Class 9 Assamese Chapter 15 Question Answer শঙ্কৰ-মাধৱৰ মিলন
শঙ্কৰ-মাধৱৰ মিলন
‘গুৰু-চৰিত কথা’ৰ পৰা
‘গুৰু-চৰিত কথা’ৰ পৰিচয়
মধ্যযুগৰ অসমীয়া সাহিত্যৰ এক বিশিষ্ট সম্পদ হ’ল গুৰু-চৰিত পুথিসমূহ। গুৰু-চৰিত পুথিসমূহ মহাপুৰুষ শংকৰদেৱৰ লগতে একশৰণ নাম ধৰ্মৰ প্ৰধান কাণ্ডাৰী মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱ আৰু তেওঁলোকৰ শিষ্য-প্রশিষ্যসকলৰ জীৱনী। গুৰু-চৰিত পুথিসমূহ পদ্যত ৰচিত হৈছিল। পদ্যত ৰচিত গুৰ-চৰিত পুথিসমূহৰ ভিতৰত ৰামচৰণ ঠাকুৰ, দৈত্যাৰি ঠাকুৰ, ভূষণ দ্বিজ, ৰামানন্দ দ্বিজ, অনিৰুদ্ধ দাস, বৈকুণ্ঠ দ্বিজ, সার্বভৌম ভট্টাচার্য, আদিয়ে ৰচনা কৰা শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন কাহিনী আৰু ৰামৰায় দ্বিজ, নীলকণ্ঠ দাস আদিয়ে ৰচনা কৰা দামোদৰ দেৱৰ গুৰু-চৰিত উল্লেখযোগ্য।
পদ্যত ৰচিত গুৰু-চৰিতসমূহৰ পিছত অষ্টাদশ শতিকামানৰ পৰা গদ্যত গুৰু-চৰিত ৰচনাৰ পৰম্পৰা আৰম্ভহয়। বিশেষ দ্রষ্টব্য যে গদ্যত ৰচিত গুৰু-চৰিত পুথিৰ সংখ্যা তাকৰ আৰু এনে গুৰু-চৰিত পুথিসমূহৰ নিৰ্দিষ্ট কোনো লিখকৰ নাম পোৱা নাযায়। এতিয়ালৈকে গদ্যত ৰচিত গুৰু-চৰিত পুথিসমূহ অকল শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন সম্পর্কে লিখা পুথিহে পোৱা েৈগছে।
গুৰু-চৰিত পুথিসমূহ অধ্যপক উপেন্দ্র চন্দ্র লেখাৰুরে বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰি ‘কথা গুৰু-চৰিত’ নাম দি সম্পাদনা কৰি উলিয়াইছিল। ইয়াৰ পিছত অধ্যাপক মহেশ্বৰ নেওগে ‘গুৰু-চৰিত কথা’ নাম দি সম্পাদনা কৰি প্ৰকাশ কৰে। উল্লেখ্য যে এইগ্রন্থসমূহত লেখকৰ নামো পোৱা নাযায় আৰু ৰচনাকালৰো কোনো উল্লেখ নাই। যিয়ে নহওঁক গুৰু চৰিতসমূহ মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ প্রামাণ্য দলিল স্বরূপ।
শব্দার্থ আৰু টোকা
কটি পীত ভুনিঃ কঁকালত হালধীয়া চুৰিয়া।
কণ্টাৰঃ কাণ্ডাৰী, গুৰিয়াল।
কন্নত: কাণত।
কল্প: যজ্ঞ সম্পর্কে বিৱৰণ থকা বেদাংগ গ্রন্থ বিশেষ।
খণ্ডে: খণ্ডন কবে।
গ্রীব/গ্রীবাঃ ডিঙি।
চর্চ্চি: আলোচনা কৰি।
চাৰু উজ্জৰিত: সুন্দৰ উজ্জ্বল।
চালিতে: এচলীয়া ঘৰত।
জনৌকা: জোনাকী পৰুৱা।
দখিন ভূজঃ সোঁ বাহু।
দণ্ডৱতেঃ দণ্ড বা মাৰি এডালৰ নিচিনা পৰি গৈ।
দশন কুন্দকঢ়ি পান্তি ডাড়িম্বঃ কুন্দফুল আৰু ডালিমৰ গুটিৰ দৰে দাঁত দুপাৰি।
নপৰাঃ নৰিয়াত পৰা।
নৱপল্লর পাদপদ্মকোশঃ পাদপদ্মযুৰি কোমল পাত সদৃশ।
নামত হোঙ্কৰা বুদ্ধিত পাগলঃ নামত মত্ত বুদ্ধিহীন।
নিতম্ব কৃশ: কঁকালৰ তলৰ সৰু অংশ।
নিবৃতিতঃ নিবৃত্তি, বৈৰাগ্য পন্থা।
নেত পিচোৰা উজৰিতঃ পাটৰ মিহি উৰা কাপোৰেৰে উজ্জ্বলিত।
পকাণ্ডৱা: পকা তামোল।
প্রবৃতিঃ প্রবৃত্তি।
ফন্দিঃ স্পন্দিত হৈ।
বণ্ডুকিয়া চবুৰিঃ (সম্ভৱতঃ) বন্ধুকা অঞ্চলৰ মুদ্রা ছকুৰি।
বৰভূঞা: ভূঞাসকলৰ শ্রেষ্ঠ।
বসিচন্তঃ বহিছে।
বাতকর্ম / বাৎকৰ্ম্ম / বাধাকৰ্ম্ম: নিষিদ্ধ কর্ম।
বাহু বক্ষস্থল অশ্বখৰ পত্র নয়: বাহু আৰু বুকুখন আঁহতৰ পাতৰ নিচিনা।
বাহ্ৰকন্ধঃ বাৰস্কন্ধৰ সম্পূর্ণ ভাগৱত গ্রন্থ।
বিহানেঃ ৰাতিপুৱা।
বেলবন্ধ দুগ্ধৎসবঃ দুর্গাপূজাৰ বেল বৰণৰ দিন।
বেলা ছোট হলঃ বেলি পৰি আহিল।
বৈনাই: ভনী জোঁৱাই।
ভৰাৰিডুবি: ধুৱাহাটৰ ওচৰৰ এখন ঠাই।
ভুজ বাসুকি প্রাই আজানুলম্বিতঃ আঁঠুলৈকে ওলমি পৰা দীঘল হাত দুখন বাসুকি নাগ সদৃশ।
মকৰ-কুণ্ডল: মকৰ (ঘৰিয়াল) ৰ আকৃতিৰ কাণত পিন্ধা এবিধ অলংকাৰ।
মদন চাপ ভ্রূরযুগঃ মদন বা কামদেৱৰ ধেনুৰ দৰে ভাঁজ খোৱা চকুৰ চেলাউৰি।
মাৰ্গৰ: পন্থাৰ।
ৰত্নৰ পাকৰি আঙুলি: ভৰিৰ আঙুলি ৰত্নৰ পাকৰি সদৃশ।
ৰত্নৰ মোলান আঙুলি: হাতৰ আঙুলি ৰত্নৰ মৃণাল সদৃশ।
ৰাগগোট: খঙাল মানুহ।
ৰাগিঃ খং কৰি।
কধিৰে কৰ্দ্দম কৰে: তেজেৰে মাটিত ডোঙা বন্ধায়।
সোটলোট: লেওসেউ।
লোম সিহৰি পৈলঃ গাৰ নোম ডাল ডাল হৈ পৰিল।
সিংহ বন্ধ কন্ধ গ্রীবঃ সিংহৰ কান্ধ আৰু ডিঙিৰ নিচিনা আটিল কান্ধ আৰু ডিঙি।
ছৰোদইঃ ই হিন্দু ধৰ্মৰ এক বিশেষ শাস্ত্র। এই শাস্ত্ৰৰ বিধানানুসৰি নাকৰ বিন্ধাইদি বায়ুৰ প্রবাহ অধ্যয়ন কৰি ভৱিষ্যত নিৰ্ণয় কৰা এবিধ বিদ্যা।
তৰুমূল শ্লোক: শ্রীমদ্ভাগৱতৰ চতুর্থ স্কন্ধৰ ৩৯ অধ্যায়ৰ ২৪ সংখ্যক শ্লোক।
নৰক: পাপীলোকৰ মৃত্যুৰ পিছত শাস্তি দিয়া ঠাই।
প্ৰতাপৰাইঃ মাধৱদেৱৰ পিতৃৰ পূৰ্বৰ বাসস্থান বাণ্ডুকা অঞ্চলৰ শাসনকর্তা।
মনোহৰি বাইঃ মহাপুৰুষ শংকৰদেৱৰ বংশৰ এগৰাকী কন্যা। এওঁৰ নাম মনু বা মনোৰমা বুলিও জনা যায়।
এওঁ সম্ভৱতঃ শংকৰদেৱৰ বায়েক আছিল। মাধৱদেৱৰ পিতৃ গোবিন্দগিৰিয়ে এওঁকেই দ্বিতীয়া পত্নী হিচাপে গ্রহণ কৰে।
পাঠভিত্তিক প্রশ্নোত্তৰ:
ভাৱ-বিষয়কঃ
১। গুৰু-চৰিত কি?
উঃ গুৰু-চৰিত হৈছে মহাপুৰুষ শংকৰদেৱৰ লগতে একশৰণ নাম ধৰ্মৰ প্ৰধান কাণ্ডাৰী মাধৱদের, দামোদৰদেৱ আৰু হৰিদেৱ আৰু তেওঁলোকৰ শিষ্য-প্রশিষ্যসকলৰ জীৱনী।
২। গুৰু-চৰিত ৰচনা কৰা চাৰিজন ব্যক্তিৰ নাম লিখা।
উঃ গুৰু-চৰিত ৰচনা কৰা চাৰিজন ব্যক্তিৰ নাম হ’ল – ৰামচৰণ ঠাকুৰ, দৈত্যাবি ঠাকুৰ, দিবাকৰ দ্বিজ আৰু নীলকণ্ঠ দাস।
৩। কেতিয়াৰ পৰা গদ্যৰ ভাষাত গুৰু-চৰিত লিখাৰ ধাৰা আৰম্ভ হয়?
উঃ অষ্টাদশ শতিকামানৰ পৰা গদ্যৰ ভাষাত গুৰু-চৰিত পুথি লিখাৰ ধাৰা আৰম্ভ হয়।
৪। ‘গুৰু-চৰিত কথা’ গ্রন্থখন কাৰ সম্পাদনাত প্রকাশিত হৈছে?
উঃ ‘গুৰু-চৰিত কথা’ গ্রন্থখন অধ্যাপক মহেশ্বৰ নেওগদেৱৰ সম্পাদনাত প্রকাশিত হৈছে।
৫। ‘গুৰু-চৰিত কথা’ৰ সময় আৰু লেখকৰ বিষয়ে উল্লেখ কৰা।
উঃ ‘গুক-চৰিত কথা’ ৰচনাৰ সময় আৰু লিখকৰ নামৰ কোনো উল্লেখ নাই। পুথিখন অষ্টাদশ শতিকাৰ দ্বিতীয়ার্ধত সাঁচিপাতত ৰচনা কৰা হৈছিল বুলি অনুমান কৰা হয়।
৬। ‘শংকৰ-মাধৱৰ মিলন’ শিৰোনামৰ পাঠ্যাংশ ক’ৰপৰা লোৱা হৈছে? পাঠ্যাংশৰ বিষয়বস্তু চমুকৈ বর্ণনা কৰা।
উঃ ‘শংকৰ-মাধৱৰ মিলন’ পাঠ্যাংশ অধ্যাপক মহেশ্বৰ নেওগৰ দ্বাৰা সম্পাদিত ‘গুৰু-চৰিত কথা’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।
পাঠটিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ লগত মহাপুৰুষ মাধৱদেৱৰ ক’ত কোনেদৰে মিলন হৈছিল সেই সম্পর্কে এক ৰসাল বর্ণনা আছে। এবাৰ মাধৱদেৱৰ টান নবিয়া হোৱাত আৰোগ্যৰ বাবে দুর্গাদেবীলৈ এযোৰ পঠা ছাগলী মানস কৰিছিল। সেয়ে মাধৱদেৱে ভনীজোঁৱাই ৰামদাসক এদিন পঠা ছাগলী আনিবলৈ ক’লে। ৰামদাস বৈষ্ণৱ আছিল। বৈষ্ণৱসকলে বলি-বিধান নামানে। সেয়ে বামদাসে পঠা ছাগলী বিচাৰি নগৈ গুৰু শংকৰদেৱক সেৱা কৰি উভতি যায়গৈ। ৰামদাসে পঠা ছাগলী বিচাৰি নগৈ গুৰু সেৱা কৰি গুচি অহা জানিব পাৰি মাধৱদেৱে খং কৰি ৰামদাসক তিৰস্কাৰ কৰে। পিছত ৰামদাসে শংকৰদেৱৰ বিষয়ে কোৱাত মাধৱদেৱে দুর্গাদেৱীৰ শক্তিক খণ্ডন কৰা শংকৰদেৱৰ ওচৰলৈ যাবলৈমন মেলিলে। পিছদিনা ৰাতিপুৱা দুয়ো গা-পা ধুই শংকৰদেৱৰ ওচৰ পালেগৈ। ৰামদাসে যেতিয়া মাধৱদেৱক শংকৰদেৱৰ ওচৰলৈ লৈ গেছিল, তেতিয়া মাধৱদেৱে দূৰৰ পৰাই শংকৰদেৱৰ ধীৰ-স্থিৰ, গহীন-গম্ভীৰ মূৰ্তি আৰু দিব্য ৰূপ দেখা পাই গাৰ নোম শিয়ৰি উঠিছিল।
গুৰু শংকৰৰ ওচৰলৈ গৈ ৰামদাসে সেৱা কৰিলে। ৰামদাসক অনুকৰণ কৰি মাধৱদেৱেও সংকোচ মনেৰে শংকৰদেৱক সেৱা জনালে। পিছত শংকৰদেবে মাধৱদেৱক বন্ধুকা অঞ্চলৰ শাসনকর্তাৰ বিষয়ে সোধাত শাসনকর্তাজন দুর্গা পূজাৰ কামত ব্যস্ত থকা বুলি জনালে। তেতিয়া শংকৰদেৱে মাধৱদেৱক টান সুৰেৰে পূজা-পাতল, বলি-বিধানৰ দৰে লঘু আৰু পাপ কাম কৰাৰ কথা ক’বলৈ বাধা দিলে।
শংকৰদেৱে দুর্গাদেৱীৰ শক্তিৰ বিৰুদ্ধে আৰু দেৱীলৈ আগবঢ়োৱা বলি-বিধানৰ বিৰুদ্ধে কোৱাত মাধৱদেৱে শংকৰদেৱৰ কথা খণ্ডন কৰিবলৈ প্রবৃত্তিৰ আগমন, তর্ক, ন্যায়, স্বৰোদয়, কল্প আদি নানান শাস্ত্ৰৰ শ্লোক মাতি পূজা-পাতল, বলি-বিধান আদিৰ সপক্ষে যুক্তি দাঙি ধৰিলে। শংকৰদেৱেও নিবৃত্তি আৰু বাৰস্কন্ধ ভাগৱতৰ পৰা শ্লোক মাতি মাধৱদেৱৰ যুক্তি খণ্ডন কৰিলে। শেষত শংকৰদেৱে নানা ধৰণৰ শ্লোক মাতি যুক্তিৰে বুজাই দিলে যে মূল শিপাত পানী ঢালিলে ডাল-পাতে পায়। সেয়ে ঠাল-ঠেঙুলিস্বৰূপ দেৱ-দেৱীক পূজা নকৰি মূল ঈশ্বৰক পুজা কৰিব লাগে। শংকৰদেৱে আৰু ক’লে যে ক্ষুধাতুৰ লোকে ভোজন কৰিলে সকলো ইন্দ্রিয় তৃপ্ত হয়। কিন্তু তাকে নকৰি যদি কেৱল বসন-ভূষণহে পিন্ধে, তাত ইন্দ্ৰিয়ৰ তৃপ্তি নহয়। সেইদৰে কৃষ্ণক পূজা নকৰি আন দেৱতাক পূজা কৰিলে দেৱতাসকলে তৃপ্তি নাপায়। শংকৰদেৱৰ যুক্তি শুনি মাধৱদেৱৰ সকলো সংশয় আঁতৰিল। তেওঁ শংকৰদেৱৰ চৰণত পৰি সেৱা জনালে।
শংকৰদেৱে মাধৱদেৱৰ এই আচৰণৰ অৰ্থাৎ দুবাৰ সেৱা কৰাৰ কাৰণ জানিব বিচৰাত মাধৱদেৱে ক’লে যে তেওঁ প্ৰথমবাৰ শংকৰদেৱক বৰভূঞা বুলি আৰু দ্বিতীয়বাৰ গুৰু মানি সেৱা কৰিছে। মাধৱদেবে অজানিতে যি অপৰাধ কৰিছিল তাক শংকৰদেৱে মৰিষণ কৰিব লাগে।
৭। মহাপুৰুষ শংকৰদেৱৰ সৈতে প্রথম সাক্ষাতৰ সময়ত মাধৱদেৱ ক’ত আছিল?
উঃ মহাপুৰুষ শংকৰদেৱৰ লগত প্রথম সাক্ষাতৰ সময়ত মাধৱদেৱ ভৰাৰিডুবি অঞ্চলত আছিল।
৮। মাধবদেবে কেতিয়া দুর্গাদেবীলৈ পঠা ছাগলী এযোৰ মানস কৰিছিল?
উঃ এবাৰ মাধৱদেৱৰ টান নৰিয়া হোৱাত আৰোগ্যৰ বাবে দুর্গাদেবীলৈ পঠা ছাগলী মানস কৰিছিল।
৯। ৰামদাস কোন আছিল? মাধৱদেৱে তেওঁক পঠা ছাগলী আনিবলৈ কওঁতে তেওঁ কি কৰিছিল?
উঃ ৰামদাস মাধৱদেৱৰ ভনীজোঁৱাই আছিল। তেওঁ বৈষ্ণৱপন্থী আছিল। বৈষ্ণৱসকলে বলি-বিধান নামানে। সেয়ে ৰামদাসে পঠা ছাগলী বিচাৰি নগৈ গুৰু শংকৰদেৱক সেৱা কৰি উভতি যায়গৈ।
১০। ৰামদাসৰ সৈতে মাধবদেবে শংকৰদেৱৰ ওচৰলৈ গৈ কিদৰে তর্কযুদ্ধত লিপ্ত হৈছিল নিজৰ কথাৰে লিখা।
উঃ এবাৰ মাধৱদেৱৰ টান নবিয়া হোৱাত আৰোগ্যৰ বাবে দুর্গাদেৱীলৈ এযোৰ পঠা ছাগলী মানস কৰিছিল। সেয়ে মাধৱদেৱে ভনীজোঁৱাই ৰামদাসক এদিন পঠা ছাগলী আনিবলৈ ক’লে। ৰামদাস বৈষ্ণৱ আছিল। বৈষ্ণৱসকলে বলি-বিধান নামানে। সেয়ে ৰামদাসে পঠা ছাগলী বিচাৰি নগৈ গুৰু শংকৰদেৱক সেৱা কৰি উভতি যায়গৈ। ৰামদাসে পঠা ছাগলী বিচাৰি নগৈ গুৰু সেৱা কৰি গুচি অহাত মাধৱদেৱে খং কৰি ৰামদাসক তিৰস্কাৰ কৰিলে। পিছত ৰামদাসে শংকৰদেৱৰ বিষয়ে কোৱাত মাধৱদেৱে দুর্গাদেৱীৰ শক্তিক খণ্ডন কৰা শংকৰদেৱৰ ওচৰলৈকে যাবলৈ ওলাল।
পিছদিনা ৰাতিপুৱা দুয়ো গা-পা ধুই শংকৰদেৱৰ ওচৰ পালেগৈ। ৰামদাসে যেতিয়া মাধরদেরক শংকৰদেৱৰ ওচৰলৈ লৈ গেছিল, তেতিয়া মাধৱদেৱে দূৰৰ পৰাই শংকৰদেৱৰ ধীৰ-স্থিৰ, গহীন-গম্ভীৰ মূৰ্তি আৰু দিব্য ৰূপ দেখি গাৰ নোম শিয়বি উঠিছিল।
গুৰু শংকৰৰ ওচৰলৈ গৈ ৰামদাসে সেৱা কৰিলে। ৰামদাসক অনুকৰণ কৰি মাধৱদেৱেও সংকোচ মনেৰে শংকৰদেৱক সেৱা জনালে। পিছত শংকৰদেৱে মাধৱদেৱক বন্ধুকা অঞ্চলৰ শাসনকৰ্তাৰ বিষয়ে সোধাত শাসনকর্তাজন দুর্গা পূজাৰ কামত ব্যস্ত থকা বুলি জনালে। তেতিয়া শংকৰদেৱে মাধৱদেৱক টান সুৰেৰে পূজা-পাতল, বলি- বিধানৰ দৰে লঘু আৰু পাপ কাম কৰাৰ কথা ক’বলৈ বাধা দিলে।
শংকৰদেৱে দুর্গাদেৱীৰ শক্তিৰ বিৰুদ্ধে আৰু দেৱীলৈ আগবঢ়োৱা বলি-বিধানৰ বিৰুদ্ধে কোৱাত মাধরদেরে শংকৰদেৱৰ কথা খণ্ডন কৰিবলৈ প্রবৃত্তিৰ আগমন, তর্ক, ন্যায়, স্বৰোদয়, কল্প আদি নানান শাস্ত্ৰৰ শ্লোক মাতি পূজা-পাতল, বলি-বিধান আদিৰ সপক্ষে যুক্তি দাঙি ধৰিলে।
শংকৰদেৱেও নিবৃত্তি আৰু বাৰস্কন্ধ ভাগৱতৰ পৰা শ্লোক মাতি মাধৱদেৱৰ যুক্তি খণ্ডন কৰিলে। শেষত শংকৰদেৱে নানা ধৰণৰ শ্লোক মাতি যুক্তিৰে বুজাই দিলে যে মূল শিপাত পানী ঢালিলে ডাল-পাতে পায়। সেয়ে ঠাল-ঠেঙুলিস্বৰূপ দেৱ-দেৱীক পূজা নকৰি মূল ঈশ্বৰক পুজা কৰিব লাগে।
শংকৰদেৱে আৰু ক’লে যে ক্ষুধাতুৰ লোকে ভোজন কৰিলে সকলো ইন্দ্রিয় তৃপ্ত হয়। কিন্তু তাকে নকৰি যদি কেৱল বসন-ভূষণহে পিন্ধে, তাত ইন্দ্রিয় তৃপ্ত নহয়। সেইদৰে কৃষ্ণক পূজা নকৰি আন দেৱতাক পূজা কৰিলে দেৱতাসকলে তৃপ্তি নাপায়। শংকৰদেৱৰ যুক্তি শুনি মাধৱদেৱৰ সকলো সংশয় আঁতৰিল। তেওঁ শংকৰদেৱৰ চৰণত পৰি সেৱা জনালে। শংকৰদেৱে মাধৱদেৱৰ এই আচৰণৰ অৰ্থাৎ দুবাৰ সেৱা কৰাৰ কাৰণ জানিব বিচৰাত মাধৱদেৱে ক’লে যে তেওঁ প্ৰথমবাৰ শংকৰদেৱক বৰভূঞা বুলি আৰু দ্বিতীয়বাৰ গুৰু মানি সেৱা কৰিছে। মাধৱদেৱে অজানিতে যি অপৰাধ কৰিছিল তাক শংকৰদেৱে মৰিষণ কৰিব লাগে।
১১। মাধবদেবে শংকৰদেৱক গুৰু মানি কিদৰে শৰণাপন্ন হৈছিল লিখা।
উঃ ওপৰৰ ১০ নং প্রশ্নোত্তৰ চোৱা।
১২। চমুটোকা লিখাঃ
কল্প, ছবোদই (স্বৰোদয়), তৰুমূল শ্লোক, নৰক, বেদ, ব্যাস, মনোহৰি বাই।
উঃ কল্প: যজ্ঞ সম্পর্কে বিৱৰণ থকা বেদাংগ গ্রন্থ বিশেষ। মাধৱদেৱে এই গ্ৰন্থৰ পৰা শ্লোক মাতি শংকৰদেৱৰ সৈতে শাক্ত ধৰ্মৰ সপক্ষে তর্ক যুদ্ধত লিপ্ত হৈছিল।
ছৰোদইঃ ই হিন্দু ধৰ্মৰ এক বিশেষ শাস্ত্র। এই শাস্ত্ৰৰ বিধান অনুসৰি নাকৰ বিন্ধাইদি বায়ুৰ প্রবাহ অধ্যয়ন কৰি ভৱিষ্যত নির্ণয় কৰিব পৰা যায়।
তকমূল শ্লোক: শ্রীমদ্ভাগৱতৰ চতুৰ্থ স্কন্ধৰ ৩৯ অধ্যায়ৰ ২৪ সংখ্যক শ্লোক।
নৰকঃ পাপীলোকৰ মৃত্যুৰ পিছত শাস্তি দিয়া ঠাই।
বেদঃ হিন্দু ধৰ্মৰ অতি প্রাচীন ধর্মগ্রন্থ। বেদ মুঠতে চাৰিখন, যথাঃ ঋক, যজুঃ, সাম আৰু অথর্ব। এইবোৰ সংস্কৃত ভাষাত ৰচিত। এই বেদ চাৰিটাৰ ভিতৰত ঋকবেদেই হৈছে আটাইতকৈ প্রাচীন। এই বেদত হিন্দু ধৰ্মৰ বিভিন্ন ধৰণৰ আচাৰ-অনুষ্ঠানৰ বিষয়ে কোৱা হৈছে।
ব্যাস: ভাৰতীয় শাস্ত্র অনুসৰি ব্যাসদের এগৰাকী ঋষি আৰু নানা শাস্ত্রত পণ্ডিত আছিল। এওঁ পৰাশ মুনিৰ পুত্র। তেওঁ বেদ শাস্ত্ৰসমূহ বিভাজন কৰাৰ উপৰিও মহাভাৰত, অষ্টাদশ পুৰাণ, বেদান্ত দর্শন আদি ৰচনা কৰিছিল।
মনোহৰি বাইঃ মহাপুৰুষ শংকৰদেৱৰ বংশৰ এগৰাকী কন্যা। এওঁৰ নাম মনু বা মনোৰমা বুলিও জনা যায়। এওঁ সম্ভৱতঃ শংকৰদেৱৰ বায়েক আছিল। মাধৱদেৱৰ পিতৃ গোবিন্দগিৰিয়ে এওঁকেই দ্বিতীয়া পত্নী হিচাপে গ্রহণ কৰে।
১৩। অর্থ লিখাঃ
বৰভূঞা, গ্ৰীৱা, চাৰু চিবুক শ্যাম, দণ্ডৱতে, নৱপল্লব পাদপদ্মকেশ, বাতকর্ম, বিহানে, মকৰ কুণ্ডল, লোম সিহৰি পৈল, সিংহ বন্ধ কন্ধ গ্রীর।
উঃ বৰভূঞা: ভূঞাসকলৰ শ্রেষ্ঠ।
গ্রীব/গ্রীবা: ডিঙি।
চাৰু চিবুক শ্যামঃ সুন্দৰ ক’লা থুতৰি।
দণ্ডৱতে: দণ্ড বা মাৰি এডালৰ নিচিনা পৰি গৈ।
নৱপল্লর: কোমল পাত।
বিহানেঃ ৰাতিপুৱা।
মকৰ-কুণ্ডলঃ মকৰ (ঘৰিয়াল) ৰ আকৃতিৰ কাণত পিন্ধা এবিধ অলংকাৰ।
লোম সিহৰি পৈলঃ গাৰ নোম ডাল ডাল হৈ পৰিল।
সিংহ বন্ধ কন্ধ গ্ৰীৱঃ সিংহৰ কান্ধ আৰু ডিঙিৰ নিচিনা আটিল কান্ধ আৰু ডিঙি।
ভাষা-বিষয়কঃ
১৪। আধুনিক বানান লিখাঃ
জোৱা, সুনি, জি, তাৰা, চোট, লোম, সিহৰি, আচিল, জিতো।
উঃ
শব্দ আধুনিক রূপ
জোৱা যোৱা
সুনি শুনি
জি যি
তাৰা তেওঁলোক, সিহঁত
চোট সৰু
লোম নোম
সিহৰি শিয়ৰি
আচিল আছিল
জিতো যিটো।
১৫। আধুনিক ৰূপ কৰাঃ
“এইমতে চর্চ্চিলতঃ সেৱা কৰিলে ভঙ্গ গৈঃ বোলে বৰাৰ পো জোৱানে এতিয়াঃ বোলে বাপ নজাঞ: বোলেদেখো আহিও সেৱা কৈলাঃ এতিয়াও সেৱা কৈলা কিৱঃ চোট আতা বোলে আগে জি কৰিলো: বৰভূঞা বিসই মানি: এতি (য়া) জি কৰিচো অভই পাদপঙ্কজত বিক্রয় জীব কৰি গুৰু মানি।।”
উঃ এইদৰে চৰ্ম্ম কৰাৰ অন্ততঃ উঠি গৈ সেৱা কৰিলেঃ শংকৰদেৱে সুধিলে যে বৰাৰ পো (মাধৱদের) এতিয়া যাব নে নাযায়। মাধৱদেৱে ক’লে যে তেওঁ আৰু নাযায়। শংকৰদেৱে সুধিলে যে মাধৱদেৱে আহিও শংকৰদেৱক সেৱা কৰিলে আৰু এতিয়াও সেৱা কৰিলে, ইয়াৰ কাৰণ কি? চোট আতা মাধৱদেৱে ক’লে যে প্রথমবাৰ বাৰভূঞা বুলি আৰু এতিয়া অভয় চৰণত শৰণ-ভিক্ষা কৰি গুৰু মানি সেৱা জনাইছে।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। চোট আতা কোন?
উঃ মাধবদের।
২। মধ্যযুগৰ অসমীয়া সাহিত্যৰ এক বিশিষ্ট সম্পদ কি?
উঃ গুৰু চৰিত পুথিসমূহ।
৩। কেতিয়াৰ পৰা গদ্য ভাষাত গুৰু-চৰিত পুথি ৰচনাৰ ধাৰা আৰম্ভ হয়?
উঃ অষ্টম শতিকামানৰ পৰা। কবে?
৪। কি শ্লোকেৰে শংকৰদেৱে মাধৱদেৱক পৰাজিত
উঃ তৰুমূল শ্লোকেৰে।
৫। ‘বাতকর্ম’ বুলিলে কি বুজা?
উঃ ‘বাতকর্ম’ বুলিলে নিষিদ্ধ কর্মক বুজায়।
