Class 10 Social Science Political Part 3 Chapter 1 Solutions ২০২৫

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত ভাৰতীয় গণতন্ত্ৰ Class 10 Social Science Political Part 3 Chapter 1 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science Political Part 3 Chapter 1 Solutions

 

ভাৰতীয় গণতন্ত্ৰ Class 10 Social Science Political Part 3 Chapter 1 Solutions

(ক) ৰাজনীতি বিজ্ঞান অধ্যায়- ১

ভাৰতীয় গণতন্ত্র

নির্বাচিত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ

১। ব্ৰিটিছ চৰকাৰে কেবিনেট মিচনক কিমান চনত ভাৰত বৰ্ষলৈ পঠাইছিল?

উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চত।

২। কিমান চনত চাকাৰিয়া আয়োগ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৮৩ চনত।

৩। সংবিধান সভাৰ খচৰা কমিটি কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪৭ চনৰ ২৯ আগষ্টত। হয়?

৪। কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হয়?

উত্তৰঃ ১৮৮৫ চনত।

৫। ভাৰত বৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে নে?

উত্তৰঃ নাই।

৬। কেবিনেট মিছনৰ মুঠ সদস্য সংখ্যা কিমান আছিল?

উত্তৰঃ তিনিজন।

৭। সংবিধান প্রস্তুত কৰাত সংবিধান সভাৰ মুঠ কিমানখন সভা বহিছিল?

উত্তৰঃ ১১ খন।

৮। ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?

উত্তৰঃ লেটিন শব্দ Foedus ৰ পৰা আহিছে।

৯। ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কাক কোৱা হয়?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক।

১০। ভাৰত বৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে?

উত্তৰঃ নাই।

১১। ভাৰত বৰ্ষত সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?

উত্তৰঃ ইংলণ্ডৰ সংবিধানৰ পৰা।

১২। কোনখন আইনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে।

১৩। সংবিধান সভাৰ খচৰা সমিতিৰ মুঠ সদস্য সংখ্যা কিমান আছিল?

উত্তৰঃ ৭ জন।

১৪। ‘Foedus’শব্দৰ অৰ্থ কি?

উত্তৰঃ চুক্তি বা সন্ধি।

১৫। ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? HSLC ’18

উত্তৰঃ ড° সচ্চিদানন্দ সিনহা।

১৬। জৱাহৰলাল নেহৰু ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিনে? HSLC ’19

উত্তৰঃ নাছিল।

১৭। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নির্বাচনত ইংলণ্ডত কোনটো দল জয়ী হৈছিল?

উত্তৰঃ শ্রমিক দল।

১৮। সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?

উত্তৰঃ সচ্চিদানন্দ সিংহা।

১৯। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি?

উত্তৰঃ ড° ভীমৰাও আম্বেদকাৰ।

২০। ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্রস্তাবনাত সন্নিবিষ্ট হৈছিল?

উত্তৰঃ ৪২ নং সংশোধনীত।

চমু প্রশ্নোত্তৰঃ

১। ‘সার্বভৌম’ মানে কি বুজা?

উত্তৰঃ ‘সার্বভৌম’ বুলিলে ‘সর্বোচ্চ ক্ষমতা’ক বুজায়। ৰাজনৈতিক অর্থত, সার্বভৌম মানে বাহ্যিকভাৱে দেশ এখন কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও দেশখন কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয়।

২। কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে?

উত্তৰঃ ১৯৭৬ চনত ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে।

৩। কোনখন আইনে পৰাধীন ভাৰত বৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনে সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি প্ৰৱৰ্তন কৰিছিল।

৪। ব্ৰিটিছ চৰকাৰে ‘কেবিনেট মিছন ‘ক কিয় ভাৰতলৈ পঠাইছিল? HSLC ’22

উত্তৰঃ ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ প্রয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলোৱাৰ বাবে অর্থে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মার্চ মাহত কেবিনেট মিছনক ভাৰতলৈ পঠাইছিল।

৫। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৫ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্রস্তুত কৰিছিল?

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৫ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ‘১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইন’ৰ ভিত্তিত পৰিচালিত হৈছিল। আইনখন ব্রিটিছ সংসদত প্রস্তুত কৰা হৈছিল।

৬। প্রস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি কিয় উল্লেখ কৰা হৈছে?

উত্তৰঃ প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে স্পষ্ট কৰি দিছে যে সংবিধানৰ ৰচয়িতাসকল হৈছে ভাৰতীয় জনগণ। অর্থাৎ সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানখনৰ আঁৰত থকা বৃহৎ শক্তি।

৭। ‘অর্ধ যুক্তৰাষ্ট্ৰ’ কাক বোলে?

উত্তৰঃ যিবোৰ ৰাষ্ট্ৰৰ গঠনৰ পিনৰ পৰা যুক্তৰাষ্ট্ৰ কিন্তু আদর্শত এককেন্দ্রিক তেনেকুৱা ৰাষ্ট্ৰক ‘অর্ধযুক্তৰাষ্ট্ৰ’ বুলি কোৱা হয়। অর্ধ যুক্তৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰৰ কেইবাটাও বৈশিষ্ট্য বিদ্যমান থকা সত্বেও এককেন্দ্ৰিক চৰকাৰৰ বহুতো বৈশিষ্ট্য আছে। ইয়াৰ এক উদাহৰণ হ’ল ভাৰতবৰ্ষ।

ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। ‘সার্বভৌম’, ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্রিক’, আৰু ‘গণৰাজ্য’ বুলিলে কি বুজা বুজাই লিখা।

নাইবা

ভাৰত বৰ্ষক কিয় সার্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য বুলি কোৱা হয়? HSLC ’20

নাইবা

ভাৰত বৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে চমুকৈ লিখা। HSLC ’22

উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা হৈছে যে ভাৰতবৰ্ষ এখন ‘সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক প্রজাতন্ত্র।’ এই শব্দবোৰ বিশেষ তাৎপর্য আছে-

সার্বভৌম: ‘সার্বভৌমত্ব’ শব্দই সর্বোচ্চ ক্ষমতাক বুজায়। অর্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাবেও ভাৰতবৰ্ষ কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয়।

সমাজবাদী: ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ শব্দটো সংযোজনৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ইয়াৰ জনসাধাৰণৰ মাজত ন্যায়, মর্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত কোনো ধৰণৰ বৈষম্য বা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ কৰা হ’ব. জাতীয় আয়ৰ সমবিতৰণ কৰা হ’ব।

ধৰ্মনিৰপেক্ষঃ ‘ধৰ্মনিৰপেক্ষ’ শব্দৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে ৰাষ্ট্ৰখনে কোনো ধর্মকে প্রতিনিধিত্ব নকৰিব। ইয়াত সকলোৱে নিজৰ নিজৰ ধর্ম পালন, বিকাশ আৰু প্ৰচাৰ কৰাৰ অধিকাৰ থাকিব।

গণতান্ত্রিক: ‘গণতান্ত্রিক’ শব্দটোৰ দ্বাৰা ইয়াকে বুজোৱা হৈছে যে দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হব। অর্থাৎ প্রশাসন বিভাগ দেশৰ জনগণৰ ওচৰত দায়বদ্ধ থাকিব।

গণৰাজ্য: ভাৰতবর্ষ এখন গণৰাজ্য। দেশৰ ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হ’ব। ৰাষ্ট্ৰপতি পদটো বংশানুক্রমিক নহ’ব।

২। সংসদীয় গণতন্ত্র কি? ভাৰতীয় সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পার্থক্যকেইটা লিখা? HSLC ’19

উত্তৰঃ সংসদীয় গণতন্ত্র বুলিলে এনে এক শাসন ব্যৱস্থাক বুজোৱা হয় য’ত নির্বাচিত জনপ্রতিনিধিৰ দ্বাৰা গঠিত এক সংস্থাৰ দ্বাৰা ৰাষ্ট্ৰ এখনৰ শাসনকার্য পৰিচালনা কৰা হয়। ভাৰতীয় সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত কিছু পার্থক্য আছে, যেনে-

(ক) ভাৰতীয় সংসদীয় গণতন্ত্র প্রধানতঃ এখন গণৰাজ্য। কিন্তু ইংলেণ্ডৰ গণতন্ত্র গণৰাজ্য নহয়। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ দৰে ভাৰত বৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্রমে হোৱা ব্যক্তি নহয়। ইংলণ্ডৰ ৰাষ্ট্ৰপাধানজন ৰজা বা ৰাণী। ই বংশনুক্রমিক। কিন্তু ভাৰতৰ ৰাষ্ট্ৰপতিজনক পৰোক্ষ পদ্ধতিত নিৰ্বাচন কৰা হয়।

(খ) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ অৱ লর্ডচতকৈ পৃথক।

(গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্রত সংসদখন অতি শক্তিশালী; কিন্তু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রত সংসদখন ইমান শক্তিশালী নহয়।

৩। ভাৰত বৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

নাইবা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰনে? ব্যাখ্যা কৰা। HSLC ’20

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত চৰকাৰৰ ক্ষমতাসমূহ সমগ্ৰ ৰাষ্ট্ৰৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত এনে ধৰণে বিতৰণ কৰা হয় যাতে উভয় চৰকাৰে নিজৰ নিজৰ ক্ষেত্ৰাধিকাৰত আইনগতভাৱে স্বাধীন হৈ থাকিব পাৰে। তলত ভাৰত যুক্তৰাষ্ট্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল:

(ক) লিখিত সংবিধান: ভাৰত যুক্তৰাষ্ট্ৰৰ এক বৈশিষ্ট্য হৈছে ইয়াৰ এক লিখিত সংবিধান আছে। সংবিধানে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ কৰাৰ লগতে পৰস্পৰৰ কাৰ্য- পৰিধি নিৰ্ধাৰণ কৰি দিছে।

(খ) দ্বিসদনযুক্ত কেন্দ্রীয় আইন সভা: ভাৰত যুক্তৰাষ্ট্ৰত দ্বিসদনযুক্ত আইন সভা আছে। ইয়াৰ এটাক ‘উচ্চ সদন’ আৰু আনটোক ‘নিম্ন সদন’ বুলি কোৱা হয়। নিম্ন সদনটো জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা গঠিত হয়। উচ্চ সদনটো অংগ ৰাজ্যসমূহৰ প্রতিনিধিসকলৰ দ্বাৰা গঠিত হয়।

(গ) যুক্তৰাষ্ট্ৰীয় আদালত: যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰখনৰ অভিভাৱক হিচাপে এখন ন্যায়ালয় থাকে। ন্যায়ালয়ে সংবিধানৰ ব্যাখ্যা দিয়াৰ উপৰিও ৰাজ্য সমুহ আৰু কেন্দ্ৰৰ মাজত উদ্ভৱ হোৱা বিবাদৰ মীমাংসা কৰে।

(ঘ) দুই ধৰণৰ চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত দুই ধৰণৰ চৰকাৰ থাকে। যেনে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ। যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰৰ তত্বাবধায়ক হিচাপে কাৰ্য পৰিচালনা কৰে। ভাৰত যুক্তৰাজ্যত এই দুই ধৰণৰ চৰকাৰ আছে।

(ঙ) সাংবিধানিক ভিত্তিত ক্ষমতা বিভাজন: যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতা ৰাজ্য আৰু কেন্দ্ৰৰ মাজত ভাগ হয়। ক্ষমতাৰ নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থাকি প্রতিটো চৰকাৰে নিজস্ব স্বাধীনতা বজাই ৰাখে।

(ঙ) দ্বি-নাগৰিকত্বঃ যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য হ’ল দ্বি-নাগৰিকত্ব। যুক্তৰাষ্ট্ৰৰ সকলো নাগৰিক গোটেই দেশখনৰ নাগৰিক হোৱাৰ উপৰিও তেওঁলোকে বসবাস কৰা ৰাজ্যখনৰো নাগৰিক হয়। কিন্তু ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় যদিও ভাৰতত দ্বি-নাগৰিকত্বৰ ব্যৱস্থা নাই।

(চ) ৰাজ্যিক সংবিধানৰ ব্যৱস্থা: যুক্তৰাষ্ট্ৰৰ আন এক বৈশিষ্ট্য হৈছে সমগ্ৰ ৰাষ্ট্ৰ পৰিচালনাৰ বাবে এক সংবিধান থকাৰ উপৰিও ৰাজ্যসমূহেও নিজা নিজা সংবিধান প্রণয়ন কৰিব পাৰে। ভাৰতবৰ্ষক যদিও সততে যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়, ইয়াৰ অংগ ৰাজ্যসমূহৰ কিন্তু নিজা সংবিধান প্রণয়নৰ ক্ষমতা নাই।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্ন: সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নির্বাচিত কৰা হয়?

(ক) ড° বি, আৰ, আম্বেদকাৰ
(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(গ) ড° সচ্ছিদানন্দ সিন্‌হা
(ঘ) জৱাহৰলাল নেহৰু
উত্তৰঃ (খ)

প্রশ্ন: ১৯৭৬ চনত সংবিধানৰ ৭৬ তম সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ প্রস্তাবনাত তিনিটা গুৰুত্বপূৰ্ণ শব্দ সন্নিবিষ্ট কৰা হৈছিল। শব্দ তিনিটা হ’ল-

(ক) সার্বভৌম, গণৰাজ্য, ঐক্য
(খ) সমাজবাদ, গণৰাজ্য, ঐক্য
(গ) গণতান্ত্রিক, গণৰাজ্য, ঐক্য
HSLC ’23
(ঘ) ধৰ্মনিৰপেক্ষ, সমাজবাদী, ঐক্য
উত্তৰঃ (ঘ)

প্রশ্নঃ ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?

(ক) শাসক দল
(খ) শ্রমিক দল
(গ) কেবিনেট মিছন
(ঘ) ওপৰৰ এটাও নহয
উত্তৰঃ (খ)

প্রশ্নঃ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল?

(ক) ১৯৪৫ চনৰ ৮ ডিচেম্বৰত
(খ) ১৯৪৬ চনৰ ৮ ডিচেম্বৰত
(গ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত
(ঘ) ১৯৪৫ চনৰ ৯ ডিচেম্বৰত

উত্তৰঃ (গ)

প্রশ্নঃ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?

(ক) আমেৰিকা সংবিধানৰ পৰা
(খ) বৃটিছ সংবিধানৰ পৰা
(গ) আফ্ৰিকাৰ সংবিধানৰ পৰা
(ঘ) গ্রেট ব্রিটেইনৰ সংবিধানৰ পৰা
উত্তৰঃ (ঘ)

প্রশ্ন: দ্বৈত নাগৰিকত্ব থকা দেশখনৰ নাম কি?

(ক) ভাৰত
(গ) চীন
উত্তৰঃ (ঘ)
(খ) জাপান
(ঘ) আমেৰিকা

প্রশ্ন: সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল?

(ক) ড° সচ্ছিদানন্দ সিনহাই
(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(গ) ড° বি.আৰ. আম্বেদকাৰ
(ঘ) চাৰ বল্লভভাই পেটেল
উত্তৰঃ (ক)

প্রশ্ন: তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটীৰ সদস্য নাছিল?

(ক) এন. গোপালস্বামী আয়েংগাৰ
(খ) কে. এম. মুন্সি
(গ) জৱাহৰলাল নেহৰু
(ঘ) ডি. পি. খৈটান
উত্তৰঃ (খ)

প্রশ্ন: ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্রস্তাবনাত সংযোজন কৰা হৈছিল?

(ক) সার্বভৌম
(খ) গণতান্ত্রিক
(গ) গণৰাজ্য
(ঘ) সমাজবাদী
উত্তৰঃ (ঘ)

প্রশ্ন: কোন চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে?

(ক) ১৯৪৭
(খ) ১৯৪৫
(গ) ১৭৫৭
(ঘ) ১৯৮৬
উত্তৰঃ (ক)

প্রশ্ন: ভাৰতীয় সংবিধানখন তলৰ কোনটো ভাগত পৰে?

(ক) জটিল/কঠিন সংবিধান
(খ) শিঠিল সংবিধান
(গ) কঠিন আৰু শিঠিল সংবিধান
(ঘ) ওপৰৰ কোনোটোৱে নহয়।
উত্তৰঃ (গ)

প্রশ্ন: ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে –

(ক) ৰাজ্যসমূহৰ এজন মুখ্যমন্ত্রীক
(খ) ৰাজ্যসমূহৰ এজন ৰাজ্যপালক
(গ) ৰাজ্যসমূহৰ এজন বিত্তমন্ত্রীক
(ঘ) ৰাজ্যসমূহৰ এজন মুখ্যসচিবক
উত্তৰঃ (খ)

প্রশ্ন: ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?

(ক) ড° বি. আৰ. আম্বেদকাৰে
(খ) এন. গোপালস্বামীয়ে
(গ) ড° সচ্চিদানন্দ সিনঞ্জহাই
(ঘ) চৈয়দ মহম্মদ চাদুল্লাই
উত্তৰঃ (গ)

প্রশ্ন: সংবিধান সভাৰ খচৰা কমিটিত সভাপতি কোন আছিল?

(ক) জৱাহৰলাল নেহেৰু
(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ
(গ) ড° বি, আৰ, আম্বেদকাৰ
(ঘ) চৰ্দাৰ বল্লভভাই পেটেল
উত্তৰঃ (গ)

প্রশ্ন: ভাৰতবৰ্ষৰ সংসদ কেইখন?

(ক) ১ খন
(খ) ২ খন(গ) ৩ খন
উত্তৰঃ (খ)
(ঘ) ৪ খন

প্রশ্ন: ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক ভাৰতবৰ্ষলৈ কেতিয়া পঠাইছিল?

(ক) ১৯৪৫ চনৰ মার্চ মাহত
(খ) ১৯৪৬ চনৰ মাৰ্চ মাহত
(গ) ১৯৪৭ চনৰ মাৰ্চ মাহত
(ঘ) ১৯৪৮ চনৰ মাৰ্চ মাহত
উত্তৰঃ (খ)

প্রশ্নঃ ভাৰতবৰ্ষৰ সংবিধান প্রস্তুত কৰাৰ বাবে কিমানখন বৈঠক বহিছিল?

(ক) ৯ খন
(খ) ১০ খন
(গ) ১১ খন
(ঘ) ১২ খন
উত্তৰঃ (গ)

প্রশ্নঃ সংবিধান প্রস্তুত কৰোতে খচৰা সমিতিক কিমান বছৰ লাগিছিল?

(ক) ২ বছৰ
(খ) ৪ বছৰ
(গ) ৩ বছৰ
(ঘ) ৫ বছৰ
উত্তৰঃ (খ)

Leave a Comment

" target="_blank" rel="nofollow">