Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 13 Question Answer প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

By Rabbi Masrur

Updated On:

Class 9 Assamese Chapter 13 Question Answer প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

ড° ভূপেন হাজৰিকা

কবি পৰিচয়

ড° ভূপেন হাজৰিকা (১৯২৬-২০১১) অসমৰ এজন গীতিকবি, কণ্ঠশিল্পী, অভিনেতা, চলচিত্র পৰিচালক, প্ৰৱন্ধকাৰ আৰু আলোচনী সম্পাদক আছিল। তেওঁৰ জন্ম হয় শদিয়াত। তেওঁ তেজপুৰ হাই স্কুলৰ পৰা ১৯৪০ চনত প্রৱেশিক্ষা পৰীক্ষা পাছ কৰি গুৱাহাটীৰ বি. বৰুৱা কলেজৰ পৰা আই. এ. পৰীক্ষাত উত্তীর্ণ হৈ বাৰাণসী হিন্দু মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী লাভকৰে। পিছলৈ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিভাগত পি. এইচ. ডি. লাভ কৰে। কলম্বিয়া বিশ্ববিদ্যালয়ত পি. এইচ. ডি কৰি থকা সময়ছোৱাত এজন ভাৰতীয় ব্যৱসায়ীৰ কন্যা প্রিয়ম্বদা পাটিলৰ লগত চিনাকী হয় আৰু শেষলৈ তাইৰ লগত বিবাহপাশত আবদ্ধ হয়। সিহঁতৰ বৈবাহিক জীৱনৰ সাক্ষী স্বরূপ এটি পুত্র সন্তান জন্ম লাভ কৰে। পুত্ৰৰ নাম ৰাখে তেজ হাজৰিকা। তেজৰ জন্ম হোৱাৰ পিছত পত্নীৰ লগত তেওঁৰ বিচ্ছেদ হয়। ইয়াৰ পিছত প্রথমে গুৱাহাটীৰ বি. বৰুৱা কলেজত অধ্যাপনা কৰিবলৈ লয়। তাৰ পিছত কিছুদিন গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। কিছুদিন আকাশবাণী কেন্দ্রতো সেৱা আগবঢ়ায়। কিন্তু শেষলৈ তেওঁ সংগীত জগতৰ লগত একাত্ম হৈ পৰে আৰু কণ্ঠশিল্পী, গীতিকাৰ, চলচিত্ৰ পৰিচালক, চলচিত্রত সংগীত পৰিচালক আদি কামত নিজকে আত্মনিয়োগ কৰে। ১৯৭০ ৰ দহকত কল্পনা লাজমী নামৰ এজনী যুৱতীৰ লগত পৰিচয় হয় আৰু তেতিয়াৰ পৰা তাই ভূপেন হাজৰিকাৰ আজীৱন সংগী হৈ থাকে।

ভূপেন হাজৰিকাই পৰিচালনা কৰা চলচিত্ৰসমূহ হ’ল : এৰাবাটৰ সুৰ (১৯৫৬), শকুন্তলা (১৯৬১), প্রতিধ্বনি (১৯৬৪), লটিঘটি (১৯৬৬), চিকমিক বিজুলী (১৯৬৯), চিৰাজ (১৯৮৮)। তেওঁ এইবোৰ অসমীয়া ছবি পৰিচালনা কৰাৰ লগতে কেইবাখনো হিন্দী আৰু বাংলা ছবিও পৰিচালনা কৰিছিল।

তেওঁ চলচিত্ৰ পৰিচালনা কৰাৰ লগতে কেইবাখনো ভাৰতীয় ভাষাৰ ছবিত সংগীত পৰিচলানা কৰিছিল। ইয়াৰ উপৰিও নখনমান তথ্যচিত্ৰও পৰিচালনা কৰিছিল।

তেওঁ এজন প্ৰৱন্ধকাৰো আছিল। তেওঁ ৰচনা কৰা গ্ৰন্থৰ সংখ্যা মুঠ ৫০ খন। অসম সাহিত্য সভাৰ আজীৱন সদস্য হোৱাৰ লগতে ১৯৯৩ চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। তেওঁ আমাৰ প্ৰতিনিধি, বিন্দু, প্রতিধ্বনি আদি আলোচনী সম্পদনা কৰিছিল।
ভূপেন হাজৰিকাদেৱ ৰাজনীতিৰ সৈতেও জড়িত আছিল। তেওঁ ১৯৬৭চনৰ পৰা ১৯৭২ চনলৈকে নাওবৈছা সমষ্টিৰ পৰা নিৰ্দ্দলীয়া পদৰ পৰা অসম বিধান সভালৈ বিধায়ক হিচাপে নির্বাচিত হৈছিল।

