আপুনি যদি অসমীয়া মাধ্যমৰ SEBA Class 9 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত Class 9 Assamese আবেদন লিখন Solutions for Final Exam, Notes বা সহায়ক বিচাৰি আছে? হয়। চিন্তাৰ কোনো কাৰণ নাই, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ নৱম শ্ৰেণী সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
👉 Read Also:
Class 9 Assamese আবেদন লিখন Solutions for Final Exam
সাময়িক ছুটি খুজি প্রধান শিক্ষকলৈ লিখা চিঠি।
প্রতি, মাননীয় প্রধান শিক্ষক এইচ. কে. হাই স্কুল।
২ এপ্রিল, ২০২৫
বিষয়: সাময়িক ছুটি পোৱাৰ আবেদন।
মহাশয়,
সম্মানপূর্ব্বক বিনীত নিবেদন এই যে মই আপোনাৰ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্র। মই নিয়মিত শ্রেণীত উপস্থিত আছো যদিও আজি হঠাৎ মোৰ বমি বমি ভাৱ হৈ আছে, লগতে মুৰ ঘুৰাই আছে। এনে অৱস্থাত শ্রেণীত উপস্থিত থকাটো বৰ অস্বস্তিকৰ হৈছে।
গতিকে দয়ালু মহোদয়ৰ ওচৰত মোৰ আবেদন এই যে মোক যেন দ্বিতীয় পিৰিয়দৰ পিছত সাময়িক ছুটি দি বাধিত কৰে। ইতি
আপোনাৰ একান্ত বাধ্য ছাত্র ৰাচিছ নরম শ্রেণী বোল নং- ১
বছৰেকীয়া পৰীক্ষাৰ বিষয়ে জনাই বন্ধুলৈ লিখা চিঠি।
বেতবাৰী
৭ এপ্রিল, ২০২৫
মৰমৰ বন্ধু, বাবুল
পোনতে মোৰ মৰম ল’বা। মই ভালে আছো। আশা ৰাখিছো তুমিও ভালে আছা।
যোৱা ডিচেম্বৰত মোৰ পৰীক্ষা শেষ হ’ল। মই গণিতৰ বাহিৰে সকলো বিষয়তে ভাল কৰিছো। তুমি জানা যে মই গণিতত দুর্ব্বল। মোৰ মা-দেউতাই দিয়া উপদেশ মতে টিউচন লৈছিলো যদিও মই বিষয়টোত দুর্ব্বলতা আঁতৰ কৰিব নোৱাৰিলো। মই জানো যে তুমি গণিতত ভাল।
গতিকে মোক কিছু পৰামৰ্শ আগবঢ়াবা যাতে মই বিষয়টোত মোৰ দক্ষতা বৃদ্ধি কৰিব পাৰো।
তোমাৰ বহুমূলীয়া পৰামৰ্শৰে পৰিপূৰ্ণ চিঠিলৈ বাট চাই আজিলৈ সামৰিছো। ইতি,
তোমাৰ বন্ধু হিৰণ্ময়
প্ৰধান
পৰীক্ষাত বহাৰ পৰা নিবৃতি বিচাৰি শিক্ষকলৈ লিখা চিঠি।
প্রতি,
মাননীয় প্রধান শিক্ষক ৰহা হাই স্কুল।
২ নবেম্বৰ, ২০১৭
বিষয়: পৰীক্ষাত বহাৰ পৰা নিবৃতি বিচাৰি আবেদন।
মহাশয়,
উপৰি উক্ত বিষয় অনুসৰি, সম্মানপূর্ব্বক বিনীত নিবেদন এই যে মই আপোনাৰ স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্র। মই কেইবাদিন ধৰি জ্বৰত ভূগি আছো। বর্তমান মোৰ অৱস্থা গুৰুতৰ হৈছে। চিকিৎসা চলি আছে। ডাক্তৰে মোক কেইদিনমান জিৰণিত থাকিবলৈ পৰামৰ্শ দিছে। তাৰোপৰি মই যথেষ্ট দুর্ব্বল অনুভৱ কৰি আছো। গতিকে এনে অৱস্থাত আগন্তুক পৰীক্ষাত বহাটো মোৰ পক্ষে অসম্ভর।
সেয়ে দয়ালু মহোদয়ৰ ওচৰত মোৰ আবেদন এই যে মোক যেন অহা পৰীক্ষাত বহাৰ পৰা নিবৃত দিয়ে। ইতি
বিনীত
আপোনাৰ একান্ত বাধ্য ছাত্র
গংগাধৰ
নরমশ্রেণী
বোল নং- ১১
বনভোজলৈ যোৱাৰ অনুমতি বিচাৰি প্ৰধান শিক্ষকলৈ লিখা চিঠি।
প্রতি,
মাননীয় প্রধান শিক্ষক হাউলী জাতীয় বিদ্যালয়।
৬ জানুৱাৰী, ২০২৫
মহাশয়,
উপৰি উক্ত বিষয় প্রসঙ্গত, সন্মাণপূর্ব্বক বিনীত নিবেদন এই যে আমি সপ্তম শ্রেণীৰ ছাত্র-ছাত্রীসকলে যোৱাকালি হোষ্টেলত লগ হৈ শিৱসাগৰ ভ্ৰমণলৈ যাম বুলি সিদ্ধান্তত উপনীত হৈছো।
আমি কিতাপত পাইছো যে শিৱসাগৰ হৈছে ইতিহাস প্রসিদ্ধ ঠাই। ইয়াত আহোম ৰজাসকলৰ কীৰ্তিচিহ্নবোৰ আছে। যদি আপুনি অনুগ্রহ কৰি অনুমতি দিয়ে তেন্তে আমি অহা ১৭ জানুৱাৰীত তালৈ গৈ ইতিহাস প্রসিদ্ধ ঠাইখন চাই নয়ন-মন সার্থক কৰিম। লগতে আমাৰ যাত্ৰাৰ পৰিচালক আৰু পথ নিদের্শক হিচাপে এজন শিক্ষকক আমাৰ লগত পঠিয়াবলৈ অনুৰোধ জনালো। আমি সকলো ধৰণৰ শৃঙ্খলা বজাই ৰখাৰ প্রতিশ্রুতি দিলো।
আশা কৰিছো দয়ালু মহোদয়ে আমাৰ আবেদন মঞ্জুৰ কৰি আমাক বাধিত কৰিব। ইতি বিনীত আপোনাৰ একান্ত বাধ্য ছাত্র আশীশ দেৱ শ্রেণী প্রতিনিধি সপ্তম শ্রেণী।
👉 Read Also:
