৰ মাজেদি শীর্ষবিন্দু পায়। আৰু শীর্ষবিন্দুৰ পৰা ক্রমান্বয়ে অৱৰোহণৰ মাজেদি সামৰণি পায়। অৱশ্যে এই তিনিটা পর্যায় সকলো গল্পত সুষমভারে নাথাকিব পাৰে যদিও চুটিগল্পৰ কাহিনী বিন্যাসৰ তিনিটা পর্যায় প্রায় সকলোবোৰ গল্পত বিদ্যমান।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পটিতো ইয়াৰ কাহিনী বিন্যাসত এই তিনিটা স্তৰ পোৱা যায়। গল্পটিব আৰম্ভণিতে আমি ইয়াৰ প্ৰধান চৰিত্ৰ সুকুমাৰক লিখা-পঢ়াৰ প্রতি পিঠি দি বিদ্যালয়ৰ পৰা আহিয়েই অ’ত-ত’ত চৰাইৰ কণী বা পোৱালি বিচাৰি, বৰশী বাই, গছ বগাই, ফল-মূল পাৰি, হাবিত ঘূৰি ফুৰি সময় কটোৱা অৱস্থাত লগ পাওঁ। পঢ়াৰ প্ৰতি অমনোযোগী হোৱা বাবে শিক্ষকৰ পৰা পোৱা অভিযোগ শুনি অশিক্ষিত দেউতাকৰ চিকনিৰ কোব খাই গোটেই ৰাতি তেঁতেলী গছত কটোৱা আদি ঘটনাৰ বৰ্ণনাৰ মাজেদি আগবাঢ়ি উকিল ককায়েক দেৱকুমাৰৰ দ্বাৰা ভালদৰে লিখা-পঢ়া শিকোৱাৰ উদ্দেশ্যে তেওঁক ডিব্রুগড়লৈ লৈ যোৱা সময়ত কাহিনীটো শীর্ষবিন্দু পাইছে। এই শীর্ষ বিন্দুৰ পৰা কাহিনীভাগ লাহে লাহে অৱৰোহণ কৰি তেওঁ লিখা-পঢ়াত উন্নতি দেখুৱাব নোৱাৰাৰ দোষত ককায়েকৰ পৰা দাবি-ধমকি, ভর্ৎসনা আৰু শাৰীৰিক শাস্তিৰ বলি হৈ অকালতে মৃত্যুক সাৱটি লৈ কাহিনীটো সামৰণি পাইছে।

(ঘ) পৰিবেশঃ চুটিগল্পৰ আন এক উপাদান হৈছে পৰিবেশ অংকন। চুটি গল্পত সাধাৰণতে পাত্র-পাত্রী বা চৰিত্ৰই যি পৰিবেশত ঘটনা সংঘটিত কৰে তাৰ চিত্ৰ থাকিব লাগে। অৱশ্যে পৰিবেশে বহল অৰ্থত কাহিনীটোৰ চৰিত্ৰই সংঘটিত কৰা ঘটনাৰ চাৰিওফালৰ প্ৰাকৃতিক বা সামাজিক পৰিস্থিতি, পৰিধান কৰা সাজ-সজ্জা, খোৱা-লোৱা, সামাজিক ৰীতি-নীতি আদিকো সামৰি লয়। পৰিবেশ কেতিয়াও অসংগত বা কৃত্রিম হ’ব নালাগে। অর্থাৎ গাওঁৰ কাহিনী পৰিবেশন কৰোঁতে নগৰীয়া পৰিবেশৰ চিত্ৰ থাকিব নালাগে। মুঠতে পৰিবেশৰ চিত্ৰ সদায় বাস্তৱসন্মত হোৱা বাঞ্ছনীয়।

মুক্তি’ গল্পটিত গল্পকাৰ বেজবৰুৱাদেৱে অসমীয়া গাঁৱলীয়া সমাজৰ চিত্ৰ ফুটাই তোলাত সক্ষম হৈছে। গাওঁৰ ল’ৰা-ছোৱালীবোৰ যে চহৰৰ তুলনাত লিখা-পঢ়াৰ প্ৰতি কম মনোযোগী সেই চিত্র ফুটাই তোলাৰ লগতে অসমীয়া গাওঁলীয়া সমাজত ল’ৰাবোৰে যে অধিক স্বাধীনতা ভোগ কৰে, সিহঁতে উদ্বেগহীনভাবে গছ-গছনিৰ ফল-মূল পাবি, চৰাইৰ পোৱালি বিচাৰি, বৰশী বাই থাকিবলৈ ভাল পায় তাৰ চিত্ৰ গল্পটিত সাবলীলভাবে অংকিত হৈছে।

(ঙ) সংলাপঃ চুটিগল্পৰ আন এক আবশ্যকীয় উপাদান হৈছে সংলাপ। সংলাপ বুলিলে গল্পটিত স্থান পোৱা চৰিত্ৰবোৰৰ মাজত হোৱা কথোপকথনক বুজায়। চুটি গল্পত সংলাপ পৰিমিতৰূপত ব্যৱহাৰ কৰিব লাগে। অর্থাৎ গল্পকাৰে সংলাপ ৰচনা কৰোঁতে সেইবোৰ সংলাপহে চৰিত্ৰবোৰৰ মুখেদি প্রকাশ কৰিব লাগে যাৰ জৰিয়তে চৰিত্ৰ এটাই নিজক প্রকাশ কৰিব পাৰে আৰু কাহিনীটো আগবাঢ়ি যোৱাত সহায়ক হয়।
লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পটিত গল্পকাৰে পৰিমিত ৰূপত সংলাপৰ সংযোজন কৰিছে। উদাহৰণস্বৰূপে সুকুমাৰৰ ককায়েক দেৱকুমাৰে ডিব্ৰুগড়ৰ পৰা ঘৰলৈ আহি ভাইটি সুকুমাৰক কৰা ভর্ৎসনা, ককায়েকৰ লগত সুকুমাৰে ঘৰ এৰি যোৱাৰ মূহুৰ্তত মাকে ল’ৰা দুজনক উদ্দ্যেশি কোরা কথা আদিয়ে সিহঁতৰ ব্যক্তিত্ব প্রকাশ কৰাৰ লগতে কাহিনীভাগো আগবঢ়াই লৈ যোৱাত সহায়ক হৈছে।

(চ) লিখকৰ জীৱন দৰ্শন: লিখকৰ জীৱন দর্শন বুলিলে জীৱনৰ প্রতি প্রকাশ পোৱা লিখকৰ দৃষ্টিভংগী বা জীৱনৰ পৰা পোৱা অভিজ্ঞতাক বুজায়। জীৱন দর্শন সকলোবোৰ গল্পত স্পষ্টভাবে প্রকাশ নাপালেও পৰোক্ষভাবে প্রকাশ পায়।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি ‘নামৰ গল্পতো গল্পকাৰৰ জীৱন দৰ্শন পৰোক্ষভাৱে প্রকাশ পাইছে। লিখকে গল্পটিব মাজেদি জীৱনৰ প্ৰতি এই অভিজ্ঞতা প্রকাশ কৰিছে যে মানুহৰ ওপৰত পৰিবেশৰ প্ৰভাৱ অপৰিসীম। মানুহৰ আচাৰ-আচৰণ, কর্ম, সংস্থান আদি পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰে। জীৱনৰ প্ৰতি অভিজ্ঞতা নথকাসকলে কিবা দোষৰ বাবে ব্যক্তিকেই জগৰীয়া কৰে। সেয়া যে ভুল লিখকে গল্পটিত সুকুমাৰৰ কাহিনীৰ মাজেদি প্রকাশ কৰিছে। ওপৰৰ বিশ্লেষণৰ পৰা দেখা যায় যে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পটিত চুটিগল্পৰ সাধাৰণ উপাদান (লক্ষণ) বোৰ কম-বেছি পৰিমাণে বিদ্যমান।

৪। চমু উত্তৰ দিয়া:

(ক) সুকুমাৰক দেউতাকে চেকনিৰে কিয় কোবাইছিল? তেতিয়া সুকুমাৰে কি কৰিছিল?