সংগীত আৰু চলচিত্র জগতলৈ তেওঁৰ অনবদ্য অৱদানৰ স্বীকৃতি হিচাপে তেওঁ বহুত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটা আৰু সম্মান, যেনেঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদক, শ্রেষ্ঠ সংগীত পৰচালনাৰ ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, পদ্মশ্রী আদি বঁটা আৰু সম্মান লাভ কৰে।
অসমৰ কলা সংস্কৃতিৰ জগতলৈ তেওঁৰ অৱদান জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰ বিষুঃ প্রসাদ ৰাভাতকৈ কোনো গুণে কম নহয়। এইজন বহুল প্রতিভাধাৰী অসমীয়া কলা-সংস্কৃতিৰ সাধকজনে ২০১১ চনৰ ৫ নৱেম্বৰত ইহলীলা সম্বৰণ কৰে।

শব্দার্থ আৰু টোকা

মূমুর্ষুঃ মৃতপ্রায়।

কিঞ্চিতঃ সামান্য পৰিমাণৰ, অকণমান।

প্রচণ্ড: শক্তিশালী।

বজ্রঃ বজ্রপাত।

জীৱনৰ বিদ্যুৎ: জীৱনৰ প্রাণশক্তি।

উদাত্তঃ উদাৰ।

বক্ষঃ বুকু।

সংকীর্ণতাঃ ঠেক।

কাম্য: কামনা।

প্রণিপাত: সেরা।

সিক্তঃ তিতা, ভিজা।

দিগন্ত: আকাশৰ সীমা।

সর্বাকাশঃ গোটেই আকাশ।

উজাৰিঃ গোটেইখিনি ঢালি দি।

পাঠভিত্তিক প্রশ্নোত্তৰ:

ভাৱ-বিষয়কঃ

১। অতি চমুকৈ উত্তৰ দিয়া:

(ক) কবিয়ে কাক সংকীর্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?

উঃ কবি ভূপেন হাজৰিকাই আকাশক সংকীর্ণতা এৰি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।

(খ) কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল?

উঃ কবিৰ প্ৰাপ্য কি বুলি প্রচণ্ড ধুমুহাই প্রশ্ন কৰিছিল।

(গ) কবিক বিশাল দৃষ্টি কোনে দিলে?

উঃ কবিক বিশাল দৃষ্টি মহাকাশে দিলে।

(ঘ) মূমূর্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ – ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে?

উঃ ইয়াত ‘বিদ্যুৎ’ শব্দই প্রাণ-শক্তিৰ কথা বুজাইছে।

(ঙ) প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল?

উঃ প্রচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি বা কবিৰ কি লাগে বুলি প্রশ্ন কৰিছিল।

২। বজ্রই কবিক কি কি দিলে?

উঃ বজ্রই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।

৩। কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?

উঃ কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে ৰাতিপুৱা আকাশত উদয় হোৱা সূৰ্যৰ পোহৰে কিদৰে ধনী-দুখীয়া, উচ্চ-নীচ সকলোকে আলোকিত কৰে তাকে বুজাব খুজিছে। অর্থাৎ ‘সঁচা উদাৰতা’ৰ দ্বাৰা সকলোকে সমভারে দান দিয়া বা বিলাই দিয়াক বুজাইছে।

৪। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বর্ণনা কৰা।

উঃ কবিয়ে উদাত্ত কণ্ঠৰ দ্বাৰা গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে। অর্থাৎ কবিয়ে বজ্ৰৰ পৰা কণ্ঠ আৰু ধুমুহাৰ পৰা শক্তি লাভ কৰি এখন সুস্থ সবল শান্তিৰে ভৰা সমাজৰ হকে গান গাবলৈ মন মেলিছে।

৫। কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?

উঃ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানবৰ সমাজত মানৱতাৰ গীত গাবলৈ সাজু হৈছে। কবি আশাবাদী যে তেওঁৰ গীতৰ শক্তিৰে দানৱক নাশি প্রকৃত মানৱতাবাদী সমাজ প্রতিষ্ঠা কৰিব পাৰিব।

৬। আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্রণিপাত জনাইছে বহলাই লিখা।

উঃ সমাজৰ নিঃকিন দুৰ্বল আৰু দানৱৰ কৱলত পৰি যন্ত্রণা ভোগ কৰি থকা মানুহক সেৱা কৰিবলৈ কবিৰ প্ৰৱল ইচ্ছা আছে। ইয়াৰ বাবে কবিৰ শক্তিৰ প্ৰয়োজন। সেয়ে কবিয়ে আকাশৰ পৰা বিশালতা, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহস আৰু ধুমুহা বতাহৰ পৰা প্ৰচণ্ড শক্তি বিচাৰি সিহঁতক শতবাৰ প্ৰণিপাত জনাইছে যাতে কবিয়ে সেই শক্তিৰে বলীয়ান হৈ মানুহৰ বাবে গান গাব পাৰে।

৭। তাৎপর্য ব্যাখ্যা কৰাঃ

(ক) বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে তোমাৰ কাম্য কি কোৱা মই ক’লো, বজ্র তোমাৰ শক্তিশালী উদাত্ত কণ্ঠ দিয়া।

উঃ উক্ত কবিতাফাকি ভূপেন হাজৰিকাই ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই মোক প্রশ্ন কৰিলে’ নামৰ গীতি-কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ মাজেদি কবিয়ে মানুহৰ বাবে গীত গাবলৈ উদাত্ত কণ্ঠ বিচাৰি বজ্ৰক প্ৰাৰ্থনা জনাইছে।
কবি মানবপ্রেমী। মানুহক সেৱা কৰা, দানৱৰ হাঁতোৰাৰ পৰা মানুহক উদ্ধাৰ কৰা আৰু এক শান্তিময় মানৱ সমাজ গঢ়াৰ বাবে কবিয়ে মনত তীব্র ইচ্ছা পুহি ৰাখিছে। কবিয়ে জানে যে তেওঁ এক অদম্য শক্তি অবিহনে এই কাম কৰিব নোৱাৰে। গতিকে সি বজ্ৰক তাৰ শক্তিশালী উদাত্ত কণ্ঠ দান কৰিবলৈ প্ৰাৰ্থনা জনাইছে যাতে দি সেই উদাত্ত কণ্ঠৰে গীত গাই মানুহক প্ৰেৰণা যোগাব পাৰে।

(খ) সেয়েহে আকাশ তুমি দিব যদি খুজিছাই সংকীর্ণতা এৰি দিয়া অৱদানৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া।

উঃ উক্ত কবিতাফাকি ভূপেন হাজৰিকাই ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ নামৰ গীতি কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে আকাশৰ বিশালতাখিনি পাবলৈ কামনা কৰিছে। কবিয়ে মানুহক অতি ভালপায় আৰু মানুহৰ কল্যাণ সাধন কৰিব বিচাৰে। এদিনাখন আকাশে কবিক হেনো কৈছিল যে ‘যিমানেই বিলাই দিব পাৰি সিমানেই মহান হ’ব পাৰি।’ সেয়ে কবিয়ে আকাশক ইয়াৰ বিশালতাখিনি কবিক দান কৰিবলৈ প্রার্থনা জানাইছে যাতে সি সেই বিশালতাবোৰ মানুহৰ মাজত বিলাই দি মানুহক সংকীর্ণতাৰ পৰা তুলি ধৰিব পাৰে।

(গ) মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্রচণ্ড শক্তি বজ্রই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি।

উঃ উদ্ধৃত কবিতাফাকি গীতি কবি ভূপেন হাজৰিকাই ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ নামৰ গীতি-কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে প্রকৃতিৰ কোন কোন উৎসৰ পৰা কি কি বস্তু বা শক্তি লাভ কৰিলে তাক উক্ত কবিতাফাকিৰ মাজেদি প্রকাশ কৰিছে। কবি মানৱ দৰদী। মানুহৰ কল্যাণ সাধন কৰাই কবিৰ মনৰ উদম্য বাসনা। কিন্তু দানৱৰ সমাজত মানুহৰ বাবে কিবা কৰিবলৈ কবিৰ শক্তিৰ প্ৰয়োজন। সেয়ে কবিয়ে আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা সিহঁতৰ শক্তি কবিক দিবলৈ প্রার্থনা জনাইছে। কবিৰ প্ৰাৰ্থনা মঞ্জুৰ কৰি আকাশে কবিক নিজৰ বিশালতাখিনি দিলে। সেইদৰে ধুমুহাৰ পৰা পালে প্রচণ্ড শক্তি আৰু বজ্ৰৰ পৰা পালে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। কবিয়ে প্রকৃতিৰ বিভিন্ন উৎসৰ পৰা পোৱা এই শক্তিব দ্বাৰা বলীয়ান হৈ গীত গাই তাৰ জৰিয়তে মানুহক প্ৰেৰণা যোগাবলৈ প্ৰৱল হাবিয়াস কৰিছে।

(ঘ) মূমূর্ষু মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো যদি দিব পাৰোঁ আকাশ, ধুমুহা আৰু বজ্রক তাৰ বাবে প্রণিপাত কৰোঁ।

উঃ উদ্ধৃত কবিতাফাকি গীতি-কবি ভূপেন হাজৰিকাই ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ নামৰ গীতি কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবি মানবপ্রেমী। কবিয়ে দানৱৰ সমাজত মানুহৰ বাবে এক শান্তিপূর্ণ সমাজ গঢ়াৰ বাঞ্ছা কৰিছে। সেয়ে কবিয়ে আকাশৰ পৰা বিশালতা, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি আৰু বজ্ৰৰ পৰা উদাত্ত কণ্ঠ বিচাৰিছে। কবিৰ কামনা মঞ্জুৰ কৰি সিহঁতে সিহঁতৰ বিশেষত্ববোৰ কবিক দি দিয়ে। কবিয়ে সিহঁতৰ শক্তিৰে বলীয়ান হৈ মানুহৰ মুক্তি আৰু কল্যাণৰ হকে গীত গাব বিচাৰে। কবিয়ে ভাবে যে যদিহে কবিয়ে নিজৰ গীতৰ জৰিয়তে মানৱ সমাজৰ কিঞ্চিতমানো উপকাৰ সাধন কৰিব পাৰে তেন্তে তাৰ বাবে কবি আকাশ, ধুমুহা আৰু বজ্ৰৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব কাৰণ কবিয়ে উক্ত তিনিটা উৎসৰ পৰাই গীত গোৱাৰ শক্তি লাভ কৰিছিল।

ভাষা-বিষয়কঃ

১। তলত দিয়া শব্দবোৰৰ সমার্থক শব্দ লিখাঃ ধুমুহা, বুকু, কাম্য, সংকীর্ণতা, বিশাল, দানব, প্রণিপাত, সিক্ত।

উঃ

শব্দ                    সমার্থক শব্দ

ধুমুহা                  ঝাঞ্চা

বুকু                    বক্ষ

কাম্য                 কামনা

সংকীর্ণতা          ঠেক

বিশাল               বহল

দানর                দৈত্য

প্রণিপাত           সেৱা

সিক্ত                তিতা।

৫। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ণ’ হৈছে:

কণ্ঠ, পূর্ণ, প্রচণ্ড, সংকীর্ণতা, প্রণিপাত।

উঃ কণ্ঠঃ ট বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ন মূর্দ্ধন্য ‘ণ’ হয়।

পূৰ্ণঃ ‘ৰ’ ৰ পাছত থকা দন্ত্য ন মূর্দ্ধন্য ‘ণ’ হয়।

প্রচণ্ড: ট বৰ্গৰ কেনো বৰ্ণৰ লগত যুক্ত হ’লে দন্ত্য ন মূদ্ধন্য ‘ণ’ হয়।

সংকীর্ণতা: ‘ৰ’ ৰ পাছত থকা দন্ত্য ন ‘ণ’ হয়।

প্রণিপাত: প্র উপসৰ্গৰ পাছত থকা দন্ত্য ন মূৰ্দ্ধন্য ‘ণ’ হয়।

৩। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘য’  হৈছে লিখাঃ

মুমূর্ষু, দৃষ্টি

উঃ মুমূর্ষুঃ ‘অ’ৰ বাহিৰে অন্য স্বৰবৰ্ণ বা ‘ৰ’ৰ পাছত থকা প্রত্যয়ৰ দন্ত্য ‘স’ মূদ্ধন্য ‘য’ হয়।

দৃষ্টিঃ ট বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য স মূর্দ্ধন্য ‘য’ হয়।

৪। সন্ধি ভাঙাঃ

দিগন্ত, সর্বাকাশ, সংকীর্ণ

উঃ দিগন্ত = দিক + অন্ত

সর্বাকাশ = সর্ব + আকাশ

সংকীর্ণ = সম + কীর্ণ।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। অসমীয়া সংগীত জগতত ভূপেন হাজৰিকাক কি উপাধিৰে জনা যায়?

উঃ সংগীত সূর্য।

২। ‘সংগীত সূর্য’ উপাধিৰ বাহিৰেও ভূপেন হাজৰিকাক কি উপাধিৰে জনা যায়?

উঃ সুধা কণ্ঠ।

৩। কবিয়ে ক’ত মানৱৰ বাবে গীত গাবলৈ ইচ্ছা কৰিছে?

উঃ দানৱৰ সমাজত।

৪। মনৰ দুৱাৰ মেলি কবিয়ে কাক কি কৈছিল?

উঃ মনৰ দুৱাৰ মেলি কবিয়ে ধুমুহাক তাৰ শক্তিখিনি কবিক দিবলৈ কৈছিল।

৫। বজ্রই কবিক কি সুধিছিল?

উঃ কবিয়ে বজ্ৰৰ পৰা কি কামনা কৰে সেয়া সুধিছিল।

৬।ভূপেন হাজৰিকাই সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা।

উঃ বিন্দু।

৭। ভূপেন হাজৰিকাই কেতিয়া মৃত্যু বৰণ কৰে?

উঃ ২০১১ চনৰ ৫ নবেম্বৰত।

৮। ভূপেন হাজৰিকাই পৰিচালনা কৰা এখন চলচিত্ৰৰ নাম লিখা।

উঃ এৰা বাটৰ সুৰ।

৯। ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ কবিতাটিৰ সাৰাংশ লিখা।

উঃ এদিনাখন কবিক প্রচণ্ড ধুমুহাই তেওঁক কি লাগে বুলি প্রশ্ন কৰিলে। কবিয়ে মনত সাহস গোটাই মনৰ দুৱাৰ খুলি উত্তৰ দিলে যে তেওঁক ধুমুহাৰ প্রচণ্ড শক্তিখিনি লাগে। ইয়াৰ পিছত বজ্ৰই গৰ্জন কৰি বুকু উজাৰি কবিৰ কি কামনা তাকে সুধিলে। কবিয়ে বজ্ৰৰ পৰা শক্তিশালী কণ্ঠটি বিচাৰিলে। আকৌ কবিক কি লাগে বুলি আকাশে সোধাত কবিয়ে আকাশৰ পৰা তাৰ বিশালতাখিনি খুজিলে। কবিৰ কামনা অনুসৰি ধুমুহাই তাৰ প্ৰচণ্ড শক্তি, বজ্ৰই তাৰ উদাত্ত কণ্ঠ আৰু আকাশে বিশালতাখিনি কবিক দি দিলে। কবিয়ে আশা কৰিছে যে প্ৰকৃতিৰ বিভিন্ন উৎসৰ পৰা পোৱা সেই শক্তিৰ দ্বাৰা কবিয়ে দানৱৰ সমাজত মানৱতাৰ হকে গীত গাই যাব। কবিৰ গানে যদি জনজীৱনত প্রাণ শক্তিৰ সঞ্চাৰ কৰিব পাৰে, তেন্তে কবিৰ শ্রম সার্থক হ’ব আৰু কৃতজ্ঞতাস্বরূপ কবিয়ে ধুমুহা, বজ্র আৰু আকাশক প্রণিপাত জনাব।

১০। ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’ কবিতাটিৰ মূলভাব লিখা।

উঃ কবি মানৱপ্রেমী। দানৱৰ সমাজত মানুহে ভূগি থকা দুখ-দুৰ্দ্দশাৰ পৰা মানুহক উদ্ধাৰ কৰা আৰু মানুহৰ সৰ্বতো প্ৰকাৰৰ কল্যাণ সাধন কৰাই কবিৰ উদ্দেশ্য। কিন্তু তাৰ বাবে কবিৰ শক্তি লাগে। কবিয়ে আশা কৰিছে যে তেওঁ বজ্র কণ্ঠেৰে ধুমুহাৰ দৰে প্ৰচণ্ড শক্তিৰে সংকীর্ণতাৰ বিৰুদ্ধে বিশাল মানৱতাৰ গান গাব। কবি আশাবাদী যে তেওঁৰ গানে মূমূর্ষু জনসাধাৰণৰ প্ৰাণত নতুন প্রাণ শক্তি আনয়ন কৰিবলৈ সমর্থ হ’ব। ০০০

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment