Join WhatsApp

Join Now

Join Telegram

Join Now

Class 9 Assamese Chapter 1 Question Answer অন্যৰ প্ৰতি ব্যৱহাৰ

By Rabbi Masrur

Published On:

Class 9 Assamese Chapter 1 Question Answer অন্যৰ প্ৰতি ব্যৱহাৰ

অন্যৰ প্ৰতি ব্যৱহাৰ

সত্যনাথ বৰা

লেখক পৰিচয়: সত্যনাথ বৰা (১৮৬০-১৯২৫) এজন অসমীয়া বলিষ্ঠ গদ্য লিখক আৰু ব্যাকৰণবিধ। তেওঁৰ জন্ম হয় গুৱাহাটীৰ ভৰলুমুখত। গুৱাহাটীত স্কুলীয়া শিক্ষা লাভ কৰি ১৮৮৯ চনত কলিকতাৰ পৰা বি. এল. পৰীক্ষা পাচ কৰে। সাময়িকভারে তেখেতে আর্ল ল’ কলেজ আৰু কটন কলেজত অধ্যাপনা কৰে যদিও পিছত গুৱাহাটীত ওকালতি কৰিবলৈ লয়।

সত্যনাথ বৰাই ৰচনা কৰা প্রথম পুথিখন হ’ল গীতাৱলী। কেন্দ্রসভা, সাহিত্য বিচাৰ, সাৰথি, চিন্তাকলি, আদি তেখেতৰ প্ৰৱন্ধ আৰু সমালোচনামূলক পুথি। তেওঁৰ গদ্য সহজ-সৰল আৰু ঘৰুৱা আৰু জতুৱা ঠাঁচৰ সফল প্রয়োগেৰে সমৃদ্ধ। তেখেতে ৰচনা কৰা ‘আকাশ ৰহস্য অসমীয়া সাহিত্যত বিজ্ঞান বিষয়ক প্রথম গ্রন্থ। ‘বহল ব্যাকৰণ তেখেতে ৰচনা কৰা এক উল্লেখযোগ্য অসমীয়া ব্যাকৰণ। তেখেতে বহুতো খুষ্টীয়া কবিতাও ৰচনা কৰিছিল। ১৯০১ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা অসমীয়া আলোচনী ‘জোনাকী’ কাকত তেখেতে সম্পাদনা কৰিছিল। ১৯২৫ চনত গুৱাহাটীৰ নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।

শব্দার্থ আৰু টোকা

অনুপান: দৰবৰ লগত মিহলাই খোৱা আনুষঙ্গিক উপাদান।

আটক: অবৰোধ, অভাব, নাটনি।

চাটুকাৰঃ ছলাহী কথাৰে আনৰ অন্তৰ জয় কৰা মানুহ, স্তাৱক।

প্রৌঢ়ী: জনাজাত, ব্যক্ত।

পাঠভিত্তিক প্রশ্নোত্তৰ

ভাৱ-বিষয়কঃ

১। অতি চমু উত্তৰ দিয়াঃ

(ক) ‘সাৰথি’ পুথিখন কাৰ ৰচনা?

উঃ ‘সাৰথি’ পুথিখন সত্যনাথ বৰাৰ ৰচনা।

(খ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভূগিবলৈ পায়?

উঃ মানুহে মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কেনেকৈ চলিলে সংসাৰত সুখ-সন্তোষে কাল নিয়াব পাৰি তাক নজনাৰ বাবে মানুহে জীৱনত নানাবিধ উপদ্রব ভূগিব লগা হয়।

(গ) কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?

উঃ আনৰ লগত কেটেনা মাৰি কথা কোৱা খিংখিতীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।

(ঘ) সজ ব্যৱহাৰৰ অনুপান কি?

উঃ নম্রতা সজ ব্যৱহাৰৰ অনুপান।

(ঙ) মনত অহঙ্কাৰ ৰাখি মুখত নম্র হ’লে মানুহক কি কৰা হয়?

উঃ মনত অহংঙ্কাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক ছল (ছলনা) কৰা হয়।

(চ) ‘এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। ‘ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?

উঃ যি শ্ৰেণীৰ মানুহে আনৰ গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল বুলি লিখকে কৈছে।

(ছ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?

উঃ শঠ মানুহৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।

(জ) ‘বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?

উঃ ‘বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। ২। চমুকৈ বুজাই লিখা:

(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?

উঃ ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি উলাই কৰিব নোৱাৰি। কাৰণ মানুহৰ প্ৰতি মানুহে কৰা আচাৰ-ব্যৱহাৰৰ ওপৰতে সমাজ জীৱনৰ সুখ আৰু শান্তি নিৰ্ভৰ কৰে। আচাৰ-ব্যৱহাৰ বেয়া হ’লে জীৱনত নানা উপদ্রর ভূগিব লগা হয়। বহুত চৰিত্ৰৱান মানুহেও অসজ ব্যৱহাৰৰ ফলত আন মানুহৰ গৰিহণাৰ পাত্ৰ হয়। আকৌ বহুত কপটীয়া ছলাহী মানুহেও সজ ব্যৱহাৰৰ ফলত মানুহৰ মৰমৰ পাত্ৰ হয়।

(খ) বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানী সকলে কিয় কৈছে?

উঃ বিনয় মানে নম্রতা। নম্রতাই মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দর্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্রকাশত অৰিহণা যোগায়। সেয়ে দান দিয়াৰ সময়ত বিনয়ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কৈছে। বিনয়ী ভাবত দান কৰিলে মানুহৰ মাজত মৰম, চেনেহ, শ্রদ্ধা-ভক্তি আদি গুণৰ বিকাশ হয় আৰু সামাজিক জীৱনো সুখৰ হয়।

৩। তাৎপর্য ব্যাখ্যা কৰা:

(ক) নম্রতা সজ ব্যৱহাৰৰ অনুপান।

উঃ ‘নম্রতা সজ ব্যৱহাৰৰ অনুপান’- কথাষাৰ সত্যনাথ বৰাদেৱে ‘আনৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটিত সুন্দৰভাৱে ব্যাখ্যা কৰিছে। সজ ব্যৱহাৰে মানুহৰ সামাজিক জীৱন সুখ আৰু সন্তোষেৰে ভৰাই তোলে। নম্রতা (বিনয়ভাৱ) হৈছে সজ ব্যৱহাৰৰ এক অন্যতম অনুপান (উপাদান)। নম্ৰ ব্যৱহাৰে মানুহক মানুহৰ ওচৰত মৰমীয়াল কৰি তোলে। বিনয়ভাৱক অলংকাৰৰ লগত তুলনা কৰিব পাৰি। অলংকাৰে যেনেকৈ মানুহৰ শাৰীৰিক সৌন্দর্য বৃদ্ধি কৰে তেনেকৈ বিনয়ভাৱে মানুহৰ ব্যক্তিত্ব প্রকাশত অৰিহণা যোগায়। লোকৰ মাজত নম্ৰ ভাৱ থাকিলে মুখেৰে আপোনা-আপুনি মিঠা মাত ওলায়। কিন্তু মনত অহংকাৰ ৰাখি মুখেৰে নম্রতা প্রকাশ কৰিব বিচাৰিলেও কেতিয়াও প্রকৃত নম্র হ’ব নোৱাৰে।

(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে।

উঃ সোণ এবিধ অতি মূল্যৱান ধাতু। ইয়াৰ দ্বাৰা অলংকাৰ তৈয়াৰ কৰা হয়। ই অতি উজ্জ্বল। ইয়াৰ উজ্জ্বলতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে আৰু অস্বীকাৰ কৰিলেও সোণৰ মূল্য নকমে।

সোণৰ উপমাটিৰ দ্বাৰা লিখকে ইয়াকে বুজাব খুজিছে যে মান্যবন্ত অর্থাৎ গুণী লোক সদায় মানুহৰ ওচৰত মৰম, সন্মান আৰু গুৰুত্ব পায়। কিছুমান মানবীয় গুণ যেনেঃ নম্রতা, অকপট আচৰণ, দয়া, পৰোপকাৰ আদিয়ে মানুহক মান্যৱন্ত কৰি তোলে। কিন্তু সমাজত এনে কিছুমান লোক আছে যিসকলে মান্যৱন্ত লোকৰ কথা অমান্য কৰে আৰু সুযোগ পালেই তেনে লোকৰ লগত ছল কৰিব বিচাৰে। কিন্তু তেনে কৰিলে মান্যৱন্ত লোকৰ গুণ অকনো নকমে ঠিক সোণৰ দৰে যাৰ গুণ অস্বীকাৰ কৰিলেও ইয়াৰ মূল্য হ্রাস নাপায়।

ভাষা-বিষয়কঃ

৪। বিপৰীত শব্দ লিখাঃ

সুখ, সন্তোষ, সজ, চৰিত্ৰৱন্ত, কপটীয়া, মিঠা, বিনয়, নম্রতা, লঘু, উচ্চ, নিন্দা, গুপ্ত, দোষ, গহীন, আঢ্যৱন্ত।

উঃ

শব্দ               বিপৰীত শব্দ

সুখ                 দুখ

সন্তোষ           অসন্তোষ

সজ                অসজ

চৰিত্ৰৱন্ত        চৰিত্ৰহীন

কপটীয়া         অকপটীয়া, সৰল

মিঠা               তিতা

বিনয়             অহংকাৰ

নম্রতা            কঠোৰতা, উগ্রতা

লঘু                গুরু

উচ্চ               নীচ

নিন্দা             প্রশংসা

গুপ্ত              প্রকাশ

দোষ             গুণ

গহীন            পাতল, চঞ্চল

আঢ্যবন্ত       দুখীয়া, দৰিদ্ৰ।

৫। বাক্য ৰচনা কৰাঃ

চকুৰ কুটা, পেটত কথা ৰাখ

উঃ চকুৰ কুটা: (আনৰ অপ্রিয়) ৰাজেনৰ কলহপ্রিয় স্বভাৱৰ বাবেই সকলোৰে চকুৰ কুটা হ’ল।

পেটত কথা ৰাখঃ (গোপন কথা লুকাই ৰাখ) পেটত কথা ৰাখিব পৰা এটা ডাঙৰ গুণ।

অতিৰিক্ত প্রশ্নোত্তৰ:

১। সত্যনাথ বৰাৰ এখন প্ৰৱন্ধ সংকলনৰ নাম লিখা।

উঃ ‘সাৰথি’।

২। ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ নামৰ পাঠটি কোনখন পুথিৰ পৰা তুলি দিয়া হৈছে?

উঃ সত্যনাথ বৰাৰ ‘সাৰথি’ নামৰ পুথিৰ পৰা।

৩। ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র কি বুলি লিখকে কৈছে?

উঃ ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্র মিঠা মাত বুলি লিখক সত্যনাথ বৰাদেৱে কৈছে।

৪। সত্যনাথ বৰাই সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা।

উঃ জোনাকী।

৫। সত্যনাথ বৰাই ৰচনা কৰা এখন বিজ্ঞান ভিত্তিক পুথিৰ নাম লিখা।

উঃ আকাশ ৰহস্য।

৭। সত্যনাথ বৰাৰ মতে সংসাৰত মানুহৰ অৱস্থা সদায় একে থাকে নে?

উঃ নাথাকে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment