Class 9 Assamese Chapter 12 Question Answer মোৰ দেশ
মোৰ দেশ
হীৰেন ভট্টাচার্য
কবি পৰিচয়
হীৰেন ভট্টাচার্য (১৯৩২-২০১২) এজন অতি প্রভাবশালী আধুনিক অসমীয়া কবি, গীতিকাৰ, আলোচনী সম্পাদক আৰু শিশু সাহিত্য বচয়িতা। তেওঁৰ জন্ম হয় যোৰহাটত। পিতৃৰ নাম তীর্থনাথ ভট্টাচাৰ্য আৰু মাতৃৰ নাম স্নেহলতা ভট্টাচার্য। তেওঁ ডিব্ৰুগড়ত প্রাথমিক শিক্ষা লাভকৰি গুৱাহাটীৰ কটন কলেজিয়েট হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰে। ইয়াৰ পিছত গুৱাহাটীৰ বি. বৰুৱা কলেজৰ পৰা আই, এ. পাছ কৰি আনুষ্ঠানিক শিক্ষা জীৱনৰ অন্ত পেলাই জীৱিকা উপাৰ্জনৰ বাবে নানান ধৰণৰ কাম কৰিবলৈ লয়। কিছুদিন তেওঁ ছপাশালত কাম কৰে আৰু কিছুদিন শিক্ষকতা কৰে। সৰু কালৰ পৰাই তেওঁ ভাৰতীয় গণনাট্য সংঘৰ লগত জড়িত হয় আৰু প্রগতিশীল চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত হয়। ছাত্ৰ অৱস্থাৰ পৰাই লিখা-মেলা বিশেষকৈ কবিতা ৰচনাত হাত দিয়া হীৰেন ভট্টাচার্যই বহুকেইখন কাব্য গ্রন্থ অসমীয়া কাব্যমোদী পাঠকক উপহাৰ দিয়ে। তেওঁৰ উল্লেখযোগ্য কাব্যগ্রন্থসমূহ হ’ল: বৌদ্র কামনা (১৯৬৪), মোৰ দেশ মোৰ প্ৰেমৰ কবিতা (১৯৭২), বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ’দ (১৯৭৭), সুগন্ধি পখিলা (১৯৮১), শইচৰ পথাৰ মানুহ (১৯৯১), ভালপোৱাৰ বোকামাটি (১৯৯৫), জোনালী মন আৰু অন্যান্য কবিতা (১৯৯৫), প্রিয় বর্ণমালা (১৯৯৫) আদি। হীৰেন ভট্টাচার্য এজন সফল গীতিকাৰো আছিল। তোমাৰ গান তেওঁৰ প্ৰকাশিত গীতৰ পুথি। তেওঁ কেইখনমান শিশু গ্রন্থও ৰচনা কৰিছিল, যেনেঃ ল’ৰা ধেমালী (১৯৯২), আকৌ ধেমালী (১৯৯৩) আদি। তেওঁ শইচৰ পথাৰ মানুহ কাব্যগ্রন্থৰ বাবে ১৯৯১ চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰে। তেওঁ চিত্রবন, আন্তবিক, মনন আদি আলোচনী সম্পাদনা কৰিছিল।
তেওঁৰ কবিতাৰ প্ৰাথমিক বিষয় হ’ল প্রেম: এই প্রেম দেশপ্রেম, মানবপ্রেম আৰু প্রকৃতিপ্রেম। তেওঁৰ কবিতা ভাষা, শব্দ চয়ন, কল্পচিত্ৰৰ সৃষ্টি আৰু প্রয়োগত অভিনৱত্ববে ভৰপুৰ। তেওঁৰ সমসাময়িক আৰু অনুজ কবিসকল তেওঁৰ কাব্যিক আংগিক আৰু কল্পচিত্ৰৰ দ্বাৰা বহুলভাবে প্রভাবিত হৈছিল।
এইজন বহুল প্রভাৱশালী কবিয়ে ২০১২ চনত মৃত্যু বৰণ কৰে।
শব্দার্থ আৰু টোকা
ঐশ্বর্যঃ বিভূতি, বিপুল ধন-সম্পত্তি।
কলৰোল: কলৰৱ।
পৰাণঃ প্রাণ।
প্রাচুর্যঃ আধিক্য, উভৈনদী হৈ থকা অৱস্থা।
সুবাসঃ সুগন্ধি, সুৰভি।
পাঠভিত্তিক প্রশ্নোত্তৰ:
ভাৱ-বিষয়কঃ
১। (ক) হীবেন ভট্টাচাৰ্যৰ জন্ম ক’ত হৈছিল?
উঃ যোৰহাটত।
(খ) হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
উঃ ‘মনন’ আৰু ‘আন্তৰিক’।
(গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উঃ দেশৰ প্রতিটো পুরাই কবিৰ বাবে কঢ়িয়াই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ।
২। ‘মোৰ দেশ’ কবিতাটিৰ সাৰাংশ লিখা।
উঃ কবিৰ বাবে কবিৰ দেশখন অতি প্রিয়। কবিৰ প্রতিটো মূহুর্ত স্বদেশক লৈয়ে ব্যস্ত। কবিৰ প্ৰতিটো কামে, প্রতিটো চিন্তাই কবিৰ দেশত সোণোৱালী ভবিষ্যতৰ সপোন ৰচনা কৰে। কবিয়ে জীৱনৰ আঁহে আঁহে, যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল শুনিবলৈ পায়। বিশ্বৰ বহু দেশৰ চুকে কোণে কবিয়ে ভ্রমণ কৰিছে, ভিন ভিন দেশত বহুত বন্ধুৰ লগত প্রাণ খুলি প্ৰাণৰ কথা, ভালপোৱাৰ কথা পাতিছে। সিহঁতৰ লগত হাতে হাত ধৰি ঘূৰি ফুৰিছে। সিহঁতৰ লগত ভ্রমণক্লান্ত হৈ কেতিয়াবা খেজুৰ তলত, সাগৰৰ পাৰত বা পাহাৰ তলিত ক্ষন্তেক বিশ্রাম লৈছে। তাৰ পিছত তেওঁ আকৌ যাত্ৰা আৰম্ভ কৰিছে। বিভিন্ন দেশ ভ্রমণ কৰি কৰি কবিয়ে নিজৰ দেশখনলৈকে অৱশেষত উভতি আহিছে। কাৰণ কবিয়ে নিজৰ দেশক অতি ভাল পায়। কবিৰ দেশৰ বুকুৰ উমে কবিক ভালপোৱাৰ আনন্দ দিয়ে। কবিয়ে যৌৱনৰ প্রাচুর্য আৰু জীৱনৰ নতুন অর্থ নিজৰ দেশতে বিচাৰি পায়। কবিৰ স্বদেশৰ প্রতিটো পুৱাই কবিক দি যায় ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই কবিৰ বাবে বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। কবিৰ বাবে নিজ দেশৰ প্রতিটো ঋতু হৈছে জীৱনৰ আশীর্বাদ।
কবিয়ে কেৱল নিজৰ দেশৰ বাবেই জীয়াই আছে আৰু নিজৰ দেশৰ বাবেই কবিয়ে জীয়াই থাকিব। দেশৰ সকলো শ্ৰেণীৰ মানুহৰ লগতে কবিৰ একাত্মকতা গঢ়ি উঠিছে। এই দেশৰ ৰণুৱা, বণুৱা, হালুৱা সকলোৰে লগত কবিৰ আন্তৰিকতা আছে। কবিয়ে সকলো শ্ৰেণীৰ মানুহৰ মাজত ঐক্য আৰু সংহতি স্থাপন কৰিব বিচাৰে।
কবিয়ে আন্তৰিক বিশ্বাসেৰে শত্রু-মিত্ৰ সকলোৰে অন্তৰ জয় কৰিছে। কবি শান্তি প্রয়াসী। সেয়ে তেওঁ শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই নিজ ভঁৰালৰ পৰা এমুঠি ধান আগবঢ়াইছে আৰু প্ৰাণৰ গীতেৰে সিহঁতৰ অন্তৰ শাঁত পেলাইছে। অর্থাৎ কবিয়ে সামর্থ অনুসৰি সকলোখিনিয়েই দেশৰ বাবে দান কৰিছে। স্বদেশৰ বাবে ত্যাগ কৰিবলৈ কবিৰ এতিয়া আৰু একো বাকী নাই।
দেশখনেই হৈছে কবিৰ সপোন আৰু দিঠক। দেশপ্রেমৰ আদর্শ কবিৰ অন্তৰত ইমানেই প্রৱল যে তেওঁ দেশৰ কল্যাণ সাধনৰ বাবে কঠোৰ তপস্যা কৰিবলৈয়ো সাজু আছে।
৩। ব্যাখ্যা কৰাঃ
(ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাবনা হৈ মই আছোঁ।
উঃ উক্ত কবিতাফাকি আমাৰ ‘সাহিত্য-সুবাস’ত সন্নিবিষ্ট হীৰেন ভট্টাচাৰ্যই ৰচনা কৰা ‘মোৰ দেশ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
কবিতাফাকিৰ মাজেদি কবিয়ে স্বদেশ প্রেম প্রকাশ কৰাৰ লগতে দেশখনৰ বিভিন্ন প্রান্তৰ লোকসকলৰ মাজত ঐক্য স্থাপনত বিশেষ ভূমিকা গ্রহণ কৰিবলৈ যে সদায় প্রস্তুত তাকে প্রকাশ কৰিব বিচাৰিছে।
কবিয়ে স্বদেশক অতি ভাল পায়। কবিৰ প্রতিটো মূহুর্ত, নিজ দেশক লৈয়ে ব্যস্ত। কবিয়ে নিজৰ দেশৰ বিভিন্ন জাতি, গোষ্ঠী, অঞ্চল, বিভিন্ন শ্ৰেণীৰ মানুহ আদিৰ মাজত সংহতি স্থাপন কৰিব বিচাৰে আৰু সকলোৰে মাজত সংহতি স্থাপন কৰিবলৈ কবি দৃঢ় প্রতিজ্ঞ। কবিয়ে সকলো প্ৰকাৰৰ বিৰোধ আৰু অনৈক্যৰ মাজত সংহতি স্থাপন কৰিবলৈ সদায় প্রস্তুত আছে। মুঠতে কবিয়ে স্বদেশক ইমানেই ভাল পায় যে তেওঁ অনৈক্যৰ মাজত সংহতিৰ সম্ভাৱনা হৈ জীয়াই থাকিব বিচাৰে।
(খ) মোৰ জীৱনৰ আঁহে আঁহে মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
উঃ উক্ত কবিতাফাকি আমাৰ ‘সাহিত্য-সুবাস’ত সন্নিবিষ্ট হীৰেন ভট্টাচাৰ্যই ৰচনা কৰা ‘মোৰ দেশ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
স্বদেশৰ প্ৰতি কবিৰ অকৃত্রিম প্রেম আৰু ভালপোৱা প্রকাশ কৰিবলৈ উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।
কবিৰ বাবে নিজৰ দেশখন হৈছে প্রাণতকৈয়ো প্রিয় আৰু গানতকৈয়ো সুরদি। কবিয়ে স্বদেশৰ উজ্জ্বল ভবিষ্যত কামনা কৰে। কবিৰ প্ৰতিটো কাম, প্রতিটো চিন্তা স্বদেশব কল্যাণৰ বাবেই উদ্বুর্গিত। স্বদেশৰ কল্যাণ সাধনৰ বাসনা কবিৰ অতি আন্তৰিক। সেয়ে কবিয়ে জীৱনৰ আঁহে আঁহে আৰু যৌৱনৰ কোঁহে কোঁহে সেই বাসনাৰ কলৰব শুনিবলৈ পায়। মুঠতে কবিৰ চিন্তা, কল্পনা, কাম-কাজ সকলো স্বদেশৰ কল্যাণক কেন্দ্ৰ কৰিয়েই আৱৰ্তন কৰি আছে।
ভাষা-বিষয়কঃ
৪। সমার্থক শব্দ লিখাঃ
দেশ, কাম, কলৰোল, সাগৰ, সপোন, বন্ধু, শেষ, সম্ভাৰ, শইচ, বুকু, তৰংগ, কল্লোল।
উঃ
শব্দ সমার্থক শব্দ
দেশ ৰাষ্ট্ৰ
কাম কার্য
কলৰোল কলৰৱ
সাগৰ সমুদ্র, বাৰিধি
সপোন স্বপ্ন
বন্ধু মিত্র
শেষ অন্ত
সম্ভাৰ সমল
শইচ শস্য
বুকু বক্ষ
তৰংগ
কল্লোল গর্জন।
৫। বিপৰীতার্থক শব্দ লিখাঃ
উঃ
শব্দ বিপৰীত শব্দ
সপোন দিঠক
দেশ বিদেশ
জীবন মৰণ
পাহাৰ ভৈয়াম
ঐক্য অনৈক্য
সংহতি বিৰোধ
শয়ন জাগৰণ
বিশ্বাস অবিশ্বাস
শত্রু মিত্র।
অতিৰিক্ত প্রশ্নোত্তৰ:
১। প্রতিটো সন্ধিয়াই কবিৰ বাবে কি বৈ আনে?
উঃ প্রতিটো সন্ধিয়াই কবিৰ বাবে বৈ আনে স্নিগ্ধ ফুলৰ সুবাস।
২। কবিৰ যাত্ৰাৰ শেষ ক’ত বুলি কবিয়ে কৈছে?
উঃ কবিৰ যাত্ৰাৰ শেষ নিজৰ স্বদেশ।
৩। দেশৰ বাবে জীয়াই থাকিবলৈ কবিয়ে কি কৰিব?
উঃ মৰণ পণ কৰিব।
৪। প্রতিটো ঋতুয়ে কবিক কি দিয়ে?
উঃ জীৱনৰ আশীর্বাদ।
৫। কবিয়ে কিহৰ সম্ভাৱনা হৈ জীয়াই আছে?
উঃ বিৰোধৰ মাজত সংহতিৰ সম্ভাবনা হৈ।
৬। হীৰেন ভট্টাচাৰ্যৰ এখন কবিতা পুথিৰ নাম লিখা।
উঃ শইচৰ পথাৰ মানুহ।
৭। কবিয়ে শান্তিৰ চৰাইযুৰিক কি দিছে?
উঃ আঁজলি ভৰাই ভঁৰালৰ ধান দিছে।
৮। কবিয়ে কাৰ অন্তৰ বিশ্বাসেৰে জিনিছে?
উঃ শত্রু-মিত্ৰৰ।
৯। স্বদেশে কবিক কি দিছে?
উঃ স্বদেশে কবিক দিছে বুকুৰ উম, ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অর্থ। ০০০
