Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 14 Question Answer চোৰধৰা

By Rabbi Masrur

Updated On:

Class 9 Assamese Chapter 14 Question Answer চোৰধৰা

শাখা – খ

গদ্যাংশ

চোৰধৰা

শ্রী শ্রী মাধৱদেৱ

লেখকৰ পৰিচয়

শ্রী শ্রী মাধৱদেৱ হৈছে অসমত নর বৈষ্ণর ধর্মব প্ৰচাৰক মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ প্রধান শিষ্য আৰু এজন বৈষ্ণৱী সাহিত্যিক। তেওঁৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত। তেওঁ গোটেই জীৱন চিৰকুমাৰ হিচাপে কটাই গুৰু শ্রীমন্ত শংকৰদেৱৰ লগত ছায়াৰ দৰে থাকি অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বিশেষ ভূমিকা গ্রহণ কৰে।

তেওঁৰ সাহিত্য কৰ্মৰ ভিতৰত ‘নামঘোষা’ শ্রেষ্ঠ। তেওঁৰ আন আন ৰচনা সমূহ হ’ল:

আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য।

তত্ত্বমূলক ৰচনাঃ নাম মালিকা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য।

নাটক: অর্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি।

ইয়াৰ উপৰিও তেওঁ কেইবা কুৰি গীত ৰচনা কৰে যিবোৰক ‘বৰগীত’ বুলি কোৱা হয়। তেওঁৰ ৰচনা ৰাজিত সহজ সৰল ঘৰুৱা ভাৱ আৰু ঘৰুৱা শব্দৰ ব্যৱহাৰ পোৱা যায়। কৃষ্ণ মহাত্ম্য প্রকাশ কৰাই তেওঁৰ ৰচনা ৰাজিৰ প্ৰধান বিষয়।

১৫৯৬ চনত তেওঁ ইহলীলা সম্বৰণ কৰে।

শব্দার্থ আৰু টোকা

তাপঃ দুখ

তেজহঃ ত্যাগ কৰা।

হামুঃ মই।

দেখল: দেখিলোঁ।

ঘৰ মহঃ ঘৰৰ ভিতৰত।

পৈসল: প্রৱেশ কৰিলে, সোমালে।

থিক: আছে।

উত্তৰ কৰাইছেঃ উত্তৰ দিছে।

ৰাজ মাৰগেঃ ৰাজবাটত।

ফিৰতঃ ঘূৰি ফুৰা।

পড়াকঃ চুবুৰীৰ।

সাখী মানতঃ সাক্ষী কৰিলে।

মাখিয়েঃ সানি দি।

উনিকৰঃ এওঁৰ।

পারলঃ পালে।

উত্তৰে আন্টায়ে নাহি পাৰিঃ উত্তৰত বলে নোৱাৰি।

ভঙ্গ মানল: পৰাজয় স্বীকাৰ কৰিলে।

কয় কহুঃ কৰি পেলাই।

চোৰ চাতুৰীয়েঃ ছলে-কৌশলে।

বাতঃ বার্তা।

ঠামেঃ ঠাইত।

তথিঃ তালৈ।

জুড়াবলঃ শান্ত হ’ল।

গাৰিঃ গালি।

জৈচনঃ যেনেকৈ।

কলঙ্ক কৰসিঃ বদনাম ৰটিছে।

মুখে ছাৰ পৰক: মুখত ছাই পৰক, মৰি যা।

বালাই লঞঃ বিপদ মূৰপাতি লোৱা।

বেকত হুয়া: ব্যক্ত হৈ, আবির্ভাব হৈ।

বিনোদ নৃত্যঃ আনন্দদায়ক নাচ।

থেঙ্গেনাঃ গালি।

আঞ্চোৰেঃ আঁচলেৰে।

নিকাৰঃ যন্ত্রণা।

পঞ্চামৃত: এবাঁ গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি মিহলাই কৰা পানীয়।

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভাৱ-বিষয়কঃ

১। অতি চমুকৈ উত্তৰ দিয়া:

(ক) কানাই বুলি কাৰ কথা কোৱা হৈছে?

উঃ ‘কানাই’ বুলি কৃষ্ণৰ কথা কোৱা হৈছে।

(খ) লবণু চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?

উঃ লৱণু চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল।

(গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?

উঃ ‘নামঘোষা’ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ।

(ঘ) ‘ওহি বান্দীসৱক থানে আৱৰ নাহি।’

-‘আৱৰ নাহি’ বুলি কোনে, কাক কৈছিল?

উঃ মাখন চোৰ বুলি কৃষ্ণক মিছা অপবাদ দিয়াত মাক যশোদাই কৃষ্ণক গোপীসকলৰ ওচৰলৈ পুনৰ নাহিবলৈ কৈছিল।

২। (ক) ‘হে মাই যশোদে, তোহোঁ তাপ তেজহ।’

– যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় ক’ব লগা হৈছিল?

উঃ এদিনাখন বাতিপুৱা কৃষ্ণ ঘৰৰ পৰা ওলাই গৈ সন্ধিয়ালৈকে ঘৰলৈ ঘূৰি নহাত মাক যশোদাই চাৰিওপিনে বিচাৰি চলাথ কৰি ব্যাকুল হৈ পৰিল। এনেতে এগৰাকী গোপীয়ে যশোদাৰ ওচৰলৈ আহি ক’লে যে তাই কৃষ্ণৰ কাৰণে দুখ কৰিব নালাগে। কাৰণ তাই কৃষ্ণক গোৱালী পাৰাত দেখি আহিছে। কৃষ্ণই এগৰাকী গোৱালীৰ ঘৰত সোমাইলৱণু চোৰ কৰি ধৰা পৰাত সেই গোৱালীয়ে সাক্ষী স্বৰূপ অন্যান্য গোপীসকলক মাতি অনাত কৃষ্ণই নিজৰ হাতত লাগি থকা লবণুখিনি গোপীৰ গালে-মুখে সানি দি ওলোটাই তাইকে লবণু চোৰ সজালে। তেতিয়া সেইজনী গোপীয়ে লাজ পাইকৃষ্ণক অধিক লবণু দিয়াত গোপীনিক এৰি দিয়ে।

(খ) শ্রীকৃষ্ণই গোপীৰ গাত কিয় লবণু সানি দিছিল?

উঃ শ্রীকৃষ্ণই লবণু খাই গোপীৰ হাতত ধৰা পৰাত চতুৰ কৃষ্ণই নিজকে বচাবলৈ আৰু গোপীক ওলোটাই চোৰ সজাবলৈ নিজৰ হাতত লাগি থকা লবণুখিনি গোপীৰ মুখত সানি দিছিল।

৩। ‘ইহা শুনি চিন্তা-শোক তেজিৱে পৰম হৰষিত ভেল।’- কোনে, কাৰ কি কথা শুনি হৰষিত হৈছিল?

উঃ এদিনাখন ৰাতিপুৱা কৃষ্ণ ঘৰৰ পৰা ওলাই গৈ সন্ধিয়ালৈকে ঘৰলৈ ঘূৰি নহাত মাক যশোদাই চাৰিওপিনে বিচাৰি চলাথ কৰি ব্যাকুল হৈ পৰিল। এনেতে এগৰাকী গোপীয়ে যশোদাৰ ওচৰলৈ আহি ক’লে যে তাই কৃষ্ণৰ কাৰণে দুখ কৰিব নালাগে। কাৰণ তাই কৃষ্ণক গোৱালী পাৰাত দেখি আহিছে। কৃষ্ণই এগৰাকী গোৱালীৰ ঘৰত সোমাই লৱণু চোৰ কৰি ধৰা পৰাত সেই গোৱালনীয়ে সাক্ষী স্বৰূপ অন্যান্য গোপীসকলক মাতি অনাত কৃষ্ণই নিজৰ হাতত লাগি থকা লবণুখিনি গোপীৰ গালে-মুখে সানি দি ওলোটাই তাইকে লবণু চোৰ সজালে। তেতিয়া সেইজনী গোপীয়ে লাজ পাই কৃষ্ণক অধিক লৱণু দিয়াত গোপীক এৰি দিয়ে।

গোপীৰ কথা শুনি যশোদাই মনৰ দুখ পাহৰি শান্তি লভিলে।

৪। মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কেনেদৰে চেনেহ প্রকাশ কৰিছিল?

উঃ মাক যশোদাই কানাইক লগ পাই পৰম শান্তি আৰু আনন্দ পালে। কৃষ্ণক মিছাতে লৱণু চোৰ বুলি অপবাদ দিয়াত মাক যশোদাই গোপীৰ মুখত ছাই পৰক বুলি গালি পাৰি আৰু কৃষ্ণক নিজ বস্ত্ৰৰ আঁচলেৰে গাৰ ধূলি জাৰি দি সাৱটি ধৰি কোলাত লৈ বদন চুম্বন কৰিলে। এনেদৰে মাক যশোদাই কৃষ্ণৰ প্ৰতি মাতৃ চেনেহ প্রকাশ কৰিছিল।

ভাষা-বিষয়কঃ

৫। তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ

তেজহ, তোহাবি, হামু, থিক, মাখিয়ে, উনিকৰ, ফিৰত, গাৰি।

উঃ

শব্দ            আধুনিক ৰূপ

তেজহ        ত্যাগ কৰা।

তোহাৰি      তোমাৰ।

হামু            মই।

থিক           আছে।

মাখিয়ে      সানি দি।

উনিকৰ     এওঁৰ।

ফিৰত        ঘূৰি ফুৰা।

গাৰি          গালি।

৫। বিপৰীত শব্দ লিখাঃ

চোৰ, উত্তৰ, কাতৰ, পুণ্য, শোক, হর্ষ, শীতল।

উঃ

শব্দ                বিপৰীত শব্দ

চোৰ               সাধু।

উত্তৰ              প্রশ্ন, দক্ষিণ।

কাতৰ             আনন্দিত, স্থিৰ।

পুণ্য               পাপ।

শোক              আনন্দ।

হর্ষ                 বিষাদ।

শীতল            উষ্ণ, উত্তপ্ত।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। শ্রীশ্রী মাধৱদেৱৰ জন্ম ক’ত হৈছিল?

উঃ লক্ষীমপুৰৰ নাৰায়ণপুৰত।

২। ঝুমুৰা কাক বোলে?

উঃ একোটা সম্পূর্ণ বিষয়বস্তু বা ঘটনাৰ সলনি ক্ষুদ্র ঘটনা বা পৰিস্থিতিক লৈ ঠেক পৰিসৰত ৰচনা কৰা নাটকক ঝুমুৰা বোলে।

৩। মাধৱদেৱে ৰচনা কৰা এখন ঝুমুৰ নাটকৰ নাম লিখা।

উঃ চোৰধৰা।

৪। লবণু চোৰ কোন?

উঃ কৃষ্ণ।

৫। ‘চোৰধৰা’ নাটকখনৰ সাৰাংশ তোমাৰ নিজৰ ভাষাত লিখা।

উঃ এদিনাখন ৰাতিপুৱা কৃষ্ণ ঘৰৰ পৰা ওলাই গৈ সন্ধিয়ালৈকে ঘৰলৈ ঘূৰি নহাত মাক যশোদাই চাৰিওপিনে বিচাৰি চলাথ কৰি ব্যাকুল হৈ পৰিল। এনেতে এগৰাকী গোপীয়ে যশোদাৰ ওচৰলৈ আহি ক’লে যে তাই কৃষৰ কাৰণে দুখকৰিব নালাগে। কাৰণ তাই কৃষ্ণক গোৱালী পাৰাত দেখি আহিছে। কৃষ্ণই এগৰাকী গোৱালীৰ ঘৰত সোমাইলৱণু চোৰ কৰি ধৰা পৰাত সেই গোৱালনীয়ে সাক্ষী স্বৰূপ অন্যান্য গোপীসকলক মাতি অনাত কৃষ্ণই নিজৰ হাতত লাগি থকা লবণুখিনি গোপীৰ গালে-মুখে সানি দি ওলোটাই তাইকে লৱণু চোৰ সজালে। তেতিয়া গোপীয়ে লাজপাই কৃষ্ণক অধিক লৱণু দিয়াত গোৱালনীক এবি দিয়ে।

গোপীৰ কথা শুনি যশোদাই গোপী পাৰালৈ গৈ কানাইক লগ পাই পৰম শান্তি আৰু আনন্দ পালে। কৃষ্ণক মিছাতে লৱণু চোৰ বুলি অপবাদ দিয়াত মাক যশোদাই গোপীনীৰ মুখত ছাই পৰক বুলি গালি পাৰি কৃষ্ণক নিজ বস্ত্ৰৰ আঁচলেৰে গাৰ ধূলি জাৰি দি সাৱটি ধৰি কোলাত লৈ বদন চুম্বন কৰিলে। এনেদৰে মাক যশোদাই কৃষ্ণৰ প্ৰতি মাতৃ চেনেহ প্রকাশ কৰিছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment