Class 9 Assamese Chapter 15 Question Answer হনুমন্তৰ লঙ্কাদৰ্শন
পদ্যাংশ
হনুমন্তৰ লঙ্কাদৰ্শন
মাধৱ কন্দলী
কবি পৰিচয়
মাধৱ কন্দলী প্রাক-শংকৰী যুগৰ এজন শ্রেষ্ঠ কবি। তেওঁ চতুর্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। আধুনিক ভাৰতীয় আর্য ভাষাসমূহৰ ভিতৰত মাধৱ কন্দলীয়েই প্রথমতে সংস্কৃত ৰাময়ণখন অসমীয়ালৈ অনুবাদ কৰে। মাধৱ কন্দলিয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’ বুলি কৈছে যদিও ইয়াৰ মাত্র পাঁচটা কাণ্ডহে পোৱা যায়। পিছত মাধৱদেৱ আৰু শংকৰদেৱে ক্রমে ‘আদিকাণ্ড’ আৰু ‘উত্তৰাকাণ্ড’ ভাঙনি কৰি কন্দলিৰ ৰামায়ণখন সম্পূর্ণ কৰে। শংকৰদেৱে তেওঁৰ কাব্য প্রতিভাক প্রশংসা কৰি ‘অপ্রমাদী’ অর্থাৎ ভ্রান্তিহীন কবি বুলি অভিহিত কৰিছে।
শব্দার্থ আৰু টোকা
অচিন্ত্য প্ৰভাৰঃ চিন্তা কৰিব নোৱাৰা প্ৰভাৱযুক্ত।
অম্ৰাৱতীঃ বিশ্বকর্মা নির্মিত দেৱপুৰী, ইন্দ্ৰৰ ৰাজধানী।
অশ্বত্থঃ আঁহত গছ।
কণ্টকি: কাঁইটীয়া গছ।
কপিথঃ ঔ টেঙা।
কমলা টেঙ্গৰা: কমলা টেঙা।
কলেৱৰঃ শৰীৰ।
গড়ঃ দুর্গ, মাটি বা কাঠৰ শকত আৰু ওখ প্ৰাচীৰ।
গগনে: আকাশলৈ।
গহঃ গর্ব।
গুনন্ত: ভাবিলে।
গুৱাঃ তামোল।
চটক: ঘনচিৰিকা।
ছাতিয়ালঃ ছতিয়না গছ।
তমাল: ডাঠ ক’লা বাকলিৰে এবিধ গছ।
তম্ভিয়োকঃ ৰওক।
তহিতে: তাত।
দাশৰথী ৰাম: দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰ।
দিবাভাগেঃ দিনৰ ভাগত।
দুতীঃ দ্বিতীয়।
দৃষ্টি বলাই চান্তঃ দৃষ্টি প্রসাৰিত কৰি চালে।
দেখন্ত / দেখিলন্তঃ দেখিলে।
নাৰঙ্গ: কমলা টেঙাৰ গছ।
পদ্মিনী দিঘী: পদুম ফুলৰ পুখুৰী।
পরন-নন্দন: বায়ু দেৱতাৰ পুত্র হনুমান।
পিয়ালঃ আঙুৰ গছ।
প্রবন্ধে: প্রচেষ্টাৰে।
প্রাঞ্চিৰ: প্ৰাচীৰ, দেৱালয়।
বদৰঃ বৰী গছ, এবিধ লতা।
বিৰালঃ মেকুৰী।
বীজপুৰঃ নেমুৰ দৰে এবিধ টেঙাৰ গছ।
যোজন: আঠ মাইল দৈর্ঘ্যৰ।
সলঙ্গাঃ সোলং, সোলোং (এবিধ বৰ উগ্র টেঙা ফল)।
হাৰিঠাঃ মনছাল বা ৰিঠা গছ।
অঙ্গদঃ কিষ্কিন্ধ্যাৰ বানৰ-ৰাজ বালীৰ পুত্র। অতিশয় বলশালী অঙ্গদে সীতা উদ্ধাৰৰ অভিযানত শ্ৰীৰামচন্দ্ৰক সহায় কৰিছিল।
কাশ্যপ নন্দন: সূর্য দেৱতা (কাশ্যপ আৰু অদিতিৰ পুত্র)।
ত্রিকূটঃ ৰামায়ণ কাব্য অনুসৰি লৱণ সমুদ্ৰৰ মাজত থকা পৰ্বত। ইয়াৰ ওপৰত লংকা নগৰ প্ৰতিষ্ঠাপিত হৈছে।
নীলঃ সীতা অন্বেষণ আৰু সাগৰত সেতু বান্ধোতে ৰামচন্দ্ৰক সহায় কৰা এজন সেনাপতি।
বিশ্বকর্মা: দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা হিচাপে জনা যায়। তেওঁক শিল্পীসকলৰ ভিতৰত শ্রেষ্ঠ বুলিও কোৱা হয়।
সুগ্রীবঃ ৰামায়ণৰ মতে বানৰৰাজ বালীৰ ভায়েক।
পাঠভিত্তিক প্রশ্নোত্তৰ:
ভাৱ-বিষয়কঃ
১। মাধৱ কন্দলী কোন আছিল?
উঃ মাধৱ কন্দলী প্রাক-শংকৰী যুগৰ এগৰাকী অসমীয়া কবি আছিল। তেওঁ চতুর্দশ শতিকাৰ বৰাহী বজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।
২। মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?
উঃ মাধৱ কন্দলীয়ে মহাকবি বাল্মীকিয়ে ৰচনা কৰা সংস্কৃত ‘বামায়ণ’ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল।
৩। মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত পাঁচটা খণ্ড পোৱা যায়।
৪। মাধৱ কন্দলীৰ ৰামায়ণত বর্তমানে সন্নিবিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?
উঃ মাধৱ কন্দলীৰ ৰামায়ণত সন্নিবিষ্ট উত্তৰাকাগুটো শংকৰদেৱে ৰচনা কৰে।
৫। ‘হনুমন্তৰ লংকাদর্শন’- কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে?
উঃ ‘হনুমন্তৰ লংকাদর্শন’ কাব্যাংশটো ৰামায়ণৰ সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে।
৬। মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজনৰ নাম উল্লেখ কৰা।
উঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবিকেইজন হ’ল: হেম সৰস্বতী, হৰিহৰ বিপ্ল, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী।
৭। মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক’ৰ ৰজা আছিল?
উঃ মাধৱ কন্দলী বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।
তেওঁ অসমৰ পূৱ-মধ্য অঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল।
৮। তলত দিয়াবোৰৰ টোকা লিখাঃ
হনুমন্ত, সুগ্রীব, নীল, অম্রারতী, কাশ্যপ-নন্দন, বিশ্বকর্মা।
উঃ হনুমন্তঃ ৰামায়ণৰ মতে হনুমন্ত বায়ুদেৱতাৰ পুত্ৰ আছিল। তেওঁ অযোধ্যাৰ ৰজা শ্ৰীৰামচন্দ্ৰৰ পৰম ভক্ত আছিল। সীতাক ৰাৱণৰ কবলৰ পৰা উদ্ধাৰ কৰাত তেওঁ ৰামক সহায় কৰিছিল। এওঁ অতি বলী আৰু পৰাক্ৰমী আছিল। ৰামায়ণৰ বৰ্ণনা মতে তেওঁ সীতাৰ অন্বেষণত একে জাপে সাগৰ পাৰ হৈছিল। সীতাক উদ্ধাৰৰ বাবে ৰাম-ৰাৱণৰ মাজত হোৱা যুদ্ধত মেঘনাথৰ হাতত মৃত্যু হোৱা লক্ষ্মণক পুনৰ জীয়াই তুলিবলৈ সঞ্জীৱনী লতাৰ প্ৰয়োজন হোৱাত হনুমন্তই গন্ধমাদন পাহাৰখন হাতৰ তলুৱাত দাঙি লৈ আহিছিল।
সুগ্রীবঃ ৰামায়ণৰ মতে বানৰৰাজ বালীৰ ভায়েক আছিল। সীতা উদ্ধাৰ কাৰ্যত এওঁ ৰামচন্দ্ৰক সহায় কৰিছিল। বালীৰ লগত হোৱা যুদ্ধত ৰামে সুগ্ৰীৱক সহায় কৰি বালীক বধ কৰি সুগ্ৰীৱক কিষ্কিন্ধ্যাৰ ৰজা পাতিছিল।
নীল: সীতা অন্বেষণ আৰু সাগৰত সেঁতু বান্ধোতে ৰামচন্দ্ৰক সহায় কৰা এজন সেনাপতি।
অম্ৰাৱতী: অম্ৰাৱতী দেৱৰাজ ইন্দ্ৰৰ ৰাজধানী। এই নগৰখন দেৱতাসকলৰ খনিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল।
কাশ্যপ-নন্দন: সূর্যদেৱতা (কাশ্যপ আৰু অদিতিৰ পুত্র)। এওঁ হিন্দু ধৰ্মৰ তেত্রিশ কোটি দেৱতাৰ ভিতৰত অন্যতম দেৱতা। সূর্যদেৱতাৰ দীপ্তিৰে স্বৰ্গ, মর্ত্য আৰু পাতাল দীপ্তমন্ত হৈ আছে।
বিশ্বকর্মা: দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা হিচাপে জনা যায়। তেওঁক শিল্পীসকলৰ ভিতৰত শ্ৰেষ্ঠ বুলিও কোৱা হয়।
৯। ‘হনুমন্তৰ লঙ্কাদর্শন’ কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা।
উঃ ৰামৰ পত্নী সীতাক লংকাৰ ৰজা ৰাৱণে হৰণ কৰি নিয়াত সীতাৰ অন্বেষণত ৰামৰ পৰম ভক্ত হনুমানে সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকুটগিৰি শৃঙ্গত আৰোহণ কৰে। লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল-মূলৰ গছ-গছনি দেখিবলৈ পায়, যেনেঃ খেজুৰ, আঙুৰ, তেতেলী, বগৰী, আম, জাম, আমলখি, মধুৰিআম, নাগেশ্বৰ, নাৰিকল, বেল, কর্দৈ, কমলাটেঙা, সোলং টেঙা, অমৰা ইত্যাদি। ইয়াৰ উপৰিও পাৰিজাত, সেৱতি, মালতি, গুটিমালি আদি ফুল দেখা পাইছিল। তাৰোপৰি হাবিৰ জলাশয়বোৰত এওঁ বহুত পদুম ফুল ফুলি জাতিষ্কাৰ হৈ থকা দেখা পাইছিল।
এনেতে সূর্য অস্ত যাবলৈ ওলোৱাত কিছু সময়ৰ বাবে সূর্য দেৱতাক পোহৰ বিলাই থাকিবলৈ প্রর্থনা জনায় যাতে হনুমন্তই দিনৰ পোহৰত লংকা নগৰীৰ চাৰিওফালে থকা গড়টো ভালকৈ চাব পাৰে। হনুমন্তৰ প্রার্থনাত সূর্যদেবতা সন্তুষ্ট হৈ অস্ত নোযোৱাকৈ কিছু সময় পোহৰ বিলাই থাকিল।
লংকা নগৰীৰ সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া আছিল। সেয়ে হনুমন্তই চিন্তিত হৈ পৰিছিল এই ভাবি যে অঙ্গদ, সুগ্রীর, নীল আৰু হনুমন্তই শতেক যোজন পথ অতিক্রম কৰি সাগৰ পাৰ হৈ আহিলেও বান্দৰবোৰে কিদৰে লংকালৈ আহিব আৰু ৰামচন্দ্ৰই তালৈ আহিয়েই কি কৰিব। কিন্তু পিছ মূহুৰ্ততে ৰাম-লক্ষ্মণৰ অপাৰ মহিমাৰ কথা মনলৈ অহাত তেওঁৰ চিন্তা প্রশমিত হৈছিল।
হনুমন্তই গোটেই দিন লংকা নগৰীৰ কাষত থকা হাবি-বননিৰ সৌন্দৰ্য উপভোগ কৰি গধূলি সময়ত এটা মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকা নগৰীৰ প্ৰাচীৰৰ ওপৰত উঠি লঙ্কা নগৰীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ধৰিলে। তেওঁ দেখা পালে যে লংকা নগৰখন অতি বিতোপন যেন বিশ্বকর্মাই নিজ হাতেৰে দ্বিতীয়খন অম্ৰাৱতী নিৰ্মাণ কৰিছে। লংকা নগৰীৰ চাৰিওফালে সোণৰ গড়, প্রাচীৰ আদিৰে আবৰি সুৰক্ষিত কৰা আছে। সোণ, মণি, মানিক আদিয়ে নগৰখনৰ মাজে মাজে জলমলাই থাকি গোটেই নগৰখনলৈ পোহৰ বিলাই আছে। দেৱতা, অসুৰ আদিয়ে পাৰ হ’ব নোৱাৰাকৈ লংকাত শাৰীশাৰীকৈ নানা যন্ত্র স্থাপন কৰা আছে। লংকা নগৰীৰ এনে সুৰক্ষা ব্যৱস্থা দেখি হনুমন্তই বৰ চিন্তিত হৈ পৰিছিল।
১০। লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই কি কি ফল-মূলৰ গছ দেখিবলৈ পাইছিল?
উঃ লংকা নগৰীৰ কাষৰ বন-বননিত হনুমন্তই বিভিন্ন ধৰণৰ ফল-মূলৰ গছ-গছনি দেখিবলৈ পাইছিল, যেনেঃ খেজুৰ, আঙুৰ, তেতেলী, বগৰী, আম, জাম, আমলখি, মধুৰিআম, নাগেশ্বৰ, নাৰিকল, বেল, কৰ্দ্দৈ, কমলাটেঙা, সোলং টেঙা, অমৰা ইত্যাদি। ইয়াৰ উপৰিও পাৰিজাত, সেৱতি, মালতি, গুটিমালি, আদি ফুল দেখা পাইছিল। তাৰোপৰি হাবিৰ জলাশয়বোৰত এওঁ বহুত পদুম ফুল ফুলি থকা দেখা পাইছিল।
হনুমন্তই গোটেই দিন লংকা নগৰীৰ কাষত থকা হাবি-বননিৰ সৌন্দৰ্য উপভোগ কৰি গধূলি সময়ত এটা মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকা নগৰীৰ প্ৰাচীৰৰ ওপৰত উঠি লঙ্কা নগৰীৰ সৌন্দর্য উপভোগ কৰিবলৈ ধৰিলে। তেওঁ দেখা পালে যে লংকা নগৰখন অতি বিতোপন যেন বিশ্বকর্মাই নিজ হাতেৰে দ্বিতীয়খন অস্রাৱতী নির্মাণ কৰিছে। লংকা নগৰীৰ চাৰিওফালে সোণৰ গড়, প্ৰাচীৰ আদিৰে আবৰি সুৰক্ষিত কৰা আছে। সোণ, মণি, মানিক আদিয়ে নগৰখনৰ মাজে মাজে জলমলাই থাকি গোটেইনগৰখনলৈ পোহৰ বিলাই আছে। দেৱতা, অসুৰ আদিয়ে পাৰ হ’ব নোৱাৰাকৈ লংকাত শাৰীশাৰীকৈ নানা যন্ত্র স্থাপন কৰা আছে। লংকা নগৰীৰ এনে সুৰক্ষা ব্যৱস্থা দেখি হনুমন্তই বৰ চিন্তিত হৈ পৰিছিল।
১১। হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল?
উঃ হনুমন্তই এটা মেকুৰীৰ ৰূপ ধাৰণ কৰি লঙ্কা নগৰীত প্ৰৱেশ কৰিছিল। ত্রিকূটগিৰি শৃঙ্গত থিয় হৈহনুমন্তই লঙ্কা নগৰীৰ সুৰক্ষা ব্যৱস্থা বৰ শক্তিশালী দেখিবলৈ পাইছিল। তেওঁ ভাৱিছিল যে যদিহে তেওঁ নিজ ৰূপত লঙ্কা নগৰীত প্ৰৱেশ কৰে তেন্তে ৰখীয়াবোৰে তেওঁক ধৰি শিকলি লগাই ঘৰে ঘৰে ঘূৰাই ফুৰাব। সেয়ে তেওঁ মেকুৰী ৰূপ ধাৰণ কৰি লঙ্কা নগৰীত প্ৰৱেশ কৰিব লগা হৈছিল।
১২। হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বর্ণনা দিয়া।
উঃ হনুমন্তই গোটেই দিন লংকা নগৰীৰ কাষত থকা হাবি-বননিৰ সৌন্দর্য উপভোগ কৰি গধূলি সময়ত এটা মেকুৰীৰ ৰূপ ধাৰণ কৰি লংকা নগৰীৰ প্ৰাচীৰৰ ওপৰত উঠি লঙ্কা নগৰীৰ সৌন্দৰ্য ডপভোগ কৰিবলৈ ধৰিলে। তেওঁ দেখা পালে যে লংকা নগৰখন অতি বিতোপন যেন বিশ্বকর্মাই নিজ হাতেৰে দ্বিতীয়খন অম্রাৱতী নির্মাণ কৰিছে। লংকা নগৰীৰ চাৰিওফালে সোণৰ গড়, প্ৰাচীৰ আদিৰে সুৰক্ষিত কৰা আছে। সোণ, মণি, মানিক আদিয়ে নগৰখনৰ মাজে মাজে জলমলাই থাকি গোটেই নগৰখনলৈ পোহৰ বিলাই আছে। দেৱতা, অসুৰ আদিয়ে পাৰ হ’ব নোৱাৰাকৈ লংকাত শাৰী শাৰীকৈ নানা যন্ত্র স্থাপন কৰা আছে। লঙ্কা নগৰীৰ এনে সুৰক্ষা ব্যৱস্থা দেখি হনুমন্তই বৰ চিন্তিত হৈ পৰিছিল।
১৩। সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল?
উঃ লংকা নগৰীৰ সুৰক্ষা ব্যৱস্থা অতি কটকটীয়া আছিল। সেয়ে হনুমন্তই চিন্তিত হৈছিল এই ভারি যে অঙ্গদ, সুগ্রীর, নীল আৰু হনুমন্তই শতেক যোজন পথ অতিক্রম কৰি সাগৰ পাৰ হৈ আহিলেও বান্দৰবোৰে কিদৰে লংকালৈ আহিব আৰু ৰামচন্দ্ৰই তালৈ আহিয়েই কি কৰিব। কিন্তু পিছ মূহুৰ্ততে ৰাম-লক্ষ্মণৰ অপাৰ মহিমাৰ কথা মনলৈ অহাত তেওঁৰ চিন্তা প্রশমিত হৈছিল।
১৪। সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল?
উঃ সীতাৰ অন্বেষণত যোৱা হনুমন্তই বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকুটগিৰি শৃঙ্গত অৱতৰণ কৰে। সুবেল শৃঙ্গত বহি হনুমন্তই অতি গর্ব অনুভৱ কৰে। তেওঁ ভাবিবলৈ ধৰিলে যে শতেক যোজনৰ পথ অতিক্রমি সাগৰ পাৰ হৈ অহা তেওঁৰ বাবে কোনো গৰ্বৰ কথা নহয়। কাৰণ কোটি যোজন পাৰ হৈ যাবলৈ হনুমন্তৰ সাহস আছে।
ভাষা-বিষয়কঃ
১৫। তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ কণ্টকি, ছাতিয়াল, তহিতে, দেখিলন্ত।
উঃ
শব্দ আধুনিক ৰূপ
কণ্টকি কাঁইটীয়া গছ
ছাতিয়াল ছতিয়না গছ
তহিতে তাত
দেখিলন্ত দেখিলে।
১৬। সমার্থক শব্দ লিখাঃ গগন, বিৰাল, গড়, সমুদ্র, পরন।
উঃ
শব্দ সমার্থক শব্দ
গগন আকাশ
বিৰাল মেকুৰী
গড় প্ৰাচীৰ
সমুদ্র সাগৰ
পরন বতাহ।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। শ্রীশ্রী মাধৱদেৱে মাধৱ কন্দলীৰ ৰামায়ণত কোনটো অংশ সংযোজন কৰিছিল?
উঃ আদিকাণ্ড।
২। শংকৰদেৱে কোনজন পূর্ব-শংকৰী যুগৰ কবিক ‘অপ্রমাদী (ভ্রান্তিহীন) বুলি অভিহিত কৰিছে?
উঃ মাধর কন্দলীক।
৩। উত্তৰ ভাৰতীৰ আঞ্চলিক ভাষাবোৰৰ ভিতৰত কি ভাষাত আৰু কোনে বাল্মীকিৰ সংস্কৃত ৰামায়ণখন অনুবাদ কৰিছিল?
উঃ অসমীয়া ভাষাত, মাধৱ কন্দলীয়ে।
৪। লঙ্কাপুৰীখন ক’ত অৱস্থিত?
উঃ সুবেল বা ত্ৰিকুটগিৰি শৃঙ্গত।
৫। ‘পদ্মিনী দিঘী’ মানে কি?
উঃ পদুম ফুলেৰে ভৰি থকা পুখুৰী।