উঃ সুকুমাৰে চৈধ্য বছৰ বয়সতো চতুর্থ শ্রেণীত পঢ়ি আছিল। লিখা-পঢ়াৰ প্রতি তেওঁ অকনো মনোযোগ নিদি হাবি-বননিত চৰাইৰ কনী বিচাৰি, লোকৰ ঘৰত ফল-মূল বিচাৰি, পুখুৰীত বৰশী বাই, লগৰীয়াসকলৰ লগত মুকলি আকাশৰ তলত অনাই বনাই ঘূৰা-ফিৰা কৰি ভাল পাইছিল। ফলত তেওঁ বিদ্যালয়ত পাঠ দিব নোৱাৰিছিল। এদিনাখন বিদ্যালয়ৰ শিক্ষকে সুকুমাৰৰ লিখা-পঢ়াৰ অপাৰগতাৰ বিষয়ে কোরাত দেউতাকে খঙত সুকুমাৰক চেকনিৰে কোবাইছিল।
তেতিয়া সুকুমাৰে বেজাৰ কৰি তেতেলী গছত উঠি গোটেই ৰাতি কটাইছিল।

(খ) সুকুমাৰক ককায়েকে কিয় ঘৰৰ পৰা লৈ গৈছিল?

উঃ সুকুমাৰৰ ককায়েক দেৱকুমাৰ ডিব্ৰুগড়ত উকালতি কৰিছিল। মাজে সময়ে ঘৰলৈ আহিছিল। কিন্তু ভাইটি সুকুমাৰ লিখা-পঢ়াত সমূলি মন কাণ নিদিয়া বাবে বৰ দুখ পাইছিল। তেওঁ যাতে ভায়েকৰ বাবে লাজ পাব নালাগে তাৰ বাবে সুকুমাৰক ডিব্ৰুগড়লৈ নি নিজৰ তত্বাৱধানত ৰাখি লিখা-পঢ়া শিকাই ডাঙৰ মানুহ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ঘৰৰ পৰা লৈ গৈছিল।

(গ) সুকুমাৰ ককায়েৰ লগত ঘৰৰ পৰা যাবলৈ ওলাওঁতে মাকে কি উপদেশ দিছিল?

উঃ দেৱকুমাৰে ভাইটি সুকুমাৰক নিজৰ লগত ডিব্রুগড়লৈ লৈ যাবলৈ ওলাওঁতে মাকে সুকুমাৰৰ মুখত চুমা খাই কৈছিল, “হেৰ, তই ককাইদেৱৰ হাক-বচন মানি চলিবি, মোৰ সোণাই আৰু মন দি পঢ়িবি”। বৰ পুতেকৰ মুখত হাত বুলাই কৈছিল, “হেৰ বৰ বোপা, তাক তই বৰকৈ তম্বি নকৰিবি, মোৰ মইনা, সি লাহে লাহে পঢ়িব, অজলা ল’ৰা, একেবাৰেই বৰকৈ টানি নধৰিবি।”

(ঘ) ডি বুৰুত সুকুমাৰৰ কি অৱস্থা হৈছিল?

উঃ ডিব্ৰুগড়লৈ আহি সুকুমাৰ যেন সজাত বন্ধী হ’ল। ককায়েকৰ কঠোৰ শাসনৰ ফলত সি স্বভাৱ বিদ্রোহী হৈ উঠিল। সুকুমাৰ অচিৰেই ক্লান্ত আৰু অকর্মণ্য হৈ পৰিল। ওৰে দিনটো সি কিতাপ পড়ে কিন্তু তাৰ কোনো পঢ়া আয়ত্ব নহয়। বুদ্ধি-বৃত্তি আৰু স্মৃতি শক্তি লোপ পাবলৈ ধৰে আৰু অৱশেষত তেওঁ জ্বৰত আক্রান্ত হয়।

(ঙ) সুকুমাৰৰ শেষ পৰিণতি কি হ’লগৈ?

উঃ লিখা-পঢ়াত সুকুমাৰৰ কোনো উন্নতি নেদেখি ককায়েকে এদিন তেওঁক শাৰীৰিকভাৱে শাস্তি দিলে। পিছলৈ তেওঁ জ্বৰত আক্রান্ত হ’ল। এনেদৰে দুসপ্তাহমান জ্বৰত ভূগি অকালতে মৃত্যুক আকোৱালি ললে।

৫। ‘মই ভাল ল’ৰা হ’ম। মোৰ বাবে তুমি আৰু লাজ নোপোৱা হ’বা।’- কোনে, কেতিয়া, কাক এই কথাষাৰ কৈছিল? চমুকৈ বুজাই লিখা।

উঃ ডিব্ৰুগড়ত ককায়েকৰ তত্বাৱধানতো লিখা-পড়া কৰিব নোৱাৰা বাবে ককায়েক দেৱকুমাৰৰ কঠোৰ শাসন, কটুক্তি আৰু প্ৰহাৰৰ বলি হৈ সুকুমাৰ জ্বৰত আক্রান্ত হয়। জ্বৰৰ প্রকোপত সি মাজে মাজে প্রলাপ বকাৰ সময়ত উক্ত কথাষাৰ সুকুমাৰে ককায়েক দেৱকুমাৰক উদ্দেশ্যি কৈছিল। উক্ত কথাষাৰৰ জৰিয়তে তেওঁ যে ভৱিষ্যতে ভালদৰে লিখা-পঢ়া শিকি ডাঙৰ মানুহ হ’ব আৰু ককায়েকে যে তেওঁৰ বাবে লাজ পাব নালাগে সেই ভাৱটোক ব্যক্ত কৰিছে। ।

৬। দিন-ৰাতিৰ দোমোজা কালডোখৰ সকলোবে পক্ষে ভয়ানক।’: এই কথাৰ তাৎপর্য ব্যাখ্যা কৰি ‘মুক্তি’ গল্পটোৰ কাহিনীৰ লগত ইয়াৰ কোনো সম্পর্ক আছে বুলি ভাবা, নিজৰ কথাৰে লিখা।

উঃ ‘দিন-বাতিৰ দোমোজাৰ কালডোখৰ সকলোৰে পক্ষে ভয়ানক।’ কাৰণ এই সময়ছোৱাত বিষ্ণুয়ে নৰসিংহ ৰূপ ধাৰণ কৰি দৈত্যৰাজ হিৰণ্যকশিপুক বধ কৰিছিল। পুত্ৰ সুকুমাৰৰ বিৰুদ্ধে পড়াশুনাৰ প্রতি মন-কাণ নিদিয়াৰ অভিযোগ শুনি দেউতাকে সুকুমাৰক প্ৰহাৰ কৰাৰ প্রসংগত লিখকে উক্ত কথাখিনি ব্যক্ত কৰিছে। সুকুমাৰৰ দেউতাক আছিল পুৰণি মানসিকতাৰ লোক।

তেওঁ সন্তানক কেনেদৰে লিখা-পঢ়াৰ প্ৰতি মনযোগ আকর্ষণ কৰিব লাগে সেয়া নাজানিছিল। তেওঁ ভারিছিল যে যিহেতু মাছুল দি ল’ৰাক বিদ্যালয়ত পঢ়ুৱাইছে, গতিকে শিক্ষকে তেওঁৰ পুত্ৰ সুকুমাৰক সৰ্ববিদ্যাত বিশাৰদ কৰি তুলিব। কিন্তু এদিন বিদ্যালয়ৰ শিক্ষকে সুকুমাৰৰ পঢ়া-শুনাৰ অভাৱ আৰু অমনোযোগিতাৰ বিষয়ে কোৱাত দেউতাকে সকলো দোষ সুকুমাৰৰ ওপৰতে জাপি দি তেওঁক বেয়াকৈয়ে প্ৰহাৰ কৰিছিল। সুকুমাৰে দেউতাকৰ মাৰ খাই তেঁতেলী গছত উঠি গোটেই ৰাতি কটাইছিল।

পুৰণি ৰীতি-নীতি আৰু নতুন ৰীতি নীতিৰ সম্যক জ্ঞান নথকা সুকুমাৰৰ দেউতাকৰ মানসিক অৱস্থাটোক লিখকে দিন-ৰাতিৰ দোমোজা কালডোখৰৰ লগত তুলনা কৰিছে। এইদৰে গল্পটোৰ কাহিনীভাগৰ লগত উক্ত কথাষাৰৰ সম্পৰ্ক আছে।

৭। ব্যাখ্যা কৰাঃ

(ক) দিন-ৰাতিৰ সন্ধিক্ষণতে নৰসিংহৰ দ্বাৰা হিৰণ্যকশিপুৰ বিনাশ ঘটিছিল।

উঃ উক্ত কথাষাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ‘মুক্তি’ নামৰ গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে।

পুত্ৰ সুকুমাৰৰ বিৰুদ্ধে পঢ়াশুনাৰ প্রতি মন-কাণ নিদিয়াৰ অভিযোগ শুনি দেউতাকে সুকুমাৰক প্ৰহাৰ কৰাৰ প্রসংগত লিখকে উক্ত কথাখিনি ব্যক্ত কৰিছে।

সুকুমাৰৰ দেউতাক আছিল পুৰণি মানসিকতাৰ লোক। তেওঁ সন্তানক কেনেদৰে লিখা-পঢ়াৰ প্ৰতি মনযোগ আকর্ষণ কৰিব লাগে সেয়া নাজানিছিল। তেওঁ ভারিছিল যে যিহেতু মাছুল দি ল’ৰাক বিদ্যালয়ত পঢ়ুরাইছে, গতিকে শিক্ষকে তেওঁৰ পুত্র সুকুমাৰক সৰ্ববিদ্যাত বিশাৰদ কৰি তুলিব। কিন্তু এদিন বিদ্যালয়ৰ শিক্ষকে সুকুমাৰৰ পঢ়া-শুনাৰ অভাৱ আৰু অমনোযোগিতাৰ বিষয়ে কোৱাত দেউতাকে সকলো দোষ
সুকুমাৰৰ ওপৰতে জাপি দি তেওঁক বেয়াকৈয়ে প্ৰহাৰ কৰিছিল। সুকুমাৰে দেউতাকৰ মাৰ খাই গোটেই ৰাতি তেঁতেলী গছত উঠি কটাইছিল।

পুৰণি ৰীতি-নীতি আৰু নতুন বীতি নীতিৰ সম্যক জ্ঞানৰ অভাৱৰ বাবেই সুকুমাৰৰ দেউতাকৰ এনেকুৱা মানসিক বিপদ ঘটিছিল।

(খ) মুকলি আকাশত উৰি ফুৰা চৰাই লোৰ সজাত বান্ধ খালে।

উঃ উক্ত কথাষাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘মুক্তি’ নামৰ গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে। ডিব্ৰুগড়ত ককায়েকৰ তত্বাৱধানত সুকুমাৰৰ মানসিক অৱস্থাৰ কথা বুজাবলৈ লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

সুকুমাৰ মাক-দেউতাকৰ মৰম-স্নেহৰ মাজত ডাঙৰ হৈ গাওঁৰ হাবি-বননিৰ মাজত গোটেই দিন স্বাধীনভাবে ঘূৰি ফুৰিছিল। বৰশীৰে মাছ মাৰিছিল, গছৰ ডালে ডালে আম, জাম, মাধুৰীআম আদি বিচাৰি ফুৰিছিল। সেয়ে সি লিখা-পঢ়াৰ প্রতি অমনোযোগী হৈ পৰিছিল। তেওঁৰ ককায়েক দেৱকুমাৰ ডিব্ৰুগড়ত উকালতি কৰিছিল। এবাৰ তেওঁ ঘৰলৈ আহি সুকুমাৰক ভালদৰে লিখা-পঢ়া শিকোৱাৰ উদ্দেশ্যে নিজৰ লগতে ডিব্ৰুগড়লৈ লৈ গৈছিল। তাত ককায়েকৰ কঠোৰ শাসনৰ অধীনত তেওঁ সকলো স্বাধীনতা হেৰুৱাই পেলাইছিল। অর্থাৎ তেওঁ লোৰ সজাত বন্ধী কৰি বখা চৰাইৰ দৰে হৈ পৰিছিল। ক্রমান্বয়ে তেওঁ শাৰীৰিক আৰু মানসিকভাবেও ভাগি পৰিছিল।

৮। জ্বৰৰ বিকাৰত সুকুমাৰে কি কৈছিল, চমুকৈ লিখা।

উঃ ডিব্ৰুগড়ত সুকুমাৰে লিখা-পঢ়াত অকনো উন্নতি কৰিব নোৱাৰাত ককায়েকে তেওঁক গালি-শপনি, ভর্ৎসনা কৰাৰ উপৰিও শাৰীৰিকভাৱেও শাস্তি দিছিল। শেষলৈ তেওঁ জ্বৰত আক্ৰান্ত হৈছিল আৰু জ্বৰৰ প্ৰকোপত তেওঁ মাজে মাজে তলত উল্লেখ কৰা ধৰণে প্রলাপ বকিছিল: “আই, তুমি আহিছা? মই পোহা চৰাই আৰু আন জন্তুবোৰ কেনে আছে? সিহঁতে মোক বিচাৰেনে? মই গৈ সিহঁতৰ সৈতে উমলিম। মই পঢ়িম আই, তুমি নাভাবিবা। ককাইদেরে মই পঢ়া-শুনা নকৰাত বেয়া পাইছে। মই পঢ়িম, ডাঙৰ মানুহ হ’ম। উস, ককাইদেউ, মোক আৰু নামাৰিবা, মই এইবাৰৰপৰা পঢ়া ঠিক মনত ৰাখিম। মই ভাল ল’ৰা হ’ম। মোৰ বাবে তুমি আৰু লাজ নোপোৱা হ’বা।”

৯। সুকুমাৰক ককায়েকে লগত নিবলৈ ওলোৱাত মাক-দেউতাকৰ মনত উদয় হোৱা ভাৱৰাশিৰ চমু বৰ্ণনা কৰা।

উঃ মাক দেউতাকৰ মৰম-স্নেহ পাই সুকুমাৰে পৰিপূৰ্ণভাৱেই স্বাধীনতাৰ অপচয় কৰিছিল। পঢ়া-শুনাৰ প্রতি পিঠি দি হাবি-বননিত ঘূৰি ফুৰিছিল। ডিব্ৰুগড়ত থাকি উকালতি কৰা ককায়েক দেৱকুমাৰে এবাৰ ঘৰলৈ আহি সুকুমাৰক নিজৰ লগতে ডিব্রুগড়লৈ লৈ যাবলৈ ওলোৱাত মাক-দেউতাকে বৰ বেজাৰ পাইছিল। কিন্তু সুকুমাৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সিহঁতে দেৱকুমাৰৰ সিদ্ধান্তটো মানি লৈছিল। মাকে চকু পানী টুকিসুকুমাৰক কৈছিল, “হেব, তই ককাইদেৱৰ হাক-বচন মানি চলিবি, মোৰ সোণাই আৰু মন দি পঢ়িবি”। বৰ পুতেকৰ মুখত হাত বুলাই কৈছিল, “হেৰ বৰ বোপা, তাক তই বৰকৈ তম্বি নকৰিবি, মোৰ মইনা, সি লাহে লাহে পঢ়িব, অজলা ল’ৰা, একেবাৰেই বৰকৈ টানি নধৰিবি।” উদ্ধৃত কথাফাকিয়ে প্রমাণ কৰে যে ককায়েকে সুকুমাৰক লগত নিবলৈ ওলোৱাত মাক-দেউতা বৰ আবেগিক হৈ পৰিছিল আৰু নিজৰ ওচৰতে থকা ল’ৰাজন দূৰলৈ গুচি যাব বুলি মনত বৰ দুখ পাইছিল। ইয়াতে মাক-দেউতাকৰ বাৎসল্য প্রীতি সুন্দৰভাৱে প্রকাশ পাইছে।

১০। সেই সময়ৰ গাঁৱলীয়া সমাজৰ বিষয়ে গল্পটোৰ আধাৰত এটি টোকা যুগুত কৰা।

উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মুক্তি’ নামৰ গল্পটি সামাজিক গল্প। গল্পটিৰ মাজেৰে সেই সময়ৰ গাঁৱলীয়া চিত্র ফুটি উঠিছে।

সেই সময়টো আছিল প্রাচীন আৰু আধুনিকতাৰ দোমোজাৰ সময়। আগতে গুৰু গৃহত থাকি ছাত্র-ছাত্রীয়ে লিখা-পঢ়া শিকিছিল। গুৰুয়েও বৰ আন্তৰিকতাৰে শিক্ষাদান কৰিছিল। কিন্তু আধুনিক শিক্ষা পদ্ধতিত গুৰু গৃহৰ ঠাইত স্কুল স্থাপন হ’ল। কিন্তু এই শিক্ষাত আগৰ আন্তৰিকতা হ্রাস পালে। গল্পটোৰ নায়ক সুকুমাৰ আধুনিক শিক্ষা আৰু প্রাচীন শিক্ষা পদ্ধতিৰ দোমোজাৰ বলি হৈছে।

ইয়াৰ উপৰিও গল্পটিত সেই সময়ৰ গাঁৱলীয়া জীৱনৰ চিত্র ভাস্বৰ হৈ উঠিছে। সেই সময়ৰ গ্ৰাম্যাঞ্চলত মানুহৰ ঘৰৰ পিছফালে বিভিন্ন ফল-মূলৰ গছ-গছনিৰে ঠাহ খাই আছিল। ল’ৰা-ছোৱালীয়ে মুকলি মনেৰে সেইবোৰ পাৰি খাইছিল। মানুহে গৰু-ছাগলী, ভেড়া, ম’হ, হাঁহ, কুকুৰা আদি জীৱ-জন্তু পুহিছিল। ল’ৰা-ছোৱালীবোৰেও মাক-দেউতাকৰ পৰা অকৃত্রিম মৰম-স্নেহ পাইছিল। সৰহভাগ মানুহ অশিক্ষিত আছিল বাবে সিহঁতে শিক্ষা পদ্ধতি আৰু শিক্ষাৰ পৰিবেশৰ বিষয়ে জনা নাছিল।

ভাষা-বিষয়কঃ

১১। অর্থ স্পষ্টকৈ বাক্য ৰচনা কৰাঃ

আকাশ-পাতাল ভাব, আতৌপুতৌকৈ, ধৰা-বন্ধা কথা, মূৰ খা, তথা লাগ, বংশৰ কলংক।

উঃ আকাশ-পাতাল ভাব (অসম্ভর কল্পনা কৰা) :ডেকা-কালছোৱা আকাশ-পাতাল ভাবি থকাৰ সময়।

আতৌ পুতৌকৈ (অতি মৰমেৰে) :বুঢ়ীমাকে শংকৰক আতৌপুতৌকৈ ডাঙৰ-দীঘল কৰিছিল।

ধৰা-বন্ধা কথা (লৰ-চৰ নকৰা, কঠোৰ) :বিদ্যালয়ৰ অনুশাসন মানি চলাটো সকলোৰে বাবে ধৰা-বন্ধা কথা।

মূৰ খাা (ধ্বংস বা মৃত্যুৰ কাৰণ হ) :মাধৱৰ কঠোৰ অনুশাসনেই ল’ৰাজনৰ মুৰ খালে।

তথা লাগ (বিস্মিত হোৱা) :হেৰাম, কিতধা লাগি চাই আছ, এইফালে আহ।

বংশৰ কলংক (কোনো বংশৰ কুখ্যাত লোক) :দেবেনৰ দুষ্টালিৰ কথানো কি কম, সি বংশৰ কলংক।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতা পুথিখনৰ নাম কি?

উঃ কদমকলি।

২। লক্ষ্মীনাথ বেজবৰুৱাই সম্পদনা কৰা আলোচনীখনৰ নাম লিখা।

উঃ বাঁহী।

৩। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?

উঃ মোৰ জীৱন সোঁৱৰণ।

৪। নৰসিংহই কাক বধ কৰি তেজ পি খাইছিল?

উঃ দৈত্যৰাজ হিৰণ্যকশিপুৰ।

৫। দেউতাকৰ হাতত মাৰ খাই সুকুমাৰে কি কৰিছিল?

উঃ গোটেই ৰাতি তেঁতেলী গছত উঠি কটাইছিল।

৬। লক্ষ্মীনাথ বেজবৰুৱাৰ সাধু কথাৰ পুথি এখনৰ নাম লিখা?

উঃ বুঢ়ী আইৰ সাধু।

৭। “উস্ ককাইদেও মোক আৰু নামাৰিবা।”: কথাষাৰ কোনে কৈছিল?

উঃ সুকুমাবে।

৮। “তোমালোকে সুকুমাৰৰ মূৰ খালাহঁক, তাক মৰম চেলাই চেলাই গুচালাহ’ক।” কথাষাৰ কোনে কাক কৈছিল?

উঃ উক্ত কথাষাৰ দেৱকুমাৰে মাকক উদ্দেশ্যি কৈছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment